গুলাম মহি-উদ-দিন মীৰৰ ১৩ একৰ জোৰা বাগিচাত ৩০০ৰ পৰা ৪০০ মান আপেলৰ গছ আছে। বাগিচাখনত প্ৰতিবছৰে ২০ কিলোগ্ৰাম ওজনৰ ৩৬০০ টা বাকচ ভৰাব পৰাকৈ আপেল লাগে। ‘বাকচে প্ৰতি ১০০০ টকা পাওঁ। কিন্তু এতিয়া এটা বাকচত ৫০০ৰ পৰা ৭০০মান টকাহে পাইছোঁ,’ তেওঁ কয়।

বুৰগাম জিলাৰ ক্ৰেমচোৰা গাঁৱৰ ৬৫ বৰ্ষীয় মীৰৰ দৰে কাশ্মীৰ উপত্যকাৰ ভালেমান কৃষকে গুৰুতৰ লোকচানৰ সমুখীন হৈ আহিছে। কেন্দ্ৰ চৰকাৰে ধাৰা ৩৭০ কৰ্তন কৰি ৰাজ্যখনক কেন্দ্ৰীয় শাসিত অঞ্চল কৰাৰ দিন ধৰি (৫ আগস্তৰ পৰা) আপেলৰ উদ্যোগটো গুৰুতৰ সংকটৰ গৰাহত পৰিছে।

কাশ্মীৰ উপত্যকাৰ স্থানীয় অৰ্থনীতিত ফলৰ ভূমিকা প্ৰমুখ। জম্মু-কাশ্মীৰৰ ১৬৪,৭৪২ হেক্টৰ মাটিত আপেলৰ খেতি কৰা হয়। ২০১৮-১৯ত তাৰ পৰা মুঠ উৎপাদন প্ৰায় ১৮ লাখ (১৮,৮২,৩১৯) মেট্ৰিক টন আছিল (এয়া কাশ্মীৰৰ উদ্যান শস্য সঞ্চালকালয়ৰ তথ্য )। জম্মু-কাশ্মীৰ চৰকাৰৰ উদ্যান শস্য বিভাগে ধাৰ্য কৰা মতে উদ্যান শস্য (আপেলকে ধৰি) জম্মু-কাশ্মীৰৰ ৩৩ লাখ লোকৰ জীৱিকাৰ উৎস। উদ্যান শস্য বিভাগৰ সঞ্চালক এজাজ আহমদ ভাটে সংবাদ মাধ্যমক কোৱা মতে এয়া ৮ৰ পৰা ১০ হাজাৰ কোটি টকা মূ্ল্যৰ উদ্যোগ।

অতিৰিক্তভাবে ৰাজ্যখনৰ (বৰ্তমানৰ কেন্দ্ৰীয় শাসিত অঞ্চল) বাহিৰৰ পৰা অহা শ্ৰমিকে কাশ্মীৰ উপত্যকাত বিয়পি থকা বাগিচাবোৰত কৰ্মসংস্থান লাভ কৰি আহিছে। কিন্তু অশান্ত ৰাজনৈতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আগস্তৰ প্ৰথমাৰ্দ্ধত বৃহৎ সংখ্যক শ্ৰমিকে উপত্যকা এৰি গুছি গৈছে। অক্টোবৰলৈ বহিৰাজ্যৰ পৰা আহি ট্ৰাকচালক, শ্ৰমিক হিচাপে কাম কৰা ১১ গৰাকী লোকক অভিযোগ অনুসৰি সন্দেহযুক্ত উগ্ৰপন্থীয়ে হত্যা কৰিছে। ইয়াৰ ফলত উপত্যকাৰ পৰা দেশৰ অন্য প্ৰান্তলৈ কাশ্মীৰী আপেল সৰবৰাহ কৰাতো অধিক জটিল হৈ পৰিছে।

ইফালে সকলোতে অচলাৱস্থাই বিৰাজ কৰাৰ ফলত কাশ্মীৰৰ ভিতৰতে ইখনৰ পৰা সিখন জিলালৈ যাতায়ত কৰাটো কঠিন হৈ পৰিছে। কোনোধৰণৰ যাতায়তৰ সাধন যেনে ৰাজহুৱা পৰিবহন, বাছ আৰু শ্বেয়াৰ্ড টেক্সি আদি চলা নাই।

