এটুকুৰা কাপোৰৰ ওপৰত তেনেই ক্ষুদ্ৰ গোলাকাৰ আয়না এখন লগাবলৈ তাম্মিগামাল কাচিমিয়াই তেঁওৰ চশমাযোৰৰ মাজেৰে চাবলৈ চেষ্টা কৰিছে। 'এই ছাংলি চিলাই বৰ টান কাম, কাৰণ আয়নাৰ টুকুৰাটো পিচলি নোযোৱাকৈ ধৰি ৰাখিব লাগিবলগা হয়।’ তামিলনাডুৰ ধৰ্মাপুৰী জিলাৰ ছিত্তিলিংগি উপত্যকাৰ দুখন সৰু লাম্বদি গাঁৱৰ এখন হ’ল এক্কাৰে কাট্টু টান্দা, এই গাঁৱৰ নিজৰ ঘৰত বহি তেঁও আমাক এইদৰে ক’লে।

সম্প্ৰতি ৬০ বছৰত প্ৰৱেশ কৰা তাম্মিগামাল বা 'গাম্মী’য়ে এতিয়ালৈকে ১২ বছৰ ধৰি এই কাম নিষ্ঠাৰে কৰি আহিছে। তেওৰ বন্ধু আৰ নীলাৰ সৈতে নিজৰ ঘেটাৰ সম্প্ৰদায়ক লাম্বাদি এম্ব্ৰইডাৰী শিকাবলৈ চেষ্টা কৰি আহিছে যাতে এই দক্ষতা ৰাজহুৱা স্মৃতিৰ পৰা হেৰাই নাযায়। তদুপৰি এই চিলাই কামৰ পৰা হোৱা উপৰিঞ্চি উপাৰ্জনে মহিলাক আন ঠাইলৈ কাম বিচাৰি প্ৰব্ৰজিত হোৱাৰ পৰাও ৰক্ষা কৰিছে।

লাম্বাদি মহিলাসকলে সাধাৰণতে কামৰ সন্ধানত ছিত্তিলিংগিৰ পৰা ২০০ কিলোমিটাৰ দুৰৰ তিৰুপ্পুৰৰ কাপোৰ মিলত কাম বিচাৰি যায় নতুবা নিৰ্মাণকাৰ্যত নিজক নিয়োজিত কৰে। এই সম্প্ৰদায়ৰ পুৰুষসকলে সাধাৰণতে কেৰালাৰ নিৰ্মাণ শ্ৰমিকৰ কাম বিচাৰি যায় নতুবা গছ কটা কাম কৰে। প্ৰব্ৰজিত শ্ৰমিক- পুৰুষ অথবা মহিলাই গড়ে প্ৰতিমাহে ৯ হাজাৰ টকাৰ পৰা ১৫ হাজাৰ পৰ্যন্ত উপাৰ্জন কৰে।

তামিলনাডুৰ ধৰ্মাপুৰী আৰু তিৰুৱান্নামালাই জিলাৰ গাঁৱত লাম্বাদিসকলে (ৰাজ্যখনত পিচপৰা শ্ৰেণীৰ তালিকাভূক্ত) বাস কৰে। গাঁও পঞ্চায়তৰ বিষয়াৰ মতে ছিত্তিলিংগিৰ ৯২৪ জন লাম্বাদি (আন ৰাজ্যত বাঞ্জাৰা বুলি কোৱা হয়) লোক আছে। ছিত্তিলিংগৰ প্ৰতিটো লাম্বাদি পৰিয়ালৰ এক বা দুই একৰকৈ মাটি আছে- বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি এই মাটিতে তেঁওলোকে নিজৰ বাবে কিছু খেতি কৰে। কিন্তু যোৱা ৩০ বছৰত তেঁওলোকে কুঁহিয়াৰ বা ধানৰ দৰে প্ৰচুৰ পানীৰ প্ৰয়োজন হোৱা অৰ্থকৰী শস্যৰ খেতিৰ ফালে মন দিছে যদিও বৰষুণৰ প্ৰাচুৰ্যতাৰ অভাৱে তেঁওলোকৰ বাবে নগদ ধনৰ প্ৰয়োজন বঢ়াই তুলিছে। ইয়াৰ ১৫ দিনৰ পৰা আৰম্ভ কৰি এবছৰ পৰ্যন্ত তেঁওলোকে আন ঠাইত কাম বিচাৰি যায়।

