আপোনাৰ গাঁৱত বৰষুণ দিছেনে? উত্তৰ গুজৰাটৰ বনসকাণ্ঠা জিলাৰ কাৰাভাই আলে ফোনত এই কথা সুধিলে। ‘ইয়াত বৰষুণ নাই।’ কথোপকথনখিনি এইবছৰ জুলাই মাহৰ শেষৰটো সপ্তাহত হৈছিল। ‘বৰষুণ হ’লেহে আমি ঘৰলৈ যাম,’ তেওঁ ক্ষীণ আশা বান্ধি কথাখিনি ক’লে। 

তেওঁ ইমানেই চিন্তিত হৈ পৰিছিল যে তেওঁ মনেই নকৰিলে যে তেওঁ ৯০০ কিলোমিটাৰ দুৰত পুণে চহৰত এনে এজন মানুহৰ সৈতে কথা পাতি আছিল যিজন কৃষক নাছিল। কাৰাভাইৰ গোটেই পৰিয়ালটো বৰ্ষাৰ ওপৰতে নিৰ্ভৰ কৰে কাৰণে তেওঁৰ মনটো সম্পূৰ্ণৰূপে বৰষুণৰ কথাতে ডুবি আছিল। 

নিজৰ পুত্ৰ, বোৱাৰী, দুই নাতি আৰু এজন ভাতৃৰ লগতে তেওঁৰ পত্নিৰ সৈতে নিজৰ বছৰেকীয়া পৰিভ্ৰমণৰ কাৰণে ৭৫ বৰ্ষীয় এইজন গৰখীয়াই নিজৰ গাওঁ এৰা ১২ মাহ হৈ গৈছে। চৌধ্যজনীয়া এই পৰিয়ালটোৱে নিজৰ ৩০০ৰো অধিক ভেড়া, তিনিটা উট আৰু ৰাতি এই পশুজাকৰ ৰখীয়া হিচাপে থকা বিচিঅ’ নামৰ কুকুৰটোৰ সৈতে ৰাওনা হৈছে। আৰু সেই বাৰ মাহত তেওঁ নিজৰ পশুবোৰৰ সৈতে কচ্ছ, সুৰেন্দ্ৰনগৰ, পাটন আৰু বনসকাণ্ঠা জিলাত ৮০০ কিলোমিটাৰৰো অধিক দুৰত্ব অতিক্ৰম কৰিছে।

গুজৰাটৰ তিনিখন ক্ষেত্ৰৰ মাজেৰে ৮০০ কিলোমিটাৰ দূৰত্ব কাৰাভাই আলৰ পৰিয়ালে প্ৰতিবছৰে অতিক্ৰম কৰে। উৎসঃ গুগল মানচিত্ৰ

কাৰাভাইৰ পত্নি ডৌচিবাঈ আৰু স্কুললৈ যোৱা সৰুটো নাতি গুজৰাটৰ ৰাপৰ তালুকৰ জাটাবাড়া গাঁৱৰ নিজৰ ঘৰতে আছে। সেই ফৈদটো ৰাবাৰী সম্প্ৰদায়ৰ (সেইখন জিলাত ওবিচি বুলি তালিকাভূক্ত)। এওঁলোকে নিজৰ ভেড়া-ছাগলীৰ কাৰণে চৰণীয়া পথাৰৰ সন্ধানত প্ৰতি বছৰে ৮ৰ পৰা ১০ মাহলৈকে নিজৰ গাওঁ এৰি ঘূৰি ফুৰে। এই যাযাবৰ গৰখীয়াসকলে এটা স্বাভাবিক বছৰত দিপাৱলীৰ (অক্টোবৰ-নবেম্বৰ) ঠিক পিছতে যাত্ৰাৰম্ভ কৰে আৰু বৰ্ষাকালৰ আগে আগে ঘৰলৈ উভতি আহে।

তাৰমানে তেওঁলোকে বাৰিষাৰ দিনকেইটা এৰি বাকী দিনবোৰত ভ্ৰমি ফুৰে। উভতি অহাৰ পিছতো পৰিয়ালৰ কিছু সদস্য ঘৰৰ বাহিৰতে থাকে আৰু জাটৱাড়াৰ বাহিৰত ভেড়া-ছাগলী চৰাবলৈ নিয়ে। ভেড়া-ছাগলীবোৰ গাঁৱৰ ভিতৰত থাকিব নোৱাৰে, সিহঁতৰ কাৰণে মুকলি ঠাই আৰু চৰণীয়া পথাৰ লাগে। 

