ফোনটো কোনোৱে নুঠালে যদিও কলাৰ টিউনটোত ৩০ ছেকেণ্ডৰ বাবে দায়িত্বশীল কণ্ঠ এটাই কৈ থাকিলঃ ‘ক’ৰণাভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাটো অসম্ভৱ...নিয়মীয়াকৈ চাবোনেৰে হাত ধোৱক আৰু আনৰ পৰা এক মিটাৰ দূৰত্ব বজাই ৰাখক।’

দ্বিতীয়বাৰ ফোন কৰোঁতে বালাচাহেব খেড়কাৰে ফোন উঠালে যদিও কলাৰ টিউনত পৰামৰ্শ দিয়া কথাখিনিৰ সম্পূৰ্ণ বিপৰীত কাম এটা তেওঁ কৰি থকা বুলি জনা গ’ল। তেওঁ পশ্চিম মহাৰাষ্ট্ৰৰ চাংলি জিলাৰ পথাৰত কুঁহিয়াৰ কাটি আছিল। ‘সকলো ক’ৰণাভাইৰাছক লৈ শংকিত,’ তেওঁ কয়। ‘সিদিনা মই মহিলা এগৰাকীক কান্দি থকা দেখিছিলো, তাইৰ চিন্তা যে তাই ঠিকাত কাম কৰিবলৈ গ’লে তাইৰ সন্তানটোলৈ বেমাৰ সংক্ৰমিত হ’ব।’

৩৯ বছৰীয়া খেড়কাৰক জি.ডি. বাপু লাড কোপাৰেটিভ চুগাৰ ফেক্টৰিত শ্ৰমিক হিচাপে কাম দিয়া হৈছিল। মহাৰাষ্ট্ৰত তেতিয়াও চলি থকা কাৰখানাবোৰৰ মাজৰে সিটোও এটা। ২৪ মাৰ্চৰ দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাইৰাছবিধৰ সংক্ৰমণ ৰুধিবলৈ তলাবন্ধ ঘোষণা কৰে যদিও চেনী ‘অত্যাৱশ্যকীয় সামগ্ৰী’ৰ ভিতৰত পৰে হেতুকে দেশজোৰা তলাবন্ধৰ পৰা চেনী উৎপাদনক ৰেহাই দিয়া হয়। তাৰে আগদিনা মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উধ্বৱ ঠাকৰেয়ে ৰাজ্যৰ সীমান্ত চিল কৰি আন্তঃৰাজ্যিক চলাচল বন্ধ কৰে।

ৰাজ্যখনত ১৩৫ টা চেনীৰ কাৰখানা আছে। তাৰে ৭২ টা সমবায় আৰু ৬৩ টা ব্যক্তিগত মালিকানাধীন। ৰাজ্যিক সমবায় মন্ত্ৰী বালাচাহেব পাটিলে কয়। ‘ইয়াৰে ৫৬ টা কাৰখানা ২৩ মাৰ্চৰ দিনা বন্ধ হয় আৰু ৭৯ টা চলি আছে,’ তেওঁ ফোনতে কয়। ‘এই কাৰখানাবোৰলৈ অহা কুঁহিয়াৰ কটা কাম পথাৰত এতিয়াও চলি আছে। মাৰ্চৰ শেষলৈ তাৰে কিছুমান কোম্পানীয়ে কাম বন্ধ কৰিব, কিছুমান এপ্ৰিলৰ শেষলৈকে চলাব।’

প্ৰতিটো চেনী কাৰখানাৰ অধীনত বহু একৰ কুঁহিয়াৰ খেতিৰ পথাৰ থাকে। ঠিকাত অনা শ্ৰমিকে সেই পথাৰৰ পৰা কুঁহিয়াৰ কাটি কাৰখানালৈ লৈ আহিব লাগে। কাৰখানাৰ মালিকে ঠিকাদাৰৰ দ্বাৰা সেই শ্ৰমিক নিয়োগ কৰে।

