ওচৰতে থকা নিমগছ জোপাৰ ওচৰলৈ চাইকেল চলাই গৈ ভায়েক ১২ বছৰীয়া শংকৰ ঘূৰি অহালৈকে ফুলৱাতিয়া ৰৈ আছে। সিহঁতৰ চাইকেলখন এইবাৰ তাই চলাব। হয়তো এয়াই সিহঁতৰ দিনটোৰ শেষ চাইকেল চালনা। ‘মই আজি অকলে অলপ দূৰ চাইকেল চলাম আৰু সোনকালে উভতি আহিম।’ ১৬ বছৰ বয়সীয়া ফুলৱাতিয়ে ক’লে, ‘কাইলৈৰ পৰা ৫ দিন মই চাইকেল চলাব নোৱাৰিম। কাপোৰ ব্যৱহাৰ কৰিলে খুব সমস্যা হয়।’ পথৰ কাষৰ কুকুৰ পোৱালী এটাক মৰম কৰি তাই কয়। 

ফুলৱাতিয়া (নাম সলনি কৰা হৈছে)ই ভাবিছে কাইলৈৰ পৰা তাইৰ মাহেকীয়া ঋতুস্ৰাৱ আৰম্ভ হ’ব। আগৰ মাহবিলাকৰ দৰে এইবাৰ স্কুলৰ পৰা বিনামূলীয়া ছেনিটেৰি নেপকিন নাপাব। ‘আমাৰ মাহেকীয়া আৰম্ভ হোৱাৰ লগে লগে আমাক পেড দিয়ে। কিন্তু এইবাৰ ঘৰত পোৱা যিকোনো কাপোৰ ব্যৱহাৰ কৰিম।’

দেশৰ আন ঠাইৰ দৰে উত্তৰ প্ৰদেশৰ চিত্ৰকূট জিলাত থকা তাইৰ স্কুলখনো ক’ভিড-১৯ তলাবন্ধৰ কাৰণে বন্ধ ৰখা হৈছে। 

পিতৃ-মাতৃ আৰু দুই ভায়েকৰ সৈতে ফুলৱাতিয়াই কাৰৱি তহচিলৰ তাৰৌহা গাঁৱৰ সৰু চুবুৰী সোণেপুৰত বাস কৰে। তেওঁৰ দুগৰাকী বায়েক আছিল, দুয়োৰে বিয়া হৈ গৈছে আৰু আন ঠাইত থাকে। তাই দশম শ্ৰেণীৰ পৰীক্ষা দিলে আৰু ১০ দিনীয়া বন্ধ শেষ হোৱাৰ পিছত স্কুললৈ যোৱাৰ কথা আছিল, কিন্তু ২৪ মাৰ্চত তলাবন্ধ ঘোষণা কৰা হ’ল। কাৰৱি ব্লকত থকা ৰাজকীয় বালিকা ইণ্টাৰ কলেজৰ ছাত্ৰী ফুলৱাতিয়া। 

‘বেলেগ কামত ব্যৱহাৰ নকৰা এটুকুৰা কাপোৰ মই বিচাৰি ল’ম আৰু ব্যৱহাৰ কৰিম। দ্বিতীয়বাৰ ব্যৱহাৰ কৰাৰ আগতে ভালকৈ ধুই ল’ম।’ ফুলৱাতিয়াই কয়। খালি ভৰিৰে খোজ কাঢ়ি ফুৰাৰ কাৰণে হয়তো ভৰিদুখনত ধূলিৰ চামনি-। ধতুৰা ফুলজোপাৰ তলত বহি ধূলিময় ভৰিহালতে নখত ৰং কৰাত তাই ব্যস্ত। 

Phoolwatiya, 16, says, 'We normally get pads there [at school] when our periods begin. But now I will use any piece of cloth I can'
PHOTO • Jigyasa Mishra

১৬ বছৰীয়া ফুলৱাতিয়াই কয়, ‘আমি স্কুলৰ পৰা সাধাৰণতে পেড পাওঁ, আমাৰ মাহেকীয়া আৰম্ভ হোৱাৰ সময়ত দিয়ে। কিন্তু এতিয়া কিবা এটুকুৰা কাপোৰ ব্যৱহাৰ কৰিম’

