‘গাধৰ গাখীৰে ল’ৰা-ছোৱালীক স্বাস্থ্যৱান কৰি তোলে।’ হঠাৎ এই কণ্ঠস্বৰ শুনি মই আচৰিত হৈ ঘূৰি চালো।  

মূৰ জোকাৰি নীৰৱ হৈ থকা কাজলৰ সৈতে থিয় হৈ আছে সুখদেৱ। তাই এটা শব্দও কৰা নাই। তাৰ লগে লগে নীৰৱে খোজ কাঢ়ি গৈ আছে। 

ডিঙিত ৰছী লগাই হাতত এডাল এছাৰি লৈ সুখদেৱে মালাড়ৰ পথেৰে যেতিয়া কাজলক লৈ যায়, তেতিয়া কোনেও সেইফালে দৃষ্টি নিক্ষেপ নকৰাত মই আচৰিত হ’লো। কাজলক ৰাস্তাত পোনে পোনে অহাৰ বাবে সুখদেৱে মাজে মাজে এছাৰিডালেৰে মাটিত কোবাই শব্দ কৰে। 

গাধৰ গাখীৰৰ গুণাগুণ প্ৰশংসা কৰি এসময়ত সুখদেৱে আঠ বছৰীয়া কাজলৰ পৰিৱৰ্তে ৰাণীক লগত লৈ মানুহৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিছিল। সেইদিনা ৰাণী ঘৰত আছিল। পুৱ মালাড়ৰ আপ্পাপাড়া বস্তিত সুখদেৱৰ ঘৰ। কাজলৰ পাঁচমহীয়া পোৱালীটোৰ সৈতে পাড়াত তাই থিয় হৈ আছিল। জন্মতে পিছৰ ঠেংখন বেয়া হোৱা লেঙেৰীও ঘৰলৈ উভতি আহিছিল। 

সিহঁতক লৈ ঘৰখনত মুঠতে আৰু ৬ টা গাধ আছে। এই বহল পৰিয়ালটোৰ গৰাকী সুখদেৱ। সুখদেৱৰ ভতিজা ৰামদাসৰ পাঁচটা গাধ আছে। সিহঁতৰ তেনেকুৱা কোনো নাম নাই। 

পত্নী জয়শ্ৰীয়ে ক’লে, সুখদেৱ ‘চিনেমা পাগল’। সেই কাৰণে গাধবিলাকৰ নাম বলিউডৰ চিনেমাৰ তাৰকাৰ নামেৰে ৰাখিছে। আগতে মাধুৰী দীক্ষিত নামৰ গাধ এজনীও আছিল। 

উত্তৰ মুম্বাইৰ উপকণ্ঠত থকা আপ্পাপাড়াৰ সৰু পাহাৰ এটাৰ ওপৰত মানুহ আৰু গাধ সকলো একেলগে থাকে। সৰু জুপুৰী ঘৰটোত মানুহখিনি ঠাহ খাই থাকে আৰু গাধকেইজনীক কাষতে পঘাৰে খুটিত বান্ধি থয়। ওচৰ-চুবুৰীয়াই সেইবোৰলৈ কাণসাৰ নকৰে। ‘আমি ইয়ালৈ অহাৰ বহু আগতেই সিহঁত আহিছিল,’ একে পাড়াতে থকা চাহিলে কয়। 

ৰাজা গাধা পোৱালীটোৰ বাপেক, সি লাহে লাহে বদমাইচ হৈ পৰিছে। সিহঁতে কয় যে ইফালে-সিফালে দৌৰি ফুৰে আৰু মানুহক হাৰাশাস্তি কৰে। ‘সি কিছুমান বেয়া কাম কৰি ফুৰে। মাইকী গাধক তাৰ পিচত দৌৰাই ফুৰে। ৰাস্তাত খোজ কাঢ়ি যোৱা মানুহক ঠেলা-হেঁচা কৰে- কিন্তু কাৰো বিশেষ ক্ষতি নকৰে।’ ৰাজাৰ মালিক ৰামদাসে কয়। সেই কাৰণেই চাৰি মাহৰ আগতে তাক আমাৰ গাঁৱত বিক্ৰি কৰি দিছিল। 

