কষ্টৰ মাজেৰ আগবঢ়া ঘৰখনত এতিয়াও হাঁহি বিৰিঙি আছে।

পানীৰ আকালত ভোগা তামিলনাডুত এতিয়াও এখন পাম আছে য'ত ফুল ফুলে।

মাটীয়ে দ্ৰুতগতিত উৰ্বৰতা হেৰুৱাই পেলোৱা ৰাজ্যখনত এই সৰু এটুকুৰা মাটীত এতিয়াও কেৱল জৈৱ সাৰৰ ব্যৱহাৰ হয়।

কৃষিৰ বিপৰ্যস্ত অৱস্থাৰ মাজতে দুটাকৈ সন্তানৰ মাতৃগৰাকীয়ে উদ্যমেৰে যুঁজ দিছে। এনেদৰে খেতিয়কজনে সমৃ্দ্ধি লাভ কৰিছে।

প্ৰথমে পৰিৰদ্বাৰা লিপিবদ্ধ হোৱা তেওঁৰ সংগ্ৰামৰ কাহিনীয়ে চেন্নাইত স্বীকৃতি লাভ কৰিছিল আৰু এই সপ্তাহতে তাই গৃহউদ্যমীতাৰ পুৰস্কাৰ গ্ৰহণৰ বাবে তালৈ আহিছে। "এয়া হৈছে ঘৰৰ পৰা ব্যৱসায় চলোৱা মহিলাক প্ৰদান কৰা পুৰস্কাৰ।"

চন্দ্ৰ সুব্ৰমনিয়মৰ ঘৰ হৈছে শিৱগংগা জিলাৰ মুথুৰ গাঁৱৰ মেলাকাডু চুবুৰীত। চুবুৰীটোৰ মতা খেতিয়কবোৰতকৈ বেছি কষ্ট কৰা চন্দ্ৰাই পিছে ডেকা ল'ৰাৰ দৰে কাপোৰ পিন্ধে। "এয়া মোৰ ল'ৰাৰ চোলা," তাই হাঁহি মাৰি ক'লে। তাইৰ ল'ৰাৰ বয়স ২৯। তাই নীলা ৰঙৰ চোলাটো গাউনটোৰ ওপৰতে পিন্ধিছে, কিন্তু তাইক আগতকৈ ক্ষীণ দেখা গৈছে। তুমি ক্ষীণাইছা যে? মই সুধিলো। ''কাম" পথাৰৰ মাজতে তাই বন্ধা সীমালৈ দেখুৱাই তাই চমুৱাই উত্তৰ দিলে। "আগতে সেয়া ঠেক আছিল, মই বালি গোটাই সেয়া মজবুত কৰালো।" মই বহু পাহুৱাল লোকক সেয়া কৰাত হেহো-নেহো কৰা দেখিছো।


Picking tuberose. Chandra's daughter Iniya with tuberose flowers

চন্দ্ৰাৰ পথাৰত ৰজনীগন্ধা ফুল ছিগাৰ সময়ত। সোঁফালেঃ বেগভৰ্তি ফুলৰ সৈতে ইনায়াই মিচিকিয়াই হাঁহিছে

চন্দ্ৰাই দিনে-ৰাতি কাম কৰে। জুলাই মাহৰ আৰম্ভণিৰ তাৰিখ এটাত তাইৰ ঘৰলৈ আহি মই তাইক নাপালো। তাই কুকুৰাই ডাক দিয়াৰ আগতেই পথাৰলৈ ওলাইছে। ৰাতি এক বজাতে। "কিয়নো ৰজনীগন্ধা ফুল ছিঙাৰ সেয়াই আটাইতকৈ ভাল সময়। তামিলনাডুত এই ৰজনীগন্ধা উপচি পৰে আৰু মালা বনোৱাত আৰু পুজা-পাতালত সেয়া ব্যৱহাৰ হয়।

