ধড়গাওঁ অঞ্চলৰ আক্ৰানি তালুকত এদিনাখন আবেলি চেভান্ত তড়ভিয়ে ছাগলীৰ সৰু জাক এটাৰ পিছে পিছে দৌৰিছে, শাৰীৰ আঁচলেৰে তাই মুৰত ওৰণি লৈছে। ছাগলী পোৱালীবোৰ যেতিয়া জোপোহাৰ ভিতৰত সোমায় বা আনৰ খেতিলৈ যায়, তাই মাটিত এছাৰিডালেৰে কোবাই শব্দ কৰি ছাগলীকেইটাক পুনৰাই জাকটোলৈ লৈ আহে। ‘মই বৰ চোকা নজৰ ৰাখিব লাগে। পোৱালীবোৰ তেনেই দুষ্ট। সিহঁতবোৰ যেনি-তেনি লৰি ফুৰে’, তাই হাঁহি মাৰি কয়। ‘সিহঁতেই এতিয়া মোৰ সন্তানৰ দৰে।’

তাই নন্দৰ্বাৰ জিলাৰ হাৰানখুৰি গাঁৱৰ মহাৰাজাপাৰা চুবুৰীৰ পৰা প্ৰায় চাৰি কিলোমিটাৰ দূৰত হাবিৰ ফালে খোজ দিছে। অকলশৰে আছে যদিও ছাগলী, চৰাই-চিৰিকতিৰ কলৰৱ আৰু গছ-গছনিৰ সোঁ-সোঁৱনিৰ মাজত তাই অকলশৰীয়া নহয়। তাইৰ বিয়াৰ পিছৰ ১২ বছৰ ধৰি বাঞ্জতি (বাজী), ডালভাদ্ৰি (শাওখোৱা) আৰু দুষ্ট (অসৎ) তিৰোতা বুলি মানুহে কৰি অহা উপহাসৰ পৰা এইখিনি সময়ত অন্তত তাই মুক্ত।

‘সন্তান জন্ম দিব নোৱাৰা পুৰুষৰ কাৰণে কিয় এনে কোনো হেয় শব্দ নাই?’ চেভান্তাই সোধে।

২৫ বছৰীয়া চেভান্তা (তাইৰ আচল নাম নহয়)ৰ ১৪ বছৰ বয়সতে বিয়া হৈছিল। তাইৰ গিৰীয়েক ৩২ বছৰীয়া ৰবি এজন কৃষি শ্ৰমিক। কাম পোৱা দিনত তেওঁৰ উপাৰ্জন দিনে ১৫০ টকা। ৰবি তাতে মদ্যাসিক্ত। দুয়োজনেই মহাৰাষ্ট্ৰৰ আদিবাসী অধ্যূষিত জিলাখনৰ ভিল আদিবাসী সম্প্ৰদায়ৰ। চেভান্তিয়ে কয় যে আগদিনা ৰাতি ৰবি (তেওঁৰ আচল নাম নহয়)য়ে তাইক বেয়াকৈ মাৰিছে। ‘কোনো নতুন কথা নহয়’, তাই কান্ধখন লৰাই কথাখিনি ক’লে। ‘মই সন্তান দিবপৰা নাই। ডাক্তৰে কৈছে মোৰ জৰায়ুৰ খুঁত আছে, সেয়ে মই পুনৰাই গৰ্ভধাৰণ কৰিব নোৱাৰো।’

আসোঁৱাহ থকা জৰায়ু মানে চিকিৎসা বিজ্ঞানৰ ভাষাত পলিচিষ্টিক অ’ভেৰিয়ান চিণ্ড্ৰম (পিচিওএছ)। ২০১০ত ধড়গাওঁ গ্ৰামীণ চিকিৎসালয়ত গৰ্ভপাত হোৱাত তাইৰ জৰায়ুৰ সেই বিসংগতি ধৰা পৰিছিল। সেই সময়ত তাইৰ বয়স আছিল ১৫ বছৰ, গৰ্ভধাৰণ কৰাৰ তিনিমাহ হৈছিল।

When Shevanta Tadvi is out grazing her 12 goats near the forest in Maharajapada hamlet, she is free from taunts of being 'barren'
PHOTO • Jyoti Shinoli

চেভান্তা তড়ভিয়ে তাইৰ ১২ টা ছাগলী মহাৰাজাপাৰা চুবুৰীৰ কাষৰে হাবিলৈ চৰাবলৈ নিয়াৰ সময়খিনিত তাই ‘বাজী’ বুলি মানুহে কৰা উপহাসৰ পৰা আঁতৰত থাকিব পাৰিছে