বিভিন্ন ৰাজ্যৰ পৰা জীৱ-জন্তু কিনা-বেচা কৰিবলৈ মানুহ অহা মহাৰাষ্ট্ৰৰ পুণে জিলাৰ জেজুৰি তালুকৰ বাৰ্ষিক খণ্ডৱা মন্দিৰ মেলাত যাদৱ পৰিয়ালৰ লোকে মাজে-সময়ে গাধ কিনা-বেচা কৰে। দুৰ্বল গাধৰ মূল্যৰ ৫০০০ টকাৰ পৰা আৰম্ভ কৰি বোজা কঢ়িয়াব পৰা সবল গাধৰ মূল্য ২৫ হাজাৰ টকা পৰ্যন্ত হয়। 

Some of the family members (left to right) –  Sangeeta (Ramdas's wife), Jayshri, grandkids, and Waman (in the doorway). Right: Sukhdev is 'pagal about films' says Jayshri
PHOTO • Aakanksha
Some of the family members (left to right) –  Sangeeta (Ramdas's wife), Jayshri, grandkids, and Waman (in the doorway). Right: Sukhdev is 'pagal about films' says Jayshri
PHOTO • Aakanksha

পৰিয়ালৰ একাংশ সদস্য (বাওঁফালৰ পৰা সোঁফাললৈ)- সংগীতা (ৰামদাসৰ পত্নি), জয়শ্ৰী, নাতি-নাতিনী আৰু অমন (দুৱাৰমুখত)। সোঁফালেঃ সুখদেৱ ‘চিনেমা পাগল’ বুলি কোৱা জয়শ্ৰী 

মই সুখদেৱক তেওঁৰ গাঁৱৰ কথা সুধিলো। অতি গৌৰৱেৰে তেওঁ মোক ক’লে, ‘আপুনি চেইৰত (২০১৬ত মু্ক্তি লাভ কৰা এখন মাৰাঠী চিনেমা) চাইছিলনে? সেই চিনেমাখনৰ দৃশ্যগ্ৰহণ আমাৰ গাঁৱত কৰা হৈছিল। আমাৰ ঘৰ সেইখন গাঁৱত আছিল।’ গোটেই পৰিয়ালে নিজৰ গাঁৱৰ কথা তেনেকৈ কয়, মহাৰাষ্ট্ৰৰ ক’লহাপুৰ জিলাৰ কাৰমালা, যিখন গাঁৱত দৃশ্যগ্ৰহণ কৰা চিনেমাখন জনপ্ৰিয় হৈছিল। 

তেওঁলোক ভাদ্দাৰ সম্প্ৰদায়ৰ (মহাৰাষ্ট্ৰত অনান্য পিছপৰা জাতিৰ তালিকাভুক্ত)। সুখদেৱৰ পিতৃ আৰু ককা-দেউতাকৰ গাধ আছিল। ‘আমাৰ গাঁৱত (ওচৰৰ গাঁৱতো) পুখুৰী খন্দা, ঘৰ নিৰ্মাণ কৰা, সৰু বান্ধ দিয়া কামত আমাৰ গাধই বোজা কঢ়িয়াইছিল।’ ৫২ বছৰীয়া সুখদেৱে ক’লে। ‘যি উপাৰ্জন কৰোঁ, সেই ধনেৰে খাই-পিন্ধি জীয়াই থাকো।’ ৩৮ বছৰীয়া সুখদেৱৰ পত্নী জয়শ্ৰীয়ে ক’লে। 

কাম বহুত আছিল, কিন্তু সময়বোৰ আছিল কঠিন। ‘কেইবাবাৰো খৰাং পৰিছে। আমাৰ যদি ৰুটি আছে, তাৰ লগত খাবলৈ শাক-পাচলি নাই। পিয়াহত অণ্ঠ-কণ্ঠ শুকাই যায়, কিন্তু খাবলৈ পানী নাথাকে।’ সুখদেৱে কৈ গ’ল। ‘ইয়াৰ উপৰি পৰিয়ালৰ সংখ্যা বাঢ়ি গৈছে, কিন্তু তেওঁলোকৰ মাটি-বাৰী নাই। দিন যোৱাৰ লগে লগে কাম বিচাৰি পাবলৈ টান হৈ আহিছিল। মুম্বাইৰ অৰণ্যৰ অঞ্চলৰ বিষয়ে সম্বন্ধীয় লোকৰ পৰা জানিব পাৰিছিল, সেই ঠাইত গাধবোৰ চৰাব পৰা যাব আৰু সিহঁতক খুৱাব পৰা যাব। তদুপৰি মুম্বাই চহৰত যথেষ্ট পৰিমাণে দিন-মজুৰীৰ কাম আৰু পাৰিশ্ৰামিক পোৱা যায়।’  

