‘মই অলপ শাক-পাচলি বিক্ৰী কৰিলো, বিশেষ লাভ নহ’ল। আমি ঘৰত কাম নোহোৱাকৈ এনেয়ে বেছিভাগ সময় কটাইছো। ওচৰৰ চিমেণ্ট কাৰখানা চলি আছে, কিন্তু আমি কাম কৰিবলৈ যোৱা নাই।’ কচ্চ জিলাৰ লাখপট তালুকৰ মৰি গাঁৱৰ পৰা কৰিম জাঠে মোক ক’লে। ফকিৰাণী জাঠ সম্প্ৰদায়ৰ কৰিম জাঠ এজন মালধাৰী (পশুপালক)। কচ্চৰ স্থানীয় ভাষাত ‘মাল’ মানে পশু আৰু ‘ধাৰী’ মানে গৰাকী বা মালিক। গোটেই কচ্চত মালধাৰীসকলে গৰু-ম’হ, উট, ঘোৰা, ভেড়া ছাগলী আৰু ছাগলী চৰায়।

কৰিমে উল্লেখ কৰা শাক-পাচলি আচলতে ওচৰৰ বজাৰৰ পৰা কিনি আনিছিল যদিও তেওঁ কোৱা মতে বিক্ৰী কৰি ভাল দাম নাপালে। কেইকিলোমিটাৰমান দূৰৰ নগৰত এটা চিমেণ্টৰ কাৰখানা আছে, কিন্তু তলাবন্ধৰ কাৰণে কৰিম বা আন ফকিৰাণী জাঠসকলৰ বাবে ঘৰৰ পৰা ওলোৱা টান হৈ পৰিছে। তদুপৰি কাৰখানাটোত ইতিমধ্যে যথেষ্ট শ্ৰমিক আছে, বেছিসংখ্যক পশ্চিমবংগ আৰু আন ঠাইৰ প্ৰব্ৰজনকাৰী শ্ৰমিক, এতিয়াও বহুত ইয়াত আছে, ঘৰলৈ উভতি যাব নোৱাৰিলে। স্থানীয় লোক আৰু প্ৰব্ৰজনকাৰী শ্ৰমিকৰ মাজৰ সম্পৰ্ক কেতিয়াও ভাল নাছিল।

কৰিম জাঠে মোক ক’লে যে তলাবন্ধৰ কাৰণে এইবাৰ তেওঁ ভাৰত-পাকিস্তানৰ সীমান্তৰ ওচৰত থকা সাৱলা পীৰ দৰগাহলৈ যাব নোৱাৰিব, তাত মেলা অনুষ্ঠিত হয়। ‘পৱিত্ৰ ৰমজান মাহ আৰম্ভ হ’ল। ঈদলৈ এমাহৰো কম সময় আছে।’ তেওঁ কয় আৰু উদ্বেগ প্ৰকাশ কৰে, ‘ঈদ এইবাৰ আগৰ নিচিনা নহ’ব।’

লাখপট তালুকৰ এগৰাকী মহিলা আছিল কচ্চৰ প্ৰথম ক”ভিড-১৯ত সংক্ৰমিত ৰোগী, তেওঁ বিদেশৰ পৰা আহিছিল। মাৰ্চত তেওঁক ভূজলৈ লৈ গৈ পৰীক্ষা কৰাৰ পিছত আক্ৰান্ত হোৱা বুলি নিশ্চিত হয়। লাখপট হৈছে অধিকাংশ উটপালকৰ স্থান।

২৪ মাৰ্চত যেতিয়া তলাবন্ধৰ ঘোষণা হ’ল, তাৰ পিছত কচ্চৰ সকলো কাম-কাজ স্থবিৰ হৈ পৰিল। উটপালকসকল গভীৰ প্ৰত্যাহ্বানৰ মুখামুখি হ’ল। কিয়নো নিজৰ ঘৰৰ পৰা যথেষ্ট দূৰত তেওঁলোক থাকে আৰু উটবিলাক চৰায়। তেওঁলোক থকা আৰু উট চৰোৱা ঠাইবিলাক সীমান্তৰ একেবাৰে কাষত বা সীমান্তত, সেয়ে অতি স্পৰ্শকাতৰ অঞ্চলৰূপে চিহ্নিত, অতি কঠোৰ নিৰাপত্তাৰ নিয়ম-নীতিৰ মাজত চলিব লাগে। হঠাতে ঘোষণা কৰা তলাবন্ধৰ বাবে বহুতো মালধাৰী ঘৰলৈ উভতি অহাৰ সময় নাপালে বা তাত থকা তেওঁলোকৰ পৰিয়ালৰ বাবে যথেষ্ট পৰিমাণৰ খোৱাবস্তু সংগ্ৰহ কৰিবও নোৱাৰিলে।

