‘আমিবোৰপেটে-ভাতে খোৱা মানুহ, বন কৰি পেট প্ৰবৰ্তাও। কিন্তু এতিয়া কৰিবলৈ কাম নাই, গতিকে আমি পইছা ক’ৰপৰা পাম?’ পুণে চহৰৰ কথৰুড় আৰক্ষী থানাৰ অধীনৰ ওচৰৰ লক্ষ্মীনগৰ আবাসিক অঞ্চলৰ বাসিন্দা আবলি কাম্বলেয়ে কয়। ‘ৰেচন নাই। খোৱাবস্তু যদি নাথাকে, তেন্তে ল’ৰা-ছোৱালী কেনেকৈ জীয়াই থাকিব?’

ক’ভিড-১৯ তলাবন্ধৰ ঘোষণা কৰাৰ পাঁচ দিনৰ পিছত আবলিৰ কণ্ঠত ক্ষোভ আৰু হতাশা স্পষ্ট হৈ পৰিছিল। যোৱা ৩০ মাৰ্চত তেওঁ বাস কৰা বস্তি কলনিটোলৈ মই গৈছিলো। ‘এনেকুৱা সময়ত আমি অন্ততঃ ৰেচনৰ দোকানত খোৱা বস্তু পাব লাগে। কাম কৰা সকলো মহিলা এতিয়া ঘৰত সোমাই আছে। আৰক্ষীয়ে আমাক ঘৰৰ বাহিৰলৈ ওলাবলৈ নিদিয়ে। আমি যদি ওলাই যাব নোৱাৰো আৰু কাম নকৰো, তেন্তে আমি খাদ্যবস্তু ক্ৰয় কৰাৰ সুবিধা কেনেকৈ পাম।’ ২৩ বছৰীয়া গৰাকীয়ে কয়। ‘আমি ঘৰ কেনেকৈ চলাম, এই সমস্যাই আমাক ভীষণ বিপদত পেলাইছে। ইমান বেয়া সময়তো যদি আমি ৰেচনৰ বস্তু নাপাও, তেন্তে সেইবোৰৰ কি প্ৰয়োজন আছে। আমি যদি ৰেচনৰ বস্তু নাপাও, তেন্তে চিপজৰীলৈ ওলমি থাকিব নালাগিবনে?’ ১৯৯৫ চনত চোলাপুৰ জিলাৰ আকলেকাটি গাঁৱৰ পৰা আবলিৰ পৰিয়াল পুণেলৈ আহিছিল। যোৱা ১৬ এপ্ৰিলত আবলিৰ বিবাহৰ দিন ধাৰ্য কৰা হৈছিল যদিও বিবাহ অনুষ্ঠান স্থগিত ৰাখিবলগা হয়। 

সাতটা ঘৰত বাস কৰা প্ৰায় ৮৫০ জন লোক (এনজিঅ’ৰ হিচাপ মতে) কলনিটোলৈ মই আহিছিলো। মহিলাসকলে এখন সভাৰ আয়োজন কৰিছিল, ঘৰুৱা বনকৰা মহিলাসকলে খাদ্য-সামগ্ৰী আৰু টকা-পইছাৰ অনাটনৰ সমাধান বিচাৰি এই সভাৰ আয়োজন কৰিছিল। লক্ষ্মীনগৰ কলনিত বাস কৰা ১৯০ টা পৰিয়ালৰ অধিকাংশ মহাৰাষ্ট্ৰৰ আহমদনগৰ, বীড়, চোলাপুৰ আৰু লাটুৰ জিলাৰ লগতে নিকটৱৰ্তী কৰ্ণাটকৰ পৰা অহা একাংশ লোক আছে। তেওঁলোকৰ অধিকাংশ দলিত জাতৰ মাতংগ সম্প্ৰদায়ৰ লোক। 

মহাৰাষ্ট্ৰৰ নৱবৰ্ষ ‘গুড়ি পাড়ৱা’ৰ আগনিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যেতিয়া ২১ দিনীয়া তলাবন্ধৰ ঘোষণা কৰিছিল, তেতিয়া এই কথা পৰিস্কাৰ হোৱা নাছিল যে ঠিক পিছদিনাৰ পৰা অত্যাৱশ্যকীয় সামগ্ৰী পোৱা যাবনে নাযায়। মানুহবোৰে দোকানত হেচা-ঠেলা কৰি যি পায় তাকে ক্ৰয় কৰিছিল, কিন্তু ইতিমধ্যে বয়বস্তুৰ মূল্য আকাশলংঘী হৈ পৰিছিল। 

