ভাৰতৰ কৃষিসংকট কৃষিক্ষেত্ৰৰ সীমা চেৰাই গৈ সৰ্বত্ৰে বিয়পিছে।

এয়া এক সামাজিক সমস্যা হৈ পৰিছে। বোধকৰো এয়া এক সভ্যতাৰ সংকট। তাৰে কবলত পৰা ক্ষুদ্ৰ খেতিয়ক শ্ৰেণী আৰু শ্ৰমিক শ্ৰেণীৰ লোকে তেঁওলোকৰ জীৱিকা ৰক্ষাৰ বাবে যুঁজ দিছে। কৃষিসংকটৰ বিষয়টো এতিয়া কেৱল ভূমি হেৰুওৱা দিশটোৰেই চালেই নহয়। তদুপৰি এয়া মানুহৰ জীৱন হেৰুওৱা, কাম বা উৎপাদনশীলতা হেৰুওৱাতে সীমাবদ্ধ হৈ থকা নাই। এয়া আমাৰ মানবীয়তাৰ ক্ষতি। আমাৰ মানবীয়তা ঠেক হৈ অহাৰ পৰিসৰৰ এয়া প্ৰতিফলন। এই দৃষ্টান্ত আমি হাত সাবতি বহি থাকি গঢ়িছো যেতিয়া বিগত দুটা দশকত বঞ্চিতজনৰ দুখ-দুৰ্গতিৰ সীমা নাইকিয়া হৈছে, ৩ লাখৰো অধিক কৃষকে আত্মহত্যা কৰিছে, আৰু আমি চাই ৰৈছো। এনে সময়তো কিছুমান 'প্ৰমুখ অৰ্থনীতিবিদে’ এনে কোনো সংকট উদ্ভৱে হোৱা নাই বুলি কোৱাৰ লগতে আমাৰ এই দুৰ্দশাক লৈ ব্যংগও কৰিছে।  

ৰাষ্ট্ৰীয় অপৰাধ অভিলেখ ব্যুৰো (এনচিআৰবি)য়ে যোৱা দুবছৰ ধৰি কৃষকৰ আত্মহত্যাৰ ওপৰত তথ্য প্ৰকাশ কৰা নাই। তাৰে কেইবছৰমান আগতে ভালেমান প্ৰমুখ ৰাজ্যৰ ভুৱা ডেটাই সংস্থাটোৰ নিৰ্ধাৰিত পৰিসংখ্যাৰ বিকৃতি ঘটাইছে। উদাহৰণ স্বৰূপে চত্তীশগড় আৰু পশ্চিমবংগকে ধৰি ভালেকেইখন ৰাজ্যই তেঁওলোকৰ ৰাজ্যকেইখনত কৃষকৰ আত্মহত্যা 'শূন্য’ বুলি দাবী কৰিছিল। ২০১৪ চনত ১২ খন ৰাজ্য আৰু ৬খন কেন্দ্ৰীয় শাসিত অঞ্চলে তেঁওলোকৰ ঠাইত কৃষকৰ 'শূন্য আত্মহত্যা’ৰ দাবী কৰিছিল। ২০১৪ আৰু ২০১৫ চনৰ এনচিআৰবি প্ৰতিবেদনত সংখ্যা হ্ৰাস কৰাৰ বাবে পদ্ধতিৰ লজ্জাজনক সুৰুঙা ৰখা পৰিলক্ষিত হ’ল।

