ফাতিমা বিবিয়ে তেওঁৰ সদ্য উপজাত সন্তানটো হেৰুওৱাৰ পিছতহে সামূহিক প্ৰসৱ কেন্দ্ৰলৈ তাইৰ পঞ্চমবাৰৰ প্ৰসৱৰ বাবে আহিছিল। তেওঁৰ তিনিটাকৈ কন্যা সন্তান আৰু এটা ল'ৰা সন্তান ঘৰতে জন্ম পাইছিল। "অক্সিজেনৰ অভাৱতে ল'ৰাটো ঢুকাই থাকিল," তাইৰ মাতৃ জামিলাই জনালে। "সেয়ে আমি এইবাৰ হস্পিতাললৈ আহিছো।"

পৰিয়ালটোৱে নৰ্থ ২৪ পাৰাগানা জিলাস্থিত বায়েৰমাৰী গাঁৱলৈ তেওঁলোকৰ গাওঁ ৰামপুৰৰ পৰা ৩০ মিনিটৰ বাটৰ বাবে ৭০০ টকা দি ভান এখন ভাড়া কৰি আনিছিল। "আমাৰ গাঁৱৰ দুখীয়া পৰিয়ালৰ মহিলাই নাৱেৰেই হস্পিতাললৈ আহে," ফাতিমাই কয়। "ধুমুহাৰ সময়ত সেই যাত্ৰা বৰ বিপদসংকূল হৈ পৰে। যোৱা বছৰ ধুমুহাত মানুহভৰ্তি নাও এখন কাথখালিৰ ওচৰতে ডুবিছিল। কেবাজনো মানুহ মৰিছিলো।"

ফাতিমাৰ সংগ্ৰামে সুন্দৰবন এলেকাত প্ৰসূতিয়ে সমুখীন হৈ অহা সমস্যাৰ কথাই প্ৰতিফলিত কৰে। আৰু এয়া সকলোধৰণৰ চিকিৎসাৰ ক্ষেত্ৰত সঁচা- এই দ্বীপহেন এলেকাত থকা প্ৰায়ভাগ মানুহৰ বাবে চিকিৎসা সেৱা পোৱাটো একপ্ৰকাৰ কষ্টসাধ্য কাম।

সুন্দৰবনখনত যেনেতেনে চলি থকা উপ স্বাস্থ্য কেন্দ্ৰহে আছে- আৰু এয়াই সামূহিকভাৱে চৰকাৰৰ প্ৰাথমিক স্বাস্থ্য সেৱাৰ ব্যৱস্থাৰ সৈতে মানুহৰ যোগাযোগৰ প্ৰথমটো উপায়। প্ৰত্যেকটো উপ-স্বাস্থ্যকেন্দ্ৰই ৫ হাজাৰ মানুহ সামৰি ল'বলগা হয়। চাউথ ২৪ পাৰাগানাচ জিলাৰ পশ্চিম শ্ৰীপাটিনগৰ আৰু পূৰ্ব শ্ৰীপাটিনগৰ গাঁৱত মুঠ জনসংখ্যা প্ৰায় ৯৫০০ (২০১১ চনৰ লোকপিয়ল মতে)। এই সংখ্যা দিনে দিনে বাঢ়িছে- এতিয়া প্ৰায় ১০ হাজাৰৰো অধিক লোকে তেওঁলোকৰ বেমাৰ-আজাৰৰ ক্ষেত্ৰত দুটা সুবিধাবিহীন উপ-স্বাস্থ্যকেন্দ্ৰ আৰু স্থানীয়ভাৱে 'ডাক্তৰ' বুলি দাবী কৰা কেইজনমান লোকৰ ওপৰত নিৰ্ভৰ কৰি চলিব লগা হয়।

ইযাৰ ফলতে সুন্দৰবনৰ পশ্চিম শ্ৰীপাটীনগৰৰ দৰে দূৰণিবটীয়া গাওঁবোৰত ভ্ৰাম্যমাণ চিকিৎসা সেৱাৰ গোট আদিৰ ওপৰতে ঘাইকৈ নিৰ্ভৰ কৰাৰ বাদে উপায় নাথাকে। ইয়াৰে কিছুমান গোট আকৌ নাৱৰ ওপৰতে চলে। আমি সাক্ষাত কৰিবৰ দিনা কেইজনমান ৰুগ্ন আৰু অসুস্থ লোকে খালি কোঠা এটা ঘেৰি আছিল। সিদিনাৰ বাবে সেই ভিৰৰ মাজত থকা কোঠাটোৱে ক্লিনিক হৈ পৰিছিল। চিবুৱা নৈৰ ওপৰেৰ দুই ঘণ্টাৰ বাট বাই অহাৰ পিছত চিকিৎসা সেৱাৰ দল এটা ইয়াত উপস্থিত হৈছেহি। আজি মঙলবাৰ- এই গাঁওখন গোটটোৱে সাক্ষাৎ কৰাৰ বাবে নিৰ্ধাৰিত এই দিনটো।