‘মই ভাবিলো যে গাঁৱৰ পেটেলে আমাক ইয়াৰ পৰা খেদিবলৈ আপোনাক পঠিয়াইছে।’ কাৰাভাইয়ে এইখিনি কথাই কৈছিল যেতিয়া আমি তেওঁক বিচাৰি সুৰেন্দ্ৰনগৰ জিলাৰ গৱানা গাঁৱৰ এখন শুকান নৰাৰ খেতিপথৰাত তেওঁক লগ পাইছিলোঁ। সেই ঠাইখন আহমেদাবাদ চহৰৰ পৰা ১৫০ কিলোমিটাৰ দূৰত। 

তেওঁৰ সন্দেহ অমূলক নহয়। দীৰ্ঘকালীন খৰাঙৰ সময়ত মাটিৰ মালিকবোৰে গৰখীয়া আৰু তেওঁলোকৰ পশুৰ জাকবোৰক নিজৰ এলেকাৰ পৰা বাহিৰ কৰি দিয়ে। সিহতে নিজৰ গৰু-মহৰ কাৰণে ঘাঁহ আৰু নৰাবোৰ বচাই ৰাখে। তেনে সময়তে গৰখীয়াৰ দিনবোৰ কঠিন হৈ পৰে।

‘এইবাৰ দুস্কালে (খৰাং বতৰে) জুৰুলা কৰিলে,’ কাৰাভাইয়ে আমাক কয়। ‘বৰষুণ একেবাৰেই নাছিল, সেই কাৰণেই আমি যোৱা বছৰ আখাৰ (জুন-জুলাই) মাহত ৰাপাৰ এৰিলো।’ শুকাই জৰ্জৰ হোৱা জিলাখনত পৰা খৰাঙৰ ফলত তেওঁলোকে এইবাৰ সোনকালেই বছৰেকীয়া পৰিভ্ৰমণ কৰিবলৈ বাধ্য হৈছে।

‘যেতিয়ালৈকে বৰ্ষাকাল নাহে তেতিয়ালৈ আমি ভেড়া ছাগলীৰ সৈতে ভ্ৰমি ফুৰো। বৰষুণ নহ’লে আমি ঘৰলৈ উভতি নাযাও! মালধাৰীসকলৰ এয়েই জীৱন,’ তেওঁ আমাক কয়। গুজৰাটী শব্দ ‘মালধাৰী’ দুটা শব্দৰ পৰা আহিছে, মাল মানে পশু আৰু ধাৰী মানে ৰক্ষক।

‘গুজৰাটৰ শুষ্ক আৰু অৰ্ধ-শুষ্ক ক্ষেত্ৰত ২০১৮-১০লৈ খৰাং বতৰ ইমানেই তীব্ৰ আছিল যে ২৫ বছৰ আগতে যিবোৰ গৰখীয়াই গাঁৱতে থিতাপি লৈছিল, তেওঁলোকেও চৰণীয়া পথাৰ, পশুখাদ্য. আৰু জীৱিকাৰ সন্ধানত পুনৰাই ওলাই যাবলগীয়া হৈছে,’ নীতা পাণ্ডিয়াই কয়। নীতা মালধাৰি গ্ৰামীণ অভিযান গোট (মালধাৰী ৰুৰেল এক্সন গ্ৰুপ চমুকৈ মাৰ্গ) নামৰ সন্থাটোৰ প্ৰতিস্থাপক। আহমেদাবাদৰ সন্থাটোৱে ১৯৯৪ৰ পৰা গৰখীয়াৰ মাজত থাকি সক্ৰিয়ভাবে কাম কৰি আহিছে।

PHOTO • Namita Waikar
PHOTO • Namita Waikar

আল পৰিয়ালৰ ৩০০ ভেড়া এখন পতিত পথাৰত চৰি থকা অৱস্থাত। তাতে এটা সময়ত জীৰাৰ খেতিপথাৰ হৈছিল। সোঁফালৰ আলোকচিত্ৰত কাৰাভাইয়ে নিজৰ জাটৱাড়া গাঁৱৰ এজন বন্ধুৰ সৈতে ফোনত কথা পাতি ঘৰৰ খবৰ লোৱা অৱস্থাত 

