তলাবন্ধৰ বাবে প্ৰস্তুত হ’বলৈ কিয় সময় নিদিলে, সেইকথা বুজিবলৈ মহম্মদ খোকানে বহু চেষ্টা কৰিছে। ইমান বেছিকৈ আৱদ্ধ হৈ থাকিব লাগিব বুলি যদি তেওঁ আগেয়ে জানিলে খোৱাবস্তু কিনিবলৈ অলপ পইছা সুকীয়াকৈ ৰাখিলেহেঁতেন বুলি কয় বেংগালুৰু পৌৰ নিগম অৰ্থাৎ ‘ব্ৰুহাত বেংগালুৰু মহানগৰ পালিক’ৰ চাফাই কৰ্মীজনে।

দক্ষিণ দিল্লীৰ এমুৰৰ এখন চহৰাঞ্চলৰ গাওঁ জাচোলাত মহম্মদৰ ঘৰ। নগৰৰ উত্তৰফালে থকা নিকটৱৰ্তী আম্ৰুটাহাল্লিত শুকান পেলনীয়া সামগ্ৰী জমা কৰা ঠাইৰ ওচৰতে তেওঁ থাকে। ‘তলাবন্ধৰ বিষয়ে আগতে জনাহেঁতেন, মই অলপ টকা লগত ৰাখিলোহেঁতেন। মই মোৰ অভাৱৰ কথা অন্ততঃ ঠিকাদাৰক ক’ব পাৰিলোহেঁতেন আৰু অলপ টকা বিচাৰিব পাৰিলোহেঁতেন।’ তেওঁ কয়।

এতিয়া উপাৰ্জনো নাই, খাবলৈ একো বস্তুও নাই। স্বেচ্ছাসেৱী সংগঠনে দি যোৱা আহাৰৰ পেকেটৰ পৰা দিনে মাত্ৰ এসাজ খাইছে বুলি মহম্মদে কয়। ‘হঠাৎ তলাবন্ধ আৰম্ভ হোৱাৰ বাবে বহুতৰ বাবে সমস্যাৰ সৃষ্টি হৈছে,’ তেওঁ কয়।

গোটেই চহৰখনত দক্ষিণ বেংগালুৰুত কম সময়ৰ ভিতৰত তলাবন্ধৰ জাননী জাৰি কৰা হৈছিল বুলি সুন্দৰ ৰামস্বামীয়ে স্বীকাৰ কৰে। ‘আমি মাত্ৰ ভাবিলো যে আমি সকলো তলাবন্ধৰ বাবে প্ৰস্তুত হ’বলৈ  সক্ষম হ’ম। এই সময়চোৱাত খোৱাবস্তু পোৱা যাব বুলিও ভাবিছিলো। একো নোখোৱাকৈ কেনেকৈ ঘৰৰ ভিতৰত সোমাই থাকিম?’ বাণিজ্যিক চিত্ৰকাৰৰূপে জীৱন নিৰ্বাহ কৰা প্ৰায় ৪০ বছৰীয়া সুন্দৰে কয়।

ভিডিঅ’ চাব পাৰেঃ ‘যেতিয়া খাদ্য নাথাকিব, মানুহে ৰাস্তালৈ ওলাই আহিব’

মহম্মদ খোকানৰ বাবে নিজৰ ঘৰখন বহু দূৰত। দক্ষিণ দিল্লীৰ একেবাৰে সীমামুৰীয়া জাচোলা গাঁৱত। বেংগালুৰুত তেওঁ শুকান আৱৰ্জনা পেলোৱা ঠাই এখনত কাম কৰে আৰু তাতেই থাকে

সুন্দৰ বানশংকৰী এলেকাৰ নিকটৱৰ্তী পদ্মনাভনগৰৰ দলিত সংঘৰ্ষ সমিতিৰ সভাপতিৰ দায়িত্বত আছে। ১০ বছৰ ধৰি এলেকাটোৰ সামাজিক কামত জড়িত হৈ থকা সুন্দৰে কয় যে আগতে তেওঁ কেতিয়াও এনে সমস্যাৰ মুখামুখি হোৱা নাছিল। ‘এতিয়া কিছুমান মানুহে দিনত মাত্ৰ এবাৰ আহাৰ খাবলৈ পাইছে।’

বানশংকৰী য়াৰৱ কলনিৰ থকা প্ৰায় ৩০০ পৰিয়ালৰ প্ৰায় সকলো দিনমজুৰ; আৰু এতিয়া খোৱাবস্তু যোগাৰ কৰিবলৈ ঘৰৰ বাহিৰলৈ ওলোৱা নাই। আৰক্ষীয়ে মাৰিব বুলি তেওঁলোক আতংকিত হৈ আছে। কিন্তু তেওঁলোকে তেনেকৈ থাকিব নিবিচাৰে, এলেকাটোত খাদ্য-সামগ্ৰীৰ পেকেট দিয়া স্বেচ্ছাসেৱী গোটৰ সৈতে যোগাযোগকাৰীৰ দায়িত্ব লোৱা সুন্দৰে কয়। ‘যেতিয়া আহাৰ নাথাকিব, তেতিয়া মানুহে কি কৰিব? তেতিয়া তেওঁলোক ৰাস্তালৈ ওলাই আহিব,’ তেওঁ কয়।

