‘এবছৰত কিমানখন ছুৰী-কটাৰী মই বিক্ৰী কৰিব পাৰো?’ কোটাগিৰি চহৰৰ উপপথ এটাৰ টিনৰ চালি দিয়া কমাৰশালত বহি থকা এন. মোহন ৰংগনে সোধে। ‘চাহপাতৰ কাৰণে পাতবোৰ কাটিবলৈ তেঁওলোকক সৰু সৰু ছুৰী লাগে। খেতিৰ কাৰণে ডাঙৰ ডাঙৰ লোৰ হালৰ ফাল আদিৰ প্ৰয়োজন হয়, কিন্তু আজিকালি খেতি কম, চাহপাতৰ বাগিছা বেছি। কেতিয়াবা মই কমাৰশাললৈ আহো ঠিকেই কিন্তু কোনো কাম নাথাকে......’

৪৪ বৰ্ষীয় ৰংগন কোটা জনজাতিৰ কমাৰসকলৰ মাজৰ এজন। তামিলনাডুৰ নিলগিৰি জিলাৰ পুড্ডু কোটাগিৰি চুবুৰীত তেওঁ থাকে। ‘মই ২৭ বছৰ ধৰি এই কাম কৰিছো, মোৰ আগতে পিতায়ে, মোৰ ককাই আৰু আজোককাই একে কামেই কৰিছিল,’ তেওঁ কয়। ‘এই কামত আমাৰ পৰিয়ালৰ কিমান প্ৰজন্ম পাৰ হ’ল মই নাজানো।’

কিন্তু চাহবাগিছা বাঢ়ি অহাৰ ফলত ক্ৰমান্বয়ে এই শিল্প নাইকিয়া হ’ব ধৰিছে। ১৯৭১ৰ পৰা ২০০৮লৈ (২০০৮লৈ তথ্য উপলব্ধ) নিলগিৰিত চাহ বাগিছাৰ মাটিকালি ২২,৬৫১ হেক্টৰৰ পৰা ৬৬,১৫৬ হেক্টৰ হৈছে। এয়া ভাৰতীয় চাহ সংস্থাৰ তথ্য। ফলত কমাৰৰ বেপাৰ নিঃশেষ হোৱাৰ উপক্ৰম ঘটিছে।

N. Mohana Rangan beating the red hot iron with his hammer
PHOTO • Priti David
N. Mohana Rangan's tools
PHOTO • Priti David

এন. মোহন ৰংগনঃ ‘কেতিয়াবা মই কমাৰশাললৈ আহো ঠিকেই কিন্তু কোনো কাম নাথাকে...’

গ্ৰাহক নহ’লে কিমান দিনলৈ এনেকৈ চলিব পাৰিব, এই প্ৰশ্নই ৰংগনক খুলি খুলি খাইছে। ‘মই কমাৰৰ কাম জানো। আমি কোটাসকলে সদায়েই এয়া কৰি আহিছো। কিন্তু দিন সলনি হৈছে। মোৰ ল’ৰাই ক’ৰবাত কাম পালে গুছি যাব।’ তেওঁৰ ল’ৰা বৈগাণ্ডৰ বয়স ১০ বছৰ আৰু জীয়ৰী অন্নপুৰ্ণিৰ বয়স ১৩। তেওঁৰ পত্নী সুমাথি লক্ষ্মী এগৰাকী পূজাৰী। ৰংগন নিজেও এগৰাকী পুৰোহিত আৰু কাম কৰি থকা অৱস্থাতো পাৰম্পৰিক কোটা পোছাক পিন্ধিব লাগে।

ৰংগনে ৩০ বিধ ভিন্ন সঁজুলি যেনে ছুৰী, নাঙলৰ ফাল, কাঁচি আদি সাজিব পাৰে। চাহবাগিছা, খেতিত কাম কৰা আৰু গছ কটা কাম কৰা কৃষি শ্ৰমিককে ধৰি মালি-কচাই আদি হৈছে ৰংগনৰ গ্ৰাহক। ‘আগতে বাৰিষা পৰিলেই মাটি চহোৱা কাম আৰম্ভ হয় আৰু বজাৰৰ দিনা অৰ্ডাৰ পাও (দেওবাৰ আৰু সোমবাৰে)। মই সজা সঁজুলিবোৰ মাটি মুকলি কৰা, সমান কৰা, বন নিৰোৱা, চাহগছত কলম দিয়া আৰু গছৰ ঠাল-ঠেঙুলি কটাত ব্যৱহাৰ কৰা হয়। জুনৰ পৰা ডিচেম্বৰ মাহলৈ মই মাহে ১২ হাজাৰলৈ উপাৰ্জন কৰোঁ আৰু বছৰৰ বাকী সময়ত উপাৰ্জন তিনিভাগৰ এভাগমান আৰু কেতিয়াবা তাতোকৈ কম হয়। চলাটো কঠিন হৈ পৰে।’