১৯৪৮ চনত সুখদেৱৰ পিতৃ-মাতৃ, তেওঁৰ ছয়জন ভায়েক, এগালমান ল’ৰা-ছোৱালী তথা আন সম্প্ৰদায়ৰ লোককে ধৰি এদল মানুহ মুম্বাইলৈ আহিছিল। সিহঁতৰ লগত আছিল ‘১০০ টামান গাধ।’

গাড়ী-মটৰত ইমানবোৰ গাধ লৈ অনা সম্ভৱ নাছিল, কেইজনমান মানুহ টেম্পোত উঠি আহিছিল যদিও আন সকলোবোৰ খোজকাঢ়ি আহিছিল। কাৰমালাৰ পৰা মুম্বাইলৈ আনুমানিক ৩২৫ কিলোমিটাৰ পথ খোজকাঢ়ি আহিবলৈ ১১-১২ দিন লাগিছিল। সেই যাত্ৰাৰ কথা সুঁৱৰি তেওঁ কয়, ‘য’তেই ধাবা দেখিছিলো, তাতেই ৰৈ আমি খাইছিলো।’

মুম্বাইত আহল-বহল মুকলি ঠাই বিচাৰি তেওঁলোক মালাড়ৰ আপ্পাপাড়াত উপস্থিত হ’ল। বৰিভেলি ৰাষ্ট্ৰীয় উদ্যানৰ সম্প্ৰসাৰিত এই অঞ্চলটো তেতিয়া ডাঠ হাবি-জংঘলেৰে ভৰি আছিল। ‘আমাৰ গাধবোৰে য’তে-ত’তে চৰিছিল (জংঘলত) আৰু যি মন যায় খাব পাৰিছিল। কিন্তু ইয়াত আপুনি যি মানুহ দেখিছে (এই অঞ্চলত), ইয়াৰ ভিতৰত আমি প্ৰথমে ইয়াত থাকিবলৈ লৈছিলো,’ সুখদেৱে কয়।

Left: Anand Jadhav and his little cousin Yuvraj Shinde, both used to the donkeys in their midst. Right: Sukhdev and Jayshri with their menagerie
PHOTO • Aakanksha
Left: Anand Jadhav and his little cousin Yuvraj Shinde, both used to the donkeys in their midst. Right: Sukhdev and Jayshri with their menagerie
PHOTO • Aakanksha

বাওঁফালেঃ আনন্দ যাদৱ আৰু তেওঁৰ কণমানি ভতিজা যুৱৰাজ সিন্ধে, গাধৰ সৈতে সিহঁতৰ বৰ ঘনিষ্ঠতা। সোঁফালেঃ গাধ ৰখা স্থানত সুখদেৱ আৰু পত্নী জয়শ্ৰী

১৯৮০ৰ মাজভাগলৈকে মুম্বাইত হুৰমুৰকৈ অট্টালিকা নিৰ্মাণৰ কাম আৰম্ভ হোৱা নাছিল, কিন্তু নিৰ্মাণৰ কাম কৰা ঠাইত আৰু ৰেল বিভাগত ইটা, বালি আৰু আন বোজা কঢ়িওৱাৰ যথেষ্ট কাম যাদৱ পৰিয়ালে পাইছিল। ‘তেওঁলোকেই ঠাকুৰ গাওঁ, হনুমান নগৰ, মহাবীৰ নগৰ নিৰ্মাণ কৰা নাছিল জানো?’ চহৰৰ উপকণ্ঠ অঞ্চলৰ আবাসিক অঞ্চলৰ প্ৰসংগ টানি আনি সুখদেৱে কয়, ‘আমি নিৰ্মাণ কৰিছিলোঁ, আমাৰ গাধৰ সহায়ত।’

