‘আমি ভোকত থাকো, কিন্তু আমাৰ দলৰ পতাকা লৈ ঘুৰি ফুৰো। আমি যাবই লাগিব। আমাৰ হাতত আন কোনো বিকল্প নাই,’ তালুপুৰুৰ এম. নাৰায়নস্বামীয়ে কয়। তেওঁ অনন্তপুৰ জিলাৰ ৰাপটাৰু বিধানসভা সমষ্টিৰ নিজ গাওঁ তালুপুৰত ৰেচনৰ দোকান এখন চলায়। ১১ এপ্ৰিলৰ দিনা, অৰ্থাত আজি হ’বলগীয়া নিৰ্বাচনৰ প্ৰচাৰৰ কথা তেওঁ কৈছে। আজিৰ দিনটোতে অন্ধ্ৰ প্ৰদেশত নাগৰিকে লোকসভা আৰু ৰাজ্যিক বিধানসভাত নিৰ্বাচনত একেদিনাই ভোটদান কৰিব। তাতে মানুহে কি ভাবে, কেনেদৰে ভোট দিব, কাক ভোট দিব আৰু কিয় দিব- এই সকলো কথা সামৰি আলোচনা চলিছে।

হিন্দুপুৰ আৰু কাড়াপা লোকসভা সমষ্টিৰ ভিতৰত পৰা ক্ৰমে ৰাপটাৰু আৰু পুলিবেন্দুলা ৰাজ্যিক বিধানসভা সমষ্টিক লৈ আটাইতকৈ বেছি আলোচনা চলিছে, সকলোৰে দৃষ্টি আকৰ্ষিত নিবদ্ধ হৈছে উক্ত সমষ্টি দুটাত।

ৰাপটাৰুত শাসকীয় দল তেলেগু দেশম পাৰ্টি (টিডিপি)ৰ পাৰিতালা শ্ৰীৰাম আৰু ৱাইএছআৰ কংগ্ৰেছ দলৰ থপুধুৰ্থী প্ৰকাশ ৰেড্ডীৰ মাজতে প্ৰতিদ্বন্দিতা হৈছে। ২০০৯ আৰু ২০১৪ত ৰেড্ডীয়ে শ্ৰীৰামৰ মাতৃ পাটিয়ালা সুনীথাৰ হাতত পৰাজিত হৈছিল। পুলিবেন্দুলাত ৱাইএছআৰচিপি-ৰ নেতা জগমোহন ৰেড্ডীয়ে টিডিপিৰ এছ.ভি. সতীশ কুমাৰ ৰেড্ডীৰ মুখামুখি হ’ব। বহুতেই জগমোহনকেই অগ্ৰাধিকাৰ দিছে, পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে দেখিছে।

হিন্দুপুৰ লোকসভা সমষ্টিত যুঁজখন মূলতঃ হৈছে টিডিপিৰ নিৰ্মলা কিষ্টাপ্পা আৰু ৱাইএছআৰচিপি-ৰ গৰাণ্টালা মাদৱৰ মাজত। কাড়াপা লোকসভা সমষ্টিৰ আসনত ৱাইএছআৰচিপি-ৰ সাংসদ ৱাই এছ অবিনাশ ৰেড্ডী আছে, তেওঁ থিয় দিছে তেওঁৰ মূল প্ৰতিদ্বন্দী টিডিপিৰ আদিনাৰায়ন ৰেড্ডীৰ বিৰুদ্ধে।

অনন্তপুৰত গ্ৰাম্য জনতা বিভাজিত। প্ৰাৰ্থীৰ পৰিৱৰ্তে দলীয় আৰু ফৈদক লৈহে অনন্তপুৰৰ গাওঁবোৰ ব্যস্ত। ৰাপটাৰুত লোকসভা সমষ্টিৰ নিৰ্বাচনতকৈ বিধানসভা সমষ্টিৰ নিৰ্বাচনত গাঁৱৰ মানুহৰ ৰাপ বেছি (যদিওবা তেওঁলোকে দুয়োখন আসনৰ কাৰণে ভোট দিব)। দৰাচলতে এই সমষ্টি দুটাত মানুহবোৰ বিধানসভা নিৰ্বাচনক লৈহে ব্যস্ত দেখা গৈছে।

Bags with Chandrababu Naidu’s image, are given at ration stores in Andhra Pradesh.
PHOTO • Rahul M.
A farmer, who supports Naidu's TDP, watches as a TDP leader campaigns in Anantapur city
PHOTO • Rahul M.

