পত্নি আৰায়ীয়ে সিদিনা আবেলি পাঁচ মিনিটমান আগেয়ে আহি নোপোৱাহেঁতেন, সেত্তু আজি জীয়াই নাথাকিলহেঁতেন। আৰায়ী সোমাই অহালৈকে তেওঁ ইতিমধ্যে গলত ৰচী লগাইছিলেই।

"প্ৰায় কাষ চাপিছিলোৱেই," নিজৰ সেই দুৰ্ভাগ্যজনক মুহুৰ্তটোৰ কথা মনত পেলোৱা উপান্ত কৃষক কে লেকানে কয়। তেওঁৰ ঘৰত মতা নাম সেত্তু। সেয়া নঘটাক লৈ তেওঁৰ মনটোৱে শান্তি পাইছে। আৰায়ীয়ে সহায়ৰ বাবে চিয়ঁৰিছিল, চুবুৰীয়াই ততালিকে আহি সেত্তুক মজিয়াত নমাইছিল। সেই মুহুৰ্তটো পাৰ হৈ গৈছিল।

সেয়া আছিল ২০১৬ বৰ্ষৰ ৬ নবেম্বৰ। ৫০ বৰ্ষীয় সেত্তুৱে তেওঁৰ ডেৰ একৰ মাটিৰ ধানখেতিডৰা চাই সেয়া কেনেদৰে মৃত্যুমুখৰপৰা ৰক্ষা কৰিব পাৰি তাকে লৈ দুশ্চিন্তাত পৰিছিল। তামিলনাডুৰ তিৰুচিৰাপ্পাল্লি জিলাৰ থায়ানুৰৰ উচন হ'বধৰা খেতিপথাৰখনৰ অৱস্থা দেখি তেওঁ ভাঙি পৰিল। দ্বিতীয়বাৰৰ বাবে সিচা বীজবোৰৰ গজালিয়েই নোলাল।

"সিদিনা আবেলি মই ঘৰলৈ আহিলো, মোৰ পত্নি আৰু লৰাকেইটা অইনৰ খেতিপথাৰত কাম কৰিবলৈ ওলাই গৈছিল," তেওঁ কৈ গ'ল। "ঘৰ কেনেদৰে চলাম, ঋণবোৰ কেনেদৰে পৰিশোধ কৰিম আদি কথাকে মই চিন্তা কৰি থাকিলো।" সেত্তুৱে জিলা কোঅপাৰেটিভ বেংককে ধৰি অইন সুতখোৰ আদিক মুঠ ১.৫ লাখমান টকা দিব আছে। "মই উদ্বিগ্ন হৈ পৰিলো আৰু চিপ লোৱাৰ কথা ভাবিলো।"

সেত্তুৱে আত্মহত্যাৰ চেষ্টা কৰাৰ কিছুমাহৰ পিছতে ২০১৭ বৰ্ষৰ এপ্ৰিলৰ শেষৰফালে তামিলনাডুৰ কাবেৰী বদ্বীপৰ এসময়ৰ উৰ্বৰা ভূমিৰ খেতিয়কসকলৰ সেই এলেকাৰ কৃষকৰ দলে দিল্লীত নিগনি খাই, মানুহৰ লাওখোলা দেখুৱাই আৰু ৰাস্তাত চুচৰি-বাগৰি নাটকীয় প্ৰতিবাদ প্ৰদৰ্শন কৰে। তেওঁলোকে ঋণৰ ৰেহায় দাবী কৰিছিল। সেই অঞ্চলৰ ভালেমান খেতিয়কে আত্মহত্যা কৰিছিল, অইনে হতচকিত কৃষকে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছিল।

২০১৭ বৰ্ষৰ জানুৱাৰী মাহত পিপলচ্ ইউনিয়ন অব চিভিল লিবাৰ্টিজৰ এটা দলৰ কৃষি কৰ্মী, সামাজিক কৰ্মী, ছাত্ৰ, ডাক্তৰ আৰু অইন বহুতে মিলি বদ্বীপটোত মৃত্যু আৰু আত্মহত্যাৰ ৫০ টা মান ঘটনাৰ অধ্যয়ন কৰিছিল। স্থানীয় খেতিয়কৰ গোটে থিৰাং কৰা মতে ২০১৭ বৰ্ষৰ জানুৱাৰীৰ পৰা জুন মাহৰ ভিতৰত হৃদৰোগৰ ফলত হোৱা মৃত্যুৰ ঘটনা ২০০ টাৰো অধিক। ২০১৬ বৰ্ষৰ ডিচেম্বৰ মাহত অঞ্চলটোত ১০৬ জন খেতিয়কে আত্মহত্যা কৰা বুলি প্ৰতিবেদন প্ৰকাশ পাইছে। এয়া ৰাষ্ট্ৰীয় মানৱধিকাৰ আয়োগে ৫ জানুৱাৰী, ২০১৭ ত ৰাজ্য চৰকাৰক দিয়া প্ৰতিবেদন।

