পথাৰৰ কাম শেষ হোৱাৰ পিছত শীতকালৰ আবেলিবোৰত পৰিয়ালৰ ডেকা-ডেকেৰীবোৰ যেতিয়া কামৰ বাবে ঘৰৰ পৰা বাহিৰত থাকে, মতাবোৰে তেতিয়া চৌপাল (গাঁৱৰ আড্ডা দিয়া ঠাই)ত তাচ খেলি বা আৰাম কৰি কটায়।

মহিলাক তাত কেতিয়াও দেখা নাযায়।

‘তিৰোতাবোৰ তালৈ আহিবনো কিয় লাগে?’ স্থানীয় বাসিন্দা বিজয় মণ্ডলে প্ৰশ্ন কৰে। ‘ঘৰুৱা কামৰ পৰা সিহঁতৰ আজৰি নাথাকে। ডাঙৰ মানুহৰ মাজত বহি তেওঁলোকে কৰিব কি?’

দিল্লী আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ কিছুমান অঞ্চলৰ পৰা অতি বেছি ৩৫ কিলোমিটাৰ দূৰৰ প্ৰায় ৫০০০ জনসংখ্যাৰ এইখন গাঁৱত এবছৰ আগলৈকে মহিলাই ওৰণি লোৱা প্ৰথা কঠোৰভাৱে মানিবলগীয়া হৈছিল।

‘মহিলাই চৌপালৰ ফালে মুৰ তুলি নাচায়,’ মণ্ডলে কয়। গাওঁখনৰ প্ৰায় সোঁমাজত অৱস্থিত এই স্থানত মেল-মিটিং বহে, বাদ-বিবাদ নিষ্পত্তি কৰিবলৈ পঞ্চায়ত বহে। ‘আগৰ দিনত তিৰোতাবোৰ সংস্কাৰী আছিল,’ হাৰ্চানা কালানৰ প্ৰাক্তন গাওঁবুঢ়া সতীশ কুমাৰে কয়।

‘তেওঁলোকে মান-সন্মান আৰু মৰ্যাদা কি বুজি পাইছিল,’ মণ্ডলে কয়। ‘চৌপালৰ দিশে আহিলেও সিহঁতে ওৰণি লৈছিল,’ তেওঁৰ মুখখন মিচিকিয়া হাঁহিৰে বেকেটা হৈ পৰিছে।

৩৬ বছৰীয়া সাইৰাৰ বাবে এয়া কোনো নতুন কথা নহয়। দিল্লীৰ কাষৰ তাইৰ গাওঁ মাজৰা দাবাচৰ পৰা ২০ বছৰীয়া কইনা হৈ অহাৰ দিনধৰি ১৬ বছৰ এনেদৰেই তাই নানা হুকুম মানি আহিছে। কথ-বতৰাত তাই কেৱল নিজৰ নামটোহে উল্লেখ কৰিছে।

‘মই মোৰ গিৰীক বিয়াৰ আগতেই লগ পোৱা হ’লে, এইখন বিয়ালৈ কেতিয়াও মত নিদিলোহেঁতেন। বিশেষকৈ এইখন গাঁৱলৈ কেতিয়াও নাহিলোহেঁতেন,’ সাইৰাই কয়। কথাৰ মাজতে তাইৰ হাত চিলাই মেচিনত ক্ষীপ্ৰতাৰে চলিছে, বেঙুনীয়া কাপোৰ এখনৰ কাম তাই কৰিছে। (তাইৰ লগতে তাইৰ পৰিয়ালৰ মানুহৰ নামবোৰ এই প্ৰতিবেদনত সলনি কৰা হৈছে)।

Saira stitches clothes from home for neighborhood customers. 'If a woman tries to speak out, the men will not let her', she says

সাইৰাই তাইৰ চুবুৰীৰে গ্ৰাহকৰ বাবে কাপোৰ চিলাইছে। ‘মহিলাই মহিলাক কেতিয়াও কথা ক’বলৈ নিদিয়ে,’ তাই কয়

