'সুৰাৰ বিপণী চাহৰ দোকানৰ দৰে সকলোতে বিয়পি পৰিছে। প্ৰথমাৱস্থাত বিপণীবোৰ দুৰে দুৰে আছিল, বিপণীলৈ যোৱাটো সিমান সহজ নাছিল। কিন্তু এতিয়া এখন দোকান ইয়াৰ পৰা তিনি কিলোমিটাৰ দুৰতে বহিছে। আপুনি নিজে খোজকাঢ়ি নাযায় যদি, অটোৰিক্সা চালকে আপোনাৰ ঘৰত দি থৈ যাবহি।’

সেয়ে আজি ১৮ এপ্ৰিলত কট্টুনায়কন জনগোষ্ঠীৰ ৩২ বৰ্ষীয় এম. ভি. শান্তিনীয়ে লোকসভা নিৰ্বাচনত ভোট দিয়াৰ কাৰণে জনশূন্য বোকা-পানীৰে ভৰা কদৰ্য ৰাস্তাটোৰে দুই কিলোমিটাৰ বাট বাই নিজৰ ঘৰৰ পৰা চৰকাৰী স্কুললৈ যাব, তেতিয়া তেঁও এটা কথাৰ বাবেই অনুৰোধ জনাবঃ 'আপুনি যদি চৰকাৰ গঠন কৰে তেন্তে অনুগ্ৰহ কৰি সুৰাই থান-বান কৰা পৰিয়ালবোৰৰ শান্তি ঘুৰাই আনে যেন।’

১৫-১৭ ঘৰ পৰিয়াল থকা মাছিকোল্লীৰ নিবাসী শান্তিনীয়ে কয় যে নিৰ্বাচনত প্ৰাৰ্থী কোন উঠিছে তাই নাজানে। মুদুমলাই ব্যাঘ্ৰ সংৰক্ষিত এলেকাৰ দাঁতিতে থকা গুডালুৰ খণ্ডৰ দেবৰশৌলা নগৰ পঞ্চায়তৰ অধীনত নীলগিৰি লোকসভা সমষ্টিত তেঁওৰ ঘৰ পৰে। ২০১৪ত এইটো সমষ্টিত ভোটদাতাৰ সংখ্যা (পঞ্জীয়ন থকা) প্ৰায় ১২.৭০ লাখ আছিল।

কিন্তু শান্তিনীয়ে এই কথা লৈ স্পষ্ট যে জয়ী প্ৰাৰ্থীজনে তেঁওলোকৰ জীৱন উন্নত কৰিবলৈ কি কৰিব পাৰে। ৰাজ্যৰ নিম্ন আয়সম্পন্ন পৰিয়ালৰ অইন বহু মহিলাৰ দৰে শান্তিনীয়েও বৰমতা দেখুওৱা সুৰাৰ পৰা যাতনা ভুগিবলগীয়া হৈছে। তামিলনাডুৰ ৰাজ্যিক বিপণন নিগম (Tamil Nadu State Marketing Corporation চমুকৈ TASMAC)এ ২০০২ৰ পিছৰেপৰা ৰাজ্যখনত সুৰাৰ পাইকাৰী আৰু খুচুৰা বিক্ৰীৰ একাধিকাৰ ৰাজত্ব কৰি আহিছে।

'আমাৰ গিৰিবোৰৰ বেছিভাগেই খেতিপথাৰত হাজিৰা কৰে, মজুৰীৰ আটাইখিনি টকা মদ খাই শেষ কৰে। হাজিৰা কৰি পোৱা ২৫০ টকাৰে মদ খোৱাৰ পিছত পৰিয়ালৰ কাৰণে খাদ্যৰ যোগাৰ কৰাৰ পইছা নাটে। তেতিয়াই ঘৰত পৰিস্থিতি ভয়ানক হৈ পৰে,’ পানীত হাঁহ নচৰা অৱস্থা হোৱা শান্তিনীয়ে কয়। তাই নিজৰ তিনিটা সন্তানৰ চোৱা-চিতাতে দিনটো কটায়, ডাঙৰটো ল’ৰাৰ বয়স ১০ বছৰ।

