নিজৰ ঘৰৰ পৰা কিছু দুৰত পানীৰে ভৰা ছটা প্লাষ্টিকৰ মোনা বিশেষ ধৰণে নিৰ্মিত ট্ৰলিত কঢ়িয়াই লৈ গৈ ৰাস্তা পাৰ হোৱাৰ সময়ত চি. শুভলক্ষ্মীৰ মনত কেৱল নিৰ্বাচন আৰু ভোটদানৰ কথাই পাকঘুৰণি খাই থাকিল। তাই খেতিপথাৰত কাম কৰা শ্ৰমিক, ট্ৰলিখন থকা কাৰণে নিজেই পানী কঢ়িয়ায়। 'আমাক দুৰ্ভাৱনাই আগুৰি ধৰিছে,’ কুমাৰেড্ডিয়াহপুৰমৰ শুভলক্ষ্মীয়ে কয়।

শুভলক্ষ্ণী(৪৮)এ ভোটদানৰ বাদেও অইন বিষয়তো মন দিব পাৰে, কিন্তু তাইৰ গাঁওখন যিটো লোকসভা সমষ্টিত পৰে সেয়া তামিলনাডুৰ নিৰ্বাচনী ক্ষেত্ৰসমূহৰ ভিতৰত কেন্দ্ৰবিন্দুস্বৰূপ। দ্ৰাবিড় মুনেত্ৰা কড়গম (ডিএমকে)ৰ এম কানিমোঝি কিংবদন্তি আৰু প্ৰসিদ্ধ ডিএমকে নেতা এম কৰুণানিধিৰ জীয়াৰী। কানিমোঝিয়ে ভাৰতীয় জনতা পাৰ্টি (বিজেপি)ৰ প্ৰাদেশিক অধ্যক্ষ তামিলিসাই সৌন্দৰাৰাজনৰ বিৰুদ্ধে নিৰ্বাচনী ৰণত নামিছে। এই সমষ্টিটোৰ পৰা ২০১৪ত এআইএডিএমকে-ৰ জেয়াসিংহ ত্যাগৰাজ জয়ী হৈছিল, তেঁও প্ৰতিদ্বন্দী ডিএমকে নেতা জেগন পীক হৰুৱাইছিল।

১৩ লাখৰো অধিক ভোটদাতা থকা এই নিৰ্বাচনী ক্ষেত্ৰখনক আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰি তোলা অইন এক বিষয় হৈছে যোৱা বছৰ সংঘটিত হোৱা ভয়ংকৰ হিসাংত্মক ঘটনাটো। এই ঘটনাৰ প্ৰভাৱ তাৰপৰা ২৪ কিলোমিটাৰ দুৰৈৰ কুমাৰেড্ডিয়াহপুৰমৰ ভালেমান লোকৰ ওপৰতো পৰিছিল।

২০১৮ৰ ১২ ফেব্ৰুৱাৰীৰ দিনা এই গাঁৱৰ প্ৰায় ৩০০ মান লোকে থুটুকুৰি চহৰত ষ্টাৰলাইট কপাৰ প্ৰকল্প (বেদান্ত লিমিটেডৰ এক ব্যৱসায়িক গোষ্ঠী)ৰ প্ৰসাৰণৰ বিৰোধীতা কৰি প্ৰতিবাদ প্ৰদৰ্শন কৰে। প্ৰতিবাদকাৰীয়ে তাতে যিমান সময় বহাৰ অনুমতি পাইছিল, তাতকৈ বেছি সময় তাতে বহি থকাৰ বাবে আৰক্ষীয়ে তেঁওলোকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ এই পদক্ষেপৰ বিৰোধীতাৰে ২০১৮ৰ ২৪ মাৰ্চত থুটুকুৰি চহৰৰ ৰাস্তাত প্ৰায় ২ লাখ মানুহ ওলাই আহে। বিভিন্ন ক্ষেত্ৰৰ আৰু ব্যৱসায়িক গোষ্ঠীৰ মানুহে ষ্টাৰলাইটৰ নতুন তাম গলোৱা প্ৰকল্পৰ নিৰ্মাণ বন্ধ কৰাৰ দাবী জনায়। ষ্টাৰলাইটৰ প্ৰকল্পই তেঁওলোকৰ পানী বিষাক্ত কৰি তোলাৰ লগতে জীৱিকাৰ সাধন নষ্ট কৰিছে বুলি তেঁওলোকে দাবী কৰে।