‘এইখন গাঁৱত মহিলাই কথা ক’বলৈ বিচাৰিলে পুৰুষবোৰে নিদিয়ে। সিহঁতে ক’ব, তোমাৰ মতাটোৱে কথা ক’ব পাৰে যিহেতু তুমি কথা কোৱাৰ প্ৰয়োজন ক’ত? মোৰ গিৰীয়েও ভাবে যে মহিলাই ঘৰতে সোমাই থকা উচিত। কাপোৰ চিলাবলৈ প্ৰয়োজন হোৱা কিবা বস্তু এপদৰ বাবেও যদি মই ওলাই যোৱাৰ কথা ভাবো, তেওঁ মোক ঘৰতে থকাটো ভাল বুলি ক’ব,’ সাইৰাই কয়।

তাইৰ ৪৪ বছৰ বয়সীয়া গিৰীয়েক সমীৰ খানে দিল্লীৰ ওচৰৰ নাৰেলাত কাৰখানা এটাত প্লাষ্টিক গলোৱা কাম কৰে। পুৰুষে মহিলাক কি দৃষ্টিৰে চায়, সেই কথা তেওঁ সাইৰাক প্ৰায়ে কয়। ‘তেওঁ কয় যে ঘৰত থাকিলেহে তুমি নিৰাপদ, বাহিৰখন কুকুৰনেচীয়াৰে ভৰি আছে,’ তাই গিৰীয়েকৰ কথাখিনি দোহাৰিলে।

সেয়ে তেনে মুখ বাগৰা কথাৰ কুকুৰনেচীয়াৰ পৰা দূৰত থাকিবলৈ সাইৰা ঘৰতে থাকে। এনেদৰেই হাৰিয়ানাৰ ৬৪.৫% গ্ৰামীণ মহিলাক (ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা-৪, ২০১৫-১৬ অনুসৰি) বজাৰ-সমাৰ কৰিবলৈ, হস্পিতাললৈ নাইবা গাঁৱৰ বাহিৰৰ আন কোনো ঠাইলৈ যাবলৈ দিয়া নহয়। খিৰিকী এখনৰ কাষত থোৱা মেচিনত বহি তাই সদায় আবেলি কাপোৰ চিলাই কৰে। খিৰিকী কাষত ভালদৰে পোহৰ পৰে, নহ’লে আবেলিৰ ভাগত বিদ্যুৎ নাথাকে। আবেলিৰ এই কাম কৰি তাই মাহে প্ৰায় ২০০০ টকা উপাৰ্জন কৰে। কামৰ সময়ত তাই নিজৰ বাবে অকলশৰীয়াকৈ কিছু সময় পায়। তাৰোপৰি এই কামৰ উপাৰ্জনেৰে তাইৰ দুই পুত্ৰ ১৬ বছৰীয়া সোহেইল খান আৰু ১৪ বছৰীয়া চানিৰ কাৰণে দুই-এপদ বস্তু কিনিব পাৰে। সাইৰাই কাচিৎহে নিজৰ বাবে কিবা কিনে।

চানিৰ জন্মৰ কিছু মাহৰ পাছতে সাইৰাই টিউবেল লিগেশ্যন কৰাব বিচাৰিছিল। এই লেপাৰোস্ক’পিক বন্ধ্যাকৰণ প্ৰক্ৰিয়াত জনননলী ছীল কৰোৱা হয়। সেই সময়ত গিৰীয়েক সমীৰে তাইৰ উদ্দেশ্য বুজি পোৱা নাছিল।

সোণিপাত জিলাত ১৫ৰ পৰা ৪৯ বছৰ বয়সৰ বিবাহিত মহিলাৰ মাজত গৰ্ভনিৰোধকৰ প্ৰসাৰৰ হাৰ (চি.পি.আৰ.) ৭৮ শতাংশ (ৰা.প.স্বা.স.-৪ মতে), হাৰিয়ানাৰ সামগ্ৰিক হাৰ ৬৪তকৈ এয়া বেছি।