ফুলবোৰ কেনেদৰে চিঙা হ'ব তাৰে ওপৰতে ফুলৰ দৰ নিৰ্ভৰ কৰে- এটা পাত্ৰৰ পৰা আন এটা পাত্ৰত গাখীৰখিনি ঠাণ্ডা কৰিবৰ বাবে ঢালি থকাৰ মাজতে তাই কৈ গ'ল। "আৱেলিৰ ভাগত চিঙিলে তাৰ দাম কমে। পিছদিনা ৰাতিপুৱা চিঙালৈকে সেয়া ফুলি উঠে, আৰু সময়ৰ অপচয় হয়। ৰাতি তোলাবোৰেই আটাইতকৈ ভাল হয়। এয়া খাওক," তাই চেনী দিয়া গৰম গাখীৰৰ বাতিটো মোলৈ মৰমেৰে আগবঢ়াই দিলে। চন্দ্ৰাৰ হাতত চাহৰ কাপ। তাতে তাই বিস্কুট এখন তিয়াই খালে, তাইৰ জলপান হৈ গ 'ল। "ব'লক," তাই ক'লে আৰু মই তাইক অনুসৰণ কৰিলো।

তাইক মই প্ৰথম লগ পাইছিলো ২০১৪ চনত তাইৰ মেলাকাডু পামখনত। তাৰে এবছৰ আগতে তাইৰ গিৰীয়েক ঢুকাইছিল। সেই মৰ্মন্তুদ ঘটনাৰ দুসপ্তাহ পিছতেই চন্দ্ৰাৰ পিতৃও পথ দুৰ্ঘটনাত মৃত্যু ঘটিছিল। এই আটাইবোৰ ঘটনাৰ সময়ত তাইৰ বয়স আছিল ২৪ বছৰ। তাইৰ লগত আছিল এমাডিমা এহাল ল'ৰা-ছোৱালী। তেতিয়া তাই তাইৰ বিধবা মাকৰ সৈতেই সেই পামখনেৰেই জীৱিকাৰ বাট উলিয়ালে।


Chandra with her son Dhanush and her daughter Iniya. Chandra winning the 'Homepreneur' award

পামত পুত্ৰ ধনুষ আৰু জীয়ৰী ইনায়াৰ সৈতে চন্দ্ৰা, সোঁফালেঃ চেন্নাইত গৃহউদ্যমীতাৰ পুৰস্কাৰ গ্ৰহণৰ সময়ত

চন্দ্ৰাৰ হাতত চাৰি একৰ মাটি আছে। বৰষুণৰ ভাল হোৱাৰ বতৰত তাই ধান আৰু কুঁহিয়াৰৰ খেতিও কৰিছিল। কিন্তু দুবাৰকৈ বৰ্ষা ঋতুত বৰষুণ ভাল নোহোৱাত তাই পাচলি খেতি কৰাত লাগিল। সেই পাচলি তাই নিজেই বজাৰত বেছিলে। এইবছৰ তাই ফুলৰ খেতিৰে বাজি খেলিলে। ইয়াৰে দুই একৰ মাটিত তাই ফুলৰ খেতি কৰি বাকী আধা একৰ মাটিত পাচলি খেতি কৰিলে। বাকীখিনি মাটি উদং হৈ থাকিল। সদায়ে ফুলৰ খেতিত লাগি থকাটো কষ্টকৰ। কিন্তু তাই সেয়া নিজৰ বাবে কৰিছে। ফুল চিঙোতাই এদিনত ১৫০ টকা লয়। "তেওঁলোক জোৰা পাতি আহে। মই যদি এদিনত ৩০০ টকা দিবই লাগে, তেন্তে মই কেনেকৈ ধন ঘটিম?" তাই প্ৰশ্ন কৰিলে।