সোঁফালেঃ চন্দ্ৰবাবু নাইডুৰ ছবি থকা এই বেগকেইটা অন্ধ্ৰপ্ৰদেশৰ ৰেচনৰ দোকানত দিয়া হয়। সোঁফালেঃ নাইডুৰ টিডিপিৰ সমৰ্থন কৰা এজন কৃষকে অনন্তপুৰ চহৰত টিডিপি নেতা এগৰাকীৰ প্ৰচাৰ অভিযানত ভাগ লৈছে

অনন্তপুৰত নাৰায়নস্বামী আৰু আনবোৰে কয়, আপুনি কি দলৰ লগত জৰিত সেই কথাটোৱেই আপোনাৰ ব্যক্তিগত ধ্যান-ধাৰণা আৰু আপোনাৰ সমষ্টিৰ সমস্যা এই দুয়োটাকে তল পেলায়। গাঁৱৰ ৰাজনৈতিক কৰ্মীবোৰে কাম-বন কাতি কৰি ভোকতে থাকিব, কিন্তু নিজ ৰাজনৈতিক দলৰ নাইবা ফৈদৰ প্ৰচাৰ অভিযানত দেহা মৰি যোৱাকৈ লাগি ফুৰে।

‘ভোটাৰৰ মাজত সদায় কিছুমান সংখ্যালঘু ভোটাৰ থাকে, তেনে ভোটাৰে কোনো দললৈ প্ৰত্যক্ষ সমৰ্থন নিদিয়ে কিন্তু সকলোৰে পৰা কিবা নহয় কিবা সৰকাব বিচাৰে,’ নাৰায়নস্বামীয়ে কয়। ‘এনে লোকৰ বাবে আমাৰ চৰকাৰখনে এটকাৰো কাম কৰা নাই।’ আন প্ৰায়ভাগে দল, ফৈদ নাইবা জাতিৰ নামত মেৰুবিভাজিত হৈ ভোট দিব। নাৰায়নস্বামীয়ে নিজেই টিডিপিক ভোট দিয়া এজন ঘোৰ সমৰ্থক।

ফৈদ, ৰাজনৈতিক দল আনকি চিত্ৰতাৰকা অনুসৰণকাৰীৰে ভৰি থকা অনন্তপুৰখনক ভালদৰে নজনা মানুহে আচহুৱা অনুভৱ কৰিব পাৰে। এনে সংকীৰ্ণ গোটৰ তীব্ৰ সমৰ্থন-বিৰোধে জিলাখনত সংঘৰ্ষ আৰু হিংসাৰ ঘটনাৰ নিজা ইতিহাসেই ৰচনা কৰি থৈছে। ইয়াৰে একাধিক বিধায়কে তেজেৰে লুতুৰি-পুতুৰি হৈ মৃত্যুক সাবতি ল’বলগীয়া ঘটনা সংঘটিত হৈছে। ভোটাৰবিলাক ইমান ভোলা নহয়, সমষ্টিটোৰ লগতে অঞ্চলটোৰ সমস্যাবোৰৰ প্ৰতি অসচেতনো নহয়। তথাপিও সমস্যা সমাধান হওক বুলি তেওঁলোকে ভোট নিদিয়ে। নিজৰ ফৈদ চায়েই তেওঁলোকে ভোট দিয়ে।

অনন্তপুৰত ভোটদাতাৰ চিন্তা-চৰ্চা কেৱল নিজৰ ফৈদক লৈয়ে সীমাবদ্ধ।

ৰায়ালাসীমা অঞ্চলৰ বহুত গাঁৱৰ ক্ষেত্ৰত এয়া সঁচা প্ৰমাণিত হৈছে (অঞ্চলটো অনন্তপুৰতে পৰে)। নিৰ্বাচনী বতৰত এনেকুৱা সদায়েই হয়। টিডিপিৰ শাসনাধিস্থ সমষ্টিকেইটাত কট্টৰ ৰাজনৈতিক আনুগত্যতাই কল্যাণকামী কাৰ্যসূচীৰ ৰেহ-ৰূপ নিৰ্ধাৰণ কৰে। দুয়োটা দলৰ ক্ষেত্ৰতে এনে ঘটিছিল, কিন্তু যোৱা পাঁচ বছৰত এনে আনুগত্যতা তীব্ৰতৰ হৈছে। তথাপিও টিডিপিক সমৰ্থন কৰাসকলে টিডিপিৰ শাসনৰ পৰা লাভান্বিত হ’বপৰা নাই। তৎস্বত্বেও সেই দলকেই ভোট দিব যেন লাগে। চিত্ৰ তাৰকাৰ তীব্ৰ সমৰ্থকসকলৰো ক্ষেত্ৰত দেখা গৈছে যে তাৰকা ৰাজনৈতিকভাবে যিফালে ঢাল খায়, তেওঁলোকো সিফালেই ঢাল খোৱাৰ প্ৰৱণতা। আন কিছুমানে এটা নিৰ্দিষ্ট জাতিৰ প্ৰতিনিধিক সমৰ্থন জনাব পাৰে।

A TDP admirer in Anantapur is excited about an N. T. Rama Rao biopic.
PHOTO • Rahul M.
A poster of the biopic features Paritala Sunitha and Paritala Sreeram and other TDP leaders
PHOTO • Rahul M.

