‘ইটাৰ ভাতীৰ ভিতৰত তলাবন্ধ নাই। আমি সদায় কাম কৰি আছো’, হৃদয় প্ৰভুৱে ক’লে। পাঁচ এপ্ৰিলত তেওঁক লগ পাইছিলো। ‘কেৱল সাপ্তাহিক বজাৰ বন্ধ হৈছে। আমাক মালিকে দিয়া পইছাৰে খোৱাবস্তু ক্ৰয় কৰাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈ পৰিছে।’

এই পৰ্যন্ত তিনি বছৰ ধৰি হৃদয় নামৰ লোকজনে তেলেংগানাৰ ইটাৰ ভাতীত কাম কৰি আহিছে। ঋণৰ বোজাৰ বাবে এই কাম কৰিবলৈ বাধ্য হৈছে। ওড়িশাৰ বালাংগীৰ জিলাৰ তুৰেকেলা তালুকৰ নিজ গাওঁ খুটুলুমুণ্ডাত তেওঁ প্ৰতি বছৰে পত্নিক এৰি থৈ আহে। ‘মই কমাৰশালৰ কাম কৰি ঘৰতে ভাল উপাৰ্জন কৰিছিলো। মোৰ ঘৰটো নিৰ্মাণ কৰাৰ পিছত মই ধাৰত পোত গ’লো। ইয়াৰ পিছত আহিল বিমূদ্ৰাককৰণ,’ ভগা ভগা হিন্দীত তেওঁ কৈ গ’ল। ‘আমাৰ গাঁৱত কাম পোৱা টান, ইফালে মোৰ ঋণৰ বোজা বাঢ়ি যাবলৈ ধৰিলে। গতিকে মই ইটা বনোৱা কাম কৰিবলৈ ইয়ালৈ আহিবলৈ বাধ্য হ”লো। ইটাৰ ভাতীত কাম কৰা প্ৰতিজন শ্ৰমিক ঋণগ্ৰস্ত।’

তেলেংগানাৰ সাংগাৰেড্ডী জিলাৰ জিন্নাৰাম মণ্ডলৰ গাড্ডিপোথাৰাম গাঁৱৰ হৃদয়ে কাম কৰা ইটাৰ ভাতীৰ শ্ৰমিকৰ মাজত ২৫ মাৰ্চত অনাকাংক্ষিতভাৱে ঘোষণা কৰা তলাবন্ধই বিভ্ৰান্তি আৰু অনিশ্চয়তাৰ সৃষ্টি কৰে। ‘ইয়াৰ পৰা ৩ কিলোমিটাৰ দুৰত থকা গাঁৱৰ বজাৰলৈ আমি প্ৰতি শুকুৰবাৰে যাও। সাপ্তাহিক ভাট্টাৰ ধনেৰে খাদ্যবস্তু আৰু আন অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰো,’ একেখন ইটাৰ ভাতীত কাম কৰা হৃদয়ৰ দুৰ সম্পৰ্কীয় জয়ন্তী প্ৰভুৱে কয়। ‘কিছুমানে সুৰাও ক্ৰয় কৰে। তলাবন্ধৰ বাবে বজাৰখন বন্ধ হৈ পৰাৰ পিছত সকলো নোহোৱা হ’ল।’

তলাবন্ধ আৰম্ভ হোৱাৰ দুদিনৰ পিছত শ্ৰমিকসকলে শুকুৰবৰীয়া বজাৰৰ পৰা অলপ খাদ্যসামগ্ৰী সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল যদিও পিছৰ শুকুৰবাৰে বজাৰ বন্ধ হৈ পৰোতে তেওঁলোক আৱদ্ধ হৈ পৰিল। ‘খোৱাবস্তু যোগাৰ কৰা কঠিন হৈ পৰিল,’ হৃদয়ে কয়। ‘দোকান বিচাৰি গাঁৱৰ পৰা অলপ দূৰলৈ যাব বিচাৰিলে পুলিচে আমাক খেদি আহে, ইফালে আমি তেওঁলোকৰ ভাষাও (তেলেগু) ক’ব নাজানো।’

