এনেকুৱা সময়বোৰত মেচিন আৰু পাম্প মেৰামতি কৰি চামচুদ্দিন মোল্লা পথাৰত থাকিলহেঁতেন। 

তলাবন্ধ আৰম্ভ হোৱাৰ দ্বিতীয় দিনা ২৬ মাৰ্চত তেওঁ ঘৰৰ পৰা ওলাইছিল, কোলহাপুৰ জিলাৰ কাগাল তালুকৰ শুলকুড় গাঁৱৰ এজন বিমৰ্ষ কৃষক বাইক লৈ তেওঁৰ ঘৰলৈ আহিছিল। ‘মোক তেওঁ নিজৰ পথাৰলৈ লৈ যায়, মই তেওঁ ডিজেলত চলা পানী উঠোৱা মেচিন মেৰামতি কৰি দিছিলো।’ চামচুদ্দিনে মেচিনটো মেৰামতি কৰি নিদিয়া হ’লে খেতিয়কজন কুঁহিয়াৰ খেতিত পানী দিয়াৰ ক্ষেত্ৰত বিপদ পৰিলহেঁতেন। 

১০ বছৰ বয়সৰ পৰা কাম আৰম্ভ কৰা ৮৪ বছৰ বয়সীয়া মাষ্টাৰ মেকানিকজনে ৭৪ বছৰীয়া কৰ্মজীৱনত এয়া দ্বিতীয়বাৰৰ বাবে মেচিন মেৰামতিৰ পৰা জিৰণি লৈছে। ২০১৯ৰ জানুৱাৰীত প্ৰথমবাৰৰ বাবে এঞ্জিঅ’প্লাষ্টিৰ সময়ত তেওঁ কিছুদিন কাম কৰাৰ পৰা বিৰত আছিল। 

সাতটা দশকত চামচুদ্দিনে গভীৰ নলীনাদ পাম্প, মিনি এক্সকেভেটৰ, পানীৰ পাম্প, ডিজেল ইঞ্জিন আৰু আন বহুতো মেচিনকে ধৰি কমেও ৫০০০ ইঞ্জিন মেৰামতি কৰিছে। কামৰ মাজেৰে তেওঁ নিজৰ দক্ষতাক এক কলালৈ উত্তীৰ্ণ কৰিছে। মেচিনৰ সমস্যাত ভোগা কৃষকৰ কাৰণে কৰ্ণাটকৰ বেলাগাৱি জিলাৰ চিকোৰি তালুককৰ বাৰৱাড় গাঁৱত থকা তেওঁৰ ঘৰখন এছ.অ’.এছ. (বিপদৰ পৰা উদ্ধাৰকাৰী) কেন্দ্ৰস্বৰূপ হৈ পৰিছিল। স্বাভাৱিক সময়ত মাৰ্চ-এপ্ৰিল আৰু মে’ মাহটো আচল কাম পোৱাৰ সময়। তেওঁ হিচাপ কৰি কয় যে এই সময়ত এনেয়ে হ’লে তেওঁ কমেও ৩০ টা মেচিন মেৰামতি কৰিলেহেঁতেন আৰু কমেও একোটা মেচিনৰ পৰা ৫০০ টকাকৈ উপাৰ্জন কৰিব পাৰিলেহেঁতেন। কিন্তু তলাবন্ধই তেওঁৰ আচল কাম পোৱাৰ সময়খিনি নষ্ট কৰিলে। ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহৰ প্ৰথম ভাগত ৮ টা মেচিন মেৰামতি কৰি উপাৰ্জন কৰা ৫০০০ টকাৰে তেওঁৰ পৰিয়াল চলিবলগা হৈছে। আনহাতে চৰকাৰে ঘোষণা কৰা জনমুৰি পাঁচ কিলোগ্ৰাম বিনামূলীয়া ৰেচনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে। 

বিগত ৭০ বছৰত চামচুদ্দিন মোল্লাই হাজাৰ হাজাৰ যন্ত্ৰপাতিৰ মেৰামতি কৰিছিল; তলাবন্ধৰ সময়ত এটাও মেৰামতিৰ কাম পোৱা নাই, ‘এই পাঁচ সপ্তাহত মই কমেও ১৫,০০০ টকা হেৰুৱালো’

Shamshuddin Mulla repaired thousands of engines in the last 70 years; he hasn't repaired a single one in the lockdown."I have lost at least Rs. 15,000 in these five weeks"
PHOTO • Sanket Jain
Shamshuddin Mulla repaired thousands of engines in the last 70 years; he hasn't repaired a single one in the lockdown."I have lost at least Rs. 15,000 in these five weeks"
PHOTO • Sanket Jain