ফৈদ, ৰাজনৈতিক দল আনকি চিত্ৰতাৰকাৰ অনুগামীতাই কালৈ ভোট যাব সেই কথা নিৰ্ধাৰণ কৰে। বাওফালেঃ অনন্তপুৰৰ এগৰাকী টিডিপি প্ৰশংসকে এন. টি. ৰামা ৰাওৰ আত্মজীৱনীক লৈ যথেষ্ট আগ্ৰহী দেখা গৈছে। সোঁফালেঃ আত্মজাৱনীমুলক কথাছবিখনৰ পোষ্টাৰ এখনত পাৰিতালা সুনীথা আৰু পৰিতালা শ্ৰীৰাম আৰু অইন টিডিপি নেতাক দেখা গৈছে

শাসকীয় দল টিডিপিৰ ভিতৰচ’ৰাতো এনে ঘনিষ্ঠতাই কাম কৰে। ৰাপটাৰু সমষ্টিৰ এজন ক্ষুদ্ৰ টিডিপি নেতাই তেওঁক অতিশয় প্ৰয়োজন হোৱা ঋণ অনুমোদনত দলৰ সহায় নাপাই হতাশ হৈছে। দলীয় ঘনিষ্ঠতাই কেনেদৰে দল এটাৰ শক্তিৰ সংৰচনা নিৰ্ধাৰণ কৰে আৰু তাৰপৰা লাভালাভ কেনেদৰে হয় সেয়া কৰ্মীয়ে বাখ্যা কৰিছে। নেতৃ্ত্বৰ একেবাৰে ঘনিষ্ঠ পৰ্যায়ত সম্পৰ্ক থকাসকলে, আনুগত্য আৰু জাতৰ ক্ষেত্ৰত আটাইতকৈ বেছি লাভান্বিত হয়। কিন্তু ইয়াৰ ফলত একেটা দলৰে অইনসকলৰ লোকচান হয়।

‘তেওঁ ঋণটো পাইছিলেই, কিন্তু শেষত গৈ সেয়া অনুমোদন নহ’ল। যাহওক, এইবোৰ কথা মনলৈ আহিলে ভাল নালাগ,’ টিডিপি কৰ্মী এজনে কয়। বহুক্ষেত্ৰত চৰকাৰী ঋণ নাইবা আঁচনিৰ ধন পাবলৈ হিতাধীকাৰীজনৰ ঘনিষ্ঠতাৰ ওপৰত ভালেখিনি নিৰ্ভৰ কৰিবলগীয়া হয়।

ৰাপটাৰু কিছুবছৰ ধৰি টিডিপিৰ অপৰাজেয় দুৰ্গস্বৰূপ হৈ আহিছে। কিন্তু ৰাজ্যিক স্তৰত চৰকাৰৰ পৰিৱৰ্তন ঘটিলে গাওঁবোৰৰ শক্তিৰ বিতৰণৰ তাৰতম্য ঘটিলেহেঁতেন। ৰাপটাৰুৰ বিধায়ক হৈছে পাৰিতালা সুনীথা য়াৰ স্বামী হৈছে পাৰিতালা ৰবীন্দ্ৰ যাক ২০০৪ৰ বিধানসভা নিৰ্বাচনত টিডিপিয়ে হৰাৰ এবছৰৰ ভিতৰতে দিনৰ পোহৰতে হত্যা কৰিছিল।