ফুলৱাতিয়া অকলে নহয়। উত্তৰ প্ৰদেশত তাইৰ নিচিনা এক কোটিৰো অধিক ছোৱালী আছে, সিহঁতে বিনামূলীয়া ছেনিটেৰি নেপকিন পাব লাগে, স্কুলৰ জৰিয়তে আগতে দিয়া হৈছিল। ফুলৱাতিয়াৰ দৰে কিমান ছোৱালীয়ে পাইছিল সেই সংখ্যা আমি আমি উলিয়াব নোৱাৰিলো। এনে ছোৱালীসকলৰ মুঠ সংখ্যাৰ যদি এক দশমাংশ দৰিদ্ৰ পৰিয়ালৰ হয়, তেন্তে ১০ লাখৰো অধিক এনে ছোৱালীয়ে বিনামূলীয়া নেপকিনৰ অভাৱত নেপকিন ব্যৱহাৰ কৰিব নোৱাৰিব। 

শৈক্ষিক পৰিকল্পনা আৰু প্ৰশাসনৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ ‘ভাৰতৰ স্কুলীয়া শিক্ষা’ শীৰ্ষক প্ৰতিবেদন অনুসৰি উত্তৰ প্ৰদেশৰ ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীত পঢ়ি থকা ছোৱালীৰ সংখ্যা ১ কোটি ৮৬ লাখ। ২০১৬-১৭ বৰ্ষত শেষ বাৰৰ বাবে এই পৰিসংখ্যা উপলব্ধ।  

কিশোৰী সুৰক্ষা যোজনা (দেশৰ প্ৰতিটো ব্লকক সামৰি চলোৱা ভাৰত চৰকাৰৰ এক আঁচনি)ৰ অধীনত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীত পঢ়ি থকা সকলো ছাত্ৰীয়ে বিনামূলীয়া ছেনিটেৰি নেপকিন পোৱাৰ বাবে অৰ্হতাসম্পন্ন। উত্তৰ প্ৰদেশত ২০১৫ত তেতিয়াৰ মুখ্যমন্ত্ৰী অখিলেশ যাদৱে এই আঁচনিৰ শুভাৰম্ভ কৰিছিল। 

*****

ধোৱাৰ পিছত তাই কাপোৰবিলাক ক’ত শুকাবলৈ দিব? ‘ঘৰত ভিতৰত কাৰো চকুত নপৰা ঠাইত মই শুকাবলৈ দিম। মই দেউতা আৰু ভাইটিহঁতক চাবলৈ দিব নোৱাৰো।’ ফুলৱাতিয়াই ক’লে। মাহেকীয়াত ব্যৱহাৰ কৰা কাপোৰ ধোৱাৰ পিছত ৰ’দত শুকাবলৈ নিদিয়াৰ সাধাৰণ নিয়ম এই অঞ্চলৰ কিশোৰী-মহিলাসকলৰ মাজত চলি আহিছে। আন বহু ঠাইৰ দৰে ইয়াৰ মহিলায়ো পুৰুষৰ চকুত নপৰাকৈ শুকাবলৈ দিয়ে।

Before the lockdown: Nirasha Singh, principal of the Upper Primary School in Mawaiya village, Mirzapur district, distributing sanitary napkins to students
PHOTO • Jigyasa Mishra

তলাবন্ধৰ আগতেঃ মিৰ্জাপুৰ জিলাৰ মাৱেইয়া গাঁৱৰ উচ্চ প্ৰাথমিক বিদ্যালয়ৰ অধ্যক্ষা নিৰাশা সিঙে ছাত্ৰীসকলৰ মাজত ছেনিটেৰি নেপকিন বিতৰণ কৰিছিল 

ধোৱাৰ পিছত তাই কাপোৰ বিলাক ক’ত শুকাবলৈ দিয়ে? ‘ঘৰৰ ভিতৰত কোনেও নেদেখা ঠাইত মই শুকাবলৈ দিও। ঘৰৰ ভিতৰত  শুকাবলৈ দিও। দেউতা আৰু ভাইটিহঁতক দেখুৱাব নোৱাৰো।’ ফুলৱাতিয়াই কয়। মাহেকীয়াত ব্যৱহাৰ কৰা কাপোৰ ধোৱাৰ পিছত ৰ’দত শুকাবলৈ নিদিয়াৰ প্ৰথা এটা সাধাৰণ অভ্য়াস 

