মাথুৰা নিৰ্গুড়ে খিকখিকাই হাঁহিলে আৰু ডাঙৰকৈ ফুচফুচাই ক’লে, ‘সিহঁতে আমাক একো শিকোৱা নাছিল।’ নাচিক জিলাৰ ত্ৰিম্বাকেশ্বৰ তালুকৰ তাকে হৰ্ষ গাঁৱৰ এটা কোঠাৰ ঘৰৰ ওচৰতে থকা গৰু-গাড়ীৰ কাষত বহি তাই কৈ গ’ল। বেছিসংখ্যক গাঁৱৰ মোটামুটিভাৱে ১৫০০ বাসিন্দা ঠাকৰ আদিবাসী সম্প্ৰদায়ৰ লোক।

২০১৭ৰ ডিচেম্বৰলৈকে ১১ বছৰীয়া মাথুৰা নামৰ এই ছোৱালীজনীয়ে ৮ কিলোমিটাৰ দুৰত ডাহালেৱাড়ী গাঁৱত থকা জিলা পৰিষদ স্কুলৰ পঞ্চম শ্ৰেণীত পঢ়ি আছিল। তাৰ পিছত ৰাজ্য চৰকাৰে স্কুলখন বন্ধ কৰি দিলে। টাকে হৰ্ষ গাঁৱৰ পৰা প্ৰায় চাৰি কিলোমিটাৰ দূৰত আৱহাটে গাঁৱত থকা বেচৰকাৰী সংস্থা এটাৰ দ্বাৰা পৰিচালিত এখন স্কুলৰ ৬ষ্ঠ শ্ৰেণীত তাই এতিয়া পঢ়ি আছে।

কোনখন স্কুল তাইৰ ভাল লাগে বুলি সোধোতে তাই তপৰাই উত্তৰ দিলে, ‘প্ৰথমখন।’

একে তালুকৰ ৱাৱি হৰ্ষ গাঁৱৰ সামাজিক শিক্ষাকৰ্মী ভগৱান মাধেই কয়, ডাহালেৱাড়ীত থকা জিলা পৰিষদৰ স্কুলখন যেতিয়া বন্ধ কৰি দিয়ে, তেতিয়া আৱহাটেত থকা স্কুলখনে ১৪ জন ছাত্ৰ-ছাত্ৰীক লৈ আহিল। তেওঁ কয়, ‘ৰাজ্য চৰকাৰৰ পৰা এই স্কুলখনে কোনো অনুদান নাপায়, তেওঁলোকে ইমান গুৰুত্ব সহকাৰে স্কুলখন চলোৱা নাই।’ শ্ৰীগজানন মহাৰাজ বিদ্যালয় নামৰ আৱহাটেত থকা স্কুলখনে সপ্তাহত মাথোন দুদিন পাঠদান কৰে।

ডাহালেৱাড়ীৰ জিলা পৰিষদৰ স্কুলখন মাথুৰাই হেৰুওৱা কোনো ব্যতিক্ৰম নহয়। সমগ্ৰ মহাৰাষ্ট্ৰৰ ১০ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে যোৱা কেইবছৰ মানত স্কুল বন্ধ কৰা দেখি আহিছে।

School Corridor
PHOTO • Mayur Bargaje

টাকে হৰ্ষ গাঁৱৰ জিলা পৰিষদৰ স্কুলত মাত্ৰ ৪ৰ্থ শ্ৰেণীলৈ আছিল। উচ্চ শ্ৰেণীৰ বাবে ছাত্ৰ-ছাত্ৰী ডাহালৱাড়ী গাঁৱৰ জিলা পৰিষদৰ স্কুললৈ যাবলগীয়া হৈছিল। ২০১৭ৰ ডিচেম্বৰত সেইখনো বন্ধ কৰি দিলে

তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত (২০১৮ৰ জুনত মই আবেদন দাখিল কৰিছিলো) মই জানিবলৈ বিচাৰোতে লাভ কৰা তথ্য মতে, মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবীশ নেতৃত্বধীন মহাৰাষ্ট্ৰ চৰকাৰে ২০১৪-১৫ আৰু ২০১৭-১৮ৰ মাজৰ সময়চোৱাত ৬৫৪ খন জিলা পৰিষদ স্কুল বন্ধ কৰিছিল। ২০১৪-১৫ত ৰাজ্যখনৰ ৩৬ খন জিলাত থকা ৬২,৩১৫ খন জিলা পৰিষদৰ স্কুলৰ সংখ্যা ২০১৭-১৮ত ৬১,৬৫৯ খনলৈ সংকুচিত হয় বুলি আমাৰ প্ৰশ্নৰ প্ৰতি সহাঁৰি জনাই মহাৰাষ্ট্ৰ প্ৰাথমিক শিক্ষণ পৰিষদে কয়।

২০০৭-২০০৮ৰ ৬০,০০,০০০ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ২০১৪-১৫ত ৫০,১০,০০০ আৰু ২০১৭-১৮ত ৪০,৬০,০০০ লৈ হ্ৰাস পায়।

২০১৮ৰ এপ্ৰিলত শিক্ষামন্ত্ৰী বিনোদ তাৱড়েয়ে কয় যে ১০ জন বা তাতোকৈ কম ছাত্ৰ-ছাত্ৰী থকা স্কুল চলোৱা সম্ভৱ নহয় বাবে চৰকাৰে বন্ধ কৰিছে। তেওঁ কয় যে বন্ধ হৈ যোৱা স্কুলৰ ছাত্ৰ-ছাত্ৰীক ওচৰৰ জিলা পৰিষদৰ স্কুলত ভৰ্তি কৰোৱা হৈছে। ২০১৮ৰ জানুৱাৰীত ৰাজ্য চৰকাৰে পুনৰ ১৩০০ খনৰো অধিক স্কুল বন্ধ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে। ৰাজহুৱা শিক্ষাকৰ্মীসকলে চৰকাৰৰ এই প্ৰস্তাৱৰ তীব্ৰ বিৰোধিতা কৰে।

মাথুৰা আৰু তহিৰগাঁৱৰ আন ছাত্ৰ-ছাত্ৰীৰ নাম জিলা পৰিষদৰ তালিকাবহীত অন্তৰ্ভূক্ত নহ’ল। জিলা পৰিষদৰ যিখন স্কুল এতিয়াও চলি আছে, সেইখন সিহঁতৰ আৱহাটেৰ পৰা প্ৰায় ১০ কিলোমিটাৰ দূৰৰ চামুণ্ডী গাঁৱত আছে বুলি মাথুৰাৰ মাতৃ ভীমাই কয়। ‘ছোৱালীবিলাক ডাঙৰ হৈ আহিছে, সিহঁতৰ নিৰাপত্তাৰ বাবে আমাৰ চিন্তা হয়,’ কোলাত তেওঁৰ সৰু কেচুৱাটো লৈ মাথুৰাৰ মাতৃ ভীমাই কৈ যায়।

ভীমা আৰু তেওঁৰ স্বামী মাধৱ দুয়োজন কৃষি শ্ৰমিক। কাম পালে দুয়োজনে প্ৰত্যেকেই দৈনিক ১৫০ টকাকৈ দিন হাজিৰা পায়। ‘আমাৰ মাটি নাই। উপাৰ্জনৰ আন কোনো পথ নাই। সদায় পূৱা ঘৰৰ পৰা ওলাই কাম বিচাৰো, সেয়ে সন্ধিয়া সময়ত যি পাওঁ, সেইৰে কিবা অলপ ৰান্ধো,’ ভীমাই কয়। এতিয়াও ভীমাৰ হাতত যদি অতিৰিক্ত টকা থাকে, তেন্তে গাঁৱৰ মাজেৰে চলাচল কৰা টেম্পো বা জীপগাড়ীত যাবলৈ ভাড়াৰ বাবদ মাথুৰাক ২০ টকা দিয়ে। নাথাকিলে ত্ৰিম্বাকেশ্বৰৰ অকোৱা-পকোৱা পথেৰে তাই ৪০ কিলোমিটাৰ পথ খোজকাঢ়ি যাব লাগে। ব্যক্তিগত মালিকানাধীন অথবা চৰকাৰী খণ্ডৰ যিকোনো স্কুলত উপস্থিত হ’বলৈ মাথুৰাই বৈতৰ্ণা নদীৰ ওপৰত থকা বান্ধৰ কাষত অৱস্থিত টাকে হৰ্ষগাঁৱৰ পৰা খোজ কাঢ়ি যাব লাগে। ‘বাৰিষাৰ দিনত দলংখন পানীৰ তলত থাকে। কেতিয়াবা আমি কেইবাদিনলৈ গাঁৱত আবদ্ধ হৈ থাকিবলগা হয়,’ ভীমাই কয়।

Mother and children sitting
PHOTO • Parth M.N.