Sterlite protest within the Kumareddiahpuram village which started in February 2018. The first photo has a black board which says 35th day of the protest on March 18, 2018
PHOTO • Kavitha Muralidharan

কুমাৰেড্ডিয়াহপুৰমত ষ্টাৰলাইটৰ প্ৰকল্পৰ বিৰুদ্ধে প্ৰদৰ্শন ২০১৮ৰ ফেব্ৰুৱাৰীত আৰম্ভ হৈছিল আৰু থুটুকুৰি চহৰত মানুহৰ লানি নিছিগা সমদল ওলাইছিল

বিৰোধ প্ৰদৰ্শনৰ ১০০তম দিনত ২২ মে’ত আৰক্ষীয়ে প্ৰদৰ্শনকাৰীৰ ওপৰত নিৰ্বিচাৰে গুলিচালনা কৰাত ১৪ জন লোকৰ মৃত্যু হয়। এশৰো অধিক লোক আহত হয়। ২৮ মে’ৰ দিনা ৰাজ্য চৰকাৰে ষ্টাৰলাইট কপাৰ প্ৰকল্প বন্ধ কৰি দিয়ে, কিন্তু ষ্টাৰলাইটৰ কৰ্তৃপক্ষই কোম্পানীটো পুনৰাই খোলাৰ বাবে আদালতৰ দ্বাৰস্থ হৈছে।

'প্ৰকল্প স্থায়ীভাৱে বন্ধ নোহোৱালৈকে আমি দুশ্চিন্তাত দিন কটাব লাগিব আৰু আমাৰ বাবে নিৰ্বাচনৰ কোনো অৰ্থ নাই,’ শুভলক্ষ্মীয়ে আমাক কুমাৰেড্ডিয়াহপুৰমত ক’লে। থুটুকুৰি জিলাৰ ঔট্টিপিডাৰম খণ্ডত এই ঠাই আছে। আচৰিত ধৰণে এই গাঁৱৰ কোনো আহত হোৱা নাছিল, সেয়া ২১ মে’ৰ দিনা আৰক্ষীৰ দ্বাৰা বিৰোধ প্ৰদৰ্শন অৱৰোধ কৰোৱা তিনিখন গাঁৱৰ এখন আছিল। কিন্তু সেই ঘটনাৰ পিছত তেঁওলোক শংকিত হৈ পৰিছিল।

তামিলনাডুত সেইখিনি সময়তে ৰাজ্যৰ ক্ষুদ্ৰ নিৰ্বাচন চলি আছিল। এইসকল লোকে ১৮ এপ্ৰিল (সেইদিনাই লোকসভাৰ ভোটদানো আছে) আৰু ১৯ মে’ৰ দিনা ২২ টা বিধানসভা সমষ্টিৰ বাবে উপনিৰ্বাচনত ভোটদান কৰিব। ইয়াতে ২৩৪ খন আসনৰ তামিলনাডু বিধানসভাৰ প্ৰায় ১০ শতাংশ আসন আছে। ঔট্টাপিডাৰম হৈছে অনুসূচীত জাতিৰ বাবে সংৰক্ষিত নিৰ্বাচনী সমষ্টি, তাৰেই ভিতৰত কুমাৰেড্ডিয়াহপুৰম পৰে। তাতে ১৯ মে’ৰ দিনা ভোটদান হ’ব। ঔট্টাপিডাৰমত উপনিৰ্বাচন হোৱাৰ কাৰণ হৈছে তাতে শাসনাধীস্থ এআইএডিএমকেৰ বিধায়ক আৰু সুন্দৰৰাজক দলবাগৰা বিৰোধী আইনৰ অধীনত অযোগ্য বুলি ঘোষণা কৰা হৈছিল। এই আসনখনৰ কাৰণে এতিয়ালৈ ডিএমকে-এ নিজৰ প্ৰাৰ্থী এম. চি. সনমুগেয়াহৰ নাম ঘোষণা কৰিছে।

