মই মোৰ জীৱনত নদীখনক এনে প্ৰচণ্ড মুৰ্ত্তি ধৰা কেতিয়াও দেখা নাছিলো, ৫৫ বৰ্ষীয় চাকুবাঈ ৱাঘে কয়। সিদিনা ৪ আগস্ত আছিল। দহমান বাজিছিল। তাইৰ ২০ বছৰীয়া পুত্ৰ মনোজ ঘৰতে আছিল। বাহিৰত তীব্ৰ বৰষুণ দি আছিল, তাই মনত পেলালে। ‘হঠাতে বানপানীৰ ঢল আমাৰ পজাত সোমাল। মুহূৰ্ততে আমাৰ ডিঙিলৈকে পানী ভৰি পৰিল। ইজনে সিজনৰ হাতত ধৰি থাকিলো। কিন্তু ক্ষণিকতে অহা ঢলে মোৰ কষ্টোপাৰ্জিত ধনকে ধৰি লাগতিয়াল সকলো বস্তু উটুৱাই লৈ গ’ল।’

সেই শ্বাসৰুদ্ধকৰ ২০ মিনিটৰ পাছত চাকুবাঈ আৰু মনোজ কোনো মতে ওচৰৰে ৰাষ্ট্ৰীয় ঘাইপথত উঠিল। তাৰপৰাই অসহায় হৈ নৈৰ ধ্বংসলীলা চাই ৰ’ল। সিদিনা ৰাতিপুৱা বৈতৰ্ণা নৈৰ পানীয়ে তেওঁলোকৰ লগতে মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ ৱাডা তালুকৰ গেটচ্ খুৰ্দ গাঁৱৰ আন ২৪ ঘৰ মানুহক আশ্ৰয়হীন কৰি পেলালে। সন্ধিয়ালৈ লাহে লাহে পানী কমিল।

চাওক, এয়াই মোৰ সংসাৰ। নৈৰ পাৰত থকা ভগা জুপুৰীটোলৈ দেখুৱাই চাকুবাইয়ে ক’লে। বোকামাটিৰ ওপৰত ঘৰৰ ভগা চালিখনৰ জকাটো ওলাই আছে, টাৰ্পলিনৰ টুকুৰা আদি পৰি আছে। বোকাত পৰি থকা গেলিবলৈ ধৰা চাউল, পিয়াজ, আলুৰ দুৰ্গন্ধ নাকত লাগিছে। ‘এই গন্ধ মোৰ সহ্য নহয়, ওকালি আহে,’ চাকুবাঈয়ে কয়।

PHOTO • Rishikesh Wagh
PHOTO • Jyoti Shinoli

বিধ্বস্ত ঘৰটোৰ অৱশিষ্টবোৰৰ মাজত মনোজ ৱাঘ। সোঁফালেঃ ৱাঘৰ দেউতাক পৰশুৰামৰ সৈতে পৰিয়ালটোৰ বাবে অনা বৰষুণে নষ্ট কৰা ৰচদ-পাতি

সেই বানৰ দহ দিন পাছত, ১৩ আগস্তৰ দিনা তাইৰ গিৰীয়েক পৰশুৰামে (৫৮) মোক এটা এলুমিনিয়াৰ পাত্ৰত ৰখা সেমেকি যোৱা চাউলখিনি দেখুৱালে। ‘এয়া আমাৰ এমাহৰ ৰেচন আছিল। আমাৰ ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, সা-সামগ্ৰী, কাপোৰ-কানি সকলো গ’ল,’ তেওঁ কৈ গ’ল। ‘মাত্ৰ এই তিনিখন গধাৰি ৰৈ গ’ল।’ গধাৰি তিনিখন শুকুৱাবলৈ ৰছীত আঁৰি থোৱা আছে।

আমি নৈপৰীয়া মানুহ। প্ৰতি বছৰে বাৰিষাৰ সময়ত পানী বাঢ়ে, পৰশুৰামে কয়। ‘পানী আহি ঘৰৰ দুৱাৰ পায়, কিন্তু কেতিয়াও ভিতৰত নোসোমায়। কেইঘণ্টামানতে শুকাই যায়। মাত্ৰ এবাৰেই ২০০৫ চনত পানী আমাৰ পঁজাত সোমাইছিল, কিন্তু আঠুলৈকে পানী উঠিছিল আৰু সেই বানে আমাৰ পঁজাবোৰ ভাগি পেলোৱা নাছিল। কিন্তু এই বছৰৰ বান বিধ্বংসী আছিল।’