'ইয়াত প্ৰব্ৰজন জীৱনৰ অবিচ্ছেদ্য কাৰণ হৈ পৰিছে, কিন্তু যিবোৰ পৰিয়ালৰ মহিলাই ঘেটাৰৰ পৰা উপাৰ্জন কৰিছে, তেনে পৰিয়ালৰ লোকে প্ৰব্ৰজিত হ’ব লগা হোৱা নাই।’  ৩৫ বছৰীয়া থাইকুলামে এইদৰে ক’লে।

Woman stitching a piece of cloth while sitting on a cot
PHOTO • Priti David
Woman sewing a piece of cloth
PHOTO • Porgai Artisans Association

বিলুপ্তিৰ পৰা এই দক্ষতা ৰক্ষা কৰিবলৈ তাম্মিগামাল কাচিমিয়া (বাওঁফালে) আৰু আৰ নীলা (সোঁফালে)ই যুৱতীসকলক নিজৰ গাঁৱত পৰম্পৰাগত এম্ব্ৰইডাৰী শিকাইছে

ছিত্তিলিংগিৰ দুয়োখন গাঁৱত ৭০ বছৰৰ উৰ্দ্ধৰ তিনি-চাৰিগৰাকীমান মহিলাৰ বাদে সকলো লাম্বাদি পুৰুষ আৰু মহিলাই বিশেষ উৎসৱ অবিহনে পৰম্পৰাগত পোছাক পিন্ধিবলৈ এৰিছে। যোৱা ৩০-৪০ বছৰত পৰম্পৰাগত সাজ-পোছাকৰ ব্যৱহাৰ হ্ৰাস পাইছে। থাইক্কুলামে ক’লে, 'আমি নিজকে পৃথক হিচাপে প্ৰমাণিত কৰিব নিবিচাৰো। আমি অসুবিধাত পৰো। আন গাঁৱৰ মানুহে পিন্ধাৰ দৰে একে পোছাক আমি পিন্ধিবলৈ আৰম্ভ কৰিছো।’

এই সম্প্ৰদায়ৰ মহিলাসকলে পৰম্পৰাগত পোছাক পিন্ধিবলৈ এৰি দিয়াৰ লগে লগে এই বিশেষ এম্ব্ৰইডাৰীৰ সাংস্কৃতিক প্ৰয়োজনীয়তাও নোহোৱা হৈ পৰিছে। গাম্মীৰ ওচৰত শিকা প্ৰায় ৩০ বছৰীয়া লাম্বাদি শিল্পী এ ৰমনীয়ে ক’লে, 'মোৰ আইতাই ঘেটাৰৰ কাম অলপ কৰিছিল যদিও মোৰ মায়ে কোনোদিনে হাতেৰে বেজী নুচুলে, আনকি নিজৰ বিয়াৰ পোছাকৰ কামো নকৰিলে।’

লাম্বাদি মহিলাসকলৰ পৰম্পৰাগত পোছাকত প্ৰচুৰ পৰিমাণে এম্ব্ৰইডাৰী কৰা হয়। বিশেষকৈ স্কাৰ্টৰ কঁকাল আৰু ব্লাউজত বেছিকৈ এম্ব্ৰইডাৰী কৰা হয়। বিভিন্ন ধৰণৰ ৰং-বিৰঙৰ কপাহী সূতাৰে বিভিন্ন জ্যামিতিক আকাৰত এই এম্ব্ৰইডাৰী কৰা হয়। অৱশ্যে এই সম্প্ৰদায়ৰ পুৰুষসকলে মোটা সূতাৰে তৈয়াৰী বগা কামিজ আৰু ধুতি পৰিধান কৰে আৰু তেঁওলোকৰ কাপোৰত কোনো এম্ব্ৰইডাৰী নাথাকে।

