মহম্মদ গৌছিউদ্দিন আজীমৰ দোকানত ৰং-বিৰঙী কাগজ, বিয়াৰ নিমন্ত্ৰণী পত্ৰ আৰু পোষ্টাৰ আদি এডাল ৰছীত পিন মাৰি ওলমাই থোৱা আছে। সদায় পুৱা উকা কাগজৰ ওপৰত তেওঁ শুকান খাগৰিৰ কালাম (কলম) এটাৰে উৰ্দু ভাষাত আল্লাহ্ বুলি লিখে। এনেদৰেই তেওঁৰ দিনটো আৰম্ভ হয়। ‘মই ২৮ বছৰ ধৰি হস্তলিপিৰ কাম কৰি আহিছোঁ। ছৌডি আৰৱত থাকি মই এই কাম শিকিছিলোঁ। ১৯৯৬ত ভাৰতলৈ ঘুৰি আহি এইখন দোকান খোলো,’ তেওঁ কয়।  

৪৪ বৰ্ষীয় আজীম হায়দৰাবাদত থাকে। চাৰমিনাৰৰ নিকটৱৰ্ত্তী চাট্টা বজাৰৰ তিনিমহলীয়া অট্টালিকা এটাত থকা জামাল মাৰ্কেটত তেওঁৰ দোকান। চহৰখনত সেইখন বজাৰ বহু পুৰণি বজাৰৰ মাজৰ এখন। বজাৰখন শতিকা পুৰণি খট্টাটি  (উৰ্দু আৰু আৰৱী হস্তলিপি শিল্প) সাধনা কৰা ছপাশালৰ দোকানৰ বাবে জনাজাত।   

দাক্ষিণাত্যত হস্তলিপি শিল্প অৰ্থাত খট্টাটি  শিল্প কুটুব শ্বাহী সাম্ৰাজ্যৰ (১৫১৮-১৬৮৭) দিনৰে পৰা চলি আহিছে। বুৰঞ্জী মতে এই শিল্পৰ সাধকে (খট্টাট বা কাটিবচ বুলিও কয়) ধৰ্মগ্ৰন্থ কোৰানখন আৰৱী আৰু উৰ্দু ভাষাত খোদিত কৰিছিল। হাতে লিখা কেইখনমান কোৰাণ হায়দৰাবাদৰ ভিতৰে-বাহিৰে সংগ্ৰাহলয়ত আছে। কুটুব শ্বাহী শাসনকালত নিৰ্মিত কীৰ্তিস্তম্ভবোৰতো খট্টাটি ৰ নিদৰ্শন দেখা পোৱা যায়। আজিকালি মানুহে উৰ্দু হস্তলিপি শিল্পী বা খুচ খাট (ভাল হাতৰ আখৰ)ৰ কাম বিশেষ সকাম থাকিলেহে বিচাৰে আৰু পাকৈত হস্তলিপি শিল্পীৰ সন্ধানত চাট্টা বজাৰলৈ আহে। উৰ্দু বিদ্যালয় আৰু মাদ্ৰাছাবোৰেও লগ’ৰ কাৰণে ডিজাইন বনাবলৈ ইয়ালৈ আহে।                

আজীমৰ চৌপাশটো ব্যস্ততাপূৰ্ণ। কাগজ জাপি থকা কৰ্মী, চিঞৰি-বাখৰ কৰি দৰদামত ব্যস্ত গ্ৰাহক, ছপাশালৰ যান্ত্ৰিক কোলাহলৰ মাজতে তেওঁ নীৰৱে নিজৰ কাম কৰি যায়। ‘মোক যদিওবা হস্তলিপি শিল্পৰ গুৰু বুলি মানুহে কয়, তথাপি মই নিজকে এই কলাৰ শিকাৰু বুলিয়েই ভাবো,’ তেওঁ কয়। ‘খট্টাটি  মানেই হৈছে ব্যাকৰণ। প্ৰত্যেকটো ফণ্ট, প্ৰতিটো বৰ্ণ এটা নিয়মত লিখিব লাগে- উচ্চতা, পুতল, গভীৰতা আৰু প্ৰত্যেকটো বিন্দুৰ মাজৰ খালী ঠাই ইয়াত গুৰুত্বপূৰ্ণ। আপুনি ব্যাকৰণ ভুল নকৰাকৈ কেনেদৰে কলম পকাইছে, তাৰ ওপৰতে বৰ্ণৰ সৌন্দৰ্য নিৰ্ভৰ কৰে। নিপুণ হাতৰ সঞ্চালনেই এই শিল্পৰ সাৰ।’  

Calligraphy pens lying on the table
PHOTO • Sreelakshmi Prakash
Mohammed Ghouseuddin Azeem doing calligraphy
PHOTO • Sreelakshmi Prakash

কামৰ সময়ত মহম্মদ গৌছিউদ্দিন আজীমঃ ‘প্ৰতিটো ফণ্ট, প্ৰতিটো বৰ্ণৰে ব্যাকৰণ আছে...’

