নিশা ১০-৩০ বজাত চিকানপাড়াত জাগৰণ আৰম্ভ হৈছিল। টোলৰ সকলো যেতিয়া শুই পৰিছিল, সনদৰ ঘৰ গীত আৰু মন্ত্ৰোচ্ছাৰণেৰে মুখৰিত হৈ পৰিছিল।

কালু জংগলী বহিছিল প্লাষ্টিকৰ বস্তাৰে তৈয়াৰী এখন কঠৰ ওপৰত। পূজা কৰিবলৈ ওচৰৰ পাংৰি টোলৰ পৰা তেওঁ আহিছিল। ইটা আৰু মাটিৰে নিৰ্মাণ কৰা ঘৰৰ সন্মুখৰ কোঠাত কা ঠাকুৰ আদিবাসী সম্প্ৰদায়ৰ ভালেমান অতিথি গোট খাইছিল। কোনোবা মজিয়াতে বহিছিল, কোনোবা আকৌ প্লাষ্টিকৰ চকীত বহিছিল। বাণী দেৱীক ভক্তিমূলক গীতেৰে গোটেই নিশা পূজা-অৰ্চনা কৰিবলৈ জাগৰণত সকলো অতিথিয়ে যোগদান কৰিছিল। 

কোঠাটোৰ সোঁমাজতে ৫০ বছৰীয়া পূজাৰী কালুৰ পৰিচালিত পূজাৰ সামগ্ৰী ৰখা হৈছে। ইয়াৰ ভিতৰত আছে চাউলৰ গুড়ি, ৰঙা কাপোৰ মেৰিওৱা তামৰ কলহ এটাৰ ওপৰত ৰখা নাৰিকল এটা (স্থানীয় লোকে ইয়াক অ’ৰ্মাল বুলি কয়) আৰু সুগন্ধী ধূপ। 

‘ৰোগী আৰু অপদেৱতাৰ কোপদৃষ্টিৰ ক্ষেত্ৰত যেতিয়া ভগতৰ ঔষধে ক্ৰিয়া কৰিবলৱৈ আৰম্ভ কৰে, তেতিয়া এই চিকিৎসাৰ চূড়ান্ত পৰ্ব হিচাপে এই পূজা-অৰ্চনাৰ ব্যৱস্থা কৰা হয়।’ পূজা-অৰ্চনাত কালুক সহযোগ কৰা চিকানপাড়াৰ পৰম্পৰাগত ৰোগ নিৰাময়ৰ বাবে চিকিৎসা কৰা ভগত জাত্যা দিঘাই কয়। 

Kalu Jangali (left, in a white vest)  had confirmed the diagnosis – Nirmala (centre) had jaundice. But, he said, 'She was also heavily under the spell of an external entity', which he was warding off along with fellow bhagat Jaitya Digha during the jagran ceremony in Chikanpada hamlet
PHOTO • Shraddha Ghatge
Kalu Jangali (left, in a white vest)  had confirmed the diagnosis – Nirmala (centre) had jaundice. But, he said, 'She was also heavily under the spell of an external entity', which he was warding off along with fellow bhagat Jaitya Digha during the jagran ceremony in Chikanpada hamlet
PHOTO • Shraddha Ghatge

জণ্ডিচ ৰোগত আক্ৰান্ত নিৰ্মলা (মাজত)ৰ ৰোগ নিৰ্ণয় নিশ্চিত কৰে কালু জংগলী (বাওঁফালে, বগা গেঞ্জী পৰিহিত)য়ে। চিকানপাড়া টোলত জাগৰণ পৰ্বৰ সহযোগী ভগত জাত্যা দিঘাৰ সৈতে পূজা-অৰ্চনা কৰাৰ সময়ত তেওঁ ইংগিত দিয়ে যে ‘তাইৰ দেহত অপশক্তি বেয়াকৈ লম্ভিছে।’