এই ২২ খন আসনৰ ফলাফলে বিধানসভাখনৰ ভাৰসাম্য অধিক বিনস্ত কৰিব পাৰে, য’তনেকি শাসনাধিস্থ এআইএডিএমকেৰ হাতত সংখ্যাগৰিষ্ঠতাৰ কাৰণে ইতিপূৰ্বে দুখন আসন কম হৈ আছে।

কুমাৰেড্ডিয়াহপুৰম আৰু তাৰে আশে-পাশে থকা এলেকাত পানী ভয়ংকৰ ৰূপত হ্ৰাস পাইছে। ফলত শুভলক্ষ্মী (ওপৰৰ বেটুপাতৰ ফটোত থকা) আৰু তাইৰ দৰে বহুতেই দিনটোৰ অধিকাংশ সময় পানী আনিবলৈ যাওতে ব্যয় কৰিবলগীয়া হয়, সেয়া লাগিলে য’ৰেপৰাই নহওক কিয়। তাৎপৰ্যৰ কথা এয়ে যে ষ্টাৰলাইট কোম্পানীয়ে এই মহিলাসকলৰ তুলনাত খুব কম দামতে পানী ক্ৰয় কৰি আছিল, য’তনেকি এই মহিলাসকলে খোৱাপানীৰ এটা ভৰ্ত্তি পাত্ৰৰ বাবদ ১০ টকাকৈ দিবলগীয়া হৈছিল। প্লাষ্টিকৰ এটা পাত্ৰত প্ৰায় ২৫ লিটাৰ পানী আনিব পাৰি। 'ষ্টাৰলাইট বন্ধ হোৱাৰ পিছতে কুমাৰেড্ডিয়াহপুৰমৰ মহিলাই নিতৌ পৰ্যাপ্ত ৰূপত নহ’লেও আগতকৈ সৰহকৈ পানী পাবলৈ ধৰে,’ পী. প্ৰভুই কয়। 'বিড়ম্বনাৰ কথা এয়ে যে যেতিয়ালৈ কোম্পানীটো বন্ধ কৰা হোৱা নাছিল তেতিয়ালৈ ষ্টাৰলাইটে কেৱল ১০ টকাতে ১০০০ লিটাৰ পানী ক্ৰয় কৰিছিল।’ থুটুকুৰিৰ স্থানীয় বেপাৰী তথা বিৰোধ প্ৰদৰ্শনকাৰী প্ৰভুৱে এই প্ৰতিবেদকক নিজৰ লগত নিজ গাঁৱলৈ লৈ গৈছিল।

Details of water procured by Sterlite
PHOTO • Kavitha Muralidharan
Details of water procured by Sterlite
PHOTO • Kavitha Muralidharan

টাৰলাইটৰ দ্বাৰা ক্ৰয় কৰা পানীৰ বিৱৰণঃ গাঁৱৰ মানুহে ১০ টকাত ২৫ লিটাৰ পানী ক্ৰয় কৰিবলগীয়া হোৱাৰ বিপৰীতে ষ্টাৰলাইটে ১০ টকাত ১০০০ লিটাৰ পানী পাইছিল