02-IMG_3194-US-In emergencies we are really stranded.jpg

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ এক অংশ হিচাপে চলা ভ্ৰাম্যমান চিকিৎসা গোট এটাই সুন্দৰবনৰ পানীত চৰিছে

এই ভ্ৰাম্যমান ক্লিনিকখন ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ এক অংশ। চাউথাৰ্ন হেলথ ইমপ্ৰুভমেণ্ট সমিতি চমুকৈ এছএইছআইএছ আৰু অইন বেচৰকাৰী সংগঠনে পশ্চিম শ্ৰীপাটীনগৰ আৰু পূৰ্ব শ্ৰীপাটিনগৰৰ উপৰিও সুন্দৰবনৰ ভালেমান এলেকাত দুটাকৈ চৰকাৰী উপ-কেন্দ্ৰই সামৰিব নোৱাৰাখিনিৰ বাবে চিকিৎসা সেৱা পৰিচালনা কৰে।

এনেকুৱা ১০ টামান ভ্ৰাম্যমান গোটে সুন্দৰবনত কাম কৰে আৰু দ্বীপবোৰত মুঠ জনসংখ্যা ৪৪ লাখ। কিন্তু গাঁৱৰ প্ৰায়ভাগেই এই অস্থায়ী ক্লিনিকলৈ অহাটোৱে পচন্দ কৰে। কিয়নো উপস্বাস্থ্য কেন্দ্ৰলৈ যাবলৈ বহুদুৰ দুৰ্গম বাট পাৰ হ'ব লাগে আৰু গৈ পালেও তাতে প্ৰায়ে যোগ্যতাসম্পন্ন ডাক্তৰৰ অভাৱ দেখা যায়।

পশ্চিম শ্ৰীপাটীনগৰত আশা দাসে এটা কোঠাৰ সাপ্তাহিক ক্লিনিকখনলৈ অহাৰ বাবে ঘৰৰ পৰা খোজ কাঢ়িবলগা হয়। ইটাৰে সজা জৰাজীৰ্ণ বাটত সুৰ্যৰ প্ৰখৰ ৰ'দত ৰুগীয়া অৱস্থাত খোজ কঢ়াটো তেনেই কঠিন হৈ পৰে। চিকিৎসা সেৱা লাভ কৰাৰ ক্ষেত্ৰত তাই সমুখীন হোৱা অসুবিধাসমূহৰ বিষয়ে কয়- "এছএইছআইএছৰ দৰে সংস্থাই সপ্তাহটোত এদিন কি দুদিন ক্লিনিক চলায়। বাকী দিনকেইটাৰ বাবে আমি উপ স্বাস্থ্য কেন্দ্ৰ অথবা ভুৱা চিকিৎসকৰ ওপৰতে নিৰ্ভৰ কৰি চলিবলগীয়া হয়। পাথৰপ্ৰতিমাত থকা হস্পিতালখন (চৰকাৰী)লৈ প্ৰায় তিনি ঘণ্টাৰ বাট আৰু সেই ঠাই ঢুকি পাবলৈ অতিকমেও ১০০ টকা খৰছ হয়। আমি অতিকমেও দুখনকৈ নাও আৰু ভান সলাবলগীয়া হয়। বিপদৰ সময়ত আমাৰ সঁচাকৈয়ে আলাই-আথানি হয়।"


03-US-In emergencies we are really stranded.jpg

ভ্ৰাম্যমান এছএইছআইএছ ক্লিনিকত কৰ্মৰত অৱস্থাত নাৰ্ছ বুলু সামন্ত আৰু ফাৰ্মাচিষ্ট পৰেশ চন্দ্ৰ জানা