সন্তান জন্মৰ পাছত দুবাৰকৈ সাইৰাই বন্ধ্যাকৰণ কৰাবলৈ চেষ্টা কৰিছিল। প্ৰথমবাৰ তাই মাজৰা দাবাচত তাইৰ মাকৰ ঘৰৰ ওচৰতে থকা চৰকাৰী চিকিৎসালয় এখনলৈ গৈছিল, তাতে ডাক্তৰে তাইক ক’লে যে তাইক বিয়া হোৱা যেন নালাগে। দ্বিতীয়বাৰ একেখন চিকিৎসালয়লৈ তাই নিজৰ সন্তানটোক প্ৰমাণ হিচাপে লৈ গ’ল। ‘ডাক্তৰে ক’লে যে এই সিদ্ধান্ত ল’ব পৰাকৈ বয়স মোৰ হোৱা নাছিল,’ সাইৰাই কয়।

তৃতীয়বাৰত দিল্লীৰ ৰোহিনীত মা-দেউতাকৰ লগত থকা সময়তে তাই বন্ধ্যাকৰণ কৰাবলৈ সক্ষম হৈছিল।

Only men occupy the chaupal at the village centre in Harsana Kalan, often playing cards. 'Why should women come here?' one of them asks
Only men occupy the chaupal at the village centre in Harsana Kalan, often playing cards. 'Why should women come here?' one of them asks

হাৰ্চানা কালান গাঁৱৰ সেইখন চৌপালত কেৱল পুৰুষহে গোট খায়, প্ৰায়ে তাচ খেলে। ‘তিৰোতাইনো ইয়ালৈ আহিব কিয় লাগে?’ সিহঁতৰ মাজৰে এজনে প্ৰশ্ন কৰে

‘এইবাৰ মই মোৰ স্বামীক মিছা কথা ক’লো। মই মোৰ ল’ৰাটোক লৈ গৈ ডাক্তৰক ক’লো যে মোৰ স্বামী মদপী,’ সেইসময়ত কিয় তাই বন্ধ্য়াকৰণ কৰাব বিচাৰিছিল, সেয়া মনত পেলাই কিন্তু ঘটনাৰ পট পৰিৱৰ্তনৰ কথা ভাবি সাইৰাই হাঁহিলে। ‘ঘৰত পৰিৱেশ বেয়া আছিল, উৎপীড়ন চলিছিল আৰু নিতৌ সংগ্ৰাম কৰিবলগীয়া হৈছিল। মই এটা কথা লৈ নিশ্চিত আছিলো যে মোক আৰু সন্তান নালাগে।’

সাইৰাই বন্ধ্যাকৰণৰ দিনটো মনত পেলালেঃ ‘সিদিনা বৰষুণ দি আছিল। মই মোৰ সৰু ল’ৰাটোক ৱাৰ্ডটোৰ কাঁচৰ দৰ্জাখনৰ সিপাৰে মাৰ কোলাত কান্দি থকা দেখিছিলো। ইতিমধ্যে বন্ধ্যাকৰণ কৰোৱা এগৰাকী মহিলাক গভীৰ টোপনিত (চেতনানাশকৰ বাবে) পৰি থকা দেখিছিলো। এই ভয় মোৰ আগেয়ে আঁতৰিছিল। মই মোৰ সন্তানদুটাৰ প্ৰতিপালনক লৈ চিন্তিত আছিলো। মই অধৈৰ্য্য হৈ পৰিছিলো।’

সমীৰে এই কথা গম পোৱাৰ পিছত বহুমাহ তাইৰ লগত কথা পতা নাছিল। তাই অকলে সিদ্ধান্ত লোৱাৰ বাবে সমীৰৰ খং উঠিছিল।  তেওঁ সাইৰাই জৰায়ুস্থাপিত আহিলা (ইনট্ৰাইউটেৰাইন ডিভাইচ চমুকৈ আই.ইউ.ডি.) যেনে কপাৰ-টিৰ বিকল্প বাচি লোৱাটো বিচাৰিছিল, যিটো আঁতৰাব পৰা যায়। কিন্তু সাইৰাই আৰু সন্তান নিবিচৰাক লৈ দৃঢ়মনা আছিল।