তৎস্বত্বেও এই সংখ্যা বাঢ়ি আহিছে।

এই সময়তে কৃষক আৰু শ্ৰমিকৰ প্ৰতিবাদ তুংগত উঠিছে। কৃষকক গুলিয়াই হত্যা কৰা হৈছে, মধ্যপ্ৰদেশত। চুক্তিৰে কৃষকক উপহাস কৰা হৈছে, প্ৰৱঞ্চনা কৰা হৈছে, মহাৰাষ্ট্ৰত। একেদৰে সমগ্ৰ দেশতে বিমুদ্ৰাকৰণৰ দৰে সকলো ক্ষেত্ৰতে বিলাই-বিপত্তিৰ সীমা নাইকিয়া কৰা হৈছে। দেশৰ গ্ৰামাঞ্চলত ক্ষোভ আৰু যাতনাৰে ক্লিষ্ট হৈছে কৃষক। একেদৰে শ্ৰমিক শ্ৰেণীও ক্ষোভিত হৈ পৰিছে, মনৰেগা আঁচনিৰ গুৰিতে আঁসোৱাহ থকাটোৱে তেঁওলোকক বিধ্বস্ত কৰিছে। মাছমৰীয়া, বনাঞ্চলৰ জাতি-জনজাতীয় লোক, কাৰিকৰ, শোষিত অংগনৱাড়ী কৰ্মী- সকলো হতাশ। যিসকলে চৰকাৰী বিদ্যালয়লৈ নিজৰ ল’ৰা-ছোৱালী পঠিয়াইছে, তেঁওলোকে উপলব্ধি কৰিছে যে ৰাজ্য চৰকাৰসমুহে নিজেই নিজৰ বিদ্যালয়বোৰৰ মৃত্যুঘণ্টা বজাইছে। তদুপৰি নিম্নশ্ৰেণীৰ চৰকাৰী কৰ্মচাৰী আৰু পৰিবহন আৰু ৰাজহুৱা খণ্ডত কাম কৰাসকলকো বলিশাললৈ সাজু কৰা হৈছে।
Vishwanath Khule, a marginal farmer, lost his entire crop during the drought year. His son, Vishla Khule, consumed a bottle of weedicide that Vishwanath had bought
PHOTO • Jaideep Hardikar

বিদৰ্ভৰ আকোলা জিলাৰ বিশ্বনাথ খুলেৰ পুত্ৰ বিশালে অপতৃণনাশক খাইছিল। কৃষকৰ আত্মহত্যা বাঢ়িছে, কিন্তু চৰকাৰে ভুৱা সংখ্যাৰে আভুৱা ভাৰিবলৈ এৰা নাই

ইফালে সমস্যাবোৰ গ্ৰামাঞ্চলতে সীমাবদ্ধ হৈ থকা নাই। দেশত ২০১৩-১৪ চনত আৰু ২০১৫-১৬ চনত নিবনুৱা সমস্যা অভূতপূৰ্বভাৱে বৃদ্ধি পোৱা বুলি অধ্যয়নত প্ৰকাশ পাইছে।

২০১১ চন লোকপিয়লে দেশত স্বাধীনোত্তৰ কালৰ সৰ্ববৃহৎ হতাশাজনিত প্ৰব্ৰজনৰ ইংগিত বহন কৰিছিল। লাখে লাখে দৰিদ্ৰ লোকে নিজৰ জীৱিকা হেৰুৱাই ইখনৰ পৰা সিখন গাঁও, গ্ৰামীণ চহৰ-নগৰ, ডাঙৰ চহৰ আদিলৈ ঢাপলি মেলিছিল। ১৯৯১ চনৰ তুলনাত ২০১১ চনৰ লোকপিয়লত খেতিয়ক (মুখ্য খেতিয়ক)ৰ সংখ্যা লক্ষণীয়ভাৱে প্ৰায় ১ কোটি ৫০ লাখ হ্ৰাস পাইছিল। এতিয়া আপুনি নিজেই জানে আগৰ কিমান গৌৰৱান্বিত খাদ্য-উৎপাদকে ঘৰুৱা কাম-বন কৰা ভৃত্য হিচাপে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। চহা আৰু নগৰীয়া সম্ভ্ৰান্তচামৰ দ্বাৰা দৰিদ্ৰসকল শোষিত হোৱাৰ বাবে উন্মুক্ত হৈ পৰিছে।

চৰকাৰে শুনিও নুশুনাৰ ভাও জোৰাৰ খুব জোৰদাৰ চেষ্টা চলাইছে। সংবাদমাধ্যমৰো একেই স্থিতি।