পৰশুৰাম আৰু চাকুবাঈ কাটকাৰি জনগোষ্ঠীৰ লোক। এই জনগোষ্ঠীটোক মহাৰাষ্ট্ৰৰ বিশেষভাবে বিপন্ন জনজাতীয় গোট বুলি সূচীবদ্ধ কৰা আছে। এই জনগোষ্ঠীৰ লোকে দিনে ১৫০ টকা হাজিৰাতে কৃষিশ্ৰমিক হিচাপে কাম কৰে। ঘৰ ভাগি যোৱাত সিঁহত দুজন চাকুবাইৰ একেখন গাঁৱতে নৈৰ বিপৰীত পাৰত থকা ভায়েকৰ ঘৰত আশ্ৰয় ল’লে। গেটচ্ কুৰ্দ গাওঁখন বৈতৰ্ণা নৈয়ে দুটা ভাগত ভাগ কৰিছে। পূৱ পাৰত থকা বেছিভাগেই পকা ঘৰ। সিটো পাৰত সেয়ে বানৰ পৰা ক্ষতি হোৱা নাই। গাওঁখনত ২০১১ৰ লোকপিয়ল মতে জনসংখ্যা ৮৮১, তাৰে ২২৭ সংখ্যক লোক জনজাতীয়।

PHOTO • Jyoti Shinoli
PHOTO • Jyoti Shinoli

কবিতা ভইৰে বানৰ কবলৰ পৰা বচোৱা ৰন্ধনৰ কেইপদমান সামগ্ৰী চিজিল কৰিছে। সোঁফালেঃ এতিয়া শেষ হৈ আহিবলৈ ধৰা ৰেচনক লৈ কবিতা চিন্তাত পৰিছে

‘আমাৰ নিজা মাটি নাই। উপাৰ্জন বুলিবলৈ দিন হাজিৰাই উপায়,’ ওচৰৰে জুপুৰীত থকা ৩৫ বৰ্ষীয় কবিতা ভইৰে কয়। ‘আমি জুন-জুলাই মাহত ২০ হাজাৰ মান উপাৰ্জন কৰিছিলোঁ। (প্ৰত্যেকৰে ভাগত ২০০ টকাকৈ পৰিছিল, কবিতা আৰু তাইৰ গিৰীয়েকৰ উপাৰ্জন প্ৰতিদিনে গাইপতি ৫০ টকা আছিল )। শস্য সিঁচাৰ পাছত আমাৰ উপাৰ্জন কমি যায়। মই দাইলৰ টেমাত ১০ হাজাৰ টকা জমা কৰি থৈছিলো। বেছি টান পৰিলে সেইখিনি টকা ব্যৱহাৰ কৰিবলৈ থৈছিলো। কিন্তু এতিয়া একোকে নাই...’

কবিতা আৰু কেশৱে তাইৰ ভায়েকৰ গাঁৱলৈ (নৈখনৰ সিটো পাৰে থকা) গৈছিল। তাতে তেওঁৰ এক একৰ খেতিমাটিত লাগি দিব। ‘বান আহিছে বুলি আমি খবৰ পাইছিলো,’ তাই কয়। ‘পিছদিনা আহি দেখিছিলো, আমাৰ ঘৰৰ ইকৰাৰ বেৰ এখন ভাঙি পৰি আছিল। আঠুলৈকে বোকা আছিল।’ ভইৰে পাছৰ দুটা দিন একেৰাহে বাল্টিৰে বোকা আঁতৰাই অৱশিষ্ট সা-সামগ্ৰীবোৰ চিজিল কৰিলে। কাপোৰৰ এটা মোনা, প্লাষ্টিকৰ টেমা, এটা ষ্টীলৰ টেমা, ২-৩ খন ষ্টীলৰ প্লেট, কেইখনমান বিচনা চাদৰ- এই সকলোবোৰ বোকাত পোত গৈছিল। ‘সকলোবোৰ ধুই-পখালি আমি ব্যৱহাৰ কৰাত লাগিলো। মোৰ ল’ৰাটোৰ কিতাপ-বহী সকলো বোকাত পোত গৈ আছিল। সেইবোৰ চৌকাত দি শুকালো,’ খালি পাকঘৰটোৰ ফালে চাই তাই কৈ গ’ল। পাকঘৰৰ বস্তু-বাহিনীবোৰ বানে উটুৱাই লৈ গ’ল।

