"আমাক ইয়ালৈ অনাবোৰলৈ বুলি মই ভাত ৰান্ধিছো। মোৰ স্বামীয়ে সিহতক ইটা বনোৱাত সহায় কৰি আছে," হায়দৰাবাদৰ ইটাৰ ভাটা এটাত আমি লগ পোৱা উৰ্বশীয়ে কয়। 

ভাটাত ৬১ বৰ্ষীয় দেগু ধাৰুৱা আৰু ৫৮ বৰ্ষীয় উৰ্বষী ধাৰুৱাক দেখি হতবাক হ'লো। দম্পত্তিহাল পশ্চিম উৰিষ্যাৰ বলাংগীৰ জিলাৰ বেলপাৰা গাওঁ পঞ্চায়তৰ অন্তৰ্গত পান্দ্ৰীজৰ গাঁৱৰ। এয়া দেশৰ দৰিদ্ৰতম অঞ্চলৰ এটা। 

মই বহল ভিত্তিত বিগত দুটা দশকজুৰি সংবাদ পৰিৱেশন কৰি অহা পশ্চিম উৰিষ্যাৰ লোকসকলে বিগত ৫০ বছৰ ধৰি প্ৰব্ৰজন কৰি আহিছে। অঞ্চলটো আকাল, আকালজনিত মৃত্যু আৰু শিশু বিক্ৰীকে ধৰি বিভিন্ন সমস্যাৰ কবলত পৰাৰ বাবে কুখ্যাত।   

১৯৬৬-৬৭ চনত আকালজনিত কাৰণত প্ৰব্ৰজন আৰম্ভ হয়। ৯০ৰ দশকত কালাহাণ্ডী, নোৱাপাড়া, বলাংগিল আৰু অইন জিলাবোৰত গুৰুতৰ খৰাং পৰাৰ ফলত প্ৰব্ৰজন আৰম্ভ হয়। সেই সময়ত যিসকলে হাতে-কামে শ্ৰম কৰিব পাৰে, সেইসকলে অইন ৰাজ্যলৈ কামৰ সন্ধানত ওলাই গৈছিল আৰু বয়স্কসকলে গাঁৱতে ৰৈ গৈছিল।

হায়দৰাবাদৰ ভাটাত কাম কৰা প্ৰায়ভাগ প্ৰব্ৰজনকাৰীয়ে দেগু ধাৰুৱা আৰু তেওঁৰ পত্নি উৰ্বশী ধাৰুৱাতকৈ বয়সত সৰু। 

"বিভিন্ন কাৰণত সিহত পিছ পৰি ৰৈছিল। গাওঁ এৰি গুছি যোৱাসকলে কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হৈছিল। ইটাৰ ভাটাবোৰত (য'ত বহু প্ৰব্ৰজকেই কাম বিচাৰি পায়) দিনে-ৰাতিয়ে কাম কৰিব লাগে, আৰু বসসীয়াল মানুহে ইমান বেছি কষ্ট কৰিব নোৱাৰে," দশকজুৰি উৰিষ্যাৰ প্ৰব্ৰজনৰ ৰেহৰূপ পৰ্যবেক্ষণ কৰি অহা মানৱ অধিকাৰ কৰ্মী আৰু অধিবক্তা বিষ্ণু শৰ্মাই কয়। বলাংগীৰ জিলাৰ কান্তাবাঞ্জী এলেকাৰ তেওঁ বাসিন্দা। কান্তাবাঞ্জীতে সেই ৰেলৱে ষ্টেছনটো আছে যৰপৰা মানুহে বিভিন্ন স্থানলৈ প্ৰব্ৰজন কৰাৰ বাবে ৰেলগাড়ীত উঠে। সেই বাটেৰেই টেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশৰ ইটাৰ ভাটাবোৰলৈ যোৱা হয়। "ইটাৰ ভাটাৰ মালিকবোৰে কেতিয়াও (বৃদ্ধ লোকৰ বাবে) আগধন নিদিয়ে," শৰ্মাই কয়। "সিহতে ঘৰতে থাকি লৰা-ছোৱালী চোৱা-চিতা কৰে আৰু ৰেচন সংগ্ৰহ কৰে। আৰু কেউ-কিছু নথকা বৃদ্ধসকলে কষ্ট ভুগিবলগা হয়।"   

