উত্তৰ কলকাতাৰ কুমাৰতলিৰ ঠেক গলিবোৰত এখন ৰিক্সাহে কোনোমতে পাৰ হৈ যাব পাৰে। তাতেই আপুনি সততে লগ পোৱা লোকসকলেই হৈছে কুমাৰ- চহৰখনত প্ৰতিমা নিৰ্মাণ কৰা সেইসকল লোক। ইয়াৰপৰাই দেবী দুৰ্গা আৰু অইন দেব-দেবীৰ প্ৰতিমা কলকাতালৈ যায়।

PHOTO • Sinchita Maaji
Karthik Paul

কুমাৰতলিৰ কৰ্মশালাত কাৰ্থিক পল

বাঁহ আৰু প্লাষ্টিকেৰে সজা এখন চালিৰ তলতে 'ব্ৰজেশ্বৰ এণ্ড চনচ' নামেৰে (তেওঁৰ পিতৃৰ নামেৰে) কাৰ্থিক পলৰ ইয়াতেই এখন কৰ্মাশালা আছে। প্ৰতিমা সজাৰ দীঘলীয়া আৰু ঢাপে ঢাপে কৰা কামৰ বিষয়ে তেওঁ আমাক কয়। বিভিন্ন ধৰণ মাটি যেনে গংগাৰ মাটি (নৈৰ পাৰৰ পৰা অনা বোকামাটি) আৰু পাথ মাটি (মৰাপাট আৰু গংগা মাটিৰ মিশ্ৰণেৰে তৈয়াৰী) প্ৰতিমা নিৰ্মাণৰ বিভিন্ন স্তৰত ব্যৱহাৰ কৰা হয়।

PHOTO • Sinchita Maaji
clay preparation

মৰাপাটৰ লগত গংগাৰ পৰা অনা 'আটেল মাটি' মিহলি কৰি পাথ মাটি প্ৰস্তুত কৰাৰ সময়ত কুমাৰসকল

PHOTO • Sinchita Maaji
making of the bamboo structure

মুৰ্তি নিৰ্মাণ কামটো মুৰ্তিটোক ধৰি ৰখাৰ বাবে বাহেৰে নিৰ্মাণ কৰা 'কাঠামো'ৰপৰা আৰম্ভ হয়

PHOTO • Sinchita Maaji
making of the straw structure

বাহৰ কাঠামোটো নিৰ্মাণ হোৱাৰ পিছতে খেৰৰে মুৰ্তিৰ আকাৰ দিয়া হয়; বাগবাজাৰৰ পৰা ইয়াৰ বাবে কেঁচামাল আহে

PHOTO • Sinchita Maaji
pasting clay in straw structure

এজন শিল্পীয়ে আঠালেটিয়া ক'লা মাটি খেৰৰ কাঠামোটোৰ ওপৰত দি প্ৰতিমাটোক শেষবাৰৰ বাবে আকাৰ দিয়ে আৰু তাৰপিছতে ৩ ৰপৰা ৪ দিনৰ বাবে সেয়া ৰ'দত দি শুকোৱা হয়

আমি কথা পাতি থকাৰ সময়তে পলে তেওঁৰ নিপুণ হাতেৰে কেঁচামাটিৰে কাৰ্তিক দেৱতাৰ মুখখন গঢ় দিছে। তেওঁ এডাল পেইণ্ট ব্ৰাছ আৰু চিয়াৰি নামৰ হস্তনিৰ্মিত বাঁহৰ সঁজুলি ব্যৱহাৰ কৰে।

PHOTO • Sinchita Maaji
doing the eyes of durga

প্ৰতিমা খুটি-নাতি মাৰি গঢ় দিয়াৰ বাবে এডাল পেইণ্ট ব্ৰাছ আৰু বাঁহৰ সঁজুলি ব্যৱহাৰ কৰা হয়

