‘যেতিয়া ৰাজনৈতিক নেতা আমাৰ চহৰলৈ আহে, তেঁওলোকৰ এখন্তেক থমকি ৰ’বলৈও সময় নাথাকে। আমালৈ গাড়ীৰ পৰাই হাতবাউলি দি সম্ভাষণ জনাই আঁতৰি যায়। নেতাবোৰৰ কাষলৈ ৫০ মিটাৰ চাপিবলৈকো আমাক দিয়া নহয়,’ পুট্টানাই কয়।

পুট্টানাই কৰ্ণাটকৰ টুমকুৰ জিলাৰ মধুগিৰি চহৰত হাতেকৰা চাফাই কৰ্মৰ ১১ বছৰীয়া এই কালচোৱাত দুটাকৈ ৰাষ্ট্ৰীয় নিৰ্বাচন দেখিছে আৰু তৃতীয়টো নিৰ্বাচন সমাগত। এইটো সপ্তাহতে ১৮ এপ্ৰিলৰ দিনা টুমকুৰত নিৰ্বাচন অনুষ্ঠিত হ’ব। একে সময়তে লোকসভাৰ নিৰ্বাচনৰ প্ৰথমটো পৰ্যায় ৰাজ্যখনত আৰম্ভ হ’ব।

এই সমষ্টিটোত যুঁজখন দুই দ্বিগজ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী আৰু চাৰিবাৰকৈ সাংসদ হোৱা জি. এছ. বাসৱৰাজ (৭৭) আৰু কংগ্ৰেছ-জনতা দল (চেকুলাৰ)ৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী ৮৬ বৰ্ষীয় এইছ. ডি. দেৱে গৌড়াৰ মাজত হ’ব।

কিন্তু মধুগিৰিৰ অনাময় কৰ্মচাৰীয়ে কাৰ পক্ষ লৈছে সেয়া সুধিলে পোৱা সঁহাৰি মন কৰিবলগীয়া। তেঁওলোকৰ বহুতৰ দৰে ৪৫ বৰ্ষীয় পুট্টানাও মাডিগা দলিত সম্প্ৰাদয়ৰ। শোষিত উপ-সম্প্ৰদায়টোৰ কৰ্ম পৰিসৰ হাতেকৰা চাফাই কামতেই সীমাবদ্ধ। (এই প্ৰতিবেদনৰ বাবে লোৱা সাক্ষাতকাৰত প্ৰায় সকলো চাফাই কৰ্মীয়ে কেৱল প্ৰথম নামটোহে ব্যৱহাৰ হোৱাটো বিচাৰিছিল)। কৰ্ণাটক ৰাজ্যখনৰ ভিতৰত টুমকুৰত হাতে কৰা চাফাই কৰ্মীৰ সংখ্যা সৰ্বাধিক। এযা চাফাই কৰ্মীৰ বাবে কৰ্ণাটক ৰাজ্যিক আয়োগে ২০১৭ৰ আগস্তত মুকলি কৰা প্ৰতিবেদনৰ তথ্য। অমানৱীয় কৰ্ম, পুতৌলগা পাৰিশ্ৰামিক আৰু বছৰ বছৰ ধৰি চৰকাৰী গৃহৰ সুবিধা নোপোৱাৰ বাবে প্ৰায়ভাগৰে ৰাজনৈতিক নেতাৰ ওপৰত বিশ্বাস নাই।

Puttanna (left) and Manjunath (right) standing next to their waste disposal pickup truck. The two men also drive a jetting machine to clean open drains and septic tanks. Often, they must immerse themselves in  these pits to stir the waste and make it more soluble for the technological incompetent machine to do the job
PHOTO • Priti David

পুট্টানা (বাওফালে) আৰু মঞ্জুনাথ (সোঁফালে) তেঁওলোকৰ আৱৰ্জনা কঢ়িওৱা গাড়ীখনৰ কাষতে থিয় দি থকা অৱস্থাতঃ ‘ৰাজনৈতিক নেতা আমাৰ চহৰলৈ আহিলে এখন্তেকো থমকি নৰয়...’

