দাদৰৰ এটা ব্যস্ত পদপথত প্ৰতিদিনে পুৱাই পুৱাই শিৱম সিঙে এখন ৰঙা দলিচা পাৰে। পাঁচ ফুট দীঘল আৰু চাৰি ফুট বহল দলিচাখনৰ ওপৰত চাৰিখন প্লাষ্টিক টুল বহায়। ফ্ৰেমত বন্ধোৱা লক্ষ্মী দেৱীৰ ফটো এখন তেওঁ এখন টুলত ৰাখে আৰু ঢুপকাঠি জ্বলায়।

তেওঁৰ দোকানখন লগোৱা ঠাইতে থকা আহত গছজোপাৰ ডাল এটাত এখন বেনাৰ আঁৰি থোৱা আছে- তাতে লিখা আছে 'শিৱম মেহেন্দী আৰ্টিষ্ট'। বেনাৰ আৰু টুলত থকা বিভিন্ন ফটো এলবামবোৰত মেহেন্দীৰ ছবি ৰাখি থোৱা আছে। হাত আৰু ভৰিৰ মেহেন্দীৰ ছবি। শিৱমে তাৰপিছত প্ৰথমজন গ্ৰাহকে পচন্দ কৰা ডিজাইনটোলৈ বাট চাইছে- ফুল, পেইচলে, ঘুৰণীয়া ডিজাইন আদি, কেতিয়াবা আকৌ গ্ৰাহকৰ হাত দেখিও তেঁও নতুন ডিজাইন আকিবলৈ উত্হাসিত হয়। "কোনোবা আহিব…" দিনটোক লৈ আশাবাদী শিৱমে কয়। 

২০০ মিটাৰমান আতৰত শিৱ নায়কেও ৰানাদে ৰোডত দোকান বহুৱাইছে, সেয়া চেণ্ট্ৰেল মুম্বাইৰ দাদৰ চাবআৰ্বান ৰেলৱে ষ্টেছনৰপৰা বেছি দুৰৈত নহয়। হেনাৰ পেষ্টেবোৰ প্লাষ্টিকৰ শংকু আকৃতিৰ টোপোলাবোৰ ভৰাই তেওঁ দিনটোৰ বাবে প্ৰস্তুতি চলাইছে। তেঁওলোকে দোকান বহুওৱা ফুটপাথকেইটা অতি ব্যস্ততাপূৰ্ণ। কামৰ সন্ধানত বিভিন্ন ঠাইৰপৰা আহি থিতাপি লগা ভালেমান বেপাৰীয়ে ভিন ভিন সামগ্ৰী আৰু সেৱা লৈ তাতে বহিছে। ফুলৰ বেপাৰীজন চোলাপুৰৰ, আ-অলংকাৰ মেৰামতি কৰাজন লক্ষ্ণৌৰ, জোতা বিক্ৰী কৰাজন কলকাতাৰ আৰু আইচক্ৰীম বিক্ৰী কৰাজন ৰাজস্থানৰ।

PHOTO • Samyukta Shastri

ৰাহকৰ অপেক্ষাত চেণ্ট্ৰেল মুম্বাইৰ ৰানাদে ৰোডৰ নিজৰ অস্থায়ী মেহেন্দীৰ দোকানখনত শিৱা নায়ক

শিৱ আৰু শিৱমে তেওঁলোকৰ অস্থায়ী দোকানত আন মেহেন্দীৱালাৰ দৰে প্ৰায় ১০ ঘণ্টামান বহে। শিৱাৰ অনুমানত সেই এলেকাটোত ৩০ জনমান মেহেন্দীৱালা আছে, কেউজনেই পুৰুষ। "ছোৱালীতকৈ লৰাবোৰ মেহেন্দীৰ কামটোত দ্ৰুত। ছোৱালীবোৰৰ পাৰ্লাৰ আছে (মেহেন্দীৰ কাম কৰাৰ বাবে)। লৰাবোৰেই এই ব্যৱসায় পাতিছে। ছোৱালীয়ে ফুটপাথত বহিব নোৱাৰে…" শিৱমে কয়।