ৰমনীৰ মাকহঁতৰ প্ৰজন্মই যিসময়ত এই এম্ব্ৰইডাৰী বাদ দিছে, তথাপিও বিবাহ অনুষ্ঠানৰ দৰে উৎসৱ আদিত মহিলাই পৰম্পৰাগত পোছাক পৰিধান কৰিবলগা হয়। এনে পুৰণি পোছাকবোৰ ফালিচিৰি গৈছে বা নষ্ট হৈছে। 'এতিয়া বহুতো মহিলা আমাৰ ওচৰলৈ আহে আৰু আমি এই এম্ব্ৰইডাৰী কৰা অংশটো নতুন কাপোৰৰ ওপৰত লগাই দিও।’ গাম্মীয়ে ক’লে। ইয়েই সম্প্ৰতি এই সম্প্ৰদায় আৰু পৰম্পৰাগত শিল্পকৰ্মৰ মাজৰ এক এনাজৰী হৈ পৰিছে। ক্ৰমাৎ এই শিল্পকৰ্মৰ উত্থান ঘটিব ধৰিছে।

Woman showing her work
PHOTO • Priti David
Woman stitching a design
PHOTO • Priti David

গাম্মীৰ প্ৰথম ছাত্ৰী ৩০ বছৰীয়া লাম্বাদি শিল্পী এ ৰমনীয়ে গৰ্বেৰে সুঁৱৰিলে, 'আঠটাকৈ থকা আঠশাৰীৰ এটা চিলাই 'পান’ৰ পৰা মোৰ প্ৰথম উপাৰ্জন হৈছিল।’

ছিত্তিলিংগিৰ সম্প্ৰতি ৬০ গৰাকী লাম্বাদি শিল্পী-কুশলীয়ে এম্ব্ৰইডাৰীৰ কাম কৰে, তেঁওলোক সকলো পৰগাই কলা-কুশলী সংস্থাৰ সদস্য, এই সংস্থাৰ তেঁওলোকেই মালিক, তেঁওলোকেই পৰিচালনা কৰে। 'আমাৰ ভাষাত 'পৰগাই’ মানে গৌৰৱ আৰু মৰ্যাদা। শিল্পকৰ্ম আমাৰ গৌৰৱ আৰু ইয়াৰ উপাৰ্জন হৈছে আমাৰ মৰ্যাদা।’ অলপতে সংস্থাৰ সভানেত্ৰী নিৰ্বাচিত হোৱা থাইক্কুলামে ক’লে। তেঁও কয়, 'ইয়াৰ জৰিয়তে আমি আমাৰ হেৰুওৱা কণ্ঠ ঘূৰাই পাইছো, এই কামৰ দ্বাৰা আমাৰ এক সংহতিবোধ গঢ়ি উঠিছে আৰু ই হৈ পৰিছে আমাৰ সৃষ্টিশীলতাৰ এখন দুৱাৰ।

ললিতা ৰেগী নামৰ স্থানীয় চিকিৎসক এগৰাকীয়ে 'পৰগাই’ৰ প্ৰথম সমূহীয়া চিলাই কৰ্মক গতি দান কৰে। তেঁও চিকিৎসা বিজ্ঞানৰ স্নাতক ডিগ্ৰী লোৱাৰ পিছতে 'ট্ৰাইবেল হেলথ ইনিচিয়েটিভ’ প্ৰতিষ্ঠাৰ উদ্দেশ্য লৈ ছিত্তিলিংগি উপত্যকালৈ আহিছিল। বিভিন্ন ৰোগীৰ মাজত লাম্বাদি মহিলায়ো আছিল আৰু তেঁও মহিলাসকলৰ মাজত দুটা ঘটনা লক্ষ্য কৰিছিল- কেৱল বয়সীয়া মহিলাসকলে অতিপাত এম্ব্ৰ্ৰইডাৰী কৰা পোছাক পিন্ধে আৰু লাম্বাদিসকলৰ নিজৰ মাটিত কৰা আধুনিক পদ্ধতিৰ খেতিৰ বাবে নিজৰ মাটিত কৰা আধুনিক পদ্ধতিৰ খেতিৰ বাবে প্ৰয়োজনীয় টকা যোগাৰ কৰিবলৈ তেঁওৰ বহুতো ৰোগী কম দিনৰ বাবে আন ঠাইত কাম কৰিবলৈ গুছি যায়। অতি সংকীৰ্ণ আবদ্ধ কৰ্মস্থানত কাম কৰা আৰু খোৱা-বোৱাৰ ক্ষেত্ৰত অসুবিধাৰ বাবে কাম কৰা ঠাইৰ পৰা ঘূৰি আহোতে মহিলাসকলে কিছুমান সংক্ৰমিত ৰোগৰ বলি হৈ আহে।  'মই ভাবিলো যে উঠি অহা চামৰ মহিলাসকলক যদি এম্ব্ৰইাডাৰীটোক জীৱিকাৰ উপায় হিচাপে গ্ৰহণ কৰিবলৈ বুজাব পাৰো, তেন্তে আন ঠাইত কাম কৰিবলৈ যোৱাৰ প্ৰয়োজন নোহোৱা হ’ব।’ প্ৰসূতি বিশেষজ্ঞ আৰু সাধাৰণ চিকিৎসক ডা. ললিতাই ক’লে।