PHOTO • Varsha Bhargavi

হৃদয় প্ৰভু (বগা কামিজ পৰিধান কৰা ওপৰৰ বাওঁফালৰজন) আৰু গাড্ডিপোথাৰাম ইটাৰ ভাতীত কাম কৰা আন শ্ৰমিকসকল তলাবন্ধৰ সময়ত তেলেংগানাৰ বিভিন্ন অঞ্চলৰ ইটাৰ ভাতীবোৰত কাম চলি আছিল

তলাবন্ধ বলবৎ হোৱা স্বত্তেও তেলেংগাানাৰ বিভি্ন্ ঠাইৰ ইটাৰ ভাতীবোৰত কাম চলি আছিল। ২০১৯ৰ শেষৰ ফালে ইটাৰ ভাতীত উপস্থিত হোৱাৰ আগত শ্ৰমিকসকলে তেওঁলোকৰ মজুৰী আগতীয়াকৈ লাভ কৰিছে। ‘ইয়াত কাম কৰিবলৈ অহাৰ আগতে আমি প্ৰতিজনে ৩৫ হাজাৰ টকাকৈ আগধন পাইছিলো,’ জয়ন্তীয়ে কয়। জয়ন্তী আৰু আন শ্ৰমিকসকলে প্ৰতি পৰিয়ালৰ বাবে সপ্তাহত ৪০০ টকাকৈ ভাট্টা পায়। (শ্ৰমিকসকলে কয় যে এই ৪০০ টকা প্ৰতিজন ব্যক্তিৰ বাবে মালিকে দিয়ে, তেওঁলোকৰ লগত কথা পতাৰ সময়ত ইটাৰ ভাতীৰ মালিক আৰু মণ্ডল ৰাজহ বিষয়া উপস্থিত থকাৰ বাবে শ্ৰমিকসকলে সেইদৰে কয়। তেওঁলোকৰ উপস্থিতিত শ্ৰমিকসকলে কয় যে মালিকে তেওঁলোকক খুব ভাল ব্যৱহাৰ কৰে। এই শোষণকাৰী উদ্যোগক্ষেত্ৰত তেওঁলোকক সদায় ভাল ব্যৱহাৰ কৰি আহিছে।)

প্ৰতিটো পৰিয়ালৰ গোটে দৈনিক ৩০০০ৰ পৰা ৪০০০ টা ইটা বনোৱা লক্ষ্য পুৰণ কৰিব লাগিব। ইটাৰ ভাতীত তেওঁলোকে ৭ মাহ কাম কৰিব লাগিব। ওড়িশাৰ পৰা শ্ৰমিকসকল অহাৰ পিছত প্ৰতিবছৰে নৱেম্বৰৰ শেষত বা ডিচেম্বৰ মাহৰ আগভাগৰ পৰা ইটাৰ ভাতীত কাম আৰম্ভ হয়। মে মাহৰ শেষ পৰ্যন্ত অথবা জুন মাহৰ আৰম্ভণিলৈকে এই কাম চলি থাকিব।

গাড্ডিপোথাৰাম ইটাৰ ভাতীত কাম কৰা সকলো শ্ৰমিক ওড়িশাৰ। হৃদয় আৰু জয়ন্তীৰ দৰে আন বহুতো লুহুৰা সম্প্ৰদায়ৰ। ৰাজ্যিক তালিকাত তেওঁলোক অনান্য পিছপৰা জাতি (ও.বি.চি.) হিচাপে শ্ৰেণীভুক্ত। একোজন চৰ্দাৰ বা ঠিকাদাৰে তেলেংগানাৰ বিভিন্ন ইটাৰ ভাতীৰ বাবে কমেও ১০০০ জন শ্ৰমিকৰ একোটা গোট আনে। হৃদয়ে কয়, ‘ওড়িশাৰ গাঁৱত ঘুৰি ফুৰা বহুতো ঠিকাদাৰ আছে। তেওঁলোকে আমাৰ দৰে মানুহবোৰক গোট খুৱায়। মোৰ ঠিকাদাৰজন সৰু। একোজন ডাঙৰ ঠিকাদাৰে ২০০০ পৰ্যন্ত শ্ৰমিক আনিব পাৰে।’

