নিজৰ ঘৰৰ বাহিৰত খাট এখনত বহি থকা ৪০ বৰ্ষীয় মালনে নিজৰ মাক ঘৰলৈ উভতি অহালৈ অপেক্ষা কৰিছে। তেওঁ নিজৰ পচন্দৰ ফুলাম চোলা আৰু ভৰিলৈকে আগুৰা গাউন পিন্ধিছে। মোক দেখি তেওঁৰ মুখখনত হাঁহি বিৰিঙিল। আগতে এবাৰ লগ পোৱা কাৰণে তেওঁ মোক চিনি পাইছে। ‘আই নাহী ঘৰী (মা, ঘৰত নাই),’ শিল-মাটিৰে সজা সিহঁতৰ দুটা কোঠাৰ ঘৰটোৰ দুৱাৰডলিত বহোতে তেওঁ মোক ক’লে।

মালন মৌৰে তেওঁৰ ৬৩ বৰ্ষীয় মাতৃ ৰাহীবাঈ আৰু ৮৩ বৰ্ষীয় পিতৃ নানাৰ সৈতে ৱাডি গাঁৱত থাকে (তেওঁলোকৰ নাম আৰু গাঁৱৰ নাম সলনি কৰা হৈছে)। এই গাওঁখন পুণে জিলাৰ মুলচি তালুকত আছে, তাতে এই পৰিয়ালটোৱে তিনি একৰ মাটিত ধান, গমধান আৰু শাক-পাচলিৰ খেতি কৰে।

মালনৰ তেতিয়া বয়স প্ৰায় ১৮ বছৰ। পুণেৰ চচুন জেনেৰেল হস্পিতালত তেওঁৰ ‘ব’ৰ্ডাৰলাইন মানসিক বিসংগতি’ৰ কথা ধৰা পৰে।

তাৰ আগতে ১২ বছৰলৈ তেওঁ ৰাজ্যচালিত স্থানীয় প্ৰাথমিক বিদ্যালয়ত পঢ়িবলৈ গৈছিল। ‘তেওঁৰ আটাইকেইজন সহপাঠীয়ে ৪ম শ্ৰেণী উত্তীৰ্ণ হৈ আগবাঢ়িল, কিন্তু তেওঁ মাটিত বগাই ফুৰাৰ বাদে একো কৰিব নোৱাৰিলে,’ ৰাহীবাঈয়ে কয়। ‘শেষত শ্ৰেণীশিক্ষকে তেওঁক বিদ্যালয়ৰ পৰা উলিয়াই নিবলৈ মোক কয়,’ মালনৰ তেতিয়া বয়স ১৫ বছৰ আছিল।

তেতিয়াৰে পৰা মালনে নিজৰ মাকৰ সৈতে সৰু-সুৰা কাম কৰি দিনবোৰ কটাই আহিছে। কিন্তু যেতিয়া মন যায়, তেতিয়াহে কৰে। তেওঁ কথা কোনোমতেহে ক’ব পাৰে। কথাও সাধাৰণতে ৰাহীবাঈ আন কেইজনমানৰ সৈতেহে কথা পাতে। কিন্তু তেওঁ কথা বুজি পায় আৰু যোগাযোগ কৰিব পাৰে। মই তেওঁৰ সৈতে কথা পাতোতে তেওঁ মুৰ দুপিয়াইছে, হাঁহিছে আৰু এক ক্ষণমানৰ বাবে কথা ক’লে।

At the age of 18, Malan was diagnosed with ‘borderline mental retardation’; she spends her days doing small chores in the house along with her mother Rahibai
PHOTO • Medha Kale
At the age of 18, Malan was diagnosed with ‘borderline mental retardation’; she spends her days doing small chores in the house along with her mother Rahibai
PHOTO • Medha Kale

১৮ বছৰ বয়সত মালনৰ ‘ব’ৰ্ডাৰলাইন মানসিক বিসংগতি’ ধৰা পৰে, তেওঁ নিজৰ মাক ৰাহবাঈৰ সৈতে ঘৰতে ইটো-সিটো সৰু বন কৰি দিন কটায়