পিচিওএছ প্ৰজননক্ষম বয়সৰ মহিলাৰ ক্ষেত্ৰত দেখা দিয়া এবিধ হৰমনজনিত বিসংগতি। এনে অৱস্থাত ঋতুচক্ৰ অনিয়মীয়া বা দীৰ্ঘায়িত আৰু মাজে-সময়েহে হয়, এনড্ৰ’জেনৰ মাত্ৰা বাঢ়ে আৰু ডিম্বৰ কাষৰ কূপকোষকে ধৰি জৰায়ুৰ আকাৰ বৰ্দ্ধিত হয়। এই বিসংগতিৰ ফলত প্ৰজনন অক্ষমতা, গৰ্ভপাত বা অকালতে সন্তান জন্ম হ’ব পাৰে।

‘পিচিওএছৰ উপৰিও ৰক্তহীনতা, কাচিকোষীয় ৰক্তহীনতা, দুৰ্বল স্বাস্থ্যবিধি আৰু যৌন সংক্ৰমিত ৰোগ আদিৰ ফলতো মহিলাৰ ক্ষেত্ৰত বন্ধ্যাত্বই দেখা দিয়ে,’ ফেডাৰেশ্যন অৱ অবষ্টেট্ৰিক এণ্ড গাইনোকলজিকেল ছ’চাইটিজ অৱ ইণ্ডিয়া, মুম্বাইৰ সচিব ডা. কোমল চৱনে কয়।

২০১০ৰ মে মাহৰ সেই দিনটো তাই ভালদৰেই মনত আছে। সিদিনা তাইৰ গৰ্ভপাত হোৱাত তাইৰ পিচিওএছ বিসংগতি থকা বুলি ধৰা পৰে। তাই মাটি চহাই থকা সময়ত সূৰ্যৰ প্ৰখৰ ৰ’দ পৰি মুৰ বিষাইছিল। ‘সিদিনা পুৱাৰে পৰা পেটটো বিষাই আছিল,’ তাই মনত পেলালে। ‘মোৰ স্বামীক ডাক্তৰৰ ওচৰলৈ মোক লৈ নোযোৱাত মই বিষলৈ কাণ নিদি কামলৈ গ’লো।’ পিছবেলা হয় মানে বিষ অসহ্যকৰ হৈ উঠিল। ‘মোৰ ৰক্তক্ষৰণ হ’বলৈ ধৰিলে। তেজেৰ মোৰ শাৰীখন তিতি গ’ল। কি হৈছে মই তত ধৰিব পৰা নাছিলো,’ তাই কয়। তাই সংজ্ঞা হেৰুওৱাৰ পিছত অইন কৃষিশ্ৰমিকে তাইক দুই কিলোমিটাৰ দূৰত থকা ধড়গাওঁ চিকিৎসালয়লৈ লৈ যোৱা হয়।

পিচিওএছ ধৰা পৰাৰ পিছত তাইৰ জীৱনটো আগৰদৰে হৈ নাথাকিল।

তাইৰ গিৰীয়েকে মানি নলয় যে তাইৰ বন্ধ্যাত্বৰ কাৰণ শাৰীৰিক। ‘ডাক্তৰক নেদেখুওৱাকৈ তেওঁ কেনেকৈ জানিব যে মই কিয় গৰ্ভধাৰণ কৰিব নোৱাৰো?’ চেভান্তাই প্ৰশ্ন কৰে। তাৰ পৰিৱৰ্তে সি তাইক অসুৰক্ষিত যৌন সম্পৰ্কৰ বাবে বাধ্য কৰায়, আৰু কেতিয়াবা যৌন আতিশায্যও চলায়। ‘মই বহু চেষ্টা কৰিও যেতিয়া ঋতুশ্ৰাৱ ৰখাব নোৱাৰো, তেতিয়া তেওঁ অধিক হিংস্ৰ হৈ পৰে (সম্ভোগৰ সময়ত),’ চেভান্তাই কয়। ‘মই ভাল নাপাও (যৌন সম্পৰ্ক),’ তাই কয়। ‘মই বহুত কষ্ট পাওঁ, কেতিয়াবা জ্বলা-পোৰা কৰে, কেতিয়াবা খজুৱায়। এয়া ১০ বছৰ ধৰি চলি আহিছে। আগতে মই কান্দিছিলো, সময় বাগৰিল, মই চকুপানী টুকিবলৈ এৰিলো।’

