গুড়াপুৰী বালাৰাজুৱে নিজৰ অটোৰিক্সাখনৰ পিছৰ আসনখন আঁতৰাই থৈ প্ৰায় ৭০০ কিলোগ্ৰাম তৰমুজ বোজাই কৰি ল’লে। নিজ গাওঁ ভেমপাহাৰৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ নিলগৰ কোপ্পোলে গাঁৱৰ ভেল্লিদান্দুপাৰুৰ এজন কৃষকৰ পৰা তেওঁ তৰমুজবিলাক ক্ৰয় কৰিছিল।

তেওঁ নালাগাোণ্ডা জিলাৰ নিডামানুৰ মণ্ডলৰ বিভিন্ন গাঁৱত অটোৰিক্সাৰে ঘূৰি ঘূৰি তৰমুজ বিক্ৰী কৰে। ১ৰ পৰা ৩ কিলো ওজনৰ একোটা তৰমুজ তেওঁ ১০ টকাত বিক্ৰী কৰিছিল। বালাৰাজুৰ কাৰণে তৰমুজ বিক্ৰী কৰাৰ সেই দিনটো কষ্টসাধ্য আছিল, ফল-মূল বিক্ৰী কৰিবলৈ নাথাকিলে তেওঁ যাত্ৰীৰ ভাড়া মাৰে। গাওঁবাসীয়ে তেওঁ অহাৰ বাবে ভালেই পালে। ‘কিছুমানে তৰমুজক ক’ৰণা কায়া’ (ক’ৰণা তৰমুজ) বুলি ক’লে,’ ২৮ বছৰীয়া বালাৰাজুৱে ক’লে। ‘সিহঁতে ক’লে, ‘ইয়ালৈ নাহিবা, তুমি তৰমুজৰ লগত ভাইৰাছ আনিছা’।’

২৩ মাৰ্চৰ পিছত যেতিয়া তেলেংগানাত ক’ভিড-19 তলাবন্ধ আৰম্ভ হ’ল, তেওঁ তৰমুজ বিক্ৰী কৰি কোনোমতে দিনটোত ৬০০ টকা উপাৰ্জন কৰিছিল। তৰমুজৰ বতৰত তলাবন্ধৰ আগতে কেইসপ্তাহমান তেওঁ দৈনিক ১৫০০ টকা পৰ্যন্ত উপাৰ্জন কৰিছিল। সাধাৰণতে তেলেংগানাত জানুৱাৰী মাহত তৰমুজৰ খেতি আৰম্ভ হয় আৰু দুমাহৰ পাছত খেতি চপাবৰ হয়।

এফালে বিক্ৰী কমি আহিছে, আনহাতে মানুহে যিকোনো কথা ক’বলৈ আৰম্ভ কৰিছে। সেয়ে বালাৰাজুৱে ভাবিছে, ১ এপ্ৰিলত ক্ৰয় কৰা এই তৰমুজখিনি যেনেতেনে বিক্ৰী কৰিব পাৰিলে তেওঁ ঘৰৰ পৰা নোলায়। তেওঁৰ নিচিনাকৈ ক’ভিড-19 সংকটৰ বাবে বহুতো খেতিয়ক, শ্ৰমিক আৰু ব্যৱসায়ী, যিসকল তৰমুজ উৎপাদন আৰু ব্যৱসায়ত জৰিত, তেওঁলোকৰ বাবে এতিয়া অতি বেয়া সময়।

শ্ৰমিকসকল, বিশেষকৈ যিসকল মহিলা শ্ৰমিকে তৰমুজ গছৰ পৰা চিঙি ট্ৰাকত বোজাই কৰে, তেওঁলোক দিনমজুৰীৰ ওপৰত নিৰ্ভৰশীল। ১০ টনৰ এখন ট্ৰাক বোজাই কৰাৰ বাবে ৭-৮ গৰাকী মহিলা শ্ৰমিকে ৪০০০ টকা পায় সেই টকা তেওঁলোকে সমানে ভগাই লয়। বেছিভাগ দিনত এনে একোটা মহিলাৰ গোটে এদিনত দুখন ট্ৰাক বোজাই কৰে, কেতিয়াবা তিনিখন ট্ৰাকত বোজাই কৰিবলৈও সক্ষম হয়। তলাবন্ধৰ পাছত তেলেংগানাৰ বিভিন্ন চহৰলৈ ফলমূল পৰিবহন কৰা ট্ৰাকৰ আগমন হ্ৰাস পোৱাৰ ফলত তেওঁলোকৰ দিন-মজুৰীও হ্ৰাস পাইছে।