কালুৰ নিৰ্দেশ মতে মাজে মাজে মূৰ দুপিয়াই আৰু নীৰৱে পুৰণি নীলা ৰঙৰ এটা মেক্সি পৰিধান কৰি গাত এখন শ্বাল লৈ থকা শীণকায়, শেতা পৰা ১৮ বছৰীয়া নিৰ্মলা মজিয়াত বহি আছিল। কালুৱে নিৰ্দেশ দিলে থিয় হয়। ষ্টিলৰ থাল এখনত থকা চাউলৰ গুড়িবোৰ জাত্যাই পৰীক্ষা কৰিলে, ‘নিৰ্মলাক অপশক্তিয়ে আৰু ক্ষতি কৰিব পাৰে নেকি সেই বিষয়ে জানিবলৈ পূৰ্বপুৰুষৰ পৰা উত্তৰ বিচাৰিলে।’ 

এক একৰতকৈও কম কৃষিভূমিৰ গৰাকী ধান খেতিয়ক নিৰ্মলাৰ পিতৃ শত্ৰু সনদে কয়, ‘তাইৰ অতিপাত জ্বৰ উঠিছে, একেবাৰে ভোক নলগা হৈছে আৰু সৰ্বশৰীৰত খুব বিষ হৈছে।’ তেওঁ লগতে কয়, ‘আমি তাইক মোখাড়া গ্ৰাম্য চিকিৎসালয়লৈ লৈ গৈছিলো (ছেপ্টেম্বৰ মাহৰ প্ৰথম ভাগত)। জণ্ডিচ ৰোগ ধৰা পৰিছিল। কিন্তু চিকিৎসালয়ৰ পৰা দিয়া ঔষধে কাম কৰা নাই। তাইৰ অৱস্থা বৰ বেয়া হৈ পৰিছে। তাইৰ দেহৰ ওজন একেবাৰে নোহোৱা হ’ল। টোপনি নহা হ’ল।আৰু তাই খুব ভয় খাই থাকে। সকলো সময়তে তাই অৱশ হৈ থাকে আৰু অনবৰত তাই সন্ত্ৰস্ত হৈ থাকে। তাইৰ গাত অপশক্তি লম্ভিছে বুলি আমি ভয় খাই তাইক কালুৰ ওচৰলৈ লৈ গ’লো।’ 

কেইদিনমানৰ কাৰণে তাইক খাবলৈ দিয়া সুগন্ধী ছাঁই আৰু বনৌষধে ভৰোৱা এটা টেইট (ৰূপৰ তাবিজ) বেজে তাইক দিয়ে বুলি শত্ৰুৱে কয়। ‘সেইটোৱে তাইৰ কামত আহিছে আৰু অপদেৱতাৰ কোপদৃষ্টি যাতে তাইৰ পৰা সম্পূৰ্ণ নোহোৱা কৰিব পাৰি, সেই উদ্দেশ্যে আমি জাগৰণৰ ব্যৱস্থা কৰিছো,’ শত্ৰুৱে কয়। 

কালুৱেও কয় যে নিৰ্মলা জণ্ডিচত আক্ৰান্ত হৈছে। ‘কিন্তু তাইৰ ওপৰত অপশক্তিৰ কুপ্ৰভাৱ বেয়াকৈ পৰিছে,’ তেওঁ কয়। কালুৱে নাৰিকল ৰখা ৰঙা কাপোৰ মেৰিওৱা তামৰ পাত্ৰৰ কাষত কেইপাকমান ঘুৰিবলৈ ধৰিলে আৰু এডাল ৰছীৰে তাইৰ মুৰৰ পৰা ভৰিৰ তলুৱালৈকে ওলমাই দুলিবলৈ দিলে, ৰছীডাল কেইবাবাৰো আগলৈ-পিছলৈ অনা-নিয়া কৰিলে যাতে অপশক্তিৰ উলিয়াই পেলাব পাৰি।

পূজাৰ আচাৰ-অনুষ্ঠানৰ মাজতে ভগতে বনৌষধৰ ফালে চাই কয়, ‘যদি কিবা এটা আমাৰ নিয়ন্ত্ৰণৰ বাহিৰ হৈ যায়, তেন্তে আমি তেওঁলোকক চিকিৎসালয়ত চিকিৎসা ল’বলৈ ক’ম।’

ভিডিঅ’ চাওকঃ চিকানপাড়াত বেজৰ বেজালি, বিশ্বাস আৰু উদ্বিগ্নতা 

মধ্য মুম্বাইৰ পৰা ১৮০ কিলোমিটাৰ দুৰৰ পালঘৰ জিলাৰ মোখাড়া তালুকৰ চাছ গাওঁ পঞ্চায়তৰ অধীনৰ পাঁচখন ক্ষুদ্ৰ গাঁৱত সনদ পৰিয়ালৰ দৰে বেজক আমন্ত্ৰণ জনোৱা বা বেজৰ সহায় লোৱা ঘটনা অস্বাভাৱিক নহয়।