এই মালধাৰী পৰিয়ালটোৰ বসতিস্থল কচ্ছত ২০১৮ত বৰষুণ মাত্ৰ ১৩১ মি.মি. হৈছিল য’ত নেকি কচ্ছত স্বাভাৱিক বৰষুণৰ পৰিমাণ বছৰি গঢ় হাৰত ৩৫৬ মি.মি.। কিন্ত সেই বছৰটোৰ অস্বাভাৱিক বছৰ আছিল। এই জিলাখনত যোৱা এটা দশকত বৰ্ষাকাল অস্বাভাৱিক। ভাৰতীয় বতৰবিজ্ঞান বিভাগৰ তথ্য মতে ২০১৪ত জিলাখনত বৰষুণ কমি ২৯১ মি.মি. হৈছিল। ২০১৬ত সেয়া ২৯৪ মি.মি. হ’ল। ২০১৭ত সেয়া বাঢ়ি ৪৯৩ হয়। চাৰিটা দশক আগতে ১৯৭৪-৭৮ত এনেদৰে পাঁচ বছৰ কালত এটা দুৰ্যোগপূৰ্ণ বছৰ আহে (১৯৭৪ত ৮৮ মি.মি.) আৰু চাৰিটা ক্ৰমিক বছৰ থাকে য’ত বৰষুণ গঢ় ‘সামান্য’ হাৰতকৈ বেছি হয়।

চাউথ এছিয়া নেটৱৰ্ক অন ডেমচ, ৰিভাৰ্ছ এণ্ড পিপল-ৰ হিমাংশু ঠক্কৰে বছৰৰ ভূল অগ্ৰাধিকাৰত নিহিত গুজৰাটৰ জলসংকট  শীৰ্ষক ২০১৮ৰ প্ৰতিবেদনত লিখিছে যে যোৱা তিনিটা দশকত ৰাজ্যৰ প্ৰতিখন চৰকাৰে নৰ্মদা বান্ধৰ কাম কচ্ছ, সৌৰাষ্ট্ৰ আৰু উত্তৰ গুজৰাটৰ খৰাংপিড়ীত ক্ষেত্ৰৰ জীৱনৰেখা হিচাপে কৰি আহিছে। য’তনেকি তৃণমূল পৰ্যায়ত এই ক্ষেত্ৰকেইটাক খুবেই কম অগ্ৰাধিকাৰ দিয়া হৈছে। নগৰাঞ্চল, উদ্যোগ আৰু মধ্য গুজৰাটৰ কৃষকৰ চাহিদা পূৰণ হোৱাৰ পিছত অৱশিষ্টভাগ পানীহে তেওঁলোকে পায়।

‘নৰ্মদা নদীৰ পানী সেই অঞ্চলবোৰৰ খেতিয়ক আৰু পশুপালক সকলে পাব লাগে,’ ঠক্কৰে আমাক ফোনত এই কথা ক’লে। ‘কুঁৱাবোৰত পানী পুনৰাই ভৰাই তোলা আৰু লঘু বান্ধৰ কাৰণে অতীতত গ্ৰহণ কৰা কাৰ্যসূচী পুনৰাই প্ৰৱৰ্তন কৰিব লাগিব।’ 

মালধাৰীসকলে নিজৰ ভেড়া-ছাগলীক খুৱাবলৈ সামূহিক চৰণীয়া পথাৰ আৰু গাঁৱৰ ঘাঁহনি পথাৰৰ ওপৰৰ নিৰ্ভৰশীল। তেওঁলোকৰ বেছিভাগৰেই নিজা মাটি নাই আৰু যিসকলৰ আছে তেওঁলোকে বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি বাজৰা আদিৰ খেতি কৰে। সেয়া নিজে খায় আৰু ভেড়া-ছাগলী আদিক খুৱায়। 

‘আমি দুদিন আগতে ইয়ালৈ আহিছিলো আৰু এতিয়া ঘূৰি যাবলৈ ওলাইছো। ইয়াতে (আমাৰ কাৰণে) ইমান একো নাই,’ মাৰ্চ মাহৰ এটা দিনত কাৰাভাইয়ে জীৰাৰ খেতি হোৱা এখন চন পৰা পথাৰলৈ আঙুলিয়াই দি এইখিনি কথা কয়। ১৯৬০ত কাৰাভাইৰ কৈশোৰৱস্থাত সুৰেন্দ্ৰনগৰ জিলাত বছৰৰ প্ৰায় ২২৫ দিনত তাপমান ৩২ ডিগ্ৰী ছেলচিয়াছ পাৰ হৈ গৈছিল। এতিয়া এনে দিনৰ সংখ্যা ২৭৪ দিনতকৈও বেছি হৈছে। তাৰমানে ৫৯ বছৰত গ্ৰীষ্মদিনৰ সংখ্যা ৪৯ দিন বাঢ়িছে। নিউয়ৰ্ক টাইমচৰ দ্বাৰা এই বছৰ জুলাই মাহত অনলাইন মাধ্যমত প্ৰকাশিত জলবায়ু আৰু গোলকীয় উত্তাপ শীৰ্ষক এক প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে।