ঔদ্যোগিক কেন্দ্ৰ হিচাপে সুখ্যাতি থকা থুটুকুৰিত ভালেমান কুটীৰ শিল্পৰ উদ্যোগ আছে যেনে টকৌপাতৰ সামগ্ৰী আৰু বাদামৰ চকলেট আদিৰ উদ্যোগ। কুমাৰেড্ডিয়াহপুৰমত ৩০০ ঘৰৰো কম পৰিয়াল আছে, ঠাইখন বিবাদৰ কেন্দ্ৰবিন্দুস্বৰূপ ষ্টাৰলাইট কপাৰ প্ৰকল্পৰ কাষতে। এইখন ঠায়েই ষ্টাৰলাইটৰ বিৰোধিতাৰ কেন্দ্ৰস্থল বুলিব পাৰি। কোম্পানীটো স্থাপন কৰা হৈছিল ১৯৯৮ত আৰু তেতিয়াৰেপৰা পৰিৱেশ প্ৰদূষণ আৰু স্বাস্থ্যসংক্ৰান্ত বিভিন্ন বিষয়ক লৈ কোম্পানীটোৱে স্থানীয় লোকৰ বিৰোধৰ সমুখীন হৈ আহিছে। সমাজকৰ্মীয়ে কোৱামতে ষ্টাৰলাইটে পৰিচালনৰ নিয়ামৱলী বাৰম্বাৰ উলংঘন কৰি আহিছে আৰু ২০১১লৈ অনুজ্ঞাপত্ৰ নৱীকৰণ নকৰাকৈ প্ৰসাৰণৰ কাম আৰম্ভ কৰিছে। ৰাষ্ট্ৰীয় পাৰিৱেশিক গৱেষণা সংস্থা আৰু তামিলনাডু প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ অধ্যয়নত এই কথা পোহৰলৈ আহিছে যে ষ্টাৰলাইটৰ পৰা হোৱা নিৰ্গমনে ভূজল, বায়ু আৰু মাটি প্ৰদূষিত কৰি পেলাইছে।

কুমাৰেড্ডিয়াহপুৰমৰ গঞাই ২০১৮ত পুনৰাই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে যেতিয়া তেঁওলোকে জানিবলৈ পালে যে কপাৰ প্ৰকল্পৰ প্ৰসাৰণৰ পৰিকল্পনা আৰম্ভ হৈছে। তেঁওলোকে অভিযোগ উত্থাপন কৰিলে যে এই প্ৰকল্পই গাঁওবোৰ প্ৰদূষিত কৰিছে, বিভিন্ন ৰোগৰ প্ৰকোপ বাঢ়িছে। 'আমি ইয়াতে জীৱনৰ মান বছৰে বছৰে অৱনমিত হোৱা দেখি আহিছো। তেঁওলোকে কয় যে গাঁৱত থাকিলে স্বাস্থ্য ভালে থাকে। আপুনি কুমাৰেড্ডিয়াহপুৰমলৈ আহক, ইযাত থাকিলে জানিব বাস্তৱত কি ঘটি আছে,’ ৫৫ বৰ্ষীয় গৃহি্ণী বেল্লই তাঈয়ে কয়।

স্থানীয় লোকে কোৱামতে ষ্টাৰলাইটৰ আশে-পাশে থকা এলেকাত কৰ্কট ৰোগ আৰু প্ৰজনন সংক্ৰান্ত জটিলতা বৃদ্ধি পাইছে। 'আপুনি এটাও নিৰোগী পৰিয়াল ইয়াতে বিচাৰি নাপাব। মই নিজে মোৰ মা-দেউতাক তীব্ৰবেগে বাৰ্ধক্য পোৱা দেখিছো, তেনে হ’ব নালাগিছিল,’ ১৭ বৰ্ষীয় ছাত্ৰী পি. মহালক্ষ্মীয়ে কয়।