Left: 'Some are calling it ‘corona kaya’ [melon]', says Gudapuri Balaraju, loading his autorickshaw with watermelons in Vellidandupadu hamlet. Right: The decline in the trade in watermelon, in great demand in the summers, could hit even vendors
PHOTO • Harinath Rao Nagulavancha
Left: 'Some are calling it ‘corona kaya’ [melon]', says Gudapuri Balaraju, loading his autorickshaw with watermelons in Vellidandupadu hamlet. Right: The decline in the trade in watermelon, in great demand in the summers, could hit even vendors
PHOTO • Harinath Rao Nagulavancha

বাওঁফালেঃ কিছুমানে তৰমুজক ‘ক’ৰণা কায়া’ (ক’ৰণা তৰমুজ) বুলি ক’বলৈ ধৰিছে, ৱেল্লিদান্দুপাৰু চুবুৰীৰ নিজৰ অটোৰিক্সাত তৰমুজ বোজাই কৰি থাকোতে গুড়াপুৰী বালাৰাজুৱে কয়। সোঁফালেঃ বৰ্ষাকালত যথেষ্ট চাহিদা থকা তৰমুজৰ ব্যৱসায় নিম্নগামী হোৱাৰ ফলত ফেৰিৱালাসকলো লোকচানৰ সমুখীন হয়

স্থানীয় সংবাদ মাধ্যমৰ মতে ২৯ মাৰ্চত তৰমুজৰ ৫০ খন ট্ৰাক হায়দৰাবাদৰ পূৰ্বাঞ্চলৰ কোঠাপেট বজাৰত প্ৰৱেশ কৰিছিল। তলাবন্ধৰ আগতে, তৰমুজৰ বতৰত তেলেংগানাৰ বিভিন্ন জিলা, বিশেষকৈ লালগোণ্ডা আৰু মাহবুবনগৰ জিলাৰ পৰা কোঠাপেট বজাৰলৈ দৈনিক ৫০০-৬০০ খন তৰমুজ পৰিবাহী ট্ৰাক আহিছিলঃ মিৰ্জালাগুড়া চহৰৰ ব্যৱসায়ী মধু কুমাৰে কয়। প্ৰতিখন ট্ৰাকে কমেও ১০ টনকৈ তৰমুজ আনিছিল। ‘কিছুমান ট্ৰাক চেন্নাই, বেংগালুৰু আৰু দিল্লীলৈ যায়,’ নগৰ-চহৰৰ পাইকাৰী ব্যৱসায়ীক তৰমুজ বিক্ৰী কৰা ব্যৱসায়ী কুমাৰে কয়।

তলাবন্ধৰ কাৰণে তৰমুজৰ পাইকাৰী মূল্য নিম্নগামী হৈছে। তলাবন্ধৰ আগতে প্ৰতি টনৰ মূল্য আছিল ৬০০০-৭০০০ টকা। নালগোণ্ডাৰ গুৰুমপোৰে মণ্ডলৰ কোপ্পোলে গাঁৱৰ বুড্ডাৰেড্ডী গুড়া চুবুৰীৰ কৃষক বোল্লাম য়াদায়াহক ২৭ মাৰ্চত কুমাৰে প্ৰতি টনৰ বাবদ ৩০০০ টকাকৈ আগবঢ়ায়। উক্ত দামত ক্ৰয় কৰি তেওঁ দুই ট্ৰাক তৰমুজ য়াদায়াহৰ পথাৰৰ পৰা মিৰ্জালাগুড়াৰ ব্যৱসায়ীলৈ পঠায়।

তলাবন্ধই তৰমুজ খেতিয়কসকলক বৃহৎ লোকচানৰ মাজলৈ ঠেলি দিয়ে, যাৰ ফল এতিয়া ৰাজ্যখনেও ভুগিবলগীয়া হৈছে। নালগোণ্ডা জিলাৰ কংগল মণ্ডলৰ টুকা পাল্লে গাঁৱৰ ২৫ বছৰীয়া বাইৰু গণেশেও এই শোচনীয় পৰিস্থিতিৰ ফল ভুগিছে।