চাট্টা বজাৰৰ অইন কাটিব সকলৰ দৰে আজীমে দিনে আঠ ঘণ্টাকৈ সপ্তাহত ছদিন কাম কৰে। ‘আৰৱী ভাষাত প্ৰায় ২১৩ টা খট্টাটি  ফণ্ট আছে। সেই সকলোবোৰ শিকি অনুশীলনৰ যোগেদি পাকৈত হওঁতে অতিকমেও ৩০ বছৰ লাগিব,’ তেওঁ কয়। ‘এই কলাত গোটেই জীৱনটো পাত কৰিলেও সেইখিনি কম হয়।’

হস্তলিপি শিল্পীসকলে সাধাৰণতে বিয়াৰ নিমন্ত্ৰণী পত্ৰ এখনৰ এটা পৃষ্ঠা ডিজাইন কৰাৰ বাবদ ২০০ৰ পৰা ৩০০ টকা লয়। সেই কামটো কৰোঁতে তেঁওলোকক প্ৰায় ৪৫ মিনিট সময় লাগে। তাৰ পিছত গ্ৰাহকে ছপাশালত সেইটো ডিজাইনৰ প্ৰতিলিপি কৰিবলৈ দিয়ে। পুৰণি চহৰত (তেওঁলোকৰ নিজা অনুমান মতে) কেৱল ১০ গৰাকী মানহে কাটিব আছে। ভাল ব্যস্ততাপূৰ্ণ দিন এটাত প্ৰতিজনে ১০টা মান ডিজাইনৰ কাম পায়।   

বহুতৰ দৰে চাৰমিনাৰৰ কাষতে থকা ঘাজী বজাৰত থকা ৫৩ বৰ্ষীয় আফজল মহম্মদ খানে ১৯৯০ত এই কাম এৰিছিল। ‘মোৰ পিতৃ গৌছ মহম্মদ খান তেওঁৰ দিনত হস্তলিপি শিল্পৰ এগৰাকী সাধক আছিল,’ তেওঁ কয়। ‘তেওঁ ইডাৰা-ই-আদাবিয়াত-ই-উৰ্দু (হায়দৰাবাদ চহৰৰ পাঞ্জাগুট্টা অঞ্চলত থকা হস্তলিপি শিল্পৰ প্ৰশিক্ষণ কেন্দ্ৰ)ত শ শ ছাত্ৰ-ছাত্ৰীক প্ৰশিক্ষণ দিছিল। আমি চিয়াচট (এখন উৰ্দু দৈনিক কাকত)ত একেলগে কাম কৰিছিলোঁ। কিন্তু কম্পিউটাৰৰ আগমন ঘটাত মোৰ চাকৰি গ’ল আৰু মই এটা বিজ্ঞাপনৰ কামত ধৰোঁ। কিছু বছৰতে এই কলা হেৰাই যাব। এই কাম কৰা আমিয়েই শেষৰটো প্ৰজন্ম (কুশলী),’ হতাশ মনেৰে তেওঁ কয়। 

A completed calligraphy artwork
PHOTO • Sreelakshmi Prakash
Muhammad Abdul Khaleel Abid talking to customers
PHOTO • Sreelakshmi Prakash
Muhammad Faheem with his brother Zainul Abedin  in their shop in Jamal market
PHOTO • Sreelakshmi Prakash

বাওঁফালেঃ চাট্টা বজাৰত হস্তলিপিৰ খচৰা আৰ্হি এখন। সোঁমাজতঃ ৬৩ বৰ্ষীয় মহম্মদ আবুল খলীল আবিদে ১৯৯২ত চিয়াচট নামে দৈনিক কাকত খনৰ চাকৰি হেৰুওৱাৰ পিছত ৱেলকাম প্ৰিণ্টাৰ্ছ দোকানখন আৰম্ভ কৰিছিল। সোঁফালেঃ মহম্মদ ফাহীম আৰু জয়নুল আবেদিনে তেওঁলোকৰ পিতৃৰ পৰা হস্তলিপি শিল্পৰ কলা আয়ত্ব কৰিছিল  

১৯৯০ৰ মাজভাগত উৰ্দু ফণ্টবোৰ কম্পিউটাৰাইজড্ হ’বলৈ ধৰাত গ্ৰাহকে ডিজিটেল প্ৰিণ্টিঙৰ প্ৰতি আকৰ্ষিত হয়। ফলত হস্তলিপি শিল্পীৰ চাহিদা তীব্ৰ হাৰত কমি আহে। চিয়াচট-ৰ দৰে বাতৰি কাকতবোৰো ডিজিটেল হ’বলৈ ধৰাত কাকত গোষ্ঠীয়ে দুই-এটা শিৰোনাম লিখিবলৈকে এজন কি দুজনমান হস্তলিপি শিল্পীকহে কামত ৰাখিবলৈ ধৰে। আন বহুতেই কাম হেৰুৱালে আৰু তাৰে কিছুমানে চাট্টা বজাৰত সৰু দোকান খুলি বিয়া-সবাহৰ নিমন্ত্ৰণী পত্ৰ, লগ’, পোষ্টাৰ আৰু চাইনব’ৰ্ড আদি লিখাৰ কামত মনোনিৱেশ কৰিবলৈ লয়।     

