সঞ্জয় গোপে আজিলৈ ভুল খোজ এটা দিয়া নাই, আচলতে তেঁও আজিলৈ এটাও খোজ দিয়া নাই। ১৮ বৰ্ষীয় তৰুণ যুৱকজনে হুইলচেয়াৰতে জীৱনটো কটাইছে। মই তেঁওক বাংগোত লগ পাইছিলো। ঝাৰখণ্ডৰ পূৱ সিংভুম জিলাৰ জাদুগুডা (পিয়লমতে জাদুগোড়া) চহৰৰ ইউৰেনিয়াম কৰ্পৰেছন অৱ ইণ্ডিয়া লিমিটেড (ইউচিআইএল)ৰ খনিৰ পৰা ছয় কিলোমিটাৰ দুৰৈত অৱস্থিত বাংগো গাঁৱত তেঁওৰ সৈতে আমাৰ কথা হৈছিল।

ইউসিআইএল, ভাৰত চৰকাৰৰ অধীনস্থ এটি সংস্থা, ১৯৬৭ চনত ইয়াতে প্রথম খননকার্য আৰম্ভ কৰিছিল। জাদুগুডাকে ধৰি নিকটৱর্তী অন্যান্য ছটা খনিৰ পৰা আহৰিত আকৰিকৰ প্ৰক্ৰিয়াকৰণ কৰি য়েল্লোকেক (ইউৰেনিয়াম অক্সাইডৰ মিশ্রণ)লৈ ৰুপান্তৰিত কৰা হয় আৰু তাৰ পিছত হায়দৰাবাদৰ পাৰমাণবিক ইন্ধন কেন্দ্রলৈ সেয়া পঠিওৱা হয়।

সঞ্জয়ৰ তেতিয়া দুই বছৰ বয়স। তেতিয়াই তাৰ অৱস্থা দেখি উদ্বিগ্ন মাক-দেউতাকে তাক ইউচিআইএল হস্পিতাললৈ লৈ যায়। কিয়নো তেতিয়াও সঞ্জয়ে খোজ কঢ়া আৰম্ভ কৰা নাছিল। এই অঞ্চলৰ গ্ৰামাঞ্চলৰ আন বাসিন্দাসকলৰ দৰে সঞ্জয়ৰ পিতৃও দিনহাজিৰা কৰে আৰু মাকে খেতি পথাৰত শ্ৰমিকৰ কাম কৰে। ইউচিআইএল খনিত কিছুসংখ্যকেকাম কৰে। আন কিছুমানৰ পৰা জনা গ'ল যে তেঁওলোকক ইউচিআইএল খনিত কর্মসংস্থানৰ প্রতিশ্রুতি দিয়া হৈছিল যদিও সেয়া হৈ নুঠিল। ডাক্তৰে সঞ্জয়ৰ পিতৃ-মাতৃক এই কথা কৈ আশ্বস্ত কৰিলে যে শিশুটিৰ অৱস্থাটোক লৈ চিন্তা কৰাৰ কোনো কাৰণ নাই। সেয়ে তেঁওলোকে ধৈৰ্য ধৰি অপেক্ষা কৰিলে, কিন্তু তেঁওলোকৰ সন্তানে সেই বহু প্ৰত্যাশিত প্ৰথম খোজটোতো বাদেই, আজিপৰ্যন্ত এটা খোজো দিব নোৱাৰিলে।