জয়শ্ৰীয়ে মনত পেলালে সেই সময়ৰ কথা। ‘আমাৰ মানুহে ১০-১৫ ঘৰ টা গাধ লগত লৈ একেলগে কাম কৰিছিল, আমি এটা দিনৰ কামৰ টকা একেলগে পাইছিলো। টকাবিলাক আমাৰ মাজত ভগাই লৈছিলো, কেতিয়াবা এদিনত ৫০ টকা, কেতিয়াবা ১০০ টকা পৰ্যন্ত পাইছিলো।’ 

২০০৯-১০ৰ সময়চোৱাত জীৱ-জন্তুৰ অধিকাৰৰ বাবে কাম কৰা গোটবোৰে গাধৰ দ্বাৰা গধুৰ বোজা কঢ়িওৱাৰ প্ৰতিবাদ কৰিবলৈ ধৰিলে। যিমানদূৰ মনত আছে, ‘এই সংস্থা (বেচৰকাৰী সংস্থা)বোৰে ক’লে যে জীৱ-জন্তুৰ বিৰুদ্ধে হিংসা বন্ধ কৰিব লাগিব।’ ৪০ বছৰীয়া ৰামদাসে ক্ষোভেৰে ক’লে। সেই কাৰণে নিৰ্মানকাৰী ঠিকাদাৰে আজিকালি গাধ ভাড়ালৈ নিবিচাৰে। তেওঁ কয়, ‘মই মোৰ দেউতা আৰু ককাদেউতাৰ দিনৰে পৰা এই কাম কৰি আহিছো। সিহঁতে কেৱল আমাৰ পেটতে গোৰ মৰা নাই, গাধৰ পেটটো গোৰ মাৰিলে। মানুহেওতো বোজা কঢ়িয়ায়, কিন্তু সেইটোলৈ সিহঁতে চকু নিদিয়ে।’ 

ইয়াৰ উপৰি, দিন বাগৰাৰ লগে লগে, গধূৰ যন্ত্ৰ-পাতিৰ ব্যৱহাৰ বৃদ্ধি পোৱাৰ সময়ত নিৰ্মাণ কাৰ্যত গাধৰ কাম হ্ৰাস পাবলৈ ধৰিলে। জয়শ্ৰীয়ে কয়, ‘আগতে আমাৰ গাধই ওপৰলৈ উঠোৱাৰ দৰে আজিকালি মেচিনে ওপৰলৈ বোজা উঠাই লৈ যায়।’ ৰামদাসে এতিয়া পাহাৰৰ কাষৰীয়া নিৰ্মাণকাৰ্য চলি থকা ঠাইত কাম বিচাৰি পায়। ‘যিবোৰ ঠাইলৈ ট্ৰাক যাব নোৱাৰে, তেনেকুৱা ঠাইত বোজা কঢ়িয়াবলৈ গাধৰ দৰকাৰ হয়,’ তেওঁ কয়। কিন্তু কেতিয়াবাহে এনেকৈ কাম পোৱা যায় বুলি ৰামদাসে কয়। 

কাম নোপোৱা বাবে জীৱিকাৰ সন্ধানত যাদৱ পৰিয়ালৰ কেইজনমান সদস্য কাৰমালালৈ উভতি গ’ল আৰু কিছুমানে পুণেলৈ কাম বিচাৰি গ’ল। কিন্তু পৰিয়ালৰ যিবোৰ সদস্য মুম্বাইত থাকি গ’ল, সিহঁতে দিন মজুৰীৰ কাম কৰে, দিনে ৩০০-৪০০ টকা উপাৰ্জন কৰে। ‘আন কি কাম কৰিব? আমি ইফালে যাও, সিফালে যাও, বেগাৰী খটা কাম বিচাৰো। এদিন যদি কাম পালো, পিছৰ দুটা দিন এনেয়ে বহি থাকিবলগীয়া হয়,’ ৰামদাসে কয়। মুদা নামৰ মাইকী গাধজনীক সি ঘূৰাই আনিলে, ‘মোৰ ভাল লাগে,’ তেওঁ কয়। কিয়নো আমি ঘৰচীয়া জীৱ-জন্তুৰ মাজত ডাঙৰ হৈ আহিছো। 