বাৰামতিৰ ছত্ৰপতি চুগাৰ ফেক্টৰিৰ ঠিকাদাৰ হনুমন্ত মুন্ধেয়ে কয় যে তেওঁলোকে আগধন হিচাপে কিছু টকা দি শ্ৰমিকক ‘বুক’ কৰে। ‘ঋতু শেষ হয় মানে তেওঁলোকক দিয়া আগধনৰ জোখাৰে কুঁহিয়াৰ কটাটো ঠিকাদাৰসকলে নিশ্চিত কৰে,’ তেওঁ বুজাই কয়।

File photos of labourers from Maharashtra's Beed district chopping cane in the fields and loading trucks to transport it to factories for crushing. Cane is still being chopped across western Maharashtra because sugar is listed as an 'essential commodity'
PHOTO • Parth M.N.
PHOTO • Parth M.N.

মহাৰাষ্ট্ৰৰ বীড় জিলাৰ শ্ৰমিকে কুঁহিয়াৰ কাটি কাৰখানালৈ নিবলৈ ট্ৰাকত বোজাই কৰা দৃশ্যৰ ফাইল ফটো। কুঁহিয়াৰক ‘অত্যাৱশ্যকীয় সামগ্ৰী’ৰ ভিতৰত ধৰা হেতুকে সমগ্ৰ পশ্চিম মহাৰাষ্ট্ৰত কুঁহিয়াৰ কটা কাম এতিয়াও চলি আছে

খেড়কাৰে কাম কৰি থকা চাংলিৰ চেনী কাৰখানাৰ পৰা ঠিকাদাৰলৈ ১৮ মাৰ্চৰ দিনা এইবুলি এখন ভাবুকিস্বৰূপ চিঠিত কোৱা হ’ল যে কুঁহিয়াৰ চপোৱা মাহ শেষ হওঁ হওঁ, গতিকে সময় থাকোতেই শ্ৰমিকবোৰে কুঁহিয়াৰ চপাবলৈ অহাটো বাধ্যতমূলক। ‘নাইবা আপোনালাকো নিজৰ কমিচন নাপাব আৰু ঘৰলৈ যোৱাৰ যাতায়তৰ খৰছো নাপাব,’ চিঠিখনত সামৰণিত এনেদৰে লিখা আছিল।

সেয়ে ঠিকাদাৰেও শ্ৰমিকক কাম কৰিবলৈ জোৰ দিবলগীয়া হৈছিল। মুন্ধেয়ে কৈছিল যে তেওঁ নিজেই এগৰাকী খেতিয়ক আৰু কাৰখানাৰ পৰা কমিচন হেৰুৱাব নিবিচাৰে। ‘সিহঁত আটাইবোৰে ঘূৰি যাব বিচাৰিছে, কিন্তু দূৰ্ভাগ্যজনকভাৱে সেয়া সিহঁতৰ হাতত নাই,’ তেওঁ কয়।

২৭ মাৰ্চৰ দিনা আমি ফোনত কথা পাতোতে তেওঁ আন শ্ৰমিকৰ সৈতে বহি আছিল। আন কোনোবা এজনলৈ ফোনটো দিব পাৰিব নেকি মই সুধিছিলো। বীড় জিলাৰ পাহাৰি পাৰগাঁৱৰ ৩৫ বৰ্ষীয় মাৰুতি মাস্কে কথা পাতিবলৈ মান্তি হয়। ‘এই ভাইৰাছক লৈ আমি শংকিত, কিয়নো আমাক দৰাচলতে ভাইৰাছবিধৰ বিষয়ে কোনোৱে কোৱা নাই,’ তেওঁ কয়। ‘তাতে আকৌ হোৱাটচআপত অহা মেচেজবোৰ দেখি মনত বেছি ভয় সোমাইছে। আমি ঘৰলৈ ঘূৰি যাব বিচাৰো।’

২৬ মাৰ্চৰ দিনা মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এখন ৰাজহুৱা সভাত শ্ৰমিকসকলক য’তে আছে তাতেই থাকিবলৈ কৈছিল, কিয়নো যাতায়তৰ ফলত ভাইৰাছবিধৰ সংক্ৰমণৰ সম্ভাৱনা বাঢ়ে। ‘আমি শ্ৰমিকৰ চোৱাচিতা কৰিম,’ তেওঁ কৈছিল। ‘এয়া আমাৰ দায়িত্ব, এয়া আমাৰ সংস্কৃতি।

