সেয়া আছিল বীৰছিং ১ নং চৰ গাঁৱৰ বসন্তৰ এটা সুন্দৰ ৰাতিপুৱা। ৩০ বছৰ বয়সৰ চাহিদা খাতুনে অৱশ্যে সেয়া উপভোগ কৰিব পৰা নাই। তাইৰ জ্বৰ উঠিছে আৰু চৰৰ নৈ পাৰৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ(পিএইছচি)ত ডাক্তৰক দেখা কৰাৰ বাবে অপেক্ষা কৰিছে।

বীৰছিং হৈছে অসমৰ ব্ৰহ্মপুত্ৰ নৈৰ পাৰৰ বালিৰ অস্থায়ী দ্বীপবোৰৰ এটা য'ত ২,২৫১ লোকে বসতি কৰে। আন চৰবোৰৰ দৰে এয়া বালিয়ে সজা নহয়। দৰাচলতে এয়া ফকিৰাগঞ্জ চহৰৰ এটা অংশ আছিল। নৈৰ সোঁতৰ দিশ সলনি হোৱাৰ ফলত মূল ভূখণ্ডৰ পৰা সেই অংশটো বিচ্ছিন্ন হৈ পৰে। সেয়ে এই চৰটো অইন চৰবোৰৰ দৰে অস্থায়ী বা ভংগুৰ নহয় আৰু বিগত কেইবাবছৰ ধৰি হৰণ-ভগন হোৱা নাই।

২০১১ চনৰ লোকপিয়ল অনুযায়ী বীৰছিঙত তিনিখন গাওঁ আছে – ১ নং বীৰছিং (জনসংখ্যা ৫,৫৪৮) আৰু ২ নং বীৰছিং (জনসংখ্যা ২,৩৮৬) আৰু ৩ নং বীৰছিং (জনসংখ্যা ৩,১১৭)।

PHOTO • Ratna Bharali Talukdar

অসমৰ বীৰছিং চৰৰ সৌৰশক্তিচালিত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোত উপস্থিত হৈছে। 'এতিয়া গৰ্ভৱতী মহিলাই তেওঁলোকৰ সন্তান জন্ম দিয়াৰ বাবে ইয়ালৈ আহিব পাৰে,' তাই সন্তুষ্টিৰে কয়

চাহিদা আৰু তাইৰ দৰে আন ৰোগীবোৰে স্বাস্থ্যকেন্দ্ৰটোত ৰৈ থকাৰ মাজতে কথাও পাতিছে। ২০১৭ চনৰ জানুৱাৰী মাহত ১৮ টা কোঠাৰ স্বাস্থ্য কেন্দ্ৰটোত লগোৱা সৌৰ পেনেলবোৰৰ কথাই তেওঁলোকৰ আলোচনাত ঘাইকৈ ওলাইছে। ২০ খন পেনেলৰ ১৬ টা বেটাৰীৰ এই ব্যৱস্থা কৰিছে আচাম এনাৰ্জি ডেভলপমেণ্ট এজেঞ্চীয়ে।

বহু শতিকাৰ মুৰত সৌৰশক্তিয়ে চৰাঞ্চলৰ বাসিন্দাসকলৰ স্বাস্থ্যসেৱাৰ গুণাগুণ উন্নত কৰি তুলিছে। "এই স্বাস্থ্যকেন্দ্ৰটোত এতিয়া বিদ্যুতশক্তি আৰু চালু পানীও আছে," সৌৰ পেনেলবোৰৰ পিনে আঙুলিয়াই চাহিদাই কয়। "এতিয়া গৰ্ভৱতী মহিলাই ইয়ালৈ চিকিৎসা সেৱা লাভ কৰাৰ বাবে আহিব পাৰে আৰু সন্তান জন্ম দিব পাৰে।"

