“মানুহ নমৰে এতিয়া সংঘৰ্ষ কিম্বা চাপত 

মৰিব পানীৰ পিয়াহ আৰু পেটৰ ভোকত”

এয়া কেৱল বিজ্ঞানেই নহয় যিয়ে জলবায়ু পৰিৱৰ্তনক লৈ শংকিত হৈ বিপদ শিঙা বজাইছে। ভাৰতীয় সাহিত্যই বহু যুগ আগতেই ইয়াৰ ইংগিত দি গৈছে, দিল্লীৰ ৭৫ বৰ্ষীয় খেতিয়ক শিৱ শংকৰে কয়। তেওঁ কয় যে ১৬ শতিকাৰ মহাকাব্য ৰামচৰিতমানস (ভিডিঅ’ চাওক)ৰ পৰা এই শাৰীকেইটা উদ্ধৃতি দিছে।  শংকৰক তেওঁৰ পঠনত অভ্যস্ত যেন নালাগিব পাৰে। তাৰোপৰি তুলসীদাসৰ মূল কাব্যত সেই শাৰীকেইটা বিচাৰি পোৱাটো টান। কিন্তু যমুনা নদীৰ অৱবাহিকাৰ পাৰৰ সেই খেতিয়কজনৰ কথাখিনি বৰ্তমান পৰিস্থিতিৰ সৈতে ভালদৰেই খাপ খাই পৰা যেন লাগে।

এনে এক বৃহৎ নগৰী অৱবাহিকাত উষ্ণতাৰ তাৰতম্য, বতৰ আৰু জলবায়ুয়ে কেনেদৰে জীৱন-জীৱিকা দূৰ্বিসহ কৰি তুলিছে তাৰ হৃদয় বিদাৰক বিৱৰণ শংকৰ, তেওঁৰ পৰিয়ালৰ লগতে আন বহু কৃষকে দাঙি ধৰিছে। ১৩৭৬ কিলোমিটাৰ দৈৰ্ঘৰ যমুনা নদীখনৰ মাত্ৰ ২২ কিলোমিটাৰ ৰাজধানী অঞ্চলৰ মাজেৰে পাৰ হৈ গৈছে আৰু ইয়াৰ ৯৭ বৰ্গকিলোমিটাৰ জোৰা অৱবাহিকা দিল্লীৰ মাটিকালিৰ মাত্ৰ ৬.৫ শতাংশ। কিন্তু এই ক্ষুদ্ৰ অৱবাহিকাই জলবায়ুৰ ভাৰসাম্য ৰক্ষাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু ৰাজধানী চহৰখনৰ কাৰণে প্ৰাকৃতিক উষ্ণতা-নিয়ন্ত্ৰক হিচাপে কাম কৰে।

কৃষকে এতিয়া নিজৰ ফকৰা-যোজনাৰ মাজতে পৰিৱৰ্তনৰ আভাস পাইছে। ২৫ বছৰ আগলৈকে মানুহে ইয়াত ছেপ্তেম্বৰ মাহৰ পৰাই পাতল লেপ লোৱা আৰম্ভ কৰিছিল, শিৱ শংকৰে কয়। ‘এতিয়া ডিচেম্বৰলৈ শীত নপৰে। আনবাৰ ফাকুৱা উৎসৱৰ দিনটো খুবেই গৰম পৰে। এতিয়া ফাকুৱা শীতকালৰ উৎসৱ যেন লাগে,’ ৩৫ বৰ্ষীয় শিৱ শংকৰে কয়।

Shiv Shankar, his son Vijender Singh (left) and other cultivators describe the many changes in temperature, weather and climate affecting the Yamuna floodplains.
PHOTO • Aikantik Bag
Shiv Shankar, his son Vijender Singh (left) and other cultivators describe the many changes in temperature, weather and climate affecting the Yamuna floodplains. Vijender singh at his farm and with his wife Savitri Devi, their two sons, and Shiv Shankar
PHOTO • Aikantik Bag

শিৱ শংকৰ, তেওঁ পুত্ৰ বীজেন্দৰ সিং (বাওঁফালে) আৰু অইন কৃষকে উষ্ণতাৰ তাৰতম্য, বতৰ আৰু জলবায়ুয়ে কেনেদৰে যমুনা নদীৰ অৱবাহিকা অঞ্চলৰ ক্ষতিসাধন কৰিছে তাৰ বৰ্ণনা দিছে। বীজেন্দৰ সিঙৰ পত্নিৰ লগত দুই পুত্ৰ, তেওঁ মাতৃ সাবিত্ৰী দেৱী আৰু শিৱ শংকৰ (সোঁফালে)