যদি কুঁহিয়াৰ খেতিৰ শ্ৰমিকে য’ত আছে তাতেই ৰৈ যায়, তেন্তে ৰাজ্য চৰকাৰে তেওঁলোকক চোৱাৰ নামত বৃহৎ ব্যৱস্থা হাতত ল’ব লাগিব- শ্ৰমিকে তেনেই ন্যূনতম টকাত চলে আৰু সেয়া শেষ হোৱালৈ বাট চাব নোৱাৰে।

তেনে শ্ৰমিকৰ বহুতৰে গাঁৱত খেতি মাটি আছে, কিন্তু খেতিৰে পৰিয়াল পুহিব নোৱাৰা হৈ আহিছে। জলবায়ুৰ সাংঘাতিক তাৰতম্য, বীজ-সাৰ আদিৰ বৰ্দ্ধিত দাম আৰু কম মুনাফাই কৃষিৰ প্ৰতি অনীহৰ সৃষ্টি কৰিছে। বীড় আৰু আহমদনগৰ জিলাৰ সীমান্ত এলেকাৰ মুংগুচৱাড়ে গাঁৱত খেড়কাৰৰ তিনি একৰ মাটি আছে। ‘আমি শস্য এতিয়া বিক্ৰী নকৰো, উৎপাদিত শস্যৰে আমাৰ পৰিয়ালটো কোনোমতে জোৰে। আমাৰ আয় এই হাজিৰাৰ ওপৰতে নিৰ্ভৰ কৰে,’ খেড়কাৰে কয়।

Lakhs of workers from the agrarian Marathwada region migrate to the sugar factories of western Maharashtra and Karnataka when the season begins in November every year. They cook and eat meals while on the road
PHOTO • Parth M.N.
Lakhs of workers from the agrarian Marathwada region migrate to the sugar factories of western Maharashtra and Karnataka when the season begins in November every year. They cook and eat meals while on the road
PHOTO • Parth M.N.

কৃষিপ্ৰধান মাৰাঠৱাড়া অঞ্চলৰ লাখে লাখে শ্ৰমিক প্ৰতি বছৰে নৱেম্বৰ মাহত পশ্চিম মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকৰ চেনীৰ কাৰখানাবোৰলৈ কামৰ সন্ধানত যায়। ৰাস্তাতে তেওঁলোকে নিজে ৰান্ধি-বাঢ়ি খায় (ফাইল ফটো)

কৃষিপ্ৰধান মাৰাঠৱাড়া অঞ্চলৰ পৰা তেওঁৰ দৰে লাখে লাখে শ্ৰমিকে প্ৰতি বছৰে নৱেম্বৰ মাহত পশ্চিম মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকৰ চেনীৰ কাৰখানাবোৰলৈ কামৰ সন্ধানত যায়। তাতে থাকি সিহঁতে দিনে ১৪ ঘণ্টাকৈ ছমাহ পৰ্যন্ত কুঁহিয়াৰ কাটে।

বালাচাহেব আৰু তেওঁৰ পত্নি পাৰ্ৱতীয়ে (৩৬) ১৫ বছৰ ধৰি প্ৰব্ৰজন কৰি আহিছে। গোটেই দেশখনে তলাবন্ধ মানি ঘৰৰ ভিতৰত সোমাই থকা সময়ত শ শ শ্ৰমিকৰ সৈতে পথাৰত দুয়োয়ে যতি নপৰাকৈ কুঁহিয়াৰ কাটিছে। ‘আমি উপায়ন্তৰ, কাম কৰিবই লাগিব,’ বালাচাহেবে কয়।

