'তই কুকুৰটোক মাৰিছিলি নেকি?' সিহঁতে সুধিলে। সুনন্দা সাহুৱে উত্তৰ দিয়াৰ আগতেই কাঠৰ টুকুৰা এটাৰ প্ৰচণ্ড কোব সুনন্দাৰ মুৰত পৰিল। ইযাৰ পিচত সুনন্দাই যেতিয়া সাৰ পাইছিল, দেখিছিল সেয়া হাস্পতাল।

কুকুৰৰ কথাটো এটা অজুহাত। সিহঁতে কুকুৰটো ভাল নাপায়। যি দুজন ককায়েকে এসময়ত তাইৰ চুলিৰ বেণী গুঠি দিছিল, তাইক পুতলা বুলি কৈছিল, এতিয়া সেই সুনন্দা হৈ পৰিল ঘৃণা-বিদ্বেষপূৰ্ণ অপৰিচিত। কেইবাবছৰৰ আগতে সুনন্দাই অঘৰী বৰ্ণশংকৰ কুকুৰটোক লালন পালন কৰিবলৈ ধৰিলে। 'মৰি যা নহ'লে ইযাৰ পৰা আঁতৰি যা-সিহতে সদায় তেনেকৈ কয়। কুকুৰটোৱে মোৰ নিসংগতা কিছু লাঘৱ কৰে। মই তাক কালু বুলি মাতো।' সুনন্দাই ক'লে।

২০১০ চনত সুনন্দা যেতিয়া ৬ বছৰৰ পিচত ঘৰলৈ ঘূৰি আহিল তাৰ পিচতে এই প্ৰচণ্ড মাৰপিট আৰম্ভ হ'ল আৰু দুমাহৰ পিচত শয্যাগত-ৰুগ্ন পিতৃ কৃষ্ণকান্ত সাহুৰ মৃত্যু হ'ল। দুই পুত্ৰই জীয়ৰীৰ ওপৰত কৰা অত্যাচাৰ তেঁও নীৰৱে চাই আছিল। দুই পুত্ৰৰ উপৰি সিহঁতৰ পত্নীহঁত আৰু ল'ৰা-ছোৱালীয়ে সুনন্দাক অত্যাচাৰ কৰিছিল। সুনন্দাৰ মাতৃ কনকলতায়ো সকলো নীৰৱে চাই ৰৈছিল।

সুনন্দাই ভালকৈয়ে বুজিছিল যে ঘৰখনে তেঁওক বিচৰাও নাই, প্ৰয়োজনো নাই। 'সিহঁতে আনকি মোক চাবোন বা তেল অলপো নিদিয়ে', তেঁও ক'লে। নামমা্ত্ৰ আহাৰ খাবলৈ দিয়ে। এজন সচেতন প্ৰতিবেশীয়ে সুনন্দাৰ বিষয়ে সমাজকৰ্মী এজনক জনালে। গাঁও পঞ্চায়তৰ সহায় ল'বলৈ তেঁও সুনন্দাক উৎসাহিত কৰিলে। প্ৰথমতে চৰকাৰৰ পৰা নিৰ্যাতিত মহিলাৰ বাবে দিয়া মাহে তিনিশ টকা সুনন্দাই পেঞ্চন হিচাপে লাভ কৰিলে। লগতে অন্ত্যোদয়া আঁচনিৰ অধীনত মাহে ২৫ কিলোগ্ৰামকৈ ৰেহাই মূল্যত সুনন্দাক চাউল যোগান ধৰা হ'ল।

উৰিষ্যা ধেনকানাল জিলাৰ গোণ্ডীয়া তহচিলৰ নিহাল প্ৰসাদ গাঁৱৰ বহুতে চতুৰালিৰে সুনন্দাৰ ককায়েকহঁতকে সমৰ্থন কৰিলে। 'সিহতে একো কৰা নাই।' ৰমেশ মহান্তি নামৰ ৪৫ বছৰীয়া এজন প্ৰতিবেশীয়ে ক'লে।

ভগ্নীৰ প্ৰতি দুই ভাতৃয়ে সামান্য অনুকম্পাও প্ৰকাশ নকৰিলে। সিহঁতে ভাবে তাই পৰিয়ালৰ সন্মান ভূলুণ্ঠিত কৰিলে। 'মোৰ লগত সম্পৰ্ক ৰাখিলে সিহঁতক এৰি থৈ গুচি যাব বুলি দুই ভাতৃৰ পত্নীহঁতে ভাবুকি দিলে।'  সুনন্দাই ক'লে।

