প্ৰতিদিনে নিশা প্ৰায় ১০ মান বজাত চেট্টী শ্ৰীকান্থ আৰু চেট্টী গোপীচান্দে বিজয়ৱাড়া হৈ যোৱা চেন্নাই-কলকাতা ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইদাৰত এখন পুৰণি ভিনাইল বেনাৰ পাৰি লয়। তাৰপিছত গামোচাখনকে চাদৰ কৰি পাৰি লৈ তাতে টোপনি যায়।

পুৱা সিহতে বেঞ্জ চাৰ্ক’ললৈ খোজ কাঢ়ি যায়। তাতেই ৬ বজাৰ পৰা শ্ৰমিকবোৰে কামৰ আশাত গোট খায়। কেতিয়াবা ছেট্টী ভাইকেইজনে শ্ৰমিকৰ 'আড্ডাস্থলী’ত বেপাৰীয়ে চাইকেলেৰে অনা ইডলি খায়। বহুসময়ত খালি পেটেৰেই তেঁওলোক কামলৈ যায়। 

''বিজয়ৱাড়ালৈ অহা মোৰ এবছৰেই হ’ল,’’১৬ বছৰীয়া শ্ৰীকান্থে কয়। শ্ৰীকান্থ আৰু ২২ বৰ্ষীয় গোপীচান্দৰ পৰিয়ালে ২০১৬ চনত খেতিৰ পৰা হোৱা বৃহৎ লোকচানৰ পিছতে দুয়োজনে টেলেংগানাৰ খাম্মাম জিলাৰ মাডুপাল্লে গাঁৱৰ নিজ ঘৰ এৰি ওলাই আহিছিল। তাৰে আগলৈকে তেঁওলোকে কোনোমতে চলি আছিল। ''আমাৰ পিতায়ে পাঁচ বিঘা (লীজত লোৱা) মাটিত জলকীয়া, কপাহ আৰু হালধিৰ খেতি কৰিছিল। কিন্তু সেই বছৰটোৰ মুৰকত আমাৰ ৬ লাখ টকাৰ লোকচান হ’ল (আৰু সুদখোৰৰ সুতৰ হাৰ বেছি হোৱাৰ ফলত সেই পৰিমাণ বাঢ়ি সাত লাখ হ’লগৈ),’’ শ্ৰীকান্থে কয়। হালধিৰ খেতিৰ ফচলৰ ভাল দাম নাপালে, তেঁওলোকৰ কপাহৰ খেতিখনতো গুলপীয়া ব’লৱৰ্মে আক্ৰমণ কৰিলে আৰু ইফালে বেয়া বীজৰ ফলত জলকীয়াৰ খেতিও ভাল নহ’ল। ''ধাৰ পৰিশোধ কৰাৰ বাবে আমি কামৰ সন্ধানত ওলাই আহিবলৈ বাধ্য হৈছিলো,  শ্ৰীকান্থে কয়। শ্ৰীকান্থে দশমমানতে পঢ়াশালি এৰে। ইফালে গোপীচান্দে অট’মবাইল ইঞ্জিনিয়াৰিঙৰ পলিটেকনিক পাঠ্যক্ৰম আধাতে এৰি গুছি আহিল। 

প্ৰতিদিনে ৰাতিপুৱা ছেট্টি ভাতৃদ্বয়ৰ দৰে প্ৰায় ১,০০০ মান লোকে বেঞ্জ চাৰ্ক’লত হাড়ভঙা পৰিশ্ৰম হোৱা দিহাজিৰাৰৰ কামৰ বাবে ৰৈ থাকে। মহিলাসকলে ওচৰে-পাজৰে থকা গাঁৱলৈ গৈ আবেলি ঘুৰি আহে। আনহাতে পুৰুষসকলৰ প্ৰায়ভাগে সেই চাৰ্ক’লৰ তিনি মাইলমানৰ আশে-পাশে পদপথ নাইবা ডিভাইডাৰতে ৰাতি কটায়। অন্ধ্ৰ প্ৰদেশৰ উত্তৰ দিশত থকা শ্ৰীকাকুলাম জিলাৰ পৰা আৰম্ভ কৰি ৰাজ্যখনৰ দক্ষিণ উপকূলীয় অঞ্চলত থকা নেল্ল’ৰ জিলালৈকে অৰ্থাৎ ৰাজ্যখনৰ বিভিন্ন অঞ্চলৰ পৰা কামৰ সন্ধানত তেঁওলোকে আহি ইয়াতে গোট খাইছে।