দুটা পৰিয়ালৰ মাজত জিঘাংসাৰ চাৰিকুৰি বিশ বছৰৰ খণ্ডযুদ্ধৰ এক অংশ আছিল সেই হত্যাকাণ্ড। দুটা প্ৰজন্মৰ তেজত বিয়পি পৰা হিংসা-প্ৰতিহিংসাৰ সেই কাহিনীয়ে ৰাম গোপাল বাৰ্মাক দুটা খণ্ডত বিভক্ত ৰক্ত চৰিত্ৰ (তেজৰঙা ইতিহাস) নামৰ বোলছবি নিৰ্মাণৰ বাবে উৎসাহিত কৰিছিল। বোলছবিখনৰ শেষৰ দৃশ্যটোত দেখা গৈছে শিশু এটা ভূমিষ্ঠ হোৱা, ঠিক বিধায়ক পাৰিতালা ৰবীন্দ্ৰৰ পৰা অনুপ্ৰাণিত চৰিত্ৰটোৰ হত্যাৰ পিছতে। তদনুৰূপ পাৰিতালাৰ পুত্ৰও টিডিপিৰ পৰা টিকট লৈ সেই ৰাপটাৰু সমষ্টিতে নিৰ্বাচন খেলি অন্ধ্ৰপ্ৰদেশৰ ৰাজনীতিত নামিব।

YSRCP activists in a village in Raptadu constituency
PHOTO • Rahul M.
YSRCP activists in a village in Raptadu constituency
PHOTO • Rahul M.

ৰাপটাৰু সমষ্টিত ৱাইএছআৰচিপি কৰ্মীক দেখা গৈছে

ৰায়ালাসীমা অঞ্চলৰ স্বাধীনোত্তৰ কালৰ ৰাজনৈতিক ইতিহাস হত্যা আৰু হিংসাৰে জৰ্জৰিত। ৰাজনৈতিক দল-ফৈদৰ সৈতে ঘনিষ্ঠতা-বিদ্বেষে বছৰৰ পিছত বছৰ ধৰি বহুলোকৰ জীৱন কাঢ়িছে। এই অঞ্চলৰ কাড়াপা জিলাখন (২০১০ত ৱাইএছআৰ জিলা হিচাপে পুনৰ নামাকৰণ কৰা হয়) ৱাইএছআৰচিপি নেতা জগমোহন ৰেড্ডীৰ গৃহজিলা, তাতেই বিভিন্ন খেলত বিভক্ত ৰাজনৈতিক খণ্ডযুদ্ধৰ শেষ নাই। জগমোহন ৰেড্ডী হৈছে কংগ্ৰেছৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৱাই এছ ৰাজাশেখৰ ৰেড্ডী (ৱাইএছআৰ নামে জনপ্ৰিয়)ৰ পুত্ৰ, ৰেড্ডীয়ে এটা দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল। জগমোহন ৰেড্ডী অন্ধ্ৰপ্ৰদেশৰ বিধানসভা সমষ্টিৰ অন্যতম প্ৰতিদ্বন্দী।

আটাইতকৈ শক্তিশালী ৰাজনৈতিক নেতাও এই ফৈদৰ জালৰ পৰা হাত সাৰিব নোৱাৰিলে। ৱাইএছআৰৰ পিতৃ ৱাই এছ ৰাজা ৰেড্ডীক ১৯৯৯ত হত্যা কৰা হৈছিল। শাসনাধিস্থ বিধায়ক পি শিৱা ৰেড্ডীক ১৯৯৩ক দুৰ্বৃত্তই প্ৰাণে মাৰিছিল। এজন প্ৰাক্তন মন্ত্ৰীক সেই হত্যাকাণ্ডৰ গোচৰত দোষী সাব্যস্ত কৰা হৈছিল যদিও উচ্চ ন্যায়ালয়ত সেইজনক নিৰ্দোষী বুলি ৰায় দিয়া হয়। এইবছৰ মাৰ্চ মাহত ৱাইএছআৰৰ ভাতৃ বিবেকানন্দ ৰেড্ডীক পুলিবেন্দুলাস্থিত বাসগৃহত হত্যা কৰা হৈছিল। জগমোহন ৰেড্ডী হৈছে এই সমষ্টিটোৰ বিধায়ক, তেওঁ এইবাৰো নিৰ্বাচনত প্ৰতিদ্বন্দীত আগবঢ়াইছে।

ৱাইএছআৰচিপি-ৰ কাড়াপাৰ বৰ্তমানৰ সাংসদ অবিনাশ ৰেড্ডীয়ে ২০১৪ৰ নিৰ্বাচনত টিডিপি প্ৰতিদ্বন্দীজনক ২ লাখ ভোটৰ ব্যৱধানত হৰুৱাইছিল। ২০১১ত জগমোহন ৰেড্ডীয়ে ৫ লাখ ৫০ হাজাৰ অভিলেখসংখ্যক ভোটৰ ব্যৱধানত কংগ্ৰেছ প্ৰতিদ্বন্দীক হৰুৱাইছিল। কিন্তু এইবাৰ জনতাৰ দৃষ্টি কাড়াপা লোকসভা সমষ্টিৰ অন্তৰ্গত পুলিবেন্দুলা বিধানসভা সমষ্টিতহে কেন্দ্ৰীভূত হৈছে।

At the entrance to Talupuru village.
PHOTO • Rahul M.
TDP/YSRCP campaign autos in Anantapur city
PHOTO • Rahul M.