পৰৱৰ্তী সময়ত চৰকাৰে ঘোষণা কৰিলে যে খাদ্য তথা আন অত্যাৱশ্যকীয় সামগ্ৰী পোৱা যাব আৰু যিবোৰ পৰিয়াল দৰিদ্ৰ সীমাৰ তলৰ লোকসকলে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ জৰিয়তে তিনিমাহৰ বিনামূলীয়া ৰেচন অতিৰিক্তভাৱে পাব।

প্ৰতিশ্ৰুতি স্বত্তেও লক্ষ্মীনগৰৰ প্ৰায়ভাগেই বিনামূলীয়া ৰেচন পাব বুলি আশা নকৰে, আগতেও ৰেচন নিয়মীয়া নাছিল

ভিডিঅ’ চাওকঃ ‘এতিয়া খাবলৈ আহাৰ নাই, মানুহে কি চিপজৰী লৈ ওলমিব?’

লক্ষ্মীনগৰৰ বেছিভাগ পৰিয়ালে বিনামূলীয়া ৰেচন পাব বুলি তেওঁলোকক প্ৰতিশ্ৰুতি দিয়া মতে পাব বুলি আশা কৰা নাই, কাৰণ আগতেও তেওঁলোকে নিয়মীয়াকৈ ৰেচন পোৱা নাছিল। ‘হালধীয়া ৰেচন কাৰ্ড থকা পৰিয়ালেও ৰেচন পোৱা নাছিল।’ বিপিএল পৰিয়ালক চৰকাৰে দিয়া ৰেচন কাৰ্ডৰ কথা উল্লেখ কৰি এগৰাকী মহিলাই কয়। 

ৰেচন কাৰ্ড থকা স্বত্তেও ৰাজহুৱা বিতৰণ ব্যৱস্থা থকা দোকানৰ পৰা ৰেহাই মূল্যৰ খাদ্য-সামগ্ৰী পোৱাৰ ক্ষেত্ৰত বহুতো বাধা থাকে। ‘মোৰ এখন কাৰ্ড আছে। দোকানীয়ে কৈছে ইয়াত মোৰ নাম নাই। আজি পৰ্যন্ত মই ৰেচন পোৱা নাই,’ স্বামীৰ মৃত্যুৰ পিছত মুম্বাইৰ পৰা পুণেলৈ প্ৰব্ৰজিত হোৱা সুনিতা সিন্ধেয়ে কয়। 

এগৰাকী মহিলাই মোক এখন ৰেচন কাৰ্ড দেখুৱালে। তাত কৰ্তৃপক্ষই মোহৰ মাৰি লিখিছে যে ৰাজসাহায্যযুক্ত চাউল আৰু আটা পোৱাৰ বাবে অৰ্হতাসম্পন্ন বুলি তেওঁ প্ৰমাণ কৰিব লাগিব। ‘কিন্তু দোকানীয়ে কৈছে যে মোৰ কাৰ্ডৰ বাবে ৰেচন বন্ধ কৰা হৈছে। আমি ৰেচন নোপোৱা এতিয়া দুবছৰ হ’ল,’ তেওঁ কয়। আন এগৰাকী মহিলা, তেওঁ জ্যেষ্ঠ নাগৰিক, কয় যে ‘আধাৰত থকা বুঢ়া আঙুলিৰ চাপৰ লগত মোৰ বুঢ়া আঙুলিৰ চাপ নিমিলা বাবে মই ৰেচন নাপাও (আধাৰ বায়’মেট্ৰিক্স)।’ 

ৰেচন, কাম বা মজুৰী নোহোৱাকৈ লক্ষ্মীনগৰৰ মহিলা তথা পৰিয়ালবোৰে জীয়াই থকাৰ সংগ্ৰাম কৰিছে। নন্দা সিন্ধে নামৰ বিধৱা মহিলাগৰাকীয়ে কয়, ‘আগতে মই কাম কৰিছিলো, এতিয়া কৰ’ণাৰ বাবে কাম বন্ধ হ’ল। এতিয়া খাবলৈ পোৱাটো ডাঙৰ সমস্যা হৈ পৰিছে। মই দোকানলৈ যাওতে দোকানীয়ে মোৰ ৰেচন কাৰ্ড দলিয়াই পেলালে।’ হোটেলত বাচন-বৰ্তন ধোৱা কাম কৰা নন্দাই ক’লে, ‘মই এতিয়া একো কৰা নাই। ৰেচন কাৰ্ড লৈ দোকানলৈ যাওতে দোকানীয়ে মোক আঁতৰি যা বুলি ক’লে।’

