অনন্তপুৰ জিলাৰ নাগাৰুৰ গাঁৱৰ খেতিয়কসকলে গাঁওখনত প্ৰচুৰ পানী থকা সিহতৰ সেই অতীতৰ দিনবোৰলৈ মনত পেলায়। ২০০৭ চনৰ সেই দিনবোৰ এতিয়াও সজীৱ, সেয়ে হয়তো সৌ সিদিনাৰ কথা বুলি তেওঁলোকে আলোচনা কৰে। বোধহয় তেওঁলোকে সেই প্ৰাচূৰ্যৰ দিনবোৰ হেৰাই যোৱাটো মানি ল'ব পৰা নাই।

২০০৭ চনমানত, বৃষ্টিপাত কম হ'লেও নাগাৰুৰৰ কাষৰ জলাশয়বোৰ পানীৰে শেষবাৰৰ বাবে ভৰি পৰিছিল। "এন টি ৰামা ৰাওৰ দিনত (অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হৈ থাকোতে) বৰষুণ নিয়মীয়া আছিল। ওৱাই এছ ৰাজশেখৰা ৰেড্ডী শাসনলৈ অহাৰ দিনত (২০০৪ চনৰ মে মাহত শাসনাধিস্থ) প্ৰচুৰ বৃষ্টিপাতৰ ফলত জলাশয়বোৰ পানীৰে উপচি পৰিছিল। আৰু সেয়াই আছিল শেষবাৰ," ৪২ বৰ্ষীয় খেতিয়ক ভি ৰামাকৃষ্ণ নাউডুৱে কয়।

 

PHOTO • Sahith M.

এনটি ৰামা ৰাওৰ দিনত বৰষুণ নিয়মীয়া হৈছিল,' খৰাঙে বিধ্বস্ত কৰা গাঁওখনৰ ভি ৰামাকৃষ্ণ নাইডুৱে কয়


যদিওবা এটা বছৰত বৰষুণ নহ'লে তাৰে পিছৰ বছৰত বৰষুণ হৈছিল আৰু এনেদৰে জলাশয়-নাদ আদিৰ লগতে জলস্তৰো পুৰ্তি হৈছিল। কিন্তু দিন একে নাথাকিল। ২০১১ চনৰ আগতে কিছুবছৰলৈ নাগাৰুৰত (ভূমি জল আৰু জল গণনা বিভাগ, অনন্তপুৰৰদ্বাৰা লিপিবদ্ধ কৰা) বাৰ্ষিক বৃষ্টিপাত ৭০০ ৰপৰা ৮০০ মি.মি. হৈছিল। কিন্তু ২০১১ চনৰ জুন মাহৰ পিছত গাঁওখনত সৰ্বাধিক বৃষ্টিপাত ৬০৭ লৈ নামে (২০১৫ চনৰ জুন মাহৰ পৰা ২০১৬ চনৰ মে মাহলৈ) আৰু অইন বছৰবোৰত ৪০০ ৰপৰা ৫৩০ মি.মি. হয়গৈ।

যাহওক, অনন্তপুৰ জিলাৰ ৭৫০ খনমান গাঁৱত পানী ক্ৰমান্বয়ে কমি অহাৰ পৰিঘটনাৰ সুত্ৰপাত নব্বৈৰ দশকৰ আৰম্ভণিৰ ভাগতে হৈছিল। সেই দশকটোতে ২৩০০ জনসংখ্যাৰ নাগাৰুৰ গাঁৱৰ খেতিয়কসকলে পৰম্পৰাগত শস্য যেনে জোৱাৰ আৰু নেমু আদিৰ পৰিৱৰ্তে বাদাম, কমলা আদিৰ দৰে নগদ শস্যৰ খেতি আৰম্ভ কৰে। "সেয়াই একপ্ৰকাৰৰ পৰম্পৰা হৈ পৰে, মানুহে এই শস্যবোৰৰ খেতি বেছিকৈ কৰিবলৈ লয় কিয়নো ইয়াতে লাভ বেছি," সুনিল বাবু নামৰ খেতিয়কজনে কয়।


PHOTO • Sahith M.