বাওফালেঃ তালুপুৰু গাঁৱলৈ যোৱা বাটটো। সোঁফালেঃ অনন্তপুৰ চহৰত টিডিপি/ৱাইএছআৰচিপি-ৰ প্ৰচাৰ অভিযানৰ বাবে সাজু গাড়ীবোৰ

ৰায়ালাসীমাৰ হত্যাকাণ্ডই কেতিয়াবা ৰাজ্যখনত শক্তিৰ স্থানান্তৰণৰো নজীৰ ৰাখি গৈছে। এয়া প্ৰতিফলেই বুলিব লাগিব যে ৰাজপাট হেৰুৱাই অনন্তপুৰত টিডিপি কেদাৰবোৰ উদ্বিগ্ন হৈ পৰিছে। যি ঘনিষ্ঠতাই তেওঁলোকলৈ কল্যাণকামীতা আৰু শক্তি ঘুৰাই আনিছিল, সিয়েই এতিয়া তেওঁলোকক সংকটৰ গৰাহত পেলাইছে। মোক টিডিপি সমৰ্থক বুলি ভবা এজন ৱাইএছআৰচিপি কৰ্মীয়ে থানাত অভিযোগ দাখিল কৰিবলৈ উদ্যত হৈছিল কিয়নো তেওঁৰ মতে মই ‘অনুসন্ধান’ কৰিবলৈ আহিছো। ৰাপটাৰু বিধানসভা সমষ্টিত তেওঁৰ গাওঁ ভোড্ডাপাল্লিত কৃষকৰ সাক্ষাতকাৰ নল’বলৈ তেওঁ তেওঁ মোক হুমকিও দিছিল।

তথাপি ৱাইএছআৰচিপি-ৰ আত্মবিশ্বাস সেইসকল ভোটাৰৰ পৰা আহিছে যাক টিডিপিৰ কল্যাণ আৰু উন্নয়নৰ আওতাৰ পৰা প্ৰণালীবদ্ধভাৱে আতৰাই ৰখা হৈছে। এইসকল ভোটাৰৰ কোনো ৰাজনৈতিক দলৰ সৈতে ঘনিষ্ঠতা নাই।

বাঁহৰ খৰাহী আদি তৈয়াৰ কৰা আদিবাসী জনজাতিৰ ছাকে গংগান্নাৰ কোনো দল নাইবা ফৈদৰ সৈতে মিত্ৰতা নাই। পথ প্ৰসাৰণৰ ফলত তেওঁ নিজৰ মাটি হেৰুৱাইছে। টিডিপি সমৰ্থকসকলক গংগান্নাৰ এসময়ৰ জুপুৰী থকা ঠাইৰ সমুখৰ এলেকাটোত মাটি আৱণ্টন দিয়া হৈছে। “‘কাবৌ কৰিছো মোক মাটি অকণ দিয়ক’ বুলি মই যেতিয়া সুধিছিলো, তেতিয়া সিহতে নিদিও বুলিয়ে পোনচাটে কৈছিল। মোক মাটি নিদিও বুলি তেওঁলোকে পোনচাটে কৈছিল।” গংগান্নাই এইবাৰ ৱাইএছআৰচিপি-ক ভোট দিব।

তেওঁ কাঠৰ সামগ্ৰী আৰু বাঁহৰ বস্তু বিক্ৰী কৰিবলৈ দৈনিক ৫০ কিলোমিটাৰ বাট অতিক্ৰম কৰে। ‘হস্তকলাই আমাৰ জীৱিকা। আমাৰ মাটি নাই, ভাই। আমি ৰাজনৈতিক নেতাক লৈ মুৰ নঘমাও। আমি সকলোকে সমালোচনা কৰো। যদি ভুল কৰে তেন্তে ৱাইএছআৰচিপি-কো আমি সমালোচনা কৰিম,’ গংগান্নাই কয়। চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত কৰি ৰখা গংগান্নাৰ দৰে লোকৰ ভোটেই বোধকৰো অন্ধ্ৰপ্ৰদেশত চৰকাৰ সলনি কৰাব পাৰে।

অনুবাদঃ পংকজ দাস

Rahul M.

Rahul M. is an independent journalist based in Andhra Pradesh, and a 2017 PARI Fellow.

Other stories by Rahul M.
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das