নেৰানেপেৰাকৈ ফোনকল আহি থকাৰ পিছত প্ৰমোদ কুমাৰে অৱশেষত হাৰ মানিলে। কল কৰোঁতাজনৰ এটাই কথা, ‘আপোনাৰ আধাৰৰ সবিশেষ দিয়ক নহ’লে আপোনাৰ নম্বৰটো নাথাকিব।’

২০১৮ৰ প্ৰথমাৰ্ধৰ পৰাকুমাৰৰ গাঁও দাদেৱৰাৰ মানুহবোৰলৈ এনে অসংখ্য কল আহিবলৈ ধৰে।কোনো চিনাক্তকৰণ নোহোৱাকৈ যদিওবা তেওঁ ম’বাইল নম্বৰটো তিনি বছৰ ধৰি ব্যৱহাৰ কৰি আহিছিল, তথাপি তেওঁ ২০১৮ৰ মাজভাগত এদিনাখন পুৱাপাৰ্ছদা বজাৰৰ চিমকাৰ্ডৰ দোকানীৰ তালৈ চাৰি কিলোমিটাৰ বাট চাইকেল মাৰি গৈহাজিৰ হ’বলগীয়া হয়। তাতে ‘কোনো প্ৰশ্নই সোধা তেওঁক সোধা হোৱা নাছিল। দোকানীজনে মোৰ আধাৰখন ল’লে আৰু এটা সৰু ক’লা মেচিনত মোৰ আঙুলিৰে দুবাৰ টিপিব ক’লে। কম্পিউটাৰ স্ক্ৰীণত মোৰ ফটোখন দেখিছিলোঁ। তাৰপিছততেওঁ ক’লে যে মোৰ চিমখন আগৰদৰেই চলি থাকিব,’ কুমাৰে মনত থকাখিনি ক’লে।

সেই কামটোত কষ্ট নাছিল, কিন্তু কষ্ট আৰম্ভ হ’ল যেতিয়া কুমাৰৰ মজৰুী হৰলুকি হ’ল।

দুৰসংযোগ বিভাগে ২০০৫ত চিম কাৰ্ডৰ গৰাকীৰ পৰিচয় সত্যাপন কৰাৰ বিষয়টো সুৰক্ষাৰ দিশৰ পৰা চিন্তাৰ বিষয় বুলি কৈছিল।কিন্তু ২০১৪তদুৰসংযোগ বিভাগে ওলোটা খৰ মাৰে- এতিয়া গ্ৰাহকে চিম কাৰ্ডৰ সত্যাপনৰ কাৰণে আধাৰ নম্বৰ দিব লাগিব।

২০১৭ৰ জানুৱাৰীত এয়াৰটেলে প্ৰথমবাৰৰ বাবে ভাৰতত পেমেণ্ট বেংকৰ সেৱা আৰম্ভ কৰে। তদনুৰূপ ‘প্ৰতিজন ভাৰতীয়ৰ বাবে সম, কাৰ্যকৰ আৰু বিশ্বাসযোগ্য বেংকিং অভিজ্ঞতা’ৰ প্ৰতিশ্ৰুতি এয়াৰটেলৰ ৱেবচাইটত দেখা গ’ল।

সীতাপুৰ জিলাৰ গাওঁবোৰত এই উন্নয়নে ক্ষুদ্ৰ খেতিয়ক আৰু শ্ৰমিক হিচাপে কাম কৰি পেট পোহা ৩৩ বৰ্ষীয় কুমাৰৰ জীৱন ওলট-পালট কৰি দিলে। তেওঁৰ লগতে তেওঁৰ পৰিয়াল আৰু গাঁৱৰ বহুতেই এয়াৰটেল চিমকাৰ্ড ব্যৱহাৰ কৰিছিল।

Pramod Kumar, Meenu Devi and their three children outside their house in Dadeora village of Uttar Pradesh
PHOTO • Puja Awasthi