"সৌৱা ৰজনীগন্ধা ফুলৰ পথাৰখন," তাই আঙুলিয়ালে। মই দেখাৰ আগতেই তাৰে সুগন্ধ মোৰ নাকত লাগিছিল। দুবিঘা মাটিত সেয়া হালি-জালি আছে। ওখ ফুলগছবোৰে চন্দ্ৰাৰ কান্ধ চুইছে। ফুলবোৰ থোপাথোপে লাগিছে আৰু গছবোৰৰ ওপৰত সেয়া মুকুটৰ দৰেই লাগিছে। শাৰীবোৰৰ মাজত ব্যৱধান একেবাৰে কম। আৰু প্ৰত্যেক ৰাতি তাই সেই গাউন পিন্ধি মাইনিং লেমটো মুৰত লগাই ওলায়। "লেমটোৰ দাম ৮০০ টকা হলেও সেয়া খুব কামৰ, মই সৰু পোকবোৰো দেখো," পৃথিৱীখন টোপনিত ডুব গৈ থাকোতেই তাই চাৰি ঘণ্টা ফুলি ছিঙে।

কেতিয়াবা অৱশ্যে সাপ আৰু বৃশ্চিকো সাৰে থাকে। অলপতে তাইক এটা বৃশ্চিকে কামুৰিলে। মই সচকিত হৈ সুধিলো, 'তুমি কি কৰিলা তেতিয়া?' সেয়া আঁতৰাই দিলো, হাঁহি মাৰি তাই ক'লে।


Chandra's tuberose field

চন্দ্ৰাই দুবিঘা মাটিত ৰজনীগন্ধাৰ খেতি কৰে। তাই খেতিত জৈৱ সাৰ ব্যৱহাৰ কৰে

প্ৰত্যেকদিনা ৫.৩০ মিনিটত তাই ছিঙা ফুলবোৰ টোপোলা কৰে আৰু সেয়া ৰেলৱে ক্ৰছিঙত গৈ বিক্ৰী কৰে, তাৰ পৰা ট্ৰাকেৰে সেয়া মাদুৰাইলৈ লৈ যোৱা হয়।

ঘৰলৈ আহি তাই ল'ৰা-ছোৱালীহালক চায়- ৫ম মানত পঢ়া ধনুষ কুমাৰ আৰু ২য় মানত পঢ়া ইনায়াক পঢ়ায় আৰু সিহতৰ বাবে দুপৰীয়াৰ আহাৰ ৰান্ধে। "এই নতুন স্কুলখন আগৰ স্কুলখনৰ খৰছতকৈ দুগুণ। কিন্তু মই সিহতৰ বাবে ভালৰো ভালটো বিচাৰো। মই নহ'লে কাৰ কাৰণে এইবোৰ কৰি ফুৰিছো?" তাৰপিছত, তাই বজাৰলৈ পাচলি নিয়ে। সেই পইছাখিনিক তাই বোনাচ বুলি কয়। এইখিনিৰে তাই আৰু অলপ খোৱা-লোৱাৰ সামগ্ৰী আনিব পাৰে। "পথাৰত পানী অলপ পোৱা হ'লে আমি আমাৰ বাবে ধানখেতিও কৰিব পাৰিলোহেঁতেন। কিন্তু এতিয়া?"

তাইৰ মাকে মাজতে মাত দিলে। "তুমি এইখিনি বিক্ৰীও কৰিব পাৰিলা হয়," তাই তাইৰ গিনিপিগভৰ্তি সজাটোলৈ দেখুৱাই ক'লে, ইবোৰৰ কামনো কি?" এই তৰ্ক দুবছৰ ধৰি চলিছে। চন্দ্ৰাৰ উত্তৰ কয় যে এইবোৰ পোহনীয়া জন্তু আৰু সেয়া খাব নালাগে।