কিন্তু দশকৰ পিছত দশক বাগৰি গ'ল, ১৯৬৬-২০০০ মানৰ মাজৰ কালচোৱাত বৃদ্ধ আৰু বিধবাসকলৰ বাবে পেঞ্চন আদিকে ধৰি বিভিন্ন সামাজিক সুৰক্ষা আঁচনি আদিৰ ফলত অৱস্থাৰ কিছু উন্নতি ঘটিল। আৰু এটা দশকজুৰি বুভুক্ষৰ মৃত্যুৰ কোনো প্ৰতিবেদন প্ৰকাশিত হোৱা নাই। ইয়াৰে কাৰণ হিচাপে ঘাইকৈ ধৰিব পাৰি উৰিষ্যা চৰকাৰে ২০০৮ চনৰ আগস্ত মাহত মুকলি কৰা ২ টকীয়া সাহায্যপ্ৰাপ্ত চাউল, তাৰে দাম ২০১৩ চনত ১ টকা কৰা হৈছিল (প্ৰত্যেক পৰিয়ালৰ বাবে প্ৰতিমাহে ২৫ কিলোগ্ৰামকৈ)। 

এতিয়া কথাটো হৈছে উৰ্বশী আৰু দেগু ধাৰুৱাই বৃদ্ধ বয়সত এনেদৰে হায়দৰাবাদৰ এই ইটাৰ ভাটালৈ কিয় আহিবলগা হ'ল, যি সময়ত দশকজোৰা দুৰৱস্থা স্বত্বেও তেওঁলোকৰ বয়সৰ মানুহে এনেহেন কষ্টকৰ শ্ৰম কৰিবলৈ ওলাই অহা নাই?

ধাৰুৱাসকলে উৰিষ্যাৰ বলংগীৰ জিলাৰপৰা এনেদৰে ভগ্ন স্বাস্থ্য লৈ ইটাৰ ভাটাত কঠোৰ পৰিশ্ৰম কৰিবলৈ গুছি অহাৰ সিদ্ধান্তটোক লৈ অনুতপ্ত হয় 

"আমাৰ দুজনী ছোৱালী আছে আৰু দুয়োজনীৰেই বিয়া হৈছে। এতিয়া আমি অকলশৰীয়া…আমি (ধান বা কপাহ খেতি কৰা, আৰু এইবাৰ খেতি ভাল নহ'ল) উপান্ত কৃষক। আমাক চোৱাচিতা কৰিবলৈ কোনো নাই…" উৰ্বশীয়ে কয়। 

"ডেকাকালত আমি দুবাৰো এই ভাটালৈ আহিছো- বহুদিন আগতে। এতিয়া আমাৰ পৰিস্থিতিয়ে আমাক ইয়ালৈ আহিবলৈ বাধ্য কৰাইছে," দেগুয়ে কয়। "অতীতত আমি এই ভাটাত কাম কৰোতে আমাক অতিবেছি ৫০০-১০০০ টকাৰ আগধন দিয়া হৈছিল।" দেগুৱে কোৱামতে সেই ভাটালৈ তেওঁলোকক অনা সম্পৰ্কীয়জনে ভাটাৰ মালিকৰপৰা ২০ হাজাৰ টকা লৈছিল যদিও তেওঁক মাত্ৰ ১০ হাজাৰহে দিছিল। 