টাকে হৰ্ষৰ বাসিন্দাসকলৰ বাবে একেবাৰে ওচৰত থকা জিলা পৰিষদৰ যিখন স্কুল এতিয়াও খোলা আছে, সেইখনো ব্যক্তিগত খণ্ডৰ আৱহাটে স্কুলৰ পৰা কমেও ৪ কিলোমিটাৰ দূৰত আছে। দূৰত্বই ছোৱালীৰ ওপৰত বেছি প্ৰভাৱ পেলায়। ‘সিহঁত যেতিয়া ডাঙৰ হৈ আহে, আমি সিহঁতৰ নিৰাপত্তাৰ বাবে চিন্তিত হৈ পৰো,’ এগৰাকী অভিভাৱকে ক’লে

শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা অধিকাৰ আইন, ২০০৯ৰ মতে, পঞ্চম শ্ৰেণী পৰ্যন্ত ছাত্ৰ-ছাত্ৰীৰ বাবে ৰাজ্য চৰকাৰৰ স্কুল এক কিলোমিটাৰৰ ভিতৰত থাকিব লাগিব, আৰু ৮ম শ্ৰেণী পৰ্যন্ত ছাত্ৰ-ছাত্ৰীৰ বাবে স্কুল ৩ কিলোমিটাৰৰ ভিতৰত থাকিব লাগিব। ‘কিন্তু বহুতো ঠাইত এই নিয়ম অনুসৰণ কৰা হোৱা নাই,’ মাধেই ক’লে।

জিলা পৰিষদৰ মুৰব্বী হৈছে ৰাজ্য চৰকাৰৰ দ্বাৰা মনোনীত এজন সমাহৰ্তা। ১৯৬১-৬২ চনতে মহাৰাষ্ট্ৰত জিলা শিক্ষা ব’ৰ্ডৰ কৰ্তৃত্বাধীন বিদ্যালয়সমূহ জিলা পৰিষদে নিজৰ অধীনলৈ আনিছিল। তেতিয়াৰ বিদ্যালয়বোৰ জিলা পৰিষদে নিয়ন্ত্ৰণ কৰিছিল। ইয়াৰে অধিকাংশ ১ম মান শ্ৰেণীৰ পৰা ৭ম বা ৮ম শ্ৰেণী পৰ্যন্ত থকা প্ৰাথমিক বিদ্যালয়। ইয়াৰ মাজৰে অলপ সংখ্যক বিদ্যালয় ৯ম আৰু ১০ম শ্ৰেণীক লৈ মাধ্যমিক পৰ্যায়ৰ, একেবাৰে কম সংখ্যক বিদ্যালয়ে একাদ্বশ আৰু দ্বাদশ শ্ৰেণীক লৈ উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ আছিল।

জিলা পৰিষদৰ বিদ্যালয়ে বিনামূলীয়া শিক্ষা আগবঢ়াইছিল আৰু অধিকাংশ ছাত্ৰ কৃষক পৰিয়ালৰ অথবা কৃষি শ্ৰমিক অথবা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত ল’ৰা-ছোৱালীক পঢ়াবলৈ আৰ্থিকভাবে অক্ষম পৰিয়ালৰ (চাব পাৰেঃ ভোকাতুৰ ছাত্ৰৰ বাবে সামান্য আহাৰেই বহুত)। তেওঁলোকৰ মাজৰ দলিত, অনুসূচীত জনজাতিৰ হ’ল মহাৰাষ্ট্ৰৰ মুঠ জনসংখ্যাৰ ৯.৪ শতাংশ আৰু মহাৰাষ্ট্ৰৰ মুঠ জনসংখ্যাৰ ১১.৮ শতাংশ হ’ল অনুসূচীত জাতিৰ লোক (২০১১ৰ লোকপিয়ল)।

