সত্তৰৰ দেওনা গৰকা তেঁও ষ্ট্ৰবেৰিৰ খেতি কৰে। পুৰণি মহাবালেশ্বৰত থকা তেঁওৰ তিনি একৰ মাটিৰ কুৱাটোৰ পানী শুকাই কৰ্কৰীয়া হৈছে। তেঁও আৰু তেঁওৰ পত্নিয়ে খেতিখন চলাই নিবলৈ যৎপৰোনাস্তি কষ্ট কৰিছে। তেঁওলোকৰ দমকলৰ পৰা নিগৰা সামান্য পানীৰ ওপৰত আশা কৰিয়ে তেঁওলোকে খেতি চলাইছে। আনকি সেই সামান্য পানীখিনিও তেঁওৰ খেতি পথাৰৰ গাতে লাগি থকা মন্দিৰৰ সৈতে ভগায় লয়। প্ৰৱল খৰাঙে তেঁওৰ খেতি বিধ্বস্ত কৰে ঠিকেই, কিন্তু তেঁওৰ বদান্যতা নকমে। তেঁওৰ নাম ইউনুচ ইছমাইল নালাবান্দ। তেঁও সেই পানী চাতাৰা জিলাৰ কৃষ্ণা নদীৰ উৎসৰ প্ৰতিকী দেৱী কৃষ্ণামাইৰ মন্দিৰত হাঁহিমুখে দিয়ে। 

এয়া সঁচাই আমাৰ পানী নে? এয়া উপৰৱালা (সৰ্বশক্তিমানজনৰ)ৰ পানী, নহয় নে বাৰু? তেঁও সোধে। সত্তৰোৰ্ধৰ তেঁওৰ পত্নি ৰোশান নালাবান্দেও সন্মতিত মুৰ দুপিয়ায়। সৰু সৰু বাকচত তেঁওলোকে ষ্ট্ৰবেৰীবোৰ ভৰাইছে। সেয়া নিবলৈ বেপাৰীবোৰ আহিব, ৰোশানে কয়। 'নাটনিৰ বাবে এইটো বছৰত দাম বাঢ়িছে, কিন্তু সেই অনুপাতে উৎপাদন নাবাঢ়ি কমিছেহে আৰু শস্যৰ গুণাগুণো কমিছে।’ কামত অকণো হীনদেৰি নকৰাকৈ তেঁওলোক দুজনে কৈ গৈছে। পানীৰ আকালেও তেঁওলোকৰ কামত আঘাত দিব নোৱাৰাৰ দৰে। মাত্ৰ ৰোশানে আমাক পানী আৰু খোৱাবস্তু দিবলৈ এক মিনিটমানৰ কাৰণে বিৰতি ল’লে।  

কৃষ্ণমাইৰ কুণ্ড (মন্দিৰৰ পুখুৰী)ৰ পানী নালাবান্দৰ দমকলৰ পৰা পানী নাপালে তেনেই শুকাই তলি উদং হৈ থাকে। এইবাৰো খৰালি পুখুৰীটোৰ পানী শুকাই থাকিল। কৃষ্ণমাই মন্দিৰটো দৰ্শনাৰ্থীৰ ভিৰ হোৱা পঞ্চগংগা মন্দিৰৰ পৰা এখন তামোলৰ বাট। কৃষ্ণাকে ধৰি কয়না, ভেন্না, সাৱিত্ৰী আৰু গায়ত্ৰী- এই পাঁচখন নৈক লৈ এই মন্দিৰ। নৈকেইখনৰ প্ৰকৃত উত্স ইয়াৰ পৰা বেছি দুৰত নহয়। ৱাই-মহাবালেশ্বৰ অঞ্চলৰ ভিতৰত কৃষ্ণামাইয়েই বোধকৰো আটাইতকৈ পুৰণি মন্দিৰ। সৰু আৰু ধুনীয়া এই মন্দিৰটোক স্থানীয় লোকে নৈ দেৱীৰ গৃহ বুলি উপাসনা কৰে। 