কে শ্ৰীনিবাচুলু আৰু তেওঁৰ পৰিয়ালে তলিত লগা বৰৱেলবিলাকৰ নামতে ১০ লাখৰো অধিক টকা ব্যয় কৰিছে, ইয়াৰে জলসিঞ্চনৰ পাইপৰ নামতেই খৰছ হৈছে ২ লাখ।


বৃষ্টিপাত কমি অহাৰ সমান্তৰালকৈ গঢ়ি উঠা অধিক পানী শোষণকাৰী নগদী শস্যৰ খেতিৰ নতুন ধাৰাই নতুন বৰৱেল খন্দোৱাৰ ফলত ভূপৃষ্ঠৰ তলতে থকা জলস্তৰ ক্ৰমে তললৈ নামি গৈছে। "চল্লিশ বছৰ আগতে, তাতে কোনো গাতেই নাছিল (বৰৱেল)। তাতে কেৱল আমি খন্দা কুঁৱাবোৰহে আছিল (সিবোৰ আমি নিজে খান্দিছিলো)। আমি দহ ফুটমান খান্দিলেই পানী পাইছিলো," সুনিল বাবুৰ পিতৃ ৭০ বছৰ বয়সৰ খেতিয়ক কে শ্ৰীনিবাচুলিয়ে ৰোমন্থন কৰি কয়।

কিন্তু জিলাখনৰ ভুজল আৰু জল গণনা বিভাগে ১৯৭২ চনৰ পৰা ৰখা হিচাপৰপৰা দেখা গল যে পানীৰ স্তৰ ক্ৰমে নামি গৈছে। প্ৰতিবছৰে ভুজল চাৰ্জ নোহোৱাৰ ফলত বৰৱেলবোৰ ৬০০ ৰপৰা ৭০০ ফুটলৈ খান্দিবলগা হয়। আনকি নাগাৰুৰৰ কিছুমান খেতিয়কে কোৱামতে তেওঁলোকে ১০০০ ফুট তললৈ খান্দিও পানী পোৱা নাই।

এনেদৰে বৰৱেল বৃদ্ধি পোৱাৰ লগে লগে ভুজলৰো অৱনমন ঘটিছে। তদুপৰি মুক্ত নাদবোৰো শুকাই গৈছে। এয়া এমএছ স্বামীনাথান ৰিচাৰ্ছ ফাউণ্ডেছনৰ ২০০৯ চনৰ এক অধ্যয়নত কোৱা হৈছে। "অনন্তপুৰ জিলাৰ ৬৩ টা মণ্ডলৰ ১২ টাই ভুজল ব্যৱহাৰৰ ক্ষেত্ৰত 'নিৰাপদ' বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে।"


PHOTO • Sahith M.

নাগাৰুৰত ভুজলৰ কিমান গভীৰতাত পানী পাব পাৰি তাৰে গ্ৰাফ- এয়া ২০০১-০২ চনৰ ১০ মিটাৰৰপৰা ২০১৭ চনৰ ২৫ মিটাৰলৈ দেখা গৈছে। গভীৰতা কমা দুই-এটা বছৰ দেখা গৈছিল, কিন্তু গঢ় হিচাপত গভীৰতা বাঢ়ি গৈ আছে (উত্সঃ ভুজল আৰু জল গণনা বিভাগ, অনন্তপুৰ)োফালেঃ কে শ্ৰীনিবাচুলুয়ে তেওঁৰ পামৰে পানী নোহোৱা বৰৱেলৰ মুখখন দেখুৱাইছে


শ্ৰীনিবাচুলুয়ে তেঁওৰ ন একৰ মাটিত আঠোটাকৈ বৰৱেল খন্দাইছে আৰু প্ৰতিটো বৰৱেলতে ১ লাখ টকা খৰছ হৈছে। তেওঁ আৰু তেওঁৰ তিনিজন পুতেকে ব্যক্তিগতভাবে মুঠ প্ৰায় ৫ লাখ টকামানৰ ধাৰ লৈ থৈছে। এতিয়া তেওঁলোকৰ এটা বৰৱেলহে কাৰ্যক্ষম হৈ আছে। সেইটো তেওঁলোকৰ পামৰপৰা দুই কিলোমিটাৰমান দুৰৈত আৰু সেই পানী তেওঁলোকৰ পথাৰলৈ অনাৰ বাবে ২ লাখমান টকাৰ অতিৰিক্ত ব্যয় কৰিবলগা হৈছে। "মৰিবধৰা শস্যৰ পথাৰখন বচোৱাৰ বাবেই আমি ইচ্ছা কৰি এয়া কৰিছো," শ্ৰীনিবাচুলুয়ে কয়।

শ্ৰীনিবাচুলুৰ দৰে বহুকেইজন খেতিয়কে একাধিক কুঁৱা খান্দি ভাগ্য পৰীক্ষা কৰাইছে। ২০১৩ বৰ্ষৰ শেষৰফালে জিলাখনত ২ লাখৰো অধিক বৰৱেল আছিল- ডক্টৰ ওৱাই ভি মাল্লা ৰেড্ডীয়ে তেওঁৰ কিতাপ 'অনন্ত প্ৰস্থানম' নামৰ গ্ৰন্থখনত এই হিচাপৰ কথা লিখিছে। অনন্তপুৰস্থিত এচিয়ন ফ্ৰেটাৰ্ণা ইকলজি চেণ্টাৰত (Accion Fraterna Ecology Centre) সঞ্চালক হিচাপে কাম কৰা ৰেড্ডীয়ে লিখিছে-"সেই ২ লাখৰো অধিক বৰৱেলৰ ৮০ হাজাৰমানেই ২০১৩ চনৰ গ্ৰীষ্মকালত শুকাই গৈছে বুলি আমি গম পাও।"   

