‘মোৰ ২১ বছৰীয়া খেতিয়ক জীৱনত কেতিয়াও এনে সংকট দেখা নাছিলো,’ চিটাৰাকাৰু গাঁৱৰ তৰমুজ খেতিয়ক এ. সুৰেশ কুমাৰে ক’লে। এই অঞ্চলৰ আন বহুতো তৰমুজ খেতিয়কৰ দৰে ৪০ বছৰ বয়সীয়া কুমাৰে আগতে ধানৰ খেতি কৰিছিল, তামিলনাডুৰ চেংগালাপাট্টু জিলাৰ চিটামুৰ ব্লকৰ ১৮৫১ জন লোকৰ বসতিস্থল গাওঁখনৰ বন্ধু আৰু পৰিয়ালৰ পৰা ১৮.৫ একৰ কৃষিভূমি ভাড়াত লোৱাৰ উপৰি নিজৰ ৫ একৰ মাটিত তেওঁ শীতকালত তৰমুজৰ খেতি কৰিছিল।

তৰমুজবিলাক ৬৫ৰ পৰা ৭০ দিনৰ ভিতৰত পুৰঠ হয়। তৰমুজবিলাক চিঙিবলৈ আৰু তামিলনাডুৰ বিভিন্ন ক্ৰেতালৈ পঠোৱাৰ কাৰণে আমি প্ৰস্তুতি চলাইছিলো। ইয়াৰ উপৰি বেংগালুৰু আৰু কৰ্ণাটকৰ বিভিন্ন ঠাইৰ ক্ৰেতালৈ আমি তৰমুজ প্ৰেৰণ কৰো। কিন্তু ২৫ মাৰ্চত তলাবন্ধৰ ঘোষণাই আমাক অসুবিধাত পেলালে,’ তেওঁ কয়। ‘তৰমুজবিলাক এতিয়া পচিবলৈ আৰম্ভ কৰিছে। আমি ক্ৰেতাৰ পৰা প্ৰতি টনত ১০,০০০ টকা লওঁ, কিন্তু এইবাৰ কোনো ক্ৰেতাই ২,০০০ টকাৰ বেছি দিব বিচৰা নাই।’

তামিল পঞ্জিকাৰ মাৰ্গাঝি আৰু থাই মাহত অৰ্থাৎ ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰী মাহৰ সময়খিনিত তামিলনাডুত তৰমুজৰ খেতি কৰা হয়। শীতকালীন বতৰত এই অঞ্চলত তৰমুজৰ খেতি ভাল হয়, আৰু দাক্ষিণাত্যৰ দেই পুৰি নিয়া উত্তপ্ত বৰ্ষাকাল আৰম্ভ হোৱাৰ লগে লগে চিঙিবৰ উপযুক্ত হয়। তৰমুজ উৎপাদনকাৰী ৰাজ্যৰ তালিকাত তামিলনাডুৰ স্থান অষ্টম, ৰাজ্যখনৰ ৬.৯৩ হাজাৰ হেক্টৰ মাটিত ১৬২.৭৪ হাজাৰ মেট্ৰিকটন তৰমুজ উৎপাদন হয়।

‘মই মোৰ খেতিপথাৰত তৰমুজৰ খেতি এনেকৈ কৰিছিলো যাতে দুসপ্তাহৰ ব্যৱধানত পথাৰৰ বিভিন্ন অংশ তৰমুজবোৰ পকে। পুৰঠ হোৱাৰ কেইদিনমানৰ ভিতৰত ফলবোৰ নিচিঙিলে, সেইবোৰ নষ্ট হ’ব,’ কুমাৰে ক’লে (ওপৰত প্ৰচ্ছদ আলোকচিত্ৰত)। ‘তলাবন্ধৰ কথা আমাক কোনেও একো জনোৱা নাছিল, মোৰ প্ৰথমখিনি তৰমুজ যেতিয়া চিঙিবৰ হৈছিল (মাৰ্চ মাহৰ শেষৰ সপ্তাহত) তেতিয়া তৰমুজৰ কোনো ক্ৰেতা নোহোৱা হ’ল বা সেইবোৰ লৈ যাবলৈ ট্ৰাক চালকো নোহোৱা হ’ল।’

চিটামুৰ ব্লকত কমেও ৫০ জন তৰমুজ খেতিয়ক আছে বুলি কুমাৰে কয়। ইয়াৰে বহুতে এতিয়া আছে বুলি কুমাৰে কয়। ইয়াৰে বহুতে এতিয়া তৰমুজবিলাক পচিবলৈ এৰি দিবলগা হৈছে অথবা একেবাৰে কম মূল্যত দিবলগা হৈছে।