প্ৰত্যক্ষ বা পৰোক্ষভাৱে ৰাজ্যখনৰ বিয়াগোম ৰাজনৈতিক নেতাৰ মালিকানাধীন চেনীৰ কাৰখানাবোৰে বৃহৎ মুনাফা লাভ কৰিছে। তাৰ বিপৰীতে শ্ৰমিকসকলে পাইছে তেওঁলোকে চপোৱা প্ৰতি টন কুঁহিয়াৰৰ বিনিময়ত মাত্ৰ ২২৮ টকা। দিনটোৰ ১৪ ঘণ্টাকৈ কাম কৰিও বালাচাহেব আৰু পাৰ্ৱতীয়ে একেলগে এদিনত ২-৩ টনতকৈ বেছি কুঁহিয়াৰ চপাব নোৱাৰে। ‘ছমাহৰ অন্তত আমি দুজনে মিলি প্ৰায় ১ লাখ টকা পাওঁ,’ তেওঁ কয়। ‘আমি সাধাৰণতে অভিযোগ নকৰো, কিন্তু এইবছৰ বিপদ আগতকৈ বেছি যেন লাগিছে।’

কুঁহিয়াৰ কাটিবলৈ যোৱা শ্ৰমিকে পথাৰতে অস্থায়ী চালিঘৰ বনাই লয়। কোনোমতে দুজন মানুহ থাকিব পৰা পাঁচ ফুট ওখ চালিঘৰবোৰ খেৰ, প্লাষ্টিক আদিৰে সজা। মুকলিতে ৰন্ধা-বঢ়া কৰে আৰু পথাৰতে শৌচ-পেচাৱ কৰে।

‘আমি কেনেদৰে থাকো সেই ফটো পঠালে আপুনি আচৰিত হ’ব,’ বালাচাহেবে কয়। ‘সামাজিক দূৰত্ব আমাৰ বাবে সাধ্যৰ বাহিৰৰ বিলাসিতা।’

‘চালিঘৰবোৰ ওচৰা-উচৰিকৈ আছে,’ পাৰ্ৱতীয়ে কয়। ‘ঘৰবোৰতে হওঁক বা পথাৰতে হওঁক, এক মিটাৰ দূৰত্ব বজাই ৰখাটো সম্ভৱপৰ নহয়। তদুপৰি আমি প্ৰতিদিনে নলৰ পৰা পানী সংগ্ৰহ কৰিব লাগে, ২৫ গৰাকী মহিলাই একেটা নলৰ পৰা পানী লয়। সেই সীমিত পৰিমাণৰ পানীৰেই চাফাই, ৰন্ধা-বঢ়া আৰু খোৱা-বোৱা সকলো কৰিব লাগে।’

পৰিস্থিতি কঠিন যদিও তেওঁলোকৰ হাতত উপায় নাই বুলি খেড়কাৰে কয়। ‘ইয়াত চেনীৰ কাৰখানাৰ মালিকৰ কথা চলে,’ তেওঁ কয়। ‘আমাৰ কোনেও তেওঁলোকৰ বিৰুদ্ধে মাত মাতিবলৈ বা আমাৰ অধিকাৰৰ হকে থিয় দিবলৈ সাহস নকৰে।’

The migrant workers install temporary shacks on the fields, where they will spend six months at a stretch. They cook food in the open and use the fields as toilets. Social distancing is a luxury we cannot afford', says Balasaheb Khedkar
PHOTO • Parth M.N.
The migrant workers install temporary shacks on the fields, where they will spend six months at a stretch. They cook food in the open and use the fields as toilets. Social distancing is a luxury we cannot afford', says Balasaheb Khedkar
PHOTO • Parth M.N.

প্ৰব্ৰজিত শ্ৰমিকে কুঁহিয়াৰ কটা পথাৰতে অস্থায়ী চালিঘৰ সাজি লয়, তাতেই ছমাহ একেলেথাৰিয়ে থাকে। মুকলিতে ৰন্ধা-বঢ়া কৰে আৰু পথাৰতে শৌচ-পেচাৱ কৰে। ‘সামাজিক ব্যৱধান আমাৰ বাবে সাধ্যৰ বাহিৰৰ বিলাসীতা,’ বালাচাহেব খেড়কাৰে কয় (ফাইল ফটো)