মালন ১২ বছৰমান বয়সত পুষ্পিতা হৈছিল। ‘তেজ ওলাইছে, তেজ ওলাইছে,’ তেওঁ ৰাহীবাঈক এনেদৰে কৈছিল। তেওঁৰ মাকেই তেওঁক কাপোৰৰ পেড ব্যৱহাৰ কৰিবলৈ শিকাইছিল। ‘কিন্তু ঘৰত ল’ৰাটোৰ বিয়া আছিল আৰু বিয়াৰ পৰম্পৰাগত ৰীতি-নীতি চলি আছিল। সেয়ে মোৰ দৰে তাইয়ো (মাহেকীয়াৰ সময়ত) বাহিৰত একাষৰীয়াকৈ থাকিবলৈ ল’লে,’ ৰাহীবাঈয়ে কয়। পাকঘৰত নোসোমোৱা, এটা কোঠাতে থকা আদি মাহেকীয়াৰ সময়ত মানি চলিবলগীয়া প্ৰথাবোৰৰ কথা তেওঁ উল্লেখ কৰিলে। মালনৰ হাতত মাহেকীয়াৰ বিষয়ে জনাৰ উপায় আছিল মাত্ৰ মাক, সেয়ে তেওঁ ৰাহীবাঈয়ে কোৱামতে নিয়মবোৰ মানি গ’ল।

সময় বাগৰিল। ৰাহীবাঈক পৰামৰ্শ দিয়া হ’ল যে তেওঁ জীয়ৰীৰ গৰ্ভাশয়টো উলিয়াই পেলাব লাগে। ‘কেতিয়াবা মালনৰ পাঁচ বা ছয় মাহলৈকে মাহেকীয়া নহয়, আৰু মই (গৰ্ভৱতী হোৱা বুলি ভাবি) চিন্তিত হৈ পৰো। তাই বেছি কথা নকয়। কিবা হৈ গ’লে মই কেনেকৈ গম পালোহেঁতেন?’ ৰাহীবাঈয়ে কয়। ‘মই তাইৰ পৰীক্ষা কৰাবলৈ দুবাৰ পুণেৰ পৰিয়াল পৰিকল্পনা (ফেমিলি প্লেনিং এছ’ছিয়েশ্যন অৱ ইণ্ডিয়া)ৰ ক্লিনিকলৈ লৈ গ’লো (যিটো ৱাডি গাঁৱৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ দূৰত আছে), দ্বিতীয়বাৰ ২০১৮ত লৈ গৈছিলো।’ গৰ্ভপৰীক্ষা কৰোৱা সামগ্ৰী দৰৱৰ দোকানত সহজেই পোৱা যায়, কিন্তু ৰাহীবাঈয়ে মালনৰ কাৰণে সেয়া অনাটো তেনেই কঠিন কাম।

দৰাচলতে সমাজত মাহেকীয়াক এক সমস্যাৰ দৃষ্টিৰে চোৱা হয়। সেয়ে দিব্যাংগ কন্যাৰ ক্ষেত্ৰত মাহেকীয়া বন্ধ কৰাৰ বাবে গৰ্ভাশয় ছেদন বা গৰ্ভাশয় শল্যচিকিৎসাৰ দ্বাৰা আঁতৰাই পেলোৱাৰ বিকল্পই মানি লোৱা হয়। এইক্ষেত্ৰত লিংগীয় প্ৰশিক্ষণৰ অভাৱত দিব্য়াংগ কন্যা আৰু মহিলাৰ ক্ষেত্ৰত বিশেষ আনুষ্ঠানিক সমৰ্থনৰ অভাৱেই কাৰণ।

এই অনুশীলনে ১৯৯৪ত বাতৰিৰ শিৰোনাম দৰ্শন কৰিছিল, যেতিয়া চচুন জেনেৰেল হস্পিতালত ১৮ৰ পৰা ৩৫ বছৰ বয়সীয়া মানসিকভাৱে অনগ্ৰসৰ মহিলাৰ গৰ্ভাশয় ছেদন কৰোৱা হয়। তেওঁলোকক শিৰুৰ তালুকৰ মানসিকভাৱে অনগ্ৰসৰ ছোৱালীৰ বাবে চৰকাৰীভাৱে স্বীকৃতিপ্ৰাপ্ত আবাসিক বিদ্যালয়ৰ পৰা অনা হৈছিল। বিষয়াসকলে যুক্তি দিছিল যে মাহেকীয়া আৰু মহিলাৰ লগত হোৱা যিকোনো ধৰণৰ যৌন শোষণৰ পৰা পৰিত্ৰাণৰ ই এক উপায়।