বন্ধ্য়াত্ব আৰু সামাজিক কালিমা, নিৰাপত্তাহীনতাৰ মাজত তাইৰ এই অকলশৰীয়া জীৱনটোৱে তাইৰ ভাগ্যত লিখা আছে বুলি তাই মানি লৈছে। ‘বিয়াৰ আগেয়ে মই বৰ কথকী আছিলো। ইয়ালৈ প্ৰথম অহাৰ সময়ত চুবুৰীৰ তিৰোতাবোৰ বৰ বন্ধুত্বসুলভ আছিল। কিন্তু বিয়াৰ দুবছৰ পিছতো যেতিয়া মই গৰ্ভধাৰণ কৰিব নোৱাৰিলো, তেতিয়াৰ পৰা সিহঁত মোৰ পৰা দূৰে দূৰে থকা হ’ল। সিহঁতে নৱজাতকবোৰক মোৰ পৰা আঁতৰত ৰখা হ’ল। সিহঁতৰ মতে মই হেনো পাপী।’

Utensils and the brick-lined stove in Shevanta's one-room home. She fears that her husband will marry again and then abandon her
PHOTO • Jyoti Shinoli

বাচন-বৰ্তন আৰু ইটা দিয়া চৌকাটোৰ সৈতে চেভান্তাৰ এটা কোঠাৰ ঘৰটো। গিৰীয়েকে তাইক এৰি আন কাৰোবাক বিয়া পাতিব বুলি তাই ভয় খায়

পৰিয়ালটোৰ এটা কোঠালীৰ ঘৰটোতে কেইখনমান বাচন-বৰ্তন আৰু ইটা দিয়া চৌকাটোৰ সৈতে একাষৰীয়া আৰু হতাশ হৈ পৰা চেভান্তাক গিৰীয়েকে এৰি আন কাৰোবাক বিয়া পাতিব বুলি তাই ভয় কৰে। ‘মোৰ যাবলৈ ঠাই নাই,’ তাই কয়। ‘মোৰ মা-দেউতা খেৰী ঘৰ এটাত থাকে, আনৰ খেতিপথাৰত দিনে ১০০ টকাকৈ হাজিৰা কৰে। মোৰ চাৰিজনী সৰু ভনী নিজৰ জীৱনক লৈ ব্যস্ত। মোৰ ননদহঁতে মোৰ স্বামীক ভাবী কইনা দেখুৱাই থাকে। তেওঁ মোক এৰি গ’লে মই ক’লৈ যাম?’

চেভান্তাই বছৰত মোটামুটি ১৬০ দিনৰ বাবে কৃষি শ্ৰমিক হিচাপে দিনে ১০০ টকা হাজিৰাৰ কাম যোগাৰ কৰে। দিন ভালে থাকিলে তাই মাহে ১০০০ৰ পৰা ১৫০০ টকা উপাৰ্জন কৰে, কিন্তু তাইৰ নিজৰ সামান্য উপাৰ্জনৰ ওপৰত নিয়ন্ত্ৰণ একেবাৰেই নাই। ‘মোৰ ৰেচন কাৰ্ড নাই,’ তাই কয়। ‘মাহে ৫০০ টকা চাউল, জোৱাৰ, তেল আৰু জলকীয়া গুড়ি কিনোতে যায়। বাকীখিনি পইছা মোৰ স্বামীয়ে লৈ যায়...আনকি ঘৰৰ খৰছৰ কাৰণেও তেওঁ মোক পইছা নিদিয়ে, চিকিৎসা আদিৰ বাবেতো বাদেই। আকৌ মই পইছা বিচাৰিলে মোক মাৰ-ধৰ কৰে। মদৰ নামত খৰছ কৰাৰ উপৰি বাকী মাজে-সময়ে পোৱা টকাৰে তেওঁ কি কৰে মই নাজানো।’

এটা সময়ত তাইৰ মৰমৰ ২০ টা ছাগলী আছিল। কিন্তু তাইৰ গিৰীয়েকে এটাৰ পিছত এটাকৈ বিক্ৰী কৰি যোৱাত এতিয়া মাত্ৰ ১২টা ৰৈছে।

টকা-পইছাৰ ফালৰ পৰা নাটনি স্বত্বেও চেভান্তাই তাইৰ চুবুৰীটোৰ পৰা ৬১ কিলোমিটাৰ দূৰৰ চাহাডে় চহৰৰ এজন ব্যক্তিগত চিকিৎসকৰ ওচৰত তাইৰ বন্ধ্যাত্বৰ চিকিৎসাৰ উদ্দেশ্যে টকা জমা কৰিছিল। ২০১৫ত তাই তিনিমাহৰ বাবে ডিম্বক্ষৰণ কৰাবলৈ ক্লমিফিন থেৰাপীৰ বাবদ ৬০০০ দিছিল আৰু ২০১৬ত আকৌ তিনিমাহৰ বাবে সেয়া কৰাইছিল। ‘তেতিয়া ধড়গাওঁ চিকিৎসালয়ত কোনো দৰৱ নাছিল, সেয়ে মই চাহাড়েলৈ মোৰ মাৰ সৈতে ব্যক্তিগত ক্লিনিকলৈ গৈছিলো,’ তাই কয়।