Like many lower income women in the state, Shantini is aggrieved by the mushrooming of  government owned liquor stores or TASMACs, as they are popularly called in Tamil Nadu
PHOTO • Vishaka George
Shantini, 32 (left), is a Kattunayakan adivasi who lives with her relatives in Machikoli, a village in Devarshala taluk right next to the Mudumalai Tiger Reserve in Tamil Nadu’s mountainous Nilgiris district.
PHOTO • Vishaka George

কট্টুনায়কন জনগোষ্ঠীৰ শান্তিনীয়ে কয়, 'অনুগ্ৰহ কৰি সেই পৰিয়ালবোৰলৈ শান্তি ঘুৰাই আনক যি শান্তি বটলৰ কাৰণে থান-বান হৈ গৈছে

'জনজাতীয় লোকে ধান, চাউল আৰু ফলৰ পৰা নিজাকৈ সুৰা প্ৰস্তুত কৰে। কিন্তু অবৈধ সুৰাৰ ওপৰত চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰাৰ পিছৰেপৰা জনজাতীয় লোকে তাচমেকৰ ওপৰত নিৰ্ভৰশীল হ’বলগীয়া হ’ল। আজিৰ তাৰিখত গাঁৱৰ তেনে এলেকাতো তাচমেক আছে, যিবোৰ জনজাতি অধ্যূষিত এলেকাৰ গাতে লাগি আছে,’ চেন্নাইৰ এক সমাজকৰ্মী এ. নাৰায়ননে কয়। তেঁও ১৫ বছৰ ধৰি তামিলনাডুত সুৰা আৰু মাদক দ্ৰব্যৰ সেৱন বিষয়ক সমস্যাৰ সমাধানৰ দিশত কাম কৰি আছে।

তাচমেকৰ ৱেবচাইটত প্ৰকাশিত তথ্য মতে এই বিপণীবোৰৰ পৰা ২০১৬-১৭ বৰ্ষত সৰ্বমূঠ ৰাজহ ৩১,৪১৮ কোটি হৈছিল। 'ৰাজ্যখনৰ আয়ৰ ভিতৰত এয়া অতিশয় ভাল অৰিহণা। মই নাভাবো যে শাসনলৈ অহা কোনো দলেই সম্পূৰ্ণৰূপে সুৰা নিষেধ কৰিব,’ মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ কে. চন্দ্ৰুৱে কয়।

তামিলনাডুত তাচমেক স্বতন্ত্ৰ বিপণী হিচাপে আছে নাইবা ৰাজ্য চৰকাৰৰ দ্বাৰা নিলাম কৰা বাৰবোৰৰ গাতে লাগি থাকে। 'বাৰ চলাবলৈ অনুমতি দিয়াৰ ক্ষেত্ৰত মেৰপেচ বহুত আৰু সৰহসংখ্যকেই শক্তিশালী স্থানীয় ৰাজনৈতিক নেতাৰ হাতত আছে,’ ন্যায়াধীশ চন্দ্ৰুৱে কয়।

নিচাসক্তি আৰু কুপ্ৰয়োগ আদি নিয়ন্ত্ৰণ কৰিবলৈ কোনোধৰণৰ প্ৰতিবন্ধকতামূলক পদক্ষেপ চৰকাৰে লোৱা নাই, নাৰায়ননে কয়। 'তাচমকৰ পৰা পোৱা ৰাজহৰ বাবেই চৰকাৰ এই বিষয়ত নিমাত, এই কথা স্পষ্ট। সুৰাৰ পৰা হোৱা ধ্বংসকাৰী প্ৰভাৱে উন্নয়নৰ বাটত হেঙাৰ হৈ পৰিছে যদিও চৰকাৰে তাচমেকবোৰ বন্ধ হোৱাটো নিবিচাৰে।’