Migrant daily wage labourers seen early morning at the labour adda in Benz Circle looking for some work. Everyday, atleast 1000 people come here for work starting from 6 AM till 10 AM
PHOTO • Rahul Maganti
Migrant daily wage labourers seen early morning at the labour adda in Benz Circle looking for some work. Everyday, atleast 1000 people come here for work starting from 6 AM till 10 AM
PHOTO • Rahul Maganti

টেলেংগানাৰ বিভিন্ন অঞ্চলৰ পৰা এই শ্ৰমিকসকল বিজয়ৱাড়ালৈ আহে। প্ৰতিদিনে পুৱা প্ৰায় ১০০০ৰো অধিক শ্ৰমিক দিনহাজিৰা বিচাৰি বেঞ্জ চাৰ্ক’লত গোট খায়

আন ভালেমান লোক আহে টেলেংগানাৰ খাম্মাম আৰু নালগোন্দা জিলাৰ পৰা। খাম্মাম জিলাৰ জামালাপুৰম গাঁৱৰ ৪০ বৰ্ষীয় লাম্বাদা সম্প্ৰদায়ৰ জনজাতীয় লোক বানাবাথ কট্টাইয়াহয়ে তেঁওৰ আধা একৰ পদু (বনাঞ্চল) মাটিত খেতি কৰিব নিদিয়াৰ পিছত কামৰ সন্ধানত ওলাই আহিবলগীয়াত পৰে। পট্টা নোহোৱাৰ ফলত (চৰকাৰে জাৰি কৰা 'মাটিৰ মালিকিস্বত্ব’ৰ প্ৰমাণপত্ৰ) নথকাৰ ফলত তেঁও কৃষি ঋণৰ বাবেও দৰ্খাস্ত কৰিব নোৱাৰিলে। নিজৰ পত্নি আৰু স্কুললৈ যোৱা দুই পুত্ৰক এৰি কট্টাইয়াহয়ে বিজয়বাড়া অহাৰ পিছত যোৱা ১৫ বছৰে তেঁওৰ মাটিখিনি চন পৰি আছে। ''মই মাহত এবাৰ (এতিয়া ৰেলেৰে, তেতিয়া বাছেৰে) মাহত এবাৰ ঘৰলৈ যাও আৰু পৰিয়ালৰ সৈতে এদিন-দুদিন সময় কটোৱাৰ পিছত ঘুৰি আহো’’, তেঁও কয়। কট্টাইয়াহে ৪০০ টকাৰ কাৰণে প্ৰায়ে পুৱা ৮ বজাৰ পৰা সন্ধ্যা ৭ বজালৈ মুৰৰ ঘাম মাটিত পেলায়।

মজুৰিৰ হাৰ কামৰ ওপৰত ভিত্তি কৰি কম-বেচ হয়। মজুৰি নিৰ্ধাৰণ কৰে নিয়োগ কৰোঁতাজনে। কিয়নো চাহিদা হিচাপে চাবলৈ গ’লে শ্ৰমিকৰ যোগানৰ পৰিমাণ সদায়ে বেছি থাকে। নিয়োগ কৰোঁতাসকল প্ৰায়ভাগ ঠিকাদাৰ আৰু নিৰ্মাণ খণ্ডৰ মিস্ত্ৰিসকলে শ্ৰমিকৰ প্ৰয়োজন অনুসাৰে দুচকীয়া বাহন, ট্ৰেক্টৰ-টেম্প’ আদি লৈ আহে।

আমি সকলোধৰণৰ কাম কৰো, কেটাৰিঙৰ কাম, নিৰ্মাণখণ্ডৰ কাম, ঘৰুৱা কাম, সকলো। আপুনি আমাক ক’লেই হ’ল, আমি সেয়াই কৰিম।- বিজয়ৱাড়ালৈ ২০০৩ চনতে অহা কৃষ্ণা জিলাৰ মুপ্পাল্লা গাঁৱৰ ৫২ বৰ্ষীয় দলিত শ্ৰমিক কোটা বীৰা বসন্থ ৰাওয়ে কয়। শ্ৰমিকৰ এই থলী ইয়াতে বহুদিন ধৰি আছে আৰু বিগত কেইটামান বছৰত কাম বিচৰা মানুহ বাঢ়িছে।’’