এবাৰ সুখদেৱৰ ককায়েক বা মনৰ পুত্ৰ ২১ বছৰীয়া ভতিজা আনন্দই তজবজীয়া গাধ এজনী কিনি আনিলে, নাম দিলে পাৱাৰ। তাইক গ’ৰেগাঁৱৰ ফিল্ম চিটিলৈ লৈ গ’ল। এখন চিনেমা আৰু টেলিভিছন ছিৰিয়েলৰ দৃশ্যগ্ৰহণৰ বাবে ২০০০ টকা পালে। কিন্তু এই কাম কেতিয়াবাহে পোৱা যায়, কাৰণ পাৱাৰৰ দৰে জন্তুৰ সদায় প্ৰয়োজন নহয়। 

Jayshri and Sukhdev start out around 7 a.m. with Kajol or Rani, and go to various slum colonies and chawls looking for customers
PHOTO • Aakanksha
Jayshri and Sukhdev start out around 7 a.m. with Kajol or Rani, and go to various slum colonies and chawls looking for customers
PHOTO • Aakanksha

জয়শ্ৰী আৰু সুখদেৱে পুৱা ৭ বজাতে কাজল বা ৰাণীক লৈ ঘৰৰ পৰা ওলাই বিভিন্ন বস্তিৰ আবাসিক অঞ্চললৈ গ্ৰাহকৰ সন্ধানত যায় 

নিৰ্মাণ কাৰ্যত জীৱিকাৰ সুযোগ নোহোৱা হৈ পৰাৰ পিছত সুখদেৱ আৰু জয়শ্ৰীয়ে জীৱিকাৰ আন উপায় বিচাৰি উলিয়াইছে। ঘৰে ঘৰে গাধৰ গাখীৰ বিক্ৰী কৰে। সুখদেৱৰ পৰিয়ালে আনকি নিজৰ গাওঁখনতো কেতিয়াবা গাধৰ গাখীৰ বিক্ৰী কৰিছিল। ঘৰত কোনোবা লোকৰ বেমাৰ হ’লে গাধৰ গাখীৰ বিচাৰি আহে। মানুহৰ বিশ্বাস যে গাধ গাখীৰ অতি পুষ্টিকৰ। 

তেওঁলোকে পুৱা ৭ বজাতে ৰাওনা হয় (আৰু ৪ বজাত উভতে) বস্তি অঞ্চলৰ বিভিন্ন আবাসিক অঞ্চললৈ যায় আৰু সদায় বেলেগ বেলেগ পথেৰে গৈ গ্ৰাহকৰ সন্ধান কৰে। এসময়ত তেওঁলোক ভিৰাৰলৈকে খোজ কাঢ়ি গৈছিল, তেওঁলোকৰ গাঁৱৰ পৰা সেই ঠাই ৫০ কিলোমিটাৰ দূৰ হয়। ‘মোৰ লক্ষ্মীয়ে (ধনৰ অধিষ্ঠাতা দেৱী লক্ষ্মীৰ লগত তুলনা কৰি) মোক য’লৈ লৈ যায়, মই তালৈকে যাওঁ।’ সুখদেৱে কাজল-ৰাণীৰ কথা এইদৰে কয়। 

একেবাৰে ঠাইতে গাধ খীৰাই গাখীৰ উলিয়াই দিয়া হয়। গাখীৰখিনি খীৰোৱাৰ লগে লগে খাব লাগিব আৰু কম পৰিমাণৰ খাব লাগিব। জয়শ্ৰী আৰু সুখদেৱে ইযাৰ বাবে সেয়ে লগত সৰু চামুচ লৈ ফুৰে। ‘এইটো এটা ঔষধ, কাহ-জ্বৰ, গাৰ তাপ নোহোৱা হ’ব, আৰু শিশুৰ গঠনত সহায় কৰে। চিকিৎসক আজিকালিহে ওলাইছে, আগতে গাধৰ গাখীৰেৰে ৰোগ নিৰাময় কৰা হৈছিল।’ জয়শ্ৰীয়ে কয়। মাতৃদুগ্ধত শিশুৰ বাবে প্ৰয়োজনীয় যিমানবোৰ পুষ্টিকৰ দ্ৰব্য থাকে, গাধৰ গাখীৰত সকলো থাকে বুলি জয়শ্ৰীয়ে কয়। ‘অলপ খাই চাওক, জানিব ই কেনেকৈ আপোনাক সবল কৰি তুলিছে।’