পানীৰ অভাৱ ইয়াতে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান। মহিলাই প্লাষ্টিকৰ পাত্ৰ লৈ বিশেষ ধৰণে সজা ট্ৰলিত পানী লৈ ৰাস্তা পাৰ হোৱা যিকোনো এটা দিনত দেখা পাব পাৰে। 'আমি পৰ্যাপ্ত পৰিমাণে পানী পাবলৈ ১০ৰ পৰা ১৫ দিন পৰ্যন্ত অপেক্ষা কৰিব লাগে। তাৰোপৰি পানী আনিবলৈ আমি আধা কিলোমিটাৰ নাইবা তাতৌকৈ অধিক বাট খোজ কাঢ়ি যাবলগীয়া হয়। আমি ছবাৰ অহা-যোৱা কৰি থাকিব নোৱাৰোঁ, সেয়ে ট্ৰলি ব্যৱহাৰ কৰোঁ,’ ৫০ বৰ্ষীয় কৃষিশ্ৰমিক কৃষ্ণা লীলাৱতীয়ে কয়।

ৰাজ্যখনৰ এই অংশকেইটাতে দেখিবলৈ পোৱা এই বিশেষ ট্ৰলিবোৰ থুটুকুৰি চহৰত বনোৱা হয় আৰু তাৰপিছত গাঁৱলৈ লৈ অহা হয়। 'এখন ট্ৰলিৰ দাম ২৫০০ মান হয়, ইয়াৰ উপৰি কুমাৰেড্ডিয়াহপুৰমলৈ অনোৱাৰ বাবে উপৰিঞ্চি ৩০০ টকা খৰছ কৰিবলগীয়া হয়,’ লীলাৱতীয়ে কয়।

Krishna Leelavathi, resident of Kumareddiahpuram
PHOTO • Kavitha Muralidharan
Akila, a villager with the trolley
PHOTO • Kavitha Muralidharan

কৃষিশ্ৰমিক কৃষ্ণা লীলাৱতী (বাওফালে) আৰু অকিলা (সোঁফালে): আমি অহা-যোৱাৰ নামত ছয় পাক মাৰিব নোৱাৰোঁ, সেয়ে ট্ৰলি ব্যৱহাৰ কৰোঁ

নাতিদুৰৈৰ থুটুকুৰিৰ যোগীশ্বৰ কলনিৰ মহিলাই এই সময়তে চাইকেল চলাবলৈ শিকিছে। 'ইয়াতে প্ৰায় ১০০ টা মান পৰিয়াল থাকে আৰু আমি ৫০ বছৰ ধৰি পানীৰ সমস্যাৰ সমুখীন হৈ আহিছো। আপুনি আমাৰ মাজত এনে এগৰাকী মহিলা নাপাব যিয়ে চাইকেল চলাব নাজানে। আমি পানী আনিবলৈ প্ৰায় দুই কিলোমিটাৰ বাট বাব লগা হয় আৰু যানজঁট থকা চহৰখনত আমি চাইকেল চলাইহে ইমানখিনি দুৰ যাব পাৰো। এনেদৰে ইমান পানীৰ ভাৰ কঢ়িওৱাৰ ফলত আমাৰ স্বাস্থ্যজনিত সমস্যাত ভুগিবলগীয়া হৈছে,’ ৪০ বৰ্ষীয় শ্ৰমিক থুটুকুৰি নিবাসী এ. সৰস্বতীয়ে কয়।

চৰকাৰে ষ্টাৰলাইট কোম্পানী বন্ধ কৰি দিয়াৰ এই এবছৰ কাল পিছতো কুমাৰেড্ডিয়াহপুৰমৰ মানুহে দুশ্চিন্তাত দিন নিয়াইছে। 'পানী মুৰৰ ওপৰৰে বৈছে, কোনোপধ্যেই কোম্পানীটো পুনৰাই খোলা হোৱাটো আমি নিবিচাৰো,’ বেল্লাই তাঈয়ে কয়। ষ্টাৰলাইটে যে প্ৰকল্পটো খুলিবলৈ আদালতৰ দ্বাৰস্থ হৈছে সেয়া স্থানীয় লোকৰ কাণত পৰিছে।