‘ৰাষ্ট্ৰীয় পৰ্যায়ৰ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাসকলৰ বাবে হাতেকৰা চাফাইৰ সমস্যাটো প্ৰাসংগিক নহয়,’ দলিত সম্প্ৰদায়ৰ অধিকাৰৰ বাবে কাম কৰা টুমকুৰৰ স্থানীয় সংস্থা থামাটেঃ চেণ্টাৰ ফৰ ৰুৰেল ডেভেলপমেণ্টৰ প্ৰতিস্থাপক কে. বি. অৱলেশে কয়।

‘২০১১ৰ আৰ্থসামাজিক আৰু জাতি-জনজাতিৰ লোকপিয়ল মতে টুমকুৰ জিলাত কৰ্মীৰ (অনাময়) সংখ্যা ৩,৩৭৩। ভোটৰ অংকত খেলিমেলি লগাবপৰাকৈ এই সংখ্যা সৰহ নহয়।’ সমষ্টিটোত হাতেকৰা চাফাই কৰ্মীৰ সংখ্যা মুঠ ভোটাৰৰ সংখ্যা(২৬.৭৮ লাখ)ৰ ১ শতাংশতকৈও কম হোৱা কাৰণে কোনো সাসংদেই তেঁওলোকৰ সমস্যাৰ প্ৰতি ভ্ৰূক্ষেপেই নকৰে। ফলত কৰ্মীৰ মাজত হতাশা বাঢ়িছে।

বিগত সময়বোৰত আগ্ৰহেৰে ভোটদানৰ পিছতো পুট্টানাহঁতৰ দৰে লোকৰ জীৱন সলনি হোৱা নাই। তেঁওকে ধৰি আন কেইজনমান অনাময় কৰ্মীয়ে কৈছিল যে সাত বছৰমান আগতে জিলাখনত কিছু পৰিৱৰ্তন দেখা গৈছিল, কিন্তু সেয়া টিকি নাথাকিল। ‘২০১২ত আমি অনাময় কামৰ বাবে সুৰক্ষামূলক সামগ্ৰী লাভ কৰিছিলো; চৰকাৰৰ পৰা নহয়, থামাটেৰ পৰা,’ হাতেকৰা চাফাইকৰ্মী মঞ্জুনাথে কয়। চৰকাৰে সেই কৰ্মীসকলক সুৰক্ষামূলক সামগ্ৰী যেনে মাস্ক, গ্লোভচ্ আৰু গামবুট আদি দিওৱাটো নিশ্চিত কৰাৰ বাবে থামাটেয়ে চেষ্টা কৰিছিল। কিন্তু সেয়াও বন্ধ হ’ল। ‘বেচৰকাৰী সংস্থা এটাই কিমানদিনলৈ হাজাৰ হাজাৰ কৰ্মীক এনেদৰে সামগ্ৰীৰ যোগান ধৰি থাকিব পাৰিব?’ পুট্টানাই কয়।

চাৰি এপ্ৰিলৰ দিনা হাতেকৰা চাফাইৰ কাম উঠাই লোৱাৰ দাবীৰে দেশজুৰি হোৱা চাফাই কৰ্মীৰ আন্দোলনৰ সময়ত নতুন দিল্লীত প্ৰথমখন নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰা হয়। দাবীসমূহৰ ভিতৰত আছিল সকলো অনাময় কৰ্মী আৰু পৰিয়ালৰ বাবে এখন জীৱনৰ অধিকাৰৰ কাৰ্ডৰ ব্যৱস্থা কৰা, যিখনৰ জৰিয়তে তেঁওলোকে বিনামূলীয়াকৈ শিক্ষা, স্বাস্থ্যসেৱা, মৰ্যাদাসম্পন্ন নিয়োগ আৰু জীৱিকাৰ পোনপটীয়া সুবিধালাভ কৰাটো নিশ্চিত হ’ব আৰু ভাৰতীয় সংবিধানৰ ২১ নং অনুচ্ছেদৰ অধীনত সকলো নাগৰিকক প্ৰদান কৰা মৌলিক অধিকাৰ কৰ্মী আৰু পৰিয়ালে লাভ কৰা। কেন্দ্ৰীয় বাজেটৰ ১ শতাংশ ৰাশি হাতেকৰা চাফাইকৰ্মীৰ কল্যাণৰ বাবে আৱণ্টন দিয়া আৰু সেয়া মুকলি কৰাৰ বাবে পুনৰ্সংস্থাপনৰ হেতু প্ৰধানমন্ত্ৰীৰ নেতৃত্বত থকা এখন সুকীয়া মন্ত্ৰালয় গঠন কৰাটোও তেঁওলোকৰ দাবীসমূহৰ অন্যতম আছিল।