আগতে সিহঁতৰ গাঁৱত যাদৱ পৰিয়ালে প্ৰতি চামুচ গাখীৰ ২ টকাত বিক্ৰী কৰিছিল। এতিয়া ১০ মি.মি.ৰ দাম হ’লগৈ ৫০ টকা। ‘যেনে দেশ, তেনে ভেশ।’ গ্ৰাহক অনুসৰি গাখীৰৰ দাম কেনেকৈ কম-বেছি হয়, সেই প্ৰসংগত সুখদেৱে এইদৰে ক’লে। ‘প্লাষ্টিকৰ ঘৰৰ মুধচ ঢাকি ৰখা ঘৰ (জুপুৰি এটালৈ আঙুলিয়াই)ৰ বাবে প্ৰতি চামুচৰ দাম ৩০ টকা, পকীঘৰৰ গ্ৰাহকৰ বাবে ৫০-৬০ টকা আৰু ডাঙৰ অট্টালিকাত থকা মানুহৰ বাবে প্ৰতি চামুচ গাধৰ গাখীৰৰ মূল্য ১০০ টকা।’ কিছুমান মানুহে একাপ বা ষ্টীলৰ সৰু গিলাচত ভৰ্তি এগিলাচ বিচাৰে, তেনে গ্ৰাহকৰ পৰা ৫০০ টকা লোৱা হয়। কেনেকুৱা গ্ৰাহক সদায় পোৱা নাযায়। 

সিহঁতে বহুত গ্ৰাহক পায় নেকি? সিহঁতৰ ২০ বছৰীয়া পুত্ৰ সুৰযে ক’লে, ‘নাই, খুব কম মানুহে গাধৰ গাখীৰৰ কথা জানে। গাৱলীয়া মানুহ বা বুঢ়া মানুহবিলাকে ইয়াৰ মূল্য বুজি পায়। কম বয়সীয়া ল’ৰা বা ছোৱালীয়ে আজিকালি ইয়াৰ বিষয়ে একোৱেই নাজানে।’

এসময়ত মানুহে সুখদেৱৰ ফোনৰ নম্বৰ আৰু ঘৰৰ ঠিকনা লিখি ৰাখিছিল, যাতে প্ৰয়োজন হ’লেই গাধৰ গাখীৰ বিচাৰিব পাৰে। ‘আন্ধেৰীৰ খাৰ, নালাছোপাৰা আদি অঞ্চলৰ পৰাও (সিহঁতৰ আপ্পাপাড়াৰ ঘৰলৈ) মানুহ আহিছিল।’ জয়শ্ৰীয়ে কয়। 

PHOTO • Aakanksha

ঘৰত নৱজাতক থকা বা ৰুগীয়া মানুহ থকা ঘৰৰ পৰিয়ালবোৰ সাধাৰণতে গাধৰ গাখীৰ বিচৰা গ্ৰাহক। কেতিয়াবা পূজা-পাৰ্ৱণৰ বাবেও কিছুমান এনে অভিভাৱকে গাধৰ গাখীৰ বিচাৰে 

ঘৰত নৱজাতক থকা বা বেমাৰী মানুহ থকা ঘৰৰ পৰিয়ালবোৰ সাধাৰণতে গাধৰ গাখীৰৰ ক্ৰেতা। ‘আপুনি যদি তিনিদিন খায়, আপোনাৰ সকলো দুৰ্বলতা নোহোৱা হ’ব। ৫-৬ দিন খালে আৰু ভাল পাব,’ জয়শ্ৰীয়ে ক’লে। শীতকালত ঠাণ্ডাৰ পৰা ৰক্ষা পাবলৈ বা জ্বৰ আদিৰ বাবে পৰিয়ালটোৱে বেছি গ্ৰাহক পায়।

