গুঞ্জি গাঁৱৰ পাৰম্পৰিক আৰ্হিৰ খাজ কটা কাঠৰ দৰ্জাবোৰ কাহিলিপুৱাতে এখনৰ পিছত আনখন খোল খায়। মানুহবোৰে বটল লৈ ওলাই যায়। কিছুবছৰ আগতে তেওঁলোকে হাতত টিন বা ষ্টিলৰ ডাব্বা লৈ ওলাইছিল, কিন্তু এতিয়া সহজতে পোৱা প্লাষ্টিকৰ ডিচপোজেবল বটলেই দৈনিক পৰম্পৰাটো চলাই নিয়াত কামত আহে।

তেওঁলোকে ইজনে আনজনক দেখি সম্ভাষণ জনায় আৰু খেতিপথাৰৰ বিভিন্ন দিশত ওলাই যায়। তাৰে বহু ঠায়ে আকৌ উছন, কিয়নো মাটিৰ মালিকবোৰে ইতিমধ্যে সেইঠাই এৰি প্ৰব্ৰজন কৰিছে। সোনকালে উঠাৰ অভ্যাস থকাসকলে আকৌ আৰু খালি বটল লৈ সেই সময়তে ঘৰলৈ উভতে।

আটাইতকৈ ভাল ঠাই হৈছে ওখ ঠাইবোৰত থকা ঘন জোপোহাবোৰ। ৩২০০ মিটাৰ উচ্চতাত সেই জোপোহাৰ সংখ্যা কম আৰু অ'ত-ত'ত সিঁচৰিত হৈ আছে। সোনকালে উঠাবোৰেহে সেই ভাল ঠাইবোৰ পায়গৈ। বৰফে আবৰা আপি পৰ্বতমালা কমলাবৰণ ধৰি পোহৰ হৈ অহাৰ পৰতে গুঞ্জিবাসীয়ে ঘৰলৈ উভতি অহাৰ সময় হয়।

নাতিদুৰৈত থকা কুটি-য়াংটি নৈৰ পানীৰ হোহোঁৱনিৰ লগতে শিলাময় মাটিত ঘোৰাৰ বেলৰ শব্দ সমানে শুনা গৈছে। ঘোৰাবোৰক মালিকবোৰে গৰ্বাধৰলৈ লৈ যায়। ৫০ কিলোমিটাৰ দুৰৈৰ সেই ঠাইতে ভাৰত-চীনা সীমান্তৰপৰা অহা ৰপ্তানিৰ সামগ্ৰী কঢ়িয়ায়। সীমান্তৰপৰা সেই ঠাই ২২ কিলোমিটাৰ দুৰত অৱস্থিত।

The new make-shift toilets stand out among the two-hundred year houses of Gunji village
PHOTO • Arpita Chakrabarty
More make-shift toilets at the entrance of the village Gunji
PHOTO • Arpita Chakrabarty

তিনিটা শৌচাগাৰ পুৰুষ আৰু মহিলাৰ কাৰণে গুঞ্জিৰ প্ৰৱেশদ্বাৰতে আছে, গৃহগাওঁখন সাক্ষাত কৰিবলৈ উচ্চপদস্থ আৰক্ষী বিষয়া এজন অহাৰ সময়ত আৰু ছটা শৌচাগাৰ সজা হৈছিল, সেই আটাইবোৰ তলা লগাই থোৱা হৈছে

গুঞ্জিৰ প্ৰৱেশস্থলীতে পুৰুষ-মহিলাৰ বাবে তিনিটা শৌচাগাৰ আছে। সেইকেইটা তলা লগাই থোৱা আছে। নিজৰ জন্মস্থানখন চাবলৈ অহা উচ্চপদস্থ আৰক্ষী বিষয়া এজনৰ উপস্থিতিৰ পুৰ্বেই ছটা অস্থায়ী শৌচাগাৰ নিৰ্মাণ কৰা হৈছিল। সেইকেইটাও এতিয়া তলা লগাই থোৱা আছে। ২০০ বছৰ পুৰণি শিলৰ চালি দিয়া ঘৰবোৰৰ সমুখতে সেয়া থিয় হৈ আছে। শৌচাগাৰকেইটাৰ চাবি গুঞ্জিৰ গ্ৰাম প্ৰধানৰ হাতত আছে। কিন্তু তেওঁ ৭০ কিলোমিটাৰ দুৰৈৰ ধাৰাচুলাতে বহুদিন ধৰি আছে।