‘কেৱল চাছ গাওঁ পঞ্চায়ততে নহয়, মোখাড়া তালুকৰ অধিকাংশ গাঁৱতে বহুতে গভীৰভাবে বিশ্বাস কৰে যে অপশক্তি বা ঈৰ্ষাপৰায়ন দৃষ্টি অথবা কুমন্ত্ৰৰ দ্বাৰা আপোনাৰ উন্নতি বাধাগ্ৰস্ত হ’ব পাৰে।’ চাছ গাঁৱৰ কমলাকৰ ৱাৰঘাড়ে এইদৰে কয়। তেওঁ নিজে সন্দিগ্ধ যদিও স্থানীয় এনে বিশ্বাস-পৰম্পৰাৰ প্ৰতি অনুকম্পাও আছে। সানদ পৰিয়ালৰ দৰে তেওঁ নিজেও কা ঠাকুৰ আদিবাসী সম্প্ৰদায়ৰ লোক আৰু স্থানীয় উৎসৱ-পাৰ্ৱণত স্থানীয় বেণ্ড পাৰ্টি এটাৰ সৈতে অৰ্গেন, হাৰমনিয়াম আৰু কীবৰ্ড আদি সংগত কৰে। ‘সাধাৰণতে কোনো লোক যেতিয়া ৰোগাক্ৰান্ত হয়, কোনো পৰিকল্পনা বা কাম বাধাগ্ৰস্ত হয়, যেতিয়া চিকিৎসকেও ৰোগ নিৰ্ণয় কৰিব নোৱাৰে, তেতিয়া এনে পৰিয়ালবোৰ ভগত(বেজ)ৰ কাষ চাপে।’

মোখাড়াৰ জনস্বাস্থ্য ব্যৱস্থা নিৰ্ভৰযোগ্য় নোহোৱা বাবেই স্থানীয় বেজ বা ওজাৰ ওপৰত নিৰ্ভৰশীলতাৰ কথা আহি পৰে। চিকানপাড়াৰ পৰা প্ৰায় দুই কিলোমিটাৰ দুৰৰ চাছ গাঁৱত থকা চৰকাৰী উপকেন্দ্ৰটোৱেই নিকটৱৰ্তী স্বাস্থ্যসেৱা কেন্দ্ৰ।

‘চিকিৎসকগৰাকী প্ৰতি মঙলবাৰে ইয়ালৈ আহে, কিন্তু তেওঁক আমি কেতিয়া লগ ধৰিব পাৰিম, তাৰ নিশ্চয়তা নাথাকে। এগৰাকী চিষ্টাৰ (নাৰ্ছ) সদায় আহে, কিন্তু তেওঁ জ্বৰ-কাহ, চৰ্দিৰ ঔষধহে দিব পাৰে। আন চিকিৎসা সামগ্ৰী আৰু বেজী দিয়া ব্যৱস্থা নাই, কেৱল টেবলেট পোৱা যায়। আশা কৰ্মীসকলে (স্বীকৃতিপ্ৰাপ্ত সামাজিক স্বাস্থ্যকৰ্মী) ঘৰে ঘৰে যায়, ৰোগীৰ অৱস্থা বেয়া দেখিলে তেওঁলোকে মোখাড়া (চিকিৎসালয়)লৈ লৈ যাবলৈ কয়,’ এইদৰে কয় ৱাৰঘাড়েই। 

Left: Nirmala's mother Indu, on the night of the the jagran, says she is relieved. Right: Kamlakar Warghade (here with his daughter Priyanka) of Chas village is sceptical but also sympathetic about the local belief systems
PHOTO • Shraddha Ghatge
Left: Nirmala's mother Indu, on the night of the the jagran, says she is relieved. Right: Kamlakar Warghade (here with his daughter Priyanka) of Chas village is sceptical but also sympathetic about the local belief systems
PHOTO • Shraddha Ghatge