সংবাদমাধ্যমে যেতিয়া সমস্যাবোৰত চকু ফুৰায়,  তেঁওলোক কেৱল 'ঋণ ৰেহাই’ৰ গণ্ডীতে সীমাবদ্ধ হৈ ৰয়। শেহতীয়াকৈ তেঁওলোকে কৃষকৰ দাবীৰ তালিকাত ন্যুনতম সমৰ্থন মূল্য (এমএচপি)- উৎপাদনৰ ব্যয় (CoP2) + ৫০ শতাংশ চিনাক্ত কৰিব পাৰিছে। তথাপি নেশ্যনেল কমিছন অন ফাৰ্মাৰ্চ (চমুকৈ এনচিএফ যাক স্বামীনাথন আয়োগ বুলি জনপ্ৰিয়)য়ে উল্লেখ্য কৰা কেতবোৰ গুৰুত্বপূৰ্ণ সমস্যাৰ কথা উল্লেখ এতিয়াও কৰা নাই। আয়োগখনৰ কিছুমান প্ৰতিবেদন বিগত ১২ বছৰ ধৰি সংসদত আলোচনা নোহাৱাকৈয়ে এলাগী হৈ পৰি আছে। ইফালে ঋণ ৰেহাইৰ সমৰ্থন নকৰা সংবাদমাধ্যমে উল্লেখ নকৰে কেনেদৰে কৰ্পৰেট আৰু ব্যৱসায়ীয়ে নন-পাৰফৰ্মিং সম্পত্তিৰে বেংকক ঘটিয়ে ঘটিয়ে পানী খুৱাইছে।

বোধকৰো এক বৃহৎ গণতান্ত্ৰিক প্ৰতিবাদৰ সমান্তৰালভাৱে ২১ দিনীয়া অথবা তিনি সপ্তাহৰ উৎসৰ্গিত অধিবেশনৰ জৰিয়তে সমগ্ৰ সংকট তথা সম্পৰ্কিত সমস্যাবোৰ সম্বোধন কৰাৰ সময় সন্নিকট। দুয়োখন সদনৰ এক যুটীয়া বৈঠক।


Two women sitting at Azad maidanIn Mumbai, covering their heads with cardboard boxes in the blistering heat.
PHOTO • Binaifer Bharucha

মহিলা কৃষকৰ অধিকাৰ আৰু সমস্যা সমাধান সন্দৰ্ভত আগভাগ নললে আমি কৃষিসংকট সমাধান কৰিব নোৱাৰো

এই অধিবেশন কি সূত্ৰৰ ওপৰত ভিত্তি কৰি পতা হ’ব। ৰাজ্যিক নীতিৰ নিৰ্দেশাত্মক নীতিতে এইবিষয়ে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো কোৱা হৈছে। সেই অধ্যায়টোত ''আয়ৰ বৈষম্য হ্ৰাস কৰা’’ আৰু মৰ্যাদা, সুবিধা আৰু সুযোগৰ বৈষম্য নাইকিয়া কৰাৰ’’ কথা কোৱা হৈছে। এই আদৰ্শই ''এনে এক সামাজিক শৃংখলাৰ কথা কয় য’ত সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায় জাতীয় জীৱনৰ সকলো প্ৰতিষ্ঠানলৈ সমবিতৰিত হয়।’’

কৰ্ম, শিক্ষা আৰু সামাজিক সুৰক্ষাৰ অধিকাৰ। পুষ্টিৰ মাত্ৰা আৰু জনস্বাস্থ্যৰ মাত্ৰা বঢ়োৱা। এক উত্তৰোত্তৰ পৰ্যায়ৰ জীৱন যাপনৰ অধিকাৰ। সমান কামৰ বাবে পুৰুষ-মহিলা নিৰ্বিশেষে সমান মজুৰি। কৰ্মস্থলীৰ ন্যায়সংগত আৰু মানৱীয় অৱস্থা। এইবোৰেই মূল নীতিৰ ভিতৰত পৰে। উচ্চতম ন্যায়ালয়ে একাধিকবাৰ দোহাৰিছে যে আমাৰ মৌলিক কৰ্তব্যৰ সমানে সমানে গুৰুত্বপূৰ্ণ এই নিৰ্দেশাত্মক নীতিসমূহ।

বিশেষ অধিবেশনত আলোচনাৰ কিবা বিষয়সূচী? কিছুমানৰ মতে পৰিস্থিতিক লৈ চিন্তান্বিতসকলে সংশোধন কৰিব পাৰে অথবা তলত দিয়াখিনিৰ সৈতে যোগ দিব পাৰেঃ