গুঞ্জি হৈছে উত্তৰাখণ্ডৰ হিমালয়ৰ উচ্চৱৰ্তীস্থানৰ ২১ খন গাঁৱৰ ধাৰাচুলা ব্লকৰ পিথাৰাগঢ় জিলাৰ এখন গাওঁ। ইয়াৰে বাসিন্দাসকলে ঋতু অনুযায়ী প্ৰব্ৰজন কৰে। প্ৰত্যেক বছৰৰ নবেম্বৰ মাহত পোহনীয়া  জীৱ-জন্তুৰ সৈতে পৰিয়ালবোৰ ধাৰাচুলাস্থিত শীতকালীন ঘৰলৈ নামি আহে।

মে' মাহৰ আৰম্ভণিতে, বৰফ পৰা কমিবলৈ ধৰাৰ সময়তে পৰিয়ালবোৰ গু্ঞ্জিলৈ পুনৰাই ৰাওনা হয়। ওখ থিয় পৰ্বতত ৬০-৭০ কিলোমিটাৰৰ বাট বগাওতে চাৰিদিনমান লাগে। তাতেই তেওঁলোকে খেতি-বাতি কৰে। বৰষুণ ভাল হ'লে (যোৱা দুবছৰ ধৰি বৰষুণ খুব কমেই হৈছে) তেওঁলোকে অক্টোবৰ মাহত বাজৰা, ৰাজমা, বিন আৰু অইন খেতি কৰে আৰু জীৱ-জন্তু লৈ তাৰপিছত জীৱ-জন্তু সহিতে শীতকালীন ঘৰলৈ উভতি আহে।

Another entrance of the village Gunji
PHOTO • Arpita Chakrabarty

গুঞ্জি কোনো অখ্যাত ঠাই নহয়- ভাৰত-চীন সীমান্তত থকা আটাইতকৈ ডাঙৰ গাওঁখনেই হৈছে গুঞ্জি

অৱশ্যে বহুতো পৰিয়ালৰে দুটা ভিন্ন স্থানত দুটাকৈ ঘৰ থকাৰ বিলাসিতা নাই। বাৰ ঘৰমান পৰিয়ালে সেই প্ৰচণ্ড শীতৰ মাজতো গুঞ্জিৰ সেই ঘৰবোৰতে থাকিবলৈ বাধ্য হয়, কেতিয়াবা মাইনাছ ২০ ডিগ্ৰীলৈকে শীত নামে। গ্ৰীষ্মকালত গুঞ্জিৰ উষ্ণতা ১০ ডিগ্ৰী চেলচিয়াছমান হয়।

এনেকুৱা নহয় যে গুঞ্জি এক অখ্যাত ঠাই- ভাৰত-চীন সীমান্তত এইখনেই আটাইতকৈ ডাঙৰ গাওঁ। ইয়াতে ইণ্ডো-তিবেট পুলিচ চমুকৈ আইটিবিপিৰ আৰক্ষী চকী, শুল্ক বিভাগ আৰু ভাৰতীয় ষ্টেট বেংকৰ অস্থায়ী শাখা আৰু বছৰটোৰ ছমাহ খোলা থকা ডাকঘৰো আছে।

কিন্তু ১৯৪ ঘৰ পৰিয়াল থকা গাওঁখনত (২০১১ চনৰ লোকপিয়লমতে) এটাহে কাৰ্যক্ষম শৌচাগাৰ আছে, সেইটোও আছে ইণ্টেলিজেঞ্চ ব্যুৰোৰ অফিছতহে। আন্তঃৰাষ্ট্ৰীয় সীমান্ত ওচৰতে আৰু সাম্ভাব্য অবৈধ বাণিজ্য সেইফালেই হ'ব পাৰে আৰু কৈলাশ মানসৰোবৰ যাত্ৰা গুঞ্জি হৈয়েই যায়, সেয়ে তাতে আইবি অফিছ আছে। আকৌ আইবি অফিছত থকা শৌচাগাৰটোতো নলৰ পানী নাই, প্ৰত্যেকবাৰ ব্যৱহাৰ কৰোতে বাহিৰৰ টেপৰপৰা পানী আনিব লাগে।