বীৰছিঙৰ দৰে ভৌগোলিকভাৱে বিচ্ছিন্ন এলেকা এটাত আনুষ্ঠানিক প্ৰসৱৰ প্ৰয়োজনীয়তা উপলব্ধি কৰা গীতাই কয়, "মই ধাত্ৰী আৰু চুবুৰীয়াৰ সহযোগত (দুটাকৈ সন্তান) জন্ম দিছিলো। দুয়োবাৰতেই মই চিন্তাত পৰিছিলো, মই সিহতৰ পাৰদৰ্শিতাক লৈ অনিশ্চিত আছিলো। কিন্তু মোৰ কোনো বিকল্প নাছিল আৰু সিহতেই মোক আস্বস্ত কৰিছিল যে মোৰ একো নহয়…"

স্বাস্থ্যকেন্দ্ৰটোত সৌৰপেনেল লগোৱাৰ আগেয়ে গৰ্ভৱতী মহিলাই জৰুৰীকালীন চিকিৎসাৰ বাবে নৈৰ সিপাৰে ধুবুৰী চহৰৰ চৰকাৰী অথবা ব্যক্তিগত হস্পিতাললৈ দৌৰিবলগা হৈছিল। নাও এখন ভাড়ালৈ লোৱাটোও কম খৰছ নহয়, কিয়নো দিনৰ নাওসেৱা বন্ধ হোৱাৰ পিছত সন্ধ্যা হ'লেই তাতে ২ হাজাৰৰ পৰা ৩ হাজাৰ টকা লাগে। তাৰ ওপৰত আকৌ হস্পিতালৰ খৰছ আছেই।

বীৰছিঙত থকা স্বাস্থ্যকেন্দ্ৰটো আবেলি বন্ধ হয় আৰু তাৰ পিছতে যিকোনো জৰুৰীকালীন পৰিস্থিতিত মানুহে ধুবুৰীলৈ দৌৰিবলগা হয়। কিন্তু সৌৰশক্তিচালিত বিদ্যুতে পিছত স্বাস্থ্যকেন্দ্ৰটোক নতুন জীৱন দিছে। "সৌৰ ফলকবোৰ ২০১৭ চনৰ জানুৱাৰী মাহত স্থাপন কৰা হৈছিল আৰু ফেব্ৰুৱাৰীৰ পাৰ মাৰ্চ মাহৰ ভিতৰত আমি ১৮ টা প্ৰসৱ কৰাইছো," ডাক্তৰ জৱাহৰলাল চৰকাৰে কয়। ডাক্তৰ চৰকাৰে ফকিৰাগঞ্জত ২০১৪ চনত উপ-সংমণ্ডল চিকিত্সা বিষয়া হিচাপে অৱসৰ লোৱাৰ পিছত স্বাস্থ্যকেন্দ্ৰটোৰ মুৰব্বী হিচাপে দায়িত্ব লয়। "চৰত আমাৰ ১০ গৰাকী আশাকৰ্মী (এক্ৰেডিটেড ছচিয়েল হেলথ এক্টিভিষ্ট) আছে আৰু তেওঁলোক সকলোৱে অঞ্চলটোৰ গৰ্ভৱতী মহিলাসকলে হস্পিতালত প্ৰসৱ কৰাটো নিশ্চিত কৰে।"

PHOTO • Ratna Bharali Talukdar

বাওফালেঃ সৌৰশক্তি চালিত পানী আৰু বিদ্যুতৰ সুবিধাই স্বাস্থ্যকেন্দ্ৰটোৰ সেৱা উন্নত কৰিছে। সোফালেঃ চৰৰ দোকানৰ গৰাকীয়ে মুধচত সৌৰ পেনেল লগাইছে