বাওঁফালেঃ জাগৰণ অনুষ্ঠিত কৰাৰ নিশা নিৰ্মলাৰ মাতৃ ইন্দুৱে কয় যে তেওঁ অলপ সকাহ পাইছে। সোঁফালেঃ এই অনুষ্ঠানত উপস্থিত আছে কমলাকাৰ ৱাৰঘাড়ে (লগত তেওঁৰ জীয়ৰী প্ৰিয়ংকা)। চাছ গাঁৱৰ কমলাকাৰ সন্দিহান যদিও স্থানীয় এনে আচাৰ-অনুষ্ঠানৰ প্ৰতি দুৰ্বলতাও আছে 

ৰক্তহীনতা, জণ্ডিচ, হাড় ভঙা, দুৰ্ঘটনা বা জৰুৰী প্ৰসৱৰ দৰে সমস্যাৰ ক্ষেত্ৰত চাছ গাওঁ আৰু ইযাৰ পাঁচটা চুবুৰী (টোল)ৰ ২৬০৯ জন লোক ১৫ কিলোমিটাৰ দূৰত থকা মোখাড়া গ্ৰাম্য চিকিৎসালয়লৈ যাব লগা হয়।

মোখাড়া চিকিৎসালয়লৈ যোৱাৰ বাবে চাছ গাঁৱৰ পৰা তিনি কিলোমিটাৰ দূৰত থকা বাছ আস্থানলৈ খোজ কাঢ়ি যাব লাগিব (কিছুমান চুবুৰীৰ পৰা আৰু বেছি দূৰ হয়)। নতুবা ৫০০ টকা দি জীপ গাড়ী ভাড়া কৰি যাব লাগিব। কেতিয়াবা ইয়াৰ মানুহে বলেৰ’ গাড়ীলৈ বাট চায়, চিকানপাড়াৰ পৰা মোখাড়ালৈ প্ৰতিটো চীটৰ বাবদ ১০ৰ পৰা ২০ টকা ভাড়া দিব লাগে। কিন্তু বলেৰ’ৰ সংখ্যা কম আৰু ছেগা-চোৰোকাকৈহে চলে।  

‘ইয়াৰ অধিকাংশ পৰিয়াল ক্ষুদ্ৰ খেতিয়ক আৰু কৃষিশ্ৰমিক। দিনে তেওঁলোকৰ উপাৰ্জন ২৫০ টকা। চিকিৎসালয়ৰ খৰছ বাদ দি কেবল অহা-যোৱাৰ বাবে ৫০০ টকা খৰছ কৰা গাওঁবাসীৰ বাবে সচাকৈয়ে এটা ডাঙৰ সমস্যা,’ কমলাকাৰে কয়। 

স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত থকা এই নাটনি পুৰণ কৰে ভগত (বেজ)সকলে। তদুপৰি বিশ্বাসযোগ্য পৰম্পৰাগত চিকিৎসাৰ বাবে স্থানীয় সম্প্ৰদায়ৰ মাজত তেওঁলোক দীৰ্ঘপৰিচিত। কা ঠাকুৰ, মা ঠাকুৰ, কোলি মহাদেৱ, ভাৰ্লি আৰু কাতকাৰি আদি চাছ গাঁৱৰ আদিবাসী ৰাইজে মূলতঃ জ্বৰ, পেটৰ বিষৰ দৰে সাধাৰণ অসুখ হ’লে ভগতৰ কাষ চাপে। অপশক্তিৰ প্ৰভাৱৰ পৰা ৰক্ষা পোৱাৰ বাবেও গাওঁবাসীয়ে ভগতৰ ওপৰতেই নিৰ্ভৰ কৰে।   

Chas village (left): the Sanad family’s invitation to the bhagats is not unusual in the five padas (hamlets) of Chas gram panchayat. The local PHCs are barely equipped, and Mokhada Rural Hospital (right) is around 15 kilometres away
PHOTO • Shraddha Ghatge
Chas village (left): the Sanad family’s invitation to the bhagats is not unusual in the five padas (hamlets) of Chas gram panchayat. The local PHCs are barely equipped, and Mokhada Rural Hospital (right) is around 15 kilometres away
PHOTO • Shraddha Ghatge