গণেশে খেতি কৰা তৰমুজবিধ আছিল অধিক বিনিয়োগ কৰা উচ্চ ফলনশীল বীজ, এই বীজ বতৰ আৰু কীট-পতংগৰ প্ৰতি অতি সংবেদনশীল। প্ৰতি ১ একৰ মাটিৰ তৰমুজ খেতিৰ বাবে প্ৰয়োজন হোৱা বীজ, সাৰ, কীটনাশক, মাটি চাহ কৰা, ঘাঁহ চাফা কৰা, খেৰ পাৰি দিয়াৰ বাবদ ৫০,০০০-৬০,০০০ টকা ব্যয় কৰিব লাগে। ২০১৯ৰ বৰ্ষাকালত প্ৰতি টন তৰমুজ ১০,০০০ টকাত বিক্ৰি কৰি গণেশে প্ৰায় ১,৫০,০০০ টকা লাভ কৰিছিল।

Left: The number of trucks taking watermelon to the cities of Telangana has reduced, so the wages of labouters who load the fruit have shrunk too. Right: Only the perfectly smooth and green melons are being picked up by traders; the others are sold at discounted rates or discarded
PHOTO • Harinath Rao Nagulavancha
Left: The number of trucks taking watermelon to the cities of Telangana has reduced, so the wages of labouters who load the fruit have shrunk too. Right: Only the perfectly smooth and green melons are being picked up by traders; the others are sold at discounted rates or discarded
PHOTO • Harinath Rao Nagulavancha

বাওঁফালেঃ তেলেংগানাৰ বিভিন্ন নগৰ-চহৰলৈ তৰমুজ পৰিবহন কৰা ট্ৰাকৰ সংখ্যা হ্ৰাস পাইছে, ট্ৰাকত তৰমুজ বোজাই কৰা শ্ৰমিকৰ উপাৰ্জনো সংকুচিত হৈছে। সোঁফালেঃ যিবোৰ তৰমুজ একেবাৰে মসৃণ আৰু সেউজীয়া, ব্যৱসায়ীয়ে সেইবোৰ লয়, আনবিলাক কম দামত বিক্ৰী কৰিব লাগে বা পেলাই দিবলগীয়া হয়

গণেশে এই বছৰতো যোৱা বছৰৰ দৰে তৰমুজ খেতিৰ পৰা লাভ হ’ব বুলি আশা কৰিছিল, সেয়ে মাৰ্চ আৰু জুন মাহৰ ভিতৰত তিনিটা পৰ্যায়ত খেতি কৰিবলৈ ৯ একৰ কৃষিভূমি ভাড়াত লৈছিল। ১ একৰ মাটিত সাধাৰণতে প্ৰায় ১৫ টন তৰমুজ উৎপাদন হয়। ইয়াৰ ভিতৰত প্ৰায় ১০ টন তৰমুজৰ আকাৰ, মসৃণতা, ওজন বা ভাঁজ নথকা নিটোল হয়। মধু কুমাৰৰ দৰে ব্যৱসায়ীয়ে একেবাৰে উত্তম মানৰ তৰমুজ ক্ৰয় কৰি মহানগৰ, ডাঙৰ চহৰ আদিলৈ প্ৰেৰণ কৰে। বালাৰাজু (তৰমুজ নিজৰ অটোৰিক্সাত বোজাই কৰে)ৰ দৰে অংশকালীন ফল বেপাৰীয়ে কৃষকৰ পৰা থাকি যোৱা তৰমুজ ৰেহাই মূল্যত ক্ৰয় কৰি গাঁৱে-চহৰে ঘৰে ঘৰে বিক্ৰী কৰে।

একে ঠাইতে একেৰাহে যদি তৰমুজৰ খেতি দুবাৰ কৰা হয়, তেন্তে ইয়াৰ গড় উৎপাদন প্ৰতি একৰ মাটিত ৭ টনলৈ হ্ৰাস পায় আৰু সেই ঠাইতে তৃতীয়বাৰৰ বাবে খেতি কৰিলে উৎপাদনৰ পৰিমাণ অধিক পৰিমাণে হ্ৰাস পায়। গছ ৰোপন কৰাৰ পৰা যদি তৰমুজ ৬০-৬৫ দিনৰ ভিতৰত চিঙা (চপোৱা) নহয়, তেন্তে গোটেই তৰমুজবিলাক পকি যাব। কীটনাশক আৰু কৃত্ৰিম সাৰ বাৰে বাৰে আৰু সঠিক সময়ত ব্যৱহাৰ কৰা নহয়, তেন্তে তৰমুজবিলাকৰ আকাৰ, অবয়ৱ আৰু ওজন নিখুঁত নহ’ব।