‘আমাৰ খেতিপথাৰ আৰু ম’হ আছিল। সেই আটাইবোৰ চোৱাচিতা কৰাৰ লগতে ঘৰখনো চম্ভালাৰ দায়িত্ব মোৰ আছিল। আই.ইউ.ডি. লগালে মোৰ যদি কিবা হ’লহেঁতেন?’ কোনোমতে ১০ম শ্ৰেণী উত্তীৰ্ণ এগৰাকী ২৪ বছৰ বয়সীয়া মহিলা, যিয়ে জীৱন নাইবা গৰ্ভনিৰোধকৰ বিষয়ে তেনেই সামান্য কথা জানে, তেনে অৱস্থাত দোধোৰ-মোধোৰত পৰা নিজৰ অৱস্থাটো মনত পেলালে।

সাইৰাৰ মাকৰ শিক্ষা-দীক্ষা নাছিল। তাইৰ দেউতাক নিৰক্ষৰ নাছিল। কিন্তু তেওঁ তাইৰ পঢ়া-শুনা আবগঢ়াবলৈ তাইক উৎসাহ নোযোগালে। ‘তিৰোতাবোৰ ম’হৰ দৰেই। ম’হবোৰৰ দৰে আমাৰো মগজুবোৰ নিৰ্বোধ হৈ গৈছে,’ তাই বেজীৰ পৰা মুৰ তুলি ক’লে।

‘হাৰিয়ানাৰ মতাবোৰৰ আগত কাৰো কথা নচলে’, তাই কয়। ‘তেওঁ যি কয় সেয়াই কৰিব লাগিব। তেওঁ যদি কয়, এইবিধ ব্যঞ্জনেই ৰান্ধিব লাগিব, তেন্তে সেইবিধেই ৰান্ধিব লাগিব। সাজ-পোচাক, বাহিৰলৈ যোৱা, তেওঁ যি কয় সকলো।’ কোনটো সময়ত সাইৰাই গিৰীয়েকৰ কথা ক’বলৈ এৰি তাইৰ নিজৰ দেউতাকৰ কথা ক’বলৈ ধৰিলে, গমকে পোৱা নগ’ল।

Wheat fields surround the railway station of Harsana Kalan, a village of around 5,000 people in Haryana
Wheat fields surround the railway station of Harsana Kalan, a village of around 5,000 people in Haryana

হাৰ্চানা কালান গাওঁখনৰ ৰেল ষ্টেশ্যনটো গমধানৰ খেতিয়ে আগুৰি আছে, হাৰিয়ানাৰ এই গাওঁখনত জনসংখ্যা প্ৰায় ৫০০০

সাইৰাৰ ঘৰৰ কাষৰে যুগ্ম পৰিয়ালত থকা ৩৩ বৰ্ষীয় চানা খান (তাই নাম, পৰিয়ালৰ সকলো সদস্য নাম কাল্পনিক)ৰ কথাও বেলেগকৈ ভাবিব নোৱাৰে। শিক্ষা বিষয়ৰ স্নাতক ডিগ্ৰীধাৰী চানাই শিক্ষকৰ প্ৰমাণপত্ৰ লৈ প্ৰাথমিক বিদ্যালয় এখনত কাম কৰিব খোজে। কিন্তু ঘৰৰ পৰা বাহিৰলৈ ওলোৱাৰ কথা ওলালেই একাউণ্টিং ফাৰ্মত অফিছ এটেণ্ডেণ্টৰ কাম কৰা তাইৰ ৩৬ বছৰীয়া গিৰীয়েক ৰুষ্টম আলীয়ে তাইক উপহাসৰ সুৰত কয়, ‘তেনেহ’লে তুমিয়েই কাম কৰা। মই ঘৰতে থকো। তুমি অকলেই উপাৰ্জন কৰি পৰিয়ালটোৰ পোহপাল দিয়া।’

চানাই এইবোৰ কথা আলোচনা কৰিবলৈ এৰিলে। ‘কথা পাতি কিবা লাভ আছে জানো? কথা গৈ কাজিয়াত পৰিণত হয়। এইখন দেশত পুৰুষৰ কথা চলে। সেয়ে মহিলাই আপোচ কৰাৰ বাদে আন উপায় নাথাকে, তেনে নকৰিলে কন্দল লাগিব,’ পাকঘৰৰ বাহিৰত থিয় হৈ তাই কয়।