এনেদৰেই তামিলনাডুক এক গুৰুতৰ সংকটৰ ডাঁৱৰে ছানি ধৰিছে। কাবেৰি নৈখন সাগৰত লগ লগাৰ ঠিক আগেয়ে তামিলনাডুৰ পুৰ্বাঞ্চলৰ সেই সমৃদ্ধিশালী অঞ্চলটোত খেতিয়কে বদ্বীপটো আৰু কাবেৰী উপত্যকাত গাঁৱে-ভুঞে সকলোতে এক নিয়ন্ত্ৰণহীন পানীৰ সংকটৰ কথা সকলোৰে মুখে মুকে। এয়া মানৱসৃষ্ট সংকট, তেওঁলোকে সেই কথাত জোৰ দিয়ে, সেয়া যিকোনো সাময়িক খৰাং হোৱা বছৰৰ দৰেই হৈ থকা নাই, সেয়া সীমা কেতিয়াবাই অতিক্ৰম কৰি গৈছে। 

PHOTO • Jaideep Hardikar

থায়ানুৰ গাঁৱৰ খেতিয়কসকলে ভয়াৱহ খৰাঙৰ সমুখীন হৈছে। বাওফালৰপৰাঃ ইনবাৰাজ, সুব্ৰমনিয়ম কুমাৰ, সেত্তু, আৰক্যা চামি আৰু বি মুথুৰাজা

"আমি ইয়াৰ আগেয়ে এনে খৰাং দেখা নাছিলো," এখন পামৰ মালিক আৰু সেত্তৰ বন্ধু সুব্ৰমনিয়ম কুমাৰে আমাক কয়। আমি বদ্বীপটোৰ সকলোতে শুনি অহা একে কথাখিনিৰে তেওঁলোকে পুনৰাবৃত্তি কৰিছিল। 

তামিলনাডুৰ ভূভাগত প্ৰায় ডেৰ কিলোমিটাৰ জোৰা বহল নদীগৰ্ভ থকা শক্তিশালী কাবেৰী নদীখনে আৰু ইয়াৰ নৈ-উপনৈবোৰে ২০১৭ বৰ্ষৰ মে মাহলৈ প্ৰায় ছমাহ ধৰি শুকাই আছিল। অইন মাহবোৰতো বৰৱেলবোৰ ভূগৰ্ভৰ গভীৰতালৈ গৈছিল ঠিকেই, কিন্তু পানী তাতোকৈয়ো তললৈ নামিছিল। স্থায়ী কাম বাদেই, কাম পোৱাটোৱে কঠিন হৈ পৰিছে। একমাত্ৰ উপায় হিচাপে ৰৈছে সকলো এৰি যোৱা। এনেদৰে কামৰ সন্ধানত হাজাৰ হাজাৰ লোকৰ চহৰলৈ প্ৰব্ৰজন ঘটিছে। আকৌ বহুতেই হাতত দা-কুঠাৰ লৈ গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আঁচনিৰ অধীনত '১০০ দিনীয়া কাম'ৰ চাইটত অইন হাজাৰজনৰ ভীৰত গোট খাইছে। 

আমি ত্ৰিচি চহৰৰপৰা ২৫ কিলোমিটাৰ দুৰৈৰ শ্ৰীৰংগম তালুকস্থিত সেত্তুৰৰ গাওঁ থায়ানুৰ সাক্ষাত কৰিবলৈ গৈছিলো, তেতিয়া তেওঁ সুব্ৰমনিয়ম আৰু আন কেইজনমান খেতিয়কৰ সৈতে বহি আছিল। আটাইকে চিন্তিত দেখা গৈছিল। তেওঁলোকে এটা ভয়াৱহ সংকটৰ সমুখীন হৈছে আৰু সেয়া এবাৰ কি দুবাৰ বৃষ্টিপাত ভালদৰে নহাৰ ফলত হোৱা খৰাঙৰ ভিতৰত আৱদ্ধ নহৈ সীমা অতিক্ৰম কৰি গৈছে। 

