"চন্দ্ৰ-সূৰ্য্য জিলিকি থকালৈকে এই কাম চলি থাকিব," প্ৰাচীন বাচাই দুৰ্গত শিলৰ কাম কৰি থকা সময়তে টুকাৰাম পাৱাৰে কয়। "বহু মৰিব আৰু বহুজন জীয়াই থাকিব; গণি থকাৰ প্ৰয়োজন নাই। আপুনি কৰি থকা কামৰ হিচাপ কেতিয়াও নলব। কেৱল কাম কৰি থাকক।"

পাৱাৰ হৈছে পালঘৰ জিলাস্থিত ১৬ শতিকাৰ বাচেইন (বা বাচাই) দুৰ্গৰ পুনৰ্নিমাণৰ কামত লাগি থকা ভালেকেইজন শিলৰ কাম কৰাসকলৰ এজন। দুৰ্গটোৰ মজিয়াত শিলৰ দমৰ মাজত ভৰি মেলি বহি হাতুৰি-বতালি লৈ শিলৰ টুকুৰাবোৰক আকাৰ দিয়াৰ বাবে তেওঁ নিৰন্তৰ কাম কৰে।


WADARS

টুকাৰাম পাৱাৰ, বাচাই দুৰ্গত কাম কৰা এজন শিলকটীয়াঃ 'কেতিয়াও আপুনি কৰি থকা কামৰ হিচাপ নলব। কেৱল কাম কৰি যাওক।'


তেওঁ আৰু তেওঁৰ দৰে অইন শ্ৰমিকে গুজৰাটৰ চুলতান বাহাদুৰ শ্বাহে নিৰ্মাণ কৰা দুৰ্গটোৰ (পিছলৈ পৰ্টুগীজসকলে গীৰ্জাঘৰলৈ ৰূপান্তৰ কৰে) বালে কিল্লা নামৰ এটা অংশৰ বেৰবোৰ মজবুত কৰাৰ বাবে পুৰণা শিলবোৰ ড্ৰেছিং কৰাইছে আৰু চুণশীলজাতীয় মৰ্টাৰেৰে বেৰবোৰ পুনৰ নিৰ্মাণ কৰাৰ কামত লাগিছে।

১০৯ একৰ মাটিত থকা বাচাই দুৰ্গটো পুনৰ্নিৰ্মাণ হৈছে আৰ্কিয়লজিকেল চাৰ্ভে অব ইণ্ডিয়া চমুকৈ এএছআইৰ এটা প্ৰকল্প। ২০১২ চনতে এই প্ৰকল্প আৰম্ভ হৈছিল। ইয়াতে কাম কৰা ১৫ জন শ্ৰমিক মহাৰাষ্ট্ৰ জিলাৰ বিভিন্ন গাঁৱৰপৰা অহা।


WADARS

শিলবোৰ ভঙা, গঢ় দিয়া আৰু ড্ৰেচিং কৰা কামতঃ দুৰ্গটোৰ মুকলি মজিয়াত কৰ্মৰত অৱস্থাত


খৰাং পৰাৰ বাবেই বহুতে বাচাইলৈ আহিবলগা হ'ল।

"পৰ্যাপ্ত বৰষুণ আৰু জলসিঞ্চনৰ ব্যৱস্থা নাথাকিলে মাটিৰ কাম কি?" বয়সে ৫০ৰ ঘাই চোৱা পাৱাৰৰ প্ৰশ্নসূচক কথা। জামখেৰ গাঁৱত পাৱাৰৰ দুই একৰ মাটি আছে। তেওঁ ঘৰৰ পৰা দুৰৈত মেৰামতিৰ চাইটত কাম কৰি থকাৰ সময়তে তেওঁৰ পত্নি আৰু লৰাই বছৰত ছমাহৰ বাবে খেতি-বাতি কৰি পৰিয়াল পোহে।

আহমেদনগৰৰ পানীৰ অভাৱৰ মাজতে কুঁহিয়াৰ খেতিয়ে পানী শুহি লোৱাৰ সময়ত আনকি ভাল বৰষুণৰ বতৰতো খৰাঙৰ দৰে অৱস্থাৰ সৃষ্টি হয়। গাঁৱত স্থানীয় ঠিকাদাৰে পাৱাৰ আৰু অইন শিলকটীয়াসকলক চুক্তিত নিয়ে- প্ৰায়ভাগ খেতিয়কেই সিহতৰ মাটি এৰি যাবলৈ বাধ্য কৰোৱা হয় আৰু তেওঁলোকক মহাৰাষ্ট্ৰৰ এলফাণ্টা গুহা, উত্তৰ প্ৰদেশৰ ঝান্সি দুৰ্গকে ধৰি এএছআইৰ বিভিন্ন প্ৰকল্পত কাম কৰাৰ বাবে পঠিওৱা হয়।

