Portrait of Ponnusamy
PHOTO • P. Sainath

১৯৯৩ চনৰ মেলানমাৰাই নাডু গাঁৱৰ নিজ ঘৰত মেলানমাই পোন্নোস্বামী

গাঁওখনেই আছিল তেঁওৰ পৃথিৱী। পঞ্চম শ্ৰেণীতে পঢ়াশালীৰ শিক্ষা সাং কৰি খ্যাতনামা সাহিত্যিক হৈ পৰা মানুহজনক মই প্ৰথম লগ পাইছিলো ১৯৯৩ চনত পুডুক্কোট্টাইত। পিছলৈ তেঁওক মই লগ পাইছিলো মেলানমাৰাই নাডুস্থিত নিজ ঘৰত, তেতিয়াৰ নাম কামৰাজাৰ জিলা (সম্প্ৰতি বিৰুধুনগৰ)। মেলানমাই পোন্নুস্বামীৰ ৬৬ বছৰ বয়সত ৩০ অক্টোবৰত দেহাৱসান ঘটাৰ লগে লগে ভাৰতে দেশখনৰ এক প্ৰকৃত সাহিত্যিকক হেৰুৱালে। পোন্নুস্বামী কেৱল এজন মহান সৃষ্টিশীল লিখকেই নাছিল। তেঁওৰ আছিল এটা নিখুঁত ৰাজনৈতিক মননশীল চিন্তাধাৰা, এক তীক্ষ্ণ বিশ্লেষণাত্মক মন যিটোৰে তেঁও তেঁওৰ প্ৰাচীন ৰামনাথপুৰম (ৰামনাদ নামে জনাজাত)ৰ দাৰিদ্ৰ্য আৰু বঞ্চনাৰ স্বৰূপ আৰু কাৰণবোৰ অনুসন্ধান কৰি সেয়া উন্মোচন কৰিছিল।     

পোন্নোস্বামীৰ চিন্তা-ভাৱনাৰ কেন্দ্ৰ আছিল গাঁও আৰু গ্ৰামাঞ্চলৰ মাজেৰেই তেঁওৰ জগতখন বুজি পাইছিল। 'কৃষিসংকট’ শব্দটো জনপ্ৰিয় হোৱাৰ প্ৰায় এটা দশক পুৰ্বেই পোন্নোস্বামীয়ে তেঁওৰ গাঁৱত নতুন ধৰণৰ বীঁজে কৃষকলৈ কেনে বিধ্বংসী ফলাফল আনিব সেই কথা আলোচনা কৰিছিল। ''এইবোৰ বীজ ব্যৱহাৰ কৰিবলৈ লোৱাসকলৰ উৎপাদনৰ ব্যয় এতিয়া বেছি হৈ আহিছে’’, তেঁও কৈছিল। সেয়া আছিল ১৯৯৩ চন।

সাহিত্য অকাডেমি বঁটাকে ধৰি অসংখ্য বঁটাপ্ৰাপ্ত এজন বিখ্যাত সাহিত্যিক হোৱা স্বত্বেও তেঁও মাদুৰাই নাইবা চেন্নাইৰ ডাঙৰ মঞ্চ বিচাৰি ওলাই অহাৰ ধাৰণাটো তেঁও প্ৰত্যাখান কৰিলে। পোন্নোস্বামীয়ে অনুভৱ কৰিছিল যে তেঁও পুৰণি ৰামনাদ জিলা (বৰ্তমান বিৰুধুনগৰ)ত থাকিয়ে সাহিত্যিক হিচাপে বিশ্বাসযোগ্যতা অৰ্জন কৰিছিল। মাত্ৰ জীৱনৰ শেষ তিনি কি চাৰি বছৰমানৰ বাবে ৰোগজনিত কাৰণতে তেঁও তেঁওৰ পুত্ৰৰ সৈতে থাকিবলৈ আৰু তেঁওৰ ডাক্তৰ জীয়ৰীৰ কাষত থাকিবলৈ চেন্নাইত থাকিবলৈ লয়।

