"আমাৰ গাওঁবোৰত বা আশে-পাশে থকা গাওঁবোৰত কাচিতহে কিবা কাম ওলায়," জংগম ধনলক্ষ্মীয়ে কয়। "খেতিপথাৰবোৰ খান্দি মাছপোহা পুখুৰী কৰি পেলোৱা হৈছে।"

৪০ বৰ্ষীয় ধনলক্ষ্মী (ওপৰৰ বেটুপাতৰ ফটো থকাগৰাকী) আংকেন্নাগুদেমত নামৰ দলিত গাওঁখনত থাকে। অন্ধ্ৰপ্ৰদেশৰ কৃষ্ণা জিলাৰ তামিৰিসা গাঁৱৰ এই দলিত চুবুৰীটোত প্ৰায় ৪৫০ ঘৰমান লোকে বাস কৰে। তাই দিনে ২০০ টকাৰ হাজিৰা কামৰ বাবে ৬০ কিলোমিটাৰ দুৰৈৰ কৃষিপাম এখনলৈ অটোৰিক্সা লৈ যাবলগা হয়। ভাড়াতে তেঁওৰ হাজিৰাৰ চাৰিভাগৰ এভাগ যায়।

"ইমান দুৰলৈ ভ্ৰমণ কৰাৰ পিছতো, আমি বছৰটোত মাত্ৰ ৩০ দিন মানৰহে কাম পাও- এপ্ৰিল মাহত ১০ দিন, আগস্ত মাহত ১০ দিন আৰু খেতিপথাৰৰ কামৰ হেঁচা বঢ়া ডিচেম্বৰ মাহত ১০ দিনমান," ধনলক্ষ্মীৰ চুবুৰীয়া ৬০ বছৰ বয়সৰ গান্তা সৰোজাই কয়। কৃষিৰ কামৰ পৰা অঞ্চলটোৰ লোকে যিহেতু ৫ ৰপৰা ৬ হাজাৰমানহে আয় কৰিব পাৰে, সেয়ে বহুতে সেই ঠাই এৰি গৈছে। "১০ বছৰমান আগেয়ে এই গাওঁখনত ১৫০ মান পৰিয়াল আছিল। এতিয়া ৬০ ঘৰমানহে ৰৈছেগৈ," সৰোজাই হিচাপ কৰি ক'লে। "কিছুমানে গুদিৱাড়া, বিজয়ৱাড়া আৰু হায়দৰাবাদলৈ গ'লগৈ, আন কিছুমানে আকৌ শহুৰৰ গাঁৱলৈ কামৰ সন্ধানত ঢাপলি মেলিলে।"

আংকেন্নাগুদেম আছে নন্দিৱাড়া মণ্ডলত পৰে। ইয়াৰে জনসংখ্যা ৩৬ হাজাৰমান হ'ব। নন্দিৱাড়াৰ জনমুৰি আয় অন্ধ্ৰপ্ৰদেশৰ (বিশাথাপট্টনম জিলাৰ অটচুপুৰম মণ্ডলৰ পিছতে) ভিতৰতে সৰ্বাধিক। মাছৰ পুখুৰীৰ পৰা হোৱা আয়ৰ বলতে এই আয়। মাছবোৰ প্ৰথমে একুৱা প্ৰচেছিং ইউনিটত ৰখা হয়। তাৰ পিছতে সেয়া পূৱ এছিয়া আৰু ইউৰোপীয় দেশলৈ চালান দিয়া হয়। ২০১৪-১৫ চনত, ৰাজ্যিক কেপিটেল ৰিজন ডেভেলপমেণ্ট অথৰিটিৰ তথ্য মতে নন্দিৱাড়াৰ জনমুৰি আয আছিল মুঠ ৩০৮,৩৭১ টকা। আৰু একেটা বছৰতে সমগ্ৰ কৃষ্ণা জিলাৰ আয় আছিল ১৪০,৬২৮ টকা।

 

নন্দিৱাড়া মণ্ডলত ২০০০ চনমানলৈ মত্স্যপালন বৃদ্ধি পালে, এনেদৰে গোটেইবোৰ কৃষিভূমি  তাতেই সোমাল; এতিয়া মিছামাছকে ধৰি অইন মাছ ৰপ্তানীৰ বাবে পালন কৰা হয়