‘ডিজিটেল ভাৰতৰ যাদু’ৰ জালত পৰা প্ৰমোদ কুমাৰ আৰু মীনু দেৱী, তিনি সন্তানৰ সৈতে উত্তৰ প্ৰদেশৰ দাদেৱৰা গাঁৱত

চিমখন সত্যাপন কৰাৰ সময়ত কুমাৰে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ নিয়োগ আঁচনি (এমজিএনৰেগা)ৰ অধীনত জাভাৰ পুখুৰী খন্দা কামত লাগি আছিল।দিনে ১৭৫ টকা তেওঁ পাইছিল। ২০১৬ত তেওঁ ৪০ দিনৰ কাৰণে কাম কৰিছিল আৰু পাৰ্ছদা স্থিত উত্তৰ প্ৰদেশ এলাহবাদ গ্ৰামীণ বেংকত তেওঁৰ মজুৰীখিনি জমা হৈছিল, জব কাৰ্ডত তেওঁ সেই খাতাৰে উল্লেখ কৰিছিল।

‘চৰকাৰী কামত টকা বেছি নাই। কিন্তু ঘৰৰ ওচৰতে কাম পাইছো। মা-দেউতাৰো বয়স হৈছে, লগত লাগি থাকিব লাগে।মই ল’ৰা-ছোৱালীৰো চোৱাচিতা কৰিব পাৰিম,’মাজে-সময়ে ব্যক্তিগত খণ্ডৰ নিৰ্মাণ খণ্ডৰ ঠিকাদাৰৰ অধীনত দিনে ২০০ টকাকৈ হাজিৰা কৰা কুমাৰে কয়।তেওঁৰ গাঁৱৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ দুৰত লক্ষ্ণৌৰ নিৰ্মাণ চাইটবোৰত তেওঁ কেতিয়াবা ৩০০ টকাকৈও দিনহাজিৰা পায়।

২০১৭ৰ আগস্তৰ পৰা ডিচেম্বৰ মাহলৈ কুমাৰে শিলাময় মাটিত ২৪ দিন ধৰি পুখুৰুী খান্দিছিল। তেওঁৰ উপাৰ্জন হৈছিল ৪২০০ টকা।কাম সম্পূৰ্ণ হোৱাৰ ১৫ দিনৰ ভিতৰত সাধাৰণতে হাজিৰাৰ টকা সোমায়, কিন্তু সেইবাৰ নোসোমাল। তেওঁৰ লগতে আন বহুতৰে টকা হৰলুকি হ’ল।

সংগতিন কিষাণ মজদুৰ সংগঠন নামৰ স্থানীয় সংস্থা এটাৰ যোগেদি কুমাৰে বিভিন্ন উপায়ে হেৰোৱা টকাৰ শুংসুত্ৰ বিচাৰি উলিওৱাৰ চেষ্টা কৰিলে। কৰ্মস্থলীত তেওঁৰ উপস্থিতিৰ খতিয়ান ঠিকে-ঠাকেই লোৱা হৈছিল।তেওঁ প্ৰতিমাহে বেংকলৈ তাঁত বাতি কৰিবলৈ ধৰিলে।তাৰ পৰা ছয় কিলোমিটাৰ দুৰত থকা মাচ্ছৰেহটাত থকা খণ্ড পৰ্যায়ৰ এমজিএনৰেগাকাৰ্যালয়লৈ দুবাৰো গ’ল। ‘মোৰ পইছা ক’ত আছে সেয়া কম্পিউটাৰত বিচাৰি চাবলৈ মই তেওঁলোকক অনুৰোধ জনাইছিলোঁ। সেয়া মোৰ খাতালৈ পঠিয়াই দিয়া হৈছে বুলিও তেওঁলোকে ক’লে। কম্পিউটাৰে যদি কৈছে, তেন্তে সেয়া সঁচায়ে হ’ব,’ কুমাৰে কয়।

ভিডিঅ’ চাওকঃ ‘মোৰ টকা এতিয়াও মই পোৱা নাই’