এই শাস্তি সুনন্দাৰ আদিম পাপ-প্ৰেমৰ বাবে। এই পৰিস্থিতিৰ অৱনতি ঘটিল তেতিয়াই, যেতিয়া তাই পৈতৃক সম্পত্তিৰ অংশ বিচাৰিলে। তাৰ পিচত সিহত সুনন্দাৰ প্ৰতি অতি নিষ্ঠুৰ হৈ উঠিল।

২০১৬ৰ মে' মাহত সুনন্দাৰ তেতিয়া বয়স ৩৬ বছৰ হ'ল-তেতিয়া মৃত পিতৃৰ ৯ একৰ ভূ-সম্পত্তি (কৃষিভূমি)ৰ ভাগ বিচাৰিলে। তেঁওৰ কথাটো একেবাৰে সৰল। 'মোৰ দুজনী বাইদেউৰ বিয়া মাটি বিক্ৰী কৰি অনুষ্ঠিত কৰা হৈছিল। যিহেতু মোৰ বিয়া পতা নাই, সেয়ে মোৰ ভাগৰ মাটি মোক লাগে।' বাকী থকা মাটিত মোৰো সমান অংশ আছে বুলি সুনন্দাই দাবী কৰিলে।

সুনন্দাৰ দাবী অগ্ৰহণীয় আৰু অক্ষমনীয়। আমাৰ ভাৰতবৰ্ষ এনেকুৱা এখন দেশ, য'ত ২০১০-১১ৰ কৃষি জনগণনা সম্পৰ্কীয় সৰ্বভাৰতীয় প্ৰতিবেদনৰ মতে মুঠ কৃষিভূমিৰ ৪৭.২ শতাংশ (অনুষ্ঠানৰ অধীনস্থ ভূমিৰ বাদে) পুৰুষ মালিকানাধীন দেশৰ বৃহত কৃষিভূমিৰ মাত্ৰ অতি ক্ষুদ্ৰ অংশ ১২,৮ শতাংশ মহিলাৰ মালিকানাধীন।

এদিন খং উঠি কালুক মাৰোতে ককায়েকহঁতে তাইক বেয়াকৈ চৰ মাৰিছিল। 'তাই কাইলৈ আমাক মাৰিব' কাঠৰ খৰিৰে মৰাৰ আগতে সিহঁতে এইদৰে চিঞৰিছিল।

PHOTO • Puja Awasthi

পঞ্চায়তে গাঁৱৰ সমূহীয়া কেন্দ্ৰত দিয়া নিজৰ কোঠাত সুনন্দা (সোঁফালে)। সাজ-পোচাক তৈয়াৰ কৰিবলৈ কাপোৰ কটা কামত ব্যস্ত

ঘৰৰ পৰা ৯০ কিলোমিটাৰ দুৰত পাতল সৰু খাকী ৰঙৰ এটা ফাইলত সুনন্দাৰ গোচৰৰ তথ্যবোৰ সোমাই আছে। ধেনকানালৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত থকা মহিলা সাহায্য কেন্দ্ৰত এই ফাইলটো আছে। 'মুৰত আঘাত। এতিয়া মূৰ ঘূৰাই থাকে। চিটিস্কেন কৰাব লাগিব।' ফাইলত থকা মেডিকেল ৰিপৰ্টত লিখা আছে। ধেনকানালত প্ৰাথমিক চিকিত্সা কৰাৰ পিচত যেতিয়া কটকৰ এছ চি বি চিকিত্সা মহাবিদ্যালয় আৰু হাস্পতাললৈ প্ৰেৰণ কৰাৰ পাচত মেডিকেল ৰিপৰ্টত এইদৰে লিখিছিল।