এছএইছআইএছৰ এজন কৰ্মকৰ্তা দেবজিত মাইতিৰ কোৱা অনুসাৰে ভ্ৰাম্যমান ক্লিনিক সাক্ষাত কৰা প্ৰায়ভাগ মানুহৰে সমস্যাসমূহ হৈছে বাতবিষ, বাতবিষ, সন্ধিবাত, স্পণ্ডিলাইটিছ, লিউকোৰিয়া, খজুৱতি, চৰ্মৰোগ আৰু ফোঁহা। এছএইছআইএছ ক্লিনিকত ৰোগী চোৱা ডাক্তৰ প্ৰশান্ত ৰয়চৌধুৰীয়ে কোৱামতে পানীত লৱণৰ পৰিমাণ অধিক হোৱা বাবেই সুন্দৰবনত বহুৰোগে দেখা দিয়ে।


04-IMG_3227-US-In emergencies we are really stranded.jpg

সুন্দৰবনৰ পানীত অত্যাধিক পৰিমাণৰ লৱণেই বহু ৰোগৰ সৃষ্টি কৰিব পাৰে

তেওঁ নিজেও সুন্দৰবন এলেকাত স্বাস্থ্য সেৱাৰ উপলভ্য নোহোৱাৰ সমস্যাৰ কথা কয়, "ডাক্তৰে ইয়ালৈ আহিবলৈ টান পায়, ইয়াতে টকা বহুত কম আৰু জীৱনটোও সীমাবদ্ধ। কেতবোৰ এলেকাত চৰকাৰে তেওঁলোকক অনুশীলনৰ বাবে ঠাই এটুকুৰাও নিদিয়ে। সিহতে আহিবনো কিয়? সেয়ে স্থানীয় ভুৱা ডাক্তৰে সুন্দৰবনৰ স্থানীয় লোকসকলক অসন্তুষ্টিজনক সেৱা আগবঢ়ায় আৰু কেতিয়াবা তেওঁলোকে থগ-প্ৰৱঞ্চনাও কৰে।"

আৰু এই স্বাস্থ্য সেৱাৰ অসুবিধাবোৰ গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত দুগুণ হয়গৈ। পশ্চিম শ্ৰীপাটিনগৰস্থিত চৰকাৰী উপস্বাস্থ্যকেন্দ্ৰটো এছএইছআইএছ ক্লিনিকৰ পৰা নিচেই ওচৰতে। তাতে দুগৰাকী এএনএম (অগজিলাৰী নাৰ্ছ মিডৱাইফ), মহিলা মণ্ডল আৰু লখি বৰ মণ্ডল ডেস্ক পাৰি বহে। কেন্দ্ৰত ৰোগী পৰীক্ষা কৰাৰ বাবে টেবুল আছে দুখন, কিন্তু বিচনা বা বিদ্যুতসেৱা নাই। ভ্ৰাম্যমান এছএইছআইএছ ক্লিনিকৰ সেৱা থকা সেই আবেলিটোত এজনো ৰোগী তালৈ অহা নাছিল। এএনএম দুগৰাকীয়ে কোৱা মতে, "আমি নিজেই মানুহক এছএইছআইএছ ক্লিনিকত থকাৰ দৰে ভাল যোগ্যতাসম্পন্ন ডাক্তৰক দেখা কৰিবলৈ অনুৰোধ কৰো, বিশেষকৈ যেতিয়া সেই ক্লিনিক দ্বীপটোলৈ আহে।"

উপস্বাস্থ্য কেন্দ্ৰটোত প্ৰসূতিৰ প্ৰসৱৰ আগৰ আৰু পিছৰ সেৱাৰ লগতে সাধাৰণ কেইটামান ৰোগৰহে চিকিৎসা উপলব্ধ। এই কাম কৰে এএনএমকেইগৰাকী, কেইগৰাকীমান আশা (এক্ৰেডিটেড ছচিয়েল হেলথ এক্টিভিষ্ট চমুকৈ আশা) কৰ্মী আৰু এজন পুৰুষ নাৰ্ছে। যাহওক, ইয়াতে প্ৰসূতিৰ প্ৰসৱ কৰোৱা নহয়। লখি বৰ মণ্ডলে কয়, "আমি মহিলাসকলক হস্পিতালত প্ৰসৱ কৰোৱাবৰ বাবে পতিয়ন নিয়াবলগা হয় (দুৰত্ব আৰু খৰছ-অনিহাৰ এই দুটাই মুল কাৰণ)। আনকি তেওঁলোকক পতিয়ন নিওৱাৰ বাবে পঞ্চায়তবোৰে কেতবোৰ কৌশল খটুৱাব লগা হয়। যেনে ধৰক মহিলাই হস্পিতালত সন্তান জন্ম দিলেহে জন্মৰ প্ৰমাণপত্ৰ আৰু ৰেচন কাৰ্ড পাব।"