‘পঞ্চায়তৰ মানুহে আৰু কেইগৰাকীমান সমাজকৰ্মীয়ে আমাক অলপ ৰেচন দিলে। কিন্তু তালুক (ৱড়া টেহচিলদাৰৰ কাৰ্যালয়)ৰ পৰা এতিয়ালৈকে কোনোৱেই পঞ্চনামা (অনুসন্ধানমূলক প্ৰতিবেদন) প্ৰস্তুত কৰিবলৈ অহা নাই আৰু আমাক সিকি এটাও দিয়া নাই,’ কেশৱে কয়। ‘আমাৰ মানুহবোৰে ইয়াত আজোককাৰ দিনৰে পৰাই বসতি কৰি আহিছে,’ কবিতাই কয়। ‘চৰকাৰে আমাক থাকিবলৈ নিৰাপদ ঠাই এটুকুৰা দিয়া উচিত। আকৌ বান আহিলে আমি কি কৰিম?’

বানৰ এদিন পিছত, ৫ আগস্তৰ দিনা গেটচ্ খুৰ্দ গাঁৱৰ পঞ্চায়তে গাওঁখনৰ ২৫ টা পৰিয়ালক পৰিয়ালে প্ৰতি পাঁচ কিলোগ্ৰাম চাউল, পাঁচ কি.গ্ৰা. গমৰ ময়দা, দুই কি.গ্ৰা. দাইল, দুই কি.গ্ৰা. চেনী, ২৫০ গ্ৰা. চাহপাত, আধালিটাৰৰ দুটা তেলৰ পেকেট, এপেকেট নিমখ আৰু অলপ জলকীয়া গুড়ি আৰু হালধি গুড়ি দিছিল। ‘সেইখিনি ৰেচন এতিয়া শেষ হ’বৰ হ’ল,’ কবিতাই কয়।

PHOTO • Jyoti Shinoli
PHOTO • Rishikesh Wagh

বানৰ পিছত গেটচ খুৰ্দ গাঁৱৰ কাষেৰে বৈ যোৱা বৈতৰ্ণা নৈখন। সোঁফালেঃ বানৰ আগদিনা সেই একেখন নৈ

আগস্তৰ ৪ আৰু ৫ তাৰিখৰ ধাৰাসাৰ বৰষুণে ৱড়া তালুকৰ ৫৭ খন গাঁৱৰ ক্ষতিসাধন কৰিছে, টেহচিনদাৰ দীনেশ কুঢ়াৰে এই প্ৰতিবেদকক কয়। বৈতৰ্ণা নৈৰ পাৰত থকা গেটচ্ খুৰ্দ, বৰান্দে, কাৰাঞ্জে, নানে আৰু গৰ্হে গাঁও আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। ১ৰ পৰা ৭ আগস্তৰ সময়চোৱাত পালঘৰত বৃষ্টিপাতৰ পৰিমাণ আছিল ৭২৯.৫ মি.মি.। স্বাভাবিকতে সেই সপ্তাহত স্বাভাৱিক বৃষ্টিপাত ২০৪ মি.মি.হে।

গেটচ্ খুৰ্দ গাঁৱৰ পৰা সাত কিলোমিটাৰ মান দূৰত্বত ১২৬ ঘৰ পৰিয়াল, ৪৯৯ জনসংখ্যাৰ (২০১১ৰ লোকপিয়ল মতে) বৰান্দে গাঁওখন ৪ আগস্তৰ দিনা সম্পূৰ্ণৰূপে বানত বুৰ গৈছিল। কেৱল ঘৰৰ চালি আৰু বৈদ্যুতিক খুঁটাহে দৃশ্যমান হৈ আছিল। এতিয়া প্ৰতিটো পকীঘৰত পানী কিমানলৈকে উঠিছিল, তাৰে চিন এৰি গৈছে। আনফালে ইকৰাৰ বেৰ দিয়া কেঁচা ঘৰবোৰ ভাঙি গৈছে।

‘সিদিনা পুৱা ৬ বাজিছিল। বিচনা চাদৰখনত পানী লগা যেন পালো। সাৰ পাই দেখিলো যে ঘৰৰ ভিতৰত পানী সোমাইছে। প্ৰাণ বচাবলৈ মই ল’ৰা-ছোৱালীকেইটা আৰু ঘৈণীক লৈ কোমোমতে ওলাই আহিলো। তাৰ পিছত এটা ডাঙৰ ঢল এটা আহি আমাৰ ঘৰত ঠেকা খালে। সেই ঢলতেই আমাৰ সকলোবোৰ উটি-ভাহি গ’ল, একো বচাব নোৱাৰিলো,’ ৪৫ বৰ্ষীয় অনিল ৰাজকাৱাৰে কয়। ‘পানীয়ে একোৰ চিন-চাব নাইকিয়া কৰিলে। পানী কঁকাললৈ উঠিল, সকলোৱে ঘৰ এৰিবলগীয়া হ’ল। সকলোতে হুৱা-দুৱা লাগিল...।’