কাষৰে আন এটা কৰ্মশালাত, গোপাল পলে মাটিৰ প্ৰতিমাটোৰ চালখন বাস্তৱ ৰূপ দিয়াৰ বাবে এবিধ আঠা প্ৰস্তুত কৰি সেই আঠাৰে মুৰ্তিটোৰ ওপৰত কাপোৰৰ দৰে আৱৰণ মেৰিয়াই আঠা লগাই দিছে। কলকাতাৰ পৰা ১২০ কিলোমিটাৰ দুৰৈৰ নাদিয়া জিলাৰ কৃষ্ণনগৰত গোপালৰ ঘৰ। ইয়াৰে প্ৰায়ভাগ কৰ্মীয়ে পুৰুষ আৰু তেওঁলোকৰ ঘৰ একেখন জিলাতে। তেওঁলোকৰ প্ৰায়ভাগেই কৰ্মশালাৰ মালিকে ব্যৱস্থা কৰি দিয়া কোৱাৰ্টাৰতে থাকে। চিজন পৰাৰ আগেয়েই কৰ্মীসকলক চুক্তিবদ্ধ কৰোৱা হয়। তেওঁলোকে দিনটোৰ ৮ ঘণ্টা কাম কৰে। শৰত কালৰ উৎসৱৰ ঠিক আগেয়ে এই শিল্পীসকলে দিনে-ৰাতি কাম কৰে আৰু অতিৰিক্ত কামৰ বাবে মজুৰী পায়।

PHOTO • Sinchita Maaji
pasting cloth in lion

আন এটা কৰ্মশালাত প্ৰতিমাবোৰৰ বাহিৰভাগ দেখাত ছালৰ দৰে কৰিবলৈ গোপাল পলে টাৱেলৰ দৰে কাপোৰ ব্যৱহাৰ কৰে

৩০০ বছৰ আগতেই প্ৰথম কুমাৰসকলে কৃষ্ণনগৰৰপৰা কুমাৰতুলিলৈ উঠি আহিছিল। বাগবাজাৰ ঘাটৰ কাষতে নতুনকৈ পতা কুমাৰতলিত আছিল যাতে নৈৰপৰা মাটি সহজেই আনিবপৰা যায়। তেতিয়া জমিদাৰসকলৰ ঘৰত তেওঁলোকে কাম কৰিছিল আৰু ঠাকুৰদালানত (জমিদাৰৰ ঘৰৰ চৌহদত ধৰ্মীয় উৎসৱৰ বাবে নিৰ্ধাৰিত স্থান) দুৰ্গা পুজাৰ আগেয়ে প্ৰতিমা নিৰ্মাণৰ কামত সপ্তাহজুৰি কাম কৰিছিল।

১৯০৫ চনত বংগ বিভাজনৰ আগেয়ে বাংলাদেশৰ ঢাকা, বিক্ৰমপুৰ, ফৰিদপুৰ আদিৰপৰা অতি কৌশলী নিপুণ শিল্পী কুমাৰতুলিলৈ আহিছিল। স্বাধীনতাৰ পিছতে জমিদাৰী প্ৰথাৰ বিলোপ সাধন হোৱাৰ লগে লগে সাৰ্বাজনীন বা সামূহিক দুৰ্গা পুজা জনপ্ৰিয় হৈ পৰে। মা দুৰ্গাই ঠাকুৰদালানৰপৰা ৰাস্তাৰ বহল আৰু পিছফালে পৃথক ভিন্নৰঙী বেকড্ৰপ থকা আৰু বিশাল পেণ্ডেললৈ ওলাই অহাৰ পিছতেই এনে হয়।