সুন্দৰনগৰ। ইয়াতেই আমি পশুপালকসকলক লগ পাইছো। তাতে প্ৰায় ৬৩ শতাংশতকৈও অধিক পশুপালক কৃষিকাৰ্যৰ সৈতে জড়িত। গোটেই গুজৰাটত এই হাৰ ৪৯.৬১ শতাংশ। উৎপাদিত প্ৰমূখ শস্যসমূহ হৈছে কপাহ, জীৰা, বাজৰা, দাইল, বাদাম আৰু এৰাৰ খেতি হয়। খেতি চপোৱাৰ পিছত খেতিৰ নৰাবোৰ ভেড়াৰ বাবে ভাল খাদ্য হয়।

২০১২ৰ পশুধনৰ পিয়ল মতে গুজৰাটত ৩৩ খন জিলাত সৰ্বমূঠ ১৭ লাখ ভেড়া আছে। কচ্ছত আছে তাৰে ৫ লাখ ৭০ হাজাৰৰো অধিক ভেড়া। জিলাৰ বাগড় উপক্ষেত্ৰখনত, য’ত কাৰাভাইৰ বসতিস্থল, তাতে তেওঁৰ দৰে প্ৰায় ২০০ ৰাবাৰি পৰিয়াল থাকে যিসকলে ৩০ হাজাৰ ভেড়াৰ সৈতে ঘৰৰ পৰা ২০০ৰো অধিক কিলোমিটাৰ বাট পদব্ৰজে ভ্ৰমি ফুৰে।

পৰম্পৰাগতভাবে জাকে জাকে পশুবোৰ পথাৰত নামি মল-মূত্ৰ ৰূপত খেতিপথাৰত সাৰ এৰে। তাৰ বিনিময়ত খেতিয়কে তেওঁলোকক বাজৰা, চেনী আৰু চাউল দিয়ে। কিন্তু জলবায়ুৰ দৰে শতিকা ধৰি চলি অহা এই পাৰম্পৰিকভাবে লাভজনক সম্পৰ্ক গুৰুতৰ পৰিৱৰ্তনৰ মাজেৰে পাৰ হ’বলৈ ধৰিছে।

‘আপোনালোকৰ গাঁৱত শস্য চপোৱা শেষ হ’ল নে?’ পাটন জিলাৰ গোবিন্দ ভাৰৱড়ক কাৰাভাইয়ে সোধে। ‘আমি সেই খেতিপথাৰত ৰ’ব পাৰোনে?’ 

আপোনালোকৰ গাঁৱত শস্য চপোৱা শেষ হ’ল নে? আমাৰ সৈতে থকা গোবিন্দ ভাৰৱড়ক কাৰাভাইয়ে সুধিলে। ‘আমি সেই খেতিপথাৰত ৰ’ব পাৰোনে?’ 

‘তেওঁলোকে দুদিন পিছত শস্য কাটিব,’ গোবিন্দই কয়। তেওঁ মাৰ্গ গোটৰ এগৰাকী সদস্য আৰু পাটন জিলাৰ চামি তালুকৰ ধনোৰা গাঁৱৰ এগৰাকী কৃষি-পশুপালক। ‘এইবাৰ মালধাৰীসকলে খেতিপথাৰৰ মাজেৰে পাৰ হ’ব পাৰিব, তাতে ৰ’ব নোৱাৰিব, ইয়াতে পানী আৰু পশুখাদ্যৰ খুবেই নাটনি ঘটিছে।’

এই ঠাইৰ পৰাই কাৰাভাই আৰু তেওঁৰ পৰিয়ালটো পাটন জিলাৰ দিশে অগ্ৰসৰ হ’ল। ঘৰলৈ উভতাৰ আগেয়ে তেওঁলোক তিনিটা প্ৰমুখ ক্ষেত্ৰ কচ্ছ, সৌৰাষ্ট্ৰ আৰু উত্তৰ গুজৰাটৰ মাজেৰে পাৰ হৈ আহিছে।