খৰছ কমাবলৈ ৰংগনে হাতেৰে চলোৱা আহিলা এবিধ সাজি লৈছে যিটোৰে জুই ফুওৱা হয়। ‘কমাৰশালত এজন মানুহৰ কাম হৈছে জুই ফুৱাই তাপ বঢ়োৱা যাতে লো গলাব পৰা যায়। মই চাইকেলৰ চকাৰ পুলী সাজি ফুওৱা আহিলা এবিধ নিজে দিহা কৰি লৈছো। এতিয়া এখন হাতেৰে মই জুই ফুৱাও আৰু আনখনেৰে লো ধৰি গৰম কৰোঁ।’

ভিডিঅ’ চাব পাৰেঃ কোটাগিৰিৰ কমাৰশালত কামৰ সময়ত ৰংগন

প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি চলি অহা কমাৰশালৰ কাম চাহবাগিছাৰ প্ৰসাৰৰ ফলত ক্ৰমান্বয়ে বিলুপ্তিৰ দিশে গতি কৰিছে- ২০০৮লৈ নিলগিৰিত চাহবাগিছাৰ মাটিকালি তিনিগুণ বাঢ়িছে

এই দিহা নিজে কৰি নল’লে ৰংগনে সহায়ক এজন ল’বলগীয়া হ’লহেঁতেন। বেছিভাগ স্থানীয় শ্ৰমিকেই চাহ বাগিছাত কাম কৰে, আৰু সিঁহতে তাতে পোৱা ৫০০ টকা ইয়াতে তেওঁ দিব নোৱাৰে।

অনুসূচীত জনজাতি হিচাপে তালিকাভুক্ত কোটাসকল নিলগিৰিৰ পাৰম্পৰিক শিল্পী। জনগোষ্ঠীটোত শিপিনী, কুমাৰ, কমাৰ, মিস্ত্ৰী, ঘৰ বনোৱা, বাঁহৰ কাম কৰা আৰু চামৰাৰ কাম কৰা মানুহ আছে। ‘জন্মৰ পৰা মৃত্যুলৈ আমি নিলগিৰিৰ যিকোনো প্ৰয়োজন- আমাৰ লগতে আনৰো পুৰাব পাৰো,’ প্ৰাক্তন বেংক প্ৰৱন্ধক আৰু এতিয়া কোটাৰ পূজাৰী হিচাপে কাম কৰা ৫৮ বৰ্ষীয় আৰ লক্ষ্মননে কয়। ‘আমি অইন জনগোষ্ঠীৰ মানুহলৈ আমাৰ সামগ্ৰীবোৰ বিক্ৰী কৰিছিলোঁ। লোৰ সঁজুলিৰ বিনিময়ত সিঁহতে আমাক শস্যৰ দানা আৰু শুকান বিন দিছিল। বেছিভাগ সঁজুলিয়ে কৃষিকাৰ্যত ব্যৱহৃত সঁজুলি, তাৰে কিছুমান গছ কটা আৰু কলম দিয়া সঁজুলি। এই পাহাৰবোৰত ঘৰ নিৰ্মাণৰ হেতু কাঠেই হৈছে প্ৰাথমিক সামগ্ৰী। গছ কটা, খুঁটা-বিম আৰু কাঠৰ অইন কাম আদি সকলো কামৰ বাবে আমি সঁজুলি নিৰ্মাণ কৰোঁ।’

কিন্তু আজিকালি নিলগিৰি জিলাৰ ৭০ শতাংশ ঘৰেই পকা আৰু ২৮ শতাংশ ঘৰ মাটি লেপি দিয়া বাঁহৰ বেৰ আৰু অইন সামগ্ৰীৰে নিৰ্মিত। বাকী ১.৭ শতাংশ ঘৰহে বনৰ পৰা অনা সামগ্ৰীৰ পৰা নিৰ্মিত য’ত কমাৰৰ সঁজুলি কামত আহে। ৰংগন আৰু লক্ষ্মণনে বসতি কৰা পুড্ডু কোটাগিৰিতেই কেৱল পকা ঘৰহে আছে।