চৰণীয়া পথাৰ এৰি দিয়াৰ পিছত তেওঁলোকৰ উটবিলাকৰ খাদ্যৰ অভাৱ হোৱা নাই বুলি তেওঁলোকে কয়। যদি তলাবন্ধৰ ম্যাদ পুনৰ বৃদ্ধি কৰে, তেন্তে উটবিলাকক খুওৱাই থকা সমস্যা হ’ব। ইফালে তীব্ৰগতিত গ্ৰীষ্মৰ উত্তাপ বাঢ়ি আহিছে।

নসত্ৰানা ব্লকত চৰণীয়া পথাৰৰ কাষত থকা কিছুমান পশুপালকৰ ওচৰলৈ আৰক্ষী আহিছিল আৰু ঘূৰি নুফুৰিবলৈ তেওঁলোকক পৰামৰ্শ দিয়া বুলি স্থানীয় মানুহে আমাক ফোনত ক’লে। পশুপালকসকলে ইফালে-সিফালে যাবলৈ চেষ্টা কৰিব পাৰে, ৰেচনৰ বাবে বা আন কামৰ বাবে নিজৰ গাঁৱলৈ যোৱাৰ চেষ্টা কৰিব পাৰে, কিন্তু এতিয়া সেয়াও কঠিন হৈ পৰিছে।

PHOTO • Ritayan Mukherjee

ৰাবাৰি, জাঠ আৰু সামাচৰ দৰে কচ্চৰ বিভিন্ন মালধাৰী (পশুপালক)সকলৰ জীৱন আৰু সাংস্কৃতিক ৰীতি তেওঁলোকৰ পালিত পশুক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তেওঁলোকৰ গীতসমূহ। কিছুমান লোক বছৰৰ বিশেষ ঋতুত প্ৰব্ৰজিত (মে’-জুনৰ পৰা ছেপ্তেম্বৰৰ শেষলৈকে) হয়, আৰু কিছুমান লোকে নিজৰ তালুকৰ ভিতৰতে গোটেই বছৰ প্ৰব্ৰজিত হয়। তলাবন্ধৰ ফলত তেওঁলোকৰ ঋতুকালীন প্ৰব্ৰজনত ব্যাঘাত জন্মিছে।

গুলমমদ জাঠৰ দৰে আন বহুতো লাখপটৰ পশুপালকে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ বিপণীৰ পৰা খাদ্য-সামগ্ৰী তথা আন অত্যাৱশ্যকীয় সামগ্ৰী লাভ কৰাৰ ক্ষেত্ৰত সমস্যাত ভূগিছে। ‘পৰিচয়ৰ প্ৰমাণ হিচাপে ৰেচন কাৰ্ডবিলাক আমি লগত লৈ ফুৰো, কিন্তু ইয়াৰ ফলত ৰেচনৰ দোকানৰ পৰা বস্তু লোৱাৰ ক্ষেত্ৰত একো লাভ নহয়, আৰু বহুতো পৰিয়ালৰ এই সমস্যা হয়,’ তেওঁ কয়।

ভূজৰ পশুপালন কেন্দ্ৰৰ প্ৰজনন আঁচনিৰ আঁত ধৰোতা ৰমেশ ভাটিয়ে কয় যে এনেকুৱা প্ৰায়ে হয়। বহুতো উট পালক ঘৰৰ পৰা ১০-২০ কিলোমিটাৰ দূৰৰ জংঘলৰ ওচৰত বা সীমান্ত অঞ্চলত থাকে, ‘গাওঁবাসী বা চৰকাৰৰ লগত তেওঁলোকৰ যোগাযোগ নোহোৱা হৈ পৰে। আন ঠাইত ঘূৰি ফুৰাৰ সময়ত বহুতো লেকে তেওঁলোকৰ ৰেচন কাৰ্ড ঘৰত থৈ যায়। এতিয়া উটৰ গাখীৰৰ ক্ৰেতা নোহোৱা হ’ল বা মালধাৰীসকলৰ আন বস্তুও বিক্ৰি কৰিব নোৱাৰা হ’ল। তেওঁলোকে অত্যাৱশ্যকীয় সামগ্ৰী কিনিব নোৱাৰা হ’ল। কাৰণ কিছুমান গাঁৱত তেওঁলোকক সোমাবলৈ নিদিব পাৰে।’

উট চৰাই ঘূৰি ফুৰাৰ সময়ত পুৰুষসকলে গাখীৰ আৰু ৰুটি খায়, ঘৰত থকা মহিলা আৰু সন্তানৰ কাৰণে খাদ্য-সামগ্ৰীৰ দৰকাৰ হয় বুলি ভাটিয়ে কয়। সৌভাগ্যক্ৰমে, তেওঁ কয়, ‘যোৱা কেইদিনমানৰ পৰা অলপ গাড়ী-মটৰ চলিবলৈ আৰম্ভ কৰিছে। কিন্তু ইতিমধ্যে তেওঁলোক ব্যাপক লোকচানৰ মুখামুখী হৈছে।’