চাছ গাওঁ (বাওঁফালে): চাছ গাওঁ পঞ্চায়তৰ পাঁচটা চুবুৰীৰ বাবে সনদ পৰিয়ালে ভগতক নিমন্ত্ৰণ জনোৱা একো নতুন কথা নহয়। স্থানীয় জনস্বাস্থ্য কেন্দ্ৰবোৰত সা-সুবিধা প্ৰায় নাথাকে, আৰু মোখাড়া গ্ৰাম্য চিকিৎসালয়লৈ ১৫ কিলোমিটাৰ দূৰ 

ভগতসকলৰ প্ৰায়বোৰেই স্থানীয় লোক (সকলো পুৰুষ ব্যক্তি) আৰু সদায় বিচৰা পৰিয়ালবোৰৰ সৈতে ঘনিষ্ঠভাবে পৰিচিত। নিৰ্মলাৰ বাবে পূজা-অৰ্চনা কৰা কালু জংগলিও কা ঠাকুৰ জনজাতিৰ লোক। যোৱা ৩০ বছৰ ধৰি তেওঁ বেজালি কৰি আহিছে। ‘এই পূজা-পাৰ্ৱণবোৰ আমাৰ জনজাতীয় সংস্কৃতিৰ অন্তৰ্নিহিত অংশৰূপে চলি আহিছে। নিৰ্মলাৰ কাৰণে আজি জাগৰণ শেষ হোৱাৰ পিছত পুৱা আমি এটা মতা কুকুৰা চৰাই বলি দিম আৰু তাইৰ সম্পূৰ্ণ আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিম। ৰোগীক যেতিয়া আপশক্তিয়ে আগুৰি থাকে বুলি আমি জানিব পাৰো, তেতিয়াহে এই পূজা কৰো। এনে অপশক্তিক খেদি পঠিওৱাৰ মন্ত্ৰ আমি জানো। জাগৰণৰ নিশা কালুৱে মোক এই কথা কৈছিল।

যিকি নহওঁক, এই ব্যৱস্থাৰ বেছিভাগ সময়তে বেজসকলে ঔষধি গুণ থকা বনৌষধ ব্যৱহাৰ কৰে। ‘আমি জংঘললৈ গৈ দৰকাৰী ফুল-পাত আৰু বন বুটলি অনাৰ লগতে গছৰ এৰি পৰা ছাল কিছুমান লৈ আহো। তাৰ পিছত ৰস উলিয়াবলৈ এই বস্তুবোৰ সিজাও অথবা কেতিয়াবা গছ-বনবোৰ পুৰি ছাই উলিয়াই ৰোগীক খুৱাওঁ। ৰোগী যদি কোনো অপশক্তিৰ কবলত নাথাকে, তেন্তে এনে ঔষধে ফল দিয়ে। কিন্তু পৰিস্থিতি আমাৰ নিয়ন্ত্ৰণৰ বাহিৰ হ’লে আমি তেওঁলোকক ডাক্তৰৰ চিকিৎসা ল’বলৈ কওঁ,’ এইদৰে কয় কালুৱে।

কালুৱে যেনেকৈ চিকিৎসালয়ৰ চিকিৎসা ব্যৱস্থাৰ ভূমিকাক স্বীকাৰ কৰে, একেদৰে প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আৰু চিকিৎসকসকলেও পৰম্পৰাগত চিকিৎসা পদ্ধতিক সমূলি নাকচ নকৰে। চাছ গাঁৱৰ পৰা ২০ কিলোমিটাৰ নিলগৰ ৱাশ্বালা গাঁৱত থকা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসা বিষয়া ডা. পুষ্পা গাৱাৰিয়ে কয়, ‘আমাৰ চিকিৎসাত যদি সন্তুষ্ট নহয়, তেতিয়া আমি ৰোগীক ভগতৰ পৰামৰ্শ ল’বলৈ কওঁ। জনজাতীয় লোকসকল যদি ভগতৰ চিকিৎসাত সন্তুষ্ট নহয়, তেওঁলোকে তেতিয়া চিকিৎসকৰ পৰামৰ্শ বিচাৰে। ইয়াৰ জৰিয়তে স্থানীয় লোকৰ লগত মতবিৰোধ সৃষ্টি নহয় বুলি তেওঁ কয়। ‘চিকিৎসালয় আৰু চিকিৎসকৰ ওপৰত স্থানীয় জনজাতীয় লোকৰ বিশ্বাস অটুট ৰখাৰ ক্ষেত্ৰত এনে সম্পৰ্ক অতি গুৰুত্বপূৰ্ণ।’ 