ইউনিচেফে কোৱা মতে, ‘মাহেকীয়া ঋতুস্ৰাৱ সম্পৰ্কীয় অজ্ঞতাৰ কাৰণে ক্ষতিকাৰক ভূল ধাৰণা আৰু বৈষম্যৰ পৰিস্থিতি উদ্ভৱ হৈছে, শৈশৱৰ স্বাভাৱিক অভিজ্ঞতা আৰু কাম-কাজত কিশোৰীসকলে জড়িত হোৱাৰ সুযোগ হেৰুৱাবলগা হৈছে।’

‘মাহেকীয়া ঋতুস্ৰাৱত কোমল কপাহী কাপোৰ ব্যৱহাৰ কৰিব পাৰি যদি সঠিকভাৱে পৰিস্কাৰ কৰা হয়, ধোৱা হয় আৰু ৰ’দত শুকুৱাই লোৱা হয়। তেতিয়াহে বেক্টেৰিয়াৰ সংক্ৰমণৰ পৰা বাচিব পাৰি। কিন্তু গ্ৰামাঞ্চলত সকলোৱেই ইয়াৰ সঠিক যতন্ নলয় আৰু গ্ৰামাঞ্চলৰ মহিলা-কিশোৰীসকলৰ ক্ষেত্ৰত জননাংগৰ সমস্যা এক সাধাৰণ ঘটনা।’ লক্ষ্ণৌৰ ৰাম মনোহৰ লোহিয়া হাস্পতালৰ জ্যেষ্ঠ স্ত্ৰীৰোগ বিশেষজ্ঞ ডা. নিতু সিঙে কয়। পেডৰ অভাৱত ফুলৱাতিয়াৰ দৰে ছোৱালীয়ে এতিয়া অস্বাস্থ্যকৰ কাপোৰ ব্যৱহাৰ কৰিব। ইয়াৰ ফলত তেওঁলোকৰ বিভিন্ন ধৰণ এলাৰ্জি বা ৰোগ হ’ব পাৰে।

‘জানুৱাৰী মাহত আমাক স্কুলত ৩-৪ পেকেটকৈ ছেনিটেৰি নেপকিন দিছিল। কিন্তু সেইখিনি এতিয়া শেষ হ’ল।’ ফুলৱাতিয়াই কয়। এতিয়া তাই সেইবিলাক বজাৰৰ পৰা কিনিব নোৱাৰে। তাই ইয়াৰ বাবে মাহে অন্ততঃ ৬০ টকা খৰছ কৰিব লাগিব। কম দামৰ ৬টা পেড থকা পেকেট এটাৰ দাম ৩০ টকা। তাইক মাহে দুটা পেকেট লাগিব।

ফুলৱাতিয়াৰ পিতৃ-মাতৃ, ডাঙৰ ককায়েককে ধৰি সকলো দৈনিক মজুৰী কৰা কৃষিশ্ৰমিক আৰু স্বাভাৱিক সময়ত, আটাইকেইজনে মিলি দৈনিক ৪০০ টকা উপাৰ্জন কৰে। ‘এতিয়া দৈনিক উপাৰ্জন ১০০ টকা হৈছে আৰু পথাৰত কাম কৰাটো আমাক কোনেও নিবিচাৰে।’ নাতিনীক খিচিৰি খুৱাই থকা ফুলৱাতিয়াৰ মাতৃ ৫২ বছৰীয়া ৰাম প্যাৰীয়ে কয়। 

যোগান ধৰিবলৈ ইয়াত কোনো বিকল্প ব্যৱস্থা নাই। ‘আমি এতিয়া মৌলিক প্ৰয়োজনীয়ৰ ওপৰত গুৰুত্ব দিছো, বিশেষকৈ ৰেচন আৰু খাদ্যৰ ওপৰত গুৰুত্ব দিয়া হৈছে। এই অৱস্থাত জীৱন ৰক্ষাক একমাত্ৰ প্ৰাধান্য দিয়া হৈছে।’ চিত্ৰকূট জিলা দণ্ডাধীশ শেষ মণি পাণ্ডেয়ে আমাক কয়। 