Old couple selling strawberries
PHOTO • P. Sainath
Dry well
PHOTO • P. Sainath

ইউনুচ নালাবান্দ আৰু তেঁওৰ পত্নি ৰোশান নালাবান্দঃ ক্ষুদ্ৰ খেতিয়ক, তেঁওলোকৰ তিনি একৰ মাটিত মুলতঃ ষ্ট্ৰবেৰীৰ খেতি কৰে। তলফালে তেঁওলোকৰ শুকাই ছিৰাল ফাঁট দিয়া কুঁৱা। 

মোৰ বন্ধু আৰু সহকৰ্মী জয়দীপ হাৰ্ডিকাৰ আৰু মই প্ৰতিখন জিলাৰ অইন সাংবাদিকসকলৰ সৈতে মে’ মাহত মহাৰাষ্ট্ৰৰ ভালেকেইখন নৈৰ প্ৰতিকী আৰু প্ৰকৃত উৎস সাক্ষাত কৰিছিলো। আমাৰ উদ্দেশ্য আছিল নৈৰ পৰা নামনিৰ ফালে গৈ খেতিয়ক, শ্ৰমিক আৰু নৈৰ পাৰত থকা অইন লোকসকলৰ সৈতে কথা পতা। তেঁওলোকৰ কথা শুনা মানে জলবায়ুজনিত খৰাঙতকৈ বহুগুণে ডাঙৰ আৰু বিশাল জলসংকটৰ বিষয় আলোচনা হোৱা। 
কিছুমান অঞ্চলত গ্ৰীষ্মকালত পানী শুকাই যোৱাটো স্বাভাৱিক কথা যদিও নৈৰ উৎস অঞ্চলকে ধৰি যিবোৰ ঠাইত কেতিয়াও পানী শুকোৱা নাছিল, তেনে ঠাইতো এনেদৰে পানী শুকাই যোৱা সম্প্ৰতি পৰিলক্ষিত হৈছে। 'মহাৰাষ্ট্ৰৰ এসময়ৰ বৰ্ষব্যাপী থকা নৈবোৰ এতিয়া তাৎপৰ্যজনকভাবে বতৰীয়া হৈ পৰিছে।’ পশ্চিম ঘাটৰ পৰিস্থিতিতন্ত্ৰ বিশেষজ্ঞ কমিটিৰ মুৰব্বীৰ দায়িত্বত থকা অধ্যাপক মাধৱ গাডগিলে কয়। 'ইয়াৰ কাৰণ হৈছে নৈবোৰৰ বেচিন আৰু পাৰত গঢ়ি উঠা বিভিন্ন কাৰ্যকলাপৰ লগতে বৃহৎ নদীবান্ধ- প্ৰমুখ পৰিস্থিতিতন্ত্ৰবিদ আৰু লিখক গাডগিলৰ মন্তব্য।  

''বিগত ছটা দশকত, মই কেতিয়াও কৃষ্ণামাইৰ কুণ্ড তলি তৰাং হোৱা আৰু শুকাই যোৱা দেখা নাই, নাৰায়ন জাডে কয়। তাতে এয়া এনে এটা অঞ্চল য’ত বাৰ্ষিক বৃষ্টিৰ পৰিমাণ ২০০০ মি.মি.ৰ আশে-পাশে হয়। অৱসৰপ্ৰাপ্ত পৰ্যটন গাইড আৰু প্ৰব্ৰজন কৰ্মী জাডে প্ৰায়ভাগ সময় এই মন্দিৰটোৰ আশে-পাশে থাকিয়েই কটায়। তেঁও এই কথা লৈ নিশ্চিত যে খৰাং পৰাৰ কাৰণ কেৱল কম বৃষ্টিপাতেই নহয়। তেঁও পৰ্যটক আৰু বাহিৰৰ পৰা অহাসকলক কয়, 'আপোনালোকে’ই ইয়াৰে উত্তৰ দিব লাগে। 