কিন্তু ২০০১ আৰু ২০১১ চনৰ লোকপিয়লৰ তথ্যমতে এইখনেই গোটেই জিলাখনতে এনে এটা মণ্ডল য'ত ২০০০ চনৰ আগভাগৰ পৰা জনসংখ্যা হ্ৰাস পাই আহিছে। যোৱা ১০ বছৰত জনসংখ্যা কমি অহাৰ ফলত মণ্ডল পৰিষদ টেৰিটৰিয়েল সমষ্টিৰ আসনো (যিয়ে জনসংখ্যা অনুযায়ী ঠিৰাং কৰা হয়) ১২ খনৰপৰা ১ খন হৈছেগৈ।

ধনলক্ষ্মীৰ ভায়েক জংগম যশোৱাও খেতিপথাৰত শ্ৰমিকৰ কাম কৰে। তেওঁ কয়, "১৫ বছৰমান আগতে, আমাৰ চুবুৰীটোত ৩৭০ বিঘামান খেতিৰ মাটি আছিল। তাৰে বেছিভাগ মাটিয়েই ওচৰৰে চুবুৰীবোৰৰ কাম্মা আৰু যাদৱ বংশৰ মহাজনসকলৰ হাতত আছিল। ইফালে দলিতসকলৰ হাতত মাত্ৰ ৫০ একৰমানহে মাটি আছিল। ইস্পিত ধনৰ লাভতে মহাজনবোৰে সিহতৰ কৃষিভূমিবোৰ পুখুৰীলৈ ৰূপান্তৰ কৰে। মাটিৰ উৰ্বৰতা কমি অহা আৰু পানীৰ প্ৰদূষিত হোৱাৰ ফলত আমিও তেনেই কৰিবলৈ বাধ্য হও।"

দলিত পৰিয়ালবোৰক ধনৰ খুবেই প্ৰয়োজন হোৱাৰ সময়তে দলিতৰ হাতত থকা ৫০ একৰমান মাটিৰ প্ৰায়ভাগেই পানীৰ দামতে মহাজনবোৰে কিনি লয়। ফলত, যশোৱাই কোৱামতে, "আমাৰ হাতত এক একৰো মাটিও নাথাকিল। ইয়াৰ ফলত কামৰ অভাৱ ঘটিল আৰু আমি জীৱিকাৰ সন্ধানত ওলাই যাবলগা হ'ল। কিন্তু ওচৰে-পাজৰে থকা গাওঁবোৰতো একেই ঘটি থকাৰ ফলত গোটেই অঞ্চলটোতে দ্ৰুতগতিত হাজিৰা-কামলাৰ কাম কমি গ'ল। এনেদৰেই প্ৰব্ৰজনৰ সূচনা হ'ল।" 


পানীৰ পুখুৰীবোৰত কৃষ্ণা নৈৰ উপনৈ বুডামেৰাৰ পানী ব্যৱহাৰ কৰা হয়, ফলত স্থানীয় পানীৰ উত্স কমি আহিছে


কামৰ ক্ষতিৰ পৰিমাণ বৃহত। ১০০ একৰ মাটিয়ে বছৰটোত ১১ ৰপৰা ১২ হাজাৰ দিনৰ হাজিৰা দিয়ে। তাৰ বিপৰীতে এটা ১০০ একৰ মাটিৰ পুখুৰীত ১০০০ দিনৰহে কাম পোৱা যায়। (কিমান মানুহে কিমান দিনৰ কাম পায় সেই হিচাপত কৰ্মদিন ধৰা হৈছে)।

আংকেন্নাগুদেমেই এনে এক দলিত চুবুৰী নহয় যিয়ে এই সমস্যাৰ মাজেৰে পাৰ হ'বলগা হৈছে। "আমাৰ হিচাপ মতে নন্দিৱাড়া মণ্ডলৰ ৩২ হাজাৰ একৰ মাটিৰ ২৮ হাজাৰ একৰ মাটিতেই পুখুৰী খন্দা হৈছে। তাৰো প্ৰায়ভাগেই জিলা কৰ্তৃপক্ষৰ পৰা সঠিক অনুমতি নোহোৱাকৈ কৰা হৈছে," ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ সৈতে জড়িত অন্ধ্ৰ প্ৰদেশ কৃষি শ্ৰমিক ইউনিয়নৰ ২৮ বৰ্ষীয় মুৰালা ৰাজেশে কয়। অঞ্চলটোৰ প্ৰায়ভাগ কৃষিভূমি কাম্মা জাতৰ লোকৰ দখলত আছে। এই কাম্মাসকল হৈছে অন্ধ্ৰপ্ৰদেশৰ ৰাজনৈতিক আৰু সামাজিক দিশত হাত দীঘল লোক। ইয়াৰ পিছতে নাম আহে ৰেড্ডী, কাপু, ৰাজাকা আৰু য়াদৱ সম্প্ৰদায়ৰ। এইসকল লোকৰ আয় এতিয়া মাছৰ পুখুৰীৰপৰাই আহে।