২০১৭ চনত বৰৱেলৰ সংখ্যা বাঢ়ি গৈ ২.৫ লাখ হৈছেগৈ। ৰেড্ডীয়ে এই প্ৰতিবেদকজনক কয়। "বিষয়াসকলে (ভুজল বিভাগৰ) কোৱামতে মুঠ বৰৱেলৰ ২০ শতাংই কাম কৰি থকাৰ বিপৰীতে ৮০ শতাংশৰেই কাম নাইকিয়া হৈ পৰিছে।"


PHOTO • Sahith M.

নাগাৰুৰত বেয়া হোৱা এটা বৰৱেল আৰু সেয়া ঢাকিবলৈ ব্যৱহাৰ কৰা শিলটো

সেই ৮০ শতাংশতে ৰামাকৃষ্ণ নাইডুৰ দুটা বৰৱেলো আছে। তেওঁৰ ৫.৫ একৰ মাটিত ২০০০ চনতে কৰা তিনিটাকৈ বৰৱেল অকামিলা হৈ পৰে। এতিয়া মাত্ৰ এটা বৰৱেলতে পানী আছে। "২০১০-১১ চনমানৰ পৰা মই ঋণ ল'বলৈ আৰম্ভ কৰিলো। তাৰ আগতে গছো আছিল আৰু পৰ্যাপ্ত পানীও আছিল। তেতিয়া একো ধাৰো নাছিল," নাইডুৱে কয়। এতিয়া তেওঁৰ বিভিন্ন সুতখোৰৰ পৰা লোৱা ২.৭০ লাখমান ধাৰ আছে আৰু খেতি-বাতিৰ পৰা হোৱা আয়ৰ পৰা তেওঁ মাত্ৰ সেই ধাৰৰ সুতৰ ২ শতাংশহে সুজিব পাৰে। "মই ৰাতি টোপনি যাব নোৱাৰো। সেই সুতখোৰকেইজনৰ কথা মনলৈ আহে। কাইলৈ কোনেবা মোক ধন সাধিবলৈ আহে। গাঁৱত কোনেবা লাজ দিয়ে? "

ধাৰ থকাৰ উপৰিও একাধিক বৰৱেল আৰু পানী তথা ধাৰৰ লানি নিচিগা চিন্তাৰ মাজতো যদি খেতিয়ক এজনে ভাল শস্য পায়, তথাপি সেয়া অনন্তপুৰৰ বজাৰত ভাল দাম পাব বুলি আশা কৰিব নোৱাৰি। বজাৰৰ দৰ তল-ওপৰ হোৱাৰ বাবেই খেতিয়কসকল অনিশ্চয়তাত পৰে। তেওঁৰ বৰৱেলৰ পানী ব্যৱহাৰ কৰিয়ে এপ্ৰিল মাহত নাইডুৰ কুঁহিয়াৰ খেতি ভাল হৈছিল। তেওঁ ভাল মুনাফা লাভৰ আশা কৰিছিল। "শস্য কটাৰ দহ দিন আগতে, কিলোৱে প্ৰতি দাম ১৪-১৫ টকাৰ পৰা নামি ১ টকালৈ নামিল," তেওঁ ক'লে। "মই আনকি বীজ কিনোতে হোৱা খৰছখিনিও ঘুৰাই নাপালো। মই শস্যখিনি ছাগলীক খুৱাই দিলো।"


PHOTO • Sahith M.