ডাক্তৰ চৰকাৰক দেখা কৰাৰ পিছত চাহিদা আৰু মই বজাৰখনৰ মাজেৰে তাইৰ ঘৰলৈ ওলালো। দিনৰ ভাগত বজাৰখন খালি হৈ থাকে, মাত্ৰ কেইখনমান চাহৰ দোকান আৰু ফাৰ্মাচী খোলা আছে। প্ৰায়ভাগ দোকান সন্ধ্যাৰ ভাগত খোলে। দৰাচলতে দোকানৰ গৰাকীবোৰে ধুবুৰীত সিহতৰ দিন হাজিৰাৰ কাম যেনে ৰিক্সা চলোৱা, বিক্ৰেতা, বাঁহৰ কাম কৰা আদি কাম কৰি অহাৰ পিছত সন্ধ্যা দোকান খোলে। চাহিদাৰ গিৰীয়েক শ্বাহজামাল শ্বেইখে ধুবুৰী চহৰত ৰিক্সা চলায় আৰু চৰৰ বজাৰত এখন সৰু গুমটি চলায়।

চাহিদাকে ধৰি বীৰছিঙৰ ভালেমান পৰিয়ালে সৌৰ পেনেল লগাই লৈছে। ইয়াৰে আকৌ কিছুমানক ৩৬০০ টকাতে চৰকাৰে সাহায্যপ্ৰাপ্ত আঁচনিৰ যোগেদি এখনকৈ সৌৰ পেনেল দিছে। এই পেনেলখনে দুটা ১.৫ ৱাটৰ চিএফএল/এলইডি বাল্ব জ্বলাব পাৰে। কিছুমান পৰিয়ালে আকৌ ২০ হাজাৰ টকা পৰ্যন্ত দি বজাৰৰ পৰা চলাৰ চিষ্টেম ক্ৰয় কৰিছে। ইয়াৰে চাৰিটা বাল্ব আৰু এটা টিভি অথবা এখন চিলিং ফেন চলাব পাৰে। "আয়ৰ নতুন উপায়ে (ধুবুৰীত) আমাক অলপ অতিৰিক্ত ধন গোটোৱাত সহায় কৰে, সেই ধনেৰে আমি প্ৰয়োজনীয় সামগ্ৰী যেনে সৌৰ ফলক আদি কিনিব পাৰো," বজাৰত সৰু চাহ-ভাতৰ দোকান চলোৱা তাৰাচন্দ আলীয়ে ক'লে।

পঞ্চায়তৰ সদস্য ৬২ বছৰ বয়সৰ আচমত আলীয়ে কোৱামতে বীৰছিঙত ৫০ শতাংশ পৰিয়ালৰে ঘৰত সৌৰশক্তি আছে। "ল'ৰা-ছোৱালীয়ে ৰাতিৰ ভাগত সহজতেই পঢ়িব পাৰে," তেওঁ কয়। "আগতে কেৰাচিনেই পোহৰৰ একমাত্ৰ উৎস হোৱাৰ বাবেই সিহতে সেয়া কৰিব পৰা নাছিল।"

চাৰি বছৰ আগতে, আচাম এনাৰ্জি ডেভলপমেণ্ট এজেঞ্চী (এইডিএ) য়ে ৪ কিলোৱাটৰ চলাৰ চিষ্টেম এটাও বীৰছিঙৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত স্থাপন কৰিছে। এইডিএ হৈছে নব্য আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰালয়ৰ নোডাল এজেঞ্চী। এইডিএৰ বিষয়া এগৰাকীৰ মতে, এখন নতুন সৌৰ পেনেল নাভাঙিলে বা নষ্ট নকৰিলে ২৫ বছৰলৈ ভালে থাকে। বেটাৰিৰ কিছু চোৱাচিতা কৰিবলগা হয় যদিও প্ৰয়োজন অনুসাৰে ধুবূৰী চহৰৰ পৰা সেৱা যোগানকাৰী আহে।

PHOTO • Ratna Bharali Talukdar

ডাক্তৰ চৰকাৰ (সোঁফালে)য়ে ধুবুৰীস্থিত স্বাস্থ্য বিভাগলৈ তাতবাতি কৰাৰ পিছতহে দুবছৰমান আগতে স্বাস্থ্যকেন্দ্ৰটোত সৌৰ ফলক লগোৱা হৈছিল