বাগিচাৰ মালিকৰ পৰা আপেল ক্ৰয় কৰা ব্যৱসায়ীয়ে সেই আপেল দিল্লীৰ বজাৰলৈ পোনপটীয়াকৈ পঠিয়ায়। এটা বাকচত ১৪০০ৰ পৰা ১৫০০ টকা মালিকক দিয়ে। চৰকাৰী মাধ্যমেৰে বিক্ৰী কৰা সকলে ক্ৰয়ৰ বাবে অপেক্ষা কৰি থাকিবলগীয়া হৈছে। ক্ৰেতা কিছুমানে কোৱা মতে ৰাতিৰ ভিতৰতে কোনোবাই (কোনে কৰিছে সেয়া স্পষ্ট হোৱা নাই) প’ষ্টাৰিং কৰি তেওঁলোকক সকিয়াই দিছে যাতে তেওঁলোকে চৰকাৰক আপেল বিক্ৰী নকৰে।

PHOTO • Muzamil Bhat

বুৰগামৰ ক্ৰেমচোৰা গাঁৱৰ আপেল বাগিচাৰ মালিক গুলাম মহি-উদ-দিন মীৰে আপেলৰ পৰা তেওঁৰ বছৰি হোৱা আয়ৰ কোনোমতে আধা অংশহে এইবাৰ পাবলৈ সক্ষম হৈছে। ৰাজ্যখনৰ উদ্যান শস্যৰ উদ্যোগটোৰ মূল্য ৮ৰ পৰা ১০ কোটি আৰু ৰাজ্যখনৰ বাহিৰে-ভিতৰে লাখে লাখে মানুহ এই উদ্যোগটোত সংস্থাপন লাভ কৰি আহিছে

In central Kashmir, in Munipapy village of Budgam district, which I visited in mid-October, residents estimate that over 200 households own apple orchards. The traders dispatch truckloads of fresh fruit, including apples and pears, from Kashmir to Delhi’s markets through the months of July to November

অক্টোবৰৰ মাজ ভাগত মই কেন্দ্ৰীয় কাশ্মীৰৰ বুৰগাম জিলাৰ মুনিপেপি গাঁৱত গৈছিলো। তাতে ২০০ৰো অধিক পৰিয়ালৰ আপেলৰ বাগিচা আছে। ব্যৱসায়ীয়ে ট্ৰাকে ট্ৰাকে সতেজ আপেল-নাচপতি আদি জুলাইৰ পৰা নৱেম্বৰ মাহলৈ দিল্লীৰ বজাৰলৈ যোগান ধৰে

The apple business runs on informal oral agreements. In March-April, traders visit orchards to assess the flowering, and pay the orchard owner an advance based on their estimate of the produce. When the fruit is ready to be harvested, the traders return. In the current turmoil, this entire business is at risk

আপেলৰ ব্যৱসায় মৌখিক চুক্তিত অসংগঠিত ৰূপতে চলে। মাৰ্চ-এপ্ৰিল মাহত ব্যৱসায়ীয়ে বাগিচালৈ গৈ ফুলৰ অনুমান লয়। কিমান উৎপাদন হ’ব তাৰে অনুমানিক ভিত্তিত বাগিচাৰ মালিকক আগধন দিয়ে। ফল চিঙিবলৈ হোৱাৰ সময়ত ব্যৱসায়ীসকল আহে। বৰ্তমান অস্থিৰ পৰিৱেশত সমগ্ৰ উদ্যোগটো সংকটৰ গৰাহত পৰিছে

A 32-year-old trader, who asked not to be named, told me, “All my work is done on the mobile phone – calling labourers to come to the orchard, speaking with people at the sorting and packing centres, speaking to my trader contacts in Delhi, speaking to the truck drivers and transporters after dispatching the produce. When the government blocked phone networks, our day to day work was severely hit”

৩২ বৰ্ষীয় ব্যৱসায়ীয়ে (নাম প্ৰকাশ নকৰিবলৈ মোক ক’লে) কয়, ‘মোৰ সকলো কাম ম’বাইল ফোনতে হয়- বাগিচালৈ শ্ৰমিকক মতাৰ পৰা আৰম্ভ কৰি ফল বচা আৰু পেকিং চেণ্টাৰৰ কাম, দিল্লীৰ ব্যৱসায়ীৰ সৈতে কথা পতা আৰু মাল পঠিওৱাৰ পিছত ট্ৰাক চালক আৰু পৰিবহনকাৰীৰ সৈতে কথা পতা। চৰকাৰে ফোনৰ নেটৱৰ্ক নিষিদ্ধ কৰাৰ ফলত আমাৰ দৈনন্দিন কাম-কাজ স্তব্ধ হৈ পৰিল’