A man standing on a street in Vijaywada
PHOTO • Rahul Maganti
Kota Veera Vasantha Rao and Kotamarthi Yesu get ready sleep on a vinyl banner in Pandit Nehru Bus Stand in Vijayawada
PHOTO • Rahul Maganti

বাওফালেঃ আধা একৰ বনভুমিত খেতি কৰাৰ অধিকাৰ হেৰুওৱাৰ পিছত জামালপুৰমৰ বানাবাথ কট্টাইয়াহয়ে বিজয়ৱাড়ালৈ গুছি আহে। সোফালেঃ কটা বীৰা বসন্থ ৰাও আৰু কটামাৰ্থি য়েচুৱে বিজয়ৱাড়াৰ পণ্ডিত নেহৰু বাছ আস্থানত শুবলৈ ভিনাইলৰ বেনাৰ (বেনাৰখনেই বিচনাচাদৰ কৰি) পাৰি লৈছে

দীৰ্ঘদিন ধৰি হোৱা খৰাঙৰ ফলত খেতিপথাৰ শুকাই যোৱাৰ পৰিণতিত কাম নোহোৱা হৈ পৰে। ফলত ভুমিহীন শ্ৰমিক বসন্থ ৰাৱে গাঁও এৰি আহিবলগীয়াত পৰে। দুবছৰৰ কাৰণে তেঁও বিজয়ৱাড়া ৰেলৱে ষ্টেচনৰ কাষৰ এখন ল’জত এখন বিচনাৰ বাবদ ৩০ টকাকৈ দি আহিছিল। কিন্তু এই বিলাসিতা বহন কৰিব নোৱাৰা হৈ অহাৰ ফলত বসন্থ ৰাৱে ৰেলৱে ষ্টেচনতে শুবলৈ ল’লে। বিজয়ৱাড়া ৰাজ্যখনৰ নতুন ৰাজধানী চহৰ হোৱাৰ সময়ত চহৰখনৰ মূল বাছ আস্থানটো পুনৰ্নিৰ্মাণ কৰাৰ পিছত ২০১৪ চনৰ পৰা তেঁও বাছ আস্থানটোতে শুবলৈ লয়। গৃহহীন ৰাতিবোৰ কটোৱাৰ মাজতে তেঁও নিয়মিত প্ৰতি দেওবাৰে ৫৮ কিলোমিটাৰ দুৰৈৰ তেঁওৰ নিজ ঘৰলৈ ৰাজ্যিক বাছ সেৱাৰে এপাক মাৰে। সোমবাৰে তেঁও কামলৈ বুলি পুৱাই বেঞ্জ চাৰ্ক’লত উপস্থিত হয়।

বিজয়ৱাড়াত এনে দহোটামান শ্ৰমিকৰ থূপ আছে। তাতে পুৰুষ-মহিলা মিলি প্ৰায় ৬০০০ মান শ্ৰমিক (চেণ্টাৰ ফৰ ইণ্ডিয়ান ট্ৰেড ইউনিয়ন, কৃষ্ণা জিলাৰ সাধাৰণ সম্পাদক এন চি এইচ শ্ৰীনিবাসে ধাৰ্য কৰা হিচাপে) প্ৰতিদিনে দিনহাজিৰাৰ কাৰণে গোট খায়। বেঞ্জ চাৰ্ক’লৰ উপৰিও এনে লেখত ল’বলগীয়া শ্ৰমিকৰ থলী হৈছে সত্যনাৰায়নপুৰম, বিজয় টকিজ আৰু চিট্টিনগৰ।

৫৫ বৰ্ষীয় ভূলক্ষ্মীয়ে তিনিবছৰ ধৰি বেঞ্জ চাৰ্ক’ললৈ আহি আছে। আন ১০-১২ গৰাকী মহিলাৰ সৈতে তেঁও বিজয়ৱাড়াৰ পৰা ১৫ কিলোমিটাৰ নিলগৰ পৰা অটোৰিক্সা শ্বেয়াৰ কৰি সেই ঠাইলৈ আহে। অহা-যোৱাৰ নামতে তেঁওৰ দিনটোত ১০০ টকা খৰছ হয়।