২০১৮ত তাই ধড়গাওঁ আঞ্চলিক চিকিৎসালয়ত বিনামূলীয়াকৈ সেই চিকিৎসা কৰাবলৈ সক্ষম হৈছিল, কিন্তু তৃতীয়বাৰৰ বাবে তাই ব্যৰ্থ হৈছিল। ‘তাৰ পিছত মই চিকিৎসাৰ কথা ভাবিবলৈ এৰিলো,’ হতাশ ভাৱত চেভান্তাই কয়। ‘এতিয়া মোৰ ছাগলীকেইটাই মোৰ সন্তানৰ দৰে।’

Many Adivasi families live in the hilly region of Dhadgaon
PHOTO • Jyoti Shinoli

ভালেমান আদিবাসী পৰিয়ালে ধড়গাঁৱৰ পাহাৰীয়া এলেকাত থাকে

৩০ খন বিচনাযুক্ত ধড়গাওঁ গ্ৰামীণ চিকিৎসালয়খনত দিনে ৪০০ ৰোগী বৰ্হিবিভাগত পঞ্জীয়ন কৰা আৰু সমীপৰ ১৫০খন গাঁৱৰ পৰা অহা ৰোগী চোৱা স্ত্ৰীৰোগ বিশেষজ্ঞ আৰু গ্ৰামীণ স্বাস্থ্য বিষয়া ডা. সন্তোষ পাৰমাৰে বন্ধ্যাত্ব সম্পৰ্কে কয়, ‘চিকিৎসাৰ প্ৰকৃতি ৰোগী লৈ ভিন্ন হয়।’ ‘ক্লমিফিন চাইট্ৰেট, গনাড’ট্ৰপিনচ্ আৰু ব্ৰম’ক্ৰিপ্টাইন আদিয়ে কিছুমানৰ ক্ষেত্ৰত কাম কৰে। আন কিছুমান ক্ষেত্ৰত উন্নত প্ৰজনন প্ৰযুক্তি যেনে ভিট্ৰ’ ফাৰ্টিলাইজেশ্যন (আই.ভি.এফ.) আৰু ইণ্ট্ৰাইউটেৰিন ইনচেমিনেশ্যন (আই.ইউ.আই.) আদিৰ প্ৰয়োজন হয়।’

সাধাৰণ কিছুমান পৰীক্ষা যেনে বীৰ্য্য বিশ্লেষণ, শুক্ৰাণুসংখ্যা, তেজ আৰু মূত্ৰ পৰীক্ষা আৰু জননাংগ পৰীক্ষা আদি ধড়গাওঁ চিকিৎসালয়ত সম্ভৱ বুলি পাৰমাৰে কয়। কিন্তু অত্যাধুনিক বন্ধ্যাত্ব চিকিৎসা ইয়াতে বাদেই, নন্দৰ্বাৰ অসামৰিক চিকিৎসালয়তো সম্ভৱ উপলব্ধ নহয়। ‘সেয়ে বন্ধ্যাত্বৰ চিকিৎসা কৰাবলৈ দম্পত্তিবোৰে ব্যক্তিগত ক্লিনিকলৈ যাবলগীয়া হয়, তাতে হাজাৰ হাজাৰ টকা খৰছ হয়,’ তেওঁ কয়। পাৰমাৰেই চিকিৎসালয়খনত একমাত্ৰ স্ত্ৰীৰোগ বিশেষজ্ঞ যিয়ে গৰ্ভনিৰোধৰ পৰা আৰম্ভ কৰি মাতৃ আৰু নৱজাতকৰ স্বাস্থ্য আদি সকলো দিশ চায়।

হেলথ্ পলিচি এণ্ড প্লেনিং শীৰ্ষক পত্ৰিকাখনৰ ২০০৯ৰ এখন গৱেষণা পত্ৰত প্ৰকাশিত তথ্য মতে ‘ভাৰতত বন্ধ্যাত্বৰ প্ৰাদুৰ্ভাবৰ সাক্ষ্য সিঁচৰিত হৈ আছে।’ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা (ৰা.প.স্বা.স.-৪; ২০১৫-১৬) মতে ৪০-৪৪ বয়সৰ মহিলাৰ ৩.৬ শতাংশই সন্তান জন্ম দিয়া নাই বা সন্তানহীন। জনসংখ্যা সুস্থিৰকৰণৰ ওপৰত অধিক গুৰুত্ব আৰোপৰ ফলত বন্ধ্যাত্ব প্ৰতিৰোধ আৰু সেৱাৰ দিশটো অৱহেলা কৰি অহা হৈছে আৰু জনস্বাস্থ্য সেৱাই গৌণ অগ্ৰাধিকাৰ পাইছে।

চেভান্তাই এই বিষয়টোলৈ দৃষ্টি আকৰ্ষণ কৰালে, তাই সুধিলে, ‘জন্ম নিয়ন্ত্ৰণৰ কাৰণে চৰকাৰে কণ্ডম আৰু বড়ি পঠিয়ায়, কিন্তু চৰকাৰে বন্ধ্যাত্বৰ বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়াব নোৱাৰে নে?’