৮০০ জন মানহে বসবাস কৰে এই বাংগো গাঁৱত (২০১১ চনৰ লোকপিয়ল অনুযায়ী)। জনসংখ্যাৰ অধিকাংশই চাওতাল, মুণ্ডা, ওৰাও, হো, ভূমিজ আৰু খাৰিয়া সম্প্রদায়ৰ আদিবাসী। সঞ্জয়ৰ মতে আৰু অনেক সন্তান আছে বাংগো গাঁৱত যাৰ জন্মগত শাৰীৰিক বিকৃতি লৈয়ে ভূমিস্থ হৈছে আৰু এই সংক্রান্ত জটিলতাৰ কাৰণেই মৃত্যু ঘটিছে। ২০০৭ চনত ইণ্ডিয়ান ডক্তৰ্ছ ফৰ পিচ এণ্ড ডেভেলপমেন্ট নামক সংগঠনটোৰ এক সমীক্ষা অনুসৰি এনে ধৰণ পঙ্গুত্বৰ ফলত জন্ম পোৱা শিশুৰ মৃত্যুৰ হাৰ ইউৰেনিয়াম খনিৰ পৰা ৩০-৩৫ কিলোমিটাৰ দুৰত অৱস্থিত গাঁওবোৰৰ তুলনাত খনিৰ সৈতে সংলগ্ন গাওঁবোৰত (খনিৰ এলেকাৰ পৰা ০-২.৫ কিলোমিটাৰৰ অন্তৰ্গত) ৫.৮৬ গুণ বেছি।

এইখন গাঁৱৰ মহিলাৰ গর্ভপাতৰ হাৰ খুবেই উচ্চ। খনিবোৰত কৰ্মৰত শ্রমিক আৰু প্রক্রিয়াকৰণ প্ৰকল্প তথা ‘টেইলিং পণ্ড’ বা সংলগ্ন পুখুৰীবোৰত (ইউৰেনিয়াম আকৰিকৰ প্রক্রিয়াকৰণৰ ফলত নির্গত বিষাক্ত পিচল বর্জ্য পদার্থ) নিকটৱর্তী অঞ্চল নিবাসীসকল কৰ্কট আৰু যক্ষ্মাৰ দৰে ৰোগৰ কবলত পৰি বহুলোকৰ মৃত্যু হৈছে।

ভাৰতীয় আৰু আন্তর্জাতিক বিজ্ঞানীয়ে দীর্ঘদিন ধৰি কৈ আহিছে যে এই শাৰীৰিক বিকৃতি আৰু ৰোগ বিকিৰণৰ আস্বাভাবিক উচ্চ মাত্রা আৰু তেজস্ক্ৰিয় বর্জ্য পদার্থৰ সৈতে যুক্ত। তেঁওলোকে কোৱা মতে বিষাক্ত পিচ্ছিল বর্জ্য পদার্থ জমা হোৱা টেইলিং পণ্ড বা সংলগ্ন পুখুৰিবোৰৰ নিকটৱৰ্তী বসতিস্থলত এই ক্ষেত্ৰত অত্যধিক ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা থাকে কিয়নো গাঁৱৰ মানুহখিনিয়ে প্রতিদিনে এই পানীৰ সংস্পর্শলৈ আহে। যদিওবা ইউচিআইএলয়ে তেঁওলোকৰ ৱেবচাইটত লিখি জনাইছে যে “ এই সকলো ৰোগ……বিকিৰণৰ কাৰণে নঘটে, ইয়াৰ কাৰণ পুষ্টিহীনতা, মেলেৰিয়া আৰু অস্বাস্থ্যকৰ পৰিৱেশত জীৱন যাপন কৰা আদি (গাঁৱৰ কথা কোৱা হৈছে)।