Ankita (left) and her sister Chhoti: '... we have to think twice before buying even a single packet. There are three of us, and that means Rs. 90 a month at the very least'
PHOTO • Jigyasa Mishra
Ankita (left) and her sister Chhoti: '... we have to think twice before buying even a single packet. There are three of us, and that means Rs. 90 a month at the very least'
PHOTO • Jigyasa Mishra

অংকিতা (বাওঁফালে) আৰু তাইৰ ভগ্নী চোটি… ‘এটা পেকেট কিনিবৰ কাৰণেও আমি দুবাৰ ভাবিব লাগে। আমি তিনিজনী আছো, তাৰমানে মাহে অতিকমেও ৯০ টকা লাগিব’

ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপ (এন.এফ.এইচ.এছ-৪)ৰ মতে দেশৰ মুঠ ১৫-২৪ বছৰৰ মাজত কিশোৰী-যুৱতীৰ ৬২ শতাংশই ২০১৫-১৬ত মাহেকীয়া ঋতুস্ৰাৱৰ সময়ত কাপোৰ ব্যৱহাৰ কৰে। উত্তৰ প্ৰদেশৰ এই পৰিসংখ্যা ৮১ শতাংশ।

২৮ মে’ত উদযাপিত ঋতুস্ৰাৱৰ স্বাস্থ্যবিধি দিৱসত ছেনিটেৰি নেপকিন প্ৰসংগত অধিকাংশ মহিলা উৎসাহিত নহ’ব। 

*****

সকলো জিলাতে একেই সমস্যা। ‘তলাবন্ধৰ ঠিক আগৰ দিনা ছেনিটেৰি নেপকিনৰ নতুন যোগান আমি পাইছিলো, আৰু ছাত্ৰীসকলক বিতৰণ কৰাৰ আগতে স্কুলবিলাক বন্ধ কৰিবলগীয়া হ’ল।’ লক্ষ্ণৌ জিলাৰ গোসাইগঞ্জ ব্লকৰ চালাউলি গাঁৱৰ উচ্চ প্ৰাথমিক বিদ্যালয়ৰ অধ্যক্ষ যশোদানন্দ কুমাৰে আমাক জানিবলৈ দিয়ে। 

‘মোৰ ছাত্ৰীসকলৰ ঋতুস্ৰাৱৰ স্বাস্থ্যবিধি মই সদায় সুনিশ্চিত কৰিছিলো। তেওঁলোকক নেপকিন দিয়াৰ উপৰি মই ছাত্ৰীসকলৰ সৈতে মাহত এবাৰ আলোচনা কৰো আৰু মহিলা শিক্ষকসকলে মাহেকীয়া ঋতুস্ৰাৱৰ স্বাস্থ্যবিধি পালনৰ প্ৰয়োজনীয়তা সম্পৰ্কে কয়। এতিয়া প্ৰায় দুমাহ ধৰি স্কুল বন্ধ।’ নিৰাশা সিঙে টেলিফোনত কয়। মিৰ্জাপুৰ জিলাৰ মাৱাইয়া গাঁৱৰ উচ্চ প্ৰাথমিক বিদ্যালয়ৰ তেওঁ অধ্যক্ষা। ‘মোৰ বহুতো ছাত্ৰীৰ ঘৰৰ ওচৰৰ দোকানত ছেনিটেৰি নেপকিন পোৱা নাযায়। কোৱা নিস্প্ৰয়োজন যে বহুতেই মাহে ৩০-৬০ টকা ইয়াৰ বাবে খৰছ কৰিবলৈ সক্ষম নহয়,’ তেওঁ কয়। 