এইবাৰ হৃদয়ে কাম কৰিবলৈ তেওঁৰ কিশোৰী জীয়ৰীকো লগত লৈ আহিছিল। ‘কিৰ্মানিৰ বয়স খুব বেছি ১৬ বা ১৭ বছৰ হ’ব। তাই স্কুল এৰি দিলে। সেইকাৰণে তাই এইবাৰ ইটাৰ ভাতীত কাম কৰিবলৈ মোৰ লগত আহিছে। ইটা বনোৱাৰ সময়ত উপৰিঞ্চি সহায়ৰ প্ৰয়োজন। তদুপৰি তাইৰ বিয়াৰ কাৰণেও টকা লাগে।’ ৫৫ বছৰ বয়সীয়া পিতৃজনে এইদৰে কয়। এতিয়া ক’ৰণাভাইৰাছৰ বাবে ভয় লাগিছে। আৰু তলাবন্ধ অনিৰ্দিষ্ট কাললৈ বৃদ্ধি হৈ আছে। এতিয়া উভতি গৈ যেনেতেনে ঘৰ পোৱা তেওঁলোকৰ মূল উদ্দেশ্য হৈ পৰিছে।

The kiln workers' makeshift huts – around 75 families from Balangir district are staying at the kiln where Hruday works
PHOTO • Varsha Bhargavi
The kiln workers' makeshift huts – around 75 families from Balangir district are staying at the kiln where Hruday works
PHOTO • Varsha Bhargavi

এটা ভাতীৰ শ্ৰমিকৰ অস্থায়ী বাসগৃহ, হৃদয়ে কাম কৰা এটা ইটা ভাতীটোত ওড়িশাৰ বালাংগীৰ জিলাৰ প্ৰায় ৭৫ টা পৰিয়াল থাকে

তেলেংগানাৰ সাংগাৰেড্ডী জিলাৰ জিন্নাৰাম আৰু গুমাৰিডালা মণ্ডলৰ ৪৬ টা ইটাৰ ভাতীত ওড়িশাৰ প্ৰায় ৪৮০০ জন প্ৰব্ৰজিত শ্ৰমিকে কাম কৰি আছে। ৰাজ্য চৰকাৰৰ শিক্ষা কাৰ্যালয়ৰ এক স্থানীয় উৎসৰ পৰা এয়া জানিব পৰা গৈছে। ইটাৰ ভাতীৰ চৌহদত থকা প্ৰব্ৰজিত শিশুৰ বাবে শিক্ষা বিভাগে পৰিচালনা কৰা কৰ্মস্থলীৰ বিদ্যালয়ত ৭ৰ পৰা ১৪ বছৰৰ ভিতৰৰ ৩১৬ জন শিশুৱে শিক্ষা গ্ৰহণ কৰে (৬ বছৰৰ তলৰ শিশুৰ বিষয়ে জনা নাযায়)। হৃদয় আৰু তেওঁৰ জীয়ৰী কিৰ্মানিয়ে কাম কৰা ইটাৰ ভাতীত ৭৫ টা পৰিয়াল আছে। তেওঁলোক সকলো বালাংগীৰ জিলাৰ, ইয়াৰে ১৩০ জন প্ৰাপ্তবয়স্ক আৰু ২৪ জন ৭ৰ পৰা ১৪ বছৰ বয়সৰ ভিতৰৰ শিশু। ইয়াতকৈ সৰু ল”ৰা-ছোৱালীও আছে।

