কেইমাহমান পূৰ্বে মোহন চন্দ্ৰ যোশীৰ সৰু ভায়েকজনে ভাৰতীয় সেনাৰ বাবে নিৰ্বাচিত হৈছিল।লগে লগে তেঁও আলমোৰা ডাকঘৰলৈ গৈ নিযুক্তিপত্ৰখন আহিলে স্থানীয় ডাকঘৰলৈ পঠিয়াই নিদি মূল ডাকঘৰতে ৰাখি থবলৈ কৈ আহিছিল।“নিযুক্তি পত্ৰখন আমাৰ ঘৰৰ ঠিকনাত পঠিয়াই নিদিব,”তেঁও কৈছিল।মোহন চন্দ্ৰই তেঁওৰ ভায়েকৰ নিযুক্তিত বাধা প্ৰদান কৰিব বিচৰা নাছিল।নিযুক্তি পত্ৰখন সময়মতে আহি নাপায়হি বুলি তেঁওৰ চিন্তাহে হৈছিল।তেনেকুৱা ঘটনা প্ৰায়ে ঘটে উত্তৰাখণ্ডৰ পিথোৰাগঢ় জিলাৰ ভানোলি গুন্থ গাঁৱৰ বাসিন্দাসকলৰ ক্ষেত্ৰত।তেঁওলোকৰ নিকটবৰ্তী ডাকঘৰটো আন এখন জিলাত অৱস্থিত।

“সাক্ষাৎকাৰৰ আমন্ত্ৰণ পত্ৰ বহু পলমকৈ আহি পোৱা বাবেই ইয়াত বহুতো লোকে চাকৰি হেৰুৱাব লগীয়া হৈছে।প্ৰায়ে সাক্ষাৎকাৰৰ সময় উকলি যোৱাৰ পাছত ডাকোৱালে আমন্ত্ৰণী পত্ৰ দি যায়হি।সংস্থাপনৰ কোনো সুযোগ নথকা আমাৰ এই অঞ্চলটোৰ দৰে এক প্ৰত্যন্ত ঠাইত তেনে এখন চিঠি হেৰুওৱাটো কিমান ডাঙৰ কথা হ’ব পাৰে ভাবকচোন,তাতে আকৌ যদি সেইখন চৰকাৰী চাকৰিৰ সাক্ষাৎকাৰৰ বাবে অহা পত্ৰ হয়?,’’কথাখিনি কঁওতে মোহন চন্দ্ৰৰ চকুত উদ্বেগৰ চিন স্পষ্টকৈ ফুটি উঠিছিল।

মোহনে পত্ৰখন হাতে হাতে আনিবলৈ ৭০ কিলোমিটাৰ দূৰৈৰ আলমোৰাত থকা প্ৰধান ডাকঘৰলৈ গৈছিল।  “এৰা, মই জানো যে পত্ৰখন আমি নিজে গৈ লৈ আহিব নালাগে।ডাকোৱালে সেইখন আহি আমাৰ ঘৰতে দি যাব লাগে। কিন্তু তেনেকুৱা বিলাসিতা আমি কৰিব নোৱাৰো।আমি নিজে গৈ যদি পত্ৰখন লৈ নাহো, সেইখন হয়তো এমাহৰ মূৰতহে আহি পাব(যদি সঁচাকৈয়ে ঘৰলৈ দিবলৈ আহে)।কিন্তু তেতিয়ালৈ হয়তো মোৰ ভাইটিৰ নিযুক্তিৰ দিন উকলিয়েই যাবগৈ,”তেঁও ক’লে।