অইন মেহেন্দীৱালা বা মেহেন্দী শিল্পীৰ দৰেই চহৰখনৰ উপনগৰীয় অঞ্চলত থিতাপি লোৱা শিৱা আৰু শিৱমো প্ৰব্ৰজনকাৰী, দুয়োজনৰেই ঘৰ উত্তৰ প্ৰদেশত। ১৯ বৰ্ষীয় শিৱমে আলিগঢ় জিলাৰ গাৱানা টেহচিলৰ অন্তৰ্গত জামা গাঁও ছবছৰ আগতেই এৰিছিল। "মোৰ বয়স তেতিয়া আঠ কি ন বছৰ আছিল যেতিয়া মই গাওঁ এৰিছিলো," তেওঁ কয়। ঘৰত উপাৰ্জন কৰা কোনো নাছিল- মোৰ ককাইদেউ দুয়োজনেই বিয়া পাতি বেলেগকৈ থাকিব লৈছিল।"

অৱশ্যে মুম্বাইলৈ ঢাপলি মেলাৰ আগেয়ে শিৱমে দিল্লীৰ মামাকৰ ঘৰত থাকি মেহেন্দী ডিজাইনৰ কৌশল শিকিছিল। "প্ৰায় ২-৩ মাহ ধৰি গোটেই দিনটো মই কাৰ্ডবৰ্ডত অনুশীলন কৰিছিলো। এবাৰ মোৰ নিজৰ ওপৰত বিশ্বাস জন্মাৰ পিছত তেওঁলোকে মোক গ্ৰাহকৰ হাতত আকিবলৈ দিছিল।" সৰু ৰেষ্টুৰেণ্টত কাম কৰি, ট্ৰেক্টৰ-কাৰ আদি চলাই উপাৰ্জন কৰি আহি শেষত শিৱম মুম্বাইত উঠে। 

২০ বৰ্ষীয় শিৱাই ফিৰোজাবাদ জিলাৰ টুণ্ডলা টেহচিলৰপৰা ১০ বছৰ আগতেই মুম্বাইলৈ আহিছিল। মেহেন্দীৰ ব্যৱসায়ত নমাটো তেওঁৰ বাবে তেনেই স্বাভাৱিক আছিল। "গোটেই গাওঁখনেই সেয়া কৰিছিল," তেওঁ কয়। "মই ইয়ালৈ আহি মোৰ ভাইটোৰ পৰা এয়া শিকিছিলো, মোৰ ভাইটোৱে আকৌ খুলশালীৰপৰা সেয়া শিকিছিল। এয়া আমাৰ পৰিয়ালৰ পৰম্পৰাগত জীৱিকা। প্ৰত্যেকেই এয়া কৰে।"

মুম্বাইত মেহেন্দীৰ দোকান থকা শিৱাৰ ভায়েক কুলদীপে কয়, "অইন ল'ৰা-ছোৱালীয়ে বিদ্যালয়লৈ পঢ়িবলৈ যোৱাৰ দৰেই আমাৰ গাঁৱৰ ল'ৰা-ছোৱাৱীবোৰে এয়া শিকে। গ্ৰাহকে যিয়ে বিচাৰে আমি সেয়াই আকিব পাৰো।" তাৰপিছত তেওঁ ঝুনঝুনাবলৈ আৰম্ভ কৰিলে, "যিকোনো শৈলী- আৰবী, বম্বে ষ্টাইল, মাৰৱাড়ী, ইণ্ডো-আৰবী, ইণ্ডো-ৱেষ্টাৰ্ণ, ডুবাই…যিকোনো।" 

মেহেন্দী শিল্পী হিচাপে মুম্বাইলৈ অহাটো লাভজনক হৈছে। "আগতে ক'তনো পইছা আছিল?" শিৱমে সোধে। "আমি ওলাই আহি আৰ্জিবলৈ ধৰিলেহে টকাৰ মুখ দেখো। গাঁৱত আপুনি শ্ৰমিকৰ কাম কৰি মাত্ৰ ২০০ কি ৩০০ টকাহে পাব। দিল্লীত মই গাড়ীচালক হিচাপে ৭-৮ হাজাৰ টকা উপাৰ্জন কৰিছিলো। এতিয়া মই ৩০ ৰপৰা ৫০ হাজাৰ টকা মাহে উপাৰ্জন কৰো।"