PHOTO • Sinchita Maaji
durga idol got one paint


মহালয়াৰ দিনা মা দুৰ্গাৰ চকুত ৰং কৰাৰ লগে লগে মাটিৰ প্ৰতিমাবোৰত জীৱনৰ সঞ্চাৰ হয়

পশ্চিম বংগত দুৰ্গা পুজাই হৈছে আটাইতকৈ ডাঙৰ উৎসৱ। ছেপ্তেম্বৰ-অক্টোবৰ মাহত সাধাৰণতে মহালয়াৰ লগে লগে এয়া আৰম্ভ হয়। এই দিনটোতে সহশ্ৰাধিক লোকে গংগা (স্থানীয় নাম হুগলী) নৈৰ পাৰত তেওঁলোকৰ পুৰ্বপুৰুষসকলক প্ৰণিপাত জনায়। এয়া তৰ্পণ পৰম্পৰা। চতুৰ্থী, পঞ্চমী বা ষষ্ঠীৰ দিনা মুৰ্তি উন্মোচন কৰা হয়। মুল পুজা তিনিদিনৰ বাবে হয়- মহাসপ্তমী, মহাঅষ্টমী, মহানৱমী। পুজাৰ বিধিবোৰ দীঘল আৰু সুক্ষ্ম। তিনিদিনৰ পিছত, দশমীৰ দিনা (অন্তিম দিনা) হুগলী নদীৰ বাবুঘাট আৰু অইন ঘাটত প্ৰতিমা বিসৰ্জন দিয়াৰ সময়ত কলকাতাত বহুতেই আবেগবিহ্বল হৈ পৰে।

কুমাৰতুলিৰ কৰ্মশালাত এটা মুৰ্তিত অন্তিম পৰশ দি থকাৰ সময়তে কাৰ্থিকে আমাক কয় যে তেওঁ আৰু তেওঁৰ কৰ্মীসকলে ৰংবোৰ নিজেই প্ৰস্তুত কৰে। তেওঁলোকে খৰি মাটি (সাগৰৰ ফেনৰপৰা তৈয়াৰ কৰা বিশেষ মাটি)ৰ সৈতে ৰাসায়নিক ৰং মিহলাই লয় আৰু খাই-বিচি অথবা তেতেলী গছৰ গুটিৰ পৰা তৈয়াৰী আঠাৰ সৈতে সেয়া মিহলাই লয়। তেতেলী গছৰ গুটিৰ পাউডাৰে ৰংবোৰ মাটিত দীৰ্ঘসময়লৈকে লাগি থকাত সহায় কৰে।

এনেদৰে অলপ দিন পিছতে প্ৰতিমাবোৰ সাজু হৈ উঠে আৰু চহৰৰ মাজলৈ সেইবোৰৰ যাত্ৰা আৰম্ভ হয়। কম পোহৰত কাম চলি থকা কুমাৰতলিৰ সেই কৰ্মশালাবোৰে সোনকালেই সেই শিল্পকৰ্মবোৰক বিদায় জনাব আৰু উজ্বল পোহৰেৰে জাকজমক কলকাতাৰ পেণ্ডেলত সিবোৰে নতুন আশ্ৰয় পাব।

Journey through Kumartuli
Sinchita Maaji • Kolkata, West Bengal
'কুমাৰতুলিত এপাক'ৰ ফটো এলবাম চাওক

এই ভিডিঅ’ আৰু প্ৰতিবেদন চিনচিতা মাঝিৰ ২০১৫-১৬ৰ পাৰি ফেল’শ্বিপৰ অংশ হিচাপে কৰা হৈছিল।

অনুবাদকঃ ৰশ্মি ৰেখা দাস

ৰশ্মিৰেখা দাস এগৰাকী সাংবাদিক তথা অসমীয়া অনলাইন বাতৰিৰ প’ৰ্টেল newsnextone.com ৰ ৱেব এডিটৰ। তেখেতৰ মেইল আইডি হৈছে

Sinchita Maji

চিনচিতা মাঝি পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী ভিডিঅ কঅৰ্ডিনেটৰ আৰু এগৰাকী মুক্ত ফটোগ্ৰাফাৰ তথা তথ্যচিত্ৰ নিৰ্মাতা।

Other stories by Sinchita Maji