Left: Laxmi Nagar colony in Kothurd. Right: A ration shop in the area, where subsidised food grains are purchased
PHOTO • Jitendra Maid
Left: Laxmi Nagar colony in Kothurd. Right: A ration shop in the area, where subsidised food grains are purchased
PHOTO • Jitendra Maid

বাওঁফালেঃ কথৰুড়ৰ লক্ষ্মীনগৰ কলনি। সোঁফালেঃ ৰাজসাহায্যযুক্ত খাদ্য-সামগ্ৰী বিক্ৰী কৰা এখন ৰেচনৰ দোকান

কলনিত বাস কৰা ৰেচন কাৰ্ড নথকা প্ৰায় ১২ টা পৰিয়ালৰ বাবে খোৱাবস্তু সংগ্ৰহ কৰা অধিক কঠিন হৈ পৰিছে। ৰেচন সংগ্ৰহ কৰাৰ কোনো উপায় তেওঁলোকৰ নাই। চৰকাৰী সাহায্যৰ অধীনত প্ৰতিশ্ৰুতি দিয়া বিনামূলীয়া ৰেচনৰ শুংসূত্ৰও নাই। ‘মোদীয়ে ঘোষণা কৰিছিল যে প্ৰত্যেকেই ৰেচন পাব। আমি ৰেচন কাৰ্ড এখনো পোৱা নাই। তেন্তে সেয়া কেনেকৈ পাম?’ ৰাধা কাম্বলেয়ে প্ৰশ্ন কৰে। 

যিসকলে পিডিএছ দোকানৰ পৰা খাদ্যবস্তু ক্ৰয় কৰিব পাৰিছে, কিন্তু একোটা পৰিয়ালৰ বাবে সেয়া একেবাৰে পৰ্যাপ্ত নহয়। ‘আমাৰ পৰিয়ালৰ সদস্য সংখ্য়া চাৰিজন- কিন্তু আমি পাঁচ কিলো আটা আৰু চাৰি কিলো চাউল পালো। আমাৰ কাৰণে এয়া যথেষ্ট নহয়। প্ৰতিমাহে আমি ১০ কিলো আটা আৰু ১০ কিলো চাউল পাব লাগে। ৰেচনৰ যোগান পৰ্যাপ্ত নোহোৱা বাবে আমি বাহিৰৰ দোকানৰ পৰা বেছি দামত কিনিবলগা হৈছে,’ লক্ষ্মী ভাণ্ডাৰে নামৰ মহিলাগৰাকীয়ে কয়। 

নিকটৱৰ্তী শাস্ত্ৰীনগৰৰ ৰেচনৰ দোকানৰ মালি যোগেশ পাটোলেই কয়, ‘মই প্ৰতিজন মানুহৰ বাবে তিনি কিলো আটা আৰু দুই কিলো চাউল দিছো, অৱশ্যে যিসকলৰ ৰেচন কাৰ্ড আছে। তিনিমাহৰ বাবে বিনামূলীয়াকৈ দিম বুলি কোৱা খাদ্য-সামগ্ৰী আমি এতিয়াও পোৱা নাই।’ ১০ এপ্ৰিলৰ ভিতৰত ৱাৰ্ডটোত খাদ্য-সামগ্ৰী বিতৰণ কৰা হ’ব বুলি স্থানীয় পৌৰ অধিকৰ্তাই প্ৰেৰণ কৰা টেক্সট মেচেজে লক্ষ্মীনগৰৰ বাসিন্দাসকলক নিশ্চয়তা প্ৰদান কৰিব নোৱাৰিলে। ‘সেই দিনটোলৈ মানুহ কেনেকৈ জীয়াই থাকিব? তেতিয়ালৈকে কথা পাতিবপৰাকৈ মানুহবিলাকৰ ম’বাইল ফোনৰ বেলেঞ্চ থাকিব নে?’ মেচেজটো দেখুৱাই এজনে মোৰ আগত আশ্চৰ্য প্ৰকাশ কৰিলে।

তেওঁলোকৰ ঘৰবোৰ সৰু আৰু ঠেক। খাদ্যবস্তু থ’বলৈ ঠাই নাই। বহুতৰে আকৌ পাকঘৰো নাই 

‘আমাক তিনি মাহৰ পইছা দিয়া নাই। আমি কি খাই থাকিম?’