আকৌ চিত্ৰকূট জিলালৈ উভতি আহো, ১৭ বছৰীয়া অংকিতা দেৱী আৰু তাইৰ ভনী ১৪ বছৰীয়া চোটি (দুয়োৰে নাম সলনি কৰা হৈছে)য়ে নিশ্চয় পেডৰ বাবে উক্ত টকা খৰছ কৰিব নোৱাৰিব। ফুলৱাতিয়াৰ ঘৰৰ পৰা প্ৰায় ২২ কিলোমিটাৰ দূৰৰ চিতাৰা গোকুলপুৰ গাঁৱৰ দুয়ো কিশোৰীয়ে পেডৰ সলনি কাপোৰ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে। তেওঁলোকতকৈ ডাঙৰ আন এগৰাকী বায়েক আছে, মই তালৈ যোৱাৰ সময়ত তেওঁ ঘৰত নাছিল। অংকিতাই একাদশ শ্ৰেণীত আৰু ভনীয়েক চোটিয়ে নৱম শ্ৰেণীত পঢ়ি আছে। দুয়ো একেখন স্কুলত পঢ়ে। চিতাৰা গোকুলপুৰত থকা শিৱাজী ইণ্টাৰ কলেজত। তেওঁলোকৰ পিতৃ ৰমেশ চৰকাৰী কাৰ্যালয়ত যোগালিৰ কাম কৰে আৰু মাহে প্ৰায় ১০,০০০ টকা পায়। 

The Shivaji Inter College (let) in Chitara Gokulpur village, where Ankita and Chhoti study, is shut, cutting off their access to free sanitary napkins; these are available at a pharmacy (right) three kilometers from their house, but are unaffordable for the family
PHOTO • Jigyasa Mishra
The Shivaji Inter College (let) in Chitara Gokulpur village, where Ankita and Chhoti study, is shut, cutting off their access to free sanitary napkins; these are available at a pharmacy (right) three kilometers from their house, but are unaffordable for the family
PHOTO • Jigyasa Mishra

চিতাৰা গোকুলপুৰত থকা শিৱাজী ইণ্টাৰ কলেজ (বাওঁফালে)। অংকিতা আৰু চোটিয়ে ইয়াত পঢ়ে। স্কুল বন্ধ থকাৰ বাবে সিহঁতে বিনামূলীয়া ছেনিটেৰি নেপকিন নোপোৱা হ’লঃ এইবিলাক ফাৰ্মাচীত পোৱা যায় (সোঁফালে), তেওঁলোকৰ ঘৰৰ পৰা তিনি কিলোমিটাৰ দূৰত আছে, ছেনিটেৰি নেপকিন ক্ৰয় কৰিবলৈ পৰিয়ালটোৰ টকা নাই 

‘এই দুটা মাহৰ দৰমহা পামনে নাই, মই নাজানো। ইপালে মোৰ ভাড়াঘৰৰ মালিকে ঘৰ ভাড়া আদায় দিবলৈ মোক মাতি আনি কৈছে।’ ৰমেশে কয়। তেওঁৰ ঘৰ উত্তৰ প্ৰদেশৰ বান্দা জিলাত, কাম কৰিবলৈ তেওঁ ইয়ালৈ আহিছিল। 

অংকিতাই কয় যে একেবাৰে ওচৰত থকা ফাৰ্মাচীখনলৈও তিনি কিলোমিটাৰ দূৰ হয়। সিহঁতৰ ঘৰৰ পৰা প্ৰায় ৩০০ মিটাৰমান দূৰত এখন ডাঙৰ দোকান আছে, সেইখনেও ছেনিটেৰি নেপকিন বিক্ৰী কৰে। ‘কিন্তু ৩০ টকা দি এটা পেকেট কিনাৰ সময়তো আমি দুবাৰ ভাবিব লাগিব, আমাৰ ছোৱালী তিনিজনী, সেইটো মনত ৰাখিব লাগিব, গতিকে একেবাৰে কম হ’লেও মাহত তিনিজনীৰ কাৰণে ৯০ টকা লাগিব,’ অংকিতাই কয়। 