গাওঁখনত এটাই কাৰ্যক্ষম টেপ আছে, সেইটো কাষৰে কুটি-য়াংকটি নৈৰ পানীৰে সৈতে সংযোগ কৰি থোৱা আছে। ইয়াৰে মানুহে সেই পানীয়ে খোৱা, গা ধোৱা আৰু কাপোৰ-কানি ধোৱাৰ কাৰণে ব্যৱহাৰ কৰে। শীতকালত যেতিয়া গুঞ্জি আৰু আশে-পাশে থকা পাহাৰীয়া এলেকাবোৰ বৰফেৰে ঢাক খাই থাকে, পাইপৰ পানীও গোট মাৰে, তেতিয়া মানিলাস্থিত জেনেৰেল ৰিজাৰ্ভ ইঞ্জিনিয়াৰ ফৰ্চ (জিআৰইএফ) য়ে মাজে-সময়ে গুঞ্জিৰ বাসিন্দাসকলক খোৱাপানী যোগান ধৰে।

আনকি গুঞ্জিস্থিত ইণ্টেলিজেঞ্চ ব্যুৰোৰ শৌচাগাৰটোতো নলৰ পানীৰ ব্যৱস্থা নাই; পানীৰ বাল্টি এটা লৈহে তাতে সোমাব লাগে

ভিডিঅ চাওকঃ "পানীৰ অভাৱতে আমি কষ্ট ভূগিবলগা হয়, কুষ্মা দেবী

“জিআৰইএফ-য়ে মাজেসময়ে শীতকালত পানী যোগান ধৰে, কিন্তু বাকী সময়ত আমি নিজেই সেয়া যোগাৰ কৰি ল'বলগীয়া হয়," ঘন কুৱলীৰ বতৰতো গুঞ্জিতে থাকি যোৱা মংগল গুঞ্জিৱালে কয়। "আমাৰ গাঁৱত গোটেই বছৰটোতে সাংঘাতিক ধৰণে পানীৰ নাটনি হয়, বিশেষকৈ শীতৰ দিনকেইটাত। যেতিয়া পৰ্বতৰ ফালৰপৰা বৰফ চেঁচা বতাহ বলিবলৈ ধৰে, পানী পোৱাটো দুৰুহ হৈ পৰে। বহুসময়ত, বৰফ বা শিল পৰি একমাত্ৰ পানীৰ পাইপডাল ফাটি যায়। আমি কুটি-য়াংটি নৈৰপৰা (বাল্টিত, বাৰে বাৰে যাবলগা হয়) পানী আনো, কিন্তু নৈও গোট মাৰি বৰফ হয়। তেতিয়া আমি চাহ বনাবৰ বাবে বা পানী খাবৰ বাবে বৰফ গৰম কৰো।"

Phal Singh Gunjiyal of village Gunji
PHOTO • Arpita Chakrabarty

"পানী নাই কাৰণেই আমাৰ ইয়াতে কাৰো শৌচাগাৰ নাই। গ্ৰীষ্মকালত আমি নলৰ পানী পাও, কিন্তু তেতিয়া প্ৰত্যেকেই গুঞ্জিৰপৰা ধাৰাচুলালৈ আহে, তেতিয়া গাইমুৰি পানীৰ পৰিমাণ কমি আহে," শীতকালত গুঞ্জিতে থকা আন এজন লোক ফাল সিং গুঞ্জিৱালে কয়।