PHOTO • Muzamil Bhat

শ্ৰমিক তাহিৰ আহমেদ বাবাই কয় যে তেওঁ যোৱা বছৰ অস্থায়ী কামৰ বাবে দেশৰ আন চহৰলৈ গৈছিল যদিও এইবাৰ কাশ্মীৰৰ বাহিৰলৈ যোৱাটো নিৰাপদ নহয় যেন অনুভৱ কৰিছে

Apple pickers and packers say they have seen a 40-50 per cent decline in their wages amidst this crisis –from Rs. 500-600 to Rs. 250-300 a day
PHOTO • Muzamil Bhat
Apple pickers and packers say they have seen a 40-50 per cent decline in their wages amidst this crisis –from Rs. 500-600 to Rs. 250-300 a day
PHOTO • Muzamil Bhat

আপেল চিঙা আৰু পেকিং কৰা শ্ৰমিকে কয় যে এই অচলাৱস্থাৰ সময়ত তেওঁলোকৰ দৈনিক মজুৰী স্বাভাৱিকতে পোৱা দিনে ৫০০-৬০০ৰ পৰা নামি গৈ ২৫০-৩০০ হৈছেগৈ

PHOTO • Muzamil Bhat

বুৰগামৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ বাছ চালক আব্দুল ৰছিদে আগস্তত স্কুল বন্ধ হোৱাৰ দিন ধৰি এতিয়ালৈ দৰমহা পোৱা নাই। ‘আমাৰ দৰে খাটি খোৱা মানুহ কেনেকৈ চলিব? তেওঁ সোধে। ‘সেয়ে কিবা এটা উপাৰ্জনৰ আশাত আমি ইয়ালৈ আহিছো’’

PHOTO • Muzamil Bhat

বুৰগামৰ হুৰু গাঁৱৰ আন এখন বিদ্যালয়ৰ এগৰাকী বাছ চালক বছিৰ আহমেদেও আগস্তৰ পৰা এতিয়ালৈ দৰমহা পোৱা নাই। তেওঁ সেয়ে কিছু টকাৰ আশাত বাগিচালৈ আহিছে। ‘এই কামৰ বাবে মই প্ৰশিক্ষণ লোৱা নাই, ভিক্ষা মগা যেন লাগিছে,’ তেওঁ কয়। ‘আমি এই গছ বগোৱা কামটো টান পাওঁ, কিন্ত এই পৰিস্থিতিত আন কোনো বিকল্প দেখা নাই’

PHOTO • Muzamil Bhat

বসিত আহমেদ ভাটে জুন মাহত দেহৰাডুনৰ এখন মহাবিদ্যালয়ৰ পৰা প্ৰাণীবিজ্ঞান বিভাগৰ স্নাতক পাঠ্যক্ৰম পঢ়ি আহিছে। এনে অনিশ্চয়তাৰ মাজত তেওঁ কাম বিচাৰিব নোৱাৰে, বিচাৰিলেও পোৱা টান, তেওঁ কয়। তেওঁ পিতৃৰ বাগিচালৈ ঘুৰি আহিছে আৰু মই লগ পোৱা সময়ত শ্ৰমিকক আপেল চিঙাত সহায় কৰি আছিল

PHOTO • Muzamil Bhat

কাশ্মীৰৰ ভালেমান থলুৱা ব্যৱসায়ীয়ে আমাক জনালে যে দিল্লীৰ বজাৰৰ ভালেমান ব্যৱসায়ীয়ে তেওঁলোকক ফলবোৰ একেবাৰে পানীৰ দামত বিক্ৰী গতাবলৈ জোৰ দিছে। বিভাগীয় কৰ্তৃপক্ষই যদিওবা দাবী কৰিছে যে তেওঁলোকে উৎপাদিত সামগ্ৰী চৰকাৰী আঁচনিৰ জৰিয়তে ক্ৰয় কৰি আছে, তথাপি এইটো মাণ্ডিকে ধৰি শ্ৰীনগৰৰ দাঁতিকাষৰীয়া সকলো মাণ্ডিয়ে বন্ধ হৈ আছে। সকলোতে অনশন চলিছে। তাৰোপৰি ফলৰ গাড়ী লৈ গ’লে উগ্ৰপন্থীয়ে নাইবা অচিনাক্ত বন্দুকধাৰীয়ে আক্ৰমণো কৰিব পাৰে। সেয়ে চৰকাৰে নিৰ্ধাৰিত কৰি দিয়া মাণ্ডিলৈ কোনেও যাবলৈ সাহ কৰা নাই

অনুবাদঃ পংকজ দাস

Muzamil Bhat

Muzamil Bhat is a Srinagar-based freelance photojournalist and filmmaker, and was a PARI Fellow in 2022.

Other stories by Muzamil Bhat
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das