A woman standing at a street corner in Vijaywada
PHOTO • Rahul Maganti
Migrant daily wage women labourers from Kankipadu
PHOTO • Rahul Maganti

ভূলক্ষ্মী (বাওফালে)য়ে শ্ৰমিক মহিলাৰ গোট এটাৰ লগত বিজয়ৱাড়াৰ নিকটৱৰ্ত্তী কাংকিপাডু গাঁৱৰ পৰা অটোৰিক্সা শ্বেয়াৰ কৰি আহে

''আমাৰ খেতিপথাৰতো কাম নাছিল, ইফালে এমজিএনৰেগা (মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আচনি)ৰ অধীনতো কাম পোৱা নাছিলো। সেয়ে আমি চহৰলৈ আহিলো।’’ ভূলক্ষ্মীয়ে কয়। ''কিন্তু আমি সপ্তাহত কোনোমতে ২-৩ দিনহে হাজিৰা পাও আৰু দিনে ৪০০ ৰপৰা ৫০০ টকা আয় কৰো।’’ তেঁও কয়। মহিলা শ্ৰমিকক নিৰ্মাণখণ্ডৰ কাম নাইবা কেটাৰিঙৰ কামৰ বাবে হাজিৰা দিয়া হয়, কিন্তু মজুৰি পুৰুষৰ তুলনাত প্ৰায়ে কম দিয়া হয়।

ফেব্ৰুৱাৰী মাহৰ এটা শুকুৰবাৰে ৬ মান বজাত বেঞ্জ চাৰ্ক’লত কোনোবাই কামৰ বাবে নিব বুলি ধৈৰ্যসহকাৰে আশা পালি থকা শ্ৰমিকৰ ভিৰ বাঢ়ি আহিছে। ১০ মান বজাত ১০০০ জনমান শ্ৰমিকৰ প্ৰতিদিনে প্ৰায় আধামানেই ১ কিলোমিটাৰমান দুৰত থকা সাই বাবা মন্দিৰত দৰিদ্ৰসকলৰ বাবে দিয়া খাদ্যৰ ভাগ ল’বলৈ যায়।

The people who want work force in their construction sites and homes will come on two wheelers and tempos and pick the labourers up. The labourers throng the employers when they are here for work. Since he demand is less and the supply is more, most often the workers will have a raw deal in the bargaining of the wage for that particular day
PHOTO • Rahul Maganti

বেঞ্চ চাৰ্কলত ঠিকাদাৰে শ্ৰমিকৰ সৈতে মজুৰিৰ দাম-দৰ কৰিছে 

“আজিৰ উপাৰ্জনখিনি দিনটোৰ শেষলৈ নাথাকে। আমি যদি পৰৱৰ্তী দিনটোৰ কাৰণে কাম নিবিচাৰো, তেন্তে কাম নোপোৱালৈ আমি ভোকতে কটাব লাগিব,’’ ছেট্টী শ্ৰীকান্থে কয়। তেতিয়ালৈ আমি আবেলি মন্দিৰৰ প্ৰসাদ খাই আৰু পৌৰনিগমৰ টেপৰ পানীৰে পেট ভৰাই ৰাতিটো থাকো’’। খালিপেটে দীঘলীয়া সময়ৰ বাবে কাম কৰোঁতে কেতিয়াবা শ্ৰীকান্থৰ মুৰটো আঁচন্দ্ৰাই কৰে। ''মই পানী খাও, অলপ সময়ৰ কাৰণে জিৰণি লও আৰু পুনৰাই কাম আৰম্ভ কৰো,’’ তেঁও কয়।