Kollel Rangan is also a Kota priest and must wear the traditional Kota dress even while working at his smithy. He is holding a large size sickle and rake once used to clear the hills for agriculture.
PHOTO • Priti David
R. Lakshmanan, 58, a former bank manager and now a Kota pujari (priest).
PHOTO • Priti David

বাঁওফালেঃ পাহাৰৰ হাবি-বন নিৰাই খেতিৰ বাবে মাটি মুকলি কৰিবলৈ ব্যৱহাৰ কৰা সঁজুলি আৰু কাঁচিৰ সৈতে ৰংগন। সোঁফালেঃ আৰ. লক্ষ্মণনঃ ‘...আমাৰ সঁজুলিৰেই কৃষিভূমিক চাহ বাগিছালৈ ৰূপান্তৰ কৰা হ’ল আৰু আমাৰ বেপাৰ উচন হ’ল’

ৰংগনক পিতাকে সেই কলা শিকাইছিল আৰু সেই সময়ত পৰিয়ালটোৱে পাঁচজনতকৈও অধিক কমাৰক কামত লগাইছিল। ‘মোৰ দেউতা এজন প্ৰখ্যাত উদ্ভাৱক আছিল আৰু যিকোনো ঠাইতে চাহ বাগিছা পাতিব পৰাকৈ লোৰ আহিলা সাজি দিব পাৰিছিল,’ তেওঁ গৌৰৱেৰে কয়। বহু আদিবাসীয়ে কৃষিভূমিক লোভনীয় চাহখেতিৰ পথাৰলৈ ৰূপান্তৰ কৰাৰ বাবে তেওঁৰ সহায় ল’বলগীয়া হৈছিল আৰু কমাৰশালত ভীৰ লাগিছিল। ‘কৃষিভূমি আৰু বনাঞ্চলক চাহ বাগিছালৈ ৰূপান্তৰ কৰাৰ বাবে আমাৰ আহিলা-পাতিয়েই কামত আহিছিল আৰু সেই প্ৰক্ৰিয়াই আমাৰ বেপাৰ নোহোৱা কৰিলে,’ লক্ষ্মণনে ব্যংগ কৰি কয়।

এতিয়াও অৱশ্যে বাৰিষা পৰিলে ৰংগনৰ অলপ বিক্ৰী হয়। কিন্তু বাকী দিনবোৰত তেওঁ কাম কাচিতহে পায় আৰু বাৰিষাৰ সেই দিনকেইটাতে দুপইছা ঘটে। ‘দিনত মই কাঠৰ নালৰ ডাঙৰ ছুৰী নাইবা দা (গছ কাটিবলৈ) সাজিব পাৰো। মুঠ ১০০০ টকাত (দুয়োটা মিলি) সেয়া বিক্ৰী কৰোঁ। সেয়া গঢ়োতে-পিটোতে প্ৰায় ৬০০ টকা খৰছ হয়। কিন্তু এদিনত দুখন ছুৰী বিক্ৰী কৰাটো টান, আনকি বাৰিষাৰ ব্যস্ততাৰ দিনতো,’ তেওঁ কয়।

কমি অহা বিক্ৰী আৰু অনিশ্চিত ভৱিষ্যতৰ শংকাৰ মাজতো ৰংগনে কাম এৰি দিব খোজা নাই। ‘মই যদিও বেছি টকা নাপাও, তথাপি এই কয়লা, লো আৰু ফুওৱা নলৰ সৈতে উদ্ভাৱনাৰ কাম মই উপভোগ কৰোঁ। মুঠৰ ওপৰত, এই কামেই মই জানো।’

লিখকে মাংগালী সন্মুঘামক তেওঁ সহায়ৰ কাৰণে আৰু আৰ. লক্ষ্মণনত অনুবাদত সহায় কৰি দিয়াৰ বাবে ধন্যবাদ জনাব বিচাৰে।

অনুবাদঃ পংকজ দাস

পংকজ দাস এগৰাকী সাংবাদিক, অনুবাদক আৰু অসমীয়া নিউজ পৰ্টেল newsnextone.com ৰ সহ-প্ৰতিস্থাপক। যোগাযোগৰ ইমেইল আইডি [email protected]

Priti David

প্ৰীতি ডেভিদ বেংগালুৰুৰ এগৰাকী লেখক, সম্পাদক আৰু শিক্ষক। পাৰিৰ স্বেচ্ছাসেৱক প্ৰীতি মানুহে ক’বলৈ পাহৰা কাহিনীবোৰ লিখনীৰ মাধ্যমেৰে ধৰি ৰখাত আগ্ৰহী।

Other stories by Priti David