বিগত ৭০ বছৰত চামচুদ্দিন মোল্লাই হাজাৰ হাজাৰ যন্ত্ৰপাতিৰ মেৰামতি কৰিছিল; তলাবন্ধৰ সময়ত এটাও মেৰামতিৰ কাম পোৱা নাই, ‘এই পাঁচ সপ্তাহত মই কমেও ১৫,০০০ টকা হেৰুৱালো’

শুলকুড়ৰ কৃষকৰ বাইকেৰে তেওঁৰ ঘৰলৈ অহাৰ পিছত বেয়া হোৱা মেচিন মেৰামতি কৰিবলৈ আন তিনিজন কৃষক তেওঁৰ ওচৰলৈ আহিছিল, কিন্তু ঘূৰি যাবলগা হ’ল, তেওঁলোকৰ সমস্যা সমাধান কৰিব পৰা নগ’ল। ‘মেৰামতিৰ বাবে দৰকাৰ হোৱা বস্তু মোৰ ওচৰত নাছিল আৰু কোলহাপুৰ চহৰৰ সকলো দোকান বন্ধ,’ টেলিফোনেৰে তেওঁ মোক ক’লে। 

দুমাহৰ আগতে পত্নী গুলচান (তেওঁৰ এতিয়া প্ৰায় ৭০ বছৰ) আৰু ৫০ উৰ্দ্ধৰ পুত্ৰ ইশাকক লগত লৈ চামচুদ্দিনে তেওঁৰ দুই একৰ মাটিত কুঁহিয়াৰ খেতি কৰিছিল। খেতিত দিয়া পানী আনকি স্বাভাৱিক দিনবোৰতো যিতি সময়ত পানীযোগানৰ পানী আহে (কেতিয়াবা ৰাতি ২ বজাত এৰে) বা কেতিয়াবা পানী যোগানৰ সমস্যা হয়। আৰক্ষীয়ে কোবাব বুলি ভয়তে পামখন ওচৰত থকা স্বত্ত্বেও তেওঁ যাবলৈ ভয় কৰে। কুঁহিয়াৰ খেতি কি হ’ব, সেয়া অনিশ্চিত। 

তলাবন্ধৰ ঘোষণা কৰাৰ পৰা বিগত ৪০ দিনত চামচুদ্দিনে কোনো মেচিন বা যন্ত্ৰপাতি মেৰামতি কৰা নাই। তেওঁৰ বহুতো লোকচান হৈছে, তেওঁৰ হিচাপ মতে, ‘পাঁচ সপ্তাহত কমেও ১৫,০০০ টকাৰ লোকচান হ’ল। তলাবন্ধৰ নিচিনা পৰিস্থিতি মই জীৱনত আগতে কেতিয়াও দেখা নাছিলো (তলাবন্ধ আৰু বিশ্ব মহামাৰী)।’ তেওঁৰ বয়স তেতিয়া আঠ বছৰ আছিল, সেই সময়ত প্লেগ ৰোগে কোলহাপুৰত বিভীষিকাৰ সৃষ্টি কৰাৰ স্মৃতি তেওঁৰ মনত আছে। সেই সময়ত তেওঁলোকৰ পৰিয়ালটো মহাৰাষ্ট্ৰৰ নিকৱৰ্তী জিলাখনৰ হাটকানাংগল তালুকৰ পট্টন কোড়োলি গাঁৱত আছিল। 

‘সেই সময়ত আমাক ঘৰ এৰি দি পথাৰত থাকিবলৈ কোৱা হৈছিল। এতিয়া আমাক ঘৰৰ ভিতৰতে সোমাই থাকিবলৈ কৈছে।’ তেওঁ হাঁহি মাৰি কয়। 

*****

Vasant Tambe retired as a weaver last year; for 25 years, he also worked as a sugarcane-cutter on farms. The lockdown has rocked his and his wife Vimal's fragile existence
PHOTO • Sanket Jain
Vasant Tambe retired as a weaver last year; for 25 years, he also worked as a sugarcane-cutter on farms. The lockdown has rocked his and his wife Vimal's fragile existence
PHOTO • Sanket Jain