উপ-স্বাস্থ্যকেন্দ্ৰটোত ধাইমা অৰ্থাত ধাত্ৰী (জন্মৰ সময়ত সহায়কাৰী মহিলা) হিচাপে কাম কৰা হামেদান বিবিৰ বয়স ৫০ পাৰ হৈ গৈছে। তেওঁ যেতিয়া ১৪ বছৰ আগতে কাম কৰিবলৈ আৰম্ভ কৰিছিল, তাইৰ দৰমহা আছিল ২৫ টকা। এতিয়া সেয়া ৫৫০ টকা হৈছে। তেওঁৰ কাম হৈছে প্ৰসূতিক প্ৰসৱ কৰোৱাত সহায় কৰা। তাই কয়, "এএনএম আৰু আশা কৰ্মীয়ে পোৱাৰ দৰে মই ৰঙীন শাৰী কিয় নাপাও? মই বহুত কাম কৰো, কিন্তু তাৰে স্বীকৃতি নাই। মই আনকি দুপৰীয়াৰ আহাৰ অথবা খোৱাৰ পইছাও নাপাও।"


05-IMG_3496-US-In emergencies we are really stranded.jpg

ধাইমাৰ কাম কৰা মৌচুনি দ্বীপৰ বাসিন্দা হামেদান বিবি আৰু তেওঁৰ নাতিনী হোছনাৰা খাতুন

লক্ষিমপুৰ গাঁৱত তিনি মাহ আগতে স্থাপন কৰা এটা সামূহিক প্ৰসৱ কেন্দ্ৰ (কমিউনিটি ডেলিভাৰী চেণ্টাৰ চমুকৈ চিডিচি)ই পৰিস্থিতি কিছু উন্নত কৰিছে। চিডিচিবোৰৰ প্ৰায়ভাগেই বেচৰকাৰী সংস্থাই স্থাপন কৰা আৰু এইবোৰে আনুষ্ঠানিক প্ৰসৱৰ বাবে উৎসাহ যোগায়। চৰকাৰী হস্পিতালৰ লগতে ইয়াতে মহিলাৰ আনুষ্ঠানিক প্ৰসৱ তেওঁলোকে সম্ভৱ কৰি তুলিছে। কিন্তু এতিয়াও সুন্দৰবনত ৫৫ শতাংশ শিশুৰ প্ৰসৱ ঘৰতে হয়। এয়া কলকাতাস্থিত ইণ্ডিয়ান ইনষ্টিটিউট অৱ হেলথ মেনেজমেণ্ট ৰিচাৰ্ছৰ ২০১৪ চনৰ এক অধ্যয়নৰ তথ্য।

মাজে সময়ে স্বাস্য সেৱাৰ অভাৱ পুৰাবলৈ ঠায়ে ঠায়ে শিবিৰ পাতে। মৌচুনি দ্বীপৰ অন্তৰ্গত নামখানা খণ্ডৰ ফৰিদা বাইগে সমাজ উন্নয়ন কেন্দ্ৰৰ উদ্যোগত এখন জৰাজীৰ্ণ স্কুলৰ শ্ৰেণীকোঠাত এনে এটা শিবিৰ পতাত সহায় কৰিছে। ২০১৫ চনত পুঁজি উদং নোহোৱালৈকে এই বেচৰকাৰী সংস্থাটোৱে দৈনিক চিকিত্সা সেৱাও (ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অংশ নহয়) আগবঢ়াইছিল। এতিয়া ছেগা-চোৰোকাকৈহে সংস্থাটোৱে স্বাস্থ্য শিবিৰ পাতে আৰু এইবছৰৰ মে মাহত সংস্থাটোৱে দ্বীপটোত চকুৰ স্বাস্থ্য শিবিৰৰ আয়োজন কৰিছিল।