ইণ্ডিয়ান জাৰ্নেল অৱ কমিউনিটি মেডিচিনত ২০১২-১৩ত প্ৰকাশিত ১২ খন ৰাজ্য সামৰি চলোৱা এক অধ্যয়নৰ তথ্য মতে প্ৰায়ভাগ জিলা চিকিৎসালয়তে প্ৰতিৰোধ আৰু ব্যৱস্থাপনাৰ আন্তঃগাথনিমূলক আৰু ৰোগনিদান সম্পৰ্কীয় সুবিধা আছে, কিন্তু প্ৰায়ভাগ সামূহিক স্বাস্থ্যকেন্দ্ৰ (চি.এইচ.চি.), প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ (পি.এইচ.চি.)ত এয়া নাই। উন্নত গৱেষণাগাৰৰ সুবিধা ৪২ শতাংশ জিলা চিকিৎসালয়ত আছে, কিন্তু ৮ শতাংশ স্বাস্থ্যকেন্দ্ৰতহে উপলব্ধ। ৰোগনিদান সম্পৰ্কীয় লেপাৰ’স্কপি কেৱল ২৫ শতাংশ জিলা চিকিৎসালয়তহে উপলব্ধ আৰু হিষ্টিৰ’স্কপি তাৰে কেৱল ৮ শতাংশতহে আছিল। ক্লমিফিন থেৰাপিৰ দ্বাৰা ডিম্বক্ষৰণ আৱেশন ৮৩ শতাংশ জিলা চিকিৎসালয়ত কৰা হৈছিল আৰু তাৰে ৩৩ শতাংশত গনাড’ট্ৰপিন (যৌনগ্ৰন্থি সংক্ৰিয় কৰা এবিধ হৰমন)ৰ সুবিধা আছিল। অধ্যয়নটোত এইকথাও প্ৰকাশ পাইছিল যে সমীক্ষা চলোৱা স্বাস্থ্যকেন্দ্ৰবোৰৰ কোনো এখনৰো কৰ্মচাৰীয়ে সেৱাৰত অৱস্থাত বন্ধ্যাত্ব ব্যৱস্থাপনাৰ প্ৰশিক্ষণ লাভ কৰা নাছিল।

‘চিকিৎসাৰ সুবিধা এক সমস্যা, কিন্তু গ্ৰামীণ স্বাস্থ্য ব্যৱস্থাত স্ত্ৰীৰোগ বিশেষজ্ঞৰ অভাৱৰ দিশটো অতি বেছি গুৰুত্বপূৰ্ণ,’ ভাৰতীয় চিকিৎসা সংস্থাৰ নাচিক অধ্যায়ৰ প্ৰাক্তন সচিব ডা. চন্দ্ৰকান্ত শংক্লেচাই কয়। ‘বন্ধ্যাত্বৰ চিকিৎসাৰ বাবে প্ৰশিক্ষণপ্ৰাপ্ত আৰু অৰ্হতাসম্পন্ন কৰ্মচাৰী আৰু উন্নত প্ৰযুক্তিসম্পন্ন আহিলা অত্যাৱশ্যকীয়। মাতৃৰ স্বাস্থ্য আৰু নৱজাতককৰ সেৱা চৰকাৰৰ অগ্ৰাধিকাৰপ্ৰাপ্ত হেতুকে পি.এইচ.চি. অথবা অসামৰিক চিকিৎসালয় পৰ্যায়ত বহনক্ষম বন্ধ্যাত্ব চিকিৎসাৰ ব্যৱস্থা কৰোৱাটো আৰ্থিকভাৱে কঠিন।’

Geeta Valavi spreading kidney beans on a charpoy; she cultivates one acre in Barispada without her husband's help. His harassment over the years has left her with backaches and chronic pains
PHOTO • Jyoti Shinoli

গীতা ভালভিয়ে এখন খাটিয়াৰ ওপৰত উৰহীৰ গুটি মেলি দিছে। গিৰীয়েকৰ সহায় নোলোৱাকৈ গীতাই বৰিষপাৰাত এক একৰ মাটিত খেতি কৰে। বছৰ বছৰ ধৰি গিৰীয়েকৰ পৰা পোৱা অত্যাচাৰে গীতাক কঁকালৰ বিষৰ লগতে আন দীৰ্ঘস্থায়ী বিষে লগ দিছে