হাতেকৰা চাফাই কাৰ্যৰ নিষিদ্ধকৰণ তথা তেঁওলোকৰ পুনৰ্সংস্থাপন অধিনিয়ম, ২০১৩ ৰ অধীনত কোৱা হৈছে যে হাতেকৰা চাফাইৰ কাম প্ৰদান কৰা অবৈধ আৰু এনে কৰাজনে দুবছৰ পৰ্যন্ত কাৰাবাস খাটিব লগা হ’ব পাৰে। তাতে শ্ৰমিকৰ দ্বাৰা খালি হাতে ছেপ্টিক টেংক আৰু নলা-নৰ্দমাৰ চাফাই কৰোৱাটো নিষিদ্ধ বুলি কোৱা হৈছে। তথাপিও ২০১১ৰ আৰ্থসামাজিক আৰু জাতি লোকপিয়ল অনুসাৰে দেশৰ গ্ৰামীণ অঞ্চলত ১.৮২ লাখৰো অধিক এনে চাফাইকৰ্মী আছে আৰু দক্ষিণ ভাৰতৰ কৰ্ণাটকত এনে শ্ৰমিকৰ সংখ্যা সৰ্বাধিক।

Sarojamma, a pourakarmika, says that local party leaders go as far as touching their feet before elections, but disappear soon after.
PHOTO • Vishaka George
Puttana has worked as a manual scavenger for 11 years. In that time 2 national elections and three state elections have passed, but none have made a difference to his life.
PHOTO • Vishaka George

পৌৰকৰ্মিকা সম্প্ৰদায়ৰ সৰোজম্মা (বাওফালে)ই কয় যে স্থানীয় নেতাই নিৰ্বাচনৰ সময়ত তেঁওলোকৰ ভৰি পৰ্যন্ত চোৱেহি, কিন্তু ততালিকে অন্তৰ্ধান হৈ যায়। ১১ বছৰীয়া কৰ্মজীৱনৰ অভিজ্ঞতাসম্পন্ন পুট্টানায়ে (সোঁফালে) কয় যে কোনো এটা নিৰ্বাচনেই তেঁওলোকৰ জীৱনত কোনো পৰিৱৰ্তন অনা নাই

'নিৰ্বাচনৰ সময়ত সকলোৱে উৎকোচ দিয়ে আৰু ভোট ক্ৰয়ৰ চেষ্টা কৰে। ৰাজনৈতিক নেতাই নিৰ্বাচনৰ আগত আমাৰ ভৰিও চোৱে, কিন্তু ততালিকে অন্তৰ্ধান হৈ যায়,’ পৌৰকৰ্মিকা (অনাময় কৰ্মী) ৩৯ বৰ্ষীয় সৰোজম্মাই কয়। পুট্টানাই এইখিনিতে নিজৰ কথাখিনি যোগ দিয়েহি, 'দলীয় কৰ্মী আৰু স্থানীয় নেতাই এবাৰ আমাৰ ওচৰলৈ আহে আৰু প্ৰায় ১০০ টকামানকৈ প্ৰতিঘৰৰ হিচাপত আমাক কিছু টকা দিয়ে। প্ৰতিগৰাকী মহিলাক শাৰী এখন আৰু পুৰষক কোৱাটাৰৰ বটল দিয়ে।’