চৰত থকা ইউনাইটেড বেংকৰ একমাত্ৰ মাইক্ৰ এটিএমটোও সৌৰ শক্তি চালিত। বেংকটোৰ বিজনেচ ডেভলপমেণ্ট কৰেচপণ্ডেণ্ট মহম্মদ আহমেদ আলীয়ে প্ৰতিদিনে ৰাতিপুৱা সীমিত পৰিমাণৰ ধন লৈ ধুবুৰীলৈ আহে আৰু আবেলি উভতে। "সৌৰ শক্তিৰে দৈনিক লেনদেন ভালদৰেই চলিছে," তেওঁ কয়।

কিন্তু চাহিদা, তাৰাচন্দকে ধৰি চৰৰ বহুতৰ বাবে ২০১৪ চনত সম্পুৰ্ণ হোৱা স্বাস্থ্যকেন্দ্ৰটো এটা সপোন দিঠক হোৱাৰ দৰেই আছিল। প্ৰথমতে তেওঁলোকৰ ইমান আস্থা নাছিল। কিয়নো চৰকাৰী কৰ্মচাৰীয়ে চৰত কাম কৰিবলৈ এলাহ কৰে। তাৰোপৰি চাহিদাই কোৱাৰ দৰে বীৰছিঙত ৰোগীয়ে স্বাস্থ্যকেন্দ্ৰত আহিবলৈ সংকোচবোধ কৰিছিল, কিয়নো ৰোগৰ বিৱৰণ ডাক্তৰৰ আগত কেনেদৰে বৰ্ণনা দিব সেয়া তেওঁলোকে নাজানিছিল। কিন্তু চৰকাৰে নিৰ্দেশনামতে ২০১৪ চনৰে পৰা চৰত সেৱা আগবঢ়াই অহা ডাক্তৰ চৰকাৰে এক বৃহৎ পাৰ্থক্য আনিছে। কৰ্মচাৰীয়ে স্বাস্থ্যকেন্দ্ৰটোত নিয়মিত অহাটো তেওঁ নিশ্চিত কৰাৰ চেষ্টা চলাই আহিছে আৰু স্বাস্থ্যসেৱা, দৰৱ আৰু নিৰাপদ প্ৰসৱৰ ব্যৱস্থা কৰি আহিছে।

দুবছৰ আগেয়ে স্বাস্থ্যকেন্দ্ৰটোত সৌৰ ফলক লগোৱাৰ আগতে ধুবুৰী চহৰৰ স্বাস্থ্য বিভাগলৈ ডাক্তৰ চৰকাৰে প্ৰায়ে সাক্ষাৎ কৰিছিল। ইয়াৰ পিছতে স্বাস্থ্যকেন্দ্ৰটোলৈ পানী আৰু বিদ্যুত আহিল। "দিনে গঢ়ে ৬৫ গৰাকী ৰোগী স্বাস্থ্যকেন্দ্ৰটোলৈ আহে," স্বাস্থ্যকেন্দ্ৰটোৰ সামূহিক স্বাস্থ্য কৰ্মী চমিমাতুল কোব্ৰা খাতুনে কয়। "জ্বৰ, ছালৰ ৰোগ আৰু পেটৰ সমস্যাই ইয়াৰে স্বাভাৱিকতে দেখা অসুখ।"

PHOTO • Ratna Bharali Talukdar

বীৰছিঙৰ স্বাস্থ্যকেন্দ্ৰটো পুনৰ্নিমাণ কৰাৰ পূৰ্বে চিকিত্সা সংক্ৰান্ত জৰুৰীকালীন অৱস্থাত বাসিন্দাসকল ধুবুৰী চহৰলৈ আহিবলগা হৈছিল, এনেদৰে স্বাস্থ্যসেৱাৰ লগতে ভ্ৰমণৰো ব্যয় সংযোজিত হৈছিল