‘আমি পুৱা ৩ বজাত ইটা নিৰ্মাণৰ কাম আৰম্ভ কৰো আৰু দিনৰ ১০ৰ পৰা ১১ বজাত শেষ কৰো। পুৱাৰ কাম শেষ কৰি আমি জিৰণি লও। মহিলাসকলে খৰি বিচাৰি যায়, ৰন্ধা-বঢ়া কৰে আৰু গা ধুই লয় আৰু ল’ৰা-ছোৱালীকো ধুৱায়। দুপৰীয়া ১ বজাত আহাৰ খাও। তাৰ পিছত কেইঘণ্টামান জিৰণি লও।’ তিনিটা সন্তানৰ মাতৃ ৩১ বছৰীয়া জয়ন্তীয়ে কয়। স্বামীৰ সমানে একে সময়ৰ বাবে তেওঁ ইটাৰ ভাতীত কাম কৰে। ‘চাৰিজন মানুহে একোটা গোট হিচাপে কাম কৰে। ইয়াৰ পিছত আবেলি চাৰি বজাৰ পৰা আমি কাম পুনৰ আৰম্ভ কৰো। ৰাতি ১০ বজালৈকে ইটা বনোৱা কাম কৰি থাকো। ইয়াৰ মাজতে আমি নিশাৰ আহাৰ খাই লও। কাম মাজনিশালৈকে বা নিশা ১ বজালৈকেও চলি থাকে।’

১৪ৰ পৰা ১৫ বছৰমান বয়সতে জয়ন্তী বিবাহপাশত আৱদ্ধ হৈছিল। ঠিক বয়সটো তেওঁৰ মনত নাই। যোৱা ৫ এপ্ৰিলত যেতিয়া তেওঁক আমি লগ পাও, তেতিয়া তেওঁ ২ বছৰীয়া পুত্ৰ সন্তান বসন্তৰ হাতত ধৰি আছিল। ছবছৰীয়া অঞ্জলীক গাত ঘঁহা পাউদাৰৰ টেমাটো খালি কৰা দেখি বাধা দিছিল। সেই পাউদাৰ মুখত ঘঁহি তেওঁ ফটো উঠিবলৈ সাজু হ’ব ধৰিছে। জয়ন্তীৰ ১১ বছৰীয়া পুত্ৰ সন্তানটোৱে আন এটা ইটাৰ ভাতীত থকা খোজকাঢ়ি যাব পৰা দূৰত্বৰ বিদ্যালয় এখনত পঢ়ে।  কিন্তু তলাবন্ধৰ বাবে এতিয়া স্কুল বন্ধ হৈ আছে।  জয়ন্তীয়ে নিজে কেতিয়াও স্কুললৈ যোৱা নাছিল। নিজৰ বয়সৰ কথা ক’বলৈ তেওঁ আমাক তেওঁৰ আধাৰ কাৰ্ড দেখুৱালে।

খুটুলুমুণ্ডাত জয়ন্তীৰ স্বামীৰ পৰিয়ালৰ নিজৰ তিনি একৰ মাটি আছে। ‘মাত্ৰ এক একৰত খেতি কৰা হয়। আমি কপাহ খেতি কৰো। কাৰণ বীজ কোম্পানীৰ এজেণ্টে বীজৰ পৰা আৰম্ভ কৰি কীটনাশকলৈকে সকলো ঘৰতে দি যায়। পিছত সিহঁতে আমাৰ খেতিৰ কপাহ ক্ৰয় কৰিবলৈ আহে। বৰষুণ আৰম্ভ হোৱাৰ সময়ত জুন মাহত আমি কপাহৰ খেতি আৰম্ভ কৰো। নৱেম্বৰৰ শেষত বা ডিচেম্বৰ মাহৰ প্ৰথম ভাগত আমি কপাহ খেতি চপাবৰ হয়। তেওঁলোকে প্ৰতিবছৰে আমাৰ পৰা লোৱা কপাহৰ বাবে ১০ হাজাৰ টকা দিয়ে।’