এনে পৰিস্থিতিত আচল সমস্যা দুৰ্ভিক্ষ। চৰকাৰে সহজভাৱে যি ঘোষণা কৰিছে, সেয়া যথেষ্ট নহয়। ‘আঠজন সদস্য থকা এটা পৰিয়ালে যদি ১০ কিলোগ্ৰাম আটা পায়, তেওঁলোকে কিমান দিন খাব,’ তেওঁ কয়।

মালধাৰীসকলৰ অধিকাৰৰ বাবে কাম কৰা পশুপালন কেন্দ্ৰ পৰিচালনা কৰা ‘সহজীৱন’ নামৰ ভূজত থকা এটা সংগঠনে যোৱা দুসপ্তাহত ভূজৰ বিপদগ্ৰস্ত ভালেমান পৰিয়ালৰ বাবে প্ৰায় ৭০ টা ৰেচনৰ টোপোলা প্ৰস্তুত কৰে। সেই টোপোলাবোৰত আটা, কপাহ তেল, মগু দাইল, চেনী, পিয়াজ, আলু, চাউল, নিমখ, মচলা, ধনীয়া গুড়ি, হালধি আৰু সৰিয়হ থাকে। প্ৰায় দুসপ্তাহ চলিব পৰা জোখাৰে সামগ্ৰী দিয়া হৈছে। ‘তেওঁলোকক ধন্যবাদ, আমাৰ ৰেচন আমাৰ ঘৰৰ দুৱাৰ মুখত তেওঁলোকে দি গৈছে।’ কৰিম জাঠে কয়। ‘এই সামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰি আমি এতিয়ালৈকে চলি আছো। তলাবন্ধ যদি আৰু কঠোৰ কৰি তোলে, আমি বেছি সমস্যাত পৰিম।’

চৰকাৰে ঘোষণা কৰা মতে যদি অলপ শিথিল কৰে, তেন্তে খেতিৰ কাম অলপ আৰম্ভ হ’ব, কৰিম জাঠে কয়। ‘মই ভাবো, চৰকাৰে সেয়ে কৰিব। নহ’লে পৃথিৱীৰ মানুহে কি খাব? সকলো উদ্বিগ্ন হৈ ৰৈছে।’

অলপমান ৰেচন পালেও, একাংশ লোক আন নাটনিৰ কথা ভাবি উদ্বিগ্ন হৈছে। সেইসকলৰ ভিতৰত জাঠ আয়ুব আমীন এজন। তেওঁ মোৰ বন্ধুৰ দৰে আৰু মৰমতে আয়ুব খুড়া বুলি মাতো। তেওঁ ফকিৰাণী জাঠ সম্প্ৰদায়ৰ এজন গণ্যমান্য ব্যক্তি। ‘হয়, খাবলৈ মোৰ ৰেচন আছে,’ ফোনত তেওঁ কয়। ‘আপোনালোকৰ দৰে ভাল মানুহক সকলোৱে ধন্যবাদ জনাইছে। কিন্তু তলাবন্ধত আটাইতকৈ দুখলগা কথাটো আপোনালোকে জানেনে? মই বিড়ি খাবলৈ পোৱা নাই।’

PHOTO • Ritayan Mukherjee

জাঠ আয়ুব আমীন ফকিৰাণী জাঠ সম্প্ৰদায়ৰ এজন জ্যেষ্ঠ নাগৰিক, তেওঁ গোটেই বছৰ ভাচাউ তালুকত খাৰাই উট চৰাই জীৱিকা উপাৰ্জন কৰে। সাম্প্ৰতিক বছৰবোৰত অৰণ্য ধ্বংসৰ বাবে চৰণীয়া পথাৰ নোহোৱা হৈছে, পশুৰ পালবোৰ সৰু হৈ আহিছে আৰু আন কাৰণত তেওঁৰ উপাৰ্জনৰ পতন ঘটিছে। তেওঁ ভাৱে ক’ভিড-১৯ তলাবন্ধৰ ফলত তেওঁৰ উটৰ গাখীৰ বিক্ৰী আৰু ৩০ শতাংশ হ্ৰাস পাই উপাৰ্জন সংকুচিত হৈ পৰিব।