পৰিৱৰ্তিত বতৰ আৰু জলবায়ুৰ পৰিপ্ৰেক্ষিতত এটা বস্তু সদায়ে স্থিৰ হৈ আছে, সেয়া হৈছে তেওঁলোকৰ আতিথ্য। ৰাস্তাৰ দাঁতিত নিৰ্মিত তেওঁলোকৰ অস্থায়ী ঘৰবোৰতো। কাৰাভাইৰ বোৱাৰী হীৰাবেন আলে পৰিয়ালৰ কাৰণে অনা বাজৰাৰ ৰুটি এগালমান দিছিল আৰু গৰম চাহ কৰিছিল। আপুনি কিমানলৈকে পঢ়িছে বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ ক’লে- মই কেতিয়াও পঢ়াশালী গৰকা নাই। তাৰ পিছত তেওঁ আকৌ বাচন ধোৱাত লাগিল। যিমানবাৰ তেওঁ থিয় হ’ল, পৰিয়ালৰ জ্যেষ্ঠজনৰ উপস্থিতিৰ সময়ত মূৰত ক’লা দোপাত্তা এখন ওৰণি কৰি লয়, আৰু মাটিতে বহি লৈ পুনৰ কামত ধৰাৰ সময়ত ওৰণিখন পিছলৈ টানি লয়।

পৰিয়ালৰ ভেড়াবোৰ মাৰোৱাৰী প্ৰজাতিৰ। গুজৰাট আৰু ৰাজস্থানী মূলৰ। বছৰত তেওঁলোকে ২৫ৰ পৰা ৩০টা মতা ভেড়া বিক্ৰী কৰে। প্ৰতিটোৰ বাবদ ২০০০ৰ পৰা ৩০০০ টকা পায়। ভেড়াৰ গাখীৰ তেওঁলোকৰ আয়ৰ আন এক উৎস। অৱশ্যে এইজাক ভেড়াৰ পৰা তেওঁলোকৰ আয় তুলনামূলক ভাবে কম হৈছে। কাৰাভাইয়ে কয় যে ২৫-৩০ টা ভেড়া মিলি তেওঁলোকে ৯ৰ পৰা ১০ লিটাৰ গাখীৰহে পাইছে। স্থানীয় দুগ্ধপামে প্ৰতি লিটাৰত প্ৰায় ৩০ টকাকৈ দিয়ে। পৰিয়ালটোৱে অৱশিষ্ট গাখীৰৰ পৰা মাখন প্ৰস্তুত কৰে আৰু তাৰ পৰা ঘী তৈয়াৰ কৰে।

‘ঘী পেট মা ছে!’ (ঘী পেটত আছে!) কাৰাভাইয়ে ধেমালী কৰি কয়। ‘এই গৰমত খোজ কাঢ়িলে ভৰিৰ তলুৱা জ্বলি যায়, ঘী খাই অলপ সকাহ পাওঁ।’ 

ঊণৰ বিক্ৰী সম্পৰ্কে কি কয়? ‘দুবছৰ আগেলৈকে মানুহে জন্তুৱে প্ৰতি ২ টকাকৈ দি ঊণ কিনিছিল। এতিয়া কোনোৱে কিনিব নোখোজে। ঊণ আমাৰ কাৰণে সোণৰ লেখীয়া। কিন্তু আমি সেয়া পেলাই দিবলগীয়া হৈছে,’ কাৰাভাইয়ে দুখ মনেৰে কয়। তেওঁৰ দৰে আন লাখ লাখ পশুপালক, ভূমিহীন, ক্ষুদ্ৰ আৰু উপান্ত কৃষকৰ কাৰণে ভেড়া (আৰু ছাগলী)এ তেওঁলোকৰ সম্পত্তি আৰু জীৱিকাৰ একমাত্ৰ সম্বল। কিন্তু এই সম্বলেই এতিয়া নাইকিয়া হ’বলৈ ধৰিছে।

PHOTO • Namita Waikar

১৩ বৰ্ষীয় প্ৰভূৱালা আলে আগন্তুক যাত্ৰাৰ বাবে উটবোৰক সাজু কৰিছে, সেইখিনি সময়তে তেওঁৰ পিতৃ বালাভাইয়ে (বাওঁফালে) ভেড়াবোৰ চপাবলৈ আৰম্ভ কৰিছে। ইফালে প্ৰভূবালাৰ মাক হীৰাবেন (তলৰ বাওঁফালে) চাহ বিৰতি লৈছে, কাৰাভাইয়ে (একেবাৰে সোঁফালে) মতাবোৰক যাত্ৰাৰ বাবে সাজু কৰিছে 

ৰ চৰোৱাত একো অসুবিধা হোৱা নাছিল। এতিয়া হাবি-বন, গছ-গছনি কটা হৈছে আৰু ঘাঁহনি পথাৰবোৰ সংকুচিত হৈ আহিবলৈ ধৰিছে। গৰমো বাঢ়িছে,’ তেওঁ কয়। তাৰোপৰি অনিয়মীয়া বতৰ তথা জলবায়ুৰ পৰিৱৰ্তনৰ কাৰণে মানুহৰ কাৰ্যকলাপকে দোষ দিয়ে।  