ঘৰুৱা হিংসাৰ বলি হোৱা মহিলাৰ সুৰক্ষা আইন ২০০৫

ৰ অধীনত প্ৰতিষ্ঠা কৰা পঞ্চায়তৰ সমূহীয়া কেন্দ্ৰটোৰ কাউন্সেলৰ তথা সমাজকৰ্মী ভানুমতী পানে সুনন্দাক পঞ্চায়তৰ ওচৰত আবেদন জনাবলৈ সহায় কৰি দিছিল। এই কেন্দ্ৰটো প্ৰতিষ্ঠা কৰাৰ পিচৰে পৰা ২০০৯ ৰ পৰা ২০১৬ৰ মাৰ্চ পৰ্যন্ত ১২১২ গৰাকী মহিলাই এই কেন্দ্ৰত সহায় বিচাৰি আহিছে। উক্ত আইনত নিৰ্ধাৰণ কৰাৰ দৰে পৰা্মৰ্শ বা আন উপায়েৰে সহায় কৰা হয়। খুব কম সংখ্যক মহিলাই পোনপটীয়াকৈ আৰক্ষী বা আদালতলৈ যায়। সুনন্দাৰ ওপৰত চলা মানসিক আৰু শাৰীৰিক হিংসাৰ ঘটনাই ভানুমতীক সুনন্দাৰ বাবে আইনী সাহায্যৰ প্ৰয়োজনীয়তা উপলব্ধ কৰালে। সুনন্দাৰ দুই ককায়েক আৰু তেঁওলোকৰ প্ৰাপ্তবয়স্ক ল'ৰা-ছোৱালীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হ'ল।

এই গোচৰে নিশ্চিত কৰিলে যে তেঁওলোকৰ পৰিয়ালৰ সাতটা কোঠা সুনন্দা আৰু তেঁও মাতৃৰ বাবে সুকীয়াকৈ দিয়া হ'ব। সুনন্দাৰ দুই ভাতৃয়ে অশান্তিৰ সৃষ্টি কৰি গ'ল। বিবাহিত ভগ্নী দুগৰাকীয়ে দুই ভাতৃ আৰু সুনন্দাক সমৰ্থন কৰাৰ বাবে দোদুল্যমান অৱস্থাত পৰিল। ক্ষণস্থায়ী শান্তিয়ে দেখা দিলে।

সুনন্দাই ক'লে, 'আগতে জনা হ'লে জীৱনটো কিমান বেলেগ হৈ পৰিলহেঁতেন।'

২০০৭ৰ মাৰ্চৰ কথা। সেই সময়ত ২৭ বছৰীয়া সুনন্দাক সেই মাহতে বিশ্বজিত ধালাই নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল। ১৮ বছৰ বয়সত দশম শ্ৰেণীত পঢ়ি থকা দিনৰেপৰা সুনন্দাৰ পিচত লাগি থকা প্ৰেমিকজন ক্ৰমাত খঙাল হৈ পৰিল।' প্ৰেমৰ দিনবোৰত সুনন্দাক দেখিলে সুহুৰি মাৰে, প্ৰেমপত্ৰ প্ৰেৰণ কৰে, মুখত টৰ্চৰ পোহৰ পেলায় আৰু ৰাস্তাৰে সুনন্দা গ'লে বিশ্বজিতে গান গায়। সুনন্দাই এই কথা গোপনে মাকক জনালে। বিশ্বজিতে কেনেকৈ ধুনীয়াকৈ জোকায় বা তাই প্ৰতি থকা মৰমৰ প্ৰকাশ কৰা সম্পৰ্কে মাকক সবিশেষ জনালে। 'মই তাৰ উপস্থিতি ভাল পাবলৈ ধৰিলো। সি মোক সুন্দৰ আবেগৰ মাজলৈ লৈ গ'ল।' সুনন্দাই ক'লে। কল্পনাৰ মায়াজালত সাতুৰি-নাদুৰি সুনন্দাই পাহৰি গৈছিল যে সি তাইতকৈ ২০ বছৰৰ ডাঙৰ। তদুপৰি বিশ্বজিত আছিল নিবনুৱা। সেই কথাই সুনন্দাৰ প্ৰেমত আউল লগাব পৰা নাছিল।

সুনন্দাৰ পৰিয়ালৰ লোকে যেতিয়া বিবাদৰ প্ৰসংগ উত্থাপন কৰিলে, তাৰ পিচতে সুনন্দাৰ কল্পনাৰ আবেগত ঢলফাট দিবলৈ ধৰে। 'বিশ্বজিতৰ ভনীয়েকে ক'লে যে মই দেখাত কুন্ধচ, গতিকে তাইক ককায়েকক ফান্দত পেলাইছো।' পূৰ্বৰ কথাবোৰ সুনন্দাই মনত পেলালে। এজনী কম বয়সীয়া ছোৱালী, যিজনী তেতিয়াও পিতৃ-মাতৃ আৰু বাই-ভনীৰ ওপৰত নিৰ্ভৰশীল, তেনে ক্ষেত্ৰত বিশ্বজিত গ্ৰহণযোগ্য নহয়। 'মই একো যেন হোৱা নাই, তেনেকৈ সকলো পাহৰিবলৈ চেষ্টা কৰিলো।' সুনন্দাই ক'লে। কিন্তু বিশ্বজিত নেৰানেপেৰা হৈ থাকিল। কিন্তু সুনন্দাও অলৰ-অচৰ।