অনিল, তেওঁৰ ৩২ বৰ্ষীয় পত্নী পাৰ্বতী, সিহঁতৰ ল’ৰা-ছোৱালীকেইটাই অইন বহুতৰে লগত আধা ঘণ্টা বাট পানী কাটি আহি গাঁৱৰ বাহিৰৰ খালী ঠাই এটুকুৰাত উঠিল। বহুতেই পানী নকমালৈ তাতেই টিনৰ চালি দিয়া ঘৰ এটাত দুদিন বাট চালে। সাধাৰণতে অনিল আৰু পাৰ্বতীয়ে দিনে ১৫০ টকাকৈ মজুৰীত বছৰি আঠ মাহ কাম কৰে। গাঁৱৰ ১০২টা পৰিয়ালে কিছু সহায় পাইছে, টেহচিলদাৰ দীনেশ খুৰ্হাদে কয়। অৱশ্যে সেই তালিকাত অনিলৰ পৰিয়াল নাম এতিয়ালৈ নাই।

PHOTO • Jyoti Shinoli
PHOTO • Jyoti Shinoli

ময়ুৰী হিলীম আৰু তাইৰ ভায়েকক সিহঁতৰ ঘৰৰ সমুখত দেখা গৈছে, ঘৰটোৰ বেৰ এখন খহি গৈছে। সোঁফালেঃ অনিল ৰাজকাৱাৰে তেওঁৰ ঘৰৰ ভগ্নাৱশেষৰ সমুখত থিয় দিছে

‘ভাগ্যে, বৰান্দেত সকলো নিৰাপদ আছিল। গুদাম এটাত আমি দুদিন কটাইছিলো। কিছুমান সমাজকৰ্মীয়ে আমাক পানী আৰু খোৱা বস্তু দিলে। পানী কমিবলৈ ধৰাত আমি আমাৰ ঘৰলৈ উভতি গ’লো। বোকাই সকলোবোৰ পুতি পেলাইছিল। ঘৰটোৰ এখন বেৰ খহি গৈছিল,’ ৩২ বৰ্ষীয় ময়ুৰী হিলীমে কয়। তাই জুনৰ পৰা ছেপ্তেম্বৰ মাহলৈ কৃষি শ্ৰমিক হিচাপে কাম কৰি দিনে ১৫০ টকাকৈ পায়, আৰু তাৰ পাছত তাইৰ পৰিয়ালটোৱে ইটাৰ ভটাত কাম বিচাৰি সেই ঠাইৰ পৰা প্ৰায় ৭০ কিলোমিটাৰ দুৰৰ দাহানু তালুকলৈ যায়।

‘৩ আৰু ৪ আগস্তত, ৱড়া তালুকত দুটা দিনত ৪০০ মি.মি. বৃষ্টিপাত (সৰ্বমুঠ) হৈছিল। ফলত বৈতৰ্ণা নদী ওফন্দি উঠে। ৪ আগস্তৰ দিনা সাগৰত প্ৰৱল ধুমুহা আহে আৰু সাগৰে নৈৰ অতিৰিক্ত পানী নোলোৱাৰ ফলত সেই পানী আহি গাওঁবোৰত সোমায়,’ টেহচিলদাৰ দীনেশ খুৰ্হাদে কয়। সেই দিনকেইটাত তালুকটোত জীৱ-জন্তু আৰু মানুহৰ একো ক্ষয়-ক্ষতি হোৱা নাই। গঞাক সাহায্য দিয়া কাম চলি আছে।’

বৈতৰ্ণা নদীৰ পানী এতিয়া শান্ত হৈ বৈছে। কিন্তু চাকুবাঈৰ উদ্বিগ্নতাৰ অন্ত নাই, তাই প্ৰশ্ন কৰিছে, ‘নৈখনৰ আকৌ খং উঠে যদি?’

PHOTO • Jyoti Shinoli

গেটচ্ খুৰ্দ গাঁৱৰ কাটকাৰি আদিবাসীসকলে বানত নিজৰ ঘৰ-বাৰী সকলো হেৰুৱাইছে

Jyoti Shinoli is a Senior Reporter at the People’s Archive of Rural India; she has previously worked with news channels like ‘Mi Marathi’ and ‘Maharashtra1’.

Other stories by Jyoti Shinoli
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das