কেৰেলাৰ পাৰাপ্পা গাঁৱত ১৫ জনীয়া গোট এটাই ‘বাঁহ’ৰ বাদ্যযন্ত্ৰ বজায়। বাদ্যযন্ত্ৰবিধৰ নাম মুলাম চেণ্ডা, বাঁহৰ ঢোল। তেঁওলোক মাৱিলান জনজাতিৰ লোক। কাচাৰগোড় আৰু কান্নুৰ জিলাৰ বাসিন্দা এইসকল লোক পাৰম্পৰিক পৰিৱেশক হিচাপে পৰিচিত।

'তাহানি আমাৰ পূৰ্ৱপুৰুষে বাঁহৰ এই বাদ্যযন্ত্ৰেৰে সংগীত সৃষ্টি কৰিছিল,’ কে. পি. ভাস্কৰমে কয়। ভাস্কৰমৰ বাদ্যযন্ত্ৰীৰ মণ্ডলীক এই লিখনীৰ অন্তৰ্গত ভিডিঅ’টোত দেখুওৱা হৈছে, কেউজনেই কাচাৰগোড়ৰ ভেল্লাৰিকুণ্ড তালুকৰ পাৰাপ্পাৰ বাসিন্দা। 'আজিও ঢোল গৰুৰ ছালৰ পৰা তৈয়াৰ কৰা হয় (কেৰেলাৰ অইন অঞ্চলত)। পাৰম্পৰিকভাবে আমি কেতিয়াও দৈনন্দিন জীৱনত গৰুৰ ছাল বা মাংস ব্যৱহাৰ নকৰো। সেয়ে আমাৰ পূৰ্ৱপুৰুষে থেইয়ামৰ দৰে আমাৰ পৰম্পৰাৰ কাৰণে সংগীত সৃষ্টিৰ উদ্দেশ্যে বাঁহৰ ঢোল সাজিছিল।’

কেইটামান দশক আগলৈকে জনজাতিটোৱে সহজেই বন্য সা-সামগ্ৰী পাইছিল, কিন্তু চৰকাৰে বনাঞ্চলত প্ৰৱেশৰ ক্ষেত্ৰত সীমাবদ্ধতা আৰোপ কৰাৰ ফলত বাঁহৰ ঢোল বনোৱাটো ব্যয়বহুল হৈ পৰিছে। মাৱিলানসকলে এতিয়া ৫০ কিলোমিটাৰ নিলগত থকা বাৰিয়াডাকা চহৰৰ বজাৰৰ পৰা বাঁহ কিনি আনে। এডাল বাঁহত ২৫০০ৰ পৰা ৩০০০ টকা পৰে আৰু তাৰ পৰা ৩-৪ টা মান ঢোল সাজিব পাৰি। এটা ঢোলেৰে দুটা প্ৰদৰ্শনী চলাব পাৰি, তাৰ পিছত বাঁহৰ পাবটোত ফাঁট মেলিবলৈ ধৰে। ঢোল এটা সাজিবলৈ ৩-৪ দিন লাগে। প্ৰথমে জোখত কাটি লৈ দি ৰ’দত দি শুকাবলৈ দিয়া হয়। 'বাঁহৰ এটা ঢোল সাজি উলিয়াওতে বহুত পৰিশ্ৰম হয়,’ ঢোলবাদকৰ মাজৰ সুনীল ৱিটিয়’ৰিয়ে কয়।

ভিডিঅ’টো চাওকঃ পাৰাপ্পা গাঁৱৰ ঢোলবাদকসকলে মুলাম চেণ্ডা বজাইছে

অতীতত মাৱিলান (স্থানীয়ভাবে মাৱিলাৰ বোলা হয়)সকলে কৃষিভূমিত হাজিৰা কৰিছিল। এতিয়া কিছু পৰিয়ালৰহে অলপ-অচৰপ খেতিৰ মাটি আছে আৰু ঢোলবাদকে শ্ৰমিক, কাঠ মিস্ত্ৰী হিচাপে নিৰ্মাণখণ্ডত নাইবা ৰং দিয়া দিনহাজিৰাৰ কাম কৰে।

জনজাতিটোৰ প্ৰায় ৩০-৩৫ জন সদস্যই এতিয়াও বাঁহৰ ঢোল বজায়। পাৰম্পৰিকভাবে মাৱিলান ঢোলবাদকে ঢোল বজাই গীত জুৰিছিল আৰু মহিলাই মন্দিৰৰ উৎসৱ-পাৰ্ৱণ আৰু অইন অনুষ্ঠানত তাৰে তালে তালে নাচিছিল। পৰিৱেশনৰ বাবে বছৰটোত কেতিয়াবা এটাও আমন্ত্ৰণ নাহে, কেতিয়াবা দহোটালৈকে আহে, ঢোলবাদকৰ মাজৰে কে. পি. ভাস্কৰমে কয়। এটা পৰিৱেশন ১০ৰ পৰা ৩০ মিনিট চলে আৰু প্ৰতিজন ঢোলবাদকে ১৫০০ টকাকৈ পায়। তাৰে তেঁওলোকে যাতায়তৰ খৰছ নিজে দিব লাগে আৰু সিদিনাৰ দিনহাজিৰাও লোকচান হয়।

'আমি সংগ্ৰাম চলাই নিব লাগিব, কিন্তু আমাৰ এই কলা যাতে আমাৰ যুৱ প্ৰজন্মটোলৈ কঢ়িয়াই লৈ যাব পাৰো আমি সেয়া নিশ্চিত কৰিম,’ ভাস্কৰমে কয়। 'আমাৰ কলা আৰু সংস্কৃতি আমি সংৰক্ষণ কৰি ৰাখিছো। আমি জানো এয়া অনন্য আৰু প্ৰজন্মৰ পিছত প্ৰজন্ম বাগৰি আহি আমাৰ হাতত পৰিছে। এয়া আমাৰ পৰিচয়।’

অনুবাদঃ পংকজ দাস

In Parappa village of Kerala, a group of around 15 men drum on ‘grass’ – on the mulam chenda, a bamboo drum.
PHOTO • Gopika Ajayan
In Parappa village of Kerala, a group of around 15 men drum on ‘grass’ – on the mulam chenda, a bamboo drum.
PHOTO • Gopika Ajayan

পংকজ দাস এগৰাকী সাংবাদিক, অনুবাদক আৰু অসমীয়া নিউজ পৰ্টেল newsnextone.com ৰ সহ-প্ৰতিস্থাপক। যোগাযোগৰ ইমেইল আইডি [email protected]

Gopika Ajayan

Gopika Ajayan is a graduate of the Asian College of Journalism, Chennai, and a video journalist who focuses on the arts and culture of India’s Adivasi communities.

Other stories by Gopika Ajayan