‘এই বগা চাফা বিনকেইটা দেখিছেনে?’ অশোক গাটকালে হাতৰ তলুৱাত বিন কেইটামান লৈ কয়। ‘ইয়াৰ বজাৰমূল্য কুইণ্টলে প্ৰতি ৩০০০ৰ পৰা ৩৫০০ টকা। কিন্তু এইবাৰ প্ৰায়ভাগ বিনতেই ক’লা দাগ পৰিছে আৰু ভেঁকুৰে ধৰিছে,’ তেওঁ আনখন হাতত থকা বেয়া ছ'য়াবিনবোৰ দেখুৱালে। ‘এনে বিন বজাৰত বিক্ৰী নহয়। ইয়াৰ পৰা মোৰ একোৱেই উপাৰ্জন নহ’ব।’

১১ নৱেম্বৰৰ দিনা ৰথগাল্লি গাঁৱত গাটকালৰ খেতিখন চাবলৈ যাওঁতে তেওঁ কাঁচি এখন লৈ বেয়া হোৱা শস্যবোৰ চিকুণাই আছিল। তেওঁ অকলে কাম কৰি আছিল। ‘মই কেনেকৈ হাজিৰা দিম (কৃষি শ্ৰমিকক)?’ তেওঁ ওলোটাই প্ৰশ্ন কৰে। কথাখিনি কৈ থকা সময়ত কপালৰ পৰা আৰু নাকেৰে তেওঁৰ বৈ অহা ঘাম টোপাটোপে সৰিছে।

গাটকালৰ তিনি একৰ মাটিৰ খেতিখিনি অক্টোবৰ মাহত প্ৰায় দুসপ্তাহৰ কাৰণে পানীৰ তলত আছিল। যোৱা মাহৰ মূষলধাৰ বৰষুুুুুুুুুুুুুুুুণৰ ফলত তেওঁৰ ছ'য়াবিনৰ খেতিৰ প্ৰায় ৯০ শতাংশ পচি গৈছিল। তেওঁৰ গাওঁখন থকা দিন্দৰি তালুকখন নাচিক জিলাত অৱস্থিত। তাতে ১ অক্টোবৰৰ পৰা ১২ অক্টোবৰলৈ প্ৰায় ১৭৩.২ মি.মি. বৰষুণ হৈছিল। সেইখিনি সময়ত সাধাৰণ বৃ্ষ্টিপাত প্ৰায় ৭১ মি.মি.ৰ ওচৰা-উচৰি (ভাৰতীয় বতৰবিজ্ঞান বিভাগৰ তথ্য মতে)।

বৰ্ষাকালৰ আৰম্ভণিতে জুন মাহত ৰথগাল্লিত নিম্ন বৃষ্টিপাত বাঢ়ি ছেপ্তেম্বৰৰ ফালে ভাল হয়। তাকে দেখি ৫১ বৰ্ষীয় অশোকৰ মনত কিছু আশা জাগে। কিন্তু অক্টোবৰৰ অপ্ৰত্যাশিত বৰষুণে তেওঁক বিধ্বস্ত কৰি পেলায়। অক্টোবৰৰ শেষৰ ফালে তালাথি কাৰ্যালয়ত শস্যপথাৰৰ ক্ষতিৰ বিষয়ে জনায় যদিও তাৰে দুসপ্তাহ পিছতো কোনোৱে নিৰীক্ষণৰ কাৰণে নাহিল।

The soybean crops on Ashok Gatkal’s three acres were submerged for close to two weeks in October
PHOTO • Jyoti Shinoli
The soybean crops on Ashok Gatkal’s three acres were submerged for close to two weeks in October
PHOTO • Jyoti Shinoli

অশোক গাটকালৰ তিনি একৰ মাটিৰ ছ'য়াবিনৰ খেতিখন অক্টোবৰত প্ৰায় দুসপ্তাহ জলমগ্ন হৈ আছিল

‘আমি বিষয়া অহালৈ অপেক্ষা কৰি থাকিলে ৰবি শস্যও হেৰুৱাম। ক্ষতিৰ পৰিমাণ ধাৰ্য কৰিবলৈ তেওঁলোক অহালৈ মই বাট চাই থাকিব নোৱাৰোঁ। নৱেম্বৰৰ মাজ পালে। গমধানৰ বাবে মই পথাৰখন সাজু কৰি লাগিব। পথাৰখন এনেদৰে কিমানদিনলৈ ৰাখিম?’ তেওঁ কয়।