‘খৰাং পৰা বছৰকেইটাত আমাৰ সমস্যা হয়, একেদৰে ভেড়াও কষ্ট ভূগিবলগীয়া হয়,’ তেওঁ কয়। ‘ঘাঁহনি পথাৰ কমি অহাৰ ফলত ভেড়াৰ কাৰণে ঘাঁহ আৰু অইন খাদ্যৰ কাৰণে আমি বেছি বাট ভ্ৰমণ কৰিবলগীয়া হয়। মানুহে ধন উপাৰ্জনৰ কাৰণে ভেড়া বিক্ৰী কৰাৰ ফলতো বোধকৰোঁ সিহতৰ সংখ্যা হ্ৰাস পাইছে,’ তেওঁ কয়।

নিজৰ ভেড়াৰ জাকটোৰ কাৰণে ঘাঁহ আৰু চৰণীয়া পথাৰ নাইকিয়া হ’বলৈ ধৰা বুলি তেওঁ কোৱা কথা সঁচা। আহমেদাবাদ স্থিত চেণ্টাৰ ফৰ ডেভলপমেণ্ট অলটাৰনেটিভচ-ৰ অধ্যাপক ইন্দিৰা হিৰৱা-এ কয় যে এই ভূমিত বৃহৎ হাৰত হোৱা বেদখলৰ কথা চৰকাৰী তথ্যত বিবেচনা কৰা হোৱা নাই। সেয়ে প্ৰকৃত ছবি ফুটি উঠা নাই। ২০১৮ৰ মাৰ্চত চৰকাৰে এই সম্পৰ্কত এক প্ৰশ্নৰ উত্তৰত বিধানসভাত এই কথা চৰকাৰে স্বীকাৰ কৰি কয় যে ৩৩ খন জিলাৰ ৪,৭২৫ হেক্টৰ চৰণীয়া পথাৰ বেদখল হৈছে। তাতে আকৌ কিছুমান বিধায়কে সেই তথ্য চৰকাৰে কমকৈ দে২০০৭ৰ পৰা ২০১২ৰ সময়চোৱাত ভাৰতত পশুধনৰ পিয়ল মতে ভেড়াৰ সংখ্যা ৬০ লাখৰো অধিক হ্ৰাস পাইছে। ৯ শতাংশ হ্ৰাস হৈ ৭ কোটি ১৬ লাখৰ পৰা কমি ৬ কোটি ৫০ লাখ হৈছে। গুজৰাটতো তীব্ৰ গতিত ভেড়াৰ সংখ্যা কমিছে। তাত ৩ লাখৰো অধিক সংখ্যক ভেড়া কমি বৰ্তমান ১৭ লাখ হৈছে।

কচ্ছতো ভেড়াৰ সংখ্যা কমিছে। কিন্তু ইয়াতে পশুধনৰ ক্ষেত্ৰত তুলনামূলকভাবে ভাল প্ৰদৰ্শন অব্যাহত আছে। এয়া সম্ভৱ হৈছে মালধাৰী সকলৰ অশেষ কষ্টৰ ফলত। ২০০৭ৰ তুলনাত ২০১২ত ভেড়াৰ সংখ্যা ৪২০০টা কমিছে।

পশধনৰ ২০১৭ৰ পিয়লৰ তথ্য ছয় মাহলৈ নোলায়, কিন্তু কাৰাভাইয়ে কয় যে তেওঁ ভেড়াৰ সংখ্যা হ্ৰাস পোৱা কথাটোলৈ চকু দি আছে আৰু এনেদৰে সংখ্যা হ্ৰাস পোৱাৰ কেইটামান কাৰণ দাঙি ধৰিছে। ‘মই যেতিয়া ৩০ বছৰীয়া আছিলোঁ, তেতিয়া এই ঠাইখন গছ-গছনি, ঘাঁহনি পথাৰেৰে ভৰি আছিল। ভেড়াবোখুওৱা বুলি কৈছিল।

চৰকাৰে নিজেই স্বীকাৰ কৰিছিল যে ২০১৮ত ৰাজ্যখনৰ ২৭৫৪খন এনে গাওঁ আছিল য’ত চৰণীয়া ভূমি একেবাৰেই নাই।