৩ দিনঃ স্বামীনাথন আয়োগৰ প্ৰতিবেদনৰ আলোচনা, যিখন ১২ বছৰ ধৰি কাৰ্যকৰী কৰা হোৱা নাই। আয়োগখনে ২০০৪ চনৰ ডিচেম্বৰ মাহৰ পৰা ২০০৬ চনৰ অক্টোবৰ মাহলৈ পাঁচখন প্ৰতিবেদন দাখিল কৰিছে। এই প্ৰতিবেদনকেইখনত কেৱল এমএচপিয়ে নহয়, ভালেমান গুৰুত্বপূৰ্ণ সমস্যা সামৰি লোৱা হৈছে। কেইটামান উল্লেখ কৰিবলগীয়া বিষয় হৈছে উৎপাদনশীলতা, বহনক্ষমতা, প্ৰযুক্তি আৰু প্ৰযুক্তিগত অৱসাদ, শুষ্কভূমিত শস্যখেতি, মূল্যই দিয়া আঘাত আৰু সুস্থিৰকৰণ। তালিকাখন দীঘল। তদুপৰি কৃষি গৱেষণা আৰু প্ৰযুক্তিৰ ব্যক্তিগতকৰণো আমি বন্ধ কৰিব লাগে। লগতে সাম্ভাব্য পৰিস্থিতিতন্ত্ৰগত দুৰ্যোগৰ সৈতেও মোকাবিলা কৰিব লাগে।

৩ দিনঃ জনসাধাৰণৰ প্ৰামাণিক বিবৃতি। সংসদৰ মজিয়াত থিয় হৈ ভুক্তভোগীজনক সংকটটোনো কি, তাৰ পৰা তেঁওলোকৰ লগতে লাখে লাখে জনসাধাৰণ কি পৰিস্থিতিত পৰিছে, সেইবিষয়ে সমগ্ৰ দেশকে অৱগত কৰোৱাৰ সুযোগ দিব লাগে। এয়া কেৱল কৃষিৰ কথাই নহয়। শিক্ষা আৰু স্বাস্থ্যৰ ব্যক্তিগতকৰণে কেনেদৰে গ্ৰামাঞ্চলৰ দৰিদ্ৰসকলক, দৰাচলতে সমগ্ৰ দৰিদ্ৰশ্ৰেণীক জুৰুলা কৰিছে এই সকলো কথা অন্তৰ্ভুক্ত। স্বাস্থ্যৰ নামত গ্ৰামাঞ্চলৰ পৰিয়ালবোৰৰ দ্ৰুতগতিত বাঢ়ি অহা ধাৰ-ঋণৰ প্ৰথম বা দ্বিতীয় কাৰণ।

৩ দিনঃ ঋণৰ বোজা। ধাৰৰ বোজা দিনে দিনে বাঢ়ি যোৱা। লাখে লাখে খেতিয়কৰ জীৱন বিধ্বস্ত কৰাৰ সমানে সমানে গণি শেষ কৰিব নোৱাৰা খেতিয়কৰ আত্মহত্যাৰ ই এক অন্যতম কাৰণ। ইয়াৰ ফলত তেঁওলোকে নিজ মাটিৰ সৰহভাগ, কেতিয়াবা আটাইখিনিয়েই হেৰুৱাবলগীয়া হয়। আনুষ্ঠানিক ঋণৰ নীতিয়ে সুদখোৰৰ লাভৰ বাট মুকলি কৰিছে।  

৩ দিনঃ দেশৰ বৃহৎ জলসংকট। ইয়াৰ প্ৰকোপ খৰাঙতকৈও তীব্ৰ। 'যুক্তিযুক্ত মূল্যনিৰ্ধাৰণ’ৰ নামত এই চৰকাৰে পানীৰ ব্যক্তিগতকৰণৰ বাবে দৃঢ়প্ৰতিজ্ঞ হোৱা যেন অনুমান হয়। খোৱাপানীৰ অধিকাৰ হিচাপে স্বীকৃতি দি আমাৰ মৌলিক অধিকাৰৰ ভিতৰত গণ্য কৰিব লাগে। লগতে জীৱন দায়িনী এই সম্পদক কোনো খণ্ডতেই ব্যক্তিগতকৰণ নিষেধ কৰাব লাগে। সামাজিক নিয়ন্ত্ৰণ আৰু সমান সুগম্যতা, বিশেষকৈ ভূমিহীনসকলৰ বাবে নিশ্চিত কৰাব লাগে।

৩ দিনঃ মহিলা খেতিয়কৰ অধিকাৰসমূহ। খেতি পথাৰত আৰু পামত বেছিভাগ কাম কৰাসকলৰ মালিকীস্বত্ব আৰু অনান্য সমস্যাকে ধৰি অধিকাৰসমূহৰ বিষয়ত দৃষ্টিপাত নকৰিলে কৃষিসংকট সমাধান কৰা সম্ভৱ নহয়। ৰাজ্যসভাত অধ্যাপক স্বামীনাথনে উত্থাপন কৰা মহিলা খেতিয়কৰ অধিকাৰ বিধেয়ক, ২০১১ খনে এই তৰ্কৰ বাট মুকলি কৰিব পাৰে।