PHOTO • Samyukta Shastri

শিৱম সিঙৰ (সোঁফালে) প্লাষ্টিক টুলবোৰত মেহেন্দীৰ ডিজাইনবোৰ, তাৰে তলত লক্ষ্মী দেৱীৰ ফটো 

শিৱমে বিয়াৰ কামত মেহেন্দী আকি আয় কৰে। "ইয়াতে (ৰাস্তাত) আমাৰ ৮০০ ৰপৰা ২০০০ মান আয় হয়, দিনটোত আমি ৫ ৰপৰা ১০ জনমান গ্ৰাহক পাও। পাঁচজন আহিলে আমাৰ আয় (আমাৰ আটাইতকৈ কম আয়) ১০০০/১৫০০ মান হয়। গ্ৰাহকে ঘৰলৈ মাতিলে (মেহেন্দীৰ বাবে) আমি অতিকমেও ১০০০ মান টকা আয় হয়।"

জয়পুৰৰ তেওঁৰ খুড়াক মনোজেও দাদৰ ইষ্টত মেহেন্দীৰ দোকান দিয়ে আৰু শিৱমক দেখা কৰিবলৈ আহিছে। "প্ৰতিজন গ্ৰাহকে এখন হাতৰ বিনিময়ত ৫০০ মান টকা দিয়ে। দৰ ১০০ মান টকাৰপৰা আৰম্ভ হয়। কিন্তু কোনোৱে সেয়া নকৰে। প্ৰত্যেকেই ৩০০ ৰপৰা ৪০০ টকাৰ কৰে। কইনাৰ মেহেন্দী ৫ হাজাৰ টকাৰপৰা আৰম্ভ হয়।" 

কিন্তু কেৱল পইছায়ে এই ব্যৱসায়টোলৈ হেনা শিল্পীসকলক আকৰ্ষিত নকৰে। শিৱমে এই স্বাধীনতা ভাল পায়, তেওঁ কাকো উত্তৰ দিব নালাগে। মনোজে নিজৰ ইচ্ছামতে ঘুৰি ফুৰিবলৈ ভাল পায়। তেওঁ কাচিতহে নিজৰ দোকানত বহে। ওচৰে-পাজৰে বন্ধুবৰ্গক লগ কৰি তেওঁ ঘুৰি ফুৰে। "মই মুম্বাইত আজি ৪-৫ বছৰমান আছো," তেওঁ কয়। "ইয়াৰ আগেয়ে তামিলনাডুৰ এখন দোকানত কাম কৰিছিলো। আমি ঘুৰি ফুৰিছিলো- তামিলনাডু, মহাৰাষ্ট্ৰ, মধ্য প্ৰদেশ- মই প্ৰায় গোটেই দেশখনেই ঘুৰিছো। যতে মন যায় তাতে যাও। আজি মোৰ সাগৰৰ পাৰলৈ যাবৰ মন, গতিকে যাম…" 

শিৱম আৰু মনোজে সহায়ক নিযুক্তি দিছে। "তেওঁলোকে চায় কেনেদৰে সিহতৰ গাঁৱৰ অইন লোকে আহি এই ব্যৱসায়ত টকা ঘটিছে আৰু সিহতেও ইয়ালৈ আহে," শিৱমে কয়। মনোজে তেওঁৰ সহায়কৰ হাতত দোকানখন চম্ভালাৰ দায়িত্ব দিয়ে আৰু গ্ৰাহকৰ অতিবেছি ভিৰ অথবা হোম অৰ্ডাৰ থাকিলেহে দোকানত ভৰি থয়। 