এজন মহান লেখক। অসাধাৰণ এজন মানুহ। এয়া এক অপুৰণীয় ক্ষতি। তলৰ লিখনীটো তেঁওক কেন্দ্ৰ কৰিয়ে মই লিখিছিলো, প্ৰকাশিত হৈছিল মোৰ 'এভ্ৰিবাডি লাভচ্ আ গুড ড্ৰাউট’ কিতাপখনত।


মেলনমৰায় নাডু, কামৰাজৰ (তামিলনাডু)- তেঁও পঞ্চম শ্ৰেণীৰ পৰাই পঢ়াশালি এৰিছিল। তেঁওৰ কিছুমান ছুটি গল্প এতিয়া বিশ্ববিদ্যালয় পৰ্যায়ত পঢ়োৱা হয়। কিন্তু বিড়ম্বনা, যিটো মেলনমাই পোন্নোস্বামীৰ লিখনীৰ এক গুৰুত্বপূৰ্ণ দিশ, সেইটোৱেই তেঁওক অহৰ্নিশে খেদি ফুৰে। এই গল্পবোৰ অইন জিলাৰ বিশ্ববিদ্যালয়বোৰতো পঢ়োৱা হয়। ইফালে তেঁওৰ প্ৰিয় ৰামনাদত বিশ্ববিদ্যালয় নাই।

মই প্ৰথমবাৰ তেঁওক দেখিছিলো ভিৰৰ মাজত, পুড্ডুক্কোট্টাইত। আবেলিৰ ভাগত হোৱা এখন ৰাজহুৱা সভাক সম্বোধন কৰি থকা অৱস্থাত। এখন মেজৰ সমুখত সামান্য হাউলি দি তেঁও শ্ৰোতাৰ আগত কৈ গৈছিল তেঁওৰ ৰামনাদ নামৰ সৰু গাঁওখনত খাদি যুদ্ধৰ কেনে নাটকীয় প্ৰভাৱ পৰিছিল। তাৰে কিছুমান কৃষকে ভাবিছিল যে তেঁও তেঁওলোকৰ 'আধুনিকীকৰণ’, ট্ৰেক্টৰ আৰু সকলোবোৰ দিশেই অনুধাৱন কৰিছে। তাৰপিছতেই আৰম্ভ হ’ল যুদ্ধ (১৯৯১ চনত)। পেট্ৰ’ল, ডিজেল আৰু অইন আমদানি কৰা সামগ্ৰীৰ আকাশলংঘী দামে তেঁওলোকৰ পৰিকল্পনাত চেঁচাপানী ঢালিলে।

এইখিনি ক’ব ধৰোতেই বিদ্যুত কৰ্তন হ’ল। পোন্নোস্বামী এক মুহুৰ্তৰ বাবেও নৰ’ল। তেঁও মেজখনত উঠি ল’লে আৰু বক্তৃতা বাহাল ৰাখিলে। ইফালে দৰ্শকে আৰম্ভণিতে অলপ গুণগুণনি উঠিছিল যদিও পিছলৈ দৰ্শক স্থবিৰ হ’ল। তেঁওলোকে মন্ত্ৰমুগ্ধৰ দৰে তেঁওৰ কথা আন্ধাৰতে শুনি থাকিল।

এয়া এমাহ আগৰ কথা। আমি তেঁওৰ কথা আন্ধাৰত পুনৰাই শুনিব লৈছিলো। তেঁওৰ গাঁওখন বিচাৰি উলিয়াবলৈ আমাক কেবাঘণ্টা লাগিল আৰু যেতিয়া আমি সেই ঠাই পালো, তেতিয়া ৰাতি ২ মান বাজিছিল। ৰাস্তাত মোৰ ভৰি এখন ভাঙিছিল আৰু বিষত মই ছটফটাই আছিলো। অৱশ্যে কুকুৰবোৰে বহু আগেয়ে ভুকি ভুকি সকলোকে শোৱাপাটিৰ পৰা জগাইছিল, তথাপি আমি তেঁওক সেই কাহিলিপুৱাতে জগোৱাৰ কাৰণে ক্ষমা বিচাৰিছিলো।

তেঁও আশ্চৰ্যচকিত হৈ সুধিলে, কিয় এয়া চৰ্চা কৰাৰ আটাইতকৈ ভাল সময় নহয় জানো? পিছৰ সময়খিনিত আমি কথা-বতৰাৰ গভীৰ সাগৰত ডুব গ’লো।