যি কি নহওঁক, সকলো শিশুৰ বাবে সমমানসম্পন্ন শিক্ষা আগবঢ়োৱাৰ বিপৰীতে মহাৰাষ্ট্ৰৰ পূৰ্বৰ পৰা এতিয়ালৈকে প্ৰতিখন চৰকাৰে ধাৰাবাহিকভাৱে জনশিক্ষাক অৱহেলা কৰি আহিছে।

২০০৭-২০০৮ৰ সময়চোৱাত মহাৰাষ্ট্ৰৰ অৰ্থনৈতিক সমীক্ষাত দেখুওৱা মতে প্ৰাথমিক, মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষাৰ বাবে ৰাজ্য চৰকাৰে ১১,৪২১ কোটি টকা বা মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ ১.৯০ শতাংশ ব্যয় কৰে। এক দশকৰ পিছত অৰ্থাৎ ২০১৮-২০১৯ত বিদ্যালয় শিক্ষা আৰু ক্ৰীড়া খণ্ডৰ বাবে আবণ্টনৰ পৰিমাণ বৃদ্ধি কৰি ৫১,৫৬৫ কোটি টকা কৰা হ’ল, কিন্তু এই পুঁজি ৰাজ্যিক বাজেটৰ ১.৮৪ শতাংশ মাত্ৰ। অনুমোদিত পুঁজিৰ পৰিমানে বিদ্যালয়সমূহৰ প্ৰতি ৰাজ্য চৰকাৰৰ আগ্ৰহহীনতা আৰু আবণ্টিত পুঁজি হ্ৰাসকৰণৰ দিশটো স্পষ্ট কৰি তুলিছে।

A woman and two girls looking at a book.
PHOTO • Mayur Bargaje

‘বৰ্ষাকালত দলংখন পানীৰ তলত থাকে,’ ভীমা নিৰ্গুড়ে ক’লে। তেওঁৰ জীয়ৰী মাথুৰা (মাজত) আৰু তাইৰ বান্ধৱী জ্যোতি হোলেই নতুনকৈ নামভৰ্তি কৰা স্কুলখনলৈ যাবলৈ এই দলংখনৰ ওপৰেৰে খোজকাঢ়ি যাব লাগে

বৃহৎ মুম্বাই পৌৰনিগম শিক্ষক সংস্থাৰ মহাসচিব আৰু ১৬ বছৰৰ বাবে নিগম শিক্ষা সমিতিত থকা প্ৰাক্তন নিগমপালক ৰমেশ যোশীয়ে ক’লে, শিক্ষাখণ্ডৰ বাবে আবণ্টিত ধনৰ পৰিমাণ বৃৃদ্ধি কৰা উচিত। ‘সাধাৰণতে শিক্ষাখণ্ডৰ বাবে আবণ্টিত বাজেট ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদন জি.এছ.ডি.পি.ৰ ৪-৬ শতাংশৰ ভিতৰত হোৱা উচিত। শিক্ষাৰ সজাগতা বৃদ্ধিৰ লগে লগে বেছি ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়ত নামভৰ্তি কৰিব। কিন্তু আমি যদি শিক্ষাখণ্ডৰ বাজেট সংকুচিত কৰি আনো, তেন্তে শিক্ষাৰ অধিকাৰ আমি কেনেকৈ নিশ্চিত কৰিম?’

মহাৰাষ্ট্ৰ বিধান পৰিষদৰ শিক্ষকৰ সমষ্টি (অৰ্থাৎ শিক্ষকৰ দ্বাৰ মনোনীত) সদস্য কপিল পাটিলে ক’লে, ‘সিহঁতে সচেতনভাৱে বাজেট কৰ্তন কৰিছে। ইয়াৰ ফলত বঞ্চিতসকলৰ বাবে মানসম্পন্ন শিক্ষালাভ দুঃসাধ্য হৈ পৰিছে। সমাজৰ একাংশৰ বাবে অগ্ৰাধিকাৰ চিৰস্থায়ী কৰি তুলিছে (পঢ়ি চাব পাৰেঃ ‘মোৰ নিজকে শিক্ষক যেন নালাগে’)।’