বাচাই দুৰ্গৰ শিলকটীয়াসকলে দৈনিক ৬০০ টকা মজুৰী পায় আৰু মাহে ১৫ হাজাৰ আয় হয়। ইয়াৰে আধাতকৈ বেছি টকা তেওঁলোকৰ খাদ্য আৰু দৰৱ-পাতিতে যায়। বাকী টকাখিনি তেওঁলোকে ঘৰলৈ পঠিয়ায়।

এই মজুৰীৰ বাবে তেওঁলোকে দিনটোৰ আঠ ঘণ্টাৰ হাড়ভঙা পৰিশ্ৰম কৰিবলগা হয় য'ত দুপৰীয়াৰ আহাৰৰ বাবে আধা ঘণ্টা সময় পায়। প্ৰচণ্ড গৰমত তেওঁলোকে হাতুৰি চলায় আৰু হাত-ভৰিবোৰ নিৰন্তৰ কামৰ মাজত শিলৰ ধুলিয়ে এৰুৱাই নিয়ে। "শিলভঙা কামটো সহজ নহয়," লক্ষ্মণ চেটিবা ডুকৰেই কয়। "শিলবোৰ উত্তপ্ত হৈ থাকে, মাটিও গৰম হৈ থাকে আৰু সূৰ্যৰ তাপ প্ৰখৰ হয়।"


WADARS

এই অস্থায়ী চালিয়েই শিলভঙা কাম কৰি থকাৰ মাজতে অলপ সকাহ দিয়ে। সোঁফালেঃ জামখেৰ তালুকৰ এজন শ্ৰমিকে পানী খাই অলপ বিশ্ৰাম কৰিছে


ডাকৰেয়ে দুৰ্গটোৰ এচুকত তালগছৰ পাতেৰে তৈয়াৰী এখন অস্থায়ী চালিৰ তলত বহি কাম কৰিছে। তেওঁ জামখেৰ গোটটোৰপৰা অলপ আঁতৰত বহিছে। তেওঁৰ ভতিজা দাগৰু গোবিন্দ ডাকৰেও তাতে আছে। দুয়োজনেই শিলকটা আৰু ভাস্কৰ্য্যৰ কামৰ কুশলী ৱাদাৰ সম্প্ৰদায়ৰ। তেওঁলোক দুজন আহমেদনগৰ জিলাৰ ভিংগাৰ তালুকৰ ৱাদাৰৱাড়ি গাঁৱৰপৰা অহা। দুয়োজনে এটা চাইটৰপৰা আনটো চাইটলৈ ভ্ৰমি ফুৰে, কিন্তু সম্প্ৰতি বাচাই দুৰ্গতে তেওঁলোকৰ কাম ধৰি দিয়া হৈছে।

"এনে কামৰ বাবে বাবে শ্ৰমিক পোৱাটো আজিকালি বৰ দুৰুহ," বাচাইস্থিত এএছআৰ সংৰক্ষণ সহযোগী দায়িত্বত থকা কালিয়াচ চিণ্ডেয়ে কয়। "এই কামত ৱাদাৰ সম্প্ৰদায়টো কুশলী। এওলোকেই বোধকৰো এই কীৰ্তিস্তম্ভবোৰ সাজিছিল আৰু এওলোকৰ হাততেই তাৰ পুনৰ নিৰ্মাণৰ কাম পৰিছে।"


WADARS

লক্ষ্মণ ডাকৰে আৰু তেওঁৰ ভতিজা দাগৰু ডাকৰেঃ 'মোৰ পিতৃক ৱাদাৰৰ জীৱন কোনে দিছিল?,' তেওঁ সোধে