ইউচিআইএল সংস্থাৰ অধীনত পূৱ সিংভূমত সাতটা খনি আছে - জাদুগুডা, ভাতিন, নাৰৱাপাহাৰ, বাগজাটা, টুৰামদিহ, মহুলডীহ আৰু বানদুহুদাং এই সাতটা স্থানত। বিকিৰণৰ প্রাণঘাটি প্রভাৱৰ বিষয়টো লৈ উচ্চতম ন্যায়ালয়ত এটি জনস্বার্থজৰিত আবেদন দাখিল কৰা হৈছে। ২০০৪ চনত দাখিল কৰা এই জনস্বাৰ্থজনিত আবেদনৰ বিষয়টো তিনিজন বিচাৰকক লৈ গঠিত উচ্চতম ন্যায়ালয়খনৰ বিচাৰপীঠ খনে আবেদনখন নাকচ কৰে। পাৰমাণৱিক শক্তি আয়োগৰ এখন শপতনামাৰ ওপৰত ভিত্তি কৰি সৰ্বোচ্চ ন্যায়ালয়খনে অভিযোগ খাৰিজ কৰে। তাতে কোৱা হৈছে, ইউৰেনিয়ামৰ বৰ্জ্য পদাৰ্থৰ পৰা নিৰ্গত বিকিৰণ পৰীক্ষা আৰু নিয়ন্ত্ৰণৰ বাবে যথাচিত পদক্ষেপ গ্ৰহণ কৰা হৈছে।” জাদুগুডাৰ নিকটৱর্তী অঞ্চলবোৰত সংগঠিত হোৱা সাধাৰণ মানুহৰ আন্দোলন, যেনে তেজস্ক্ৰিয়তা বিৰোধী সংগঠন ঝাড়খণ্ডী অৰ্গানাইজেশ্যন এগেইনষ্ট ৰেডিয়েছন আদিয়ে দীৰ্ঘদিন ধৰি দেশৰ উন্নয়নৰ প্রয়োজনত ব্যৱহৃত ইউৰেনিয়ামৰ যে কঠোৰ মূল্য গ্ৰামাঞ্চলৰ মানুহে নিৰন্তৰ দি যাবলগীয়া হৈছে সেয়া তুলি ধৰাৰ চেষ্টা কৰি আহিছে।
People' standing on the hill
PHOTO • Subhrajit Sen

জাদুগুডাৰ পাহাৰবোৰত বিগত পাঁচ দশক জুৰি ইউৰেনিয়ামক সন্ধানত খননকার্য চলাই অহা হৈছে– যাৰ ফলস্বৰূপে আশে-পাশে গ্ৰামাঞ্চলৰ লোকে অর্ধশতক ধৰি বিষাক্ত পৰিবেশৰ উত্তৰাধিকাৰী হৈছে।

Mine in Turamdih
PHOTO • Subhrajit Sen

তুৰামডীহেৰ এটি উন্মুক্ত খনি (জাদুগুডাৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দূৰত অৱস্থিত); এই খনিৰ মাত্র ৫০০ মিটাৰ দুৰত্বত মানুহৰ বসতি আছে। ১৯৯৮ চনৰ এটি প্ৰতিবেদন মতে বিহাৰ বিধান সভাৰ পৰিবেশ সমিটিয়ে পৰামৰ্শ দি কৈছিল যে খনিৰ ডাম্পিং গ্রাউণ্ড বা বৰ্জ্য পদার্থ পেলোৱাৰ স্থানৰ পাঁচ কিলোমিটাৰৰ ভিতৰত কোনো গাঁও থকা উচিত নহয়।

A child was born with a mental disorder
PHOTO • Subhrajit Sen

কালিকাপুৰ গাঁৱৰ মাত্ৰ সাত বছৰ বয়সৰ শিশু অমিত গোপ মানসিক ব্যাধি লৈ জন্ম পাইছিল। তেঁও খোজ কাঢ়িবও নোৱাৰে, কথা ক'বও নোৱাৰে, দিনটোৰ বেছিবাগ সময় পালেঙত শুই থাকিয়ে কটায়।

children are playing
PHOTO • Subhrajit Sen

বাংগোৰ এটা কেঁচা ৰাস্তাৰ কাষত ল'ৰা-ছোৱালীয়ে খেলিছে, সেই স্থান বিষাক্ত আকৰিকৰ প্ৰক্ৰিয়াকৰণ প্ৰকল্প আৰু বৰ্জ্য সামগ্ৰী পেলোৱা স্থানৰ পৰা বেছি দুৰত নহয়