শংকৰৰ পৰিয়ালৰ জীয়া অভিজ্ঞতা আন বহু কৃষকৰ অৱস্থাৰ কথাকে কয়। গংগাৰ দীৰ্ঘতম আৰু আয়তনৰ ফালৰ পৰা দ্বিতীয় সৰ্ববৃহৎ (ঘাঘৰাৰ পিছতে) উপনৈখনৰ দিল্লীৰ ফালে প্ৰায় ৫ৰ পৰা ৭ হাজাৰ পৰিয়াল থাকে বুলি বিভিন্ন সূত্ৰই কয়। কৃষিজীৱিসকলে এই ভূমিত প্ৰায় ২৪ হাজাৰ একৰ মাটিত খেতি কৰে, কেইটামান দশক পূৰ্বতকৈ খেতি কৰা মাটিৰ পৰিমাণ বহুখিনি কমিছে, তেওঁলোকে কয়। এইসকল ডাঙৰ নগৰৰ খেতিয়ক, দূৰণিবটীয়া গ্ৰামীণ অঞ্চলৰ নহয়। তেওঁলোকে ‘উন্নয়ন’ৰ সৈতে জীৱন নিৰ্বাহ কৰিব লাগে, তাতে তেওঁলোকৰ অস্তিত্বক প্ৰায়ে উপেক্ষা কৰা হয়। অৱবাহিকাত অবৈধ অবাধ নিৰ্মাণকাৰ্যৰ বিৰোধীতাৰে ৰাষ্ট্ৰীয় সেউজ প্ৰাধীকৰণ (এন.জি.টি.) ইখনৰ পিছত সিখন আৰ্জিৰে ভৰি পৰিছে। এই লৈ কেৱল কৃষকসকলেই চিন্তান্বিত হৈ থকা নাই।

‘যদি এনেদৰে অৱবাহিকা অঞ্চলবোৰ কংক্ৰিটেৰে ভৰি পৰে, যিটো এতিয়া ঘটিব ধৰিছে, তেতিয়া দিল্লীবাসীয়ে নগৰখন এৰিব লাগিব, কিয়নো জহকাল আৰু শীতকাল দুয়োটাতে উষ্ণতা সীমাৰ বাহিৰ হৈ যাব আৰু অসহনীয় হৈ পৰিব,’ ভাৰতীয় বন সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া মনোজ মিশ্ৰাই কয়। মিশ্ৰাই ২০০৭ত আৰম্ভ কৰা যমুনা জীয়ে অভিযান (যমুনা দীৰ্ঘজীৱি হওঁক) আন্দোলনৰ নেতৃত্ব দি আহিছে। এই অভিযানে দিল্লীৰ প্ৰমুখ সাতটা সংস্থাক আৰু সজাগ নাগৰিকক একগোট কৰিছে আৰু নৈখন আৰু তাৰ পৰিস্থিতিতন্ত্ৰৰ সংৰক্ষণৰ কাম কৰে। ‘চহৰখন দিনে দিনে জীৱন যাপনৰ অযোগ্য হৈ আহিছে আৰু চৰম প্ৰব্ৰজনে দেখা দিব। বায়ুৰ গুণাগুণ যদি ভাললৈ অনা নহয়, (আনকি) ৰাষ্ট্ৰদূতাৱাসবোৰ গুছি যাব।’

*****

ইফালে অৱবাহিকাত যোৱা দশকবোৰত অনিয়মীয়া বৰষুণৰ ফলত কৃষক আৰু মাছমৰীয়াই দুৰ্ভোগ ভুগিছে।

যমুনা নৈৰ ওপৰত নিৰ্ভৰশীল সম্প্ৰদায়বোৰে এতিয়াও প্ৰতিবছৰে এই অতিমাত্ৰা বৰষুণক আদৰি লয়। অতিৰিক্ত বৰষুণে নৈখন পৰিস্কাৰ কৰে আৰু মাছবোৰ ডাঙৰ হোৱাত সুবিধা কৰি দিয়ে বাবে মাছমৰীয়াই আৰু নতুনকৈ পলস পৰে বাবে খেতিয়কে সেয়া আদৰি লয়। ‘মাটিয়ে ন ৰূপ লয়, সলনি হৈ পৰে,’ শংকৰে বুজাই কয়। ‘২০০০ চনলৈ প্ৰায় প্ৰতিবছৰে এনে হৈছিল। কিন্তু এতিয়া বৰষুণ কমি আহিছে। আগতে মৌচুমী বায়ুৰ প্ৰভাৱ জুন মাহতে পৰিবলৈ ধৰিছিল। এইবাৰ জুন আৰু জুলাই মাহতো বতৰ শুকান হৈ থাকিল। বৰষুণ অহাত পলম হোৱাত আমাৰ শস্যৰ ক্ষতি হ’ল।’