গুজৰাট ঔদ্যোগিক বিকাশ নিগমে উদ্যোগবোৰক গতোৱা ভূমিৰ পৰিমাণ বৃদ্ধি পাইছে। এইক্ষেত্ৰত ১৯৯০ৰ পৰা ২০০১ৰ ভিতৰত কেৱল এছইজেড-ৰ কাৰণে উদ্যোগবোৰক ৪,৬২০ হেক্টৰ ভূমি হস্তান্তৰ কৰা হৈছে। এনেদৰে উদ্যোগক গতোৱা ভূমিৰ পৰিমাণ ২০০১ৰ পৰা ২০১১ৰ ভিতৰত ২১,৩০৮ হেক্টৰলৈ বৃদ্ধি পাইছে।

PHOTO • Namita Waikar
PHOTO • Namita Waikar

জাটাৱাড়ালৈ যোৱাৰ পৰত কাৰাভাই (সোঁফালে) তেওঁৰ পত্নি ডোসীবাই আল আৰু চুবুৰীয়া ৰত্নভাই ধাগলৰ সৈতে গাঁৱৰ আল পৰিয়ালৰ ঘৰৰ সমুখত  

মাৰ্চৰ প্ৰখৰ ৰ’দৰ দুপৰীয়া এটাত সুৰেন্দ্ৰনগৰত কাৰাভাইয়ে গোটৰ পুৰুষসকললৈ উদ্দেশ্যী ক’লে, ‘বেলি ভটিয়ালে, আমি আগবাঢ়িবৰ হ’ল!’ মতাবোৰ আগে আগে গ’ল, তাৰে পিছে পিছে ভেড়াবোৰ। তেওঁৰ নাতিল’ৰা ১৩ বছৰীয়া প্ৰভুৱালাই গোটটোৰ একমাত্ৰ সদস্য যিয়ে ৭ম মানলৈ পঢ়িছে। প্ৰভুৱালাই ভেড়াৰ জাকটোৰ পৰা ফালৰি কাটি যোৱাবোৰক খেদি খেদি পুনৰ জাকটোলৈ খেদি আনিছে।

তিনি গৰাকী মহিলাই ৰছীৰে খাটিয়া, ষ্টিলৰ গাখীৰৰ টেমা আৰু অনান্য সা-সামগ্ৰী বান্ধি লৈছে। প্ৰভুৱালাই দূৰত গছ এডালত বান্ধি থোৱা উটটো খুলি আনিলে আৰু মাক হীৰাবেনে যাত্ৰাকালত সজা অস্থায়ী ঘৰ আৰু ভাত ৰন্ধা সামগ্ৰীখিনি জমা কৰি থোৱা স্থানত ৰাখিলে যাতে সেয়া উটৰ পিঠিত বোজাই কৰিব পাৰি।

পাঁচ মাহ পিছত আগস্তৰ মাজভাগত আমি কাৰাভাইক পুনৰ্বাৰ ৰাপৰ তালুকৰ ৰাস্তাত লগ পালো আৰু জাটাৱাড়া গাঁৱত স্থিত তেওঁৰ ঘৰলৈ গ’লো। ‘১০ বছৰ আগলৈকে আমি পৰিয়ালৰ সৈতে যাত্ৰা কৰিছিলোঁ,’ তেওঁৰ ৭০ বৰ্ষীয় পত্নি ডোসীবাই আলে আমাক কয়। তেওঁ আমাৰ বাবে চাহো কৰিলে। ‘ভেড়া আৰু সন্তানেই আমাৰ সম্পদ। সিহঁতৰ ভালদৰে চোৱাচিতা কৰা উচিত, সেয়াই মই বিচাৰোঁ।’

তেওঁৰ দৰে একেই দুৰৱস্থাৰ সমুখীন হোৱা চুবুৰীয়া ভাইয়াভাই মাকৱানাইও সঘনে হোৱা খৰাঙৰ কথা ক’লে। ‘পানী নাথাকিলে আমি ঘৰলৈ উভতিব নোৱাৰিম। যোৱা ছটা বছৰত মই মাত্ৰ দুবাৰ ঘৰলৈ আহিছো।’

আন এগৰাকী চুবুৰীয়া ৰত্নাভাই ধাগলে আন আন প্ৰত্যাহ্বানবোৰৰ কথা ক’লে। ‘মই দুটা বছৰৰ মুৰত ঘৰলৈ উভতিছো আৰু দেখিছো যে চৰকাৰে আমাৰ চৰণীয়া পথাৰবোৰ ঘেৰি পেলাইছে। আমি দিনটো ঘূৰি ফুৰো কিন্তু পশুবোৰে ভালদৰে খাবলৈ নাপায়। আমি কৰিম কি? পশুবোৰক চৰাবলৈ লৈ যাম নে বান্ধিয়েই ৰাখিম? পশুপালনেই আমি জনা একমাত্ৰ কাম আৰু সেয়া কৰিয়েই আমি পেট পোহো।’