PHOTO • Ritayan Mukherjee

যোৱা কেইবছৰমানৰ ভিতৰত উপকুলীয় কচ্চত চিমেণ্টৰ উদ্যোগৰ লক্ষণীয় হাৰত বাঢ়ি অহা দেখা গৈছে। ডাঙৰ ডাঙৰ চিমেণ্ট কাৰখানাবোৰত মৰি, তাহেৰা তথা আন সীমান্তৱৰ্তী গাঁৱৰ ফকিৰাণী জাঠ সম্প্ৰদায়ৰ ডেকাচামে দিন মজদুৰৰ কাম পাইছিল। এতিয়া তলাবন্ধৰ সময়ত কাৰখানাবিলাক বন্ধ হৈ পৰিছে।

PHOTO • Ritayan Mukherjee

উট চৰাই ঘূৰি ফুৰাৰ সময়ত পুৰুষসকলে গাখীৰ আৰু ৰুটি খায়, কিন্তু গাঁৱত থকা মহিলা আৰু শিশুসকলক ৰুটি, চাউল আৰু দাইলৰ দৰকাৰ হয়। আকস্মিক তলাবন্ধৰ ফলত সীমান্তত থকা অকলশৰীয়া এই গাওঁবিলাক অসুবিধাত পৰিছে। পশু লৈ ঘৰৰ পৰা ওলাই যোৱা যিসকলে ৰেচন কাৰ্ড ঘৰত এৰি থৈ গৈছে, তেওঁলোকেও ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ দোকানৰ পৰা খাদ্য-সামগ্ৰী পোৱা নাই।

PHOTO • Ritayan Mukherjee

লাখপট তালুকৰ মৰিগাঁৱত কৰিম জাঠ বাস কৰে। পশুপালনৰ উপাৰ্জন হ্ৰাস পোৱা বাবে উপাৰ্জন বঢ়াবলৈ তেওঁ যোৱা বছৰ এখন অট’ৰিক্সা কিনিলে। তেওঁ কয়, ‘তলাবন্ধ আৰম্ভ হোৱাৰ বাবে অট’ৰিক্সা উলিয়াব নোৱাৰো। সেয়ে শাক-পাচলি বিক্ৰি কৰি অলপ উপাৰ্জন কৰিব বিচাৰিছো।’

PHOTO • Ritayan Mukherjee

বহুতো ফকিৰাণী জাঠ লোকৰ বিড়ি হোপাৰ অভ্যাস আছে। তলাবন্ধৰ বাবে ধঁপাতজাতীয় সামগ্ৰী পোৱা টান হৈ পৰিছে। জাঠ আয়ুব আমীনে কয় যে তেওঁৰ বাবে এয়া বৰ কষ্টদায়ক।

Left: Pastoralist families receiving ration bags from Bhikhabhai Vaghabhai Rabari, president of the Kachchh Unt Uchherak Maldhari Sangathan (Kachchh Maldhari Camel Herders Organisation). Right: Several Fakirani Jat families have received such ration kits from a Bhuj-based organisation working for the rights of the maldharis. The bags include essentials like wheat, lentils, cotton oil, turmeric, spices, salt and rice. The families say this has reduced the pressure on them greatly.
PHOTO • Sahjeevan
Left: Pastoralist families receiving ration bags from Bhikhabhai Vaghabhai Rabari, president of the Kachchh Unt Uchherak Maldhari Sangathan (Kachchh Maldhari Camel Herders Organisation). Right: Several Fakirani Jat families have received such ration kits from a Bhuj-based organisation working for the rights of the maldharis. The bags include essentials like wheat, lentils, cotton oil, turmeric, spices, salt and rice. The families say this has reduced the pressure on them greatly.
PHOTO • Sahjeevan

বাওঁফালেঃ কচ্চ মালধাৰী উটপালক সংগঠনৰ সভাপতি ভিখাভাই ৱাঘাভাই ৰাবাৰিৰ পৰা পশুপালক পৰিয়ালে ৰেচনৰ মোনা লৈছে। সোঁফালেঃ মালধাৰীসকলৰ অধিকাৰৰ বাবে কাম কৰা ভূজৰ সংগঠন এটাই দিয়া ৰেচনৰ মোনা বহুতো ফকিৰাণী জাঠ পৰিয়ালে গ্ৰহণ কৰিছে। মোনাত আটা, চাউল, মচুৰ দাইল, কপাহ তেল, হালধি, মচলা, নিমখ আদি অত্যাৱশ্যকীয় সামগ্ৰী থাকে। ইয়াৰ ফলত তেওঁলোকৰ খাদ্যৰ অভাৱ বহুখিনি হ্ৰাস পাইছে।

অনুবাদঃ পংকজ দাস

Ritayan Mukherjee

Ritayan Mukherjee is a Kolkata-based photographer and a PARI Senior Fellow. He is working on a long-term project that documents the lives of pastoral and nomadic communities in India.

Other stories by Ritayan Mukherjee
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das