২০১৮ৰ জানুৱাৰীলৈ যেতিয়া শ্ৰমিকৰ হাজিৰা নাইকিয়া হোৱাৰ ঘটনা বাঢ়িবলৈ ধৰিলে, তেতিয়া স্পষ্ট হৈ পৰিল যে কম্পিউটাৰে সকলো কথা জনা নাছিল।

এই ঘটনা প্ৰথমে পোহৰলৈ আনে এমজিএনৰেগাৰ অতিৰিক্ত কাৰ্যসূচী বিষয়া (সীতাপুৰ) বিকাশ সিঙে। মজুৰী কিয় দিয়া হোৱা নাই এই লৈ উঠা কেতবোৰ প্ৰশ্নৰ উত্তৰত আৰু বিষয়াগৰাকীৰ কাৰ্যালয়ৰ সমুখত বাৰে বাৰে হোৱা বিক্ষোভ কাৰ্যসূচীৰ ফলত উপায়ন্তৰ হৈ বিষয়াগৰাকীয়ে উত্তৰ দিবলগীয়া হ’ল। বিষয়া সিঙে ক’লে যে ২০১৭ৰ জানুৱাৰীৰ পৰা সমগ্ৰ জিলাখনত কৃষকৰ নামত খোলা এয়াৰটেল পেমেণ্ট বেংক (এপিবি)ৰ খাতাতহে টকা সোমাইছে।শ্ৰমিকৰ মজুৰীৰ উপৰিও সেই খাতাবোৰত গেছৰ সাহায্যৰ ৰাশি, জননী সুৰক্ষা যোজনা (সুৰক্ষিত মাতৃত্ব পৰিকল্পনা)ৰ দেয় ধন, কৃষি মুনাফা, বৃত্তি আৰু অনান্য চৰকাৰী সাহায্যৰ টকা সোমাইছে। কেৱল সীতাপুৰত এনে খাতাত ৭৬.৬৩ লাখ টকা সোমাইছে।

২০১৩ৰ ডিচেম্বৰত ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত বেংকৰ খাতাত পোনপটীয়াকৈ ধনৰাশি স্থানান্তৰ (প্ৰত্যক্ষ লাভ স্থানান্তৰ)ৰ কাম আৰম্ভ কৰা হয়। ডিবিটি মিছনত এই প্ৰক্ৰিয়াক ‘হিতাধিকাৰীৰ সুবিধাৰ্থেআৰু থগ-প্ৰৱঞ্চনা হ্ৰাস কৰাত এয়া উপকাৰী’বুলি উল্লেখ কৰা হৈছিল। সেই মৰ্মেই এই প্ৰক্ৰিয়া আৰম্ভ হয়।

২০১৪ত এমজিএনৰেগাৰ মজুৰী স্থানান্তৰৰ তালিকাত সন্নিবিষ্ট কৰা হৈছিল। গ্ৰামোন্নয়ন মন্ত্ৰালয়ে মজুৰী দিয়াৰ ক্ষেত্ৰত বেংকৰ খাতাৰ সৈতে বাধ্যতামূলকভাবে আধাৰ নম্বৰ লিংক কৰোৱাবলৈ বাৰম্বাৰ নিৰ্দেশনা জাৰী কৰি আহিছিল। এনেদৰে ধনৰাশি আদায় দিয়াৰ ক্ষেত্ৰত চৰকাৰে দক্ষতাৰ পৰিচয় দিয়া বুলি খোদ চৰকাৰেই দাবী কৰিছিল।