"পৰিস্থিতি অধিক অৱনতিৰ ফালে ঢাল খাইছে," দুই একৰ মাটিত খেতি কৰা ইনবাৰাজে কয়। "আমাৰ নৈবোৰত পানীৰ সোঁত নাই, ভূজলৰ স্তৰ নামি গৈছে, আৰু বৃষ্টিপাত কমিছে।" তাকো এয়া ঘটিছে এনে এখন গাঁৱত যিখন কট্টালাই নামৰ উপনৈখনৰ পাৰতে অৱস্থিত আৰু সেইখন কাবেৰীৰ ভালেকেইখন উপনৈৰ মাজৰ এখন। 

PHOTO • Jaideep Hardikar

দুই একৰ মাটিত খেতি কৰা ইনবাৰাজে এসময়ৰ উৰ্বৰা কাবেৰী বদ্বীপত খৰাঙে বিধ্বস্ত কৰা কৃষি অৰ্থনীতিৰ কাহিনী শুনাইছে

ইনবাৰাজ আৰু তেওঁৰ তিনি ভাতৃয়ে সোনকালেই তেওঁলোকৰ খেতিপথাৰত এটা ব'ৰৱেল খন্দাৰ পৰিকল্পনা কৰিছে। তাৰবাবে তেওঁলোকৰ প্ৰায় ১ লাখমান টকা খৰছ হ'ব আৰু প্ৰত্যেকেই ২৫ হাজাৰমান টকাকৈ ভৰিব। "পানী ৫০০ ফুটৰ গভীৰতাত আছে, সেয়ে আমাৰ খৰছ বেছি হ'ব পাৰে।" খেতিয়কসকলে কোৱামতে অঞ্চলটোত পানী ১০০-১৫০ ফুটমান খান্দিলেই পোৱা গৈছিল, কিন্তু বিগত দুটা দশকত সেয়া তিনিগুণমান বাঢ়িছে।

খেতিত পানী লাগে, আমাৰ গৰু-মহক পানী লাগে, ইনবাৰাজে কয়। কিন্তু আমাৰ পানী আমাৰ পৰাই নলাৰে লৈ গৈ ত্ৰিচী আৰু ওচৰ-পাজৰৰ চহৰবোৰত যোগান ধৰা হৈছে। "ৰিয়েল ইষ্টেটৰ কথাও ইয়াতে যোগ দিব পাৰে যিবোৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত কাঠফুলাৰ দৰে বাঢ়ি আহিছে," তেওঁ কয় "আৰু আপুনি চহৰত অধিক পানীৰ দাবী কৰা নতুন আলহী পাব।" 

এইখিনি সময়তে সেত্তুৰ বাবে একো সলনি নহ'ল। কিয়নো আৰায়ী সেই নবেম্বৰ মাহৰ উক্ত দিনটোত তেওঁক চিলিঙৰ পৰা ওলমি থকা ঠিক আগেয়ে আহি, সঠিক সময়ত সোমাইছিল আৰু তেওঁক উদ্ধাৰ কৰিছিল। সলনি হৈছিল মাত্ৰ সেই মাহবোৰত পৰিস্থিতি- বেয়াৰ পৰা আৰু বেয়ালৈ। ভূমিহীন আৰু তেওঁৰ দৰে উপান্ত কৃষকৰ মুৰত সৰগ ভাঙি পৰিছিল।

যাহওক, সেত্তু জীয়াই থকাটো সৌভাগ্যৰ কথা। এই অঞ্চলত বহুতৰ বাবে যিটো নহ'ল। 

২০১৬ বৰ্ষত সেই বদ্বীপত বৃষ্টিপাত হোৱা নাছিল। নৈৰ সোঁত বোৱা নাছিল। চুবুৰীয়া ৰাজ্য কৰ্ণাটকেও খৰাঙৰ মাজতে একেধাৰে দ্বিতীয়টো বৰ্ষৰ বাবে উজনিৰ বান্ধৰপৰা পানী এৰি দিবলৈ অমান্তি হৈছিল। বীজ অংকুৰিত হোৱা নাছিল। ধানখেতি, কুঁহিয়াৰ আৰু মাহৰ খেতি নষ্ট হৈ গৈছিল। পানী নাই মানে কামো নাই আৰু পইছাও। বাঢ়ি অহা ঋণৰ সৈতে মাটি আৰু পশুধনৰ দৰে সম্পত্তিৰ বিক্ৰীও ক্ৰমান্বয়ে বাঢ়ি গৈছিল, আ-অলংকাৰ বন্ধকত থোৱা হৈছিল। 

আশাহত হোৱাৰ সময়তে উদ্বিগ্নতা বাঢ়ে আৰু তেতিয়াই বিবুদ্ধিত পৰা পৰিয়ালে যিকোনো কাম কৰিবলৈ বাধ্য হয়। এনেদৰেই হৃদৰোগত আক্ৰান্ত হোৱা অথবা খেতিয়কে আত্মহত্যা কৰাৰ ঘটনা ঘটে। 