জি শ্ৰীৰামচুলুৱে তেওঁৰ ছয় একৰ মাটিৰ ছয়টা বিকল বৰৱেলৰ এটাৰ কাষত থিয় হৈছে  

"বিলাহীৰ দামে পোৱা নাযায়।" ২০১৬ চনৰ ডিচেম্বৰ মাহত বৰৱেলৰ পানীৰে খেতি ভাল হোৱাৰ পিছতো লোকচানৰ সমুখীন হোৱা ডি শ্ৰাৰামুলুয়ে কয়। ছয় একৰ মাটিত থকা ছয়টাকৈ বৰৱেল বিকল হোৱা খেতিয়কজন শ্ৰীৰামুলু। গাঁৱৰ কাষতে থকা শ্ৰী চাই টিফিন হোটেলত চাহত চুমুক দিয়াৰ মাজতে বৰৱেলৰ কথা পাতিছে। পুৱা ৭.৩০ বজাত সাধাৰণতে ঠাইখন গ্ৰাহকেৰে ঠাহ খাই থাকে। কিন্তু প্ৰায়ভাগ খেতিয়কেই অথলে যোৱা খেতি পথাৰখনত সময় কম দিছে আৰু বহুতেই নিৰ্মাণ খণ্ডৰ কামত অথবা এমএনৰেগাৰ কামত দিন হাজিৰা কৰিবলৈ ওলাইছে। চাহৰ দোকানখন কে নাগাৰাজুৱে চলায়। তেওঁ ২০০৩ চনত কুমাৰৰ কাম কৰিছিল। "প্ৰাৰম্ভিক অৱস্থাত আমি দিনে ২০০-৩০০ টকা মানহে ঘটিছিলো। এতিয়া দিনে ১০০০ মান পাও," তেওঁ কয়।

খেতিয়কসকলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনীতিৰ পৰা আৰম্ভ কৰি বৰৱেল খন্দাত তেওঁলোকৰ ভাগ্য আৰু তেওঁলোকৰ ধাৰৰ কথাও কয়। "এটা সময়ত, দলবোৰ গাঁৱৰ ৰাজনৈতিক মুৰব্বীবোৰৰ হাতত আছিল। এতিয়া আমি গংগামা (মানে পানী)ৰ পাৰ্টিত আছো," এজন গ্ৰাহকে ব্যংগ কৰি কথাষাৰ ক'লে। মানে গাঁৱত হাই-কাজিয়া আদি হ'লে পুলিচৰ হাতৰপৰা সাৰিবলৈ খেতিয়কে ধন ব্যয় কৰিছিল, কিন্তু এতিয়া সোপাকে পানীত খৰছ হৈ যায়।


PHOTO • Sahith M.

নাগাৰুৰৰ শ্ৰী চাই টিফিন হোটেলৰ বাহিৰত, প্ৰায়ভাগ গ্ৰাহকেই খেতিয়ক, তেওঁলোকৰ খেতি উচন হোৱাৰ বাবেই দিনহাজিৰা কৰিবলৈ ওলাইছে। 

আৰু প্ৰতিবছৰে পানী কমি অহাৰ ফলত জীৱিকা হিচাপে কৃষিৰ মোল কমিছে। বহুতে কোৱা মতে কোনেও নাগাৰুৰ গাঁৱত এতিয়া নিজৰ জীয়েকক খেতিয়কৰ তালৈ বিয়া নিদিয়ে। "আমাৰ গাঁৱৰে এজনী ছোৱালীক মই বিয়া পাতিবলৈ মন মেলিছিলো," নাইডুৱে কয়। "কিন্তু তাইৰ পৰিয়ালে পাং পাতিলে যে হায়দৰাবাদ বা আন ক'ৰবাত প্ৰাইভেট কোম্পানীত কাম কৰিলেহে তেওঁলোক সৈমান হ'ব। তেওঁলোকে খেতিয়কৰ ঘৰলৈ নিজৰ জীয়ৰীক বিয়া দিব নিবিচাৰে।"

নাইডু অধিবক্তা হব বিচাৰিছিল। "সেয়া ভাল জীৱন হ'লহেঁতেন। মানুহবোৰক মই ন্যায়বিচাৰ কৰি দিব পাৰিলোহেঁতেন," তেওঁ কয়। কিন্তু পাৰিবাৰিক কন্দলৰ বাবেই তেওঁ স্নাতক পৰ্যায়ৰ পঢ়া-শুনা এৰি খেতি-বাতিত লাগিবলগীয়া হ'ল। তেওঁৰ বয়স এতিয়া ৪২, অবিবাহিত, আৰু মনত ভালেমান অপুৰ্ণ সপোন।


ৰশ্মিৰেখা দাস এগৰাকী সাংবাদিক তথা অসমীয়া অনলাইন বাতৰিৰ প’ৰ্টেল newsnextone.com ৰ ৱেব এডিটৰ। তেখেতৰ মেইল আইডি হৈছে

Sahith M.

চাহিথ এমঃ চাহিথ এম হায়দৰাবাদ চেন্ট্ৰেল ইউনিভাৰ্ছিটিৰ ৰাজনৈতিক বিজ্ঞান বিষয়ৰ এমফিলৰ ছাত্ৰ।

Other stories by Sahith M.
Rahul M.

ৰাহুল এমঃ ৰাহুল এম অন্ধ্ৰপ্ৰদেশৰ অনন্তপুৰৰ এগৰাকী মুক্ত সাংবাদিক আৰু ২০১৭ বৰ্ষৰ পাৰি ফেল'।

Other stories by Rahul M.