'বৃহৎ পৰিমাণে নিৰ্বনানীকৰণ হৈছে ঠিকেই, কিন্তু সেয়া স্থানীয় লোকে কৰা নাই। আমাৰ ইয়াৰে কোনোবাই যদি গছৰ ঠানি কেইটামান কাটে, তেঁও ৰঙাঘৰলৈ যাবলগীয়া হয়। কিন্তু বাহিৰৰ মানুহে আহি ট্ৰাকে ট্ৰাকে গছ কাটি লৈ গুছি যায়।’ তেঁও কয়। জাডে ট্যুৰ গাইড হিচাপে কাম কৰিছে যদিও তেঁও নিজেই কয় যে অনিয়ন্ত্ৰিত পৰ্যটনৰ ফলত যথেষ্ট ক্ষতিসাধন হৈছে। ''সকলো ঠাইতে ৰিজ’ৰ্টচ্ আদি গঢ় লৈ উঠিছে’’, ফলত সেউজ আচ্ছাদনৰ পৰিমাণ কমি আহিছে। এতিয়া তেঁও নীৰৱ কৃষ্ণামাইৰ পৰা পঞ্চগংগা মন্দিৰৰ ভিতৰতে পৰ্যটকৰ সৈতে কাম কৰে। 

PHOTO • P. Sainath

পুৰণি মহাবালেশ্বৰত থকা কৃষ্ণামাই মন্দিৰঃ মন্দিৰৰ সমুখত থকা সৰু কুণ্ডটো প্ৰথমবাৰৰ বাবে শুকাই গৈছে

মন্দিৰটোৰ সমুখৰ পৰা সুন্দৰকৈ দেখা যায় ধোম বালকাৱাড়ি বান্ধ। তাতে অলপ পানী আছে, কিন্তু বছৰটোৰ এইটো সময়ত থাকিবলগীয়া পানীতকৈ বহু পৰিমাণে কম। বছৰৰ পিছত বছৰ ধৰি সজা বান্ধ আৰু পানীৰ স্ৰোত সলনি কৰি পেলোৱাৰ ফলত নৈৰ ওপৰত প্ৰভাৱ পৰিছে। আকৌ শেষ হৈ নহা জলসিঞ্চন প্ৰকল্পক লৈও হৈ-হাল্লাৰ অন্ত নাই। ৰাজ্যখনৰ "জলসিঞ্চনৰ দুৰ্নীতি"ৰ কেন্দ্ৰস্থলত আছে এইবোৰ বিষয়।     
এই অস্বাভাৱিক ধৰণৰ মহঙা আঁচনিৰ পৰা মাত্ৰ কেইখনমান গাঁৱেহে উপকাৰ পাব বুলি ওলাইছিল, কিন্তু নাপালে। সেইকেইখন গাঁও চাতাৰাৰ খাটভ আৰু মান টেহচিলত আছে। সেইখন জিলাত থকা নেৰ বান্ধ আৰু হ্ৰদৰ পৰা ভালেকেইখন গাঁৱলৈ খোৱা আৰু জলসিঞ্চনৰ হেতু পানী যোগান ধৰিব বুলি ধাৰ্য কৰা হৈছিল যদিও মাত্ৰ ১৯ খন গাঁৱতহে কুঁহিয়াৰৰ খেতিয়কৰ বাবে একচেটীয়াভাবে পানী সীমাবদ্ধ কৰি ৰখা হ'ল।

মান আৰু খাটভৰ বাদেও ১১ খন অতিকৈ শুষ্ক টেহচিল চাতাৰা, চাংগ্লি আৰু চোলাপুৰ এই তিনিখন জিলাতে আছে। এই টেহচিলবোৰৰ পৰা প্ৰতিবছৰে আদুষ্কাল পৰিষদ (খৰাং পৰিষদ)লৈ মানুহ যায়। তেঁওলোকে ১৩ খন টেহচিলক লৈ এখন 'মান দেশ' বুলি এখন পৃথক 'খৰাং জিলা'ৰ দাবী কৰিছে, অৱসৰপ্ৰাপ্ত জিলা চিকিত্সা বিষয়া ডা. মাৰুতি ৰামাকৃষ্ণ কাটকাৰে জনায়।    