খেতিয়কজনে যদি কৃত্ৰিম সাৰ আৰু কীটনাশকৰ মূল্য সম্পৰ্ণৰূপে নগদ ধনেৰে আদায় দিব পাৰে, তেতিয়াহে ক্ৰয় কৰিব পাৰিব। ‘তৰমুজ খেতিৰ বাবে এই বস্তুবোৰ কোনেও ঋণলৈ নিদিয়ে। বিক্ৰেতাই কেৱল মৌচম্বী আৰু ধানখেতিৰ বাবে সাৰ-ঔষধ ঋণলৈ দিয়ে। তৰমুজৰ ক্ষেত্ৰত থকা সাম্ভাব্য বিপদৰ কথা সিহঁতে জানে।’ টুকা পাল্লে গাঁৱত ২০১৯ত তৰমুজৰ খেতি কৰা চিন্তালা য়াডাম্মাই কয়। ‘যিকোনো ঠাইৰ পৰা ঋণ লোৱা সহজ।’ ব্যক্তিগত ঋণদাতাই সুতৰ উচ্চ হাৰ দিয়া ঋণ সম্পৰ্কে মহিলাগৰাকীয়ে কয়।

তলাবন্ধ আৰম্ভ হোৱাৰ আগৰে পৰা উৎপাদিত সামগ্ৰীৰ মূল্য নিম্নগামী হৈছিল, তৰমুজ খেতি বেছিকৈ বৃদ্ধি পোৱাৰ বাবেই তৰমুজৰ বজাৰমূল্য হ্ৰাস পোৱা বুলি খেতিয়কসকলে কয়। অত্যাধিক উৎপাদনৰ বাবে বৃদ্ধি পোৱা যোগানৰ সুবিধা লৈ সাংঘাতিক দৰদামৰ মাজেৰে ব্যৱসায়ীয়ে মূল্য ঠিৰ কৰে বুলি খেতিয়কসকলে কয়। মাৰ্চৰ আৰম্ভণিতে মূল্য হ্ৰাস পোৱাৰ ইয়ো এটা কাৰণ।

মই কথা পতা বহুতো খেতিয়কে তৰমুজৰ খেতিক জুৱাৰ লগত তুলনা কৰে বা তাচপাতৰ খেলৰ নিচিনা বুলি কয়। ক্ষয়-ক্ষতিৰ যথেষ্ট সম্ভাৱনা থকা স্বত্তেও খেতিয়কসকলক তৰমুজৰ খেতিৰ পৰা কোনেও বিৰত কৰিব পৰা নাই। সকলোৱে ভাবিছিল এইবাৰ তেওঁলোকে আশা কৰা মতে তৰমুজ খেতিৰ পৰা লাভৱান হ’ব পাৰিব।

Left: Bairu Ganesh delayed harvesting his first three-acre crop by around a week – hoping for a better price. Right: The investment-heavy hybrid variety of watermelons grown in Ganesh's farm
PHOTO • Harinath Rao Nagulavancha
Left: Bairu Ganesh delayed harvesting his first three-acre crop by around a week – hoping for a better price. Right: The investment-heavy hybrid variety of watermelons grown in Ganesh's farm
PHOTO • Harinath Rao Nagulavancha

বাওঁফালেঃ বাইৰু গণেশে প্ৰথম তিনি একৰ মাটিৰ তৰমুজ চপাওতে এসপ্তাহ পলম কৰিলে, ভাবিছিল দাম ভাল পাব। সোঁহাতেঃ গণেশৰ খেতি পথাৰত অধিক বিনিয়োগ কৰা উচ্চ ফলনশীল তৰমুজবিলাক