আগধন সাধাৰণতে পাঁচৰপৰা ছয়মাহৰ কামৰ বাবে দিয়া হয়- মানুহে গাঁৱৰপৰা শস্য চপোৱাৰ পিছতে (জানুৱাৰী-ফেব্ৰুৱাৰী মানত) ভাটালৈ আহে আৰু বাৰিষা পৰাৰ আগেয়ে জুনমানত উভতে।

"ইয়ালৈ অহাৰ পিছত মোৰ ভগ্নস্বাস্থ্য আৰু বয়স চাই মই মন সলনি কৰিলো," দেগুৱে কয়। "মই আগধনখিনি শ্ৰমিকৰ ঠিকাদাৰজনক ঘুৰাই দি গাঁৱলৈ ঘুৰি যাব বিচাৰো, কিয়নো ইয়াতে কাম কৰাটো অতিকৈ কষ্টকৰ। কিন্তু ভাটাৰ মালিকে মোৰ প্ৰস্তাৱ নামানে। তাৰ পৰিৱৰ্তে মোক আন কাৰোবাক অনাবলৈ ক'লে। ক'ৰপৰা মই আন কাৰোবাক পাম? সেয়ে উপায়ন্তৰ হৈ ইয়াতে কষ্টৰ দিন কটাবলগীয়া হৈছে।"

এই অস্থায়ী ঘৰবোৰতে শ্ৰমিকবোৰ থাকে। বছৰৰ ছটা মাহৰ কামৰ বাবে আগধন লৈ বহুতেই এই ঠাইবোৰত আবদ্ধ হৈ থাকিবলগীয়া হৈছে

তেওঁ কথা পতাৰ মাজতে ইটা শুকোৱা কামত ডেকা শ্ৰমিকবোৰক সহায় কৰি দিছে আৰু শ্ৰমিকে ইটাৰ ভাটাটোৰ কাষতে সজা অস্থায়ী ঘৰটোৰ ভিতৰত কেইজনমানৰ কাৰণে খৰিৰ জুইত উৰ্বশীয়ে চাউল সিজাইছে আৰু পাচলি ৰান্ধিছে। বহুসময় কথা পতাৰ পিছতহে ধাৰুৱাসকলে তেওঁলোকৰ সমস্যাৰ বিষয়ে ক'লে। 

ইয়াৰ পিছত আমি টেলেংগানাৰ আৰু কেইটামান ইটাৰ ভাটা দেখা কৰিলো, কিন্তু ক'তো বয়সীয়াল দম্পত্তি নেদেখিলো। "সিহতক বৰ দুৰ্বল দেখা গৈছে, কিন্তু সিহত এতিয়া এই জালত পৰি গৈছে (আগধন লৈ)। এয়া বৰ দুখলগা অথচ প্ৰব্ৰজনৰ বাস্তৱ ছবি।" ধাৰুৱাসকলৰ বিষয়ে শৰ্মাই কয়। 

ফটোবোৰঃ পুৰুষোত্তম ঠাকুৰ

অনুবাদকঃ ৰশ্মি ৰেখা দাস) 

ৰশ্মিৰেখা দাস এগৰাকী সাংবাদিক তথা অসমীয়া অনলাইন বাতৰিৰ প’ৰ্টেল newsnextone.com ৰ ৱেব এডিটৰ। তেখেতৰ মেইল আইডি হৈছে

পুৰুষোত্তম ঠাকুৰঃ পুৰুষোত্তম ঠাকুৰ ২০১৫ বৰ্ষৰ এগৰাকী স্নাতক সদস্য তথা একেধাৰে সাংবাদিক, ফটোগ্ৰাফাৰ আৰু তথ্যচিত্ৰ নিৰ্মাতা। তেওঁ ছত্তীশগড় আৰু উৰিষ্যাৰ পৰা সাংবাদিকতা কৰে। আজিম প্ৰেমজী ফাউণ্ডেছনৰ হৈও তেওঁ কাম কৰে।

Other stories by Purusottam Thakur