"তেঁওলোকৰ বৰ্তমানৰ জিলাই তেনেই কম পৰিমাণে পানী দিয়ে," কাটকাৰে কয়। কিন্তু নতুন এখন জিলা গঠন কৰাটোৱে তেঁওলোকক কেনেদৰে সহায় কৰিব? পুৰণি জিলাকেইখনে সেইকেইখন টেহচিল পৃথক হোৱা দেখি ভালেই পাব আৰু তেঁওলোকৰ ক্ষেত্ৰত কম পৰিমাণে জবাবদিহি হ'ব লাগিব, নিশ্চয়কৈ নে? তেঁও 'খৰাং জিলা'ৰ আন্দোলনৰ নেতৃত্বধাৰী অধ্যাপক কৃষ্ণা ইংগোলেৰ সৈতে আমাৰ ফোনতে কথা পতাই দিলে। ইংগোলে ক'লে যে সেই অঞ্চলটোত সমুহীয়া স্বাৰ্থই তেঁওলোকক একলগ কৰি ৰাখিছে, জিলাৰ স্বীকৃতি পালে সেই নিৰ্দিষ্ট ঠাইবোৰৰ নিজস্ব সমস্যা আলোচনাৰ থল ওলাব। 

'এই টেহচিলকেইখন সাগৰ পৃষ্ঠৰ পৰা ১০০০ ফুট ওপৰত আছে আৰু বৃষ্টি ছায়া মণ্ডলত আছে।' কাটকাৰে কয়। "আমি বছৰি ৩০ দিনতকৈও কম দিন বৃষ্টি পাও। আমাৰ প্ৰায়ভাগ অঞ্চলৰপৰা বুজন পৰিমাণৰ প্ৰব্ৰজন ঘটিছে। প্ৰব্ৰজনকাৰীসকলৰ মাজত কিছুমান সোণ আৰু আ-অলংকাৰৰ কাম কৰা শ্ৰমিক আছে যিয়ে ঘৰলৈ কিছু টকা-পইছা পঠিয়ায়। সেই লৈয়ে স্থানীয় অৰ্থনীতি চলিছে।" কাটকাৰে কয়।

Man sitting outside the temple
PHOTO • P. Sainath

কৃষ্ণমাই মন্দিৰত নাৰায়ন জাডে। নিৰ্বনানীকৰণ, বহিৰাগতৰ ভিৰ আৰু অইন কাৰ্যকলাপ যিয়ে পানীৰ নাটনি ঘটাইছে, তাৰবাবে তেঁও বহিৰাগতসকলক দোষ দিছে  

জলসংকট যোৱা বছৰ বা তাৰে আগৰ দুবছৰৰ সমস্যা নহয়। এয়া কেৱল এটামাত্ৰ বৃহত্ খৰাঙৰ কাৰণেও হোৱা বুলি ক'ব নোৱাৰি। এয়া দশকজোৰা কাৰ্যকলাপৰ ফলত হোৱা সমস্যা, মানৱসৃষ্ট সমস্যা। কিয়? এয়া সমাধানৰ বাবে দীৰ্ঘম্যাদী একো ব্যৱস্থা নাই নেকি? অৱসৰপ্ৰাপ্ত জলসিঞ্চন অভিযন্তা শৰদ মাণ্ডে সোধে। ''বান্ধ এটাৰ জীৱনকাল ৮০ ৰপৰা ৯০ বছৰ। পাইপলাইনৰ জীৱনকাল ৩৫ ৰপৰা ৪০ বছৰ। পানীৰ প্ৰকল্পবোৰৰ হৈছে ২৫ ৰপৰা ৩০ বছৰ। পাম্পিং মেচিন-পাতিৰ ১৫ বছৰ। কিন্তু মুখ্যমন্ত্ৰী এজনৰ ক্ষমতাত থকাৰ সময় পাঁচ বছৰ। দীৰ্ঘম্যাদী কাৰ্যপন্থাৰ বাবে কোনোধৰণৰ শলাগ পোৱা নাযাব। সেয়ে ততালিকে যি কৰা যায় তাৰেই বাহ্ বাহ পোৱা যায়।'' এনেদৰে তেঁও নিজেই তাৰে উত্তৰো দিয়ে।