কু-দৃষ্টি আঁতৰোৱা আদিৰ বাবে অনুষ্ঠিত কৰা পূজা আদিৰ বাবেও কিছুমান মাক-বাপেকে গাধৰ গাখীৰ বিচাৰে। শিশুটোক চামুচেৰে গাধৰ গাখীৰ খুৱাই দিয়াৰ পিছত সুখদেৱ বা জয়শ্ৰীয়ে শিশুটোৰ মূৰ, গাধজনীৰ পিঠিত, ঠেঙত আৰু নেজত লগাই দিয়ে। তেতিয়া কেচুৱাটোৱে যদি বেছি নাকান্দে, তেতিয়া কেচুৱাটোক গাধজনীৰ তলেৰে আৰু ওপৰেৰে পাৰ কৰি দিয়ে। তাৰ পিছত সিহঁতে চকুৰ পচাৰতে কেচুৱাটো ভৰিত ধৰি অলপ সময় শূন্যতে ওলোমাই দিয়ে। কেচুৱাৰ পিতৃ-মাতৃ বা সুখদেৱ-জয়শ্ৰীহঁতেও বিশ্বাস কৰে যে এনেকুৱা কৰাৰ ফলত কু-দৃষ্টি আঁতৰি যায়। 

সুখদেৱ-জয়শ্ৰীৰ দৈনিক উপাৰ্জনৰ ৫০০ টকাৰ পৰা ১৫০০ টকাৰ ভিতৰত থাকে, কিন্তু সিহঁতে সপ্তাহত ৩-৪ দিনৰ বাবেহে ঘৰৰ পৰা ওলাই যায়। বাকীকেইদিন গাধৰ লগতে নিজেও জিৰণি লয়। 

নতুনকৈ পোৱালী জন্ম দিয়া গাধ এজনী থাকিলেহে সিহঁতৰ ব্যৱসায় চলে। গাধ পোৱালীয়ে ৯ মাহ মাকৰ গাখীৰ খায়। তাৰ পিছত গাধজনীয়ে গাখীৰ নিদিয়ে। যেতিয়া কাজলৰ সেই অৱস্থা হ’ব, তাইক বিক্ৰী কৰি দিয়া হ’ব, তাৰে সুখদেৱ-জয়শ্ৰীয়ে নতুনকৈ পোৱালী জন্ম দিয়া গাধ এজনী কিনি আনিব। পোৱালী আৰু মাকক একেলগে কিনিবলৈ সিহঁতে থানে জিলালৈ যাব লাগে, কেতিয়াবা অলপ দিন অপেক্ষা কৰিবলগীয়া হ’ব আৰু এজেণ্টক আগতীয়াকৈ কৈ থয়। 

গাধবোৰক ভালকৈ খুৱাব লাগিব। ‘সিহঁতে সকলো বস্তু খায়। সিহঁতে নিজে জংঘললৈ গৈ নিজৰ আহাৰ বিচাৰি খায় (ওচৰতে থকা ৰাষ্ট্ৰীয় উদ্যানৰ জংঘল)। সিহঁতে তিয়হ, দাইল-ভাত, যি পায় তাকে খায়।’ জয়শ্ৰীয়ে কয়। জোৱাৰ আৰু ঘেঁহু সিহঁতে বেছি ভাল পায়। কিছুমান নিয়মীয়া গ্ৰাহকৰ পৰিয়ালে ৰৈ যোৱা ৰুটি দিলেও সিহঁতে খায়। পৰিয়ালটোৱে মাহত ৭০০ টকাৰ পৰা ১২০০ টকা গাধৰ বাবে ব্যয় কৰে বুলি জয়শ্ৰীয়ে কয়। তিনিজনী মাইকী গাধক ভালকৈ খুৱাবলগীয়া হয়। 

'Drink it and see how strong it will make you'
PHOTO • Aakanksha
'Drink it and see how strong it will make you'
PHOTO • Aakanksha

অলপ খাই চাওক আৰু দেখিব আপুনি শৰীৰত কিমান বল পাইছে

সিহঁতক যাদৱ পৰিয়ালে যেতিয়া ইফালে-সিফালে চৰিবলৈ এৰি দিয়ে, সিহঁতে সাধাৰণতে সন্ধিয়া সময়ত উভতি আহে। এনেকুৱা দিন আছিল, এসময়ত সিহঁত কেইবাদিনলৈ ঘৰলৈ নহাকৈ আছিল। ‘তেতিয়া আমি গাধ বিচাৰি ইফালে-সিফালে ঘূৰি ফুৰিবলগীয়া হৈছিল। ইজন-সিজন লোকক সোধো, তাৰ পিছত ওভতাই আনো,’ সুখদেৱে কয়।