সাইৰাই সন্ধিয়া কাপোৰ চিলাৱাৰ দৰে চানাইও সন্ধ্যাবেলা প্ৰাথমিক শ্ৰেণীৰ ল’ৰা-ছোৱালীকেইটামানক পঢ়ুৱাই মাহে ৫০০০ টকা উপাৰ্জন কৰে। তাইৰ উপাৰ্জন গিৰীয়েকৰ আধা। তাৰে প্ৰায়খিনি টকা তাই সন্তানৰ নামতে খৰছ কৰে। কিন্তু হাৰিয়ানাৰ ৫৪ শতাংশ মহিলাৰ দৰে তাইৰো নিজাকৈ চলাবপৰা বেংকৰ খাতা নাই।

চানাই দুটামাত্ৰ সন্তান বিচাৰিছিল, গৰ্ভনিৰোধক ব্যৱস্থা যেনে আই.ইউ.ডি. আদিৰে সন্তানৰ মাজত ব্যৱধান ৰাখিব পাৰে বুলি জানিছিল। তাই আৰু ৰুষ্টম আলিৰ তিনিটা সন্তান আছে, দুজনী কন্যা আৰু এজন লৰাসন্তান।

২০১০ত প্ৰথমটো সন্তান, আশিয়াৰ জন্মৰ পিছত চানাই সোণিপতৰ এখন ব্যক্তিগত হস্পিতালত আই.ইউ.ডি. লগায়। বহুবছৰ ধৰি তাই ভাবি আছিল যে সেয়া মাল্টিলোড আই.ইউ.ডি., তাকেই তাই বিচাৰিছিল। গাঁৱৰ বহু মহিলাৰ দৰে তাইও কপাৰ-টি বিচৰা নাছিল।

‘কপাৰ-টি জৰায়ুত দীৰ্ঘসময়ৰ বাবে টিকি থাকে আৰু গৰ্ভধাৰণৰ পৰা প্ৰায় ১০ বছৰলৈ সুৰক্ষা দিয়ে। মাল্টিলোড আই.ইউ.ডি.য়ে তিনিৰ পৰা পাঁচ বছৰ কাম কৰে,’ অগজিলেৰী নাৰ্ছ এণ্ড মিডৱাইফ (এ.এন.এম) নাৰ্ছ হিচাপে হাৰ্চানা কালান গাঁৱৰ উপস্বাস্থ্য কেন্দ্ৰত কাম কৰা নিশা ফোগাতে কয়। ‘গাঁৱৰ বহু মহিলাই মাল্টিলোড আই.ইউ.ডি. স্থাপন কৰিছে। এয়াই তেওঁলোকৰ প্ৰথম পচন্দ হৈ আহিছে।’ তেওঁলোকে ইজনে আনজনৰ পৰা শুনা কথাৰ ওপৰত ভিত্তি কৰিয়েই কপাৰ-টিৰ ওপৰত সন্দেহ জাগ্ৰত হোৱা বুলি ধাৰণা কৰিব পাৰি। ‘এগৰাকী মহিলাই কোনো এবিধ গৰ্ভনিৰোধৰ পৰা অসুবিধা পোৱা বুলি ক’লেই বাকীবোৰে সেইবিধ এৰাই চলিব বিচৰাৰ প্ৰৱণতা জাগি উঠে,’ নিশাই বুজাই কয়।

অধিস্বীকৃত সামাজিক স্বাস্থ্যকৰ্মী (আশা) সুনীতা দেৱীয়ে ২০০৬ৰ পৰা হাৰ্চানা কালান গাঁৱত কাম কৰি আহিছে। তেওঁ কয়, ‘মহিলাই এইকথা বুজি পোৱা উচিত যে কপাৰ-টি জৰায়ুস্থিত কৰাৰ পাছৰ এসপ্তাহলৈ গধুৰ বস্তু দাঙিব নালাগে, আহিলাবিধ থিতাপি লাগোতে সময় লাগে। কিন্তু মহিলাই নকৰে, বা নোৱাৰে। সেয়ে অসুবিধাৰ সমুখীন হয়। তেওঁলোকে প্ৰায়ে অভিযোগ দিয়ে, ‘আহিলাবিধ উজাই আহি মোৰ কলিজা পাইছে।’’ 