বৰষুণ কমিলে মাটি লুণীয়া (ক্ষাৰযুক্ত, লৱণযুক্ত নহয়) হৈ পৰে, শংকৰে তেওঁৰ খেতিপথাৰ দেখুৱাই থকাৰ সময়ত আমাক ক’লে। যমুনা নৈয়ে অৱবাহিকাত এৰি যোৱা পলসৰ বাবেই দিল্লীৰ মাটি পলসুৱা। সেই পলসুৱা মাটিয়েই অঞ্চলটোত কুঁহিয়াৰ, ধান, গমকে ধৰি বিভিন্ন শস্য আৰু পাচলিৰ খেতি হৈ আহিছে। লালৰি, মিৰাটি, চৰাথা- কুঁহিয়াৰৰ এই তিনিটা প্ৰজাতি ১৯ শতিকালৈকে দিল্লীৰ গৌৰৱ আছিল, এই বুলি দিল্লী গেজেটিয়াৰত উল্লেখ।

মাটিয়ে নৰূপ ধৰে, সলনি হৈ পৰে, শংকৰে বুজাই কয়

ভিডিঅ’ চাওকঃ ‘সেইখন গাঁৱত এতিয়া এডালো ডাঙৰ বৃক্ষ নাই’

কুঁহিয়াৰবোৰ শালত দি গুৰ প্ৰস্তুত কৰা হৈছিল। এটা দশক আগলৈকে সতেজ কুঁহিয়াৰৰ ৰস বিক্ৰী কৰা সৰু অস্থায়ী দোকানেৰে দিল্লীৰ পথবোৰ ভৰি আছিল। ‘চৰকাৰে কুঁহিয়াৰৰ ৰস বিক্ৰী কৰা বন্ধ কৰালে, সেয়ে খেতিও বন্ধ হ’ল,’ শংকৰে কয়। কুঁহিয়াৰৰ ৰস বিক্ৰী কৰাৰ ওপৰত চৰকাৰীভাবে নিষেধ আৰোপ কৰা হ’ল, তাকে লৈ আদালতত ১৯৯০ৰ পৰা গোচৰ চলি আহিছে। ‘সকলোৱে জানে যে কুঁহিয়াৰৰ ৰসে ৰোগৰ বিৰুদ্ধে যুঁজ দিয়ে, আমাৰ দেহ শাঁত পেলায়,’ তেওঁ কয়। ‘শীতল পানীয়ৰ কোম্পানীয়ে আমাক নিষিদ্ধ কৰালে। সিহঁতৰ মানুহে মন্ত্ৰীৰ সৈতে লগ লাগি আমাক ব্যৱসায়ৰ পৰা বাহিৰ কৰিলে।’

আকৌ কেতিয়াবা দুৰ্যোগভৰা বতৰৰ সৈতে ৰাজনৈতিক-প্ৰশাসনিক সিদ্ধান্তই সৰ্বনাশ আনে। এই বছৰ আগস্ত মাহত হাৰিয়ানাই হথনী কুণ্ড বান্ধৰ পানী এৰি দিয়াত যমুনা নদী ওফন্দি উঠে, তাৰ লগতে দিল্লীৰ বৰষুণ- এই দুয়োটা দুৰ্যোগ মিলি অঞ্চলটোৰ ভালেমান খেতি নষ্ট কৰি পেলায়।  বীজেন্দৰে আমাক সৰু হৈ যোৱা জলকীয়া, শোটোৰা পৰা বেঙেনাৰ দুৰ্বল ৰঙা পৰা পুলিবোৰ দেখুৱালে। এইবাৰ তেওঁলোকে বেলা ইষ্টেট (ৰাজঘাট আৰু শান্তিবনৰ ঠিক পিছফালে থকা)ৰ পাঁচ বিঘা (এক একৰ) মাটিত সেয়া ৰুইছিল, সিবোৰ এই ঋতুত নুফুলিব।

ৰাজধানী অঞ্চলৰ এই অংশটোত জলবায়ু অৰ্দ্ধ-শুষ্ক। ১৯১১ত ব্ৰিটিছৰ ৰাজধানী হোৱাৰ পূৰ্ৱে ই কৃষিপ্ৰধান পাঞ্জাৱৰ দক্ষিণ-পূৱ অংশ আছিল। পশ্চিমফালে ৰাজস্থানৰ মৰুভূমি, উত্তৰ দিশত হিমালয় পৰ্বত আৰু পূৱত ইণ্ডো-গাংগেয় সমভূমিয়ে আগুৰি আছে। (আজি সেই সকলো অঞ্চলেই জলবায়ু পৰিৱৰ্তনৰ কবলত পৰিছে )। শীতকালত অধিক জাৰ পৰিছে, জহকালি গৰম বাঢ়িছে। বৰ্ষা ঋতু ৩ৰ পৰা ৪ মাহ বিলম্বিত হৈছে।