সাধাৰণতে প্ৰতি বছৰে অশোকে ১৫ৰ পৰা ২০ কুইণ্টল ছ'য়াবিন অক্টোবৰলৈ চপায় আৰু জানুৱাৰী-ফেব্ৰুৱাৰীলৈ ৩০ কুইণ্টলমান গমধান চপায়। বীজ, সাৰ আদি ক্ৰয় কৰা, শ্ৰমিকৰ হাজিৰা, ভাড়াৰ ট্ৰেক্টৰৰ ভাড়া আৰু বিভিন্ন খৰছ-পাতি বাদ দি দুয়োবিধ শস্যৰ পৰা তেওঁ প্ৰায় ৮০ হাজাৰৰ পৰা ১ লাখ ২০ হাজাৰ মান টকা উপাৰ্জন কৰে। তেওঁৰ পত্নি চন্দ্ৰিকা (৪৮)ও খেতিতে কাম কৰে। ৩০ বছৰ গৰকা তেওঁলোকৰ দুই সন্তানে বিয়া পাতিছে আৰু দিন্দৰি তালুকত ৰাজমিস্ত্ৰীৰ কাম কৰে।

‘যোৱা বছৰ ৰক্ষা বন্ধনৰ পিছত (আগস্তত) বৰষুণ নাইকিয়া হৈ পৰিল। শস্যৰ বাবে পানী নাছিল,’ ক্ৰমে অননুমেয় হৈ আহিবলৈ ধৰা বৰ্ষাকালৰ বিষয়ে তেওঁ কয়। ‘মই জলসম্পদ বিভাগক ৬০০০ টকা দি এদিনৰ কাৰণে দি (ৱাঘৰ) বান্ধৰ পৰা পানী অনাইছিলো। কিন্তু এইবাৰ ছ'য়াবিন দুই কুইণ্টলো নাপাম। ২০ হাজাৰ টকাৰ ওপৰত উপাৰ্জন নহয়। তাতে আকৌ গমধানৰ খেতিৰ কোনো আশা দেখা নাই। এনেদৰেই এইবাৰ মোৰ বৃহৎ লোকচান হ’বলৈ গৈ আছে।’

অশোকৰ খেতিপথাৰৰ পৰা দুই কিলোমিটাৰমান দুৰত বৰাস্তেৱাড়িত তুষাৰে তেওঁৰ তিনি একৰ মাটিৰ বিলাহী খেতিত কীটনাশক ছটিয়াইছে। তাতেও জমা হোৱা পানীখিনি নৱেম্বৰৰ প্ৰাৰম্ভিকতে শুকাই থাকিল।

On Tushar Mawal's tomato farm, the buds and flowers rotted, so there won't be any further crop growth this season
PHOTO • Jyoti Shinoli
On Tushar Mawal's tomato farm, the buds and flowers rotted, so there won't be any further crop growth this season
PHOTO • Jyoti Shinoli

তুষাৰ মণ্ডলৰ বিলাহী খেতিৰ ফুল আৰু কলিবোৰ পচি গ’ল, খেতি আৰু ভাল নহয়

‘মই ২০ কিলোমান বিলাহী পেলাই দিবলগীয়া হৈছিল,’ ২৮ বৰ্ষীয় খেতিয়কজনে কয়। ‘ফুলবোৰ অতিমাত্ৰা বৰষুণ পাই পচি গ’ল, বিলাহীবোৰ সেয়ে আৰু নাবাঢ়ে। মই দৰৱ (কীটনাশক) দি বিলাহীৰ গছবোৰ বচাবলৈ চেষ্টা কৰিছোঁ, কিন্তু এইবাৰ এক টনতকৈ বেছি বিলাহী নাপাওঁ। কৃষি বিষয়া-কৰ্মচাৰী আহি ক্ষতিৰ মোতায়েন কৰাৰ বাবে অহালৈ অপেক্ষা কৰিছোঁ।’