ভাল দিনবোৰত তাই এঘুমটি মাৰি লয়। কিয়নো তাই ভালেকেইটা ৰাতি শুব নাপাবও পাৰে। এতিয়া তাই মটৰটো দেখুৱাবলৈ নিলে। "পানীখিনি দেখিছে?" তাই সুধিলে। সৌৱা, শীতল আৰু ঘন। ২০ মিটাৰ পৰিধিৰ এটা খোলা কুৱাৰ গভীৰতাত সেয়া দেখা গৈছে। চন্দ্ৰা আৰু তাইৰ ভায়েকে সিহতৰ দমকলৰ পানী এই ৭৫ ফুট গভীৰতাৰ কুৱাটোত ৰাখে। ইয়াৰপৰাই পথাৰত পানী যোগান ধৰা হয়। "মোৰ দমকলটো ৪৫০ ফুট গভীৰতাত আছে, কিন্তু মোৰ ভাইটোৱে পানীৰ বাবে ১০০০ ফুট খান্দিবলগীয়া হৈছিল।"


Chandra wearing a headlamp. Open dug well almost 20 feet in diameter

চন্দ্ৰাই তাইৰ হেডলেমটো পিন্ধিছে, সেইটোৱে তাইক ৰাতিৰ ভাগত পোক-পতংগ দেখা পোৱাত সহায় কৰে। সোঁফালেঃ মুকলি কুৱাটো য'ত তাই আৰু তাইৰ ভায়েকে দমকলৰ পানী জমা কৰে।

"বৰষুণ ভাল হ'লে কুৱাটো নিজে নিজেই ভৰি পৰে, কেতিয়াবা আকৌ উপচিও পৰে। এবাৰ আমি ল'ৰা-ছোৱালীকেইটাক প্লাষ্টিকৰ টোপোলা ককালত গাঁঠি মাৰি তাতে দলিয়াইছিলো," কৈয়ে তাই হাঁহিবলৈ ধৰিলে। আকৌ মোৰ তধা লগা মুখখন চাই আকৌ হাঁহিলে। সিহত তাতে নুডুবে, প্লাষ্টিকৰ টোপোলাকেইটাই সিহতক উপঙাই ৰাখে। নহ'লে সিহতে সাতুৰিবলৈ কেনেকৈ শিকিব?"

চন্দ্ৰাই আমাৰ কাষলৈ অহা ল'ৰা-ছোৱালীহালক গালি পাৰিলে। "চোৱাচোন!, তোমালোকৰ চুলিবোৰ কেনেকৈ শুকাই গৈছে, যোৱা, ফণিয়াই লোৱাগৈ।" আমি মধুৰিয়াম চিঙিবলৈ আগবাঢ়িলো। তাইৰ মাকৰ দৰে তায়ো মোক কেইটামান লৈ যাবলৈ অনুৰোধ জনালে।

চন্দ্ৰাই গোটেইখিনি মাটিতে ফুলৰে খেতি কৰিব বিচাৰে। ভায়েকৰ পথাৰৰপৰা জেছমিন ছিঙি থাকোতে তাই ক'লে। "ৰজনীগন্ধাৰ দাম কম-বেছ হৈ থাকে যদিও মই ইয়াতে লাভ দেখিছো,"  তাই ফঁহিয়াই ক'লে। প্ৰত্যেক একৰ মাটিত তাই এক লাখ টকাকৈ খটুৱাইছে। ইয়াৰে ৪০ হাজাৰ টকা ৰজনীগন্ধাৰ আলুবোৰৰ বাবে আৰু ৩০ হাজাৰ টকা জলসিঞ্চনৰ বাবে। বাকীখিনি পথাৰ আৰু পুলিবোৰ সাজু কৰোতে হোৱা খৰছ। "মই পথাৰত কেৱল জৈৱ সাৰ ব্যৱহাৰ কৰো, গৰুৰ গোৱৰ," তাই বুজাই ক'লে। পুলিবোৰ ডাঙৰ হৈ ফুলিবলৈ সাতমাহ সময় লাগে আৰু সেয়া ভালদৰে ফুলে মানে দুমাহমান লাগে।