Illustration: Priyanka Borar

সচিত্ৰকৰণঃ প্ৰিয়ংকা বৰাৰ

‘পুণে ক্লিনিকৰ ডাক্তৰে (মালনৰ কাৰণে) গৰ্ভাশয় আঁতৰোৱাৰ পৰামৰ্শ দিলে,’ ৰাহীবাঈয়ে মোক কয়। ‘কিন্তু গোটেই গৰ্ভটো আঁতৰোৱাতকৈ বন্ধ্যাকৰণ কৰাব পৰা যায় নেকি বুলি মই ডাক্তৰক সুধিছিলো’

পুণেৰ জনস্বাস্থ্য কৰ্মকৰ্তা ডাক্তৰ অনন্ত ফড়কে আৰু অনান্যই বম্বে উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন আবেদনত অভিযোগ উত্থাপিত কৰা হ’ল যে শল্য চিকিৎসাৰ অনুমতি অবিহনে আৰু ১০ বছৰৰ তলৰ বয়সৰ ছোৱালীৰো এই শল্যচিকিৎসা কৰা হৈছে। আবেদনকৰ্তাই বিভিন্ন ঠাইত বিকলাংগ মহিলাৰ সৈতে হোৱা যৌন শোষণ, অৱহেলা, বলপূৰ্বক গৰ্ভধাৰণ আৰু গৰ্ভপাতৰ ঘটনা উল্লেখ কৰিলে। এই আবেদনে এক ৰাজহুৱা বিৰোধীতাৰ ৰূপ ল’লে আৰু শল্যচিকিৎসা সিমানতে বন্ধ হ’ল। কিন্তু তেতিয়ালৈ ১১ গৰাকী ছোৱালীৰ শল্যচিকিৎসা হৈ গৈছিল, এয়া সেই সময়ৰ প্ৰতিবেদনত উল্লেখ। যোৱাবছৰ আবেদন দাখিল কৰাৰ ২৫ বছৰ পিছত ২০১৯ৰ ১৭ অক্টোবৰত বম্বে উচ্চ ন্যায়ালয়ে এক আদেশ জাৰী কৰিলে য’থ কোৱা হ’ল যে গোচৰটোৰ দুয়োপক্ষৰ যুক্তি শুনা হৈছে, ৰায়দান অপেক্ষাৰত।

‘পুণে ক্লিনিকৰ ডাক্তৰে (মালনৰ কাৰণে) গৰ্ভাশয় আঁতৰোৱাৰ পৰামৰ্শ দিলে,’ ৰাহীবাঈয়ে মোক কয়। ‘কিন্তু গোটেই গৰ্ভটো আঁতৰোৱাতকৈ বন্ধ্যাকৰণ কৰাব পৰা যায় নেকি মই ডাক্তৰক সুধিছিলো’

যিটো সময়ত আন্তৰাষ্ট্ৰীয় পৰ্যায়ত গৰ্ভনিৰোধকৰ বিষয়টো আৰু মানসিকভাৱে অক্ষম মহিলা ক্ষেত্ৰত গৰ্ভনিৰোধৰ স্থায়ী উপায়ক লৈ চৰ্চা চলি আছে, তেনে সময়ত দুৰণিবটীয়া ৱাডি গাঁৱত ৰাহীবাঈয়ে নিজৰ কন্যাজনীৰ মন কি সেয়া ভালদৰে বুজি পায়। মালনৰ সৰু ভনী এজনী আছে (বিবাহিত, পুণেত থাকে) আৰু আত্মীয়ৰ ভনীকেইগৰাকীয়েও তাইৰ হকে থিয় দিছে। ‘কিশোৰাৱস্থাত তাইৰ একো নহ’ল। এতিয়া তাইক কষ্ট কিয় দিওঁ? যেনেকৈ আছে, তেনেকৈয়ে থাকক,’ তেওঁ কয়। সেয়ে মালনে বন্ধ্যাকৰণ নাইবা গৰ্ভাশয়ছেদন, কোনো এটাও কৰাবলগীয়া নহ’ল।