গুঞ্জি গাওঁ থকা পিথোৰাগঢ় জিলাক ২০১৭ চনৰ ১৫ এপ্ৰিলত মুকলিত কৰা শৌচমুক্ত (অপেন ডিফেকেছন ফ্ৰী চমুকৈ ওডিএফ) বুলি পেয়জল আৰু অনাময় মন্ত্ৰালয়ে ঘোষণা কৰিছিল। গ্ৰামীণ উত্তৰাখণ্ডক ভাৰতৰ চতুৰ্থখন ওডিএফ ৰাজ্য বুলি (চিকিম, হিমাচল প্ৰদেশ আৰু কেৰেলাৰ পিছত) এইবছৰ ২৩ জুনত স্বচ্ছ ভাৰত অভিযান (গ্ৰামীণ) (এছবিএম, গ্ৰামীণ)অধীনত ঘোষণা কৰিছিল। উত্তৰাখণ্ডৰ ১৫, ৭৫১ খন গাঁৱৰ কোনো এখনতে এতিয়া কোনোৱেই মুকলিত শৌচ নকৰে বুলি অভিযানত দাবী কৰি কোৱা হৈছে।

ধাৰাচুলাৰ ব্লক অফিছত থকা এছবিএমৰ তথ্যমতে গুঞ্জিৰ প্ৰতিঘৰ পৰিয়ালৰে কালি নৈৰ পাৰত থকা ধাৰাচুলাস্থিত শীতকালীন ঘৰত শৌচাগাৰৰ সুবিধা আছে। কিন্তু পানীৰ অভাৱতে শীতকালীন ঘৰত থাকি মুকলিতে শৌচ কৰিবলগীয়া হৈছে বুলি গাওঁবাসীয়ে অভিযোগ কৰে।

"পানী নাই কাৰণেই আমাৰ ইয়াতে কাৰো শৌচাগাৰ নাই। গ্ৰীষ্মকালত আমি নলৰ পানী পাও, কিন্তু তেতিয়া প্ৰত্যেকেই গুঞ্জিৰপৰা ধাৰাচুলালৈ আহে, তেতিয়া গাইমুৰি পানীৰ পৰিমাণ কমি আহে," শীতকালত গুঞ্জিতে থকা আন এজন লোক ফাল সিং গুঞ্জিৱালে কয়।

The permanent toilets in Gunji villag are also locked
PHOTO • Arpita Chakrabarty

'পানী নাই কাৰণে আমাৰ ইয়াতে শৌচাগাৰো নাই, শীতকালত গুঞ্জিতে থকা ফাল সিং গুঞ্জিৱালে কয়

এছবিএমৰ প্ৰকল্প প্ৰৱন্ধক আৰু জিলা সমন্বয়ক দীপ চন্দ্ৰ পুনেথাই কয় যে হিমালয়ৰ উচ্চতাত থকা গাওঁবোৰত এমএনৰেগাকে ধৰি বিভিন্ন আঁচনিৰ অধীনত সামুহিক শৌচাগাৰ নিৰ্মাণ কৰা হৈছে। "উচ্চতাত থকা গাওঁবোৰত ঠাই কম হোৱাৰ বাবে ধাৰাচুলাৰ ২১ খন প্ৰব্ৰজনকাৰী গাঁৱত সামুহিক শৌচাগাৰ তৈয়াৰ কৰা হৈছে," তেওঁ কয়।

কিন্তু পানী নোহোৱাকৈ কেনেদৰে শৌচাগাৰ তৈয়াৰ কৰা হয়? আৰু নতুনকৈ নিৰ্মিত শৌচাগাৰবোৰ তলা লগাই কিয় থোৱা হৈছে? গুঞ্জি গাঁৱৰ গ্ৰাম প্ৰধান অৰ্চনা গুঞ্জিৱালে এটা বিশেষ কাৰণ দৰ্শায়ঃ "এইবোৰ নতুন শৌচাগাৰ। পানী নাথাকিলে সেইবোৰ গাঁৱৰ মানুহে লেতেৰা কৰিব।" তেন্তে কেতিয়া সেইবোৰ পানীৰ নলেৰে সংযোগ কৰা হ'ব? "তাতে সময়ৰ প্ৰয়োজন হ'ব। আমি অধিক পানীৰ নলৰ সংযোগ স্থাপন কৰিব লাগিব, তেতিয়ালৈকে আমি এই শৌচাগাৰবোৰ ব্যৱহাৰ কৰিব নোৱাৰো," তেওঁ কয়।