Left: Joyanti Parabhue (standing) with other workers. Right: Kirmani (in blue), Joyanti, Anjoli and Bosanth (in background), in the cooking area of Joyanti's hut
PHOTO • Varsha Bhargavi
Left: Joyanti Parabhue (standing) with other workers. Right: Kirmani (in blue), Joyanti, Anjoli and Bosanth (in background), in the cooking area of Joyanti's hut
PHOTO • Varsha Bhargavi

বাওঁফালেঃ আন শ্ৰমিকৰ সৈতে জয়ন্তী প্ৰভু (থিয় হৈ), সোঁহাতে জয়ন্তী থকা ঘৰটোৰ ৰান্ধনীশালত কিৰ্মানি (নীলা পোচাকত), জয়ন্তী অঞ্জলী আৰু বসন্ত (নেপথ্যত)

কোম্পানীক বিক্ৰী কৰা কপাহ ক্ৰেতাই সিহঁতৰ গাঁৱত কেতিয়াও ওজন নকৰে। ‘আমি এই কাৰণেই সুখী যে সিহঁতে বীজ আৰু ঔষধ ঘৰতে দি যায় আৰু কপাহো ক্ৰয় কৰে,’ জয়ন্তীয়ে কয়। ‘আমাৰ নিচিনা ডাঙৰ পৰিয়ালে ১০ হাজাৰ টকাৰে একো কৰিব নোৱাৰে। প্ৰতি বছৰে কপাহ চপাই উঠি আমি ইয়ালৈ আহো।’

ভঙা আৰু বেয়া ইটাৰে ভাতীত শ্ৰমিকৰ বাবে অস্থায়ী ঘৰ নিৰ্মাণ কৰি দিয়া হয়। মাত্ৰ কেইটামান ঘৰ মাটিৰে তৈয়াৰী। ইটাৰ ভাতীৰ মালিকে পানী শোধন কৰা এটা মেচিনেৰে খোৱাপানীৰ যোগান ধৰে। কৰ্মস্থানত শ্ৰমিকলৈ আগবঢ়োৱা এইটোৱেই একমাত্ৰ উপভোগ্য সামগ্ৰী।

কোলাত কেচুৱা লৈ থকা ২৭ বছৰীয়া গীতা সেনে এটা ভাতীৰ পিছফালে থকা মুকলি ঠাইখিনি আমাক দেখুৱালে। ‘আমি এই মুকলি ঠাইতে মল-মূত্ৰ ত্যাগ কৰো। গা ধুবলৈ আৰু কাপোৰ ধুবলৈ ইয়ালৈ পানী কঢ়িয়াই আনিবলগীয়া হয়। পুৰুষসকলে য’তে-ততে গা ধোৱে। কিন্তু আমি মহিলাকসকলে ইয়াত গা ধোওঁ।’ সৰু ঠাই এটুকুৰা দেখুৱাই তেওঁ কয়। চাৰিওফালে ভঙা শিল। বোকাময় পানীৰে আধাভৰ্তি কেইটামান প্লাষ্টিকৰ বাল্টি আৰু কেইটামান খুটাৰ ওপৰত এখন প্লাষ্টিক। ‘এগৰাকীয়ে গা ধুলে আন এগৰাকীয়ে পহৰা দি থাকিব লাগে। ভাতীৰ কাষত থকা পানীৰ টেংকীৰ পৰা ইয়ালৈ আমি পানী লৈ আহিব লাগে।’

পুৱা গা ধোৱা পানী জমা হোৱা এডোঙা পানীৰ কাষত আমি য’ত আছিলো, সেই ঠাইলৈ আন কেইগৰাকীমান মহিলাই কেঁচুৱা আৰু ল’ৰা-ছোৱালীৰ সৈতে আহিল। তেওঁলোক সকলো ঘৰলৈ যাব বিচাৰে। ‘তলাবন্ধৰ পিছত আমি ওড়িশালৈ যাব পাৰিমনে?’ অনিশ্চয়তাৰে গীতাই সুধিলে।