এই শিল্পকৰ্ম জনা মহিলা মাত্ৰ দুগৰাকী আছিল- গাম্মী আৰু নীলা। ললিতাৰ এই প্ৰস্তাৱ গাম্মীয়ে নাকচ কৰিলে, 'কোনে ক্ৰয় কৰিব? আনকি আমাৰ নিজৰ মানুহবোৰেও নিপিন্ধে’ পতিয়ন নোযোৱা সুৰত গাম্মীয়ে ললিতাক ক’লে। কিন্তু ললিতা দৃঢ় বিশ্বাসী আৰু চিলাই কাম আৰম্ভ কৰাৰ বাবে ট্ৰাইবেল হেলথ ইনিচিয়েটিভৰ পৰা এক লাখ টকাৰ ঋণ ল’লে। (পিচত ট্ৰাইবেল হেলথ ইনিচিয়েটিভে উক্ত ধন পৰগাইক দান দিয়ে’)।

কথাটো বিয়পি পৰিল, ১০ গৰাকী মহিলাই ২০০৬ ত 'পৰগাই’ৰ সদস্য ভৰ্ত্তি হ’ল। এই শিল্পকৰ্মৰ ট্ৰেডমাৰ্ক হ’ল। পৰিপাতি ৰেখা আৰু কঠিন চিলাইৰ কাম গাম্মী আৰু নীলাই মহিলাসকলক শিকাবলৈ ধৰিলে। স্মৃতি ৰোমন্থন কৰি ৰমনীয়ে ক’লে, 'আমাক কোৱা হ’ল যে আমাৰ শিক্ষয়িত্ৰীক যাতে আমি দৈনন্দিন কামত অসুবিধা নিদিও, সেয়ে তেঁওলোকে যেতিয়া সময় পায়, আমি তেতিয়া তেঁওলোকৰ কাষত বহো।  এটা চিলাই ভালকৈ শিকিবলৈ মোক এমাহ সময় লাগিছিল।’

A finished embroidered piece of cloth
PHOTO • Priti David
Finished tassles (latkan)
PHOTO • Priti David

বহুতো খুচুৰা দোকান আৰু হস্তশিল্পকৰ্মৰ প্ৰদৰ্শনীত সম্প্ৰতি ছিত্তিলিংগিৰ মহিলাই তৈয়াৰ কৰা বৈচিত্ৰময় লাম্বাদি এম্ব্ৰইডাৰী বিক্ৰী হয়

লাম্বাদি এম্ব্ৰইডাৰীত স্পষ্টভাৱে পৃথক ধৰণৰ কিছুমান চিলাই থাকেঃ জালি (মেছ) পোতাই বন্ধন ভেলা (এডাল লাইন মাজে মাজে দিয়া হয় আৰু ইকচুইগড় (এদলীয়া চিলাই)। এম্ব্ৰইডাৰীবিধ মটিফ, কাপোৰৰ একেবাৰে কাষত, দুই মূৰত, পাতলিত আৰু ফিলাৰত ব্যৱহাৰ কৰা হয়। গুজৰাট আৰু ৰাজস্থানৰ চিঁচা এম্ব্ৰইডাৰীৰ লগত লাম্বাদি এম্ব্ৰইডাৰীৰ সাদৃশ্য দেখা যায়- কিয়নো লাম্বাদিসকলৰ পূৰ্বপুৰুষ গুজৰাট বা ৰাজস্থানৰ আছিল।