চেভান্তাৰ চুবুৰীৰ পৰা পাঁচ কিলোমিটাৰ দূৰত গীতা ভালভিয়ে বৰষিপাৰাৰ খেৰীঘৰৰ আগত এখন খাটিয়াত উৰহীৰ গুটি মেলি দিছে। ৩০ বছৰীয়া গীতাৰ স্বামী ৪৫ বছৰীয়া কৃষিশ্ৰমিক সুৰযৰ সৈতে বিয়াত বহাৰ ১৭ বছৰ হ’ল। তেওঁ অত্যাধিক মদ্যপান কৰে। তেওঁলোকো ভিল সম্প্ৰদায়ৰ। স্থানীয় আশা (স্বীকৃতিপ্ৰাপ্ত সামাজিক স্বাস্থ্যকৰ্মী)গৰাকীৰ অনুৰোধত সুৰযে (তেওঁৰ আচল নাম নহয়) টেষ্ট কৰোৱাত শুক্ৰাণুসংখ্যা কম বুলি ২০১০ত ধৰা পৰিল। তাৰে কেইবছৰমান আগতে পৰিয়ালটোৱে ২০০৫ত এজনী ছোৱালী তুলি লৈছিল যদিও গীতাৰ শাহুয়েক আৰু গিৰীয়েকে তাইক গৰ্ভধাৰণ কৰিব নোৱাৰাৰ বাবে নিৰন্তৰ দোষাৰোপ কৰি আহিছে। ‘সমস্যা তেওঁৰ, মোৰ নহয়, কিন্তু তেওঁ মোকহে সন্তান জন্ম দিব নোৱাৰাৰ বাবে দোষাৰোপ কৰে। কিন্তু মই এগৰাকী মহিলা, সেয়ে আন কাৰো সৈতে বিয়াত বহিব নোৱাৰো,’ গীতাই কয়।

২০১৯ত গীতাই (কাল্পনিক নাম) তাইৰ এক একৰ মাটিত ২০ কিলোগ্ৰাম কিডনি বিন (উৰহজাতীয় শস্য) আৰু এক কুইণ্টল জোৱাৰ সিঁচিছিল। ‘এয়া ঘৰত খাবৰ বাবে। মোৰ গিৰীটোৱে পথাৰত একো কাম নকৰে। কৃষিশ্ৰমিক হিচাপে দিনহাজিৰা কৰা টকাখিনি মদ আৰু জুৱাত শেষ কৰে,’ গীতাই দাত কৰচি ধৰি কথাখিনি কয়। ‘তেওঁ বহি খায়!’

‘মদ খাই ঘৰলৈ আহিলে তেওঁ মোক কোবায়, কেতিয়াবা লাঠিৰে কোবায়। মদ নোখোৱা অৱস্থাত তেওঁ মোৰ লগত একেবাৰেই নাপাতে,’ তাই কয়। বছৰ বছৰ ধৰি গীতাই গিৰীয়েকৰ পৰা পোৱা অত্যাচাৰৰ ফলত তাইৰ কঁকালৰ বিষৰ লগতে কান্ধ আৰু গলত দীৰ্ঘস্থায়ী বিষ হৈছে।

‘আমি আমাৰ ভাই-শহুৰৰ জীয়ৰীজনীক তুলি ল’লো, কিন্তু মোৰ গিৰীক নিজা সন্তান লাগে, তাকো ল’ৰা, সেয়ে তেওঁ আশাকৰ্মীয়ে কোৱা স্বত্তেও কণ্ডম ব্যৱহাৰ নকৰে, আৰু মদো নেৰে,’ গীতাই কয়। আশাকৰ্মীগৰাকীয়ে প্ৰতি সপ্তাহত তাইৰ স্বাস্থ্যৰ খবৰ লয় আৰু গীতাৰ বাবে সম্ভোগৰ সময়ত পোৱা যন্ত্ৰণা, পেচাৱৰ সময়ত হোৱা কষ্ট, শ্বেতৰঙী শ্ৰাৱ ওলোৱা আৰু তলপেটত বিষ অনুভৱ কৰা কাৰণে তাইৰ গিৰীয়েকক সম্ভোগৰ সময়ত কণ্ডম ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়ে, কিয়নো এই সকলোবোৰ লক্ষণ যৌন সংক্ৰমিত ৰোগ বা প্ৰজনন নলীৰ সংক্ৰমণৰ চিন।

স্বাস্থ্যকৰ্মীগৰাকীয়ে গীতাক চিকিৎসা কৰাবলৈকো কৈছে, কিন্তু তাই লক্ষণবোৰ আওকাণ কৰি যতন ল’বলৈ এৰিছে। ‘ডাক্তৰক দেখুৱাই চিকিৎসা কৰি কি লাভ হ’ব?’ গীতাই প্ৰশ্ন কৰে। ‘দৰৱে মোৰ শাৰীৰিক কষ্ট লাঘৱ কৰিব পাৰে, কিন্তু মোৰ স্বামীয়ে মদ খাবলৈ এৰিবনে? মোক আতিশায্য চলাবলৈ এৰিবনে?’