ৰাজ্য চৰকাৰৰ ২০১৯-২০২০ৰ বাজেট অনুসাৰে তামিলনাডুত এতিয়া ৫,১৯৮খন তাচমেক আছে। ভাৰতত নিৰ্মিত বিদেশী সুৰা, আইএফএমএল বিক্ৰেতা হিচাপে থকা ৭,৮৯৬ খন ক্ষুদ্ৰ তাচমেকৰ সংখ্যা এতিয়া কমি আহিছে। চৰকাৰে কৰা দাবী মতে ৰাজ্যত সুৰাৰ পৰা সৃষ্ট সমস্যা নিয়ন্ত্ৰণৰ কাৰণে এনেধৰণৰ তাচমেকবোৰ বন্ধ কৰি দিয়া হৈছে, কিন্তু ন্যায়াধীশ চন্দ্ৰুৱে ভিন্ন কাৰণ আঙুলিয়াই দিছে। ইয়াতে ২০১৭ৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ য’ত কোৱা হৈছিল যে ৰাষ্ট্ৰীয় ঘাইপথৰ ৫০০ মিটাৰৰ ভিতৰত বিপণী খুলিব নোৱাৰিব। 'কিন্তু ৰাজ্য চৰকাৰে কিছুমান ৰাজপথৰ নাম সলনি কৰি সৰ্বোচ্চ ন্যায়ালয়ৰ আদেশত সুৰুঙা উলিয়াই নিৰ্দেশ আওকাণ কৰিলে,’ অৱসৰপ্ৰাপ্ত ন্যায়াধীশজনে কয়। 'বাস্তৱতঃ এনে বিপণীৰ সংখ্যা ১০ শতাংশহে হ্ৰাস হৈছে কিয়নো সুৰুঙা পাই ভালেমান বিপণী পুনৰাই খোলা হ’ল।’

কিছুমান তাচমেক স্কুল-কলেজ আৰু পুজাথলীৰ কাষতে আছিল। 'আইনবিৰুদ্ধ হোৱা হেতুকে সেই বিপণীবোৰ বন্ধ কৰিবলগা হ’ল,’ নাৰায়ননে কয়।

Shantini, 32, is a Kattunayakan adivasi who lives in Machikoli, a village in Devarshala taluk right next to the Mudumalai Tiger Reserve in Tamil Nadu’s mountainous Nilgiris district.  The route to her home is a narrow, steep and winding mud road that runs for two kilometers.
PHOTO • Vishaka George
Shantini, 32 (left), is a Kattunayakan adivasi who lives with her relatives in Machikoli, a village in Devarshala taluk right next to the Mudumalai Tiger Reserve in Tamil Nadu’s mountainous Nilgiris district.
PHOTO • Vishaka George

বাওফালেঃ মছিকৌল্লিৰ বস্তি অঞ্চলৰ দিশে যোৱা বোকা-পানীৰে কদৰ্য অৱস্থাৰ ৰাস্তাটো। 'আমাৰ জীৱনবোৰ অস্বিত্বৰ যুঁজতেই কেন্দ্ৰীভূত। লঘোনে থাকিবলগা যাতে নহয় তাৰেই চেষ্টা কৰোঁ,’ কুল্লীয়ে কয়

দৰাচলতে শান্তিনীৰ দৰে গাঁৱৰ মহিলাৰ বাবে সুৰাৰ পৰা হোৱা সমস্যাৰ বিষয়টো লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ কাৰণে কোনো ইচ্ছ্যুৱেই নহয়। টু-জি কেলেংকাৰীত অভিযুক্ত হোৱা স্বত্বেও মুকলি আকাশৰ তলত থকা প্ৰাক্তন কেন্দ্ৰীয় টেলিকম মন্ত্ৰী এ. ৰাজা নীলগিৰিৰ পৰা দ্ৰাৱিড় মুনেত্ৰা কড়গম (ডিএমকে)ৰ হৈ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে। এম. ত্যাগৰাজন অল ইণ্ডিয়া অত্ৰা দ্ৰাৱিড় মুনেত্ৰা কড়গম (এআইএডিএমকে)ৰ প্ৰাৰ্থী। অশোক কুমাৰ বহুজন সমাজ পাৰ্টিৰ প্ৰাৰ্থী।

বাতৰি কাকতৰ প্ৰতিবেদন অনুসাৰে ডিএমকেৰ ঘোষণা পত্ৰত ৰাজনৈতিক দলবোৰে ভালেমান প্ৰতিশ্ৰুতি কৰিছে, তাৰে ভিতৰত কেইটামান হৈছেঃ দৰিদ্ৰ সীমাৰেখাৰ তলত জীৱন যাপন কৰা প্ৰত্যেক পৰিয়ালৰ মহিলাক ব্যৱসায় আৰম্ভ কৰিবলৈ ৫০ হাজাৰ টকা দিয়া হ’ব, ৫০ লাখ লোকক ব্যক্তিগত কোম্পানীত মাহে ১০ হাজাৰ টকাৰ চাকৰি দিয়া হ’ব। আকৌ এমজিএনৰেগাৰ অধীনত কৰ্মদিনৰ সংখ্যা ১৫০ দিনলৈ বঢ়াই দিয়া হ’ব