এই শিল্পক জীয়াই ৰখাত চৰকাৰৰ ফালৰ পৰা তেনেই ক্ষীণ সঁহাৰি পোৱাৰ খট্টাটি  শিল্পৰ যি দুৰৱস্থা হৈছে তালৈ চাই এই কলা বিলুপ্ত হৈ যাব বুলি হস্তলিপি শিল্পীসকলে আশংকা প্ৰকাশ কৰে। তদুপৰি যুৱ প্ৰজন্মৰ বহুতেই ইয়াৰ প্ৰতি আগ্ৰহী নহয়। আকৌ কলাবিধ আয়ত্ব কৰিবলৈ চেষ্টা কৰা যি দুই-এজনে আগ্ৰহী হয়, তেওঁলোকে অনুশীলনৰ সময়ত হোৱা কষ্ট দেখি সেয়া আধাতে এৰে। কিছুমানে কলাবিধৰ ক্ষীণ ভৱিষ্যতলৈ চাই সেয়া শিকাটো সময় নষ্ট কৰা কাম বুলি গণ্য কৰে।   

কিন্তু ৩০ বছৰ গৰকা মহম্মদ ফাহীম আৰু জয়নুল আবেদিন এই ক্ষেত্ৰত ব্যতিক্ৰম। ২০১৮ত পৰলোকগামী হোৱা তেওঁলোকৰ পিতৃ মহম্মদ নাজীম চাবেৰি এগৰাকী পাকৈত হস্তলিপি শিল্পী আছিল। উৰ্দু আৰু আৰৱী হস্তলিপিত একাধিক ৰঙৰ ব্যৱহাৰ কৰা তেওঁৱেই প্ৰথমগৰাকী কুশলী আছিল। চাট্টা বজাৰত তেওঁৰ দুই পুত্ৰ আৰু আনে এই কথা মোক ক’লে। তেওঁ স্থাপন কৰা দোকানখন এতিয়া তেওঁৰ দুই পুত্ৰই চলায়। উৰ্দু আৰু আৰৱী ভাষাৰ উপৰিও ইংৰাজী ভাষাৰ হস্তলিপিতো তেওঁলোক দুজন পাকৈত। দুই ভাতৃৰ কুৱেইট, ছৌদি আৰৱকে ধৰি অইন কেইখনমান দেশতো গ্ৰাহক আছে। বিশেষ উপলক্ষ সাপেক্ষে তেনে গ্ৰাহকৰ কাৰণে দুয়োৱে ডাঙৰ ফ্ৰেমত উৰ্দু হস্তলিপি লিখে।        

চাট্টা বজাৰত দিনটোৰ কাম শেষ কৰি হস্তলিপি কুশলীসকলে তেওঁলোকৰ কালাম (কলম) চিকুণাই চিজিল কৰি বাকচত ভৰাই থয় আৰু ঘৰলৈ যোৱাৰ আগেয়ে নামাজ পঢ়ে। কলাবিধ হেৰাই গ’লে কি কৰিব বুলি আজীমক সোধাত তেওঁ সচকিত হৈ কয়, ‘অনুগ্ৰহ কৰি তেনেকৈ নক’ব! আমাৰ শেষ উশাহ কণ থকা লৈকে আমি ইয়াক জীয়াই ৰখাৰ চেষ্টা কৰিম।’ তেওঁৰ দোকানখনৰ সমুখৰ বেৰত আৰি থোৱা তেওঁৰ বিষয়ে ইংৰাজী কাকত এখনৰ লিখনী এটা উৱলি যাব ধৰিছে, বোধহয় তেওঁৰ কলাৰ দৰে।   

এই লিখনীটোৰ এটা সংস্কৰণ হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ ‘UOH Dispatch’ পত্ৰিকাখনত ২০১৯ৰ এপ্ৰিল মাহত প্ৰকাশ পাইছিল।  

অনুবাদঃ পংকজ দাস

পংকজ দাস এগৰাকী সাংবাদিক, অনুবাদক আৰু অসমীয়া নিউজ পৰ্টেল newsnextone.com ৰ সহ-প্ৰতিস্থাপক। যোগাযোগৰ ইমেইল আইডি [email protected]

Sreelakshmi Prakash

শ্ৰীলক্ষ্মী প্ৰকাশ হায়দৰাবাদ বিশ্ববিদ্যালয়ত যোগাযোগ বিষয়ৰ স্নাতকোত্তৰ পাঠ্যক্ৰমত অধ্যয়নৰত। তেওঁ চহৰখন ঘূৰি-ফুৰি আৰু মানুহৰ কাহিনী শুনি ভাল পায়।

Other stories by Sreelakshmi Prakash