Sana Khan washing dishes in her home; she wanted to be a teacher after her degree in Education. 'Women have no option but to make adjustments', she says
Sana Khan washing dishes in her home; she wanted to be a teacher after her degree in Education. 'Women have no option but to make adjustments', she says

চানা খানে ঘৰত বাচন ধুইছে, শিক্ষা বিষয়ৰ স্নাতক ডিগ্ৰী লাভৰ পিছত চানাই শিক্ষক হ’ব বিচাৰিছিল, ‘মহিলাই আপোচ কৰাৰ বাদে আন উপায় নাথাকে,’ তাই কয়

আই.ইউ.ডি. আঁতৰাবলৈ যোৱাৰ দিনাহে চানাই গম পালে যে তাইৰ জৰায়ুত কপাৰ-টি লগোৱা হৈছে। ‘মোক মোৰ গিৰী আৰু ডাক্তৰ দুয়োজনেই মিছা কথা কৈছিল। তেওঁ (ৰুষ্টম আলীয়ে) গোটেই সময়চোৱাত সেই কথা জানিছিল যে মোৰ তাত কপাৰ-টি লগোৱা হৈছে, মাল্টিলোড আই.ইউ.ডি. নহয়। কিন্তু সঁচা কথাটো মোক কোৱাটো জৰুৰী বুলি তেওঁ নাভাবিলে। মই গম পাই তেওঁৰ লগত কাজিয়া লাগিলো,’ তাই কয়।

তাই যিহেতু একো অসুবিধা পোৱা নাই, তেন্তে সমস্যাটো ক’ত, এইবুলি তাইক সোধা হৈছিল। তাই উত্তৰ দিছিল, ‘সিহঁতে মিছা কথা কৈছিল। এনেকৈ দেখোন সিহঁতে মোৰ তাত যিকোনো বস্তু সোমাই দিব আৰু মিছা মাতিব,’ তাই কয়। ‘তেওঁ (ৰুষ্টম আলী) মোক কৈছিল যে মহিলাই কপাৰ-টিৰ আকাৰৰ কথা ভাবি ভয় খায় কাৰণে ডাক্তৰে তেওঁক সেইকথা গোপনে ৰাখিবলৈ কৈছিল।’

আই.ইউ.ডি. আঁতৰোৱাৰ পিছত ২০১৪ত চানাৰ দ্বিতীয়জনী কন্যাসন্তান, আকাশীৰ জন্ম হ’ল। ইয়াতেই পৰিয়ালটো সীমিত হ’ব বুলি তাই ভাবিছিল। কিন্তু ২০১৭ত পুত্ৰসন্তান এটা নোহোৱালৈকে পৰিয়ালৰ পৰা তাই হেঁচা পাই থাকিল। ‘সিহঁতে পুত্ৰসন্তানক সম্পদ বুলি ভাবে। কন্যাসন্তানক তেওঁলোকে সেই দৃষ্টিৰে নাচায়,’ তাই কয়।

হাৰিয়ানা শিশুৰ (০ৰ পৰা ৬ বছৰ বয়সৰ) লিংগ অনুপাতৰ ক্ষেত্ৰত দেশৰ ভিতৰতে নিম্নস্থানত, প্ৰতি ১০০০ ল’ৰাৰ বিপৰীতে ৮৩৪ গৰাকী কন্যা (২০১১ৰ লোকপিয়ল মতে)। সোণিপাত জিলাত তাতোকৈ কম, প্ৰতি ১০০০ ল’ৰাৰ বিপৰীতে কন্য়াৰ সংখ্যা মাত্ৰ ৭৯৮। ৰাজ্যখনত পুত্ৰসন্তানৰ প্ৰতি অগ্ৰাধিকাৰৰ বিপৰীতে কন্যাসন্তানৰ প্ৰতি অৱজ্ঞাসূচক ভাৱ দেখা যায়। তাৰোপৰি কঠোৰ পুৰুষতান্ত্ৰিক সমাজব্যৱস্থাত পৰিয়াল পৰিকল্পনাৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱাত পুৰুষৰ অসীম প্ৰভুত্ব চলে। ৰা.প.স্বা.স.-৪ত দেখা গৈছে যে হাৰিয়ানাত মাত্ৰ ৭০ শতাংশ মহিলাই নিজৰ স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত নিজাকৈ সিদ্ধান্ত ল’ব পাৰে, যিটো অনুপাত পুৰুষৰ ক্ষেত্ৰত ৯৩ শতাংশ।