PHOTO • Jaideep Hardikar

২০০০ বছৰ পুৰণি শক্তিশালী বান্ধ, চোলাসকলে কাবেৰী বদ্বীপত নিৰ্মাণ কৰা একপ্ৰকাৰৰ জীৱনৰেখা, সেয়া শীতকালত সম্পুৰ্ণৰূপে শুকাই গৈছে, আৰু কাবেৰী নদীও নীৰৱ হৈ পৰিছে

সেত্তুয়ে অনিচ্ছাকৃতভাৱে সেই মুহুৰ্তটো মনত পেলালে যেতিয়া তেওঁ ৰছীডাল গললৈ নিছিল। তেওঁৰ কথাত অনুশোচনাৰ ভাৱ কিয়নো তেওঁৰ পত্নি আৰু পৰিয়ালক সংকটৰ মাজত এৰি থৈ তেওঁ পৃথিৱীখনৰ পৰা পলায়ন কৰিব বিচাৰিছিল। তেওঁ এতিয়া ভাবি সকাহ পাইছে যে তেওঁ এতিয়াও জীয়াই আছে আৰু তেওঁৰ লগত আছে আন খেতিয়ক আৰু বন্ধুসকল। অৱশ্যে সকলোৱে সংকটত পৰিছে, কিন্তু এতিয়াও হাৰ মনা নাই। 

থায়ানুৰৰ এটা ভাল পৰিয়ালৰ খেতিয়কে তেওঁলোকৰ শস্য এইবাৰ বচাব পাৰিলে, আচলতে তেওঁলোকৰ ব'ৰৱেলৰ পৰা কিছু পানী ওলাল, সুব্ৰমনিয়মে কয়। কিন্তু সেত্তুৰ ব'ৰৱেল নাই। "মই সেইদিনা মোৰ খেতিৰ অৱস্থা দেখি সহিব নোৱাৰিলো," তেওঁ মনত পেলালে। সেয়া আছিল নবেম্বৰ মাহ, তেওঁৰ খেতি উচন হ'ল। "মোৰ বীজবোৰৰ গজালিয়েই নোলাল, বৰষুণ হোৱাই নাছিল।"

প্ৰচণ্ড আঘাত, উদ্বিগ্নতা আৰু হতাশা- এই সকলোবোৰ লগ লাগিল, "মোৰ ভালেখিনি ধাৰ আছে আৰু মই ধাৰবোৰ পৰিশোধ কৰাৰ কোনো উপায় দেখা নাছিলো।"

আমি তেওঁক লগ পোৱাৰ দিনা সেত্তুৰৰ পত্নি আৰু লৰাকেইজন গাঁৱলৈ দিনটোৰ বাবে কামলৈ ওলাই গৈছিল। তেওঁৰ জীয়ৰীৰ এবছৰ আগতে বিয়া হৈ গৈছে, আৰু তেওঁ সৰুজন ল'ৰা স্কুলত পঢ়ি আছে। পৰিয়ালৰ হাতত থকা একমাত্ৰ সম্পত্তিবিধ হৈছে এটা জাৰ্ছি গাই, গাইজনীয়েও তিনি লিটাৰতকৈ বেছি গাখীৰ নিদিয়ে আৰু গাইজনীও ভোকত থকাযেনেই লাগিল। 

"আমাৰ হাতত থকা সম্পত্তি বুলিবলৈ এইটোৱেই আছে," সেত্তুৱে কয়, "ইয়াক কিমানদিনলৈ ৰাখিব পাৰিম তাকো মই নিশ্চিত নহয়।"

ফটোবোৰঃ জয়দ্বীপ হাৰ্ডিকাৰ 

সম্পৰ্কিত কাহিনীবোৰঃ হতাশা আৰু বদ্বীপত মৃত্যু আৰু '১০০ দিন'ৰ ছাইটত, খৰাঙৰ বিৰুদ্ধে বয়োজেষ্ঠসকলৰ যুঁজ 

অনুবাদকঃ ৰশ্মি ৰেখা দাস  

ৰশ্মিৰেখা দাস এগৰাকী সাংবাদিক তথা অসমীয়া অনলাইন বাতৰিৰ প’ৰ্টেল newsnextone.com ৰ ৱেব এডিটৰ। তেখেতৰ মেইল আইডি হৈছে

Jaideep Hardikar

জয়দীপ হাৰ্ডিকাৰ হৈছে নাগপুৰৰ একেধাৰে সাংবাদিক আৰু লিখক, লগতে পৰি(PARI)ৰ ঘনিষ্ঠ টিম মেম্বাৰ।

Other stories by Jaideep Hardikar