PHOTO • Varsha Bhargavi

আমি য’ত আছিলো, সেই ঠাইলৈ আন কেইগৰাকীমান মহিলা আহিল। তেওঁলোক ঘৰলৈ যাব বিচাৰে। সোঁফালে ইটাৰ ভাতীৰ সা-সুবিধাবিহীন গা ধোৱা ঠাই

তলাবন্ধৰ সময়ত চৰকাৰে গ্ৰহণ কৰা ত্ৰাণসাহায্য পদক্ষেপৰ অংশ হিচাপে প্ৰব্ৰজিত শ্ৰমিকৰ প্ৰতিজনৰ বাবে ১২ কিলোগ্ৰাম চাউল আৰু ৫০০ টকা বিতৰণ কৰিবলৈ তেলেংগানা চৰকাৰে নিৰ্দেশ দিয়ে। ৩০ মাৰ্চত এই নিৰ্দেশ দিছিল। ১৪ এপ্ৰিলৰ তলাবন্ধ অন্ত পৰাৰ কথা আছিল। যি কি নহওক, ৫ এপ্ৰিল পৰ্যন্ত চৰকাৰৰ সাহায্য গাড্ডিপোথাৰামৰ প্ৰব্ৰজিত শ্ৰমিকসকলে লাভ কৰা নাছিল। ইফালে গাঁৱৰ বজাৰৰ পৰা শ্ৰমিকসকলে কোনো সামগ্ৰী ক্ৰয় কৰিব নোৱাৰিলে। পৰিয়ালসমূহৰ বাবে দুসপ্তাহ চলিব পৰাকৈ ৭৫ টা খাদ্যসামগ্ৰীৰ বেগ (এটা ব্যক্তিগত কোম্পানীয়ে দিছিল) স্বেচ্ছাসেৱকসকলে দিয়াৰ দিনা তেওঁলোকে অনাহাৰে থকা এদিন হৈছিল।

তেওঁলোকৰ পৰিস্থিতিৰ কথা সাংগাৰেড্ডী প্ৰশাসনক জনোৱাৰ পিছত জিলা দণ্ডাধীশে ৫ এপ্ৰিলত তেওঁলোকলৈ চাউল আৰু টকা প্ৰেৰণ কৰে। কিন্তু এই সামগ্ৰী আৰু টকা প্ৰতিজন ব্যক্তিলৈ নহয়। প্ৰতিটো পৰিয়াললৈ বুলি দিয়া হৈছে। আমি কথা পতা বহুতো প্ৰব্ৰজিত শ্ৰমিকে কয় যে সাহায্য বিতৰণ তালিকাৰ একেবাৰে শেষত তেওঁলোকৰ নাম আছে। ৰাজ্যৰ ৰেচন কাৰ্ড থকাসকলৰ নাম ওপৰত আছিল। এতিয়া পুৱা ১১ বজালৈ খুলি ৰখা দোকানৰ পৰা পৰিয়ালবিলাকে ভাট্টাৰ টকাৰে বস্তু কিনিব পাৰিছে।

তেওঁলোক যিকোনো উপায়েৰে ঘৰলৈ যাবলৈ উদগ্ৰীব হৈ পৰিছে। ‘কৰ’ণাভাইৰাছৰ দ্বাৰা সংক্ৰমিত হ’বলৈ আমাক ইয়াতে থকা বিচাৰে নেকি? মৃত্যু অনিবাৰ্য, মৰিবলগা হ’লে নিজৰ ঠাইত পৰিয়ালৰ সকলোৰে লগত একেলগে মৰিম,’ হৃদয়ে ক্ষোভেৰে কয়।

অনুবাদঃ পংকজ দাস

Varsha Bhargavi

Varsha Bhargavi is a labour and child rights activist, and a gender sensitisation trainer based in Telangana.

Other stories by Varsha Bhargavi
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das