যোৱা বছৰ তুষাৰে প্ৰায় ৩৬ টন খেতি চপাইছিল আৰু প্ৰতিকিলোত ৩ টকা দৰত বিক্ৰী কৰিবলগীয়া হৈছিল। তাৰ পৰা তেওঁ ১.৮ লাখ টকা পাইছিল। লাভৰ পৰিমাণ আছিল ২০ৰ পৰা ৩০ হাজাৰ টকা। তেওঁৰ পত্নি ২৫ বৰ্ষীয় অশ্বিনী এগৰাকী অংগনৱাড়ী শিক্ষয়েত্ৰী। তেওঁৰ মাহে উপাৰ্জন ২০০০ টকা। তেওঁলোকে দুয়োজনৰে যুটীয়া আয়েৰে তুষাৰৰ মা-দেউতাকৰ লগতে তেওঁলোকৰ দহ বছৰীয়া জীয়ৰীৰ পোহপাল দি আহিছে।

নাচিক জিলাত অশোক আৰু তুষাৰৰ দৰে প্ৰায় ১৯২৬ খন গাঁৱত থকা ৩১৭,৩৭৯ খেতিয়কে (দিন্দৰি টেহচিলদাৰৰ কাৰ্যালয়ৰ তথ্য মতে) শস্য চপোৱাৰ সময়তে অবতৰীয়া মূষলধাৰ বৰষুণে খেতি তচনচ কৰি পেলায়। মধ্য মহাৰাষ্ট্ৰৰ কংকানত (য’ত নাচিক আছে) আৰু মাৰাঠৱাড়াত এই বছৰ ১ অক্টোবৰৰ পৰা ১২ নৱেম্বৰলৈ ১৮৩.১ মি.মি. বৰষুণ হৈছিল (ভাৰতীয় বতৰবিজ্ঞান বিভাগৰ তথ্য মতে)। সাধাৰণতে সেই অঞ্চলটোত উক্ত সময়ত ৮০.১ মি.মি. বৃষ্টিপাত হয়। বৰষুণৰ ফলত মহাৰাষ্ট্ৰৰ ভালেমান অংশত খাৰিফ শস্য যেনে ছ'য়াবিন, ধান, বাদাম, মাকৈ আৰু বিলাহী আদিৰ গুণাগুণ আৰু পৰিমাণ দুয়োটাই কমি গৈছে, খেতিয়কে কয়।

অতিৰিক্ত বৰষুণে কেনেদৰে সৰলা বৰাষ্টে (৫২)ৰ বৰাষ্টেৱাড়িৰ দাঁতিত থকা আঙুৰৰ খেতিডৰা বিনষ্ট কৰিছে সেয়া দেখুৱাইছে। ছেপ্তেম্বৰত তেওঁ নিজৰ তিনি একৰ মাটিত খেতি কৰিছিল। আঙুৰৰ পুলিবোৰ ডাঙৰ হ’বলৈ প্ৰায় ১১০-১২০ দিন লাগে। কিন্তু অক্টোবৰ মাহৰ আচম্বিতে হোৱা বৰষুণৰ পিছতে খেতিত ডাউনি মিলডিউ ভেঁকুৰে ধৰে আৰু ফুল ফুলা বন্ধ হৈ যায়। ‘ফুল ফুলাৰ বাবে অক্টোবৰ মাহটো খুবেই গুৰুত্বপূৰ্ণ,’ সৰলাই কয়। ‘কিন্তু এইখিনি সময়লৈ আঙুৰৰ পুলিবোৰ ডাঙৰ হ’ব লাগিছিল। মই প্ৰায় তিনি লাখমান খৰছ কৰিছিলোঁ। সোপাকে লোকচান হ’ল।’

This is a complete loss', says Sarala Boraste at her grape orchard.
PHOTO • Jyoti Shinoli
What will I earn from these rotten groundnuts', ask Rohini Boraste
PHOTO • Jyoti Shinoli

বাওঁফালেঃ সোপাকে লোকচান হ’ল, সৰলা বৰাষ্টেয়ে নিজৰ আঙুৰ বাগিছাখন দেখুওৱাৰ সময়ত কয়। সোঁফালেঃ এই পচি যোৱা বাদামৰ পৰা মোৰ কি লাভ হ’ব, ৰোহিনী বৰাষ্টে কয় (সোঁফালে বহি আছে)

৬ নৱেম্বৰৰ দিনা সংবাদ মাধ্যমত ওলাল যে ৰাজ্যিক বিত্ত মন্ত্ৰী সুধীৰ মুংগান্তিৱাৰে মহাৰাষ্ট্ৰৰ ৭০ লাখ হেক্টৰ খেতিমাটি অবতৰীয় বৰষুণে নষ্ট কৰাৰ ফলত ৬০ লাখ খেতিয়ক ক্ষতিগ্ৰস্ত হৈছে বুলি কৈছে। তেওঁ এই বুলিও উল্লেখ কৰে যে ১৯ লাখ হেক্টৰ মাটিত কৰা কপাহৰ খেতি আৰু ১১ লাখ হেক্টৰ মাটিত কৰা ছ'য়াবিনৰ খেতি সম্পূৰ্ণৰূপে নষ্ট হৈ গৈছে।