মদ আমাৰ কামত আহে. বিশেষকৈ যেতিয়া পুট্টানা কামলৈ যায়। 'এনেকুৱাও দিন দেখিছো যেতিয়া মই নলাত নমাৰ আগেয়ে পুৱাই পুৱাই মদ্যপান কৰিবলগীয়া হৈছে,’ তেঁও কয়। মধুগিৰিত প্ৰায় ৪০০ৰো অধিক পৰিয়ালে নিজৰ আৱৰ্জনা নিষ্পত্তিৰ বাবে তেঁওলোকৰ ওপৰত নিৰ্ভৰ কৰে। নগৰ নিগমৰ ৰেকৰ্ড মতে তেঁওলোকৰ কাম জাৱৰ গোটোৱা, কিন্তু কাৰ্যতঃ তেঁওলোকে আইনৰ আওতাৰ বাহিৰত কাম কৰি আহিছে।

তেঁওলোকে নলাত 'জেটিং’ মেচিনো চলাব লাগে যিটোৰে নলা-নৰ্দমা আৰু চেপ্টিক টেংকৰ অৱৰোধ নাইকিয়া কৰিবপৰা যায়। প্ৰায়ে এই মেচিনৰ পাইপে অৰ্দ্ধ-গোটা আৱৰ্জনা নিষ্কাশন কৰিব নোৱাৰা হৈ পৰে। তেতিয়াই পুট্টানাই সেই গাঁতত নামে আৰু সেই থপথপীয়া আৱৰ্জনা লৰাই দি পাতল কৰাৰ চেষ্টা চলায় যাতে সেয়া মেচিনৰ দ্বাৰা পাম্প কৰি বাহিৰলৈ উলিয়াব পাৰি। পুট্টানা আৰু মঞ্জুনাথে কাম আৰম্ভ কৰাৰ আগেয়ে মদ্যপান কৰি ল’বলগীয়া হয়। 'মই পুৱা ৬ বজাৰ পৰা মদ্যপান কৰিবলৈ আৰম্ভ কৰিছো,’ পুট্টানাই কয়। 'এবাৰ নিচা ভালদৰে হৈ গ’লে মই সকলো সহ্য কৰিব পাৰো।’

তেন্তে স্বচ্ছ ভাৰত অভিযানে যোৱা পাঁচটা বছৰত কোনো প্ৰকাৰে শ্ৰমিকক সহায় কৰিছেনে? 'স্বচ্ছ ভাৰতে আমাৰ চহৰৰ চাফাই কাম সামান্য উন্নত কৰিছে,’ মঞ্জুনাথে কয়। তেঁওৰ আশে-পাশে থকা অইন কৰ্মচাৰীয়েও এই লৈ একমত। 'পাঁচ বছৰ আগৰ শক্তিশালী অভিযানৰ কাৰণে আজি মানুহ সচেতন হৈ পৰিছে। মানুহে জাৱৰ-জোঁথৰ পৃথক কৰিবলৈ লৈছে, ফলত আমাৰ কাম সহজ হৈ পৰিছে।’

Madhugiri sanitation workers assembled to talk about the upcoming national elections. Sarojamma (front row right).
PHOTO • Priti David
Puttanna and Ravikumar, another pourakarmika in Madhugiri
PHOTO • Priti David

বাওফালেঃ মধুগিৰিত সৰোজম্মা আৰু অইন চাফাইকৰ্মীয়ে নিৰ্বাচনৰ বিষয়ে আলোচনা কৰিবলৈ সমবেত হৈছে। সোঁফালেঃ পুট্টানা আৰু ৰবিকুমাৰৰ লগত আন এগৰাকী পৌৰকৰ্মীকা

তেঁওলোকে অভিযানৰ সফলতাৰ শ্ৰেয় এজন ব্যক্তিকে দিছে। 'মোদী সৰ্বশ্ৰেষ্ঠ। তেঁও ভাৰতৰ এক নম্বৰ প্ৰধানমন্ত্ৰী, যিজন সদায় শাসনত থাকিব লাগে,’ মঞ্জুনাথে কয়। 'দৰাচলতে মোদীয়ে আমাৰ বাবে দিনে-ৰাতিয়ে কাম কৰি আছে, কিন্তু বহু ভাৰতীয়ই এই কথা বুজি নোপোৱাটোৱে সমস্যা।’