গাধবোৰ যেতিয়া উভতি আহে, তেতিয়া আমি সিহঁতৰ মুখবোৰ দেখি জানিব পাৰো যে সিহঁতে কিবা ক’ব বিচাৰিছে। হয়, সিহঁতে আমাক ঠেলিব বা নেজেৰে কোবাব। যদি দুখ পাইছে, তেন্তে ঠেংখন জোকাৰিব আৰু আমাক দেখুৱাব।’ এইদৰে কয় সুৰযে। 

এনেকুৱা দিন আছিল, সিহঁত উভতি নাহিছিল। কেইবছৰমানৰ আগতে কিছুমান গাধ গুছি গৈছিল। বিচাৰি পোৱা নগ’ল। দিনকদিনে জনসংখ্যা বৃদ্ধি পোৱা আৰু মানুহৰ ভিৰ বাঢ়ি যোৱাৰ বাবে পৰিয়ালৰ কিছুমান মানুহে গাধ বিক্ৰি কৰি দিছিল বা কাৰমালালৈ ঘূৰাই লৈ গৈছিল। 

সুৰযে গাধ ভাল পায়। সি আৰু তাৰ ২২ বছৰীয়া ককায়েক আকাশ, দুয়ো হাইস্কুলৰ পৰা পঢ়া বাদ দিলে। এতিয়া য’তে কাম পায়, তাতেই দিনহাজিৰা কৰে। গুটাকিৰ কথা মনত পেলাই সি কয়, ‘তাই খুব ভাল আছিল।’ সুৰযে কয়, ‘মই একেবাৰে সৰু কালিৰে পৰা ১৫ বছৰ বয়স হোৱালৈকে তাই আমাৰ বিৰাট ভাল বন্ধু আছিল। মই তেতিয়া আন কোনো গাধৰ পিঠিত নুঠিছিলো। মই তাইৰ লগত জংঘললৈ গৈ কেইবাঘণ্টা কটাও আৰু মোৰ মনৰ সকলো কথা তাইক কৈছিলো।’ গুটাকি যেতিয়া মালাড় ঘাইপথত হোৱা দুৰ্ঘটনাত মৰি থাকিল, তেতিয়া সুৰযে বহু সময় ধৰি কান্দি আছিল। 

ভাৰতত গাধৰ গড় আয়ুস ১৫-২০ বছৰ হয়। যাদৱ পৰিয়ালে কয় যে তেওঁলোকে ৰাষ্ট্ৰীয় উদ্যানৰ গছৰ মাজত পুতি থয়। 

সিহঁত থকা এলেকাটোত বস্তি পুনৰোন্নয়ন প্ৰাধিকাৰীৰ ফ্লেটত থকাৰ বাবে যাদৱ পৰিয়ালৰ অৰ্হতা আছে। সিহঁতৰ বসবাস কৰি থকাৰ প্ৰমাণ আছে। যদি কেতিয়াবা তেনেকুৱা হয়, সুৰযে আশা কৰে যে গাধ ৰাখিবলৈ সিহঁতে হয়তো অলপ ঠাই পাব। ‘হয়তো কিছুমান থাকিব পাৰিব, আন কিছুমান মানুহ গাঁৱলৈ ঘূৰি যাব পাৰে,’ সি কয়। এনে অৱস্থা যদি হয়, সুখদেৱে বিস্ময়ৰে কয়, ‘হে ভগৱান, তেনেকুৱা হ’বলৈ নিদিবা। সিহঁত নাথাকিলে মই ক’লৈকো যাব নোৱাৰো।’

অনুবাদঃ পংকজ দাস

পংকজ দাস এগৰাকী সাংবাদিক, অনুবাদক আৰু অসমীয়া নিউজ পৰ্টেল newsnextone.com ৰ সহ-প্ৰতিস্থাপক। যোগাযোগৰ ইমেইল আইডি [email protected]

Aakanksha

আকাংক্ষা (কেৱল নামটোহে ব্যৱহাৰ কৰি ভাল পায়) পাৰিৰ সহকাৰী সমল সমন্বয়ক।

Other stories by Aakanksha