৩ দিনঃ ভূমিহীন পুৰুষ-মহিলা শ্ৰমিক। হতাশাজনিত প্ৰব্ৰজন সকলো দিশতে বিয়পি পৰাৰ সময়ত এই সংকট কেৱল গ্ৰামীণ হৈ থকা নাই। কৃষিখণ্ডত কৰা যিকোনো বিনিয়োগৰ সময়ত তেঁওলোকৰ প্ৰয়োজনীয়তা, অধিকাৰ আৰু দৃষ্টিভংগী নিৰ্ধাৰণকাৰী কাৰক হিচাপে বিবেচনা কৰিব লাগে।

৩ দিনঃ কৃষিৰ ওপৰত তৰ্ক। আজিৰ পৰা ২০ বছৰ পিছত আমাক কেনেধৰণৰ কৃষিকৰ প্ৰয়োজন? কৰ্প’ৰেটৰ লাভৰ কথা চিন্তা কৰা ধৰণৰ নে এই চিন্তা সম্প্ৰদায় আৰু পৰিয়ালৰ কথাৰ দ্বাৰা পৰিচালিত হ’ব লাগে, যাৰ বাবে কৃষিয়েই জীৱনৰ অস্তিত্বৰ আধাৰস্বৰূপ। মালিকীস্বত্ব আৰু নিয়ন্ত্ৰণৰ ক্ষেত্ৰত অন্য ৰূপো থাকে, যেনে কেৰেলাৰ কুদুম্বশ্ৰী আন্দোলনৰ সংঘ কৃষিৰ প্ৰচেষ্টা। তদুপৰি আমি ভূমি সংস্কাৰৰ অসম্পূৰ্ণ কাৰ্যৰূপায়ন কৰিত লাগে। ওপৰৰ তৰ্কৰ আটাইকেইটা বিষয় সঁচা অৰ্থত অৰ্থৱহ আৰু অতিকৈ প্ৰয়োজনীয়। তদুপৰি আদিবাসী আৰু দলিত সম্প্ৰদায়ৰ কৃষক আৰু শ্ৰমিকৰ কথাও বিষয়কেইটাত সামৰি লোৱাটো বাঞ্চনীয়।

যদিওবা কোনো এটা ৰাজনৈতিক দলেই এনে এখন অধিবেশনৰ বিৰোধীতা নকৰে, কিন্তু বাস্তবতঃ এয়া কৰাটো নিশ্চিত কৰিব কোনে? বঞ্চিতসকলে নিজেই।

Midnight walk to Azad Maidan
PHOTO • Shrirang Swarge

নাচিকৰ পৰা মুম্বাইলৈ কৃষকৰ পদযাত্ৰা ৰাষ্ট্ৰীয় পৰ্যায়ত হ’ব লাগে, কেৱল কৃষক আৰু শ্ৰমিকেই নহয়, এই সংকটে আন বহুতকে সৰ্বশ্ৰান্ত কৰিছে

চলিত বৰ্ষৰ মাৰ্চ মাহত ৪০ হাজাৰ কৃষক-শ্ৰমিকে নাচিকৰ পৰা মুম্বাইলৈ পদব্ৰজে মিচিল উলিয়াই এই দাবীবোৰ উত্থাপন কৰিছিল। মুম্বাইৰ উদ্ধত চৰকাৰখনে সেইসকলক 'চহা মাওবাদী’ আখ্যা দি কথা পতাৰ বাবে অমান্তি হৈছিল। কিন্তু কেইঘণ্টামানৰ ভিতৰতে এক বিশাল গণসমাবেশে বিধানসভা ঘেৰাও কৰাৰ বাবে মুম্বাইত উপস্থিত হোৱাত চৰকাৰৰ সম্বিত ঘুৰি আহিল। তেঁওলোক আছিল গাঁৱৰ দৰিদ্ৰ লোক যিয়ে নিজৰ চৰকাৰখন থান-থিত লগাই আছিল।