বাতৰি কাকতৰ প্ৰতিবেদনত কোৱা হৈছে যে এআইএডিএমকে-এ দৰিদ্ৰতা নিৰ্মূল আঁচনি আৰম্ভ কৰিবলৈ বিচাৰে, যাৰ অধীনত দৰিদ্ৰ সীমাৰেখাৰ তলৰ নাগৰিক, আশ্ৰয়হীন মহিলা, আয়বিহীন বিধৱা মহিলা, ভিন্নভাবে সক্ষম লোক, ভূমিহীন কৃষিশ্ৰমিক, শাৰিৰীক শ্ৰম কৰা গ্ৰামীণ আৰু নগৰী শ্ৰমিক, নিৰাশ্ৰয় জ্যেষ্ঠ নাগৰিক আৰু অনান্যসকললৈ মাহে পোনপটীয়াকৈ ১৫০০ টকা পঠিওৱা হ’ব।

'সুৰা নিষেধ কৰাৰ বিষয়ত প্ৰাৰ্থীবোৰে মাত মতা নাছিল আৰু বিধানসভা উপ-নিৰ্বাচন (২২ খন আসনৰ কাৰণে ৰাজ্যৰ অইন অঞ্চলত, নীলগিৰিৰ বাদে)ৰ প্ৰাৰ্থীয়েও একো কোৱা নাছিল। দৰাচলতে এয়া নিৰ্বাচনৰ ইচ্ছ্যুৰ শাৰীতেই নপৰে। হয়তো কোনোবা প্ৰাৰ্থীয়ে জয়ী হোৱাৰ পিছত এই সমস্যাবোৰ সাৰ্বজনিক ৰূপত সদনত উত্থাপন কৰিব পাৰে,’ প্ৰাক্তন ন্যায়াধীশ চন্দ্ৰুৱে কয়।

কিন্তু যিসকলে সুৰাৰ ফলত সৃষ্টি হোৱা বিপৰ্যয়ৰ মাজেৰে দিন কটাবলগীয়া হৈছে, তেঁওলোকৰ কাৰণে এয়া এক ভয়ংকৰ বিপদ যাৰ তেঁওলোকে প্ৰতিদিনে সমুখীন হ’বলগীয়া হয়। 'ভালকৈ খাবলৈ নোপোৱাৰ কাৰণে আমাৰ ল’ৰা-ছোৱালী প্ৰায়ে বেমাৰত পৰে। বেমাৰত পৰিলে চিকিৎসালয়লৈও নিব নোৱাৰো, চিকিৎসাৰ খৰছ কোনে বহন কৰিব?’ অসহায় শান্তিনীয়ে কয়।

শান্তিনীৰ দৰে গঞা মহিলাৰ কাৰণে সুৰাৰ ফলত হোৱা বিলাই-বিপত্তিৰ বিষয়টো লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ কাৰণে ইচ্ছ্যুৰ শাৰীতেই নপৰে

ভিডিঅ’ চাব পাৰেঃ 'কেৱল ভোটদানেই আমাৰ নিয়ন্ত্ৰণত আছে’

তেঁওলোকৰ গাঁৱৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ দুৰৈৰ গুডালুৰ চহৰত ৰাজ সাহায্যৰে পৰিচালিত অশ্বিনী স্বাস্থ্য কাৰ্যসূচীৰ জৰিয়তে জনজাতীয় লোকসকলক সেৱা প্ৰদান কৰা হয়। সংস্থাটোৰ প্ৰতিস্থাপক ড. শৈলজা দেৱীয়ে শান্তিনীৰ দুশ্চিন্তা হোৱাটো স্বাভাৱিক বুলি ভাবে। 'যোৱা কেইটামান বছৰত সুৰাপানৰ ফলত ৰোগীৰ সংখ্যা লক্ষণীয় হাৰত বাঢ়িছে।’ তেঁও কয় যে তালৈ যোৱা প্ৰতি তিনিগৰাকী মহিলাৰ মাজত এগৰাকীয়ে সুৰাৰ ফলত সৃষ্টি হোৱা সমস্যাত আক্ৰান্ত। অৱসাদগ্ৰস্ততা আৰু চিন্তান্বিত হোৱাটো এই সমস্যাৰ শাৰীত পৰে। এনে ঘটনা বৃদ্ধি পোৱাৰ কাৰণে জনজাতীয় গোষ্ঠীবোৰৰ মাজত সুৰা সেৱনৰ পৰিমাণ, মাতৃৰ অৱসাদ আৰু শিশুৰ অপুষ্টিৰ মাজত সম্বন্ধ সংক্ৰান্তত চিকিৎসালয়খনক অধ্যয়ন কৰিবলৈ উৎসাহিত কৰে। ড. দেৱীয়ে কয় যে একাংশ মহিলায়ো সুৰাপান কৰে, কিন্তু তেনে মহিলাৰ সংখ্যা তেনেই কম।