চৰকাৰী নথি অনুযায়ী বাচাইত শিলভঙাৰ কাম কৰি থকা আটাইকেইজন মহাৰাষ্ট্ৰৰপৰা অহা ৱাদাৰ। এওঁলোক প্ৰথমে উৰিষ্যাৰ পৰা অন্ধ্ৰপ্ৰদেশ আৰু অইন দক্ষিণাত্যৰ ৰাজ্যসমূহৰপৰা আহিছিল। (সম্প্ৰদায়টোৰ ৱাদাৰ নামটো ওদ্ৰা দেশা অথবা উৰিষ্যাৰ পৰা অহা বুলি বিশ্বাস কৰা হয়)। "বহুবছৰ আগতে, আমাৰ মানুহবোৰ ইয়ালৈ (মহাৰাষ্ট্ৰ)আহিছিল। আমি ইয়াতেই ডাঙৰ-দীঘল হোৱা। আমি ইয়াৰেই," শিলকটীয়া গোটটোৰ ভিতৰতে বয়োজেষ্ঠ ৬০ উৰ্ধৰ চাহেবৰাও নাগু মাস্কেয়ে কয়।


WADARS

৬০ বছৰ বয়সৰ চাহেবৰাও মাস্কে, বাচাই দুৰ্গত কৰ্মৰত বয়োজেষ্ঠ শিলকটীয়া


দাগৰুৰ বয়স ৪০ বছৰ। তেওঁ মনত পেলাইছে যেতিয়া তেওঁলোকৰ পৰিয়ালৰ খেতিৰ মাটি বহুবছৰ আগতেই এৰি আহিবলগা হৈছিল আৰু কেনেকৈ এতিয়া শিল ভঙাটোৱে তেওঁৰ আৰু তেওঁৰ খুড়াকৰ একমাত্ৰ জীৱিকা। লক্ষ্মণ আৰু দাগৰুৰ পত্নিয়েও তেওঁলোকৰ গাঁৱৰ কাষতে শিলভঙাৰ কামেই কৰে। আলকাতৰা দিয়া ৰাস্তাৰ বাবে শিল সৰু কৰি ভঙাৰ কাম তেওঁলোকে কৰে।

বাচাইত অইনসকলৰ দৰে ডাকৰেসকলকো স্থানীয় ঠিকাদাৰৰ নিৰ্দেশত সাম্ভাব্য চাইটলৈ পঠিওৱা হয়। "যতে কাম উপলব্ধ বুলি আমাক জনোৱা হয় আমি তালৈ (নিজৰ খৰছতে) যাও," লক্ষ্মণে কয়। আমি তাতে কেইদিনমান থাকো, ঘীউ দিয়া পাৱ খাও আৰু কামৰ বাট চাও। কাম পালে ভালেই হয়, নতুবা আমাৰ গালত চৰ শোধোৱাৰ দৰে অৱস্থা হয় আৰু আমি ঘুৰি আহো (ৱাদাৰবাৰীলৈ)।"

লক্ষ্মণে ৱাদাৰ হোৱাক লৈ মিশ্ৰিত অনুভূতি ব্যক্ত কৰে। এই পেছাটোৰ সৈতে জৰিত হৈ প্ৰথমতে ইয়ালৈ আহি ধুনীয়া শৈলী আৰু ভাস্কৰ্য্য তৈয়াৰ কৰাসকলৰ বাবে অকণ আশ্চৰ্য আৰু সন্মানো জড়িত হৈ আছে। সেইসকলক তেওঁ "ভগবানৰ স্বৰূপ" বুলি বিবেচনা কৰে। কিন্তু যেতিয়া তেওঁ তেওঁৰ সম্প্ৰদায়টোৰ দৰিদ্ৰতাৰ কথা কয়, তেতিয়া  তাতে হতাশাও মিশ্ৰিত হৈ পৰে। "মোৰ পিতৃক কোনে এজন ৱাদাৰৰ জীৱন দিছিল? এই কাম শিকাৰ বাবে জন্ম পোৱাৰ বাবে? তেওঁ যদি পঢ়া-শুনা কৰি কাম এটা পালেহেঁতেন, কথাবোৰ কিজানি বেলেগ হ'লহেঁতেন…"