ডা. পাৰমাৰে কয় যে তেওঁ মাহত অতিকমেও চাৰি-পাঁচটা প্ৰজনন-অক্ষম দম্পত্তি পায়, তাতে মদ্যাসক্ত গিৰীয়েকৰ শুক্ৰাণুসংখ্যা কম হোৱাটোৱে মূল কাৰণ হিচাপে দেখা যায়। ‘বন্ধ্যাত্বত পুৰুষজনিত কাৰক সম্পৰ্কে অজ্ঞতাৰ ফলত মহিলাই পুৰুষৰ নিৰ্দয় অত্যাচাৰৰ বলি হ’বলগীয়া হয়,’ তেওঁ কয়। ‘কিন্তু বহু সময়ত কেৱল মহিলাই আহে। মহিলাৰ ওপৰত সম্পূৰ্ণৰূপে দোষ জাপি নিদি পুৰুষেও নিজৰ পৰীক্ষা কৰাব লাগে।’

PHOTO • Jyoti Shinoli

জনসংখ্যা সুস্থিৰকৰণৰ দিশত গুৰুত্ব আৰোপৰ ফলত বন্ধ্যাত্ব প্ৰতিৰোধ আৰু চিকিৎসাৰ দিশটো অৱহেলিত হৈছে আৰু জনস্বাস্থ্য সেৱাৰ ক্ষেত্ৰত গৌণস্থান পাই আহিছে।  বন্ধ্যাত্বৰ পুৰুষজনিত কাৰক সম্পৰ্কে অজ্ঞতাৰ ফলত মহিলাই পাশৱিক অত্যাচাৰৰ বলি হৈছে

পূৱ মহাৰাষ্ট্ৰৰ গড়চিৰোলিৰ জনজাতীয় লোকৰ মাজত যোৱা তিনিটাৰো অধিক দশক জুৰি প্ৰজনন সংক্ৰান্ত স্বাস্থ্য সেৱা আগবঢ়াই অহা  ডা. ৰাণী বাঙে বন্ধ্যাত্বক চিকিৎসাজনিত সমস্যাৰ পৰিৱৰ্তে সামাজিক সমস্যা বুলিহে কয়। ‘পুৰুষৰ বন্ধ্যাত্ব এক ডাঙৰ সমস্যা, কিন্তু বন্ধ্যাত্বক কেৱল মহিলাৰ সমস্যা বুলিহে চোৱা হয়। এনে মানসিকতা সলনি হ’ব লাগিব।’

হেলথ পলিচি এণ্ড প্লেনিং শীৰ্ষক গৱেষণাপত্ৰখনত গৱেষকে কৈছেঃ ‘জনসংখ্যা হিচাপত খুব কম সংখ্যক মহিলা আৰু দম্পত্তিয়ে বন্ধ্যাত্বৰ সমস্যাৰ সমুখীন হয় যদিও এয়া গুৰুত্বপূৰ্ণ প্ৰজনন স্বাস্থ্য আৰু অধিকাৰৰ বিষয়।’ গৱেষণা পত্ৰখনত এইকথা কোৱা হৈছে যে বন্ধ্যাত্বৰ মুখ্য আৰু গৌণ কাৰণ পুৰুষ-মহিলা দুয়োগৰাকীৰে সৈতে সম্পৰ্কিত, ‘বন্ধ্যাত্বৰ শংকা মহিলাৰ ক্ষেত্ৰত দকৈ সোমাই আছে; ইয়াৰ পৰা মহিলাৰ পৰিচয়, মৰ্যাদা আৰু সুৰক্ষা আদিৰ ওপৰত প্ৰভাৱ পৰে আৰু নিন্দাৰ পাত্ৰ হয়, একাষৰীয়া হয় আৰু পৰিয়াল তথা সমাজত নিজৰ শক্তি-স্থিতি হেৰুৱায়।’

৮ম মানলৈ পঢ়া গীতাৰ ২০০৩ত ১৩ বছৰ বয়সত বিয়া হৈছিল। এসময়ত তাই স্নাতক হোৱাৰ সপোন দেখিছিল। এতিয়া তাই ২০ বছৰীয়া জীয়ৰী লতা (কাল্পনিক নাম)ই তাইৰ সপোন পুৰণ কৰাটো বিচাৰে। লতাই ধড়গাঁৱৰ এখন জুনিয়ৰ কলেজত দ্বাদশ শ্ৰেণীত পঢ়ে। ‘তাই মোৰ গৰ্ভজাত নহ’লে কি হ’ল, মোৰ দৰে তাইৰ জীৱনটো নষ্ট হোৱাটো মই নিবিচাৰো,’ গীতাই কয়।