‘সিহঁতে (চিকিৎসকে) নিৰ্ণয় কৰিব নোৱৰা কিছুমান ৰোগৰ ক্ষেত্ৰত আমাৰ সহায় প্ৰায়ে বিচাৰে।’ ৱাশ্বালা গাঁৱৰ ৫৮ বছৰ বয়সীয়া কাশীনাথ কদমে কয়। ‘উদাহৰণ স্বৰূপে কেইমাহমানৰ আগতে কোনো কাৰণ নোহোৱাকৈ এগৰাকী মহিলা খঙাল হৈ পৰে। তেওঁৰ গাত কিহবাই লম্ভিছে যেন অনুমান হৈছিল। মই তেতিয়া তাইক চৰ এটা মাৰি মন্ত্ৰ মাতিবলৈ ধৰিলো। লাহে লাহে তাই শান্ত হ’বলৈ ধৰিলে। পিছত মহিলাগৰাকী চিকিৎসকৰ ঔষধৰ দ্বাৰা সম্পূৰ্ণ শান্ত হৈ পৰিছিল।’ 

Left: Bhagat Kalu Jangali at his home in Pangri village in Mokhada taluka. Right: Bhagat Subhash Katkari with several of his clients on a Sunday at his home in Deharje village of Vikramgad taluka in Palghar district
PHOTO • Shraddha Ghatge
Left: Bhagat Kalu Jangali at his home in Pangri village in Mokhada taluka. Right: Bhagat Subhash Katkari with several of his clients on a Sunday at his home in Deharje village of Vikramgad taluka in Palghar district
PHOTO • Shraddha Ghatge

বাওঁফালেঃ মোখাড়া তালুকৰ পাংৰি গাঁৱত থকা নিজৰ ঘৰত ভগত কালু জংগলি। সোঁফালেঃ পালঘৰ জিলাৰ বিক্ৰমগড় তালুকৰ দেহৰাজে গাঁৱত থকা নিজৰ ঘৰত এদিন ৰবিবাৰে চিকিৎসকৰ বাবে অহা ভালেমান লোকৰ সৈতে ভগত সুভাষ কাটকাৰি

আন ভগতৰ দৰে কদমে তেওঁৰ ওচৰলৈ অহা ৰোগীৰ পৰা পইছা নিবিচাৰে। নিজৰ তিনি একৰ কৃষিভূমিৰ ধান আৰু দাইল খেতিৰ উপাৰ্জনেৰে তেওঁ চলিব পাৰে। মই কথা পতা সকলো থলুৱা ভগতে (চিকিৎসকে) কয় তেওঁলোকে বিচৰা মতে বা ৰোগীৰ সাধ্য অনুসৰি পইছা (মাচুল) দিয়ে। কিছুমানে নাৰিকল বা সুৰাও আগবঢ়ায়। ৰোগী ভগতৰ চিকিৎসাত আৰোগ্য হোৱা বুলি ভবা নিৰাময় বিচাৰি অহা কিছুমান পৰিয়ালৰ পৰা ভোজন আয়োজন (জাগৰণৰ নিচিনা)ৰ কথাও আশা কৰিব পাৰি বুলি তেওঁলোকে কয়। 

এনে পৰম্পৰাগত চিকিৎসা কৰা কাশীনাথৰ দৰে লোকে তেওঁ ব্যৱহাৰ কৰা বনৌষধৰ সকলো বিৱৰণ প্ৰকাশ কৰিব নিবিচাৰিলে। তেওঁ কয়, ‘কোনো ভগতে আপোনাক এই কথা নকয়। আমাৰ ঔষধ সম্পৰ্কীয় সকলো কথা যদি আপোনাক জনাও, তেন্তে আমাৰ ঔষধৰ গুণ কমি যাব। তদুপৰি ৰোগীভেদে ঔষধ বেলেগ বেলেগ হয়। যকৃতৰ পাথৰৰ দৰে ৰোগৰ ক্ষেত্ৰত আমি শুকান বনৌষধৰ গুড়ি মিহলি কৰি বা সিজাই ৰস উলিয়াই ব্যৱহাৰ কৰিবলৈ ৰোগীক দিও। ইয়াৰ উপৰি এপেণ্ডিচাইটিছ, জণ্ডিচ, দাঁতৰ বিষ, মূৰৰ কামোৰণি, পেটৰ বিষ, অকাল গৰ্ভপাত আৰু গৰ্ভধাৰণৰ সমস্যা থাকিলে এনেদৰে প্ৰস্তুত কৰা ঔষধ দিও। নজৰ লগা দুৰ কৰিবলৈ, কোনো মানুহৰ মন বেলেগ ফালে ঘূৰাবলৈ বা কুদৃষ্টি দূৰ কৰিবলৈ তাবিজ দিও। 