বসন্ত তাম্বেই যোৱা বছৰ শিপিনী কামৰ পৰা অৱসৰ ল’লেঃ ২৫ বছৰ ধৰি তেওঁ কুঁহিয়াৰ খেতিত কুঁহিয়াৰ কটা কাম কৰিছিল। তলাবন্ধই তেওঁ আৰু তেওঁৰ পত্নী বিমলৰ ঠুনুকা পাৰিবাৰিক অস্তিত্বক আঘাত কৰিছে 

কোলহাপুৰৰ হাটকাংগালা তালুকৰ ৰেন্দাল গাঁৱত থকা ঘৰৰ পৰা দুই কিলোমিটাৰ ব্যাসাৰ্দ্ধৰ ভিতৰৰ ঠাইত ৮৩ বছৰ বয়সতো বসন্ত তাম্বেই কুঁহিয়াৰ কটা কাম কৰে। একে সময়তে অৱশ্যে তেওঁৰ মূল উপাৰ্জনৰ উৎস আন এটা। অঞ্চলটোৰ ভিতৰতে তেওঁ তাঁতশালৰ কামত অতি পাৰ্গত। ২০১৯ত ৰেন্দাল গাঁৱৰ আটাইতকৈ বয়সীয়া শিপিনীৰূপে তেওঁ কামৰ পৰা অব্যাহতি পালে। তেওঁৰ হিচাপ মতে, জীৱনৰ ৬টা কৰ্মদশকত আনুমানিক তেওঁ ১,০০,০০০ মিটাৰ কাপোৰ বলে। 

শিপিনী হিচাপে বুৎপত্তি থাকিলেও এনে নহয় যে তেওঁ গোটেই জীৱন এই কঠোৰ পৰিশ্ৰমি বৃত্তিত জড়িত হৈ থাকিব। যোৱা ২৫ বছৰত তেওঁ তাঁতশালৰ কামৰ মাজতে আনৰ খেতি পথাৰত কুঁহিয়াৰ কটা কাম কৰি আহিছে। নিজে দুই ভাতৃৰ সৈতে এক একৰ মাটিত কুঁহিয়াৰ খেতি কৰিছিল। কিন্তু তলাবন্ধই তেওঁৰ ঠুনুকা অস্তিত্বত হেন্দোলনি তুলিছে। 

‘তিনি ঘণ্টাত (স্বাভাৱিক সময়ত) মই ১০-১৫ মলিয়া (দুশ কিলোগ্ৰামমান থকা একোটা মুঠা) কাটিব পাৰো,’ তেওঁ কয়। এনেদৰে তেওঁ আমাৰ কুঁহিয়াৰ খেতিত কাম কৰিছিল। ইয়াৰ বাবদ বসন্তই ১০০ টকা মূল্যৰ সমান পশুখাদ্য দিন মজুৰী হিচাপে লয়। ইয়াৰে তেওঁৰ ম’হজনী আৰু পোৱালীটোৰ খাদ্য হৈ যায়। এই বয়সতো তেওঁ নিজৰ চাইকেলেৰে পশুখাদ্য ঘৰলৈ আনে। স্বাভাৱিক সময়ত তেওঁ পুৱা প্ৰায় ৬ বজাত ঘৰৰ পৰা ওলায় আৰু দিনৰ ২ বজাত উভতি আহে। 

যোৱা ৩১ মাৰ্চত মই শেষবাৰৰ বাবে কুঁহিয়াৰ কাটিছিলো, বসন্তই কয়। তেওঁ ৩২ দিনৰ বাবে ৩২০০ টকাৰ পশুখাদ্য হেৰুৱালে। কিন্তু তাৰিখটোৰ আগতেই বিপদঘণ্টা বাজিছিল। 

Before he retired, Vasant was one of the most skilled weavers in Kolhapur's Hatkanangle taluka. Vimal would wind the weft yarn on a charakha (right) for him to weave
PHOTO • Sanket Jain
Before he retired, Vasant was one of the most skilled weavers in Kolhapur's Hatkanangle taluka. Vimal would wind the weft yarn on a charakha (right) for him to weave
PHOTO • Sanket Jain

অব্যাহতি লোৱাৰ আগতে, কোলহাপুৰৰ হাটকানাংগাল তালুকৰ এজন অতি দক্ষ শিপিনী আছিল। তাঁত বোৱাৰ সময়ত পত্নী বিমলে যঁতৰত মহুৰা বনাই দিয়ে 