অৱশ্যে বহু মা-দেউতাকে বিকলাংগ জীয়ৰীৰ বাবে শল্যচিকিৎসাৰ বিকল্প বাচি লয় আৰু বহুতো ভাৰতীয় আবাসিক প্ৰতিষ্ঠানত মানসিকভাৱে অক্ষম মহিলাৰ গৰ্ভাশয়ছেদন অবিহনে নামভৰ্তি কৰিবলৈ দিয়া নহয়। এই যুক্তি দিয়া হয় যে এই মহিলাসকলে কেতিয়াও বিয়া নাপাতে বা সন্তান জন্ম নিদিয়ে, সেয়ে তেওঁলোকৰ গৰ্ভৰ প্ৰয়োজন নাই বুলিবই পাৰি। ইয়ে সেই মহিলাসকলক মাহেকীয়াৰ সমস্যা সমাধানত সহায় কৰে। এনেধৰণৰ সিদ্ধান্ত সাধাৰণতে যৌন আতিশায্য আৰু তাৰ পৰিণামস্বৰূপে গৰ্ভধাৰণৰ ভয়তো লোৱা হয়।

Sitting on a cot, Malan waits for her mother to come home
PHOTO • Medha Kale

খাটত বহি থকা মালনে মাক ঘৰলৈ উভতি অহাৰ অপেক্ষা কৰিছে

ইয়াৰে কিছুমান চিন্তা প্ৰায়েই সামঞ্জস্যহীন। ‘সামান্য বিকলাংগতা থকা ছোৱালীয়ে কিশোৰাৱস্থাত কি হয় সেয়া বুজি পায় আৰু মাহেকীয়াৰ সময়ত নিজৰ চোৱাচিতাৰ প্ৰশিক্ষণ দিব পৰা যায়,’ পুণেস্থিত তথাপি ন্যাসৰ পূৰ্ব সমন্বয়ক অচুত বৰগাৱকাৰে কয়। এই সংস্থাটোৱে বিকলাংগতা আৰু লিংগীয় বিষয়ত সজাগতা সৃষ্টিৰ বাবে পিতৃ-মাতৃ, শিক্ষক, পৰামৰ্শদাতা আৰু চোৱাচিতা কৰোঁতাসকলৰ সৈতে লগ লাগি কাম কৰে। ‘কিন্তু আমাৰ ৰাজহুৱা স্বাস্থ্য আৰু শিক্ষা ব্যৱস্থাত (বিকলাংগৰ কাৰণে জীৱন কৌশল আৰু লিংগীয় বিষয়ক শিক্ষাৰ) কোনো পাঠ্যক্ৰম নাই।’

এক শক্তিশালী ৰাজহুৱা স্বাস্থ্য আৰু কল্যাণ ব্যৱস্থা তথা পৰিয়াল তথা সমুদায়ৰ নিৰন্তৰ সমৰ্থন অবিহনে বিকলাংগ লোকৰ যৌন আৰু প্ৰজনন স্বাস্থ্য আৰু অধিকাৰ সুৰক্ষা কৰাটো কঠিন কাম, মেধা টেংচিয়ে কয়।

‘আমি অসহায়,’ মানসিকভাৱে অক্ষম বয়স্কৰ কাৰণে ৱাডিৰ পৰা প্ৰায় ১০ কিলোমিটাৰ দূৰৰ কোলৱান ঘাটিত ১৯৯৪ত (ছ’চাইটি হিচাপে পঞ্জীকৃত) স্থাপিত আবাসিক কেন্দ্ৰ সাধনা গ্ৰামৰ প্ৰতিস্থাপক সদস্য টেংচিয়ে কয়। (ৰাহীবাঈয়ে যোৱা ২০ বছৰ ধৰি সামান্য মাননিৰ বাবদ সাধনা গ্ৰামৰ কাৰণে কাম কৰি আহিছে)। ‘প্ৰায় ১৫ বছৰ আগেয়ে আমি এনে নিষ্ঠাৱান মহিলা পালো যিয়ে আমাৰ মহিলা আবাসীসকলৰ মাহেকীয়াৰ সময়ত চোৱাচিতা কৰে আৰু তেওঁলোকক সহায় কৰে। এতিয়া এইসকল মহিলাক নিজৰ প্ৰাথমিক চোৱাচিতা কৰাৰ কাৰণে প্ৰশিক্ষণ দিও, কিন্তু কেতিয়াবা আমিও ব্যৱস্থা কৰিব নোৱাৰা হওঁ। তেতিয়া আমি শল্যচিকিৎসাৰ পৰামৰ্শ দিও।’

