‘আমি পুৱা ৫ বজাতে খোজ ল’লো। আমি বিলোচিলৈ যাবলৈ বিচাৰিছিলো। এখনো বাহন নাছিল। মালিকে আমাৰ প্ৰতিজনকে ১০০০ টকাকৈ দিছিল। সেইখিনিৰে আমি নিমখ আৰু মচলা (গেলামালৰ বস্তু) আনিলো। আমি ঘৰ গৈ নাপালে কি খাম? গাঁৱৰ পৰা ফোন আহিছেঃ আপোনালোক সকলোৱে যদি এতিয়া ঘূৰি নাহে, তেন্তে দুবছৰৰ বাবে আঁতৰি থাকিব লাগিব।’

তেওঁলোকে তাকেই কৈছিল। মুৰত বোজা আৰু কোলাত কেঁচুৱা লৈ প্ৰখৰ ৰ’দত খোজ দিছিল। মই তেওঁলোকক মোৰ গাওঁখনৰ মাজেৰে পাৰ হৈ যোৱা দেখি তেওঁলোকৰ বিষয়ে সুধিছিলো। তেওঁলোক পালঘৰ জিলাৰ ৱাড়া ব্লকৰ বিলোচি গাঁৱৰ বাসিন্দা। ইটাৰ ভাতীত কাম কৰিবলৈ তেওঁলোকে বাসাই ব্লকৰ ভাটানে গাঁৱলৈ গৈছিল। ল’ৰা-ছোৱালী, মহিলা মিলি তেওঁলোক মুঠ ১৮ জন আছিল, আটাইকেইজন আদিবাসী কাটকাৰি সম্প্ৰদায়ৰ।

তেওঁলোকক ক’ৰণাভাইৰাছক লৈ চিন্তিত দেখা গৈছিল। তলাবন্ধৰ ফলত যাতায়তৰ কোনো সুবিধাও নাই। ইফালে গাঁৱৰ মানুহে তেওঁলোকক ততালিকে ঘৰলৈ আহিবলৈ কঢ়াকৈ কৈছে। সেয়ে তেওঁলোকে খোজকাঢ়িয়েই ঘৰলৈ বুলি ওলাইছে। ২৯ মাৰ্চৰ দিনা পুৱা প্ৰায় ১১ বজাত তেওঁলোক আমাৰ গাওঁ নিম্বাভালি পাইছিল।

‘প্ৰখৰ ৰ’দ দিছিল। মুৰত বোজা লৈ মই খোজ দিছিলো আৰু হঠাতে মুৰ ঘুৰাই পৰিলো, দুখ পালো।’ নিজৰ আঠুদুটালৈ আঙুলিয়াই ৪৫ বছৰীয়া কবিতা দিবাই কয়। তাইৰ কাষতে বহি আছিল ২০ বছৰীয়া স্বপ্না ৱাঘ। তাই ছমহীয়া গৰ্ভৱতী। তাই ২৩ বৰ্ষীয় গিৰীয়েক কিৰণ ৱাঘৰ সৈতে বিয়া হোৱাৰ পাছৰে পৰা ইটাৰ ভাতীত কাম কৰি আহিছে। তলাবন্ধৰ কাৰণে তায়ো মুৰত বোজা লৈ আৰু পেটত নতুন জীৱন এটা লৈ ঘৰলৈ খোজ দিবলগীয়া হৈছে।

Sapna and her husband Kiran Wagh (top left), Devendra Diva and his little daughter (top right), and Kavita Diva (bottom right) were among the group of Katkari Adivasis trying to reach their village in Palghar district from the brick kilns where they work
PHOTO • Mamata Pared

ইটাৰ ভাতীত কাম কৰি এতিয়া পালঘৰ জিলাৰ নিজ গাঁৱলৈ উভতিব খোজা আদিবাসী কাটকাৰি সম্প্ৰদায়ৰ স্বপ্না আৰু তাইৰ গিৰীয়েক কিৰণ ৱাঘ (ওপৰত বাওঁফালে), দেৱেন্দ্ৰ আৰু তেওঁৰ কণমানি জীয়ৰী (ওপৰত সোঁফালে) আৰু কবিতা দিবা (তলত সোঁফালে)

তেওঁলোকৰ আটায়ে খোজকাঢ়়ি ভাগৰি পৰিছিল, ওচৰত ক’ৰবাত কুঁৱা আছে নেকি মোক সুধিছিল। ডেকাল’ৰা কেইজনমানক বটলত পানী আনিবলৈ পঠিয়াইছিল। দেৱেন্দ্ৰ দিবা (২৮) আৰু দেবযানী দিবা (২৫) পিছ পৰিছিল, কিছু সময়ৰ মুৰত তেওঁলোকো সেই ঠাই আহি পালে। বোজা আৰু নিজৰ সন্তানৰ সৈতে তেওঁলোকৰ বাবে আনবোৰৰ দৰে বেগাই খোজকঢ়াটো সম্ভৱ নাছিল।

তেওঁলোকক আগবঢ়াই দিবলৈ মই ব্যৱস্থা কৰা টেম্পোখন আহি পালে। গাড়ীখনৰ ভাড়া ২০০০ টকাত বন্দোবস্ত কৰা হৈছিল। তেওঁলোকে ৬০০ টকা দিব পাৰিলে। মই কোনোমতে বাকীখিনি টকা যোগাৰ কৰি সময় অপচয় নকৰি তেওঁলোকক ঘৰলৈ পঠিয়াই দিলো।

কিন্তু ঘৰলৈ গৈ তেওঁলোকে কি কৰিব? তাতে কাম নাই। টেম্পোখনৰ কাৰণেও দিবলৈ তেওঁলোকৰ হাতত টকা নাই। তলাবন্ধৰ দিনকেইটা তেওঁলোকে কেনেদৰে পেট পুহিব? এনে বহু প্ৰশ্ন আছে যাৰ উত্তৰ নাই।

তেওঁলোকৰ দৰে সমগ্ৰ দেশখনত বহুতেই নিজৰ ঘৰলৈ যাবলৈ নিশ্চয়কৈ যৎপৰোনাস্তি চেষ্টা কৰিছে। কিছুমানে হয়তো ঘৰ গৈ পাইছে, আন বহুতেই আদবাটতে আবদ্ধ হৈ ৰৈছে। কিছুমানে হয়তো দূৰ-দূৰণিৰ গন্তব্যস্থললৈ বুলি বাট বুলিয়েই আছে।

মাৰাঠী ভাষাৰ পৰা মেধা কালেৰ দ্বাৰা অনূদিত।

অনুবাদঃ পংকজ দাস

পংকজ দাস এগৰাকী সাংবাদিক, অনুবাদক আৰু অসমীয়া নিউজ পৰ্টেল newsnextone.com ৰ সহ-প্ৰতিস্থাপক। যোগাযোগৰ ইমেইল আইডি [email protected]