এতিয়া আৰু ভৰসা কৰিব নোৱাৰা পৰিস্থিতিৰ উদ্ভৱ হৈছে। ভাৰতীয় বতৰবিজ্ঞান বিভাগৰ তথ্য অনুযায়ী এই বছৰ জুন-আগস্তৰ সময়চোৱাত দিল্লীত বৃষ্টিপাত ৩৮ শতাংশ ঘাটি হৈছিল। স্বাভাৱিকতে হোৱা ৬৪৮.৯ মি.মি.ৰ পৰিৱৰ্তে এইবাৰ ৪০৪.১ মি.মি. বৃষ্টিপাত হৈছিল। এইবাৰৰ বৰ্ষাত দিল্লীত বিগত পাঁচটা বছৰৰ ভিতৰত আটাইতকৈ নিম্নতম বৃষ্টিপাত হৈছিল।

বৰ্ষাকালৰ ৰেহৰূপ সলনি হৈছে আৰু বৃষ্টিপাত সামঞ্জস্যহীন হৈ পৰিছে, চাউথ এছিয়া নেটৱৰ্ক অৱ ডেমচ ৰিভাৰ্ছ এণ্ড পিপল-ৰ সমন্বয়ক হিমাংশু থাক্কাৰে কয়। ‘বৰষুণৰ পৰিমাণ নকমিলেও বৰষুণৰ দিনৰ সংখ্যা কমি আহিছে। বৰষুণৰ দিনত তাৰ প্ৰকোপ বেছি। দিল্লী সলনি হৈছে আৰু সিয়ে যমুনা আৰু তাৰে অৱবাহিকা অঞ্চলত প্ৰভাৱ পেলাব। প্ৰব্ৰজন, ৰাস্তাৰ গাড়ীৰ সংখ্যা আৰু বায়ু প্ৰদূষণ- এই আটাইবোৰ বাঢ়িছে। ইয়াৰ ফলত উত্তৰ প্ৰদেশ আৰু পাঞ্জাৱৰো দাঁতিকাষৰীয়া অঞ্চলত পৰিৱৰ্তনে দেখা দিছে। ক্ষুদ্ৰ জলবায়ুয়ে (এক ক্ষুদ্ৰ অঞ্চলৰ) স্থানীয় জলবায়ুৰ ওপৰত প্ৰভাৱ পেলায়।’

*****

The flooding of the Yamuna (left) this year – when Haryana released water from the Hathni Kund barrage in August – coincided with the rains in Delhi and destroyed several crops (right)
PHOTO • Shalini Singh
The flooding of the Yamuna (left) this year – when Haryana released water from the Hathni Kund barrage in August – coincided with the rains in Delhi and destroyed several crops (right)
PHOTO • Aikantik Bag

এই বছৰ আগস্ত মাহত হাৰিয়ানাই হথনী কুণ্ড বান্ধৰ পানী এৰি দিয়াত যমুনা নদী ওফন্দি উঠে (বাওঁফালে), তাৰ লগতে দিল্লীৰ বৰষুণ- এই দুয়োটা দুৰ্যোগ মিলি অঞ্চলটোৰ ভালেমান খেতি নষ্ট কৰি পেলায়

মুনাৰ পাৰৰ মটৰ লওঁক- এইবুলি গৌৰৱেৰে চিঞৰ মাৰি দিল্লীৰ আলিয়ে-গলিয়ে পাচলি বিক্ৰী কৰা বেপাৰীৰ মাত ১৯৮০ৰ পিছৰ পৰা নীৰৱ হৈ পৰিল। দিল্লীৰ পৰিৱেশৰ বিৱৰণী শীৰ্ষক গ্ৰন্থখনত (ইণ্ডিয়ান নেশ্যনেল ট্ৰাষ্ট ফৰ আৰ্ট এণ্ড কালচাৰেল হেৰিটেজৰ দ্বাৰা প্ৰকাশিত) উল্লেখ কৰা মতে দিল্লীৰ পুৰণি মানুহে কয় যে নগৰখনত পোৱা তৰমুজবোৰ ‘লখনৱি খৰবুজ’ (লক্ষ্ণৌৰ তৰমুজ)ৰ দৰে আছিল। নৈৰ বালিসেৰীয়া মাটিত হোৱা ৰসাল তৰমুজ জলবায়ুৰ ওপৰতো নিৰ্ভৰ কৰিছিল। আগৰ তৰমুজবোৰ সম্পূৰ্ণ সেউজীয়া আৰু গধুৰ আছিল (মানে মিঠা আছিল) আৰু এটা ঋতুতহে ওলাইছিল। কৃষিপদ্ধতিৰ সালসলনিৰ লগে লগে নতুন প্ৰজাতিৰ বীজ আহিল। এতিয়াৰ তৰমুজবোৰ সৰু আৰু সেউজীয়া আঁচ থকা হ’ল। নতুন বীজৰ পৰা বেছি ফল ধৰে কিন্তু আকাৰ সৰু হয়।