উত্তৰাখণ্ডৰ পিথোৰাগঢ় জিলাৰ ভানোলি গুন্থ(ঠাইখনক ভানোলি চেৰা বুলিও কোৱা হয়)ৰ এখন চাহৰ দোকানত বহি মোহন চন্দ্ৰ আৰু আন কেইজনমান লোকে আমাৰ সৈতে কথা পাতিছিল।ভানোলি গুন্থৰ লগতে আৰু পাঁচখন গাঁৱৰ মানুহে ডাকঘৰক লৈ দুৰ্ভোগ ভূগি আহিব লগীয়া হৈছে।চিঠি-পত্ৰ হয় পলমকৈ আহে, অথবা নাহেই।গাঁওকেইখন হৈছে ছেৰা বা বাড়োলি, ছাৰতোলা, চাউনা পাতাল, নাইলি আৰু নামটো শুনাত একেই যদিও আন এখন গাঁও বাড়োলি ছেৰা গুন্থ।


02-The last post – and a bridge too far-AC.jpg

ভানোলি গুন্থৰ চাহৰ দোকানখন।বাঁওফালৰ পৰা সোঁফাললৈঃ নীৰজ ধুৱল, মদন সিং, মদন ধুৱল আৰু মোহন চন্দ্ৰ জোছ।


এই গাওঁকেইখন আলমোৰা আৰু পিথোৰাগঢ় জিলাৰ সীমাত অৱস্থিত।ছেৰাঘাটৰ সৰযু নদীৰ ওপৰত থকা লোহাৰ দলং এখনত সীমাৰ চিহ্নিত কৰা আছে।আটাইকেইখন গাঁৱেই পিথোৰাগঢ়ৰ গংগোলিহাট উন্নয়ন খণ্ডৰ অন্তৰ্গত যদিও গাওঁকেইখনৰ ডাকঘৰ দলংখনৰ আনটো পাৰে অৰ্থাৎ আলমোৰা জিলাৰ ভাছিয়াছানা উন্নয়ন খণ্ডত অৱস্থিত।তাৰপৰা চিঠি আহি পাবলৈ দহদিন লাগে, কিন্তু তেঁওলোকৰ নিজৰ জিলাৰ প্ৰধান ডাকঘৰৰ পৰা চিঠি এখন পাবলৈ এমাহৰো বেছি সময় লাগে।“কি যে পৰিহাস,” চাহ একাপ হাতত লৈ মদন সিঙে কৈছিল।“তেঁওলোকে আমাক পিথোৰাগঢ় জিলাৰ এটা অংশ বুলি গ্ৰাহ্যই নকৰে।আমি থকাত ইয়াতে আছো,কিন্তু আমাৰ ঠিকনা আলমোৰা।”

পৃথক জিলা হিচাপে ঘোষিত হোৱা ৫৬ বছৰেই হ’ল, কিন্তু এই গাঁওকেইখন আৰু কাষৰীয়া সৰু গাঁওবোৰৰ ২,০০৩ জন বাসিন্দাই এতিয়াও নিজকে আলমোৰাৰ পৰা আঁতৰাই আনিব পৰা নাই।সেই গাঁওবোৰ আলমোৰাৰ জিলা সদৰৰ পৰা ৭০ কিলোমিটাৰ আঁতৰত, কিন্তু পিথোৰাগঢ়ৰ জিলা সদৰৰ পৰা ১৩০ কিলোমিটাৰ দূৰৈত। আলমোৰাৰ ভাছিয়াছানাত থকা ডাকঘৰটোৱেই এইকেইখন গাঁৱৰ পৰা আটাইতকৈ ওচৰৰ ডাকঘৰ।