ছমাহৰ পিচত ৰমনী আৰু আন ছাত্ৰীসকলে পৰগাইত কমিছনৰ ভিত্তিত কাম আৰম্ভ কৰিলে। বজাৰলৈ লৈ যোৱা আৰু বিক্ৰী কৰা কামত মন্থৰ গতি দেখা গ’ল, পৰগাইত কাম কৰা লোকক ২০০৯ ৰ পৰা নিয়মীয়া বেতন সময়মতে দিয়া হয় । 

'প্ৰতিটো লাইনতে আঠ লাইনকৈ চিলাই কৰা 'পান’ৰ পৰা মোৰ প্ৰথম উপাৰ্জন হৈছিল।’ ৰমনীয়ে গৌৰৱেৰে ৰোমন্থন কৰে। তেঁওলোকে নিজৰ এক একৰ ভূমিত কুঁহিয়াৰ আৰু হালধিৰ খেতি কৰি বিক্ৰী কৰে। সেই মাটিতে নিজে খোৱাৰ বাবে বাৰ্লি, দাইল আৰু শাক-পাচলিৰ খেতি কৰে। ঘেটাৰৰ পৰা হোৱা উপাৰ্জনেৰে তেঁওলোকে মাহে ৮ হাজাৰকৈ ট্ৰেক্টৰৰ ঋণ পৰিশোধ কৰিবলৈ সক্ষম হ’ল। মুঠ ঋণ আচিল ২.৫ লাখ টকা। আনকি অতি বেয়া খেতিৰ বছৰত ঘেটাৰৰ উপাৰ্জন আছিল নিশ্চিত। 'মোৰ পুত্ৰ ধানুশকোড়ি দুমহীয়া হৈ থকাৰে পৰা (েতিয়া তাৰ ১৩ বছৰ হ’ল) মই এই কাম আৰম্ভ কৰো আৰু তেতিয়াৰে পৰা আন ঠাইত কাম বিচাৰি যাব লগা হোৱা নাই। মোৰ ঘেটাৰ (চিলাই কাম) মই য’তে যাও, তালৈকে লৈ যাঁও। পথাৰত পানী দিয়া কাম কৰি থাকো।’ ৰমনীয়ে সন্তুষ্টিৰে ক’লে।

যোৱা বিত্তীয় বৰ্ষ (২০১৭-১৮)ত পৰগাইৰ পৰা ৪৫ লাখ উপাৰ্জন হৈছে, এই উপাৰ্জনৰ ধনেৰে কলা-কুশলীসকলৰ বেতন দিয়া হৈছে। কাম কৰা মহিলাসকলে পৰগাইত যিমান সময় কাম কৰে, তাৰ ওপৰত নিৰ্ভৰ কৰি বেতন নিৰ্ধাৰণ কৰা হয়, একোগৰাকী মহিলাই মাহে ৩০০০ টকাৰ পৰা ৭০০০ টকা পৰ্যন্ত উপাৰ্জন কৰে। 'মই দৈনিক আঠ ঘণ্টা কাম কৰাৰ চেষ্টা কৰো, দিনত সময় নাপালে ৰাতি কৰো।’ ৰমনীয়ে ক’লে।

Showcasing a design
PHOTO • Priti David
Little girl showing a design
PHOTO • Priti David
Woman showing one of her works
PHOTO • Priti David

ছিত্তিলিংগিত ৰঞ্জিথম জিৰ দৰে (সোঁফালে) ৬০ গৰাকী দক্ষ কলা-কুশলীয়ে এম্ব্ৰইডাৰীৰ কাম কৰে। ৰমনীয়ৰ জীয়ৰী গোপিকা (মাজত)ই ইতিমধ্যে এই শিল্পকৰ্ম শিকিবলৈ আৰম্ভ কৰিছে