২০০০ আৰু ২০১০ চনৰ সময়চোৱাৰ চৰকাৰী তথ্য মতে ৰাজ্যৰ জলসিঞ্চনৰ কাৰ্যশক্তি মাত্ৰ ০.১ শতাংশ বাঢ়িছে। তাকো সেই একেটা দশকতে জলসিঞ্চনৰ নামত ৭০ হাজাৰ কোটি ব্যয় কৰাৰ পিছত। জলসিঞ্চনৰ দুৰ্নীতিৰ অনুসন্ধান কৰা চিতালে কমিটিৰ তথ্য মতে তাৰে আধা ধন বিফল আঁচনিৰ নামত হৰলুকি কৰা হৈছে।

মহাৰাষ্ট্ৰত চৰকাৰী আৰু তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত পোৱা ডেটা অনুযায়ী বান্ধ এটাৰ খৰছ এজন ঠিকাদাৰক দিয়াৰ এমাহ পিছতেই ৫০০ শতাংশ বৃ্দ্ধি পাব পাৰে। অথবা ছমাহত প্ৰায় ১০০০ শতাংশ বৃদ্ধি পাব পাৰে। বিগত ৩০ বছৰ ধৰি ৭৭ টা প্ৰকল্প ''ৰূপায়নৰ পৰ্যায়''ত আছে। মন কৰিবলগীয়া যে কেইখনমান সৰু ৰাজ্য লগ লগালে তাৰে ৰাজ্যিক বাজেটতকৈ সীমা উকলা ব্যয়ৰ পৰিমাণ অধিক।

PHOTO • P. Sainath

চাতাৰা জিলাৰ নেৰ হ্ৰদ আৰু বান্ধঃ আনকি খোৱাৰ বাবে দিয়া পানীখিনিও নিকটৱৰ্তী ১৯ খন গাঁৱৰ কুঁহিয়াৰ খেতিয়কে একচেটীয়াভাবে দখল কৰি ৰাখিছে

মহাৰাষ্ট্ৰৰ ভূজলৰ পৰিমাণো হ্ৰাস পাইছে য'ত ৬৫ শতাংশ জলসিঞ্চনেই এই জলসম্পদৰ ওপৰতেই নিৰ্ভৰশীল। ৰাজ্যখনে ২০১৬ চনৰ এপ্ৰিল মাহত ২০০ ফুটতকৈ গভীৰতাৰ দমকল বহুওৱাৰ ওপৰত জাৰি কৰা নিষেধাজ্ঞা তিনি দশক আগতেই কৰিব লাগিছিল।

কৃষ্ণা নৈৰ উপত্যকাত হ'বলগীয়া পৰিমাণতকৈ অধিক পৰিমাণে সমগ্ৰ অঞ্চলটোত খোৱাপানীৰ সমস্যাই দেখা দিছে। পানীৰ সিংহভাগেই নিৰ্মাণ কাৰ্যকলাপৰ কাৰণে ফাল কাটি লৈ যোৱা হয়। গ্ৰামীণ এলেকাৰ পৰা পানী নগৰাঞ্চললৈ স্থানান্তৰ কৰা হয় আৰু কৃষিখণ্ডৰ পৰা কাৰখানালৈ নিয়া হয়।

কৃষিক্ষেত্ৰত প্ৰায়ভাগ পানীয়ে কুঁহিয়াৰ খেতিত একচেটীয়াভাবে খৰছ কৰা হয়। আনকি খোৱাপানীৰ বাবে ভাগ কৰা নেৰ হ্ৰদৰ পানীও তালৈকে লৈ যোৱা হয়। মহাৰাষ্ট্ৰৰ দুই-তৃতীয়াংশ কুঁহিয়াৰ খৰাং প্ৰৱণ অঞ্চলত কৰা হয়। কুঁহিয়াৰ কাৰখানাৰ কথা কওতে মান্দেয়ে ভোৰভোৰাই উঠিল, ''তেঁওলোকৰ কথা নক'ব, সেইবোৰ বিধায়কৰ ফেক্টৰি, তেঁওলোকে সেয়া উত্পাদন কৰে।''