ভাল শিক্ষা দিয়াৰ উদ্দেশ্যৰে একাংশ পিতৃ-মাতৃয়ে নিজৰ সন্তানক ব্যক্তিগত বিদ্যালয়ত নামভৰ্তি কৰিছে, কিন্তু অধিক ব্যয়বহুল হোৱাৰ বাবে পৰিয়ালবোৰে আৰ্থিক কষ্টত ভূগিব লগা হৈছে। সোলাপুৰ জিলাৰ মাধা তালুকৰ মডনিম্ব গাঁৱৰ ৪০ জন ছাত্ৰ-ছাত্ৰীক স্কুলৰ পৰা এৰুৱাই নি ব্যক্তিগত খণ্ডৰ ওচৰতে থকা এখন স্কুলত ২০১৭ত নামভৰ্তি কৰিলে, জিলা পৰিষদ স্কুলৰ শিক্ষক পৰমেশ্বৰ সুৰৱাছেই ক’লে।

Father and son checking a plant
PHOTO • Dattaray Surve

জিলা পৰিষদৰ স্কুল এৰি দত্তাত্ৰেয় সুৰৱেই পুত্ৰ বিবেকক এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত নামভৰ্তি কৰালে

দত্তাত্ৰেয় সুৰৱেৰ ১১ বছৰীয়া পুত্ৰ বিবেক এই সকলৰে মাজৰ এজন। সি ৬ষ্ঠ শ্ৰেণীত পঢ়ে। ‘শিক্ষক কেতিয়াবাহে শ্ৰেণীত উপস্থিত থাকে, আন জিলাৰ বহুতো বিদ্যালয়ত আবণ্টিত ধন হ্ৰাস কৰাৰ ফলত প্ৰায় বিজুলী সৰবৰাহ বন্ধ থাকে। ইয়াৰ পৰা ওলাই পৰে যে ৰাজ্য চৰকাৰে জিলা পৰিষদৰ বিদ্যালয়ত পঢ়া ছাত্ৰ-ছাত্ৰীৰ প্ৰতি গুৰুত্ব নিদিয়ে, দত্তাত্ৰেয় সুৰৱেই ক’লে।

সুৰৱে এজন খেতিয়ক। হ’লেও নিজৰ পুত্ৰক যিমান সম্ভৱ ভাল শিক্ষা দিব বিচাৰে। ‘খেতিৰ কোনো ভবিষ্যত নাই,’ তেওঁ কয়। তেওঁ বিদ্যালয়ৰ মাচুলৰ বাবদ বছৰি ৩০০০ টকা দিব লাগে। ‘তাৰ ভবিষ্যতৰ লগত আপোচ কৰিব নিবিচাৰো বাবেই মই তাক ব্যক্তিগত বিদ্যালয়লৈ লৈ গ’লো,’ সুৰৱেই কয়।

ইয়াৰ উপৰি বহুতো পৰিয়ালে নিজৰ সন্তানে ভালকৈ ইংৰাজী শিকাব বিচাৰে বুলি আহমেদনগৰৰ শিক্ষাবিদ হেৰম্ভ কুলকাৰ্নিয়ে কয়। সেয়ে জিলা পৰিষদৰ স্কুলতকৈ বহুতে ইংৰাজী মাধ্যমৰ স্কুলত গুৰুত্ব দিয়ে, কাৰণ মহাৰাষ্ট্ৰৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ মাধ্যম মাৰাঠী।

মহাৰাষ্ট্ৰৰ জিলা পৰিষদৰ বিদ্যালয়ত ২০০৭-০৮ত প্ৰথম শ্ৰেণীত ১০ লাখ ২০ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰিছিল। দহ বছৰৰ পিছত ২০১৭-১৮ত প্ৰায় ৩০,২৪৮ ছাত্ৰ-ছাত্ৰীয়ে বা মাত্ৰ ২.৫ শতাংশই এই বিদ্যালয়সমূহৰ ১০ম শ্ৰেণীৰ চুড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হ’ল। এয়া তথ্য জনা অধিকাৰ আইনৰ দ্বাৰা লাভ কৰা তথ্য।