সীতাপুৰত এনে প্ৰায়ভাগ টকা স্থানান্তৰণ‘আটাইতকৈ দুখীয়া আৰু অশিক্ষিত’ শ্ৰেণীৰ লোকৰ ক্ষেত্ৰত কৰা হৈছিল যিসকলে এনে খাতাৰ গৰাকী হৈও একো উৱাদিহে পোৱা নাছিল। ‘আধাৰ ভিত্তিক চিম সত্যাপন’ৰ কাৰণে এখন অনলাইন প্ৰপত্ৰৰ বাকচ এটাত চিন দিয়াৰ বাবে অনুমতি বিচাৰি সোধা প্ৰশ্নটোৱে আছিল খাতা খোলাৰ বাবে লোৱা অনুমতি। পৰিণতি স্বৰূপে লাভ হস্তান্তৰ যোগে সেই নতুন খাতাবোৰত টকা সোমাইছিল। ইয়াৰ পিছে পিছে আধাৰ নম্বৰ সংযোগ কৰাখাতাটোতেই ডিবিটিৰ অধীনত অহা যিকোনো ধৰণৰ ধনৰাশিহস্তান্তৰৰ বাবে বিবেচিত কৰা হ’ব বুলি ভাৰতীয় বিশিষ্ট পৰিচয় প্ৰাধিকৰণ চমুকৈ ইউআইএআই-এ আপাততঃ অপকাৰ নকৰা যেন বোধ হোৱা নিৰ্দেশনা জাৰী কৰে।

‘এয়াই ডিজিটেল ভাৰতৰ যাদু,’সিঙে কয়। ‘এমজিএনৰেগা কাৰ্ড থকা খাতাত আমি ধনৰাশি জমা কৰো। আমি সেই খাতাত ধনৰাশি জমা হোৱা বুলি ভাবো। যদি কিবা সালসলনি হয় (যেনে আধাৰৰ সৈতে সংযুক্ত কৰা নতুন খাতাটোৱে আদায়ৰ বাবে বিবেচনা কৰা হয়) তেন্তে সেয়া জনাৰ আমাৰ হাতত উপায় নাই। প্ৰণালীটোৱে আমাক এয়া জনাৰ অনুমতি দিয়া নাই।’

সজাগতাৰ সৃষ্টি কৰিলে এই সমস্যা পুনৰাই নহয় বুলি আপুনি ভাবেনে?এই প্ৰশ্ন শুনি সিঙৰ হাঁহি উঠিল। ‘কি কথাক লৈ সজাগতা সৃষ্টি কৰিব? এয়াৰটেল চিম লোৱাটো অপৰাধ বুলি?কোনোধৰণৰ সন্মতি নোহোৱাকৈ, নথি-পত্ৰ নোহোৱাকৈ খাতাবোৰ খোলা হৈছে। এয়া নতুন প্ৰকৃতিৰ ইন-দা-এয়াৰ বেংকিং। কোনেনো ইমান সাৱধান হ’ব পাৰিব?’

Pramod Kumar with his brother Sandeep Kumar in the fields
PHOTO • Puja Awasthi
A message from Airtel Payments Bank
PHOTO • Puja Awasthi

বাওফালেঃ ভাতৃ সন্দীপ কুমাৰৰ সৈতে প্ৰমোদ কুমাৰঃ ‘এয়া আমাৰ পথাৰ। আমি টকাৰ সংকটত ভূগিছো।’ সোঁফালেঃ এয়াৰটেল পেমেণ্ট বেংকৰ এটা মেচেজ

কেনেকৈনো এপিবি খাতা তেওঁৰ নামত খোলা হ’ল তেওঁ নাজানে। ‘এখন চিম কাৰ্ডেৰে খাতা খোলা যায়। টকা আধাৰলৈ যায়,’ তেওঁ কয়।এনে খাতাত টকা বিচাৰি পোৱা বুলি অইনৰ মুখত শুনাৰ পিছত কুমাৰেও উৎসাহিত হৈ এয়াৰটেল ডিলাৰলৈ গ’ল। ১৪ কিলোমিটাৰ দুৰত থকা হাৰ্দৈ চুংগি টোল ৰোডত থকাএয়াৰটেল ডিলাৰলৈ টেম্পোৰে যাওতে ৬০ টকা খৰছ হ’ল। ‘দোকানখনত মানুহজনে মোৰ আধাৰ বিচাৰিলে। তাৰপিছত তেওঁ এটা নম্বৰ ডায়েল কৰিলে। তাতে মোৰ (এয়াৰটেল) খাতাত ২১০০ টকা থকা দেখুৱালে (সেয়া কুমাৰে পাবলগীয়া মজুৰী ৪২০০ৰ আধা)। সেইদিনা দোকানীজনৰ হাতত কেৱল ১০০ টকাই (নগদ) থকা বুলি সেয়াই মোৰ হাতত দি ক’লে যে মই আন এদিন আহি বাকীখিনি টকা নিব পাৰিম।’