১৮ বছৰৰ কালিবুধি গোপৰ হাড়ৰ বিসংগতি আছে। তেঁওৰ পিঠিৰ ওপৰৰ ফালে এটা কুঁজ আছে। সেয়ে বেছি সময় ধৰি থিয় হৈ থাকিব নোৱাৰে, ততসত্ত্বেও তেঁও সপ্তাহত দুবাৰ প্ৰায় ৩৫ কিলোমিটাৰ দূৰৈৰ জামশেদপুৰ অৱস্থিত এখন ইন্টাৰমেডিয়েট কলেজলৈ যায়

A child with facial tumour
PHOTO • Subhrajit Sen

১৪ বছৰ বয়সৰ অনামিকা ওৰামৰ মুখত এটি টিউমাৰ আছে যিটো কৰ্কটো হ'ব পাৰে। ডাক্তৰে কোৱামতে অস্ত্ৰোপচাৰ কৰাৰ দৰকাৰ, কিন্তু তেঁওৰ পৰিয়ালৰ অস্ত্ৰোপচাৰ কৰাৰ খৰছ বহন কৰাৰ সামৰ্থ নাই

A man at  grocery shop
PHOTO • Subhrajit Sen

৩৫ বছৰ বয়সৰ তাৰক দাসৰ সৈতে আমাৰ দেখা হৈছিল কালিকাপুৰত থকা তেঁওৰ দোকানত। তেঁও মোক সুধিলে যে তেঁওৰ পৰিয়ালে কেতিয়া সাহায্য পাব। তেঁও জনালে, “দাদা, মোৰ দুটি সন্তান আছে, এজনী ছোৱালী আৰু আনজন ল'ৰা। সকলো সময়তে আমাৰ চিন্তা হয় যে মই কাম কৰিব নোৱাৰা হ'লে সিহতৰ কি হ'ব? অলপ সময় থিয় দি থাকিলেই মোৰ কঁকাল বিষায়, কিন্তু মই মোৰ সন্তানৰ কাৰণে কাম কৰি যাব লাগিব”

pond with radioactive waste from the uranium processing plant
PHOTO • Subhrajit Sen

এই টেইলিং পণ্ড বা সংলগ্ন পুখুৰীবোৰত প্রক্ৰিয়াকৰণ প্ৰকল্পৰ পৰা নিৰ্গত তেজস্ক্ৰিয় বৰ্জ্য মিশ্ৰণ বৈছে। এইটো তুৰামডীহৰ খনিটিৰ কাষৰে গাঁও এখনৰ কাষেৰে পাৰ হৈ গৈছে।

A child with facial deformity helping his father in farm
PHOTO • Subhrajit Sen

১৮ বছৰ বয়সৰ হাৰাধন গোপৰ মুখমণ্ডলত বিকৃতি আছে, আৰু তেঁওৰ দেহৰ তুলনাত মুৰটো যথেষ্ট সৰু। তথাপি তেঁও দেউতাকক খেতি পথাৰৰ কামত সহায় কৰি দিয়ে।

A young boy collects shellfish from the Subarnarekha river
PHOTO • Subhrajit Sen

জাদুগুডাৰ কাষতে থকা সুৱৰ্ণৰেখা নদীৰ পৰা এটি শিশুৱে শামুক সংগ্ৰহ কৰিছে। নদীৰ জলজ জীৱজগত ক্ৰমান্বয়ে বিষাক্ত  বৰ্জ্যপূৰ্ণ টেইলিং পণ্ডৰ সৈতে সংস্পৰ্শলৈ আহি ক্ৰমে ধ্বংস হ'ব ধৰিছে। দূষিত বৰ্জ্য সামগ্ৰীবোৰ পোনপটীয়াকৈ নদীৰ পানীত মিলি গৈছে

