ইমান মানুহ দেখিলে আপুনি ভাবিব যে এইখন শচীন টেণ্ডুলকাৰ শেষৰখন টেষ্ট খেল। কিন্কিনীয়া বৰষুণ দি থকা স্বত্বেও খেল আৰম্ভ হোৱাৰ পাঁচ ঘণ্টা আগতেই প্ৰায় দুই লাখৰ ওচৰা-উচৰি মানুহ জমা হোৱা দেখি তেনে ভাব এটাই মনলৈ আহিব। কিন্তু মহাৰাষ্ট্ৰৰ কুণ্ডল নগৰত প্ৰত্যেক বছৰে হোৱা বিৰ দি বাট নোপোৱা এই খেলখনৰ কাৰণে দৰ্শকৰ ভিৰ ‘স্বাভাৱিকতকৈ কম’হে। খেলখন অৱশ্যে ক্ৰিকেট নহয়, মল্লযুঁজহে। মুষ্টিমেয় কেইবিধমান খেল ৰাজ্যখনৰ, বিশেষকৈ পশ্চিম মহাৰাষ্ট্ৰৰ গ্ৰামীণ অৰ্থনীতিত গভীৰভাবে শিপাই আছে। আনকি যোৱা বছৰৰ জলসংকটৰ পৰিপ্ৰেক্ষিতত কুণ্ডলৰ সেই জনপ্ৰিয় খেল অনুষ্ঠিত কৰা নহ’ল।         

‘খৰাঙৰ দিনত তিনি লাখ মানুহক পানী যোগান ধৰাৰ কথা কল্পনা কৰক,’ অনুষ্ঠানৰ আয়োজক এজনে কয়।  

ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ ক্ৰীড়া, ৰাজনীতি, অৰ্থনীতি আৰু সংস্কৃতিৰ মিলনভূমিতে মল্লযুঁজৰ স্থান। নগৰাঞ্চলতো মল্লযুঁজ চলে, কিন্তু মল্লযুঁজাৰু আহে গাঁৱৰ পৰা। তাৰে প্ৰায়ভাগ খেলুৱৈয়ে দৰিদ্ৰ পৰিয়ালৰ। এয়া দ্যা হিন্দুৱে কৰা সমগ্ৰ অঞ্চলটোৰ গ্ৰামীণ অনুষ্ঠানবোৰৰ সাক্ষাৎকাৰত প্ৰকাশ পাইছে। 

বিপৰ্যয়

মহাৰাষ্ট্ৰৰ কৃষি সংকটে এই খেলবিধক যোৱা কিছু বছৰত বাৰুকৈয়ে আঘাত কৰিছে। যোৱা বছৰৰ খৰাং আৰু এই বছৰৰ প্ৰাৰম্ভিক ভাগত দেখা দিয়া জলসংকটে পৰিস্থিতি অধিক শোচনীয় কৰি তুলিছে। ‘খৰাংঙে আমাৰ পানীত হাঁহ নচৰা অৱস্থা কৰিলে,’ ক’লহাপুৰত নিজৰ মল্লযুঁজৰ আখৰাগৃহত ৰাজ্যখনৰ মহান মল্লযুঁজাৰুসকলৰ মাজৰ এজন, আপ্পাচাহেব কদমে কয়। ‘প্ৰায়ভাগ স্থানীয় টুৰ্ণামেণ্ট বাতিল কৰা হৈছিল।’ বাকীবোৰত পুৰস্কাৰৰ টকা কমিছিল। ‘বহু ছাত্ৰই ঘৰৰ খৰছৰ বোজা কমাবলৈ আধাতে দীক্ষা এৰিলে।’ এইবাৰো অত্যাধিক বৰষুণে একে পৰিস্থিতিৰে সৃষ্টি কৰিলে।  

সৰু-সুৰা টুৰ্ণামেণ্টত প্ৰথম পুৰস্কাৰ হিচাপে ট্ৰেক্টৰ দিয়া হয়। ব্যক্তিগত খণ্ডৰ কোম্পানীয়ে এনে পুৰস্কাৰ আগবঢ়াব পাৰে, চাংলি জিলাৰ কুণ্ডল নগৰৰ বিয়াগোম খেলখনৰ আয়োজক বালাচাহেব লাড় আৰু অৰুণা লাড়ে কয়। ‘১৫ৰ পৰা ২৫ লাখ টকা সাধাৰণ শ্ৰেণীৰ কৃষকৰ পৰা আহে। খেতিয়কৰ দিন বেয়া চলিলে মল্লযুঁজৰ ফালেও আধ্যা পৰে।’ 