সতেজ কাঠবাদামজাতীয় ফল সিংঘাৰা (চেষ্টনাট)ৰ দম লৈ ঘৰে ঘৰে বিক্ৰী কৰা সেই দৃশ্য এতিয়া দেখা নাযায়। নজফগড় হ্ৰদৰ আশে-পাশে সেই ফলৰ গছ আছিল। কিন্তু নজফগড় নলা আৰু দিল্লী গেট নলাই যমুনাৰ প্ৰদূষণৰ ৬৩ শতাংশ বোজা লয়, এয়া এন.জি.টি.ৰ ৱেবচাইটৰ তথ্য। ‘সিংঘাৰা সৰু জলাশয়ত হয়,’ দিল্লী পিজেণ্টচ্ কোঅপাৰেটিভ মাল্টিপাৰপাজ ছ’চাইটিৰ সচিব প্ৰধান ৮০ বৰ্ষীয় বলজীত সিঙে কয়। ‘দিল্লীত মানুহে ইয়াৰ খেতি কৰিবলৈ এৰিলে, কিয়নো সেই খেতিত সঠিক পৰিমাণে পানীৰ প্ৰয়োজন হয় আৰু বহুত ধৈৰ্য।’ ৰাজধানী চহৰখনত পানী আৰু ধৈৰ্য- এই দুয়োটাৰে সাংঘাতিক ধৰণে অভাৱ ঘটিছে।

খেতিয়কেও তেওঁলোকৰ খেতিৰ পৰা সোনকালে ফচল বিচাৰে, বলজীত সিঙে কয়। সেয়ে ২-৩ মাহতে চপাব পৰা আৰু ভেণ্ডি, বিন, বেঙেনা, মূলা, ফুলকবি আদিৰ দৰে বছৰত তিনি-চাৰিবাৰ কৰিবপৰা খেতিহে কৰে। ‘মূলাৰ নতুন প্ৰজাতিৰ বীজ দুই দশক পূৰ্বেই ওলাইছিল,’ বীজেন্দৰে কয়। ‘বিজ্ঞানে ফচল বেছি হোৱাত সহায় কৰিছে,’ শংকৰে কয়। ‘আগতে (এক একৰ মাটিত) আমি ৪৫ৰ পৰা ৫০ কুইণ্টল মূলা পাইছিলো, এতিয়া তাৰে চাৰিগুণ খেতি হয়। তাকো বছৰত তিনিবাৰ পৰ্যন্ত খেতি হয়।’

Vijender’s one acre plot in Bela Estate (left), where he shows us the shrunken chillies and shrivelled brinjals (right) that will not bloom this season
PHOTO • Aikantik Bag
Vijender’s one acre plot in Bela Estate (left), where he shows us the shrunken chillies and shrivelled brinjals (right) that will not bloom this season
PHOTO • Aikantik Bag
Vijender’s one acre plot in Bela Estate (left), where he shows us the shrunken chillies and shrivelled brinjals (right) that will not bloom this season
PHOTO • Aikantik Bag

বেলা ইষ্টেটত বীজেন্দৰৰ এক একৰ মাটি, তাতে তেওঁ সৰু হৈ পৰা জলকীয়া আৰু শোতোৰা পৰা বেঙেনাৰ পুলি (সোঁফালে) দেখুৱাইছে, সেইবোৰ এইটো ঋতুত নুফুলে