৩ নৱেম্বৰৰ দিনা (প্ৰাক্তন) মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱিচে ১০ হাজাৰ কোটি টকাৰ সাহায্য ঘোষণা কৰে আৰু বীমা কোম্পানীৰ দ্বাৰা সেই ক্ষতিপুৰণ ক্ষীপ্ৰতাৰে প্ৰদানৰ কাম বিষয়-ববীয়াক নিশ্চিত কৰিবলৈ কয়। কিন্তু বিজেপি-শিৱসেনাই চৰকাৰ গঠন কৰাত অসমৰ্থ হোৱাত ১২ নৱেম্বৰৰ পৰা ৰাজ্যখন ৰাষ্ট্ৰপতি শাসনলৈ আহে। এনে অস্থিৰ পৰিস্থিতিত এই সাহায্যপূঁজি বিতৰণ যে হ’ব তাকে লৈ কৃষকে সন্দেহ প্ৰকাশ কৰিছে।

‘চৰকাৰৰ হাতত এতিয়া কোনো ত্ৰাণকৰ্তা নাই, তেওঁলোকৰ ঘোষণা আৰু প্ৰতিশ্ৰুতি কোনো কামত নাহে,’ তুষাৰে কয়। ‘তেওঁলোকে প্ৰথমে তৃণমূল পৰ্যায়ত তেওঁলোকৰ আঁচনিবোৰৰ আসোঁৱাহবোৰ জানি-বুজি ল’ব লাগে (প্ৰধানমন্ত্ৰী শস্য বীমা যোজনাৰ কথা কোৱা হৈছে)। খেতিয়কে অধিক দামত প্ৰিমিয়াম পৰিশোধ কৰিব লাগে আৰু লোকচান হ’লে পাবলগীয়া ক্ষতিপূৰণ কমকৈ পায় আৰু কামটোত বহুত সময়ো খৰছ হয়। বহু খেতিয়কে আনকি ক্ষতিপূৰণো নাপায়, তেনেহ’লে প্ৰিমিয়াম দিয়াৰ লাভ কি হ’ল?’

তুষাৰৰ খেতিৰ পৰা কেইমিটাৰমান দূৰত ৰোহিনী বৰাষ্টে (৩৫) য়ে ক্ষতিগ্ৰস্ত বাদামৰ শস্যৰ পৰা ভাল বাদামবোৰ পৃথক কৰি আছে। ‘সিহঁতে মুখ্যমন্ত্ৰীৰ পদৱীৰ কাৰণে যুঁজ-বাগৰ কৰিছে (বিজেপি-শিৱসেনাই)। কিন্তু তাৰ মাজত যে কৃষকে যাতনা ভুগি আছে সেয়া কোনে চাব? পৰিস্থিতি একেবাৰে শোচনীয়, চৰকাৰে সোনকালেই হস্তক্ষেপ কৰিব লাগে। কিন্তু তেওঁলোকে ভ্ৰুক্ষেপ কৰে জানো?’

ৰোহিনীৰ দুই একৰ মাটিৰ খেতি অক্টোবৰৰ বৰষুণে বুৰাই পেলাইছিল। ‘বৰষুণ এৰিবই খোজা নাছিল। এই গেলা বাদামৰ পৰা কি উপাৰ্জন হ’ব? সিহঁতক সোধক (বিজেপি-শিৱসেনাক),’ ৰোহিনীয়ে খঙেৰে কয়। কোনোবা কৃষি বিষায়-কৰ্মচাৰী আহি তেওঁৰ শস্যপথাৰৰ ক্ষতিৰ বুজ ল’ব বুলি ৰোহিনী দুসপ্তাহ অপেক্ষা কৰিলে। কিন্তু কোনো নাহিলত, তেওঁ গমধানৰ খেতিৰ কাৰণে পথাৰখন মুকলি কৰিবলৈ খেতি চপাবলগীয়া হ’ল।


On Sarala Boraste's farm, labourers taking a break from spraying pesticides on infected grape plants.
PHOTO • Jyoti Shinoli
Sunil and Uma Wasale are landless farm labourers, whose work has nearly dried up this year
PHOTO • Jyoti Shinoli