আন এটা কথা মন কৰিব লাগিব যে জিলা পৰিষদৰ স্কুলবিলাকত ৭ম বা ৮ম শ্ৰেণী পৰ্যন্ত থাকে (দশম শ্ৰেণীলৈ নাথাকে), জিলা পৰিষদৰ সদস্যই ইয়াৰ প্ৰতি গুৰুত্ব আৰোপ নকৰে। ২০০৯-১০ত জিলা পৰিষদ বিদ্যালয়ত প্ৰথমমান শ্ৰেণীত সমগ্ৰ ৰাজ্যত ১০ লাখ ১০ হাজাৰ ছাত্ৰ আছিল, আঠ বছৰৰ পিছত ২০১৭-১৮ত ইয়াত এতিয়া ৮ম মান শ্ৰেণীত মাত্ৰ ১২৩,৭৩৯ জন ছাত্ৰ-ছাত্ৰী আছে। এই সময়চোৱাত ৮৯ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে পঢ়া বাদ দিলে।

প্ৰব্ৰজনৰ বাবেও জিলা পৰিষদৰ স্কুলত ছাত্ৰৰ সংখ্যা হ্ৰাস পাইছে। কামৰ দিনত কৃষক আৰু শ্ৰমিকসকল যেতিয়া আন ঠাইলৈ কাম বিচাৰি যায়, লগত ল’ৰা-ছোৱালীকো লৈ যায়। কৃষিপ্ৰধান জিলা মাৰাঠাৱাড়াৰ পৰা প্ৰব্ৰজন বৃদ্ধি পাইছে। কমেও ৬ লাখ কৃষকে অঞ্চলটোৰ ভিতৰতে প্ৰব্ৰজিত হয়। আকৌ নৱেম্বৰ আৰু মাৰ্চৰ ভিতৰত কুঁহিয়াৰ কটা শ্ৰমিকৰ কাম কৰিবলৈ পশ্চিম মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকলৈ যায়। কমিউনিষ্ট কৃৃষক নেতা ৰাজন ক্ষীৰসাগৰে আমাক ক’লে।

কৈলাস আৰু সাৰদা চালভেয়ে প্ৰতি বছৰে পাৰভানিৰ তেওঁলোকৰ দেৱেগাওঁ গাঁৱৰ পৰা ৬০ কিলোমিটাৰ দূৰৰ টেলেগাওঁ চেনী কাৰখানাত কাম কৰিবলৈ যায়। তেওঁলোকে কেঁচুৱা পুত্ৰসন্তান হৰ্ষবৰ্ধনক লগত লৈ যায়, ইয়াৰ উপৰি সাৰদাৰ ১২ বছৰীয়া ভতিজী ঐশ্বৰ্য্য ৱাংখেড়েকো লগত নিয়ে। ‘দৰিদ্ৰতাৰ বাবে তাইৰ পঢ়া নহ’ল,’ কৈলাশে ক’লে। কৈলাস আৰু সাৰদাই সিহঁতৰে ৫ একৰ খেতিমাটিত কপাহ আৰু ছয়াবিনৰ খেতি কৰিছিল। কিন্তু অলপো লাভ নহ’ল। গতিকে বছৰটো চলিবলৈ কঠিন হৈ পৰিছে। ‘আমি যেতিয়া দিনত পথাৰত মাটি চহ কৰো, তেতিয়া আমাৰ কেঁচুৱাটো চোৱাচিতা কৰিবলৈ তাই আমাৰ লগত থাকিবলগীয়া হয় (দুহেজাৰ ঘণ্টাৰ বাবে কুঁহিয়াৰ কটা কাম)।’

Two women in front of a house
PHOTO • Mayur Bargaje

‘তাই স্কুল এইদৰে এৰি দিয়া (মঞ্জুলা, বাওঁফালে) মই ভাল নাপাও। কিন্তু তাইৰ সৰুভনীৰ নাম লিখোৱা হৈছে। যিকোনো এজনীয়েহে স্কুললৈ যাব পাৰিব,’ সুমনবাঈ লস্কেয়ে ক’লে