২০১৪ চনত লাভ কৰা নতুন আধাৰ কাৰ্ডবোৰত গাঁওবাসীসকলৰ ঠিকনাত ডাকঘৰ ভাছিয়াছানা, পিথোৰাগঢ় বুলি উল্লেখ কৰা হৈছিল।“আমি আপত্তি দৰ্শোৱাত সেই ভুল শুধৰোৱা হ’ল আৰু কাৰ্ডবোৰ ১২ কিলোমিটাৰ দূৰৈৰ গানাইৰ ডাকঘৰলৈ প্ৰেৰণ কৰা হ’ল।কিন্তু তাৰপৰা আমাৰ গাঁৱলৈ কাৰ্ডবোৰ বিতৰণ কৰিবলৈ কোনো ডাকোৱাল নাহিল।আমাৰ গাঁৱলৈ চিঠি বিলাবলৈ অহা ডাকোৱালজন ভাছিয়াছানাৰ — দলংখনৰ আনটো পাৰৰ।আমি আমাৰ আধাৰ কাৰ্ড আনিবলৈ গানাইলৈ যাবলগীয়া হৈছিল সেয়ে,” ছাৰতোলা গাঁৱৰ বাসিন্দা চন্দন সিং নুবলে ক’লে।


03-The last post – and a bridge too far-AC.jpg

Caption: চিঠি সংগ্ৰহ কৰাটোও এটা যন্ত্ৰণা, চন্দন সিং নুবলে কয়, পৰিয়ালৰ সৈতে ছাৰতোলাত থাকে তেঁও।সোঁফালেঃ তেঁওৰ সৈতে একমত সুৰেশ নিউলিয়া আৰু মোহন যোশী 


বাড়োলি ছেৰা গুন্থত পৰিস্থিতি আৰু শোচনীয়।১৪ পৰিয়ালেৰে এইখন এখন ক্ষুদ্ৰ গাঁও।গাঁওখনৰ বাসিন্দাসকলৰ অধিকাংশই মহিলা আৰু বুঢ়া মানুহ।আমি দহজনীয়া দল এটাৰ সৈতে কথা পাতিছিলো—আটাইখিনিয়েই সেইখন গাঁৱৰে মহিলা।তেঁওলোকৰ স্বামী-পুত্ৰসকল ঘৰৰ পৰা আঁতৰত থাকে,আলমোৰা, হালদ্বানি, পিথোৰাগঢ়, লক্ষ্ণৌ আনকি ডেৰাডুন আদিৰ দৰে ডাঙৰ চহৰ আৰু মহানগৰত কাম কৰে।তেঁওলোক বছৰত এবাৰমানহে ঘৰলৈ আহে,কিন্তু প্ৰতিমাহে পৰিয়াললৈ টকা পঠিয়ায়।“আমাৰ মণি অৰ্ডাৰৰ টকাও পলমকৈ আহে।আনকি ধনৰ অত্যন্ত দৰকাৰ হোৱাৰ সময়তো আমি ডাকোৱাললৈ অপেক্ষা কৰি ৰ’বলগীয়া হয়,”গাঁওখনৰ কৃষিজীৱী মহিলা কমলা দেৱীয়ে ক’লে।


04-The last post – and a bridge too far-AC.jpg

বাড়োলি ছেৰাৰ সত্তৰোৰ্ধৰ মহিলা পাৰ্বতী দেৱীয়ে তিনিমাহত এবাৰকৈ ডাকঘৰলৈ পেঞ্চনৰ ধন আনিবলৈ যাবলগীয়া হয়।