Left: In Kokkaranthangal village, watermelons ready for harvest on M. Sekar's farm, which he leased by pawning off jewellery. Right: A. Suresh Kumar's fields in Chitharkadu village; there were no buyers or truck drivers to move his first harvest in the  last week of March
PHOTO • Rekha Sekar
Left: In Kokkaranthangal village, watermelons ready for harvest on M. Sekar's farm, which he leased by pawning off jewellery. Right: A. Suresh Kumar's fields in Chitharkadu village; there were no buyers or truck drivers to move his first harvest in the  last week of March
PHOTO • S Senthil Kumar

বাওঁফালেঃ কোক্কাৰাণ্ঠাংগাল গাঁৱত এম. শেখৰে অলংকাৰ বন্ধকত থৈ ভাড়ালৈ লোৱা মাটিত খেতি কৰা তৰমুজবোৰ চপাবৰ হৈছে। সোঁফালেঃ চিটাৰকাৰু গাঁৱত সুৰেশ কুমাৰৰ পথাৰত তৰমুজৰ ক্ৰেতাও নাই আৰু ট্ৰাক পাবলৈও নাই

ঋণ লৈ খেতি কৰা খেতিয়কৰ বাবে এই পৰিস্থিতিয়ে অপূৰণীয় ক্ষতি কৰিছে। চিটাৰাকাৰুৰ পৰা তিনি কিলোমিটাৰ দূৰৰ কোক্কাৰাণ্ঠাংগাল গাঁৱৰ ৪৫ বছৰীয়া এম শেখৰে এনে এজন খেতিয়ক, ‘চাৰি একৰ মাটিত তৰমুজৰ খেতি কৰিবলৈ আৰু চিঙিবলৈ লীজত লোৱা খেতিমাটিৰ টকা দিবলৈ মই তিনিজনী ছোৱালীৰ বাবে সুকীয়াকৈ ৰখা অলংকাৰ বন্ধকীত থৈছিলো,’ তেওঁ কয়। ‘এতিয়া তৰমুজ চপোৱাৰ সময়ত, কিনিবলৈ কোনো মানুহ নাই। আন শস্যৰ দৰে নহয়, কেইদিনমানৰ ভিতৰতে যদি তৰমুজবোৰ ট্ৰাকত বোজাই কৰি পঠাই দিব নোৱাৰো, তেন্তে গোটেইখিনি তৰমুজ নষ্ট হৈ যাব।’

কুমাৰ আৰু শেখৰ, দুয়োজন মহাজনী সূতৰ হাৰত ব্যক্তিগত মালিকৰ পৰা ধন ঋণলৈ লৈছিল। তেওঁলোকৰ তৰমুজৰ খেতি কৰা মাটিত প্ৰতিজনে কমেও ৬-৭ লাখ টকাকৈ বিনিয়োগ কৰিছিল। পথাৰৰ লীজৰ ধন, বীজ ক্ৰয়ৰ ধন, যাৱতীয়া ব্যয়কে ধৰি কৃষি শ্ৰমিকৰ মজুৰীৰ বাবে এই ঋণৰ ধন ব্যয় কৰা হৈছিল। শেখৰে তিনি বছৰ ধৰি তৰমুজৰ খেতি কৰাৰ বিপৰীতে কুমাৰে ১৯ বছৰ খেতি কৰি আহিছে।

শেখৰে কয়, ‘মোৰ ছোৱালীকেইজনীৰ পঢ়া-শুনা আৰু ভৱিষ্যতৰ বাবে সহায়ক হ’ব  বুলি ভাবি তৰমুজৰ খেতি আৰম্ভ কৰিছিলো। কিন্তু এতিয়া বন্ধকত দিয়া সিহঁতৰ অলংকাৰখিনিও হেৰুৱালো। সাধাৰণতে সকলো খৰছ বাদ দি প্ৰায় ২ লাখ টকা লাভৰ ঘৰত থাকে। কিন্তু এইবাৰ আমি বিনিয়োগ কৰা ধনৰ অতি সামান্য অংশ এটা ঘূৰাই পাম আৰু লাভৰ কথা এতিয়া আমি পাহৰি যাব লাগিব।’

কোক্কাৰাণ্ঠাংগাল গাঁৱৰ আন এজন তৰমুজ খেতিয়ক ৪১ বছৰীয়া এম মুৰুগাৱেলে কয়, ‘ইমান বঢ়়িয়া তৰমুজবোৰ পচি যোৱাটো নিবিচাৰো বাবেই মই সামান্য দামতে বিক্ৰী কৰিবলৈ সন্মত হ’লো। ইয়াৰ ফলত মোৰ ভীষণ লোকচান হৈছে।’ তৰমুজ খেতি কৰিবলৈ মুৰুগাৱেলে ১০ একৰ কৃষিভূমি লীজত লৈছিল। তেওঁ কয়, ‘এই অৱস্থা যদি চলি থাকে, কি কৰিম নাজানো। আমাৰ গাঁৱৰ আন খেতিয়কেও আমাৰ সমান বিনিয়োগ কৰিছিল আৰু কোনো ক্ৰেতা আগবাঢ়ি নহা বাবে সকলো তৰমুজ পথাৰতে পচিবলৈ তেওঁলোকে এৰি দিছে।’