৬৬ বছৰ বয়সৰ লক্ষ্মণে সেই হাতৰ কাম তেওঁৰ পিতৃ আৰু ককাকৰ পৰা ৫০ বছৰ আগতেই শিকিছিল, একেদৰেই তেওঁলোকেও আগৰ প্ৰজন্মৰ পৰা সেয়া শিকিছিল। "লৰাৰ বয়স ১০ কি ১১ হোৱাৰ পিছতে তেওঁৰ হাতত এটা সৰু হাতুৰী তুলি দিয়া হয় আৰু সেয়া চলাবলৈ শিকোৱা হয়," তেওঁ কয়। "আনকি তেওঁলোকে আঙুলিও চেপেটা হ'লহেঁতেন, কিন্তু কেইমাহমানৰ ভিতৰতে সেই কাম সিহতে আয়ত্ব কৰে আৰু ডাঙৰবোৰৰ দৰে কামৰ সন্ধানত ওলায় যাবপৰা হয়।"


07-SS-Up Against a Stone Wall-The Wadars at Vasai Fort.jpg

কামৰ সা-সঁজুলিসমূহ, নিৰন্তৰ হাতুৰি-বাতুলিৰ কোবে দিনটো শিলৰ ধুলি উৰুৱায়


কিন্তু এতিয়া ন শিকাৰু এই কামটোত সোমোৱা নাই। অইন ক'তো কাম নাপাইহে কেইজনমান ডেকা লৰাই এই কামৰ বাবে বাচাইলৈ আহিছে। "মোৰ ল'ৰা-ছোৱালীয়ে শিলৰ কাম নকৰে," পাৱাৰে কয়। তেওঁৰ ডাঙৰ লৰাজন অভিযন্তা আৰু তেওঁ পুণেত কাম কৰে। "এই কাম কৰিয়ে মই সিহতৰ পঢ়া-শুনা কৰাইছো।"

লৰা-ছোৱালীয়ে তেওঁলোকৰ পৰিয়ালৰ পাৰম্পৰিক শিলকটা জীৱিকাৰ পৰা আঁতৰি আহিছে যদিও কঠিন কামত হতাশামিশ্ৰিত মনেৰে দশকজুৰি বয়স্ক শ্ৰমিকসকলে এই কাম কৰি আহিছে। "একো সলনি নহয়," লক্ষ্মণে কয়। "আমাৰ বাবে চিতাৰ কাঠকেইডাল আছে। সলনি হোৱাৰ দিন কেতিয়াবাই হেৰাল।"


08-IMG_6279-SS-Up Against a Stone Wall-The Wadars at Vasai Fort.jpg

লক্ষ্মণ ডাৰকেয়ে চুটি বিশ্ৰাম লৈছেঃ 'একো সলনি নহয়', তেওঁ কথা


ওচৰতে পতা অস্থায়ী শোৱাপাটীত লক্ষ্মণে ৰাতি মদ খায় যেতিয়া হাড় ভঙা পৰিশ্ৰমৰ ফলত তেওঁৰ টোপনি নাহে। "আমাৰ কান্ধ বিষায়, পিঠি আৰু আঠুও বিষায়…" তেওঁ কয়। "বিষ বেছি হ'লে আমি দৰৱ খাও, অসহ্যকৰ বিষ হলেহে আমি ডাক্তৰৰ ওচৰলৈ যাও। নহলে এটা কোৱাটাৰ খাই দিও.."

পাৱাৰেও একেটা কামেই কৰে। গধুলি হলেই আমাক বিষে আগুৰি ধৰে," তেওঁ কয়। "তেতিয়া আমি হাফ কোৱাৰ্টাৰ খাই বাগৰি দিও…" আৰু অইন এটা হাতুৰি-বতালি, গৰম আৰু ধুলিৰ দিনৰ বাবে সাৰ পাও।

ফটোবোৰঃ সংযুক্তা শাস্ত্ৰী

ৰশ্মিৰেখা দাস এগৰাকী সাংবাদিক তথা অসমীয়া অনলাইন বাতৰিৰ প’ৰ্টেল newsnextone.com ৰ ৱেব এডিটৰ। তেখেতৰ মেইল আইডি হৈছে

Samyukta Shastri

সংযুক্তা শাস্ত্ৰী পিপলচ আৰ্কাইভ অব ৰুৰেল ইণ্ডিয়াৰ বিষয়বস্তু সমন্বয়ক। তেওঁ পুণেস্থিত চিমবায়চিচ চেণ্টাৰ ফৰ মিডিয়া এণ্ড কমিউনিকেশ্যনৰপৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ লগতে মুম্বাইস্থিত এছএনডিটি মহিলা বিশ্ববিদ্যালয়ৰপৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীধাৰী।

Other stories by Samyukta Shastri