মিচিল উলিওৱা অত্যন্ত অনুশাসনপূৰ্ণ লোকসকলে মুম্বাইত তেঁওলোকৰ খোজৰ এক অভূতপুৰ্ব চিন ৰাখি গ’ল। কেৱল চহৰৰ শ্ৰমিক শ্ৰেণীয়ে নহয়, মধ্যবিত্ত আনকি উচ্চ মধ্যবিত্তৰ লোকেও তেঁওলোকৰ প্ৰতি সহানুভূতিশীল হৈ ঘৰৰ পৰা বাহিৰলৈ ওলাই আহিল।

আমি এয়া ৰাষ্ট্ৰীয় পৰ্যায়ত কৰাৰ প্ৰয়োজন আছে। ইয়াতকৈ ২৫ গুণ অধিক লোক লৈ। বঞ্চিত লোকসকলৰ এক দীঘলীয়া মিচিল। কেৱল কৃষক আৰু শ্ৰমিকৰে নহয়, সংকটে বিধ্বস্ত কৰা সকলো লোকৰ সৈতে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ সেইসকল লোকো, যিয়ে এই সংকটৰ পৰা কেৱল ক্ষতিগ্ৰস্তই হোৱা নহয়, নিজৰ দৰেই আনৰ বাবে সহানুভূতি ৰখাসকলো। যিসকলে ন্যায় আৰু গণতন্ত্ৰৰ পক্ষত আছে। এনে এটা মিচিল যিয়ে দেশৰ প্ৰতিটো চুক-কোণৰ পৰা আৰম্ভ হ’ব আৰু ৰাজধানীত আহি লগ লাগিব। লাল কিল্লাৰ ৰেলী নহয়, যন্তৰ-মন্তৰত কোনো লাওখোলা নহয়। এই মিচিলে সংসদ ঘেৰাও কৰক, তেঁওলোকক কোৱা, শুনা আৰু কাম কৰিবলৈ বাধ্য কৰাওক। হয়, তেঁওলোকে দিল্লী দখল কৰক।

ইয়াক বাস্তৱ ৰূপ দিবলৈ কেবামাহো লাগিব পাৰে। এয়া এক ডাঙৰ প্ৰত্যাহ্বান। এই প্ৰত্যাহ্বানৰ মুখামুখি হ’বলৈ কৃষক, শ্ৰমিক আৰু অইন লোকৰ সংগঠনৰ বিশাল মিত্ৰজোঁট হোৱা প্ৰয়োজন আছে। এই মিত্ৰজোঁটে শাসক আৰু তেঁওলোক সংবাদমাধ্যমৰ পৰা তীব্ৰ বাধাৰ সমুখীন হ’ব, যিয়ে সকলো পৰ্যায়তে এই মিত্ৰজোঁটৰ কঁকাল ভাঙিবলৈ চেষ্টা কৰিব।

কিন্তু এয়া সম্ভৱপৰ। দৰিদ্ৰসকলৰ শক্তিক উপেক্ষা নকৰিব। তেঁওলোক তোষামোদকাৰী শ্ৰেণীৰ লোক নহয়। তেঁওলোকেই গণতন্ত্ৰক জীয়াই ৰাখিছে।

এয়া গণতান্ত্ৰিক প্ৰতিবাদৰ আটাইতকৈ ডাঙৰ ৰূপ হ’ব। যিয়ে দহ লাখৰো অধিক লোক প্ৰতিনিধিক কাম কৰিবলৈ বাধ্য কৰাব। ভগত সিং আজি জীয়াই থাকিলে ক’লেহেঁতেন, তেঁওলোকে কলাক শুনা কৰিব পাৰে, অন্ধক দৃষ্টি দিব পাৰে আৰু বোবাক ক’বলৈ বাধ্য কৰাব পাৰে।

অনুবাদঃ পংকজ দাস

পংকজ দাস এগৰাকী সাংবাদিক, অনুবাদক আৰু অসমীয়া নিউজ পৰ্টেল newsnextone.com ৰ সহ-প্ৰতিস্থাপক। যোগাযোগৰ ইমেইল আইডি [email protected]

পি সাইনাথ পিপল’ছ আৰ্কাইভেল অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰতিষ্ঠাপক সম্পাদক।‘এভ্ৰিবডী লাভছ আ গুড ড্ৰট’ ৰ লেখক সাইনাথে কেবাদশক ধৰি গ্ৰাম্য সাংবাদিকতা কৰি আহিছে।তেখেতৰ

Other stories by P. Sainath