এইটো পৰিস্কাৰ কথা যে এই অঞ্চলৰ ছোৱালীহঁতৰ ছেনিটেৰি নেপকিন ক্ৰয় কৰিবলৈ টকা নাই। ‘তলাবন্ধৰ পিছৰ পৰা ছেনিটেৰি নেপকিনৰ বিক্ৰীও হ্ৰাস পাইছে।’ চিত্ৰকূটৰ সীতাপুৰ চহৰত থকা ফাৰ্মাচীৰ মালিক ৰাম বৰসৈয়্যাৰ সৈতে মই কথা পাতোতে কয়। আন অঞ্চলতো একেই পৰিস্থিতি বিৰাজ কৰিছে। 

অংকিতাই মাৰ্চত অনুষ্ঠিত হোৱা হাইস্কুলৰ পৰীক্ষা দিছিল। ‘পৰীক্ষা ভালেই হৈছিল। একাদশ শ্ৰেণীত মই জীৱবিজ্ঞান শাখাত পঢ়িব বিচাৰিছিলো। মোৰ আগৰ কেইজনমান ছাত্ৰৰ সৈতে জীৱবিজ্ঞানৰ পুৰণি কিতাপৰ কথাও পাতিছিলো। কিন্তু স্কুল বন্ধ হৈ গ’ল।’ তেওঁ কয়।

জীৱবিজ্ঞান কিয়? ‘মই ছোৱালী আৰু মহিলাসকলক সহায় কৰিব বিচাৰো। কিন্তু সেইদিশত কেনেকৈ আগবাঢ়িম সেই সম্পৰ্কে নাজানো।’ অংকিতাই কয়। 

প্ৰচ্ছদ সচিত্ৰকৰণঃ প্ৰিয়ংকা ব’ৰাৰ  এগৰাকী নিউ মিডিয়া শিল্পী। নতুন ধৰণৰ অৰ্থ আৰু প্ৰকাশভংগীৰ সন্ধানত তেওঁ প্ৰযুক্তিৰ সৈতে পৰীক্ষা-নিৰীক্ষা চলাই আহিছে। শিকন আৰু খেল-ধেমালীৰ বাবে ন-অভিজ্ঞতাৰ সৃষ্টি কৰা, ইণ্টাৰেক্টিভ মিডিয়াৰে কাৰচাজি কৰা প্ৰিয়ংকাই কাগজ-কলমেৰেও সৃষ্টিশীল কাম কৰি ভাল পায়।  

সমগ্ৰ দেশখনৰ গ্ৰামাঞ্চলৰ কিশোৰী আৰু যুৱ মহিলা শ্ৰেণীৰ ওপৰত পাৰি আৰু কাউণ্টাৰ মিডিয়া ট্ৰাষ্টে কৰা প্ৰতিবেদনৰ প্ৰকল্প হৈছে সৰ্বসাধাৰণ মানুহৰ জীৱন্ত অভিজ্ঞতা আৰু মাত-কথাৰ জৰিয়তে অত্যন্তিক অথচ উপান্ত হৈ ৰোৱা এই শ্ৰেণীৰ নাৰীসমাজৰ অৱস্থাৰ অনুধাৱনৰ বাবে পপুলেশ্যন অৱ ইণ্ডিয়া সমৰ্থিত অন্বেষণমূলক পদক্ষেপৰ এক অংশ।  

এই প্ৰতিবেদন পুনৰ প্ৰকাশ কৰিবলৈ বিচাৰে নেকি? তেন্তে অনুগ্ৰহ কৰি Cc-ত [email protected] ৰাখিএই ইমেইল ঠিকনালৈ লিখক- [email protected]

অনুবাদঃ পংকজ দাস

পংকজ দাস এগৰাকী সাংবাদিক, অনুবাদক আৰু অসমীয়া নিউজ পৰ্টেল newsnextone.com ৰ সহ-প্ৰতিস্থাপক। যোগাযোগৰ ইমেইল আইডি [email protected]gmail.com

Jigyasa Mishra

জিজ্ঞাসা মিশ্ৰা উত্তৰ প্ৰদেশৰ চিত্ৰকূটৰ এগৰাকী মুক্ত সাংবাদিক। তেওঁ ভাৰতৰ বিভিন্ন অঞ্চলৰ গ্ৰামীণ সমস্যা, কলা-সংস্কৃতি আদিৰ ওপৰত ঘাইকৈ প্ৰতিবেদন লিখে।

Other stories by Jigyasa Mishra