য়াৰৱ নগৰত বাস কৰা পৰিয়ালসমূহৰ বাবে সামাজিক দূৰত্ব ৰক্ষা কৰা প্ৰায় অসম্ভৱ। ‘আমি যদি ৰাস্তালৈ ওলাই আহিব নোৱাৰো, তেন্তে কেনেকৈ জানিম যে আমাক সহায় কৰিবলৈ বা খোৱাবস্তু দিবলৈ মানুহ কেতিয়া আহিব? সামাজিক দূৰত্ব ৰক্ষা কৰা টান। খাদ্যৰ পেকেট ল’বলৈ সেই ঠাইত থাকিব লাগিব, নহ’লে নাপাব বুলি সকলো লোক শংকিত হৈ থাকে।’

তলাবন্ধৰ আগতীয়া খবৰ পোৱা হ’লে প্ৰজাপতি আৰু মঞ্জয়ে ঘৰলৈ যাব পাৰিলেহেঁতেন। তেওঁলোকৰ ঘৰ উত্তৰ প্ৰদেশ মহাৰাজগঞ্জ জিলাত। দক্ষিণ বেংগালুৰুত দুয়ো কাঠমিস্ত্ৰীৰ কাম কৰে। কাম বন্ধ হৈ পৰাৰ আগতে তেওঁলোকক ঘৰলৈ যাবলৈ দিয়াহেঁতেন বুলি এতিয়া ভাবিছে, ‘আমি অন্ততঃ নিজৰ ঘৰৰ পথাৰত কাম কৰিব পাৰিলোহেঁতেন।’ তিনি বছৰৰ আগতে বেংগালুৰুলৈ অহা মঞ্জয়ে কয়।

Left: Sundar Ramaswamy, president of the Dalit Sangharsha Samiti in the Banashankari locality says, 'You have to be out there to get food'. Right: Chandan Prajapati (left) and Manjay Prajapati from Uttar Pradesh, both carpenters, are fast running our of their slim savings
PHOTO • Sweta Daga
Left: Sundar Ramaswamy, president of the Dalit Sangharsha Samiti in the Banashankari locality says, 'You have to be out there to get food'. Right: Chandan Prajapati (left) and Manjay Prajapati from Uttar Pradesh, both carpenters, are fast running our of their slim savings
PHOTO • Sweta Daga

বাওঁফালেঃ বানশংকৰী এলেকাৰ দলিত সংঘৰ্ষ সমিতিৰ সভাপতি সুন্দৰ ৰামস্বামীয়ে ক’লে, ‘খাদ্যবস্তু পাবলৈ সেই ঠাইলৈ ওলাই যাব লাগিব।’ সোঁফালেঃ উত্তৰ প্ৰদেশ পৰা আহি বেংগালুৰুত কাঠমিস্ত্ৰীৰূপে জীৱিকা নিৰ্বাহ কৰা চন্দন প্ৰজাপতি আৰু মঞ্জয় প্ৰজাপতিৰ সামান্য সঞ্চিত ধন শীঘ্ৰে শেষ হৈ গ’ল

তলাবন্ধৰ নিয়ম মানি চন্দন আৰু মঞ্জয় দুয়ো ভিতৰত সোমাই আছে। কিন্তু খাদ্যবস্তুক লৈ দুয়ো সমস্যাত পৰিছে। ‘আমি জমা কৰা টকা সকলো শেষ হৈ গ’ল। ঠিকাদাৰে ফোন কৰিলেও নধৰে, তেওঁ সহায় নকৰে বুলি আমি নিশ্চিত হৈছো,’ মঞ্জয়ে কয়।

চন্দন আৰু মঞ্জয়ৰ ৰেচনকাৰ্ড মহাৰাজগঞ্জত পঞ্জীয়নভূক্ত, গতিকে বেংগালুৰুত সুলভ মূল্যৰ খাদ্য-সামগ্ৰী ক্ৰয় কৰিবলৈ সেই ৰেচন কাৰ্ড ব্যৱহাৰ কৰিব নোৱাৰে। কি হ’ব পাৰে বুলি আতংকিত হৈ পৰা চন্দনে কয়, ‘এই তলাবন্ধ বহুত দীঘলীয়া হ’ব বুলি শুনিছো, আমাৰ ভয় লাগিছে। এনেদৰে আমি কেনেকৈ থাকিম?’

সুন্দৰে কয় যে য়াৰৱ নগৰত ৰেচন কাৰ্ড নথকা পৰিয়ালেবোৰে স্থানীয় সংগঠনে ব্যৱস্থা কৰা শুকান আহাৰৰ পেকেট লাভ কৰাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ পাইছে।

আমি বিদায় লোৱাৰ সময়ত সুন্দৰে কয়, ‘স্বেচ্ছাসেৱী সংগঠনে আমাক খাদ্য দিয়াৰ সময়ত আমাৰ ছবি ল’বলৈ বহুতো মানুহ ইয়ালৈ আহে। আপুনি তেনেকুৱা নকৰাৰ বাবে ধন্যবাদ।’

পেলনীয়া সামগ্ৰীৰ চাফাই কৰ্মীৰ অধিকাৰৰ বাবে কাম কৰা এটা সংগঠন- হাচিৰু ডালাক সাক্ষাৎকাৰ গ্ৰহণত সহায় কৰাৰ বাবে এই প্ৰতিবেদকে ধন্য়বাদ জনাইছে।

অনুবাদঃ পংকজ দাস

Sweta Daga

Sweta Daga is a Bengaluru-based writer and photographer, and a 2015 PARI fellow. She works across multimedia platforms and writes on climate change, gender and social inequality.

Other stories by Sweta Daga
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das