কমলা দেৱীৰ সত্তৰোৰ্ধ প্ৰতিৱেশী পাৰ্বতী দেৱীয়ে ভালদৰে খোজকাঢ়িবই নোৱাৰে কিন্তু তেঁও বিধবা পেঞ্চনৰ ৮০০ টকা আনিবলৈ গানাই ডাকঘৰলৈ যাবলগীয়া হয়।টকাখিনিৰ অত্যন্ত দৰকাৰ যদিও ভগ্ন স্বাস্থ্যৰ বাবে তেঁও প্ৰতিমাহে টকা আনিবলৈ গানাইলৈ যাব নোৱাৰে। সেয়ে তেঁও আন দুগৰাকী বৃদ্ধাৰ সৈতে লগ হৈ তিনিমাহৰ মূৰত এবাৰ যায়।‘‘গানাইলৈ জীপেৰে গ’লে ৩০ টকা লয়।মই যদি প্ৰতিমাহে পেঞ্চন আনিবলৈ যাবলৈ ৬০ টকাকৈ খৰচ কৰো, মোৰ কিমান টকা খৰচ কৰিব লগীয়া হ’ব চাওকচোন?” ডাকঘৰৰ চিঠি-পত্ৰ, মাণি অৰ্ডাৰ আদি পলমকৈ পোৱাটো এই বয়সত পাৰ্বতী দেৱীৰ অভ্যাসত পৰিণত হৈছে আৰু ডাক বিভাগৰ হেমাহি সহ্য কৰিবলৈ তেঁও অতদিনে শিকি পেলাইছে।কিন্তু আজিৰ দিনৰ লোকৰ তেনে গাফিলতি সহিবলৈ ধৈৰ্য্য নাই।‘‘ইণ্টাৰনেটত এখন চিঠি পাবলৈ এক ছেকেণ্ডৰো সময় নালাগে, তেনেস্থলত আমি কিয় ডাকঘৰৰ এখন চিঠিৰ বাবে এমাহ অপেক্ষা কৰিম?,”এজন অৱসৰপ্ৰাপ্ত চৰকাৰী চাকৰিয়াল সুৰেশ চন্দ্ৰ নিউলিয়াই ক’লে।

“প্ৰতিদিনে এই সকলো ঠাইলৈ যোৱাটো সম্ভব নহয়,” উপৰিউক্ত ছয়খন গাঁৱৰ ডাকোৱাল ভাছিয়াছানাৰ মেহেৰবান সিঙে ক’লে।তাতে আকৌ কিছুমান গাঁৱত ৰাস্তা-পদূলিও নাই, অহা-যোৱাই দহ-বাৰ কিলোমিটাৰ হয়গৈ।৪৬ বছৰীয়া সিঙে ২০০২ চনৰ পৰা ডাকোৱালৰ চাকৰি কৰি আহিছে।“মই প্ৰতি সপ্তাহত এবাৰকৈ এখন গাঁৱলৈ যাঁও,”তেঁও ক’লে।

সিঙে প্ৰতিদিনে ৰাতিপুৱা ৭ বজাত ঘৰৰ পৰা কামলৈ ওলায়।‘‘দুপৰীয়ালৈকে মই চিঠি বিলি কৰি ডাকঘৰ আহি পাঁও।পিছবেলাৰ ডাক আহি পোৱালৈ তাত মই বিয়লি ৩ বজালৈকে অপেক্ষা কৰো।ডাক আহি পোৱাৰ পিছত মোৰ ভাগৰ চিঠি পত্ৰ লৈ ঘৰলৈ উভতি আহো।তেঁও চিঠিবোৰ নিজৰ ঘৰলৈকে লৈ আনে, কিয়নো পিছদিনা আকৌ আনিবলৈ গ’লে পুৱা দহ বজাত ডাকঘৰ খোলালৈকে ৰ’ব লগীয়া হয়।আগতীয়াকৈ আনিলে তিনিঘণ্টা আগতেই অৰ্থাৎ পুৱা ৭ বজাতেই তেঁও যাত্ৰা আৰম্ভ কৰিব পাৰে।বহুদিন ধৰি তেঁও অকলেই ভাছিয়াছানাৰ ডাকঘৰৰ ডাকোৱাল হৈ আছে।ফলত অকলেই ১৬ খন গাঁৱৰ চিঠি তেঁও বিলাব লগীয়া হৈছিল।অলপতে তেঁওৰ সহকৰ্মী হিচাপে আৰু এজন লোকে নিযুক্তি পোৱাৰ পাছত সিঙৰ কষ্ট কিছু লাঘব হৈছে।