টুমকুৰৰ চাফাই কৰ্মীৰ জীৱন যোৱা পাঁচটা বছৰত সলনি হওক বা নহওক, তথাপি প্ৰধানমন্ত্ৰীৰ ওপৰত তেঁওলোকৰ আস্থা আছে। 'যদি মোদীয়ে চাফাই কৰ্মীৰ প্ৰতি আৰু অলপ মন দিলেহেঁতেন, তেন্তে তেঁও আদৰ্শস্বৰূপ হৈ পৰিলহেঁতেন। কিন্তু আমি এতিয়াও তেঁওক লৈ সুখী,’ সৰোজম্মাই কয়।

এইবছৰ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চাফাই কৰ্মীৰ ভৰি ধুই থকা ভিডিঅ’ এটা টুইটাৰ একাউণ্টত পোষ্ট কৰিছিল। কেপচন আছিল এনেধৰণৰঃ 'এই মুহূৰ্তকেইটা মই আজীৱন সযতনে ৰাখিম!’ আৰু 'মই সেই প্ৰতিজন ব্যক্তিকে প্ৰণাম জনাইছো যিয়ে স্বচ্ছ ভাৰত অভিযানত অৰিহনা যোগাই আহিছে।’

কিন্তু তথ্যই এখন বিপৰীত ছবিহে দেখুৱায়। ২০১৮ৰ মাৰ্চ মাহত সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ প্ৰকাশিত তথ্যত কোৱা হৈছে যে হাতেকৰা চাফাই কৰ্মীৰ পুনৰ্সংস্থাপনৰ কাৰণে মুকলি কৰা স্বনিয়োজনৰ আঁচনিৰ বাবে আবণ্টন দিয়া ধনৰাশিৰ পৰিমাণ হ্ৰাস কৰা হৈছে। এই যোজনাত ২০১৪-১৫ত ৪৪৮ কোটি টকা, ২০১৫-১৬ত ৪৭০ কোটি টকা আবণ্টন দিয়া হৈছিল। কিন্তু ২০১৬-১৭ত মাত্ৰ ১০ কোটি টকা আৰু ২০১৭-১৮ত মাত্ৰ ৫ কোটি টকা আবণ্টন দিয়া হৈছে। মন্ত্ৰালয়ৰ মতে বাজেটত এই কম ধনৰাশিৰ কাৰণ হৈছে ৰাষ্ট্ৰীয় চাফাই কৰ্মচাৰী বিত্ত আৰু বিকাশ নিগমৰ হাতত 'ইতিপূৰ্বে থকা ধনৰ পুঁজি’ যিটো নিগমে এই আঁচনি পৰিচালনা কৰে। নিগমটো হৈছে মন্ত্ৰালয়ৰ অধীনত থকা নন-প্ৰফিট কোম্পানী।

Puttanna (left) and Manjunath (middle) have been working as manual scavengers, an illegal occupation, for 11 years now. In this photo, they are standing next to Siddhagangaiah (right), a coordinator at Dalit rights group, Thamate.
PHOTO • Priti David

পুট্টানা (বাওফালে) আৰু মঞ্জুনাথ (মাজত) হাতে কৰা চাফাই কামত নিয়োজিত, যিটো এতিয়া এক অবৈধ ব্যৱসায়। তেঁওলোকৰ লগত আছে দলিতৰ অধিকাৰৰ হকে যুঁজ দিয়া গোট থামাটেৰ সিদ্ধগংগীয়া (সোঁফালে)

টুমকুৰত এইবাৰত জি. এছ. বাসৱৰাজ আৰু কংগ্ৰেছ-জেডিএছৰ দেবেগৌড়াৰ নিৰ্বাচনী যুঁজত চাফাই কৰ্মচাৰীৰ প্ৰসংগৰ ক’তো উল্লেখ নাই। এয়া কাবেৰীৰ উপনৈ হেমাৱতীৰ বিবাদৰ ওপৰত কেন্দ্ৰ কৰি চলিছে, তথাপি চাফাই কৰ্মচাৰীয়ে উন্নত জীৱন যাপনৰ আশা এৰা নাই