প্ৰতি একৰ কুঁহিয়াৰৰ খেতিত বছৰি ১৮০ একৰ ইঞ্চি পানী ব্যৱহাৰ কৰা হয়। অৰ্থাত প্ৰায় ১৮ মিলিয়ন লিটাৰ, তাকো স্বাভাৱিক বৃষ্টিপাত নধৰাকৈ। এক একৰ হাইব্ৰিড জোৱাৰ খেতিত অতিবেছি তাৰে ১০ শতাংশ পানী লাগে। বহু লোকে কুঁহিয়াৰৰ খেতিৰ কথাক লৈ আক্ৰমণ কৰা নাই। কুঁহিয়াৰ খেতিৰ বাবে পানী থকা এলেকাত সেয়া উত্পাদন কৰক, তেঁওলোকে কয়- জলসংকট থকা এলেকাত নহয়। কুঁহিয়াৰ মাত্ৰ ৪ শতাংশ মাটিত কৰা হৈছে, কিন্তু ৰাজ্যখনৰ ৭০ শতাংশ জলসিঞ্চনৰ পানী সেই খেতিত ব্যয় হয়।

"আমাৰ এই কুঁৱা বিগত ছটা দশকত কেতিয়াও শুকোৱা নাই," মহাবালেশ্বৰত ইউনুচ নালাবান্দে কয়। ৰোশান আৰু তেঁও ষ্ট্ৰবেৰী চিঙা কামত যতি পৰা নাই। মহাৰাষ্ট্ৰৰ মহাবালেশ্বৰত দেশখনৰ প্ৰায় ৮০ শতাংশ ষ্ট্ৰবেৰী উত্পাদন হয়। তেঁওলোকে আমাক কেইটামান ষ্ট্ৰবেৰী হাতত তুলি দিলে আৰু কেইটামান মালবেৰী ফলো দিলে।

আমাৰ পৰা খুব বেছি ১০০ গজ দুৰৈত সেয়া কৃষ্ণামাই মন্দিৰ য'লৈ তেঁওলোকে বিনামুলীয়া পানী যোগান ধৰে। আমাৰ পিছফালে সেয়া তিনি একৰ মাটি য'ত তেঁওলোকে এতিয়াও খেতি কৰে। কিন্তু পানী শেষ হৈ আহিব ধৰা এনে সময়ত হয়তো তেঁওলোকৰ সেই খেতিও বিটলচৰ সেই নষ্টালজিক গীতটোৰ দৰে হৈ পৰিব, 'ষ্ট্ৰবেৰী ফিল্ডচ্ ফৰেভাৰ'।

PHOTO • P. Sainath

ইউনুচ আৰু ৰোশানে খৰাং বতৰতো খেতি কৰিবলৈ পৰিশ্ৰম কৰিছে, কিন্তু যি অকণমান পানী তেঁওলোকে নিজৰ দমকলৰ পৰা পায় তাৰে পৰাই কৃষ্ণামাই মন্দিৰলৈও দিছে

অনুবাদঃ পংকজ দাস

পংকজ দাস এগৰাকী সাংবাদিক, অনুবাদক আৰু অসমীয়া নিউজ পৰ্টেল newsnextone.com ৰ সহ-প্ৰতিস্থাপক। যোগাযোগৰ ইমেইল আইডি [email protected]

পি সাইনাথ পিপল’ছ আৰ্কাইভেল অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰতিষ্ঠাপক সম্পাদক।‘এভ্ৰিবডী লাভছ আ গুড ড্ৰট’ ৰ লেখক সাইনাথে কেবাদশক ধৰি গ্ৰাম্য সাংবাদিকতা কৰি আহিছে।তেখেতৰ

Other stories by P. Sainath