'সি নানা প্ৰতিশ্ৰুতিৰে মোক প্ৰলোভিত কৰিবলৈ ধৰিলে। সি মোৰ বাবে গোটেই জীৱন অপেক্ষা কৰিম বুলি দীঘল দীঘল চিঠি লিখিবলৈ ধৰিলে। মোৰ দেউতাক ক'বলৈ মানুহ পঠালে। কিন্তু মোক দেখাত বেয়া বুলি নাকচ কৰা পৰিয়াললৈ বিয়া নহওঁ বুলি মই সিদ্ধান্ত ল'লো।' সুনন্দাই ক'লে।

ককাদেউতাক এসময়ৰ মুক্তিযুঁজাৰু শৌৰ্যচৰণ সাহুৰ স্মৃতিয়ে সুনন্দাক নিজৰ সিদ্ধান্তত অধিক দৃঢ় কৰি তুলিলে। 'তেঁওৰ সন্মান হানি হোৱা কোনো কাম মই কৰিব নোৱাৰো।' সুনন্দাই ক'লে।

ধাৰাবাহিকভাবে বিয়াৰ প্ৰস্তাৱ নাকচ কৰি যোৱাৰ প্ৰতিশোধ হিচাপে ২০০৭ত বিশ্বজিতে ভয়ংকৰভাবে আক্ৰমণ কৰিছিল। এদিন নিশা ঘৰৰ কাষৰ পথাৰত প্ৰাকৃতিক কৰ্ম কৰিবলৈ যাওতে সুনন্দাই অনুভৱ কৰিলে তেঁওৰ ডিঙিত এক ব্ৰজকঠোৰ চেপা।

PHOTO • Puja Awasthi

সুনন্দাই ব্যৱহাৰ কৰা চিলাই মেচিনটো এটা দাতব্য প্ৰতিষ্ঠানে তেঁওলৈ আগবঢ়াইছিল (সোঁফালে) কিছুমান তৈয়াৰী কৰা সাজ-পোচাক

দুদিনৰ পিচত সামূহিক স্বাস্থ্যকেন্দ্ৰত সুনন্দাৰ চকু মেল খালে। এইখন ঘৰৰ পৰা চাৰি কিলোমিটাৰ নিলগত। 'মোক ধৰ্ষণ কৰিছিল যদিও মই নাজানো, মোৰ কাপোৰ ফলা-চিৰা আছিল। আৰক্ষীয়ে কোনো কথা নুশুনিলে। পৰীক্ষাও নকৰালে।' তেঁও ক'লে। সুনন্দাৰ পৰিয়ালে আৰক্ষীৰ সহায় লোৱাৰ কথা নাভাবিলে। বৰঞ্চ তেঁওৰ ঘটনাই পৰিয়াললৈ যি বদনাম কঢ়িয়াই আনিছে, তাৰ পৰা ৰক্ষা পাবলৈ বিশ্বজিতক বিয়া কৰিবলৈ ক'লে। পৰিয়ালৰ মানুহৰ কৰ্মকাণ্ডৰ ফলত বিশ্বজিতে গোচৰ তৰিলে যে সুনন্দাই বলপূৰ্বক ঘৰত সোমাই বয়-বস্তু ধ্বংস কৰিছে। ইয়াৰ পিছত পৰিয়ালৰ মানুহ চুপচাপ হৈ থাকি গ'ল।

পুলিচৰ সমৰ্থন আৰু পৰিয়ালৰ সহায়ৰ অভাৱত সুনন্দাই বিশ্বজিতক কাঠগঢ়াত ঠিয় কৰাব নোৱাৰিলে। সুনন্দাক আক্ৰমণ কৰাৰ দুমাহৰ পিচত সি ১৮ বছৰীয়া এজনী ছোৱালী বিয়া পাতিলে।