ৱাডিৰ নিকটৱৰ্তী কোলৱান গাঁৱৰ উপ স্বাস্থ্যকেন্দ্ৰত ৰাজহুৱা স্বাস্থ্য কেন্দ্ৰটোত সুব্যৱস্থাৰ অভাৱ তেনেই স্পষ্ট। মানসিকভাৱে অক্ষম মহিলাৰ প্ৰজনন স্বাস্থ্যজনিত আৱশ্যকতা সম্পৰ্কে সোধাত দুগৰাকী স্বাস্থ্য কৰ্মী, এগৰাকী পুৰুষ চিকিৎসা বিষয়া আৰু দুগৰাকী মহিলা স্বাস্থ্যকৰ্মীয়ে চকু আঁতৰাই নিয়ে। ‘আমি কিশোৰীসকলক আৰু মহিলাক চেনিটেৰী পেড বিতৰণ কৰোঁ,’ এগৰাকী সহায়ক নাৰ্ছ ধাত্ৰীয়ে কয়। আৰু কি কৰে বুলি মই সোধাত তেওঁলোকে ইজনে সিজনৰ মুখলৈ চাবলৈ ধৰিলে।

কুলে গাঁৱত (প্ৰায় ১১ কিলোমিটাৰ দূৰত) ৱাডিৰ নিকটৱৰ্তী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰতো পৰিস্থিতি একেই। এগৰাকী আশাকৰ্মী (স্বীকৃতিপ্ৰাপ্ত সামাজিক স্বাস্থ্যকৰ্মী) সুৱৰ্ণা সোণাৰে কয় যে মুঠ দুগৰাকী ছোৱালী আছে, ‘তেওঁলোকে ধীৰে ধীৰে শিকিছে,’ আৰু কোলৱনত এনে চাৰি বা পাঁচজনী ছোৱালী আছে। কিন্তু তেওঁলোকৰ কাৰণেও কোনো বিশেষ স্বাস্থ্যসেৱাৰ ব্যৱস্থা নাই, তেওঁ কয়। ‘কৈশোৰাৱস্থা পালে তেওঁলোকৰ আচৰণ সলনি হয়। আমি নাজানো তেওঁলোকক কেনেকৈ আৰু কি ক’ব লাগিব।’

বিকলাংগ ব্যক্তিৰ অধিকাৰৰ ওপৰত ৰাষ্ট্ৰসংঘৰ আয়োগৰ ২০০৮ৰ ৩ মে’ত কাৰ্যকৰী হোৱা অনুচ্ছেদ ২৫ (ক)ত কোৱা হৈছে যে ‘ৰাষ্ট্ৰই এজন সাধাৰণ মানুহক দিয়াৰ সমান পৰিসৰ, গুণাগুণ আৰু মানৰ বিনামূলীয়া বা বহনযোগ্য স্বাস্থ্য সেৱা আৰু কাৰ্যসূচী বিকলাংগসকলকো দিব লাগিব, তাতে যৌন আৰু প্ৰজনন স্বাস্থ্য আৰু জনসংখ্যাভিত্তিক ৰাজহুৱা স্বাস্থ্য কাৰ্যসূচীও অন্তৰ্ভূক্ত থাকিব লাগিব।

Artwork from a recreation centre for persons with disability in Wadi
PHOTO • Medha Kale

ৱাডিত বিকলাংগ ব্যক্তিৰ কাৰণে মনোৰঞ্জন কেন্দ্ৰত এক চিত্ৰকৰ্ম

ভাৰতে এই চুক্তি মানি লৈছে, কিন্তু ভাৰতত বিকলাংগ ব্যক্তিৰ সন্মতি অবিহনে বন্ধ্যাকৰণৰ ওপৰত নিষেধাজ্ঞা ২০১৬ত জাৰী কৰা হয় যেতিয়া দিব্যাংগ ব্যক্তিৰ অধিকাৰ আইন বলবৎ হয়। আইনখনত কোৱা হৈছে যে ৰাজ্যই ‘যৌন আৰু প্ৰজনন স্বাস্থ্য সুনিশ্চিত কৰিব, বিশেষকৈ বিকলাংগ মহিলাৰ বাবে’ আৰু ‘প্ৰজনন স্বাস্থ্য আৰু পৰিয়াল পৰিকল্পনা সন্দৰ্ভত যথোচিত তথ্য বিকংলাগ ব্যক্তিয়ে পোৱাটো নিশ্চিত কৰিব লাগিব।’