Income slip of family
PHOTO • P. Sainath

ছজনীয়া পৰিয়ালৰ মাহিলী আয় আছিল ২৫০ টকা, যিটো ৰামনাদত ১৯৯৩ত অস্বাভাৱিক নাছিল

এজন অতি সমাদৃত লিখক হোৱাৰ উপৰিও কিছুমান বিষয়ত পোন্নোস্বামী এই জিলাখনৰ পিছপৰা সমস্যাৰ এজন মহান বিশেষজ্ঞও আছিল। ৰামনাদৰ বিভাজনৰ পিছত, তেঁওৰ দুৰণিবটীয়া গাঁও মেলনমৰায় নাডু এতিয়া কামৰাজৰ জিলাৰ অন্তৰ্ভুক্ত। ইয়াৰ পৰাই তেঁও আমাক বুজালে ৰামনাদ এনেকুৱা হৈ কিয় ৰ’ল। বিগত ২১ বছৰত তেঁও যিয়েই কাহিনী লিখিছে, সেই সকলোবোৰ ৰামনাদক কেন্দ্ৰ কৰিয়েই লিখা।

যদিও পোন্নোস্বামী এগৰাকী কাল্কি বঁটাপ্ৰাপ্ত লিখক আৰু প্ৰগ্ৰেছিভ ৰাইটাৰ্ছ এছচিয়েছনৰ প্ৰমুখ ব্যক্তি, তথাপি তেঁও গাঁৱৰ পৰা আঁতৰি থাকিব নিবিচাৰে। ডাঙৰ চহৰলৈ আপুনি কিয় নাযায় বুলি সোধাত তেঁও কয়, ''সিয়ে লিখনিৰ সংহতিত আঘাত হানিব’, তেঁওৰ উত্তৰ। সেয়ে তেঁও মেলানমাৰাই নাডুতে থাকে। এনে এখন দুৰ্গম ঠাই যিখনলৈ তেঁওক সাক্ষাত কৰিবলৈ মই আঠ ঘণ্টা পলমকৈ উপস্থিত হ’লো।

আপুনি মোক ৰামনাদৰ দৰিদ্ৰতাৰ ওপৰত বিশেষজ্ঞ ব্যক্তি হিচাপে সাক্ষাতকাৰ ল’ব বিচাৰিছে, লিখক হিচাপে নহয়? পোন্নোস্বামীয়ে এই প্ৰশ্ন কৰি বৰ ৰস পালে।

''১৯৯০ চনত ৰামনাথপুৰম জিলাখন গঠন কৰা হৈছিল, পোন্নোস্বামীয়ে ক’লে। 'তেতিয়াৰ পৰা এই দিনলৈ এইখন জিলাত নিজাকৈ এখন বিশ্ববিদ্যালয় নাই। এতিয়া এইখন জিলা ফালি তিনিখন নতুন জিলা গঠন হৈছে, দুজনকৈ মন্ত্ৰী হৈছে, কিন্তু এখনো চিকিৎসা মহাবিদ্যালয় নাই।’’ চৰকাৰী অভিযান্ত্ৰিক মহাবিদ্যালয়ো নাই। ইয়াতে থকা একমাত্ৰ ব্যক্তিগত খণ্ডৰ অভিযান্ত্ৰিক প্ৰতিস্থানখনো এই বছৰতে ইয়াৰ পৰা উঠি যাব পাৰে। নতুনকৈ হোৱা জিলাত মাত্ৰ তিনিখন মহাবিদ্যালয় আছে আৰু মাত্ৰ দুখনত স্নাতকোত্তৰ ডিগ্ৰী দিয়া হয়।

''অনগ্ৰসৰতাই ইয়াতে এক নিজস্ব মানসিকতা গঢ়ি তুলিছে’’, তেঁও মন্তব্য কৰে। ৰামনাদত এখন বিশ্ববিদ্যালয় স্থাপন কৰাৰ বাবে কাচিৎহে দাবী উঠিছে। শেহতীয়াকৈ ৰাজনৈতিক দলবোৰে এইবিষয়ে ক’বলৈ আৰম্ভ কৰিছে। ন্যুনতম শিক্ষা গ্ৰহণযোগ্য হৈ উঠিবলৈও ইয়াত কেইটামান প্ৰজন্ম পাৰ হ’ব লাগিব।