প্ৰতিটো চেনীৰ কাৰখানাত প্ৰায় ৮০০০ কৰ্মীয়ে কাম কৰে, কুঁহিয়াৰ চপোৱা শ্ৰমিকৰ পৰিয়ালে সমুখীন হোৱা সমস্যা সমাধানৰ কাৰণে কাম কৰা বীড় জিলাৰ সমাজকৰ্মী দীপক নাগাৰগজে কয়। যদি ৭৯ টা কাৰখানাৰ কাম চলি আছে, তাৰমানে ৬ লাখতকৈও অধিক শ্ৰমিকে সামাজিক ব্যৱধান নাইবা আন যথোচিত অনাময় স্বাস্থ্যবিধি অনুসৰণ নকৰাকৈ কাম কৰি থাকিবলগীয়া হৈছে। ‘এয়া শ্ৰমিকৰ প্ৰতি আন কথাত অমানুষিক আচৰণ,’ নাগাৰগজে কয়। ‘চেনীৰ কাৰখানাবোৰে তেওঁলোকৰ হাজিৰা নকটাকৈ ততালিকে যাবলৈ দিয়া ভাল।’

নাগাৰগজে স্থানীয় সংবাদমাধ্যমত বিষয়টো উত্থাপন কৰাত, ২৭ মাৰ্চত মহাৰাষ্ট্ৰৰ চুগাৰ কমিচনাৰে এইবুলি অধিসূচনা জাৰি কৰে যে চেনী অত্যাৱশ্যকীয় সামগ্ৰীত পৰে হেতুকে সেয়া তলাবন্ধৰ আওতাত নপৰে। ‘ৰাজ্যত চেনীৰ পৰ্যাপ্ত যোগান থাকিবলৈ হ’লে কাৰখানাবোৰ চলি থাকিব লাগিব, কিয়নো তাৰপৰাই কেঁচামাল আহে। কিন্তু কুঁহিয়াৰ চপোৱা শ্ৰমিকৰ চোৱাচিতা কৰিবই লাগিব,’ অধিসূচনাখনত এনেদৰে কোৱা হয় আৰু কাৰখানাবোৰলৈ নিৰ্দিষ্ট কেতবোৰ নিৰ্দেশনা জাৰী কৰা হয়।

এই অধিসূচনা মতে শ্ৰমিকৰ থকা-খোৱাৰ ব্যৱস্থা কৰোৱাৰ লগতে পৰ্যাপ্ত অনাময় বিধি মানিবপৰাকৈ হাত ধোৱা পানী আৰু হেণ্ড চেনিটাইজাৰ যোগান ধৰিবলৈ কাৰখানাবোৰক নিৰ্দেশ দিয়া হয়। শ্ৰমিকে যাতে সামাজিক ব্যৱধান বজাই ৰাখিব পাৰে সেয়া নিশ্চিত কৰিবলৈও কাৰখানাবোৰক নিৰ্দেশনা দিয়া হয়।

পুনশ্চঃ উক্ত সা-সুবিধাখিনি নিদিয়াত ২৯ মাৰ্চ, দেওবাৰলৈ ২৩ টা কাৰখানাৰ শ্ৰমিকে কাম বন্ধ কৰে।

বালাচাহেব খেড়কাৰে মোক কয় যে তেওঁ কাম কৰা কাৰখানাটোত স্থানীয় কুঁহিয়াৰ কটা শ্ৰমিকে কাম এৰা নাই। কিন্তু তেওঁ আৰু পাৰ্ৱতীৰ দৰে প্ৰব্ৰজিত শ্ৰমিকে দুদিন আগতে কাম এৰিছে। ‘আমাৰ গাত ক’ৰণাভাইৰাছ লগা বুলি স্থানীয় ৰেচনৰ দোকানীয়ে আমাৰ পৰা আঁতৰত থাকিবলৈ লোৱাত আমাৰ বাবে চলাটো অতিকৈ কঠিন হৈ পৰিছে,’ তেওঁ কয়। ‘খালী পেটেৰে আমি এই কাম কৰিব নোৱাৰো। কাৰখানাই আমাক মাস্ক বা চেনিটাইজাৰ দিয়া নাই, কিন্তু আমাক আন একো নহ’লেও খাদ্যখিনি দিব লাগিছিল।’

অনুবাদঃ পংকজ দাস

Parth M.N.

Parth M.N. is a 2017 PARI Fellow and an independent journalist reporting for various news websites. He loves cricket and travelling.

Other stories by Parth M.N.
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das