ভাল জীৱনৰ দুৱাৰ মুকলি কৰা খেল 

মল্লযুঁজ দৰিদ্ৰতাৰ অন্ধকূপৰ পৰা পোনে পোনে এটা পোহৰৰ বাট। গ্ৰামাঞ্চলৰ দৰিদ্ৰজনৰ কাৰণে এয়া এক সংগ্ৰাম। ‘খেলুৱৈসকলৰ প্ৰায় ৯০ শতাংশ দৰিদ্ৰ পৰিয়ালৰ পৰাই আহে,’ ক’লহাপুৰত কদমে কয়। ‘বাকীবোৰ ভূমিহীন শ্ৰমিক, বাঢ়ৈ আদি পৰিয়ালৰ। তেওঁলোকৰ কোনোৱেই শিক্ষিত শ্ৰেণীৰ নহয়। মল্লযুঁজত ধাউতিৰো কথা আছে। পালোৱানসকলৰ কোনোমতে পাঁচ শতাংশমানেহে শীৰ্ষ স্তৰৰ সফলতা লাভ কৰে।’ 

সেই অনুৰাগৰ বাবেই চফল ডেকাবোৰে তালিমৰ দুই কি তিনিটা কোঠাতেই থাকে, লগে-ভাগে আহাৰ ৰান্ধে। পুৱা ৫ বজাত তালিম আৰম্ভ হোৱাৰ আগেয়েই বহুতে পুৱা ৪ বজাতেই দৌৰিবলৈ যায়। তালিম পুৱা ৮.৩০ বজালৈ চলে। সৰুবোৰে পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৫ বজাৰ ভিতৰত পঢ়াশালীলৈ যায়। তাৰে আধাঘণ্টামান পিছতেই পুনৰাই প্ৰশিক্ষণ আৰম্ভ হয় আৰু ৰাতি ৮.৩০ বজালৈ চলে। কঢ়া অনুশাসনৰ মাজত চলিব লাগে। ‘উঠি অহা ক্ৰিকেটাৰে বছৰত চাৰিমাহমান প্ৰশিক্ষণ লয় চাগে। কিন্তু মল্লযুঁজত দহ বছৰৰ প্ৰশিক্ষণো কমেই হয়।’ 

তালিমত খেতিয়ক আৰু শ্ৰমিকে তেওঁলোকৰ সন্তানক পালোৱানৰ দীক্ষা দিওৱাৰ বাবে গুৰুক কাকূতি জনায়। তেতিয়া পুৱা ৬ বাজিছেহে। ৮৩ বৰ্ষীয় গণপাত্ৰাও আন্ধালকাৰে ক’লহাপুৰ স্থিত তালিমত আঠ বছৰীয়া শিষ্যক দীক্ষা দি আছে। এছিয়ান গেমচৰ স্বৰ্ণপদকধাৰী আৰু অলিম্পিক খেলুৱৈ গণপাত্ৰাওৱে ছাত্ৰবোৰৰ মাজৰ ডাঙৰবোৰৰ ওপৰত বিশেষ চকু ৰাখে। তাৰ সমানে সমানে সৰুবোৰকো কলা-কৌশলৰ পাঠদান কৰে। খেলৰ মাজতে তেওঁ মল্লযুঁজাৰুক গালিও পাৰে, আটাহো পাৰে। আকৌ সৰুবোৰৰ যুঁজৰ মাজত সোমাই ভুল কৌশল শুধৰাই দেখুৱায় দিয়ে। 

‘মল্লযুঁজ কৃষি অৰ্থনীতিত শিপাই আছে। কিন্তু সেই অৰ্থনীতি এতিয়া নিশকতীয়া হৈ পৰিছে,’ আন্ধালকাৰে কয়। ‘তালিমবোৰত মাচুল তেনেই কম, বোধকৰো মাহে ১০০ কি ২০০ টকা।’ আন্ধালকাৰে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ‘মুখ্য অতিথি’ হিচাপে যি পায় সেয়া মাচুলতকৈ বেছি। অতি দৰিদ্ৰজনৰ পৰা তেওঁ মাচুলো নলয়। ‘অৱশ্যে আহাৰৰ ক্ষেত্ৰত বহু বেছি খৰছ সিহঁতে নিজে বহন কৰিব লাগে।’ 