05-The last post – and a bridge too far-AC.jpg

গংগোলিহাট উন্নয়ন খণ্ডৰ অন্তৰ্গত এটা পৰিত্যক্ত ঘৰ


নিউলিয়াই কোৱামতে পিথোৰাগঢ়ৰ প্ৰধান ডাকঘৰৰ অধ্যক্ষৰ ওচৰত ইতিপূৰ্বে কেবাবাৰো আবেদন জনোৱা হৈছে, কিন্তু কোনো কাৰ্যপন্থা লোৱা হোৱা নাই।‘‘এবাৰ বেৰিনাগ ডাকঘৰে এটা সমীক্ষা চলাইছিল, কিন্তু তেঁওলোকৰ দলটোৱে আটাইকেইখন গাঁৱলৈ নগ’ল,”নিউলিয়াই ক’লে।‘‘আমাৰ গাঁওত খোৱাপানীৰ ব্যৱস্থা নাই, সংস্থাপন নাই, ডাক সেৱাও শোচনীয়।কোনে বাৰু আমাৰ গাওঁত থাকিবলৈ ইচ্ছা কৰিব?”কিছু বছৰ আগতে বাঢ়োলি ছেৰাত ২২ টা পৰিয়াল আছিল।এতিয়া ইয়াত আৰু ছাৰতোলা গাওঁত  দৈনন্দিন জীৱনৰ দুৰ্ভোগ ভূগি কিছুমান পৰিত্যক্ত পৰম্পৰাগত কুমাওনি গৃহ থিয় হৈ আছে।

২০১৫ চনৰ ১৭ ডিচেম্বৰত এই সমস্যাটোৰ বিষয়ে ডেৰাডুনৰ টাইমছ অৱ ইণ্ডিয়াত এই প্ৰতিবেদকৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ লগে লগে উত্তৰাখণ্ড মানবাধিকাৰ আয়োগে সেইদিনাখনেই সংশ্লিষ্ট বিভাগলৈ কাৰণ দৰ্শোৱাৰ বাবে জাননী জাৰি কৰিছিল।আয়োগে ডেৰাডুনৰ প্ৰধান ডাকবাবুজনক বিষয়টো সমাধান কৰিবলৈ এক প্ৰস্তাব প্ৰেৰণ কৰাৰ পাছত পিথোৰাগঢ় আৰু আলমোৰাৰ জিলা কৰ্ত্তৃপক্ষলৈ তথ্যপূৰ্ণ এক প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিছিল।“জিলা গঠন কৰা ৫০ বছৰৰো অধিক হ’ল,জিলা কৰ্ত্তৃপক্ষই বহুদিন পূৰ্বেই এইবোৰ সমস্যা সমাধান কৰা উচিত আছিল,”আয়োগে কৈছিল।আয়োগৰ সদস্যা হেমলতা ধাউন্দিয়ালে স্বাক্ষৰ কৰা এক প্ৰতিবেদনত লগতে কোৱা হৈছিল,“পিথোৰাগঢ় কেৱল ৰাজ্যৰে এখন সীমান্তবৰ্তী জিলা নহয়, দেশৰো।অঞ্চলটোৰ মানুহে অত্যন্ত পিছপৰা ঠাইত বাস কৰি আছে আৰু তেঁওলোকৰ যোগাযোগৰ একমাত্ৰ মাধ্যম ডাকঘৰ।গতিকে,তেঁওলোকৰ অধিকাৰক উপেক্ষা কৰিব নোৱাৰে।”


06-The last post – and a bridge too far-AC.jpg

পঞ্চায়ত কাৰ্যালয়ৰ পৰা গাঁও আৰু ক্ষুদ্ৰ গাঁওবোৰৰ হাতে অঁকা মানচিত্ৰ।সোঁফালেঃ এই ঠাইবোৰৰ কিছুসংখ্যকৰ জনসংখ্যা আৰু ডাকঘৰৰ পৰা দূৰত্বৰ এখন তালিকা 