ইফালে দিল্লীৰ লগতে অৱবাহিকা অঞ্চলতো পকী নিৰ্মাণকাৰ্য দ্ৰুত গতিত চলিব ধৰিছে। দিল্লীৰ ২০১-১৯ৰ অৰ্থনৈতিক সমীক্ষা মতে ২০০০ৰ পৰা ২০১৮ৰ সময়চোৱাত শস্যভূমি প্ৰতি বছৰে প্ৰায় ২ শতাংশকৈ হ্ৰাস পাইছে। বৰ্তমান নগৰখনৰ মুঠ জনবসতিৰ ২.৫ শতাংশ আৰু মাটিকালিৰ ফালৰ পৰা ২৫ শতাংশ গ্ৰামীণ। ৰাজধানীৰ ২০২১ৰ ঘাই আঁচনিত দিল্লী উন্নয়ন প্ৰাধীকৰণে সম্পূৰ্ণ নগৰীকৰণৰ পৰিকল্পনা হাতত লোৱা হৈছে।

যিটো হাৰত দিল্লীৰ নগৰীকৰণ ঘটিছে, বিশেষকৈ দ্ৰুত গতিত চলা বৈধ আৰু অবৈধ নিৰ্মাণকাৰ্যৰ ফলত ২০৩০ৰ ভিতৰত দিল্লী বিশ্বৰ আটাইতকৈ জনবহূল চহৰলৈ ৰূপান্তিৰত হ’ব বুলি ৰাষ্ট্ৰসংঘই কৈছে। বৰ্তমানৰ ২ কোটি জনসংখ্যাৰ ৰাজধানীখনে তেতিয়ালৈ টকিঅ’ চহৰক (এতিয়া ৩.৭ কোটি জনসংখ্যা) চেৰ পেলাব। নিতি আয়োগে কোৱা মতে অহা বছৰ ভূজল নাইকিয়া হ’বলগীয়া দেশৰ ২১ খন চহৰৰ ভিতৰত দিল্লীও পৰে।

যিমানেই বেছি ঠাই কংক্ৰিটে আগুৰিব, সিমানেই মাটি ঢাক খাব, পানী কমকৈ ভূগৰ্ভলৈ অনুশ্ৰৱিত হ’ব, সেউজভূমি হ্ৰাস পাব...কংক্ৰিটৰ পৃষ্ঠই উত্তাপ শোষণ কৰি সেয়া নিৰ্গত কৰিব,’ মনোজ মিশ্ৰাই কয়।

১৯৬০ত, যেতিয়া শংকৰৰ বয়স ১৬, দিল্লীত উষ্ণতা অতিকমেও ৩২ ডিগ্ৰী হোৱা দিনৰ সংখ্যা ১৭৮ দিন আছিল, নিউয়ৰ্ক টাইমচৰ অনলাইন মাধ্যমত প্ৰকাশিত জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতাৰ প্ৰতিক্ৰিয়াশীল গণনাত এয়া কোৱা হৈছে। ২০১৯ত গ্ৰীষ্মৰ দিনৰ সংখ্যা ২০৫ দিন। এই শতিকাটোৰ শেষৰ ফালে ভাৰতৰ ৰাজধানীত বছৰত আঠোটাতকৈও অধিক মাহ ৩২ ডিগ্ৰী চেলচিয়াছতকৈ অধিক উষ্ণ হ’ব পাৰে। ইয়াৰ কাৰণ হিচাপে মানৱ কাৰ্যকলাপকে ঘাইকৈ জগৰীয়া কৰিব পাৰি।

Shiv Shankar and his son Praveen Kumar start the watering process on their field
PHOTO • Aikantik Bag
Shiv Shankar and his son Praveen Kumar start the watering process on their field
PHOTO • Shalini Singh

শিৱ শংকৰ আৰু তেওঁৰ পুত্ৰ প্ৰৱীণ কুমাৰে পথাৰত পানী দিয়া কাম-কাজ আৰম্ভ কৰিছে

দক্ষিণ-পশ্চিম দিল্লী আৰু পূৱলৈ থকা অৱবাহিকাৰ মাজত প্ৰায় ৪ ডিগ্ৰী উষ্ণতাৰ পাৰ্থক্যৰ কথা মিশ্ৰাই আঙুলিয়াই দিয়ে। ‘যদি পালমত এয়া ৪৫ ডিগ্ৰী হয়, তেন্তে অৱবাহিকাত এয়া ৪০ৰ পৰা ৪১ ডিগ্ৰী হ’ব পাৰে।’ ‘এখন মহানগৰত এনে অৱবাহিকা একপ্ৰকাৰৰ আশীৰ্বাদ স্বৰূপ।’