PHOTO • P. Sainath

চৰকাৰৰ পৰা ক্ষীণ সঁহাৰি  

ভালেমান দক্ষ খেলুৱৈ জন্ম দিয়া স্বত্বেও আৰু ফেডাৰেছনবোৰত শীৰ্ষ পৰ্যায়ৰ ৰাজনৈতিক নেতাৰে ভৰি থকা স্বত্বেও চৰকাৰৰ ফালৰ পৰা মল্লযুঁজৰ গুৰুসকলৰ প্ৰতি সঁহাৰি তেনেই ক্ষীণ। গোটেই পশ্চিম মহাৰাষ্ট্ৰখনত এটা অভিযোগ- নিজ ৰাজ্যৰ মল্লযুঁজাৰুৰ প্ৰতি পাঞ্জাৱ আৰু হাৰিয়ানাৰ সঁহাৰি বহুতেই ভাল। 

তেওঁলোকৰ দৈনন্দিন আহাৰৰ নামতে ভালেখিনি খৰছ হয়, এছিয়ান গেমচৰ পৰা আৰম্ভ কৰি কমনৱেলথ্ আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ বটাপ্ৰাপ্ত প্ৰাক্তন খেলুৱৈ কাকা পাৱাৰে তেওঁৰ পুণেস্থিত তালীমত কয়। ডাঙৰ ল’ৰাবোৰক প্ৰতিদিনে ৪০০ গ্ৰাম বাদাম, চাৰি লিটাৰ বিশুদ্ধ গাখীৰ, ৫০০ গ্ৰাম ঘী, ভালেকেইটা কণী, ফল-মূল আৰু শাক-পাচলি লাগে। তাৰোপৰি সপ্তাহত তিনিবাৰ ছাগলীৰ মাংস খাব লাগে। ‘তাৰ বাবে দিনে ৭০০ টকামান লাগে, সৰুবোৰৰ কাৰণে ৫০০ টকামান লাগে।’ 

এটা দৰিদ্ৰ কৃষক পৰিয়ালৰ বাবে সেই খৰছ খুবেই বেছি। ‘কিন্তু কেতিয়াবা গাঁৱৰ মানুহে সহায়ো কৰে।’ কিছু বছৰৰ ভিতৰতে সৰুবোৰে এখন খেলত ২০০০ টকা মান পুৰস্কাৰ পায়, ডাঙৰবোৰে ৫০০০ মান পায়। পালোৱানৰ প্ৰদৰ্শন ভাল হৈ আহিলে টকাৰ পৰিমাণো বাঢ়ে। মেলা আদিত লাখে লাখে মানুহ গোট খায়, তাতেই মল্লযুঁজ অনুষ্ঠিত হয়। কেতিয়াবা দৰ্শকে উঠি অহা মল্লযুঁজাৰুক পুৰস্কাৰো দিয়ে। খুব কম টুৰ্ণামেণ্ট হয় য’ত সৰ্বশ্ৰেষ্ঠজনৰ ২০ৰ পৰা ৫০ হাজাৰ পৰ্যন্ত আয় হয়, আপ্পাচাহেবে কদমে কয়।    

এই বছৰ ভালেমান টুৰ্ণামেণ্ট বাতিল কৰাৰ ফলত শচীন জামাদাৰ আৰু যোগেশ বম্বালেৰ দৰে যুৱ পালোৱানে মাচুলৰ পইচা যোগাৰ কৰাত কষ্ট পালে। আকৌ প্ৰতিভাশালী খেলুৱৈ সন্তোষ সুতাৰে ‘ক’লহাপুৰৰ তালীমৰ পৰা বিদায় ল’বলগীয়া অৱস্থাই দেখা দিছিল। মই ইয়াৰ পৰা চাংলি জিলাত থকা মোৰ পৰিয়ালৰ ওচৰলৈ উভতি যাবলগীয়া হৈছিল। ’ 