২০১৯ৰ আগষ্টত বানপানীয়ে ৬০ শতাংশ কুঁহিয়াৰ খেতি ধ্বংস কৰিছিল। দুই ভাতৃৰ সৈতে নিজৰ এক একৰ মাটিত খেতি কৰা জোৱাৰবিলাকো বানপানীয়ে ধ্বংস কৰিছিল। সেই খেতিৰ এক তৃতীয়াংশৰ পৰা পোৱা ৭ টন জোৱাৰ বিক্ৰী কৰি প্ৰতি টনত ২,৮৭৫ টকাকৈ পাইছিল। (আগৰ বছৰত, এক একৰৰ এক তৃতীয়াংশৰ খেতি চপাই তেওঁ ২১ টন জোৱাৰ পাইছিল)। ‘সেই ৭ টন জোৱাৰ বিক্ৰী কৰি আমি যেনেতেনে জীয়াই থাকিব লাগিব। এয়া এবছৰৰ উপাৰ্জন।’

২৬ মাৰ্চত চৰকাৰে ঘোষণা কৰা বিনামূলীয়া চাউল সহজে লাভ কৰিবলৈও বসন্ত আৰু ৭৫ বছৰীয়া পত্নী বিমল সক্ষম হোৱা নাই দুই এপ্ৰিলত তেওঁলোকে প্ৰতি কিলোগ্ৰামত ৩ টকা আৰু ২ টকা মূল্যত ৬ কিলোগ্ৰাম আটা আৰু ৪ কিলোগ্ৰাম চাউল ৰেচন কাৰ্ডৰ পৰা পাইছিল। ১০ দিনৰ পিছত আটা আৰু চাউল ৫ কিলোগ্ৰামকৈ বিনামূল্যে তেওঁলোকে পালে। 

স্বামী আৰু স্ত্ৰী দুয়ো মহাৰাষ্ট্ৰৰ ধাংগাৰ অৰ্থাৎ পশুপালক জনজাতিৰূপে তালিকাভূক্ত। চামচুদ্দিন আৰু গুলছানৰ দৰে দুয়ো মাহেকীয়া বৃদ্ধ পেঞ্চনৰ বাবদ ১,০০০ টকা লাভ কৰে। তেওঁৰ বাল্যাৱস্থাতে বৃটিছৰ দিনত কোলহাপুৰৰ গাওঁ অঞ্চলত সৃষ্টি হোৱা প্লেগৰ ভয়াৱহতাৰ কথা বসন্তয়ো সোঁৱৰে। ‘সেই সময়ত বহুতো মানুহ মৰিছিল। সকলোকে ঘৰ এৰি গাঁৱৰ পৰা দূৰত থাকিবলৈ কোৱা হৈছিল।’ তেওঁ কয়। 

তেওঁৰ মূল উপাৰ্জনৰ বৃত্তি শিপিনী কামৰ পৰা অব্যাহতি লোৱাৰ এবছৰৰ পিছত তলাবন্ধ আৰম্ভ হ’ল। দক্ষতাৰে শিপিনী কাম ৬০ বছৰ তেওঁ ইতিমধ্যে অতিবাহিত কৰিলে। ‘মই এতিয়া বৃদ্ধ হৈ পৰিছো। তাঁতশালৰ কামত যথেষ্ট শাৰিৰীক শক্ৰিৰ প্ৰয়োজন। ৰেন্দাল গাঁৱৰ পৰা কোলহাপুৰলৈ (২৭.৫ কিলোমিটাৰ) খোজকঢ়াৰ নিচিনা।’ তেওঁ কয় আৰু হাঁহে। 

তাৰপিছত বিষণ্ণ হৈ পৰেঃ ‘মোৰ গোটেই জীৱনত এনেকুৱা সংকট মই কেতিয়াও দেখা নাছিলো।’

*****

The Bhore family – Devu (wearing cap), Nandubai  and Amit  – craft ropes for farmers. There’s been no work now for weeks
PHOTO • Sanket Jain
The Bhore family – Devu (wearing cap), Nandubai  and Amit  – craft ropes for farmers. There’s been no work now for weeks
PHOTO • Sanket Jain

ভোলে পৰিয়ালঃ দেবু (টুপি পিন্ধি থকাজন) নন্দুবাঈ আৰু অমৃত। খেতিয়কৰ বাবে ৰছী তৈয়াৰ কৰে। কেইবাসপ্তাহ ধৰি এতিয়া তেওঁলোকৰ কাম নোহোৱা হ’ল 