মোখাড়াৰ ওচৰভিৰা গাঁৱৰ পচৰিপাৰা চুবুৰীৰ এজন ভগত কেশৱ মাহালে অলপ আগবঢ়া। তেওঁ কয়, ‘যেতিয়া এই জংঘলত বেমাৰৰ কথা আলোচনা কৰা আমিয়েই একমাত্ৰ চিকিৎসক আছিলো, তেতিয়াৰে পৰা বিভিন্ন ৰোগৰ বাবে তুলসী, আদা, চালকুঁৱৰী, পদিনা বা আন কিছুমান ঔষধী লতা বা গছ ব্যৱহাৰ কৰিছিলো। বৰ্তমান ঔষধৰ অগ্ৰগতি হৈছে, এতিয়া মানুহে ডাক্তৰৰ ওচৰলৈ যাব বিচাৰে। কিন্তু ডাক্তৰৰ ঔষধে কাম নিদিলে তেওঁলোক আমাৰ ওচৰলৈ আহে। ডাক্তৰ আৰু আমাৰ চিকিৎসাৰ সহাৱস্থানৰ বাবে একো ক্ষতি নহয়।’ কেশৱৰ নিজৰ দুই একৰ খেতিৰ মাটি আছে, তাত তেওঁ ধান খেতি কৰে। 

Keshav and Savita Mahale (left) in Pasodipada hamlet: 'With advances in medicine, people prefer doctors. But they come to us when medicines fail them. There is no harm in co-existing'. Bhagat Kashinath Kadam (right) with his wife Jijabai in Washala village: 'The doctors often seek our help in cases which they can’t explain'
PHOTO • Shraddha Ghatge
Keshav and Savita Mahale (left) in Pasodipada hamlet: 'With advances in medicine, people prefer doctors. But they come to us when medicines fail them. There is no harm in co-existing'. Bhagat Kashinath Kadam (right) with his wife Jijabai in Washala village: 'The doctors often seek our help in cases which they can’t explain'
PHOTO • Shraddha Ghatge

পাচৰিপাড়া চুবুৰীৰ নিজৰ বাসগৃহত বাওঁফালে কেশৱ আৰু সবিতা মাহালে। ‘ঔষধৰ অগ্ৰগতি হোৱাৰ লগে লগে মানুহে ডাক্তৰৰ ওচৰলৈ যাব বিচাৰা হ’ল। কিন্তু ডাক্তৰৰ ঔষধে কাম নিদিলে আমাৰ ওচৰলৈ আহে। সহাৱস্থানৰ বাবে একো অসুবিধা নহয়। ৱাশ্বালা গাঁৱত পত্নী জিজাবাঈৰ সৈতে ভগত কাশীনাথ কদম (সোঁফালে)। ‘যিবোৰ বেমাৰ চিকিৎসকে নিৰ্ণয় কৰিব নোৱাৰে, সেইবোৰ বেমাৰৰ ক্ষেত্ৰত চিকিৎসকে আমাৰ সহায় লয়’ 