Sukhmati Devi of village Kuti
PHOTO • Arpita Chakrabarty

গুঞ্জিৰ গ্ৰাম প্ৰধানজনে নতুনকৈ তৈয়াৰ কৰা শৌচাগাৰবোৰ তলা লগাই থয় কিয়নো "পানী নহলে সেইবোৰ গাঁৱৰ মানুহে লেতেৰা কৰি পেলাব"

সেই সময়তে মানুহে মুকলিতে শৌচ কৰি আছে, যদিও চৰকাৰী তথ্যত কোৱা হৈছে যে গাওঁখনত কাৰ্যক্ষম শৌচাগাৰ আছে। ইয়াৰে ভিতৰত গুঞ্জিও কোনো কাৰণতে ভিন্ন নহয়, এছবিএমে নিয়মীয়াকৈ মন্থন কৰা গাওঁ। গুঞ্জিৰ পৰা ১৯ কিলোমিটাৰ দুৰত ৩৬৩ গৰাকী বাসিন্দা থকা ৪৫০০ মিটাৰ উচ্চতাত থকা কুটি গাঁৱত চাৰিটা শৌচাগাৰ আছে। তাৰে দুটা পুৰুষৰ আৰু আন দুটা মহিলাৰ। কিন্তু ইযাৰে দুটাৰ অৱস্থা তেনেই শোচনীয়। আন দুটাৰ মলবোৰ এটা চেপটিক টেংকত যাব লাগে যদিও তাতে কোনো পাইপ নাই, অৱশ্যে দুডাল পাইপেৰে পানী ওচৰতে যায়। "আমি শৌচ কৰাৰ বাবে সেই শৌচাগাৰটো ব্যৱহাৰ কৰো। প্ৰশ্ৰাৱ কৰাৰ বাবে আমি ওচৰৰে খালি পথাৰত যাও। আন্ধাৰ নামিলে ঘৰৰ ওচৰতে প্ৰশ্ৰাৱ কৰো," কুটি গাঁৱৰ পাৰ্বতী দেবীয়ে কয়, তেওঁৰ স্বামী আইটিবিপিৰপৰা অৱসৰ লাভ কৰিছে।

কিছুমান ক্ষেত্ৰত গাঁৱৰ মানুহকে এইক্ষেত্ৰত পৰিৱৰ্তনক বাধা দিয়া বুলি ক'ব পাৰি। "এনেদৰেই আমাৰ পুৰ্বপুৰুষ আৰু আমি জীয়াই আহিছো। কোনোবা বাহিৰৰ মানুহ আহি আমাক ক'লে বুলিয়েই আমি এয়া এৰি কেনেদৰে হঠাতে সলনি হও?" কুটিৰ এগৰাকী বয়োজ্যেষ্ঠ খেতিয়ক সুখমতি দেবীয়ে কয়।

২০১৯ চনৰ অক্টোবৰ মাহলৈ এছবিএম অভিযানে দাবী কৰিছে যে ই 'স্বচ্ছ ভাৰত'ৰ লক্ষ্যত উপনীত হ'ব। কিন্তু পানী নোহোৱাকৈ এটাৰ পিছত এটাকৈ নিৰ্মাণ কৰা শৌচাগাৰবোৰ আৰু সেই জৰাজীৰ্ণ শৌচাগাৰবোৰ ব্যৱহাৰ কৰিবলৈ মানুহৰ অনিচ্ছাৰ ভাবে এছবিএমৰ সেই বৃহত পৰিকল্পনাত যে ভালদৰে আঘাত হানিছে সেইকথা নুই কৰিব নোৱাৰি।

অনুবাদঃ পংকজ দাস

Arpita Chakrabarty

Arpita Chakrabarty is a Kumaon-based freelance journalist and a 2017 PARI fellow.

Other stories by Arpita Chakrabarty
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das