কৰ্ণাটকৰ বেলগাৱি জিলাৰ বোৰাগাওঁ গাঁৱৰ ৰছী তৈয়াৰ কৰা দেবু ভোৰেৰ বয়স ৬০ বছৰ হ’ব। তিনি দশক ধৰি তেওঁ এই কাম কৰি আহিছে। ভোৰে পৰিয়ালে পাঁচ প্ৰজন্ম ধৰি ৰছী তৈয়াৰ কৰা শিল্পক জীয়াই ৰাখিছে। তলাবন্ধৰ কাৰণে, তেওঁলোকে নিজক জীয়াই ৰখাৰ ওপৰত গুৰুত্ব দিবলগা হৈছে। 

‘ৰছী তৈয়াৰ কৰা সমলবিলাক আছে, মাত্ৰ আমি এতিয়া কাম আৰম্ভ কৰিব লাগে।’ এপ্ৰিলৰ ৪ তাৰিখে ভোৰেৰ পুত্ৰ ৩১  বছৰীয়া অমৃতে মোক টেলিফোনত ক’লে। কৃষি অৰ্থনীতি ধ্বংস হৈ যাব বুলি তেওঁ উদ্বিগ্ন হৈ পৰিছে। ‘এপ্ৰিলৰ প্ৰথম সপ্তাহৰ পৰা বেন্দুৰৰ কাৰণে আমি বিভিন্ন ধৰণৰ ৰছী বনোৱা আৰম্ভ কৰিব লাগে,’ তেওঁ ক’লে। জুন আৰু আগষ্ট মাহৰ মাজভাগত সাধাৰণতে বলধ গৰুৰ নামত আৰু বলধ গৰুৰ বাবে এই উৎসৱ উদযাপন কৰা হয়। 

অনুসূচিত জাতিৰ অন্তৰ্ভূক্ত মাতংগ সম্প্ৰদায়ৰ ভোৰে পৰিয়ালে কৃষকৰ বাবে দুই ধৰণৰ কাৰুকাৰ্য ভৰা ৰছী তৈয়াৰ কৰে। এবিধ ১২ ফুট দীঘল কাছৰা, ইয়াক হাল বাওতে ব্যৱহাৰ কৰা হয়। তদুপৰি শস্য চপোৱাৰ সময়ত ডাঙৰ মুঠাবোৰ বান্ধিবলৈও এনে ৰছী ব্যৱহাৰ কৰা হয়। গাঁৱৰ বহুতো মানুহৰ ঘৰত ঘৰৰ চিলিঙত এই ৰছী বান্ধি সিশুৰ বাবে ওলমা বিচনা বনোৱা হয়। আনবিধ হ’ল ৩ ফুট দৈৰ্ঘ্যৰ কান্দা, ইয়াক গৰুৰ ডিঙিত বান্ধি থোৱা হয়। তেওঁলোকে কাছৰা ৰছী একোডাল ১০০ টকাত বিক্ৰী কৰে আৰু এজোৰ কান্দাৰ মূল্য ৫০ টকা লয়। 

অমিতৰ উদ্বেগ নিৰৰ্থক নহয়। কেইবাসপ্তাহ ধৰি এতিয়া কাম নাই। তলাবন্ধৰ আগতে দেবু, তেওঁৰ পত্নী নন্দুবাঈ (এতিয়া তেওঁৰ বয়স প্ৰায় ৫০ বছৰ) আৰু অমিতে প্ৰত্যেক দিনে আঠ ঘণ্টা কাম কৰি ১০০ টকাকৈ উপাৰ্জন কৰিছিল। তলাবন্ধৰ সময়ত তেওঁলোকে ৩৫০ ঘণ্টা কামৰ সময় নষ্ট কৰিলে। হিচাপ কৰা মতে এই সময়ত তেওঁলোকে প্ৰায় ১৩,০০০ টকা লোকচান কৰিলে। 

এইবাৰ কৰ্ণাটকী বেন্দুৰ (কৰ্ণাটকত অনুষ্ঠিত উৎসৱ) ৭ জুনত উদযাপন কৰিবলগীয়া আছিল। দেবু, নন্দুবাঈ আৰু অমিতে কঠোৰ সংগ্ৰাম কৰিছে। তলাবন্ধৰ কাৰণে ৰছী তৈয়াৰ কৰোতে ব্যৱহাৰ কৰা ৰঙৰ গুড়ি তেওঁলোকে মিৰাজ চহৰৰ পৰা আনে। কিন্তু তলাবন্ধৰ কাৰণে আনিব নোৱাৰা হ’ল। ইয়াৰ উপৰি ৰছী তৈয়াৰ কৰিবলৈ তেওঁলোকৰ ঘৰৰ বাহিৰৰ কেঁচা ৰাস্তাত ১২০ ফুট দীঘল ঠাইৰ দৰকাৰ হয়। কামবিলাক হাতেৰে কৰা হয়। কিন্তু ঘৰৰ বাহিৰত এনেকৈ কাম কৰিলে পুলিচ আহি যাব। 