A farmer near Trichy with his watermelons loaded onto a truck. A few trucks are picking up the fruits now, but farmers are getting extemely low prices
PHOTO • Dept of Agriculture-Tamil Nadu
A farmer near Trichy with his watermelons loaded onto a truck. A few trucks are picking up the fruits now, but farmers are getting extemely low prices
PHOTO • Dept of Agriculture-Tamil Nadu

ট্ৰাকত তৰমুজ বোজাই কৰা ট্ৰিচীৰ নিকটৱৰ্তী এজন খেতিয়ক। কিছুমান ট্ৰাকে অলপ তৰমুজ লৈছে, কিন্তু খেতিয়কসকলে একেবাৰে কম মূল্য পাইছে

‘খেতিয়কসকলৰ প্ৰতি আমি সঁচাকৈয়ে সহানুভূতিশীল। তলাবন্ধৰ প্ৰথম কেইদিনমানলৈ পৰিবহনৰ অসুবিধা হৈছিল। আমি ততাতয়াকৈ পদক্ষেপ গ্ৰহণ কৰো আৰু ৰাজ্যখনৰ বিভিন্ন বজাৰলৈ সম্ভৱ হ’লে ওচৰৰ আন ৰাজ্যৰ বজাৰলৈও তৰমুজ প্ৰেৰণ কৰো।’ তামিলনাডুৰ ৰাজ্যিক কৃষি বিভাগৰ কৃষি উৎপাদন আয়ুক্ত তথা মুখ্য সচিব গগনদপ সিং বেদীয়ে এইদৰে কয়।

বেদীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ৯৭৮ মেট্ৰিক টন তৰমুজ চিটাৰমুৰ ব্লকৰ পৰা ২৭ মাৰ্চৰ পৰা ২ এপ্ৰিলৰ ভিতৰত তামিলনাডুৰ বিভিন্ন বজাৰলৈ প্ৰেৰণ কৰা হৈছে। তেওঁ কয়, ‘কি কাৰণত মই নাজানো, কিন্তু এই সংকটৰ সময়ত তৰমুজৰ বিক্ৰী বেয়াকৈ নিম্নগামী হৈছে, সেইটো বহুত ডাঙৰ সমস্যা। কিন্তু আমি যিমান পাৰো সহায় কৰিছো।’

নিশ্চিত হৈ পৰা তৰমুজ খেতিয়কসকলে ৰাজ্য চৰকাৰৰ পৰা ক্ষতিপূৰণ পাবনে? ‘এতিয়ালৈকে আমি তৰমুজবিলাক বজাৰলৈ কঢ়িওৱাৰ বাবে ট্ৰাকৰ ব্যৱস্থা কৰাত গুৰুত্ব দিছো। ক্ষতিপূৰৰ কথা পিছত ভবা হ’ব, কিয়নো ই এটা ৰাজনৈতিক সিদ্ধান্ত। এই সংকটৰ পৰা খেতিয়কসকলক উদ্ধাৰ কৰিবলৈ আমি যৎপৰোনাস্তি প্ৰচেষ্টা হাতত লৈছো।’ বেদীয়ে কয়।

চিটামুৰৰ খেতিয়কসকলে স্বীকাৰ কৰে যে তৰমুজ ল’বলৈ ট্ৰাক আহিছে, অৱশ্যে ইয়াৰ সংখ্যা যথেষ্ট কম। ‘তেওঁলোকে যদি কিছু পৰিমাণৰ তৰমুজ ক্ৰয় কৰে, বাকীখিনি পচিবলৈ পথাৰত এৰি দিবলগা হৈছে। আৰু ট্ৰাকে যিখিনি লৈছে, তাৰ বাবে আমি তেনেই কম মূল্য পাইছো। চহৰৰ মানুহ যেতিয়া কৰ’ণাত ভূগিছে, সেই সময়ত আমি কৰ’ণাৰ কাৰণে নিজৰ উপাৰ্জন হেৰুৱাইছো,’ সুৰেশ কুমাৰে কয়।

অনুবাদঃ পংকজ দাস

Sibi Arasu

Sibi Arasu is an independent journalist based in Bengaluru. @sibi123

Other stories by Sibi Arasu
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das