এটা সময়ত গীতাই সাজোন-কাচোন কৰি ভাল পাইছিল। ‘মই চুলিত তেল লগাই, শিকাকাইৰে ধুই আইনাত চাই ভাল পাইছিলো।’ মুখত পাউদাৰ সানি, চুলি ফনিয়াই শাৰীখন পৰিপাটিকৈ মেৰিয়াই ওলাবলৈ তাইক কোনো বিশেষ পৰ্ব নালাগিছিল। কিন্তু বিয়াৰ দুবছৰ পিছত গৰ্ভধাৰণৰ কোনো লক্ষণ নেদেখাত তাইৰ শাহুয়েক আৰু গিৰীয়েকে তাইৰ সাজোন-কাচোন দেখি ‘নিৰ্লজ’ বুলি ক’বলৈ ধৰে, তেতিয়াৰে পৰা গীতাই নিজকে অৱহেলা কৰিবলৈ লয়। ‘মই মোৰ নিজৰ সন্তান নথকা বাবে দুখ নকৰো, মই এতিয়া আৰু নিজৰ সন্তান নিবিচাৰো। কিন্তু ধুনীয়া হৈ থাকিব খোজাত ভুল ক’ত?’ তাই সোধে।

লাহে লাহে আত্মীয়-কুটুমে তাইক বিয়া-সবাহ, নাম গণনা আদিত নমতা হ’ল, এনেদৰে সামাজিকভাৱে একাষৰীয়া কৰা আৰম্ভ হ’ল। ‘মানুহে মোৰ স্বামী আৰু শাহুআইক মাতে। সিহঁতে নাজানে যে মোৰ স্বামীৰ শুক্ৰাণু দুৰ্বল। মই বাজী নহয়। যদি সিহঁতে জানিলেহেঁতেন, সিহঁতে তেওঁক নিমন্ত্ৰণ দিয়া বন্ধ কৰিলেহেঁতেন নে?’ গীতাই প্ৰশ্ন কৰে।

প্ৰচ্ছদ সচিত্ৰকৰণঃ প্ৰিয়ংকা ব’ৰাৰ  এগৰাকী নিউ মিডিয়া শিল্পী। নতুন ধৰণৰ অৰ্থ আৰু প্ৰকাশভংগীৰ সন্ধানত তেওঁ প্ৰযুক্তিৰ সৈতে পৰীক্ষা-নিৰীক্ষা চলাই আহিছে। শিকন আৰু খেল-ধেমালীৰ বাবে ন-অভিজ্ঞতাৰ সৃষ্টি কৰা, ইণ্টাৰেক্টিভ মিডিয়াৰে কাৰচাজি কৰা প্ৰিয়ংকাই কাগজ-কলমেৰেও সৃষ্টিশীল কাম কৰি ভাল পায়।

সমগ্ৰ দেশখনৰ গ্ৰামাঞ্চলৰ কিশোৰী আৰু যুৱ মহিলা শ্ৰেণীৰ ওপৰত পাৰিয়ে কৰা প্ৰতিবেদনৰ প্ৰকল্প হৈছে সৰ্বসাধাৰণ মানুহৰ জীৱন্ত অভিজ্ঞতা আৰু মাত-কথাৰ জৰিয়তে অত্যন্তিক অথচ উপান্ত হৈ ৰোৱা এই শ্ৰেণীৰ নাৰীসমাজৰ অৱস্থাৰ অনুধাৱনৰ বাবে পপুলেশ্যন অৱ ইণ্ডিয়া সমৰ্থিত অন্বেষণমূলক পদক্ষেপৰ এক অংশ।

এই প্ৰতিবেদন পুনৰ প্ৰকাশ কৰিবলৈ বিচাৰে নেকি? তেন্তে অনুগ্ৰহ কৰি Cc-ত [email protected] ৰাখিএই ইমেইল ঠিকনালৈ লিখক- [email protected]

অনুবাদঃ পংকজ দাস

পংকজ দাস এগৰাকী সাংবাদিক, অনুবাদক আৰু অসমীয়া নিউজ পৰ্টেল newsnextone.com ৰ সহ-প্ৰতিস্থাপক। যোগাযোগৰ ইমেইল আইডি [email protected]

Jyoti Shinoli

জ্যোতি চিনৌলি পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী প্ৰতিবেদক। আগেয়ে তেঁও 'মি মাৰাঠী' আৰু 'মহাৰাষ্ট্ৰ১' আদি নিউজ চেনেলত কাম কৰিছে।

Other stories by Jyoti Shinoli