‘লক্ষ্মীনগৰ কলনিৰ কাষতে থকা লোকমান্য কলনিৰ ৮১০ টা পৰিয়ালৰ দুশৰো অধিক পৰিয়ালে ৰেচন কাৰ্ড আছে যদিও ৰেচন পোৱা নাই। কলনিটোৰ ৩০০০ লোকৰো বেছিভাগেই চাফাই কৰ্মী, পেলনীয়া সামগ্ৰী সংগ্ৰহকাৰী, দিনমজুৰ, নিৰ্মাণ শ্ৰমিক, ঘৰৰ কাম আৰু পহৰাদাৰ হিচাপে জীৱন নিৰ্বাহ কৰে।’

তেওঁলোকৰ থকা ঘৰবিলাক সৰু আৰু ঠেক, খাদ্য-সামগ্ৰী থ’বলৈ ভিতৰত ঠাই নাই। বহুতৰ ৰন্ধা-বঢ়াৰ ঠাই নাই, সেই কাৰণে তেওঁলোকে হোটেলৰ অৱশিষ্ট খাদ্যৰ ওপৰত নিৰ্ভৰ কৰে বা ওচৰৰ আন লোকে দিয়া খাদ্যৰ বাবে অপেক্ষা কৰে। যিসকল লোক দৈনিক কাম কৰিবলৈ যায়, তেওঁলোকে কামৰ পৰা উভতি আহি ঘৰৰ বাহিৰৰ মুকলি ঠাইত বহি থাকে। তেওঁলোকে ক্ৰয় কৰিব নোৱাৰা মাস্ক তেওঁলোকৰ বাবে বিলাসী সামগ্ৰী। পুণে পৌৰ নিগমত কাম কৰা তেওঁলোকৰ কিছুমান কৰ্মীয়ে এনজিঅ’ এটাৰ পৰা মাস্ক পাইছে, তেওঁলোকে ধুই লৈ একেটা মাস্ককে পুনৰ ব্যৱহাৰ কৰে।

চহৰখনৰ ৱাৰজে, তিলক ৰোড আৰু হাড়াপচাৰ এলেকাত থকা পুণে পৌৰ নিগমৰ ১০০০ ৰো অধিক ঠিকা শ্ৰমিকক তিনিমাহ ধৰি তেওঁলোকৰ মজুৰী দিয়া নাই বুলি বৈজিনাথ গাইকোৱাডে জনালে। তেওঁ পৌৰ নিমগৰ ‘মোকাদম’ অৰ্থাৎ চুপাৰভাইজাৰ আৰু মহাপালিকা কামগড় ইউনিয়নৰ সদস্য। মজুৰীৰ ধন লাভ কৰাৰ আশা এতিয়া ম্লান হৈ পৰিছে। 

পৌৰ নিগমৰ স্বাস্থ্য আৰু চাফাই বিভাগৰ তেনে এজন ঠিকা শ্ৰমিকে (নিজৰ নাম প্ৰকাশত অনিচ্ছুক) নিজৰ ৰান্ধনিশালৰ খাদ্য-সাগ্ৰীহীন উদং টেমাবোৰ মোক দেখুৱালে। (ভিডিঅ’ দ্ৰষ্টব্য) । ‘আমাৰ সকলো জমা টকা শেষ কৰিলো, এতিয়া পৌৰনিগমে যদি দিবলগীয়া ধন নিদিয়ে, আমি জীয়াই থকা সম্ভৱ নহয়।’ তেওঁ লগতে কয়, ‘কাম নোহোৱাকৈ অলস হৈ ঘৰত বহি থাকিলে আমি খাবলৈ নাপাই মৰিব লাগিব।’

অনুবাদঃ পংকজ দাস

পংকজ দাস এগৰাকী সাংবাদিক, অনুবাদক আৰু অসমীয়া নিউজ পৰ্টেল newsnextone.com ৰ সহ-প্ৰতিস্থাপক। যোগাযোগৰ ইমেইল আইডি [email protected]

Jitendra Maid

মৌখিক পৰম্পৰাৰ ওপৰত অধ্যয়ন কৰা জীতেন্দ্ৰ মাইদ এগৰাকী মুক্ত সাংবাদিক। তেওঁ বহুবছৰ আগতে পুণেৰ চেণ্টাৰ ফৰ কোপাৰেটিভ ৰিচাৰ্ছ ইন ছচিয়েল চায়েন্সত গায় পইটেভিন আৰু হেমা ৰাইৰকাৰৰ সৈতে গৱেষণা সমন্বয়ক হিচাপে কাম কৰিছিল।

Other stories by Jitendra Maid