*****

যমুনাৰ প্ৰায় ৮০ শতাংশ প্ৰদূষণ ৰাজধানীৰ পৰা আহে, এয়া এন.জি.টি.ৰ তথ্য। এই বিষময় সম্পৰ্কৰ অন্ত পেলাই যদি যমুনাই দিল্লীখন এৰি যায়, তেতিয়া কি হ’ব। ‘যমুনাখন থকা কাৰণেহে দিল্লী আছে, ইয়াক ওলোটাই ভাবিব নোৱাৰি,’ মিশ্ৰাই কয়। ‘দিল্লীৰ খোৱাপানীৰ ৬০ শতাংশ নদীখনৰ উজনীৰ দিশত কাটি সৃষ্টি কৰা সমান্তৰাল খালটোৰ পৰা আহে। বৰ্ষাকালে নৈখনক উদ্ধাৰ কৰে। বৰ্ষাকালৰ প্ৰথমজাক বৰষুণে নৈৰ প্ৰদূষিত পানী প্ৰশমিত কৰে, দ্বিতীয় আৰু তৃতীয়লানি বৰষুণত নগৰখনৰ ভূজলৰ পূনঃপূৰ্তি হয়। ৫-১০ বছৰৰ বাবে বাৰ্ষিক হাৰত নৈখনে ভূভাগ পুনঃপূৰ্তি কৰে, আন কেৱে সেয়া কৰিব নোৱাৰে। ২০০৮, ২০১০ আৰু ২০১৩ত যেতিয়া বানপানীৰ উপক্ৰম হৈছিল, তেতিয়া আগন্তুক পাঁচ বছৰৰ কাৰণে ভূজল পূনঃপূৰ্তি ঘটিছিল। প্ৰায়ভাগ দিল্লীৱালাই এয়া মানি নল’ব।’

সুস্থ অৱবাহিকাই মূল চালিকাশক্তি- ই জলভাগক প্ৰসাৰিত হ’বলৈ আৰু লেহেম হ’বলৈ ঠাই দিয়ে। বানপানীৰ সময়ত সি অতিৰিক্ত পানী সংৰক্ষণ কৰে, ধীৰে ধীৰে সেয়া ভূগৰ্ভস্থ সজলক শিলাস্তৰলৈ এৰে। ১৯৭৮ত হোৱা দিল্লীৰ বিধ্বংসী বানে সকলো মহতিয়াই নিছিল, চৰকাৰীভাবে নিৰ্ধাৰণ কৰা নিৰাপদ মাত্ৰাতকৈ ছফুট ওপৰৰে যমুনাৰ পানী বৈছিল, শ শ মানুহ মৰিছিল, লাখ লাখ মানুহ ক্ষতিগ্ৰস্ত হৈছিল, ভালেমান গৃহহাৰা হৈছিল, শস্য আৰু জলাশয় আদিৰ ক্ষতিৰ কথা আছেই। ২০১৩ত পুনৰাই জলস্তৰে নিৰাপদ সীমা অতিক্ৰম কৰিছিল। ‘যমুনা নদী প্ৰকল্পঃ নতুন দিল্লী নগৰী পৰিস্থিতিতন্ত্ৰ’ (ইউনিভাৰ্ছিটি অৱ ভাৰ্জিনিয়াৰ দ্বাৰা পৰিচালিত)ৰ মতে অৱবাহিকাৰ নিৰন্তৰ বেদখলৰ গুৰুতৰ পৰিণাম দেখা গৈছে। ‘১০০ বছৰত হ’বলগীয়া বানপানীয়ে অৱবাহিকাৰ নিম্নস্তৰত মানৱনিৰ্মিত অৱয়ববোৰ মহতিয়াই নিব আৰু পূৱ দিল্লীখন জলমগ্ন হৈ পৰিব।’

Shiv Shankar explaining the changes in his farmland (right) he has witnessed over the years
PHOTO • Aikantik Bag
Shiv Shankar explaining the changes in his farmland (right) he has witnessed over the years
PHOTO • Aikantik Bag

বিগত বছৰবোৰত শিৱ শংকৰে নিজৰ খেতিপথাৰখনত (সোঁফালে) দেখা পৰিৱৰ্তনসমূহৰ বিষয়ে কৈছে

অৱবাহিকাত হৈ থকা নিৰ্মাণকাৰ্যৰ বিৰুদ্ধে কৃষক সমাজে সকিয়াই দিছে। ‘ই জলস্তৰৰ ওপৰত সাংঘাতিক প্ৰভাৱ পেলাব,’ শিৱ শংকৰে কয়। ‘প্ৰতিটো অট্টালিকাৰ বাবে সিহঁতে পাৰ্কিঙৰ ভূমহলা (বেচমেণ্ট) সাজে। কাঠৰ বাবে সিহঁতে সুকাঠি গছ ৰুব। কিন্তু সিহঁতে যদি আম, মধুৰিয়াম, ডালিম, অমিতা আদিৰ গছৰ ৰোৱে, তেন্তে মানুহেই খাবলৈ আৰু উপাৰ্জন কৰিবলৈ পাৰিব। চৰাই-চিৰিকতি, জীৱ-জন্তুৱেও খাবলৈ পাব।’