''দাবী জনোৱা আৰু পিটিশ্যন দাখিল কৰাৰ সুবিধা ৰামনাদৰ লোকসকলৰ বাবে সহজে অহা নাছিল। ৮৩ বছৰ ধৰি জিলাখনৰ সদৰ অইন জিলা এখনত আছিল, মাদুৰাইত!! আনকি ছমাহ আগলৈকে আমাৰ আদালতখনো সেইখন চহৰতে আছিল। ৰামনাদ জিলাখন ১৯৮৫ চনত তিনিখন জিলালৈ বিভক্ত হোৱাৰ সময়তহে সেয়া সলনি হৈছিল।’’

Dalit leather worker in Ramnad
PHOTO • P. Sainath

১৯৯৩ চনৰ ৰামনাদৰ এগৰাকী দলিত চামৰাৰ কৰ্মী। ভূমিহীন শ্ৰমিক আৰু উপান্ত কৃষককে ধৰি এনে শ্ৰমিক-কৃষকেই পোন্নোস্বামীৰ কাহিনীৰ চৰিত্ৰ

নিজকে কট্টৰ বামপন্থী বুলি কোৱা ৰামনাদে কয়, ইয়াৰ অৰ্থ এয়ে যে প্ৰশাসনে নিজকে সদায় মানুহৰ পৰা দুৰত্ব বজাই ৰাখিছে। বিষয়াসকল ইমান দুৰত আছিল যে তেঁওলোকে স্থানীয় সমস্যা খুব কমেইহে জানিছিল। অঞ্চলটোৰ জটিল চৰিত্ৰ তেঁওলোকে বুজা নাছিল। এতিয়া আমাৰ আদালত, সংগ্ৰাহক কাৰ্যালয় (কালেক্টৰেট) আৰু অইন প্ৰশাসনিক কাঠামো আছে। কিন্তু পুৰণি আৰ্হি এতিয়াও চলি আছে, কিয়নো মৌলিক সমস্যাবোৰ এতিয়াও সমাধানৰ বাবে পদক্ষেপ লোৱা হোৱা নাই।’’

আয়ৰ দিশৰ পৰা ৰাজ্যখনৰ ভিতৰত এই জিলাখনেই সৰ্বনিম্ন, আৰু তামিলনাডুৰ বাকী অংশৰ তুলনাত আয়ৰ দিশত প্ৰায় ২০ শতাংশ পিছপৰি আছে। ''এয়া পূৰ্বতে জমিদাৰী এলেকা আছিল। ''প্ৰকৃততে এয়া অসংখ্য জমিদাৰ বা সামন্ত কৰ্তৃত্বৰ অন্তৰ্ভুক্ত আছিল। এইবোৰ জাত-পাতৰ ভিত্তিত চলিছিল। জাত-পাতভিত্তিক সামাজিক ব্যৱস্থাই অনগ্ৰসৰতাৰ ক্ষেত্ৰত বহুলাংশে দায়ী।’’

ব্ৰিটিছ ৰাজত্বৰ কালচোৱাত এই অসম সামাজিক ব্যৱস্থাক চুড়ান্ত পৰ্যায়লৈ অস্থিৰ কৰি তোলে। নিয়োগ আৰু আয়ৰ বাবে থকা অৱশিষ্ট পথকেইটাও তেঁওলোকে ধ্বংস কৰে। 

''এক বিশাল সংখ্যক লোকে অবৈধ কাৰ্যকলাপত হাত দিয়ে। তেঁওলোকৰ হাতত জীয়াই থকাৰ বাবে খুব কম উপায় বাকী আছিল। আজিৰ তাৰিখতো ৰামনাদ বিশেষকৈ জাত-পাতজনিত অতিপাত হিংসা-বিদ্বেষ আৰু অপৰাধ সংঘটিত হয়।