এই স্বাধীনতাৰ বলতে শিৱমেও সঘনে জামা গাঁৱত থকা তেওঁৰ নিজঘৰলৈ আহিব পাৰে আৰু তেওঁৰ পৰিয়ালৰ ২০ বিঘা মাটি চোৱা-চিতা কৰিব পাৰে। তেওঁ ৰখা ল'ৰাকেইটাক ৫ ৰপৰা ৭ হাজাৰমান টকা মাহে দিয়ে। তেওঁৰ আয়ৰ একাংশ সুৰক্ষাৰ মাচুল বাবদ স্থানীয় প্ৰতিপত্তিশালী লোকৰ হাতত দিবলগা হয়। আন একাংশ ভাৰা হিচাপে দিব লাগে, শিৱমে মনোজৰ সৈতে যুটীয়া কোৱাৰ্টাৰ এটাত থাকে আৰু অইনবোৰে উত্তৰ-পূব মুম্বাইৰ ঘাটকপাৰত থাকে। 

তেওঁৰ আয়ৰ যিখিনি ৰৈ যায়, শিৱমে সেইখিনি ঘৰলৈ পঠিয়ায়। "ইয়াতে টকাৰ কামনো কি (মুম্বাইত)? আমি দস্তুৰমত ঘৰৰ বাবে এয়া কৰি আছো," তেওঁ কয়। "আমি এই টকা কিয় উপাৰ্জন কৰি আছো…ইয়াৰ বাবে নে ঘৰৰ বাবে?" শিৱাই কয়।

PHOTO • Samyukta Shastri

আহত গছজোপাৰ তলত বহি দিনটোক লৈ আশাবাদী হৈ উঠা শিৱমে কয়ঃ 'কোনোবা আহিব…'

ইফালে জামাত শিৱমৰ মাক আৰু ১৫ বৰ্ষীয় অঞ্জুই তেওঁৰ ওপৰতে ভৰসা কৰি চলে। অঞ্জুই ১০ম শ্ৰেণীৰ পঢ়া সমাপ্ত কৰিছে আৰু তেওঁৰ মাকক ঘৰুৱা কামত সহায় কৰে। তাইৰ বিয়াৰ দিনা কোনে মেহেন্দী কৰি দিব বুলি সোধোতে তেওঁ সগৌৰৱে কয় যে তেওঁ নিজেই কৰিব। "নতুবা মোৰ ভাইটোৱে কৰিব. নহ'লে কৰিবনো কোনে?" তেওঁ কয়। "মই ঘৰত থকা সময়ত মেহেন্দীৰ কাম কৰি ভাল নাপাও (জয়পুৰত)। কিন্তু মানুহে বেছি জোৰ কৰিলে কৰি দিও।"

এনেতে শিৱাৰ দোকানত গ্ৰাহক লাগিল। গ্ৰাহকজনে ভতিজাকৰ বিয়াৰ আগতে মেহেন্দী উত্সৱৰ বাবে তেওঁক আহিবলৈ প্ৰস্তাব দিলে। "আপুনি আমাক মেহেন্দীৰ বাবে মুম্বাইৰ যিকোনো ঠাইতে মাতিব পাৰে। মুম্বাইৰ বাহিৰত হ'লে দৰ অলপ অতিৰিক্ত হ'ব।" "আমি সকলো ঠাইলৈ যাও।"

ফটোবোৰঃ সংযুক্তা শাস্ত্ৰী

ৰশ্মিৰেখা দাস এগৰাকী সাংবাদিক তথা অসমীয়া অনলাইন বাতৰিৰ প’ৰ্টেল newsnextone.com ৰ ৱেব এডিটৰ। তেখেতৰ মেইল আইডি হৈছে

Samyukta Shastri

সংযুক্তা শাস্ত্ৰী পিপলচ আৰ্কাইভ অব ৰুৰেল ইণ্ডিয়াৰ বিষয়বস্তু সমন্বয়ক। তেওঁ পুণেস্থিত চিমবায়চিচ চেণ্টাৰ ফৰ মিডিয়া এণ্ড কমিউনিকেশ্যনৰপৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ লগতে মুম্বাইস্থিত এছএনডিটি মহিলা বিশ্ববিদ্যালয়ৰপৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীধাৰী।

Other stories by Samyukta Shastri