Children at private coaching centre in Bango
PHOTO • Subhrajit Sen

ওঠৰ বছৰ বয়সৰ পাৰ্ৱতী গোপ (মাজতে বহি থকা গৰাকী) বাংগোৰ এখন প্ৰাইভেট কোচ্চিং চেণ্টাৰত। তেঁওৰ দেউতাক এগৰাকী খেতিয়ক। "মই চৰকাৰী চাকৰি এটা কৰিব বিচাৰো, কিন্তু কিন্তু পঢ়িবলৈ মোৰ আটাইবোৰ লাগতিয়াল কিতাপ নাই। মোৰ দেউতাই মোক কয় যে পৰিয়াল চলোৱাটো কঠিন হৈ পৰিছে, তেন্তে তেঁও মোৰ চিকিত্সাৰ কাৰণে ক'ৰ পৰা টকা খৰছ কৰিব পাৰিব?" পাৰ্ৱতীয়ে কয়।

A child on wheelchair suffering cerebral palsy
PHOTO • Subhrajit Sen

১৬ বছৰ বয়সৰ ৰাকেশ গোপৰ চেৰিব্ৰেল পালচিত আক্ৰান্ত, তেঁওৰ ভনি গুড়িয়া সাত বছৰ বয়সতেই ঢুকাইছে। তেঁও হুইলচেয়ালত উঠি স্কুললৈ যায়, তাতে তেঁও মধ্যাহ্ন ভোজন আৰু ৬০০ টকা মাহে দিব্যাংগ পেঞ্চন পায়। তেঁওৰ মাকে মোক কয়, মই সকলো সময়তে ভৱিষ্যতৰ কথা ভাবো… আমাৰ অনুপস্থিতিত তাৰ কি হ'ব? সি নিজে একো কৰিব নোৱাৰে।"

A women showing her dead sons photo
PHOTO • Subhrajit Sen

খেতি পথাৰত শ্ৰমিকৰ কাম কৰা ৰাকেশ আৰু গুড়িয়াৰ মাক (নাম অনুপলব্ধ) তেঁওৰ সাত বছৰীয়া ছোৱালীজনীৰ ফটো দেখুৱাইছে। তাইৰ হাড়ৰ বিকৃতি আছিল আৰু মৃগীৰোগ হৈ ঢুকাইছিল। তেঁওৰ পুতেকৰ চেৰিব্ৰেল পালচি আছে। তেঁও কয়, ৰাকেশ জন্ম পোৱাৰ পিছত তেঁও যেতিয়া কেতিয়াও খোজ কাঢ়িব নোৱাৰিব আৰু একো নিজে কৰিব নোৱাৰিব বুলি জানিছিলো, বৰ দুখ পাইছিলো। গুড়িয়া জন্ম পাওতে আমি সুখী হ'লো ঠিকেই, কিন্তু দুদিনমানতে গম পালো যে তাইও খোজ কাঢ়িব নোৱাৰিব…"

A women carrying her son
PHOTO • Subhrajit Sen

বাংগোৰ ৰাকেশে তেঁওৰ ভৰিকেইখন একেবাৰেই লৰচৰ কৰিব নোৱাৰে। তেঁওৰ মাকে সদায় তেঁওক গা ধুৱাই দিবলৈ বাহিৰলৈ উলিয়াই আনে আৰু গা ধুৱাই উঠি ঘৰৰ ভিতৰত ৰাখে।

অনুবাদঃ পংকজ দাস

পংকজ দাস এগৰাকী সাংবাদিক, অনুবাদক আৰু অসমীয়া নিউজ পৰ্টেল newsnextone.com ৰ সহ-প্ৰতিস্থাপক। যোগাযোগৰ ইমেইল আইডি [email protected]

Subhrajit Sen

শুভজিত সেন কলিকতাৰ চন্দননগৰৰ। তেঁও মুক্ত গ্ৰাফিক ডিজাইনাৰ হিচাপে কাম কৰে আৰু বাংলাদেশৰ ঢাকা চহৰত তথ্যচিত্ৰ ফটোগ্ৰাফি পাঠ্যক্ৰম অধ্যয়ন কৰি আছে।

Other stories by Subhrajit Sen