Chandra plucking guavas with Iniya

চন্দ্ৰাই সিহতৰ পামৰ মধুৰিয়াম গছৰপৰা ছিঙা মধুৰিয়ামবোৰ ধৰিবলৈ পলিথিনৰ মোনা হাতত লৈ ইনায়া

এতিয়া তাই ৪০ কিলোমান ফুল ছিঙে, কেতিয়াবা সেয়া ৫০ কিলোও হয়। কিন্তু মূল্যৰ প্ৰভেদ কেতিয়াবা আকাশ-পাতাল হয়। "কেতিয়াবা যদি এক কিলোত ৫ টকা হয়, কেতিয়াবা আকৌ সেয়া ৩০০ টকালৈ উঠে," তাই কয়। বিয়া আৰু উৎসৱৰ বতৰত ইয়াৰ দাম হোৰাহোৰে বাঢ়ে আৰু ছিজন নাথাকিলে দাম কমি আহে। "প্ৰতিকিলোত ৫০ ৰপৰা ১০০ টকা পালে মোৰ লাভ থাকে।" সেই দুই একৰ মাটিৰ পৰা চন্দ্ৰাই মাহে গঢ় হিচাপত ১০ হাজাৰমান টকা পায়। কেতিয়াবা অলপ বাঢ়ে। সেয়া বাচে তাইৰ কৰা আটাইবোৰ বিনিয়োগ, চোৱাচিতা আৰু ঋণ তথা সুতসহিতে কিস্তি দিয়াৰ পিছত। তাৰেই তাইৰ পৰিয়াল চলে। তাই পাচলিৰ পৰা মাহে ২০০০ মান আয় কৰিব পাৰে।

তাই আনকি এলআইচি পলিচিতো অকণমান টকা থব পাৰিছে। তাই পাচলি খেতি কমাই দিব (অহাবাৰ আচাৰৰ বাবে সৰু তিঁয়হ লগাব)। "এই মুকলি পথাৰবোৰ দেখিছে?" এইবোৰ আগতে এনেদৰে পেলাই থোৱা নাছিলো…কিন্তু বৰষুণ নহ'লে খেতি কৰি লাভ নাই। তৰমুজেই নহয়, আনকি নাৰিকলো শুকাই গৈছে।"

তাইৰ ঘৰত নিজেই সুতাৰে ফুল গাথি মোক চুলিত বন্ধাই দিলে। অলপমান আপোনাৰ ছোৱালীজনীৰ কাৰণে লৈ যাওক," তাই জোৰ কৰিলে। সেয়া মই মুম্বাই পোৱালৈকে লেৰেলি যাব, মই তাইক মোৰ ছোৱালীজনীৰ ফটো দেখুৱাই থকাৰ মাজতে ক'লো। "তাইৰ চুলিৰ কাটটো চোৱাচোন, সেই চুলিত ফুল নাথাকিবই," চন্দ্ৰাই হাঁহি মাৰি ক'লে। তাৰ পিছত তাই মোক সুধিলেঃ "তাইৰ কাৰণে কি আপুনি ফণি, তেল কিনিব নোৱাৰে নেকি?" কথাষাৰৰ পিছতে হাঁহিৰ একেবাৰে বৰষুণ নামি আহিল, গৰম দিনৰ বৰষুণজাকৰ দৰেই।

ফটোঃ অপৰ্ণা কাৰ্থিকেয়ান

অনুবাদকঃ ৰশ্মি ৰেখা দাস

Aparna Karthikeyan

Aparna Karthikeyan is an independent journalist, author and Senior Fellow, PARI. Her non-fiction book 'Nine Rupees an Hour' documents the disappearing livelihoods of Tamil Nadu. She has written five books for children. Aparna lives in Chennai with her family and dogs.

Other stories by Aparna Karthikeyan