পৰগাইৰ লাভৰ ৰাহি হোৱা ধনেৰে কাপোৰ, আয়না আৰু সূতা আদি সামগ্ৰী ক্ৰয় কৰা হয়। সংস্থাটোৱে মতে চিলাই উদ্যোগৰ গোট এটা ছবছৰৰ পূৰ্বে স্থাপন কৰিছে। কাৰ্যালয় ভৱনৰ লগতে সাতটা চিলাই মেচিন ৰখাৰ ব্যৱস্থা কৰা হৈছে। উৎপাদন বঢ়াৰ লগে লগে আন সামগ্ৰী তৈয়াৰ কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে- কুছন কভাৰ, বেগ ,মানি বেগৰ পৰা আৰম্ভ কৰি শাৰী, কূৰ্তা আৰু চোলা তথা অলংকাৰ আদিও তৈয়াৰ কৰি বিভিন্ন চহৰৰ খুচুৰা দোকান আৰু হস্তশিল্পৰ প্ৰদৰ্শনীত বিক্ৰী কৰা হয়।

থাইকুলামে ক’লে যে পৰগাই হোৱাৰ পিচত ইয়াৰ কোনো সদস্যই আন ঠাইলৈ প্ৰব্ৰজিত হোৱা নাই। আমাৰ লগত যোগদান কৰিব, তেতিয়া প্ৰব্ৰজন একেবাৰে নোহোৱা হ’ব’, তেঁও ক’লে।

হস্তশিল্পৰ বিভিন্ন মেলাত সামগ্ৰী প্ৰদৰ্শন আৰু বিক্ৰী হ’বলৈ ধৰাৰ পিচত পৰগায়ে কামৰ যথেষ্ট অৰ্ডাৰ লাভ কৰিছে আৰু পূৰ্বৰ ১০ গৰাকী সদস্যৰ ঠাইত এতিয়া সদস্যসংখ্যা ৬০ গৰাকীলৈ বৃদ্ধি পাইছে। পৰগাইৰ কাৰ্যালয়ত বাৰ্ষিক আৰ্হি প্ৰস্তুত কৰা আৰু প্ৰশিক্ষণ দিয়া কাম কৰা হয়। তদুপৰি শিকিবলৈ আগ্ৰহী লাম্বাদি মহিলাসকলক আমন্ত্ৰণ জনোৱা হয়। ১০ দিনীয়া প্ৰশিক্ষণকালৰ বাবে দৈনিক ২০০ টকাৰ বোনাচ দিয়া হয়। গাম্মীৰ দৰে অভিজ্ঞ শিক্ষকক অতিৰিক্ত ৫০ টকা দিয়া হয়। তদুপৰি তেঁও এগৰাকী সন্মানীয় এম্ব্ৰইডাৰী শিল্পী।

ৰমনীৰ ৯ বছৰীয়া সৰু ছোৱালী গোপিকাই ইতিমধ্যে শিকিবলৈ আৰম্ভ কৰিছে। স্কুলৰ হস্তকৰ্মৰ সময়ত কৰা কাম আমাক তাই গৌৰৱেৰে দেখুৱালে। এই পুনৰুত্থানৰ বিষয়ে গাম্মীয়ে কি ভাৱে? 'কোনো লোকৰ যদি মৃত্যু হয় আৰু জীয়াই উঠে- আমিয়েই ইয়াক জীয়াই তুলিলো।’ গাম্মীয়ে ক’লে।

কে গায়ত্ৰী প্ৰিয়া, আনাঘা উন্নী আৰু অভয়ক অনুবাদৰ কাম কৰাৰ বাবে লেখকে ধন্যবাদ জনাইছে।

অনুবাদঃ পংকজ দাস

পংকজ দাস এগৰাকী সাংবাদিক, অনুবাদক আৰু অসমীয়া নিউজ পৰ্টেল newsnextone.com ৰ সহ-প্ৰতিস্থাপক। যোগাযোগৰ ইমেইল আইডি [email protected]

Priti David

প্ৰীতি ডেভিদ বেংগালুৰুৰ এগৰাকী লেখক, সম্পাদক আৰু শিক্ষক। পাৰিৰ স্বেচ্ছাসেৱক প্ৰীতি মানুহে ক’বলৈ পাহৰা কাহিনীবোৰ লিখনীৰ মাধ্যমেৰে ধৰি ৰখাত আগ্ৰহী।

Other stories by Priti David