The powdered colours the Bhores use to make ropes for the Bendur festival in June, cannot be obtained from Miraj in the lockdown. 'Already we are late', says Amit
PHOTO • Sanket Jain
The powdered colours the Bhores use to make ropes for the Bendur festival in June, cannot be obtained from Miraj in the lockdown. 'Already we are late', says Amit
PHOTO • Sanket Jain

জুনত অনুষ্ঠিত বেন্দুৰ উৎসৱৰ কাৰণে ৰচী তৈয়াৰ কৰিবলৈ ভোৰে পৰিয়ালক ৰঙৰ গুড়িৰ দৰকাৰ হয়, তলাবন্ধৰ কাৰণে মিৰাজ চহৰৰ পৰা আনিব পৰা নাযায়। ‘ইতিমধ্যে যথেষ্ট পলম হৈছে,’ অমিতে কয় 

যদি কেনেবাকৈ ৰছী তৈয়াৰ কৰিব পাৰে, তেতিয়াও সমস্যা থাকিব। কৃষকসকলে কাছৰা আৰু কান্দা ৰছী বেন্দুৰ উৎসৱৰ সময়ত ক্ৰয় কৰে। বিক্ৰী কৰিবলৈ, দেবু আৰু অমিতে বেলেগ বেলেগ ছয়খন গাওঁ- এক্কোল, ভোজ, গালতগা, কাৰদাগা, আৰু সৌন্দালগা (কৰ্ণাটকৰ) সাপ্তাহিক বজাৰলৈ যায়। এই বিশাল উৎসৱৰ দুদিন আগতে অমিতে কয়, ‘আমি ইচালকাৰাঞ্জি চহৰতো বহুত ৰছী বিক্ৰি কৰো।’

এইবাৰ ৭ জুনত কৰ্ণাটকী বেন্দুৰ হোৱাৰ কোনো নিশ্চয়তা নাই। অথবা আন কোনো আশাও নাই। তেওঁলোকে অতিশয় ভাগি পৰিছে। কিয়নো বেন্দুৰৰ সময়ত তেওঁলোকে কমেও ১৫,০০০ টকা হাতেৰে বনোৱা ৰছী বিক্ৰী কৰি উপাৰ্জন কৰে। উৎসৱ হৈ যোৱাৰ পিছত ৰচীৰ বিক্ৰী যথেষ্ট হ্ৰাস পায়। 

দেবু আৰু তেওঁৰ তিনি ভাতৃক এক একৰ খেতিৰ মাটি আছে। তেওঁলোকে ১০,০০০ টকাৰ এজন আধিয়াৰক ভাড়ালৈ দিছে। কিন্তু আধিয়াৰজনে এইবাৰ ভাড়ালৈ দিছে। কিন্তু আধিয়াৰজনে এইবাৰ ভাড়াৰ ধন দিব পাৰিব বুলি তেওঁলোকৰ সন্দেহ হৈছে। 

ইতিমধ্যে এই বছৰত যে বেন্দুৰ উৎসৱ অনুষ্ঠিত হ’ব, সেই সম্পৰ্কে ভোৰে পৰিয়াল নিশ্চিত নহয়। তলাবন্ধৰ আগৰ মাহত উপাৰ্জন কৰা ৯,০০০ টকাও শেষ হ’বলৈ ধৰিছে। 

‘ইতিমধ্যে আমাৰ যথেষ্ট পলম হৈছে, তলাবন্ধৰ সময় যদি বৃদ্ধি কৰে, আমি একো উপাৰ্জন কৰিব নোৱাৰিম,’ অমিতে কয়। 

অনুবাদঃ পংকজ দাস

পংকজ দাস এগৰাকী সাংবাদিক, অনুবাদক আৰু অসমীয়া নিউজ পৰ্টেল newsnextone.com ৰ সহ-প্ৰতিস্থাপক। যোগাযোগৰ ইমেইল আইডি [email protected]

Sanket Jain

সংকেত জৈন মহাৰাষ্ট্ৰৰ কোলহাপুৰৰ এগৰাকী মুক্ত গ্ৰামীণ সাংবাদিক আৰু পাৰিৰ স্বেচ্ছাসেৱক।

Other stories by Sanket Jain