কিন্তু এই আইনখনত মানসিকভাৱে অক্ষম মহিলাৰ যৌন আৰু প্ৰজনন অধিকাৰ সন্দৰ্ভত কোনো বিশেষ প্ৰাৱধান নাই, বা ‘মানসিকভাৱে অনগ্ৰসৰ’ মহিলাৰ কাৰণেও কোনো সুবিধা নাই, তেনে মহিলাৰ সংখ্যা ভাৰতত, সামাজিক ন্যায় আৰু সশক্তিকৰণ মন্ত্ৰালয় অনুসৰি ৬ লাখৰো অধিক। তাৰে ৪ লাখৰো অধিক গ্ৰামাঞ্চলত থাকে।

প্ৰায়েই মানসিকভাৱে অক্ষম ব্যক্তিক যৌন অনুভূতিবিহীন বা অতি যৌনঅনুভূতিশীল ৰূপত চোৱা হয়। তেওঁলোকৰ প্ৰজনন সম্পৰ্কীয় আৱশ্যকতাসমূহৰ ‘ব্যৱস্থা’ কৰিবলৈ গৈ তেওঁলোকৰ মৰম-চেনেহ, সহবাস, সম্ভোগ আৰু অন্তৰংগতাৰ আৱশ্যকতাৰ লগতে মাতৃত্বৰ অধিকাৰ উপেক্ষিত হৈ ৰয়। ২০১৭ৰ বিকলাংগতা আৰু যৌনতা বিষয়ক গৱেষণাপত্ৰ এখনত এনেদৰে কোৱা হৈছে।

আপুনি কেতিয়াবা মালনৰ বিয়াৰ কথা ভাবিছে নেকি, ৰাহীবাঈক মই সুধিলো। ‘কিছুমানে এই প্ৰস্তাৱ দিছিল আৰু প্ৰস্তাৱ লৈ আহিছিল, কিন্তু তাইক বিয়া নিদিও বুলি আমি সিদ্ধান্ত লৈছো,’ তেওঁ কয়। ‘তাই শাড়ীখনেই পিন্ধিব নাজানে, নিজৰ পৰিয়াল কেনেকৈ চম্ভালিব? তাইৰ (দুই) ভাতৃয়েও তাই ইয়াতেই মৰাটো বিচাৰে।’ ৰাহীবাঈয়ে এই কথাও জানে যে মালনৰ দৰে ছোৱালীয়ে নতুন ঘৰ এখনত নিজকে খাপ খুৱাই ল’ব নোৱাৰে, শেষত মাক-দেউতাকৰ ঘৰলৈ উভতি আহে।

অৱশ্যে পুণেস্থিত শিক্ষাবিদ, পৰামৰ্শদাতা আৰু বিশেষ আৱশ্যকতা থকা ব্যক্তিৰ মাতৃ ডা. সুনীতা কুলকাৰ্ণীয়ে কয়, ‘বয়স্ক মহিলা আৰু বিশেষ আৱশ্যকতা থকা পুৰুষৰো যৌন অধিকাৰ আছে, আৰু যৌনতাৰ অৰ্থ সদায় যৌন সম্ভোগেই নহয়।’ ‘যৌনতাৰ ভালেমান দিশ আছে। বন্ধুত্ব আছে, ঘনিষ্ঠতা আছে, অলপ-চলপ ধেমালী-চুপতি বা একাপ কফিৰ কথাও হ’ব পাৰ। কিন্তু এইবোৰ কথাও অস্বীকাৰ কৰা হয়।’

ইয়াৰ বিপৰীতে মানসিকভাৱে বিকলাংগ কিশোৰ-কিশোৰীয়ে যেতিয়া নিজৰ যৌন চেতনা প্ৰকাশ কৰে, অধিকাংশ পৰিয়াল আৰু চোৱাচিতা কৰোতাই তাৰ বিৰোধ কৰে। বহুতেই যৌন হৰমন নিয়ন্ত্ৰণ কৰাৰ কাৰণে দৰৱ খুৱায়, কিছুমানে আকৌ যিকোনো ধৰণৰ যৌন আচৰণৰ কাৰণে শাস্তি দিয়ে। ‘এনেদৰে যৌন চেতনাক অগ্ৰাহ্য কৰি আমি কি পাম?’ ডা. শচীন নগৰকাৰে সোধে। তেওঁ মুলচি তালুকৰ পৌড় গাঁৱত বয়স্কসকলৰ বাবে কাম কৰে। ‘কামভাৱ এক স্বাভাৱিক আৰু স্বাস্থ্যকৰ অভিব্যক্তি। আপুনি এয়া ৰখাব নোৱাৰে, ঢাকি ৰাখিব নোৱাৰে নাইবা ইয়াক অস্বীকাৰ কৰিব নোৱাৰে।’