চৰকাৰী তথ্য মতে ১৯৯৩ৰ পৰা এতিয়ালৈ প্ৰায় ৩১০০ কোটিৰো অধিক ধন যমুনা পৰিস্কাৰ কৰাৰ নামত ব্যয় হৈছে। তেন্তে কিয়, ‘যমুনা আজি চাফা হৈ পৰা নাই জানো?’ বলজীত সিঙে তাচ্ছিল্যৰ সুৰত কয়।

দিল্লীত সকলোবোৰ বৰবিহ মিহলি হৈছেঃ নগৰখনৰ প্ৰতি আঙুল মাটি অবিৰতভাবে কংক্ৰিটেৰে ভৰাই পেলোৱা হৈছে, অনিয়ন্ত্ৰিত হাৰত নিৰ্মাণকাৰ্য চলিছে, যমুনাৰ অৱবাহিকাৰ অপব্যৱহাৰ হৈছে, বিষাক্ত প্ৰদূষকেৰে এখন বিশাল নৈৰ শ্বাসৰূদ্ধ হৈ পৰিছে, মাটিৰ ব্যৱহাৰৰ আমূল পৰিৱৰ্তন ঘটিছে আৰু নতুন বীজৰ আগমন ঘটিছে, ব্যৱহাৰকাৰীয়ে নেদেখা-নজনাকৈ কৰা অভ্যাসগত কাৰ্যকলাপ আৰু ব্যৱহৃত প্ৰযুক্তিৰ পয়োভৰ ঘটিছে, প্ৰাকৃতিক উষ্ণতা নিয়ন্ত্ৰকৰ ধ্বংসকাৰ্য নিতৌ চলিছে, অনিয়মীয়া বৰ্ষা, অভূতপূৰ্ব হাৰৰ প্ৰদূষণ আদি এশ-এবুৰি সমস্যাই মুৰ দাঙি উঠিছে। এক মাৰাত্মক পৰিস্থিতিৰ সম্ভাৱনা ঘনীভূত হৈ হ’বলৈ ধৰিছে।

শংকৰ আৰু তেওঁৰ লগৰ খেতিয়কে ইয়াৰে কিছুমান নজৰ কৰিছে। ‘আপুনি কিমান ৰাস্তা নিৰ্মাণ কৰিব?’ তেওঁ সোধে। ‘আপুনি যিমানেই কংক্ৰিট পাৰিব, সিমানেই সি বেছি তাপ শোষণ কৰিব। প্ৰাকৃতিক পাহাৰেও বৰষুণৰ সময়ত ধৰাখন পুনঃপূৰ্তি হ’বলৈ দিয়ে। মানুহে সজা কংক্ৰিটৰ এই পাহাৰে পৃথিৱীখনক উশাহ ল’বলৈকো নিদিয়ে, বৰষুণৰ ব্যৱহাৰ হ’বলৈ, ভূভাগ পানীৰে পুনঃপূৰ্তি হ’বলৈ দিয়াটো দূৰৰ কথা। পানী নাথাকিলে আপুনি খাদ্য ক’ৰপৰা পাব?’

দেশব্যাপী জলবায়ু পৰিৱৰ্তনৰ ওপৰত পাৰিয়ে কৰা প্ৰতিবেদনৰ প্ৰকল্প হৈছে সৰ্বসাধাৰণ মানুহৰ জীৱন্ত অভিজ্ঞতা আৰু মাত-কথাৰ জৰিয়তে জলবায়ু পৰিৱৰ্তনৰ পৰিঘটনাক লিপিবদ্ধ কৰাৰ বাবে ইউএনডিপি সমৰ্থিত পদক্ষেপৰ এক অংশ।

এই প্ৰতিবেদন পুনৰ প্ৰকাশ কৰিবলৈ বিচাৰে নেকি? তেন্তে অনুগ্ৰহ কৰি Cc-ত [email protected] ভৰাই এই ইমেইল ঠিকনালৈ লিখক- [email protected]

অনুবাদঃ পংকজ দাস

পংকজ দাস এগৰাকী সাংবাদিক, অনুবাদক আৰু অসমীয়া নিউজ পৰ্টেল newsnextone.com ৰ সহ-প্ৰতিস্থাপক। যোগাযোগৰ ইমেইল আইডি [email protected]

Shalini Singh

Shalini Singh is a journalist based in Delhi, and a member of PARI's founding team.

Other stories by Shalini Singh