''ভূমি সংস্কাৰ ইয়াত তেনেই অৰ্থহীন হৈ পৰিছে। সাধাৰণ জনবিশ্বাসৰ বিপৰীতে এটা কথা ক’ব পাৰি যে এই জিলাখনত কৃষিক্ষেত্ৰত সম্ভাৱনীয়তা আছে। কিন্তু সেই চিন্তা মনত ৰাখি কোনে কাম কৰিছে?’’ ৰামনাদৰ ৮০ শতাংশতকৈও অধিক ভূমিৰ মালিকানা স্বত্বৰ গঢ় পৰিমাণ দুই একৰতকৈও কম আৰু ভালেমান কাৰণবশতঃ এয়া অৰ্থকৰ হৈ উঠা নাই। এই কাৰণবোৰৰ একেবাৰে শীৰ্ষত আছে জলসিঞ্চনৰ অভাৱ।

''নিয়োগ আৰু নিয়োগৰ প্ৰকৃতিয়ে মানৱ চৰিত্ৰ গঠনত এক গুৰুত্বপূৰ্ণ ভূমিকা লয়। আপোনাৰ যদি এটা চিমেণ্ট ফেক্টৰী আছে, তেন্তে আপোনাৰ কেৱল চিমেণ্টেই উৎপাদন নহয়, এক বিশেষ প্ৰকৃতিৰ নিয়োগো সৃষ্টি হয়। কিন্তু এনে কাৰখানা এটা স্থাপন কৰিবলৈ আপুনি প্ৰথমে নিৰ্দিষ্ট স্থান আৰু প্ৰয়োজনীয় সম্পদৰ ব্যৱস্থা কৰিব লাগিব। ৰামনাদৰ সম্পদৰ প্ৰকৃত সমীক্ষা কেতিয়াও হোৱা নাই। তদুপৰি দীৰ্ঘস্থায়ী প্ৰকৃতিৰ নিয়োগ সৃষ্টি কৰাৰ বাবেও কোনো পদক্ষেপ লোৱা হোৱা নাই।’’

পোন্নোস্বামীৰ কথাত যুক্তি আছে। ৰামনাদত বোধকৰো ''বছৰটোত অৰ্থনৈতিকভাৱে সক্ৰিয় জনসংখা’’ৰ অনুপাত সৰ্বনিম্ন। এই অনুপাত ৪০ শতাংশতকৈও কম। এই অনুপাতৰ পৰা এটা কথা স্পষ্ট হয় যে বৃহৎ সংখ্যক লোকে বছৰটোৰ বেছিভাগ সময়তে ইটো-সিটো সৰু-সুৰা কাম কৰি জীৱিকা নিৰ্বাহ কৰে। অন্যহাতে ঔদ্যোগিক বিকাশ একেবাৰেই নাই। একেষাৰতে ক’বলৈ হ’লে 'চেতনা উদ্ৰেগকাৰী নিয়োগ’ নাই। কৰ্মীয়ে প্ৰতি উৎপাদনশীলতা ৰাজ্যখনৰ গঢ় হিচাপতকৈ ২০ শতাংশ কম।’’

অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণীৰ আগৰে পৰা ৰামনাদত আধিপত্য আছে। জিলাখনত অনুসূচিত জাতি আৰু জনজাতিৰ জনসংখ্যাৰ পৰিমাণ প্ৰায় ২০ শতাংশ। তদুপৰি জিলাখনত পিছপৰা শ্ৰেণীৰ জনসংখ্যাও অধিক। ৰাজ্যখনৰ ভিতৰতে নিবনুৱাৰ হাৰ সৰ্বাধিক আৰু উক্ত জাতি-জনজাতিসকলৰ মাজত এই হাৰ অধিক। ''তদুপৰি সৰ্বাধিক শোষণকাৰী সম্পৰ্ক আমাৰ জিলাখনতে অধিক।’’


Chilli farmers filling sacks for market
PHOTO • P. Sainath
At the chilli market in Raman town
PHOTO • P. Sainath

বাওফালেঃ এতিভায়া গাঁৱত কৃষকে বস্তাত জলকীয়া ভৰাইছে। সোঁফালেঃ ৰামনাথপুৰম চহৰত ১৯৯৩ চনৰ এখন জলকীয়াৰ বজাৰ