মেটৰ ওপৰত কৰা মল্লযুঁজে খেলখন একেবাৰে সলনি কৰি পেলাইছে। ‘ভাৰতীয় মল্লযুঁজাৰুৰ জন্ম মাটিতহে, মেটত নহয়,’ কিংবদন্তি আন্ধালকাৰে কয়। মল্লযুঁজৰ কাৰণে মাটিখিনি সাজু কৰা, তাকো শ শ গাঁৱত, এটা জটিল কঠোৰ পৰিশ্ৰমৰ কাম হৈ পৰে। তাতে দৈ, চূণপানী, ঘী আৰু হালধিও মিহলি কৰা হয়। শেষৰটোৱে প্ৰতিকাৰৰ কাম কৰে, কিয়নো মল্লযুঁজাৰুসকল প্ৰায়ে আহত হয়। (কেতিয়াবা আকৌ খুতুৰা-খুতুৰকৈ কটা মাংসৰ টুকুৰাও মাটিত মিহলি কৰা হয়।) 

হকীৰ দৰে  

৪০ বৰ্গফুটৰ মানক পৰ্যায়ৰ মেট এখনৰ দাম প্ৰায় ৭ লাখ টকা। এয়াতো বাদেই, ইয়াতকৈ সৰু আকাৰৰ মেট এখন কিনাটো গাঁৱৰ ক্ষুদ্ৰ তালীমবোৰৰ সাধ্যৰ বাহিৰত। সকলোৱে মেটৰ ওপৰত খেল পাতিবলৈ আৰম্ভ কৰিলে ভালেমান স্থানীয় পৰ্যায়ৰ টুৰ্ণামেণ্ট নাইকিয়া হৈ আহিব। এয়া পৰম্পৰাগত মল্লযুঁজত বিশ্বাসীসকলে কয়। কিছুমানে যুক্তি দিয়ে যে এনে কৰিলে ‘এষ্ট্ৰ’ টাৰ্ফে ভাৰতীয় হকীৰ যিটো অৱস্থা কৰিলে, সেই একেই পৰিণতি ভাৰতীয় মল্লযুঁজৰো হ’ব। স্থানীয় পৰ্যায়ত সেই টাৰ্ফ বহন কৰিব পৰাটো সম্ভৱ নাছিল আৰু ভাৰত তথা পাকিস্তানে সেই খেলবিধত আধিপত্য হেৰুৱালে।’ মেটৰ মল্লযুঁজত গতি বাঢ়ে আৰু খেল কেইমিনিটমানতে শেষ হয়। মাটিত হোৱা খেল ২৫ মিনিট পৰ্যন্ত চলে। ‘পাৰ্থক্য নাটকীয়, সাংস্কৃতিক, অৰ্থনৈতিক আৰু খেল হিচাপেও তফাৎ আছে,’ আন্ধালকাৰে কয়। 

এইখিনি সময়তে আটপাড়ি, য’ত মল্লযুঁজৰ সকলো কাৰ্যসূচী বাতিল কৰা হৈছিল, তাত শিক্ষক নামদেও শ্ৰীৰংগ বাদাৰে আশা এৰিছে। ‘পিছ নেৰা জল সংকটে বহু মানুহক বছৰে বছৰে কৃষি এৰিবলৈ বাধ্য কৰাই আহিছে। খেতি নাথাকিলে মল্লযুঁজো হেৰাই যাব।’ 

এই প্ৰবন্ধটো ২০১৩ চনৰ ৩০ অক্টোবৰত দ্যা হিন্দুত পূৰ্বে প্ৰকাশ পাইছে। 

অনুবাদঃ পংকজ দাস

পংকজ দাস এগৰাকী সাংবাদিক, অনুবাদক আৰু অসমীয়া নিউজ পৰ্টেল newsnextone.com ৰ সহ-প্ৰতিস্থাপক। যোগাযোগৰ ইমেইল আইডি [email protected]

পি সাইনাথ পিপল’ছ আৰ্কাইভেল অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰতিষ্ঠাপক সম্পাদক।‘এভ্ৰিবডী লাভছ আ গুড ড্ৰট’ ৰ লেখক সাইনাথে কেবাদশক ধৰি গ্ৰাম্য সাংবাদিকতা কৰি আহিছে।তেখেতৰ

Other stories by P. Sainath