অধিক মূল্য পোৱাৰ আশাত গণেশে প্ৰথম তিনি একৰ মাটিত তৰমুজবিলাক চপাওতে পলম কৰিছিল। বৃহৎ পৰিমাণৰ তৰমুজবিলাক চিঙি অনা আৰু সেইবিলাক ভালকৈ ৰখাৰ সুবিধা নাই। ‘মাৰ্চৰ প্ৰথম সপ্তাহত প্ৰায় এক ট্ৰাক (১০ টন) তৰমুজ চিঙা নাছিলো,’ তেওঁ কয়। তেওঁ ভাবিছিল কোনো ক্ৰেতাই তেওঁক প্ৰতি টনত ৬০০০ টকাকৈ বেছি দাম দিব। সেই সময়তে তেওঁৰ তৰমুজবিলাক বেছিকৈ পকি যায় আৰু মূল্য একেবাৰে হ্ৰাস পায়।

মাৰ্চৰ প্ৰথম সপ্তাহত তেওঁৰ তৰমুজ ক্ৰয় কৰিবলৈ অহা ব্যৱসায়ীয়ে বহু তৰমুজ দলিয়াই পেলাইছে। প্ৰথম, দ্বিতীয় আৰু তৃতীয়টো তৰমুজ দলিয়াই পেলাই দিয়ালৈকে গণেশ শান্ত হৈ আছিল। যেতিয়া চতুৰ্থটো তৰমুজো পেলাবলগীয়া হ’ল, তেওঁৰ ধৈৰ্য হেৰুৱাই পেলালে আৰু তৰমুজবিলাক ভাল-বেয়া ভাগ কৰি থকা মানুহটোলৈ শিল এটা মাৰি পঠিয়ালে।

‘তৰমুজবিলাকৰ যত্ন মই নিজ সন্তানৰ দৰে লৈছিলো। শিয়ালৰ পৰা ৰক্ষা কৰিবলৈ মই গোটেই মাহ ইয়াত (পথাৰত) শুইছিলো। সি এনেকৈ দলিয়াই পেলাব পাৰেনে? সি মাটিত লাহেকৈ থ’ব পাৰিলেহেঁতেন। মই আন কোনো লোকক কম দামত বিক্ৰী কৰিব পাৰিলোহেঁতেন,’ গণেশে কয়। যিবোৰ একেবাৰে নিখুঁট, সেই তৰমুজবিলাক গণেশে সেই ব্যৱসায়ীজনকে বিক্ৰী কৰিলে। থাকি যোৱাবিলাক বালাৰাজুৰ দৰে ফেৰিৱালাক বিক্ৰী কৰিছিল।

ক’ভিড-19 তলাবন্ধৰ আগতে এই সকলো ঘটনা ঘটিছিল।

ৱেল্লিদান্দুপাৰুৰ বীজ বিপনন কেন্দ্ৰৰ বিক্ৰীকৰ্মী শংকৰৰ সৈতে মাৰ্চৰ প্ৰথম সপ্তাহত কথা পাতোতে কৈছিল, ‘এইবছৰ নালগোণ্ডা জিলাত কমেও ৫,০০০ একৰ মাটিত তৰমুজৰ খেতি কৰা হ’ব।’ বুড্ডাৰেড্ডী গুড়া গাঁৱৰ বোল্লাম য়াদায়াহৰ পৰা মধু কুমাৰে যেনেকৈ প্ৰতি টনত ৩০০০ টকাকৈ তৰমুজ ক্ৰয় কৰিলে, এই দাম চলি থাকিলে নতুনকৈ তৰমুজৰ খেতি কৰা খেতিয়কে প্ৰতি একৰ মাটিৰ তৰমুজৰ খেতি কমেও ২০,০০০ টকাকৈ লোকচান ভৰিব। গণেশে হিচাপ কৰা মতে তেওঁ প্ৰথম তিনি একৰ মাটিৰ খেতিত প্ৰতি একৰত ৩০,০০০ টকাকৈ লোকচান ভৰিব। তেওঁ আৰু আন খেতিয়কসকল তলাবন্ধৰ বাবে অতিকৈ শোচনীয় অৱস্থালৈ গতি কৰিছে। এনে পৰিস্থিতিত দাম বঢাব লাগে বুলি ব্যৱসায়ীক তেওঁলোকে দাবী কৰিব নোৱাৰা হ’ল।

Left: Chintala Yadamma and her husband Chintala Peddulu with their watermelon crop. Right: 'How can I leave it now? I have invested Rs. 150,000 so far', says Bommu Saidulu, who was spraying insecticide in his three-acre crop when I met him
PHOTO • Harinath Rao Nagulavancha
Left: Chintala Yadamma and her husband Chintala Peddulu with their watermelon crop. Right: 'How can I leave it now? I have invested Rs. 150,000 so far', says Bommu Saidulu, who was spraying insecticide in his three-acre crop when I met him
PHOTO • Harinath Rao Nagulavancha