ধনলক্ষ্ণীৰ পুত্ৰ ২০ বছৰীয়া অজয়ে কাম্মা এজনৰ মাছৰ পুখুৰীৰ কাম কৰে। পুখুৰীটো এজন যাদবে লীজত লৈছে। তেওঁৰ মাহে দৰমহা ৭৫০০ টকা আৰু কাম কৰে পুৱা ৭ বজাৰ পৰা আবেলি ১ বজালৈ। এনেদৰেই পাঁচজনীয়া পৰিয়ালটো পোহপাল দিয়ে অজয়ে। "১০ বছৰ আগেয়ে আমি এদিনত তিনি সাজ খাইছিলো। এতিয়া দ্বিতীয় সাজৰ বাবে পইছা নাথাকেই," ধনলক্ষ্মীয়ে কয়।

এয়া হৈছে নন্দিৱাড়াৰ দলিত পৰিয়ালৰ বয়োজেষ্ঠসকলৰ কাহিনী। ইয়াতেই ১৯৯০ৰ দশকত মত্স্যপালন আৰম্ভ হৈছিল আৰু ২০০০ চনমানলৈ এয়া সৰ্বব্যাপী হয়। ৫৫ বৰ্ষীয় দলিত কান্থাম্মাই ২০০০ চনমানলৈ কৃষিভূমিৰ শ্ৰমিক হিচাপে কাম কৰিছিল। "মই এদিনত ১০০ টকা পাইছিলো আৰু বছৰটোত ২০০ মান দিন কাম কৰিছিলো," তেওঁ কয়। "মাছ পোহা পুখুৰী বঢ়াৰ লগে লগে হাজিৰা পোৱাৰ সুযোগো নাইকিয়া হৈ গৈ থাকিল আৰু মই বাহিৰত কাম বিচাৰি যাবলৈ বাধ্য হ'লো। কিন্তু স্বাস্থই লগ নিদিলে…"

তেওঁৰ ২৫ বৰ্ষীয় পুত্ৰ চান্দুই এতিয়া কান্থাম্মাৰ যতন লয়। তেওঁ হায়দৰাবাদৰ এটা ৱেল্ডিং কাৰখানাত কাম কৰে। মাকক সহায় কৰাৰ বাবে চান্দুই ৭ম মানতে পঢ়াশালি এৰিছিল। তেতিয়াৰেপৰা তেওঁ খেতিপথাৰৰ শ্ৰমিক হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে। কিন্তু সেই কাম একেবাৰে নাইকিয়া হৈ গ'লত, তেওঁ কাম বিচাৰি হায়দৰাবাদলৈ আজিৰপৰা চাৰি বছৰমানৰ আগতে গুছি যায়। "এতিয়া মই ১২ হাজাৰ টকা পাও আৰু তাৰে আধা মালৈ পঠিয়াও," তেওঁ কয়।

হনুমানাপুৰি চুবুৰীৰ বসন্ত ৰাওয়েও কেইবাবছৰ আগলৈকে খেতিপথাৰৰ শ্ৰমিক হিচাপেই কাম কৰিছিল। এতিয়া ঘৰ চলাবলৈ তেওঁৰ পুতেককেইজনৰ ওপৰতে নিৰ্ভৰ কৰিবলগীয়া হৈছে। "দুজনে গুড়িৱাড়াতে কাম কৰে (আটাইতকৈ ওচৰত থকা চহৰখন, সাত কিলোমিটাৰ দুৰৈৰ)। তৃতীয়জনে হায়দৰাবাদত কাম কৰে," তেওঁ কয়। বসন্তই কোৱামতে তেওঁৰ চুবুৰীৰ ৫০ ঘৰ দলিত পৰিয়ালৰ ৩০ ঘৰমানেই এতিয়া এই দুই ঠাইলৈ ওলাই গৈছে।


হনুমানপুৰি চুবুৰীৰ বসন্ত ৰাওয়ে (ইয়াতে তেওঁৰ নাতিৰ সৈতে) ঘৰ চলাবৰ বাবে তেওঁলোকৰ পুতেককেইজনৰ ওপৰতে নিৰ্ভৰ কৰিবলগীয়া হয় (তেওঁলোকে গুড়িৱাড়া আৰু হায়দৰাবাদত কাম কৰে)