খৰাং বতৰে আহুকালৰ সৃষ্টি কৰিছে, কাৰাভাইয়ে কয়। বতৰ আৰু জলবায়ুৰ মহিমা বুজিব নোৱাৰি কাৰাভাই হতাশ হৈ পৰিছে। ‘খাবলৈ একো নাইকিয়া হৈছে আৰু পশু-পক্ষীৰ পিয়াহৰ পানীটুপিও নাইকিয়া হৈছে।’

আগস্তৰ বৰষুণজাকে তেওঁলোকক অকণ সকাহ দিছিল। যৌথ পৰিয়ালটোত প্ৰায় আঠ একৰ বৰ্ষানিৰ্ভৰ কৃষিভূমি আছে, তাতে তেওঁলোকে বীজ সিচিছে। 

পশুপালন আৰু প্ৰব্ৰজনৰ কাৰণ হিচাপে ভালেমান কাৰকৰ কথা সমুখলৈ আহে। ৰাজ্যখনত মৌচুমী জলবায়ুৰ অভাৱ বা অপৰ্যাপ্ত পৰিমাণ, বাৰম্বাৰ পৰা খৰাং, সংকুচিত তৃণভূমি, তীব্ৰ গতিত আগবঢ়া ঔদ্যোগীকৰণ আৰু নগৰীকৰণ, বনাঞ্চল ধ্বংস আৰু পশুৰ দানা-পানীৰ অভাৱ আদি এইক্ষেত্ৰত মূলতঃ দায়ী বুলি ক’ব পাৰি। মালধাৰীসকলৰ জীৱন্ত অভিজ্ঞতাই জলবায়ু আৰু বতৰ পৰিৱৰ্তনৰ কাৰক হিচাপে উক্ত কাৰণবোৰকেই উনুকিয়ায়। মুঠৰ ওপৰত এই সম্প্ৰদায়ৰ পৰিভ্ৰমণৰ ওপৰত গুৰুতৰ প্ৰভাৱ পেলাইছে, শতিকাজুৰি অনুসৰণ কৰি অহা সময়সূচীত আউল লগাইছে।

‘আমাৰ বিলাই-বিপত্তিৰ বিয়য়ে লিখিব,’ কাৰাভাইয়ে বিদায় বেলা আমাক ক’লে। ‘কিবা পৰিৱৰ্তন হয়েই নেকি, চাম। নহ’লে, ইশ্বৰে চাব।’

লেখিকাক এই প্ৰতিবেদন প্ৰস্তুত কৰাত আহমেদাবাদ আৰু ভূজৰ মালধাৰী গ্ৰামীণ অভিযান গোট-এ সমৰ্থন আৰু তৃণমূল পৰ্যায়ত সহায় কৰাৰ বাবে লেখিকাই ধন্যবাদ জনাইছে। 

 দেশব্যাপী জলবায়ু পৰিৱৰ্তনৰ ওপৰত পাৰিয়ে কৰা প্ৰতিবেদনৰ প্ৰকল্পটো হৈছে সৰ্বসাধাৰণ মানুহৰ জীৱন্ত অভিজ্ঞতা আৰু মাত-কথাৰ জৰিয়তে জলবায়ু পৰিৱৰ্তনৰ পৰিঘটনাক লিপিবদ্ধ কৰাৰ বাবে ইউএনডিপি সমৰ্থিত পদক্ষেপৰ এক অংশ।

এই প্ৰতিবেদন পুনৰ প্ৰকাশ কৰিব বিচাৰে নেকি? তেন্তে অনুগ্ৰহ কৰি Cc-ত [email protected] ৰাখি এই ইমেইল ঠিকনালৈ লিখক- [email protected]

অনুবাদঃ পংকজ দাস

পংকজ দাস এগৰাকী সাংবাদিক, অনুবাদক আৰু অসমীয়া নিউজ পৰ্টেল newsnextone.com ৰ সহ-প্ৰতিস্থাপক। যোগাযোগৰ ইমেইল আইডি [email protected]

নমিতা ৱায়কাৰ এগৰাকী লিখক, অনুবাদক আৰু পাৰিৰ ব্যৱস্থাপনা সম্পাদক। তেওঁ এটা ৰসায়ন বিজ্ঞান ডাটাবেছৰ অংশীদাৰ আৰু এগৰাকী জৈৱৰসায়নবিদ তথা চফটৱেৰ প্ৰকল্প প্ৰৱন্ধক হিচাপেও কাম কৰিছে।

Other stories by Namita Waikar