বাওঁফালেঃ সৰলা বৰাষ্টেৰ খেতিপথাৰত শ্ৰমিকে বেমাৰ লগা আঙুৰ গছত কীটনাশক ছটিওৱাৰ কামৰ সময়ত অলপ জিৰাইছে। সোঁফালেঃ সুনীল আৰু উমা ৱাচালে ভূমিহীন কৃষি শ্ৰমিক, এই বছৰ তেওঁলোকে একো কাম নাপালে

দিন্দৰি টেহচিলদাৰ কাৰ্যালয়ৰ পৰা জানিব পাৰিলোঁ যে নিৰীক্ষণৰ প্ৰক্ৰিয়া ৯ নৱেম্বৰতে সম্পূৰ্ণ হৈছে। তেওঁলোকৰ হাতত থকা তথ্য মতে নাচিক জিলাৰ আনুমানিক ২৮৫,৪৬৯ হেক্টৰ খেতিমাটিত ৩৩ শতাংশতকৈও অধিক শস্য বিনষ্ট হৈছে। সমগ্ৰ জিলাখনত হোৱা শস্যক্ষতিৰ পৰিমাণ নিৰ্ধাৰিত কৰাৰ পিছতহে খেতিয়কক ক্ষতিপূৰণ দিয়া হ’ব।

এনে সংকটে শস্য চপোৱাৰ ঋতুত গাঁৱে গাঁৱে ঘুৰি কাম বিচাৰি ফুৰা শ্ৰমিকৰো যথেষ্ট ক্ষতি কৰিছে। সুৰগানা তালুকৰ মুৰুমদাৰি গাঁৱৰ ৩৪ বৰ্ষীয় সুনীল ৱাচালে নবছৰীয়া পুত্ৰ আৰু পত্নি উমাক লৈ ১ নৱেম্বৰত দিন্দৰিলৈ আহিছিল। তেওঁ প্ৰতিবছৰে অক্টোবৰৰ প্ৰথম সপ্তাহত কামৰ সন্ধানত পৰিভ্ৰম কৰে। বিলাহী, বাদাম আৰু ছ'য়াবিন আদি চিঙা কাম তেওঁ পায়। এই বছৰ বৰষুণৰ কাৰণে তেওঁ যোৱাত পলম হৈছে। তেওঁ দিন্দৰিলৈ অহাৰ সময়ত পথাৰবোৰ পানীত ডুব গৈ আছিল। ‘আমি পানী কমালৈ ৰ’বলগীয়া হ’ল। ৭ নৱেম্বৰৰ দিনা আমি আঙুৰ বাগিচা এখনত ৰোগে ধৰা গছবোৰত কীটনাশক ছটিওৱা কাম পালোঁ, হাজিৰা দিনে দুশকৈ (ব্যক্তিয়ে প্ৰতি)’ তেওঁ ক’লে।

‘আমাৰ মাটি নাই কাৰণে ঘূৰি ফুৰো। শস্য চপোৱা আৰু বীজ সিঁচা ঋতুত হাজিৰা পাও। কিন্তু এইবাৰ আমাক কাম দিয়া কৃষকৰ হাততে আমাৰ বাবে একো কাম নাছিল,’ উমাই কয়।

দম্পত্তিহালৰ একমাত্ৰ সন্তানটোও আধাতে পঢ়া এৰি লগত আহিছে। সি চতুৰ্থমানত পঢ়ি আছে। ‘ল’ৰাটোক চোৱা-চিতা কৰা কোনো নাই। পঢ়াৰ ক্ষতি হৈছে,’ সুনীলে কয়। ‘আমি তেওঁৰ বাবে বিচৰা ধৰণৰ ভৱিষ্যত এটা কল্পনা কৰিব নোৱাৰোঁ, যেনেদৰে বৰষুণ কেতিয়া আহিব সেয়া আমাৰ ইচ্ছাৰ বাহিৰত। আৰু মু্ম্বাইত বহি থকাসকল (ৰাজনীতিবিদ)ৰ কাৰণে আমাৰ সমস্যাৰ কোনো মূল্য নাই।’

অনুবাদঃ পংকজ দাস

Jyoti Shinoli is a Senior Reporter at the People’s Archive of Rural India; she has previously worked with news channels like ‘Mi Marathi’ and ‘Maharashtra1’.

Other stories by Jyoti Shinoli
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das