জনমুৰি আয় অধিক হোৱা স্বত্বেও মণ্ডলটোত জনসংখ্যা কমি অহাৰ কথাটোক লৈ চান্দু আচৰিত নহয়। "মহিলাসকল ঘৰতেই থাকে (আৰু ঘৰৰ কাম-কাজ চম্ভালে, যিহেতু আশে-পাশে হাজিৰা পোৱা নাযায়)। ওচৰৰ গাওঁবোৰলৈ যাবপৰাকৈ সুস্থ-সবল মতাবোৰে মাজে-সময়েহে কাম পায়। ছোৱালীবোৰ বিয়া দি শহুৰেকৰ ঘৰলৈ পঠিয়ায় দিয়া হয়। ল'ৰাবোৰক গুড়িৱাড়া আৰু হায়দৰাবাদত কাম কৰিবলৈ অথবা অটোৰিস্কা চলাবলৈ, অথবা নিৰ্মাণ খণ্ডৰ শ্ৰমিক আৰু ৰং কৰা কামত পঠিয়াই দিয়া হয় আৰু সিহতে তাৰপৰা ঘৰলৈ পইছা পঠিয়ায়। তাৰ বিপৰীতে এক দুৰ্বিষস কষ্টকৰ জীৱন তেওঁলোকে যাপন কৰে। এনে পৰিস্থিতিত মণ্ডলৰ জনসংখ্যা নকমিবনো কিয়?" তেওঁৰ চকুত প্ৰশ্নবোধক চিন।

মাছপোহা পুখুৰীবোৰৰ কাম হাতত পৰিলেই চান্দুৰ বন্ধু মাত্তুপাল্লি জোচেফে কাম কৰে। বৃদ্ধ মাক-বাপেকৰ চোৱা-চিতা কৰিবলৈ তেওঁ গাঁৱতে থকাৰ সিদ্ধান্ত লৈছে। "এমজিএনৰেগাৰ (মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ নিয়োগ গেৰাণ্টি আইন) কামনো কি যদিহে এয়া ৰূপায়ন কৰাই নহয়? এমজিএনৰেগাৰ যোগেদি আমাক কাম দিয়াৰ বাবে আমি প্ৰায়ে বিষয়াসকলক অনুৰোধ জনাই আহিছো, কিন্তু আইনখন বলবত কৰাৰ দিনধৰি (২০০৫ চন) এতিয়ালৈ এবাৰো সেয়া হোৱা নেদেখিলো। এদিনাখন, ময়ো মোৰ বৃদ্ধ মা-দেউতাক এৰি গাঁৱৰপৰা চহৰলৈ গৈ শ্ৰমিক হিচাপে কাম কৰিবলগা হ'ব," জোচেফে কয়, তেওঁৰ চকুৱে-মুখে একেসময়তে ক্ষোভ আৰু কষ্টৰ চিন স্পষ্টকৈ ফুটি উঠিছে।


আংকেন্নাগুদেমৰ দলিতসকলে এতিয়া আৰু সেই প্ৰদূষিত পুখুৰীবোৰৰ পানী খাব নোৱাৰে (বাওফালে); তামিৰিসাৰ পুখুৰী (সোঁফালে), উচ্চ জাতৰ দ্বাৰা ব্যৱহৃত, দেখাত তুলনামুলকভাৱে ভালেই


এই সময়তে, চুবুৰীবোৰৰ ভুজল আৰু খোৱাপানীৰ পুখুৰীবোৰ মত্স্যপালনে প্ৰদূষিত কৰি পেলাইছে। তদুপৰি ভূপৃষ্ঠভাগৰ পানীৰ উত্স যেনে জলসিঞ্চনৰ নলা, পানীৰ সুঁতিবোৰো প্ৰদূষিত হৈ পৰিছে। "পঞ্চায়তৰ নলৰ পৰা ওলোৱা খোৱাপানীৰ ৰং সেউজীয়া হৈ পৰিছে। আমি ১৫ টকা দি ২০ লিটাৰ খোৱাপানী কিনো, কিন্তু মাটিত থকা এই জাতবোৰক প্ৰকৃতিয়ে শুদাই এৰিব নেকি?" সৰোজাই সোধে।


ফটোবোৰঃ ৰাহুল মগন্তি 


ৰশ্মিৰেখা দাস এগৰাকী সাংবাদিক তথা অসমীয়া অনলাইন বাতৰিৰ প’ৰ্টেল newsnextone.com ৰ ৱেব এডিটৰ। তেখেতৰ মেইল আইডি হৈছে

Rahul Maganti

ৰাহুল মগন্তি অন্ধ্ৰপ্ৰদেশৰ বিজয়াৱাড়াৰ এজন মুক্ত সাংবাদিক।

Other stories by Rahul Maganti