'তাচমেক সকলো ঠাইতে বহিবলৈ ধৰিছে। ইয়াৰ বিৰুদ্ধে কিছু বিৰোধীতা হোৱাও দেখা গৈছে, কিন্তু আমাৰ শত্ৰু বহুত,’ তেঁও কয়।

ইফালে মাছিকোল্লীত শান্তিনীৰ খুড়ী কুল্লীয়ে নিজৰ দুকঠলীয়া ঘৰৰ বাৰান্দাত বহি থাকি কয়, 'তাচমেক থকা স্থানত ৰাস্তাৰে মহিলাই শান্তিৰে যাব নোৱাৰে। ল’ৰা-ছোৱালীও নোৱাৰে। তেঁওলোকক অশান্তি দিয়া হয় আৰু সুহুৰি মাৰি জোকোৱা হয়।’ যদি চৰকাৰে জনজাতীয় মহিলাৰ জীৱন কোনো প্ৰকাৰে উজু কৰিবলৈ বিচাৰে, তেন্তে প্ৰথমে তাচমেকৰ বিপণীবোৰ বিয়পি নপৰাটো নিশ্চিত কৰিব লাগিব।

শাসনাধিস্থ কেন্দ্ৰ চৰকাৰৰ বিষয়ে কি ভাবে সেইবিষয়ে সোধাত কুল্লীয়ে কয়, 'আমি হাবিত থাকো। আমাৰ ইয়াত টিভি কিম্বা বাতৰি কাকত নাহে। আমি তেঁওলোকৰ কথা কেনেকৈ জানিম? আমাৰ জীৱন আমাৰ অস্বিত্বৰ যুঁজতে কেন্দ্ৰীভূত। লঘোনে থাকিবলগীয়া যাতে নহয় আমি সেয়াই চেষ্টা কৰোঁ।’

এই একাষৰীয়া বস্তিটোত স্থানীয় দলৰ কোনোৱেই এতিয়ালৈ (১০ এপ্ৰিললৈ, যেতিয়া এই প্ৰতিবেদন লিখি থকা হৈছে) ইয়াতে প্ৰচাৰৰ কাৰণে অহা নাই। 'কোনোৱেও এতিয়ালৈ ইয়াতে অহা নাই। কিন্তু তেঁওলোক শীঘ্ৰেই ইয়ালৈ অহা উচিত, তেঁওলোক আহিলে আমি চাহ-বিস্কুট খাবলৈ পাম। যেন তাৰপৰা কিবা সহায়হে হয়,’ কুল্লীয়ে কয়।

চৰকাৰৰ পৰা আশা ক্ষীণ থকা স্বত্বেও আজি ১৮ এপ্ৰিলৰ দিনা শান্তিনীয়ে ভোটদান কৰিব (কুল্লীয়ে ভোট নিদিয়াৰ সিদ্ধান্ত লৈছে)। কুল্লীয়ে কিয় নিদিয়ে বুলি সোধাত শান্তিনীয়ে অলপ থমকি ৰৈ ক’লে, 'আমি জনজাতীয় মানুহে দৰাচলতে নাজানো যে  ভোট দিলে আমাৰ কি লাভ হ’ব, কিন্তু বছৰৰ পিছত বছৰ ধৰি আমি ভোট দি আহিছো, সেয়া অব্যাহত ৰাখিব লাগিব।’

অনুবাদঃ পংকজ দাস

Vishaka George

Vishaka George is Senior Editor at PARI. She reports on livelihoods and environmental issues. Vishaka heads PARI's Social Media functions and works in the Education team to take PARI's stories into the classroom and get students to document issues around them.

Other stories by Vishaka George
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das