স্বাস্থ্যকেন্দ্ৰটোত কৰ্মচাৰী হিচাপে আছে এগৰাকী ফাৰ্মাচিষ্ট, এজন অগজিলেৰী নাৰ্ছ মিডৱাইফ (এএনএম) আৰু এজন লেবৰেটৰী টেকনিচিয়ান। এই আটাইকেইজন ধুবুৰীত থাকে আৰু মেচিন লগোৱা ভুটভুটি নাৱেৰে নৈ পাৰ হৈ প্ৰায় ৮ বাজি ৪৫ মিনিটত স্বাস্থ্যকেন্দ্ৰটোত উপস্থিত হয়। বহিৰ্বিভাগৰ সেৱা ১ বজালৈ চলে।

"চৰাঞ্চল বিচ্ছিন্ন হোৱাৰ বাবেই মানুহে ইয়াতে কাম কৰিবলৈ আহিব টান পায়," ডাক্তৰ বীৰছিঙে কয়। "কিন্তু মোক যেতিয়া অৱসৰৰ পিছত ইয়াতে কাম কৰিবলৈ কোৱা হৈছিল, তেতিয়া মই সেয়া আশীৰ্বাদ স্বৰূপেই গ্ৰহণ কৰিছিলো কিয়নো সিয়ে মোক সেইসকললৈ সেৱা আগবঢাবলৈ দিয়া হৈছিল যাক দৰাচলতে ইয়াৰ প্ৰয়োজন আছে। স্বাস্থ্য খণ্ডত, বিশেষকৈ চৰাঞ্চলত প্ৰসূতিৰ স্বাস্থ্য উন্নত কৰাৰ বাবে আমি বহুখিনি কৰিবলগা আছে।"

অসম মানৱ উন্নয়ন প্ৰতিবেদন, ২০১৪ত উল্লেখ থকা মতে চৰাঞ্চলত মুঠ উৰ্বৰতা হাৰ (total fertility rate চমুকৈ TFR) সৰ্বাধিক ২.৮। তদুপৰি বয়সৰ পূৰ্বে বিবাহ হোৱাটোও ইয়াতে অন্যতম সমস্যা বুলি প্ৰতিবেদনত উল্লেখ আছে। ২৫.৩ শতাংশ মহিলাই ১৫ ৰপৰা ১৯ বছৰ বয়সৰ ভিতৰতে বিয়াত বহে। ৰাজ্যখনৰ চৰ, চাহ বাগিচা, পাহাৰ আৰু প্ৰান্তীয় এলেকাকে ধৰি গোটেই ৰাজ্যখনৰ ভিতৰতে এয়া সৰ্বাধিক। প্ৰতিবেদন মতে, ধুবুৰী জিলাত ১৫ ৰপৰা ১৯ বছৰ বয়সৰ ভিতৰত বিয়া হোৱা মহিলাৰ হাৰ সৰ্বাধিক-২৯.২ শতাংশ।

বীৰছিঙৰ বাট বৰ দীঘলীয়া। কিন্তু সুৰ্য ডুবিলেও এতিয়া চৰাঞ্চলটোৰ প্ৰায়ভাগ পৰিয়ালেই অন্ধকাৰত কটাবলগীয়া নহয়। ইয়াৰ মাজতে বহুতেই ঘৰত লেম-চাকি জ্বলাবৰ বাবে মুকলি বজাৰৰ পৰা প্ৰতিলিটাৰত ৪০ টকা দি কেৰাচিন কিনি ব্যৱহাৰ কৰি আহিছে। বোধকৰো তাৰে মাজতে এক নতুন দিনৰ প্ৰতিশ্ৰুতি আছে।

অনুবাদক: ৰশ্মি ৰেখা দাস

Ratna Bharali Talukdar

Ratna Bharali Talukdar is a 2016-17 PARI Fellow. She is the executive editor of Nezine, an online magazine on India's North East. Also a creative writer, she travels widely in the region to cover various issues including migration, displacement, peace and conflict, environment, and gender.

Other stories by Ratna Bharali Talukdar