ঘৰৰ আন দুজনী ছোৱালীৰ বিয়া নোহোৱা পৰ্যন্ত তেঁওক ঘৰৰ পৰা আঁতৰি থাকিবলৈ ক'লে। এই ঘটনাৰ পিছত তিনি বছৰ সুনন্দা আশ্ৰয়গৃহ অথবা সম্পৰ্কীয় মানুহৰ ঘৰত কটালে। ওচৰৰ জয়পুৰ জিলাৰ সম্পৰ্কীয় লোকৰ ঘৰত থাকোতে চিলাই কাম শিকাৰ পিচত অলপ মানসিক স্বস্তি পালে। দাতব্য প্ৰতিষ্ঠান এটাই এটা চিলাই মেচিন দিলে।

গাঁৱৰ সামূহিক কেন্দ্ৰৰ এটা ধূলিময় কোঠাত মেচিনটো আছে। ২০১৬ৰ পৰা এই কোঠাটো সুনন্দাৰ কাৰখানা হৈ পৰিছে। পঞ্চায়তে সুনন্দাক এই কোঠাত থাকিবলৈ অনুমতি দিছে। ইয়াত সুনন্দাই ব্লাউজ, চেলৱাৰ-কামিজ চিলাই কৰে। এনেকুৱা কেইটামান কাপোৰ বেৰত ওলমাই থৈছে। কাপোৰৰ ৰৈ যোৱা টুকুৰাবোৰেৰে সুনন্দাই এখন ধুনীয়া ঘুৰণীয়া দলিচা তৈয়াৰ কৰিছে।

দিন ভাল হ'লে ২০০ টকা পৰ্যন্ত উপাৰ্জন কৰে, এটা কাপোৰৰ ২৫ টকাকৈ লয়। দোকানৰ উপাৰ্জনৰ লগতে ছাগলী বিক্ৰী কৰি পোৱা টকা মিলি মাহে ৩০০০ টকা হয়। ৭৫ বছৰীয়া মাতৃক লালন-পালন কৰাৰ বাবে যথেষ্ট হয়। কিন্তু নিজে এযোৰ নতুন কাপোৰ ক্ৰয় কৰিব পৰা নাই। পিন্ধি থকা কাপোৰবোৰ এগৰাকী বায়েকে দিছিল।

বিবাহৰ দ্বাৰা সমাজত মৰ্যাদা বাঢ়িব বুলি মাতৃয়ে কোৱা স্বত্বেও বিবাহৰ প্ৰস্তাৱ সুনন্দাই নাকচ কৰিছিল। সুনন্দাৰ মতে, 'বিয়া সুখৰ গেৰাণ্টি হ'ব নোৱাৰে।'

PHOTO • Puja Awasthi

পৰিয়ালৰ ঘৰটোৰ দুটা কোঠাৰ এটাত সুনন্দাৰ মাতৃ কনকলতা

পৰিয়ালৰ সৈতে হোৱা বিচ্ছেদ যদিও তিক্ততাপূৰ্ণ, ইয়াৰ বাবে সুনন্দাই অপৰাধবোধ নকৰে। 'মই ভুল কৰা নাই।' তেঁও ক'লে।

আৰক্ষীয়ে গোচৰটো ল'লেই, সুনন্দাই মাটিৰ অংশীদাৰীত্বৰ বাবে আইনী যুঁজ চলাব। মাতৃক তীৰ্থভ্ৰমণলৈ পঠোৱাৰ কথা ভাবিছে। দুগ্ধ উৎপাদনৰ কথাও ভাবিছে আৰু ফুলৰ খেতি কৰাৰ পৰিকল্পনাও কৰিছে। ফুলৰ বাগিছাত সুনন্দাই তেঁওৰ ভাল লগা ৰজনীগন্ধাও ৰুব। 'মই অংগনৱাড়ী কৰ্মীও হ'ব পাৰিলোহেঁতেন।' সুনন্দাই ক'লে।

আৰু বহুত কিবাকিবি হ'ব পাৰিলেহেঁতেন!

তেঁও কুকুৰ পুহিবলৈ ভাল পায়, 'কালুৰ নিচিনা। যোৱা বছৰ কালুৰ মৃত্যু হ'ল।' তেঁও ক'লে।

অনুবাদঃ পংকজ দাস

Puja Awasthi

Puja Awasthi is a freelance print and online journalist, and an aspiring photographer based in Lucknow. She loves yoga, travelling and all things handmade.

Other stories by Puja Awasthi
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das