সচিত্ৰকৰণঃ প্ৰিয়ংকা বৰাৰ

যদিও তেওঁলোকৰ কামভাৱক উপেক্ষা কৰা হয়, তথাপি অক্ষম মহিলা আৰু ছোৱালীয়ে প্ৰায়ে যৌন শোষণৰ বলি হয়। মালন আৰু তেওঁৰ খুড়াকৰ ছোৱালী ৰূপালীয়ে নিজৰ গাঁৱৰ ল’ৰাৰ দ্বাৰা উৎপীড়ন আৰু দুৰ্ব্যৱহাৰৰ সমুখীন হৈছে

যদিও তেওঁলোকৰ কামভাৱক উপেক্ষা কৰা হয়, তথাপি অক্ষম মহিলা আৰু ছোৱালীয়ে প্ৰায়ে যৌন শোষণৰ বলি হয়। মালন আৰু তেওঁৰ খুড়াকৰ ৩৮ বৰ্ষীয় মানসিকভাৱে অক্ষম ভনী ৰূপালী (নাম সলনি কৰা হৈছে), নিজৰ গাঁৱৰ ল’ৰাৰ দ্বাৰা উৎপীড়ন আৰু দুৰ্ব্যৱহাৰৰ সমুখীন হৈছে। ‘কিছুমান ল’ৰাই সুহুৰি বজায়, তেওঁলোকক স্পৰ্শ কৰাৰ চেষ্টা কৰে, নাইবা আশে-পাশে কোনো নথকাত ঘৰত আহি ওলায়,’ ৰাহীবাঈয়ে মোক কয়। তেওঁলোকে এনেধৰণৰ উৎপীড়ন আৰু ইয়াৰ পৰিণামৰ কথা ভাবি শংকিত হৈ থাকে।

কিন্তু ৰাহীবাঈয়ে নিজৰ চিন্তা নিজৰ মাজতে সীমিত কৰি ৰখা নাই। ৱাডিৰ প্ৰায় ৯৪০ জন জনসংখ্যাৰ ভিতৰত ছগৰাকীৰ কম-বেছি পৰিমাণে মানসিক বিকলাংগতা আছে। তাৰে মাজত মালনকে ধৰি দুগৰাকী মহিলা আৰু চাৰিগৰাকী পুৰুষ আছে। ৰাহীবাঈ যিটো আত্মসহায়ক গোটৰ সদস্য, তাৰে মহিলাসকলে ২০১৯ৰ নৱেম্বৰত লগ লাগি গাঁৱৰ অংগনবাদীৰ কোঠাটোত এই ছগৰাকী বিশেষ বন্ধুৰ বাবে মনোৰঞ্জন কেন্দ্ৰ আৰম্ভ কৰে। ইয়াত সপ্তাহত দুবাৰ ৱাডিৰ পৰা স্বেচ্ছাসেৱিকা ময়ুৰী গাইকোৱাড আৰু সংগীতা কালেকৰ আৰু সাধনা গাঁৱৰ শালন কাম্বলেয়ে এই ছগৰাকী ‘বিশেষ মিত্ৰ’ৰ কাৰণে মনোৰঞ্জনৰ কাৰ্যসূচী আৰু প্ৰশিক্ষণ (নিজৰ চোৱাচিতাৰ লগতে)ৰ আয়োজন কৰে। ‘গাঁৱৰ কিছুমান মানুহে আমাক দেখি হাঁহে, তেওঁলোকৰ মতে এই ‘পাগল’ ল’ৰা-ছোৱালীক পঢ়াই লাভ নাই। কিন্তু আমি থমকি নৰও,’ ময়ুৰীয়ে কয়।