যেতিয়া কোনো ছাত্ৰ-ছাত্ৰীয়ে স্কুলৰ পঢ়া এৰিবলগীয়া হয়, সাধাৰণতে পৰিয়ালৰ ছোৱালীকে লক্ষ্য কৰি লোৱা হয়। ১৫-৪৯ বছৰৰ ভিতৰৰ এক-চতুৰ্থাংশ মহিলাই মহাৰাষ্ট্ৰত দ্বাদশ শ্ৰেণী বা ইয়াৰ বেছি দিন পঢ়া-শুনা কৰিছে। ল’ৰাৰ তুলনাত ছোৱালীৰ এই পৰ্যায়ৰ শিক্ষা গ্ৰহণৰ হাৰ ৩৪ শতাংশ (ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা ২০১৫-২০১৬ৰ মতে)

ৱাৱি হৰ্ষ আদিবাসী গাঁৱৰ ১৩ বছৰীয়া মঞ্জুলা লক্ষেই ঘৰত মাকক সহায় কৰিব লাগে কাৰণে ২০১৭ৰ স্কুললৈ যোৱা বন্ধ কৰে। ‘মোৰ স্বামী সুৰাসক্ত, তেওঁ কাম নকৰে। মই যেতিয়া দিন মজুৰী কৰিবলৈ ওলাই যাওঁ, তেতিয়া আমাৰ পোহনীয়া গৰু-ছাগলী চাবলৈ মানুহ লাগে,’ মঞ্জুলাৰ মাতৃ সুমনবাঈয়ে ক’লে।

মঞ্জুলাৰ বিয়াৰ কথা ভবা নাই বুলি সুমনবাঈয়ে কয়। ‘তাই এতিয়াও বহুত সৰু হৈ আছে। তাইক স্কুললৈ যোৱা বন্ধ কৰিবলৈ মই বিচৰা নাছিলো। কিন্তু তাইৰ তলৰ ছোৱালীজনীক নামভৰ্তি কৰি দিয়া হ’ল। যিকোনো এজনীয়েহে স্কুললৈ যাব পাৰিব,’ সুমনভাৱে ক’লে।

গাঁৱৰ ওচৰ-চুবুৰীয়াৰ ছোৱালীক ১৫ বা ১৬ বছৰ বয়সতে বিয়া দিয়া হয়। গোহালিত সোমাই মঞ্জুলাই গৰুকেইটাৰ এৰাল খুলি দিলে আৰু পিছবেলাৰ বাবে যাবলৈ সাজু হ’ল। ‘মই স্কুললৈ যাবলৈ ভাল পাওঁ,’ তাই ক’লে। (এই লিংকটোত ক্লিক কৰি পঢ়ি চাব পাৰেঃ জিলা পৰিষদৰ বিদ্যালয়সমূহ বিদ্যুৎ, পানী, শৌচাগাৰ অবিহনেই চলিছে)

ৱাৱি হৰ্ষ আৰু টাকে হৰ্ষৰ দৰে সৰু গাঁৱত জিলা পৰিষদৰ স্কুল ব্যাপক হাৰত বন্ধ কৰি পেলোৱাৰ ফলত শিক্ষা গ্ৰহণৰ সামান্য সুবিধাকণো মহাৰাষ্ট্ৰৰ গ্ৰামাঞ্চলৰ শিশুৰ বাবে নাইকিয়া হ’ল।

অনুবাদঃ পংকজ দাস

পংকজ দাস এগৰাকী সাংবাদিক, অনুবাদক আৰু অসমীয়া নিউজ পৰ্টেল newsnextone.com ৰ সহ-প্ৰতিস্থাপক। যোগাযোগৰ ইমেইল আইডি [email protected]

Parth M.N.

পাৰ্থ এমএনঃ পাৰ্থ এমএন এগৰাকী পাৰি ফেল'। তেওঁ লছ এঞ্জেলছ টাইমৰ ভাৰতৰ বিশেষ সংবাদদাতা আৰু বিভিন্ন অনলাইন পৰ্টেলৰ মুক্ত সাংবাদিক। তেওঁ ক্ৰিকেট খেলি আৰু ভ্ৰমণ কৰি ভাল পায়।

Other stories by Parth M.N.