 ২০১৬ চনৰ ৩ মে’ত অনুষ্ঠিত উত্তৰপ্ৰদেশৰ মানবাধিকাৰ আয়োগৰ প্ৰথম শুনানিত পিথোৰাগঢ় ডাকঘৰৰ অধ্যক্ষ জি চি ভাটে আপত্তি দৰ্শাইছিল যে গাঁওবাসীয়ে এই সমস্যাটোৰ কথা পূৰ্বে তেঁওৰ আগত উল্লেখ কৰা নাই।“বাড়োলি ছেৰা গুন্থত এটা নতুন ডাকঘৰ শীঘ্ৰেই মুকলি কৰা হ’ব,” তেঁও কৈছিল।আয়োগে ডেৰাডুনৰ প্ৰধান ডাকবাবুজনক যিমান পাৰি সোনকালে সমস্যাটোৰ সমাধান কৰিবলৈ নিৰ্দেশ ইয়াৰ অন্যথা ব্যৱস্থা লোৱা হ’ব বুলি সতৰ্কবাণীও দিছিল।

তাৰ এমাহ অতিক্ৰম কৰাৰ পাছত পিথোৰাগঢ়ৰ প্ৰধান ডাকঘৰলৈ এখন অনুমতি পত্ৰ প্ৰেৰণ কৰা হৈছিল।২০১৬ চনৰ ৩০ জুনত বাড়োলি ছেৰা গুন্থত এটা নতুন ডাকঘৰ মুকলি কৰা হ’ব।দুটা চাকৰি—এজন ডাকবাবু আৰু এজন ডাকোৱালৰ চাকৰিও ইতিমধ্যে অনুমোদিত হৈ গৈছে।

মেহেৰবান সিং এতিয়া সুখী, তেঁওৰ আশা এতিয়াৰ পৰা আৰু চিঠি-পত্ৰ বিলি কৰাত পলম নহয়।“নতুন মানুহ নিযুক্তি পোৱালৈকে ভাছিয়াছানাৰ এজন ডাকোৱালে এই ছয়খন গাঁওত চিঠি বিলাব,” কান্ধত মেটমৰা এমোনা চিঠি লৈ থকা সিঙে হাঁহি মাৰি কৈছিল।

গাঁৱত এটা নতুন ডাকঘৰ হ’ব বুলি খৱৰ পোৱাৰ পিছত মোহন চন্দ্ৰ, মদন সিং, নিউলিয়া আৰু কমলা দেৱীও আনন্দিত হৈছে।কিন্তু একে সময়তে তেঁওলোকৰ মনত উৎকণ্ঠাইও বিৰাজ কৰিছে, আন চৰকাৰী ঘোষণাৰ দৰে যদি এই নতুন ডাকঘৰৰ ঘোষণাও ঘোষণাতে ৰয়, কাৰ্যকৰী নহয়গৈ যদি। 


07-The last post – and a bridge too far-AC.jpg

ছেৰাঘাটৰ সৰযু নদীত থকা এখন দলং, যিখনে পিথোৰাগঢ় আৰু আলমোৰাৰ সীমা নিৰ্দ্ধৰণ কৰে।সোঁফালেঃ দীৰ্ঘদিন ধৰি দুৰ্ভোগ ভূগি অহা ভাছিয়াছানাৰ ডাকোৱাল মেহেৰবান সিং


নিভা ৰাণী ৰয় বৰ্তমান এগৰাকী মুক্ত সাংবাদিক, অনুবাদক আৰু www.nezine.com নামৰ ৱেব আলোচনীখনৰ সহকাৰী সম্পাদক।

Arpita Chakrabarty

ত্তৰাখণ্ডৰ আলমোৰাৰ অৰ্পিতা চক্ৰবৰ্তী এগৰাকী মুক্ত সাংবাদিক।তেঁও টাইমছ অৱ ইণ্ডিয়া, ডাউন টু আৰ্থ আৰু কণ্ট্ৰিবিউটৰিয়াত লিখে।

Other stories by Arpita Chakrabarty