ৰামনাদৰ সুকীয়া সুতখোৰ পৰা আৰম্ভ কৰি জলকীয়াৰ খেতি কৰা কৃষকলৈ মেলানমাই পোন্নোস্বামীয়ে সকলোবোৰ চিয়াঁহীৰে লিপিবদ্ধ কৰিছে। নিৰন্তৰ খৰাং, দীৰ্ঘম্যাদী প্ৰব্ৰজন অথবা কৰ্মহীনতাৰ প্ৰভাৱ- এইবোৰ বিষয় তেঁওৰ দৃষ্টিৰ পৰা আঁতৰ হোৱা নাই। তেঁওৰ ক্ষুদ্ৰ গাঁওখনৰ পৰা আৰম্ভ কৰি প্ৰান্তৰ পৰা বিশ্বখনক চোৱা তেঁওৰ অন্তদৃষ্টি চমকপ্ৰদ। শ্ৰেষ্ঠ গৱেষণালব্ধ ফলাফলৰ সৈতে সিবোৰৰ বিশ্লেষণৰ প্ৰায়ে মিল দেখা যায়।

''জলকীয়াৰ খেতিয়কে নতুন ধৰণৰ বীজ ব্যৱহাৰ কৰিবলৈ লৈছে। মই নাজানো সেয়া ক’ৰ পৰা আহিছে, কিন্তু সিবোৰে কৃষি অৰ্থনীতি ধ্বংস কৰিছে। এই বীজবোৰে সাময়িকভাৱে উৎপাদন ভাল কৰিব পাৰে। কিন্তু ইয়াৰ ফলত কৃষকে উৰ্বৰক আৰু কৃষি-ৰাসায়নিকৰ নামত অধিক ব্যয় কৰিবলৈ বাধ্য হৈ পৰিব। এইবোৰে কৃষিভূমি অনুৰ্বৰ কৰি তুলিব। কিছুদিনৰ পিছতেই উৎপাদন হ্ৰাস পাবলৈ ধৰে। এনেদৰে এই বীজ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰাসকলৰ পক্ষে উৎপাদনৰ ব্যয় এতিয়া ভালেখিনি বাঢ়িছে।’’

তেঁওৰ চুটিগল্পৰ ছটাকৈ সংগ্ৰহ আৰু তেঁওৰ একমাত্ৰ উপন্যাসখন- সকলোতে এক অদম্য আশাবাদ ফুটি উঠিছে। ( এখন সংগ্ৰহৰ নাম দিয়া হৈছে (মানৱতাৰ জয় হ’ব’)। ''এই অঞ্চলৰ লোকৰ মাজত এক সংগ্ৰামী মন আছে আৰু তেঁওলোকে নিজেই ৰামনাদখন সলনি কৰিব। কিন্তু আমি আত্মসন্তুষ্টিত ডুব গ’লে নহ’ব। তাৰ বাবে আমি কাম কৰিব লাগিব।’’ আৰু এনেসময়ত তেঁও কেৱল ৰামনাদৰ ওপৰতে লিখি থাকিবনে?

''মই মোৰ ৰচনাৰ প্ৰতি সত্যনিষ্ঠ হৈ থাকিব লাগিব। তথাপি, এই গাঁওখনৰ বাস্তবিকতাৰ প্ৰতি সততা ৰাখিয়েই মই উত্তৰ প্ৰদেশৰ এখন গাঁৱৰ প্ৰকৃত প্ৰাসংগিক ছবি দাঙি ধৰিব পাৰিম। কাৰ সমস্যাৰ কথা আপুনি তুলি ধৰিব, এয়া তাৰ ওপৰতেই নিৰ্ভৰ কৰে, নহয়নে? 

অনুবাদঃ পংকজ দাস

পংকজ দাস এগৰাকী সাংবাদিক, অনুবাদক আৰু অসমীয়া নিউজ পৰ্টেল newsnextone.com ৰ সহ-প্ৰতিস্থাপক। যোগাযোগৰ ইমেইল আইডি [email protected]

পি সাইনাথ পিপল’ছ আৰ্কাইভেল অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰতিষ্ঠাপক সম্পাদক।‘এভ্ৰিবডী লাভছ আ গুড ড্ৰট’ ৰ লেখক সাইনাথে কেবাদশক ধৰি গ্ৰাম্য সাংবাদিকতা কৰি আহিছে।তেখেতৰ

Other stories by P. Sainath