যিসকল মহিলা অন্তঃসত্বা হ’ব নোৱাৰে অথবা গৰ্ভধাৰণৰ ক্ষেত্ৰত জটিলতা থাকে তেনে মহিলাক আৰোগ্য কৰাৰ বিষয়ে পালঘৰ জিলাৰ বিক্ৰমগড় তালুকৰ ডেহাৰ্জে কাটকাৰি পাৰাৰ জনপ্ৰিয় ভগত সুভাষ কাটকাৰিয়ে আমাক অলপ আভাস দিয়ে। ‘গৰ্ভধাৰণৰ গোটেই সময়চোৱাত নিৰ্দ্দিষ্ট খাদ্যৰ বিধান দিয়াৰ লগতে কিছুমান খাদ্যদ্ৰব্য খোৱাত বাধা দিয়া হয়। আমাৰ ঔষধৰ গুণত যদি এগৰাকী মহিলাই গৰ্ভধাৰণ কৰিবলৈ সক্ষম হয়, তেন্তে খাদ্য প্ৰস্তুত কৰোতে মহিলাগৰাকীয়ে তেলৰ ব্যৱহাৰ বন্ধ কৰিব লাগিব। নিমখ, হালধি, কুকুৰা চৰাইৰ মঙহ, কণী, ছাগলী মাংস, নহৰু আৰু জলকীয়া খাব নোৱাৰিব। ঘৰৰ সকলো যাৱতীয়া কাম সেই মহিলাগৰাকীয়ে কৰিব লাগিব- পানী অনাকে ধৰি সকলো কাম। গৰ্ভধাৰণৰ অন্তিম তিনিমাহ কাল পৰ্যন্ত ভগতৰ ঔষধৰ বাদে আন কোনো ঔষধ সেৱন কৰিব নোৱাৰিব। ইযাৰ উপৰি অপশক্তিৰ প্ৰভাৱৰ পৰা নিৰাপদে থকাৰ বাবে আমি মহিলাগৰাকী আৰু পিছত তেওঁৰ নৱজাতকক তাবিজ দিও।’

মোখাড়া গ্ৰাম্য চিকিৎসালয়ৰ চিকিৎসা বিষয়া ডা. দত্তাত্ৰেয় সিন্ধেয়ে কয়, ‘দুৰ্ভাগ্যজনক এয়ে যে ইয়াৰ ফলত (খাদ্যৰ নিয়ন্ত্ৰণ আৰু আন বাধা নিষেধৰ বাবে) এই অঞ্চলৰ আদিবাসী গৰ্ভৱতী মহিলা পুষ্টিহীনতাত ভোগে, পিছত এই মহিলাসকলে স্বাভাৱিক ওজনতকৈ কম ওজনৰ শিশুৰ জন্ম দিয়ে। মোখাড়াত এনেকুৱা কেইবাটাও ঘটনা দেখিছোঁ। অন্ধবিশ্বাস এতিয়াও আছে আৰু ভগতসকলৰ ওপৰত থকা গাওঁবাসীৰ গভীৰ বিশ্বাসৰ বাবে তেওঁলোকক পতিয়ন নিওৱা বৰ কঠিন কাম।’ (বাস্তৱিকতে পালঘৰ জিলাত ৩৭ শতাংশ লোক অনুসূচীত জনজাতিৰ)। এই জনজাতীয় লোকসকলৰ শিশু পৰিপুষ্টিৰ অভাৱত মৃত্যু হোৱাৰ তথ্যই দীৰ্ঘদিন ধৰি সংবাদৰ শিৰোনাম দখল কৰি আহিছে। সেয়া আন এক কাহিনী)। 

আকৌ চিকানপাড়ালৈ উভতো। নিৰ্মলাৰ ৪০ বছৰীয়া মাতৃ ইন্দুৱে জাগৰণৰ নিশা গভীৰ দুশ্চিন্তাৰ পৰা যেন সকাহ পালে। ‘কালু আৰু জাত্যাই মোৰ ছোৱালীৰ গাৰ পৰা অপশক্তিক খেদিলে, মোৰ দৃঢ় বিশ্বাস, মোৰ ছোৱালী সোনকালে সুস্থ হৈ উঠিব।’ ইন্দুৱে কয়। 

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ঠাকুৰ ফাউণ্ডেশ্যনৰ অনুদানেৰে ‘জনস্বাস্থ্যৰ অনুসন্ধামূলক প্ৰতিবেদন, ২০১৯’ৰ অধীনত কাম কৰা প্ৰতিবেদকে এই নিবন্ধ যুগুত কৰিছে। 

অনুবাদঃ পংকজ দাস

পংকজ দাস এগৰাকী সাংবাদিক, অনুবাদক আৰু অসমীয়া নিউজ পৰ্টেল newsnextone.com ৰ সহ-প্ৰতিস্থাপক। যোগাযোগৰ ইমেইল আইডি [email protected]

Shraddha Ghatge

শ্ৰদ্ধা ঘাড়গে মুম্বাইৰ এগৰাকী মুক্ত সাংবাদিক আৰু গৱেষক।

Other stories by Shraddha Ghatge