১২ দিন পিছত কুমাৰ আকৌ গ’ল (২০১৮ৰ ২৫ জুনত) আৰু অৱশিষ্ট ২০০০ টকা নগদ হিচাপে পালে। বাকী ৮ দিনৰ প্ৰাপ্য মজুৰীৰ বাবে কুমাৰে অইন শ্ৰমিকৰ সৈতে খণ্ড বিষয়াৰ কাৰ্যালয়তপ্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত হঠাতে তেওঁৰ পাৰ্ছদাস্থিত এলাহবাদ গ্ৰামীণ বেংকত অৱশিষ্ট ১৪০০ টকাৰ আৱিৰ্ভাৱ ঘটিল। কুমাৰে সেই টকা উলিয়াই ল’লে। চাৰি দিনৰ মুঠ ৭০০ টকা হেৰাই থাকিল।

সেইখিনি সময়তে তেওঁৰ পৰিয়ালে সম্পৰ্কীয়ৰ পৰা ৫০০০ টকা ধাৰলৈছিল।কুমাৰে মা-দেউতাসহ পৰিয়াল আৰু অইন পাঁচগৰাকী ভাই-ভনীৰে সৈতে একেলগে যুগ্ম পৰিয়ালত থকা হেতুকে কুমাৰৰ আৰ্থিক অভাৱ পুৰণ কৰাত পৰিয়ালে কিছু অৰিহণা যোগাইছিল। তেওঁৰ তিনিটা সন্তান আছে,অচিন কাঁহে লগ নেৰা হৈছে। ‘এনেকুৱা নহয় যে আমি খাবলৈ নোপোৱা অৱস্থা হৈছিল, কিন্তু সেইখিনি টকা পোৱা হ’লে ব্যক্তিগত ডাক্তৰ এজনক দেখাব পাৰিলোহেঁতেন, তাইৰ গোটেই পিঠিখনত বেয়াকৈ আঁচোৰ পৰিছে।’

কুমাৰে এপিবি খাতা বন্ধ কৰা নাই। খাতাত ৫৫ টকা থকা বুলি তেওঁ মেচেজ এটা পাইছে। সেয়া বোধকৰো সুত হ’ব, তেওঁ ভাবে। হাৰ্দৈ চুংগিৰ দোকানখনলৈ তেওঁ সেই টকা বিচাৰি যাওতে ১০০ টকাৰ গুণ হিচাপতহে টকা উলিয়াবলৈ দিয়া হয় বুলি তেওঁক জনায়।

আগলৈও তেওঁৰ মজুৰী সেই খাতাটোতে সোমাব বুলি ভয় খাই কুমাৰে এমজিএনৰেগাৰ কামৰ বাবে দৰ্খাস্ত কৰিবলৈ এৰিছে।

আকৌ এনে খাতা খোলা বিক্ৰেতাসকল একা?এই সন্দৰ্ভত এজন এপিবি মুখপাত্ৰই এইজন প্ৰতিবেদকক কয়, ‘ভূল কৰা খুচুৰা বিক্ৰেতাৰ বিৰুদ্ধে যথোচিত কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হৈছে।’

অনুবাদঃ পংকজ দাস

Puja Awasthi

Puja Awasthi is a freelance print and online journalist, and an aspiring photographer based in Lucknow. She loves yoga, travelling and all things handmade.

Other stories by Puja Awasthi
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das