সাইৰা আৰু চানা থকা একেটা চুবুৰীৰে কান্তা শৰ্মা (তাইৰ লগতে পৰিয়ালৰ আটাইৰে নাম কাল্পনিক)ৰ পৰিয়ালৰ সদস্য পাঁচজন, ৪৪ বছৰীয়া স্বামী সুৰেশ শৰ্মা আৰু চাৰিটা ল’ৰা-ছোৱালী। দুজনী জীয়ৰী আশু আৰু গুঞ্জন, বিয়াৰ দুবছৰতে সিহঁত দুজনীৰ জন্ম। দ্বিতীয়টো সন্তানৰ পাছত দম্পত্তিহালে ডিম্ববাহী নলী সম্পূৰ্ণকৈ উঠোৱাৰ সিদ্ধান্ত লৈছিল যদিও শাহুৱেকে নিদিলে।

‘শাহুৱেকে নাতিল’ৰা বিচাৰিছিল। সেই আশাতে আমাৰ চাৰিটা ল’ৰা-ছোৱালী হ’ল। ডাঙৰে বিচাৰিলে সেয়া কৰিবই লাগিব। মোৰ স্বামী পৰিয়ালটোৰ ডাঙৰজন ল’ৰা। আমি পৰিয়ালৰ সিদ্ধান্তক অৱমাননা কৰিব নোৱাৰিলো,’ বিগত বছৰবোৰত অধ্যয়নত পাৰদৰ্শিতাৰ বাবে জীয়েকহঁতে পোৱা বঁটাবোৰলৈ চাই ৩৯ বছৰীয়া কান্তাই ক’লে।

Kanta's work-worn hand from toiling in the fields and tending to the family's buffaloes. When her third child was also a girl, she started taking contraceptive pills
Kanta's work-worn hand from toiling in the fields and tending to the family's buffaloes. When her third child was also a girl, she started taking contraceptive pills

পথাৰত কাম কৰি আৰু পৰিয়ালৰ ম’হকেইটা চোৱাচিতা কৰি ক্ষয় যোৱা কান্তাৰ হাতদুখন। তাইৰ তৃতীয়টো সন্তানো কন্যা জন্ম হোৱাত তাই গৰ্ভনিৰোধক বড়ি খাবলৈ আৰম্ভ কৰিলে

গাওঁখনলৈ নৱবিবাহিতা হৈ কোনোবা আহিলে সুনীতৰ দৰে আশাকৰ্মীয়ে ৰেকৰ্ড ৰাখে যদিও প্ৰথম বছৰটোৰ শেষৰফালেহে কথা পাতিবলৈ সুবিধা পায়। ‘প্ৰায়ভাগ নৱবিবাহিতাই বিয়াৰ প্ৰথমটো বছৰতে গৰ্ভধাৰণ কৰে। সন্তান জন্ম হোৱাৰ পাছত আমি শাহুৱেকৰ উপস্থিতিত পৰিয়াল পৰিকল্পনাৰ বিষয়ে কথা পাতো। পাছত পৰিয়ালে আলোচনা কৰি সিদ্ধান্ত ল’লে আমাক জনায়,’ সুনীতাই কয়।

‘‘নহ’লে ‘তাই কি পাঠ পঢ়ুৱাই থৈ গ’ল আমাৰ বোৱাৰীক’ বুলি পিছত শাহুৱেকবোৰে আমাক খং কৰে।’’ সুনীতাই কয়। 

তৃতীয়বাৰ কন্যাসন্তান জন্ম পোৱাত কান্তাই গৰ্ভনিৰোধক বড়ি ল’বলৈ আৰম্ভ কৰে। শাহুৱেকে নজনাকে গিৰীয়েকে তাইক সেই বড়ি যোগান ধৰিছিল। বড়়ি এৰাৰ কেইমাহমানৰ পিছতে কান্তা পুনৰাই গৰ্ভধাৰণ কৰে, এইবাৰ পুত্ৰসন্তান জন্ম পায়। কিন্তু চাবলৈ শাহুৱেক নাথাকিল, ২০০৬ত শাহুৱেক ঢুকায়। তাৰে পাছৰ বছৰতে পুত্ৰসন্তান ৰাহুলৰ জন্ম হয়।