'যোৱা পাঁচটা বছৰত সচেতনতা সৃষ্টিৰ বাবে কেন্দ্ৰ চৰকাৰে ভালেমান যোজনা মুকলি কৰিছে (স্বচ্ছ ভাৰত অভিযানৰ দৰে),’ বেংগালুৰুস্থিত ৰমইয়াহ পাব্লিক পলিচি চেণ্টাৰৰ সহপৰিচালক চেতন সিংহই কয়। 'ইউপিএৰ কাৰ্যকালৰ সময়ত ইয়াতকৈও বেছি আছিল। কিন্তু পুনৰ্সংস্থাপনৰ কাৰণে ধনৰ বাস্তৱিক ধৰণে পুনৰ্বিতৰণ ক্ষেত্ৰত অধিক ব্যয় কৰা নাছিল। এনডিএ-এ খুবেই কম ধনৰাশি ব্যয় কৰিছে।’

টুমকুৰত এইবাৰত জি. এছ. বাসৱৰাজ আৰু কংগ্ৰেছ-জেডিএছৰ দেবেগৌড়াৰ নিৰ্বাচনী যুঁজত চাফাই কৰ্মীৰ কথা ক’তো উল্লেখ নাই। এয়া কাবেৰীৰ উপনৈ হেমাৱতীৰ বিবাদৰ ওপৰত কেন্দ্ৰ কৰি চলিছে। (চাফাই কৰ্মচাৰীয়ে ভাৱে যে দেৱেগৌড়া এই উপনৈৰ ওপৰত আশ্ৰিত চুবুৰীৰ সমষ্টি হাচ্চানৰ সাংসদ হৈ থকা অৱস্থাত টুমকুৰক পানী দিবলৈ অমান্তি হোৱাৰ বাবে দেৱেগৌড়াই দায়ী)। তদুপৰি এয়া দুটা প্ৰতিদ্বন্দ্বী সম্প্ৰদায় এটা লিংগায়ত যিটো সম্প্ৰদায়ৰ পৰা বাসৱৰাজৰ আহিছে আৰু আনটো বৌক্কালিগা, দেৱেগৌড়াৰ যিটো সম্প্ৰদায়ৰ লোক- এই দুটা সম্প্ৰদায়ৰ মাজৰ যুঁজ যেন প্ৰতীয়মান লৈছে।

বাসৱৰাজ আৰু দেৱেগৌড়াৰ নিৰ্বাচনী ইচ্ছ্যুত ক’তো নাম-গোন্ধ নথকা স্বত্বেও চাফাই কৰ্মচাৰীয়ে উন্নত জীৱন এটা পোৱাৰ আশা কৰিছে। উন্নত জীৱন মানে মৰ্যাদাসহকাৰে স্থায়ী নিয়োগ, মজুৰী বৃদ্ধি, নিজা ঘৰ আৰু নিজৰ ল’ৰা-ছোৱালীৰ কাৰণে শিক্ষাৰ সুগম্যতা। তেঁওলোকে আশা কৰিছে যে চৰকাৰে তেঁওলোকেৰ এই দাবীবোৰ পুৰণ কৰিব। আৰু এয়া হৈছে নৰেন্দ্ৰ মোদীৰ প্ৰতিশ্ৰুতিৰ ওপৰত তেঁওলোকৰ অগাধ বিশ্বাসৰ পৰা জন্মা আশা। ইয়ে ১৮ এপ্ৰিলৰ দিনা তেঁওলোকৰ ভোটদানত প্ৰভাৱ নিশ্চয়কৈ পেলাব।

'একোৱেই সলনি হোৱা নাই যেন লাগে ঠিকেই, কিন্তু সলনি হ’ব পাৰে, সেয়ে আমি ভোট নিশ্চয়কৈ দিব লাগিব,’ পুট্টানে কয়। 'ভোট দিয়াটো মোৰ অধিকাৰ। মই এয়া নষ্ট কিয় কৰোঁ?’

লেখিকাই প্ৰীতি ডেবিডক তেঁওৰ সহায়ৰ কাৰণে আৰু নবীন তেজস্বীক অনুবাদত সহায় কৰা কাৰণে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছে।

অনুবাদঃ পংকজ দাস

Vishaka George

Vishaka George is Senior Editor at PARI. She reports on livelihoods and environmental issues. Vishaka heads PARI's Social Media functions and works in the Education team to take PARI's stories into the classroom and get students to document issues around them.

Other stories by Vishaka George
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das