‘মী কেলী (তাইক মই কৈছো),’ মালনে গৌৰৱেৰে মোক নীলা আৰু বগা ৰঙৰ মণিৰ গলপতাডাল দেখুৱাই কয়। সেইডাল তাই এই কাৰ্যসূচীৰ মাজতে গুঠিছে।

আনদিনাখন মালনে ঘৰৰ কাম হিচাপে পুৱা নলীৰ পৰা পানী ড্ৰামত ভৰায় আৰু গা ধোৱে। তাৰপিছত সদায় কৰাৰ দৰে তাই মাটিৰ চৌকাত অলপমান চাহ পেলায় আৰু মাকৰ পৰা গালি খায়।

তাৰপিছত ৰঙীন চোলা আৰু ভৰিৰ কলাফুল আগুৰা গাউনটো পিন্ধি তাইক চেনেহেৰে আগুৰা পৰিয়ালটোৰ সৈতে দিনটোৰ কাৰণে সাজু হয়।

লেখিকা তথাপি ন্যাসৰ এগৰাকী ন্যাসৰক্ষী, তাতে তেওঁ ১৮ বছৰ কাম কৰিছে।

লেখিকাই সাধনা গাঁৱৰ মেধা টেংচি আৰু বিজয়া কুলকাৰ্ণী আৰু পুণেৰ তথাপি ন্য়াসৰ অচুত বৰগাৱকাৰলৈ কৃতজ্ঞতা যাঁচিছে।

প্ৰচ্ছদ সচিত্ৰকৰণঃ প্ৰিয়ংকা ব’ৰাৰ এগৰাকী নিউ মিডিয়া শিল্পী। নতুন ধৰণৰ অৰ্থ আৰু প্ৰকাশভংগীৰ সন্ধানত তেওঁ প্ৰযুক্তিৰ সৈতে পৰীক্ষা-নিৰীক্ষা চলাই আহিছে। শিকন আৰু খেল-ধেমালীৰ বাবে ন-অভিজ্ঞতাৰ সৃষ্টি কৰা, ইণ্টাৰেক্টিভ মিডিয়াৰে কাৰচাজি কৰা প্ৰিয়ংকাই কাগজ-কলমেৰেও সৃষ্টিশীল কাম কৰি ভাল পায়।

সমগ্ৰ দেশখনৰ গ্ৰামাঞ্চলৰ কিশোৰী আৰু যুৱ মহিলা শ্ৰেণীৰ ওপৰত পাৰি আৰু কাউণ্টাৰ মিডিয়া ট্ৰাষ্টে কৰা প্ৰতিবেদনৰ প্ৰকল্প হৈছে সৰ্বসাধাৰণ মানুহৰ জীৱন্ত অভিজ্ঞতা আৰু মাত-কথাৰ জৰিয়তে অত্যন্তিক অথচ উপান্ত হৈ ৰোৱা এই শ্ৰেণীৰ নাৰীসমাজৰ অৱস্থাৰ অনুধাৱনৰ বাবে পপুলেশ্যন অৱ ইণ্ডিয়া সমৰ্থিত অন্বেষণমূলক পদক্ষেপৰ এক অংশ।

এই প্ৰতিবেদন পুনৰ প্ৰকাশ কৰিবলৈ বিচাৰে নেকি? তেন্তে অনুগ্ৰহ কৰি Cc-ত [email protected] ৰাখিএই ইমেইল ঠিকনালৈ লিখক- [email protected]

অনুবাদঃ পংকজ দাস

Medha Kale

Medha Kale is based in Pune and has worked in the field of women and health. She is the Translations Editor, Marathi, at the People’s Archive of Rural India.

Other stories by Medha Kale
Illustration : Priyanka Borar

Priyanka Borar is a new media artist experimenting with technology to discover new forms of meaning and expression. She likes to design experiences for learning and play. As much as she enjoys juggling with interactive media she feels at home with the traditional pen and paper.

Other stories by Priyanka Borar
Editor : Hutokshi Doctor
Series Editor : Sharmila Joshi

Sharmila Joshi is former Executive Editor, People's Archive of Rural India, and a writer and occasional teacher.

Other stories by Sharmila Joshi
Translator : Pankaj Das

Pankaj Das is a journalist and translator, based in Guwahati. He is the co-founder of newsnextone.com, an Assamese language news portal focused on news related to Assam.

Other stories by Pankaj Das