বাওঁফালেঃ উৎপাদিত তৰমজুৰ সৈতে চিন্তালা য়াডাম্মা আৰু তেওঁৰ স্বামী চিন্তানা পেড্ডুলু। সোঁফালেঃ ‘এইবিলাক এতিয়া মই কেনেকৈ পেলাই দিম? মই কমেও ২,৫০,০০০ টকা বিনিয়োগ কৰিছো,’ মই সাক্ষাৎ কৰাৰ সময়ত তিনি একৰ মাটিত খেতি কৰা তৰমুজত কীটননাশক ঔষধ চটিয়াই থকা বম্মু ছাইদুলুৱে কয়

ইয়াৰ উপৰি এই ব্যৱসায়ত কেতিয়াবা ব্যৱসায়ীয়ে ফলবোৰ বজাৰত বিক্ৰী হোৱাৰ পাছত খেতিয়কক পইছা দিয়ে। তলাবন্ধৰ সময়ত বিক্ৰীৰ পাছত পইছা দিয়াৰ বন্দোবস্তি প্ৰায় সকলো ঠাইতে স্বাভাৱিক নিয়মৰ দৰে হৈছে, যিটোৱে খেতিয়কসকলক অধিক অনিশ্চিত কৰি তুলিছে।

এতিয়াও ক’ভিড-19ৰ তলাবন্ধৰ বাদেও আন বহুতো সমস্যা আছে যদিও খেতিয়কসকলে ভাবে বৰ্ষাকালত ক্ৰমান্বয়ে চাহিদা বঢ়াৰ লগে লগে দাম বাঢ়িব।

খৰছ হ্ৰাস কৰিবলৈ বহুতো খেতিয়কে সাৰৰ প্ৰয়োগ বন্ধ কৰিছে। কিন্তু তৰমুজৰ ক্ষেত্ৰত নিৰ্দিষ্ট সময়ৰ ব্যৱধানত সাৰৰ প্ৰয়োগ প্ৰয়োজনীয়। ইয়াৰ লগতে কীটনাশক ছটিওৱা আৰু খেতিত পানী দি থাকিব লাগিব, তেতিয়াহে ভাল মানসম্পন্ন ফল উৎপাদন হ’ব।

কিছুমানে প্ৰয়োজন হোৱা সাৰ আৰু ঔষধ ক্ৰয় কৰিব নোৱাৰে, যাতায়ত আৰু বিপননকাৰীৰ ওচৰলৈ যোৱাৰ বাধা-নিষেধৰ বাবে এনে সমস্যাৰ উদ্ভৱ হয়। ক’ভিড-19 তলাবন্ধৰ প্ৰথম আৰু দ্বিতীয় জাননী (২৫ মাৰ্চ আৰু ২৭ মাৰ্চ)ৰ নিৰ্দেশনা মতে গৃহ মন্ত্ৰালয়ে বীজ, সাৰ আৰু কীটনাশক বিক্ৰেতাক ৰেহাই দিছিল।

‘শস্যবোৰ এতিয়া মই কেনেকৈ এৰি দিও? মই ১,৫০,০০০ টকা বিনিয়োগ কৰিছিলো,’ কোপ্পোলে গাঁৱৰ বোম্মু ছাইদুলুৱে কয়। ২৭ মাৰ্চত যেতিয়া মই তেওঁক সাক্ষাৎ কৰিছিলো, তেতিয়া তেওঁ তৰমুজৰ খেতি পথাৰত কীটনাশক ঔষধ ছটিয়াই আছিল।

গণেশেও এপ্ৰিলৰ শেষ সপ্তাহত তেওঁৰ দ্বিতীয় পৰ্যায়ৰ ফল চপোৱা আৰম্ভ কৰিব। ইয়াৰ লগতে তৃতীয় পৰ্যায়ৰ খেতিৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।

অনুবাদঃ পংকজ দাস

Harinath Rao Nagulavancha

Harinath Rao Nagulavancha is a citrus farmer and an independent journalist based in Nalgonda, Telangana.

Other stories by Harinath Rao Nagulavancha
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das