কট্টাইয়াহে বিজয়ৱাড়াৰ গ্ৰীষ্মকালৰ এটা তীক্ষ্ণ ৰ'দৰ দিন মনত পেলাইছে যেতিয়া তেঁও বহুসপ্তাহ ধৰি দিনে এসাজকৈ ভাত খোৱাৰ পিছত হঠাতে মুৰ্ছা গৈছিল। "হস্পিতাললৈ যাবলৈ মোৰ হাতত পইছা নাছিল আৰু মই মোৰ চিফট সম্পুৰ্ণ কৰিব নোৱাৰাৰ বাবে ঠিকাদাৰে মোক সেইদিনা আধা দিনৰ মজুৰি দিছিল," কট্টাইয়াহে কয়। "মোৰ সহকৰ্মীসকলে অলপ পইছা তুলি মোক সেইদিনা সন্ধিয়া চৰকাৰী হস্পিতাললৈ লৈ গ'ল।" কট্টাইয়াহে ক'লে। পিছদিনা তেঁওৰ তীব্ৰ মুৰৰ বিষ, মুৰঘুৰণি আৰু প্ৰচণ্ড জ্বৰগাৰে সাৰ পালে। তাৰ পিছত দুসপ্তাহৰ কাৰণে কাম এৰি তেঁও জামালাপুৰমলৈ গুছি গ'ল, তাৰ পিছত বিজয়ৱাড়ালৈ ঘুৰি আহিল। "মই গাঁৱলৈ ঘুৰি যাবলগীয়া হৈছিল, কিয়নো ইয়াতে থাকিবলৈ মোৰ মুৰৰ ওপৰত চালি নাছিল। আকৌ কাম কৰি উপাৰ্জন কৰিবলৈ দেহত শকতি নাছিল," তেঁও কয়। 

বিজয়ৱাড়াৰ শ্ৰমিকৰ দলবোৰৰ প্ৰায়ে ৰাস্তাত পিয়াপি দি ফুৰা সংগঠিত ডকাইতৰ পৰা নিজৰ কষ্টোপাৰ্জিত টকাখিনি বচাবলৈ নিতৌ ৰাতি যুঁজ দিবলগীয়া হয়। "যোৱাৰাতি মই ১৫০০ টকা 'ব্লেড বেটচ'ৰ চোৰৰ হাতত হেৰুৱাইছো। কেতিয়াবা চোৰৰ গেঙৰ পৰা টকা বচাবলৈ আমি টকা বোকাত পুতি থও," ২৫ বৰ্ষীয় কুমাৰে কয় (তেঁও নিজৰ নামৰ মাত্ৰ উপাধিটোহে ব্যৱহাৰ কৰিবলৈ দিলে)। তেঁওৰ ঘৰ পশ্চিম গোদাবৰী জিলাৰ নিদাদাভলে চহৰত, চহৰখন বিজয়ৱাড়াৰ পৰা ১৩৫ কিলোমিটাৰ দুৰৈত। "আমি যেতিয়া একো কাম বিচাৰি নাপাও, তেতিয়া আমি ৫০ টকাৰ দেশী মদ কিনি লও। সেয়া খাই ৰাস্তাৰ কাষতে দিন কটাও।" 

ৰাস্তাৰ দাঁতিত থকাৰ ফলত সঘনে পুলিচৰ অত্যাচাৰো সমুখীন হ'বলগীয়া হয়। "কোনোবা ভিআইপি আহিবলগীয়া থাকিলে সিহতে চহৰখন চাফা দেখুৱাবলৈ সিহতে আমাক লাঠিৰে কোবাই কোবাই খেদে," কুমাৰে কয়।  

চহৰখনত বেচৰকাৰী সংগঠনে চলোৱা মাত্ৰ দুটাহে নৈশ আশ্ৰয়গৃহ আছে। তাতে মুঠ ১৫০ জন মানুহ ধৰে। আশ্ৰয়গৃহ দুটা বিজয়ৱাড়া পৌৰনিগম কৰ্পৰেছনে সাজি উলিয়াইছিল। আৰু বেঞ্জ চাৰ্কলৰ বাছ ষ্টেছনৰ কাষত আৰু লেবাৰ আড্ডাৰ কাষত তিনিটা আশ্ৰয়গৃহ যোৱা চাৰিবছৰ ধৰি 'নিৰ্মীয়মান অৱস্থা'তে আছে। চৰকাৰে কোৱা মতে অতিৰিক্ত আশ্ৰয়গৃহ এইটো বৰ্ষতে সাজি উলিওৱা হ'ব। 