তেতিয়াৰে পৰা কান্তাই পৰিয়ালটোত একমাত্ৰ জ্যেষ্ঠ মহিলা। তাই আই.ইউ.ডি. লগালে। তাইৰ জীয়েক দুজনী পঢ়ি আছে। ডাঙৰজনীয়ে নাৰ্ছিঙৰ স্নাতক পাঠ্যক্ৰমত অধ্যয়নৰত। কান্তাই এতিয়াই তাইৰ বিয়াৰ কথা ভবা নাই।

‘সিহঁতে পঢ়ি-শুনি সফল হওক। আমিয়েই যদি আমাৰ জীয়ৰীহঁতে বিচৰাখিনি পোৱাত সহায় কৰিব নোৱাৰো, তেন্তে সিহঁতৰ গিৰীয়েক আৰু শাহুৱেকহঁতে সিহঁতক সহায় কৰিব বুলি কেনেকৈ আশা কৰিব পাৰো? আমাৰ সময়বোৰ বেলেগ আছিল। সেই দিন নাই,’ তাই কয়।

তাইৰ হ’বলগীয়া শাহুৱেকজনীৰ কথা? ‘একেই,’ কান্তাই কয়। ‘তাই কৰিবলৈ বিচাৰে, কি (গৰ্ভনিৰোধ) ব্যৱহাৰ কৰাটো বিচাৰে, সেইটো তাইৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰিব। আমাৰ সময় বেলেগ আছিল, সেই দিন নাই।

প্ৰচ্ছদ সচিত্ৰকৰণঃ প্ৰিয়ংকা ব’ৰাৰ  এগৰাকী নিউ মিডিয়া শিল্পী। নতুন ধৰণৰ অৰ্থ আৰু প্ৰকাশভংগীৰ সন্ধানত তেওঁ প্ৰযুক্তিৰ সৈতে পৰীক্ষা-নিৰীক্ষা চলাই আহিছে। শিকন আৰু খেল-ধেমালীৰ বাবে ন-অভিজ্ঞতাৰ সৃষ্টি কৰা, ইণ্টাৰেক্টিভ মিডিয়াৰে কাৰচাজি কৰা প্ৰিয়ংকাই কাগজ-কলমেৰেও সৃষ্টিশীল কাম কৰি ভাল পায়।

সমগ্ৰ দেশখনৰ গ্ৰামাঞ্চলৰ কিশোৰী আৰু যুৱ মহিলা শ্ৰেণীৰ ওপৰত পাৰিয়ে কৰা প্ৰতিবেদনৰ প্ৰকল্প হৈছে সৰ্বসাধাৰণ মানুহৰ জীৱন্ত অভিজ্ঞতা আৰু মাত-কথাৰ জৰিয়তে অত্যন্তিক অথচ উপান্ত হৈ ৰোৱা এই শ্ৰেণীৰ নাৰীসমাজৰ অৱস্থাৰ অনুধাৱনৰ বাবে পপুলেশ্যন অৱ ইণ্ডিয়া সমৰ্থিত অন্বেষণমূলক পদক্ষেপৰ এক অংশ।

এই প্ৰতিবেদন পুনৰ প্ৰকাশ কৰিবলৈ বিচাৰে নেকি? তেন্তে অনুগ্ৰহ কৰি Cc-ত [email protected] ৰাখিএই ইমেইল ঠিকনালৈ লিখক- [email protected]

অনুবাদঃ পংকজ দাস

পংকজ দাস এগৰাকী সাংবাদিক, অনুবাদক আৰু অসমীয়া নিউজ পৰ্টেল newsnextone.com ৰ সহ-প্ৰতিস্থাপক। যোগাযোগৰ ইমেইল আইডি [email protected]

Sanskriti Talwar

Sanskriti Talwar is an independent journalist based in New Delhi. She reports on gender issues.

Other stories by Sanskriti Talwar