অৱশ্যেই ষ্টাৰলাইট পুনৰাই সক্ৰিয় হৈ উঠাৰ শংকাই নিৰ্বাচনী উচাহ ম্লান পেলাইছে। 'নিৰ্বাচন হওক কি নহওক, ষ্টাৰলাইট একেবাৰেই বন্ধ কৰি দিয়াটো আমি বিচাৰিছো,’ বেল্লাই তাঈয়ে কয়।

কুমাৰেড্ডিয়াহপুৰমত ষ্টাৰলাইটৰ বিষয়টো পুলবামা, বালাকোট, আগস্তা কি ৰাফেল চুক্তিতকৈও অধিক চৰ্চিত বিষয়। 'কোনেও আমাৰ ভোট বিচাৰি ইয়ালৈ অহা নাই, কিন্তু ষ্টাৰলাইট স্থায়ী ৰূপত বন্ধ কৰি দিয়াৰ খবৰ নোপোৱালৈ আমি ভোট দিবলৈ নাযাও,’ লীলাৱতীয়ে কয়।

ভোটদানৰ পৰা বিৰত থকাৰ পৰা আৰম্ভ কৰি ষ্টাৰলাইট স্থায়ী ৰূপত বন্ধ কৰোৱাৰ প্ৰতিশ্ৰুতি দিয়া কাৰোবাক ভোট দিয়া, এনে বিভিন্ন বিকল্পৰ কথা এই সৰু গাঁওখনৰ ৰাইজমেলত ওলাইছে। বেল্লাই তাঈৰ কথা ষ্পষ্ট। 'মোদী পুনৰাই অহাটো আমি নিবিচাৰো।’

'গুলিচালনাত যেতিয়া ১৪ জনকৈ লোকে প্ৰাণ হেৰুৱাইছিল, তেতিয়াও তেঁও আমাৰ কাৰণে মাত মতা নাছিল,’ ৫৫ বৰ্ষীয় কৃষি শ্ৰমিক পি. পোনৰাজে কয়। 'অন্তত ষ্টাৰলাইটে আমাক লাহে লাহে মাৰিছে।’

যোৱা ২৫ বছৰে জীৱিকা আৰু জীৱন বিপন্ন হোৱা স্বত্বেও আৰু 'যি হৈ গ’ল তাৰ পিছতো’ ৰাজনৈতিক নেতাই ভাবে যে আমি তেঁওলোকক ভোট দিম। কিন্তু আমি যুঁজ দিব লাগিব, আমাৰ কাৰণে নহ’লেও আগন্তুক প্ৰজন্মৰ বাবে,’ শুভলক্ষ্মীয়ে কয়।

'তেঁওলোকে ভোটভিক্ষা কৰি ইয়ালৈ কেনেকৈ আহিব পাৰে?’ ৪৬ বৰ্ষীয় কৃষিশ্ৰমিক বেল্লাই তাঈয়ে সোধে। 'যদি তেঁওলোকে ভাবে যে আমাৰ জীৱন আৰু জীৱিকাৰ মূল্যতকৈ ষ্টাৰলাইট বেছি গুৰুত্বপূৰ্ণ, তেন্তে আমাক মানুহৰ শাৰীত কিয় ধৰা হৈছে আৰু ইয়াত নিৰ্বাচন পাতিছেনো কিয়?’

অনুবাদঃ পংকজ দাস

Kavitha Muralidharan

Kavitha Muralidharan is a Chennai-based independent journalist and translator. She was earlier the editor of 'India Today' (Tamil) and prior to that headed the reporting section of 'The Hindu' (Tamil). She is a PARI volunteer.

Other stories by Kavitha Muralidharan
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das