The Shelter for Urban Homeless has 150 beds across the city, spread across two centers, while it is supposed to have atleast 1500. Four such centers have been in construction since four years
PHOTO • Rahul Maganti
Homeless people, who mostly are migrant daily wage labourer from rural parts of Andhra Pradesh, sleep in the Pandit Nehru Bus Station in Vijayawada.
PHOTO • Rahul Maganti

চহৰখনৰ গৃহহীনৰ বাবে আশ্ৰয়। ইয়াত ইমানেই কম মানুহ ধৰে যে প্ৰায়ভাগ প্ৰব্ৰজনকাৰী শ্ৰমিকেই (সোঁফালে) ৰাস্তাৰ দাঁতি, বাছ আস্থান আৰু ৰেলৱে ষ্টেছনত শুবলগীয়া হয় 

“কিন্তু সেয়া যথেষ্ট নহয়। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা মতে (সৰ্বোচ্চ ন্যায়ালয়খনে নগৰাঞ্চলত গৃহহীনসকলৰ বাবে আশ্ৰয়ৰ অধিকাৰৰ সংক্ৰান্ত পিটিশ্যনৰ আধাৰত ২০১৬ চনৰ 'ই.আৰ. কুমাৰ আৰু অনান্যসকল বনাম ভাৰত চৰকাৰ'ৰ গোচৰত ৰায় দিয়া মতে) প্ৰত্যেক ১ লাখ মানুহৰ জনসংখ্যাৰ বিপৰীতে এটা আশ্ৰয়গৃহ(৫০-৮০ জন লোক থাকিব পৰা) নিৰ্মাণ কৰা উচিত। বিজয়ৱাড়াত (বৰ্তমানৰ জনসংখ্যা ১৫ লাখ) ১৫ টা আশ্ৰয়গৃহ (অতিকমেও) থকা উচিত," বিদ্যামান নৈশ আশ্ৰয়গৃহ চোৱা-চিতা কৰা বেচৰকাৰী সংগঠন গাইড ফাউণ্ডেছনৰ মুৰালী কৃষ্ণই কয়।  

“ৰাষ্ট্ৰীয় নগৰী জীৱিকা মিছনৰ অধীনত পৰ্যাপ্ত পুঁজি (আশ্ৰয়গৃহ সজাৰ বাবে) আছে যদিও কৰ্তব্যনিষ্ঠাৰ অভাৱ। চৰকাৰে (এনইউএলএম যোগে) আশ্ৰয়গৃহত থকা লোকসকলক বিনামূলীয়া নৈশ আহাৰ যোগান ধৰিব লাগে। তদুপৰি নিয়োগৰ সুযোগ-সুবিধা (অথবা কৌশল বিকাশ)ৰ বিষয়ে শিতান ৰাখিব লাগে আৰু চহৰত বৈকল্পিক হাউছিঙৰ সুবিধা বিচৰাত সহায় কৰিব লাগে (সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায়দান মতে)," এছচিয়েছন ফৰ আৰ্বান এণ্ড ট্ৰাইবেল ডেভলপমেণ্টৰ সৈতে জৰিত বিশাখাপট্টনমৰ সমাজকৰ্মী প্ৰগদা শ্ৰীনিবাসে কয়। 

যদিওবা এনে ব্যৱস্থা এক দুৰণিৰ সপোন হৈ আছে আৰু বিজয়ৱাড়াক শ্ৰমিক জীৱনৰ জৰিয়তে স্বচ্ছল কৰি ৰখা এই লোকসকলৰ নিৰন্তৰ সোঁত বৈছে। কাইলৈৰ দিনহাজিৰা, কাইলৈৰ সাজ, কাইলৈ  নিৰাপদে শুব পৰা ঠাই- তেঁওলোকৰ এই সন্ধান অব্যাহত আছে। 

অনুবাদঃ পংকজ দাস

পংকজ দাস এগৰাকী সাংবাদিক, অনুবাদক আৰু অসমীয়া নিউজ পৰ্টেল newsnextone.com ৰ সহ-প্ৰতিস্থাপক। যোগাযোগৰ ইমেইল আইডি [email protected]

Rahul Maganti

ৰাহুল মগন্তি অন্ধ্ৰপ্ৰদেশৰ বিজয়াৱাড়াৰ এজন মুক্ত সাংবাদিক।

Other stories by Rahul Maganti