06-vlcsnap-2016-06-14-16h59m37s101-US-In emergencies we are really stranded.jpg

মৌচুনি দ্বীপত চকুৰ স্বাস্থ্য শিবিৰৰ আয়োজন চলিছে

"গাঁৱৰ লোকসকলে শিবিৰটোৰ কথা জানে কিয়নো পঞ্চায়তৰ ফালৰ পৰা মাইকত সেয়া ঘোষণা কৰা হৈছে," ফৰিদাই কয়। "আমি অসুখত পৰিলে আমাক দাৰিকানগৰ চৰকাৰী হস্পিতাললৈ ৰেফাৰ কৰি দিয়া হয় যিখন ইয়াৰ পৰা প্ৰায় ১৫ কিলোমিটাৰমানৰ বাট। তাতে আকৌ নাও পোৱা নাযায়। কেতিয়াবা হস্পিতালত ডাক্তৰ নাথাকে, কেতিয়াবা অক্সিজেন নাথাকে আৰু কেতিয়াবা তেওঁলোকে চিজাৰিয়ান (প্ৰসৱ) নকৰায়। তেনে অৱস্থাত আকৌ আমাক কাকদ্বীপ হস্পিতাললৈ ৰেফাৰ কৰি দিয়া হয়। সেইখন আকৌ তাৰপৰা ৩৫ কিলোমিটাৰৰ দুৰৈত। গৰ্ভৱতী মহিলাই কাকদ্বীপলৈ সেই দুৰ্গম পথ আৰু ধাৰাল সোঁত পাৰ হৈ যাবলগা হয়।"

আৰু যেতিয়া ইয়াৰে কোনো এখন হস্পিতালেই কাম নাহে, তেতিয়া দ্বীপটোৰ লোকসকলে ডায়মণ্ড হাৰ্বাৰ আৰু কলকাতাৰ ডাঙৰ হস্পিতাললৈ যাবলগা হয়। ইয়াৰ বাবে ৫-৬ ঘণ্টাৰ বাট অতিক্ৰম কৰিবলগীয়া হোৱাৰ উপৰি খৰছো অধিক হয়।

এছএইছআইএছৰ স্বাস্থ্য কাৰ্যসূচীৰ সমন্বয়ক আনৱাৰ আলমৰ মতে চৰকাৰৰ তৰফৰ পৰা সেই দুৰণীবটীয়া ঠাইবোৰ ঢুকি পোৱাটো অসম্ভৱ। ঘটকপুকুৰস্থিত তেওঁৰ কাৰ্যালয়ত মোৰ সৈতে কথা পতাৰ সময়ত তেওঁ কয়, "তেওঁলোকে কিমান ঢুকি পাব? সেয়া কৰাৰ বাবে পুঁজিৰো অভাৱ হয়। ভ্ৰাম্যমান চিকিৎসা গোট বা চিডিচি আদি ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ সহযোগত চলা অনুষ্ঠান। স্বাস্থ্য সেৱা প্ৰদান কৰিবপৰা এই বেচৰকাৰী সংস্থাবোৰৰ সহযোগৰ ওপৰত চৰকাৰে বাৰুকৈয়ে নিৰ্ভৰ কৰিবলগীয়া হয়।"

দেবজিত মাইটিয়ে কয়, "ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বৰ এই আৰ্হিৰ সংস্থাবোৰ থকা স্বত্বেও চাউথ ২৪ পাৰাগানাচ জিলাৰ সুন্দৰবন এলেকাৰ বহুসংখ্যক লোক কাচিতহে স্বাস্থ্য সেৱাৰ আওতাত আহে। নামখানা, খুলতালি, পাথৰপ্ৰতিমা, ৰাইদীঘি, গোচাবা, বসন্তি আদিকে ধৰি নৰ্থ ২৪ পাৰাগানাচ জিলাৰ বহু অংশই ইয়াৰ উদাহৰণ।"

কিন্তু বায়েৰমাৰি চিডিচিৰ ডাক্তৰ নীলমাধৱ বেনাৰ্জিৰ মত ভিন্ন। তেওঁৰ মতে "কিমান দিন আপুনি জৰাজীৰ্ণ পথ আৰু উত্তাল নৈক দোষ দিব?" তেওঁ সোধে। "এই অৱস্থা কেৱল সুন্দৰবনতে নহয়। এয়া মাত্ৰ অজুহাতহে। গ্ৰামীণ এলেকাত ডাক্তৰে সমুখীন হোৱা সমস্যাকে ধৰি স্বাস্থ্য সেৱা ব্যৱস্থাৰ প্ৰত্যেকটো স্তৰতে থকা সমস্যাসমুহৰ প্ৰতি চকু দিয়াৰ প্ৰয়োজন আহি পৰিছে।"


07-IMG_3492-US-In emergencies we are really stranded.jpg

মৌচুনি দ্বীপত ৰোগীয়ে ডাক্তৰক দেখা কৰাৰ বাবে পাল পাতি ৰৈছে

এই সময়তে সুন্দৰবনৰ লোকসকলে নিজৰ স্বাস্থ্য আৰু জীৱন-মৰণৰ খেল খেলিছে।

অনুবাদকঃ ৰশ্মি ৰেখা দাস

Urvashi Sarkar is an independent journalist and a 2016 PARI Fellow.

Other stories by Urvashi Sarkar