২১ মাৰ্চ, শনিবাৰটোত যদিওবা চহৰৰ বহুতো দোকান বন্ধ, বজাৰ জনশূন্য, বাট-পথ নিস্তব্ধ; অনিতা ঘোটালেৰ বাবে সেয়া নিত্য-নৈমিত্তিক কামৰ দিন। ক’ভিড-19 বিয়পি পৰাৰ বাবে চৰকাৰে তলাবন্ধৰ পদক্ষেপ কঠোৰভাৱে বলবৎ কৰিছে, ফলস্বৰূপে সেইদিনা মুম্বাইৰ বহুতো দোকানীয়ে দোকান বন্ধ কৰি ঘৰত সোমাই আছে।

কিন্তু জনশূন্য চহৰৰ নীৰৱ-নিস্তব্ধ পথবোৰ অনিতাই চাফা কৰিছে, ক’লা লেতেৰা পানীৰ পৰা হোৱা নৰ্দমাৰ কদৰ্য বোকা ঝাৰু মাৰি চাফা কৰিছে। লেতেৰা বোকা-পানী তাইৰ ভৰিলৈ ছিটিকিছে। ‘আমাৰ কাৰণে প্ৰতিটো দিনেই বিপজ্জনক। কেৱল ক’ৰণাৰ কাৰণে এতিয়া বিপজ্জনক হৈছে বুলি কোনো কথা নাই, কিন্তু (এনেকুৱা অৱস্থা আমাৰ সদায় চলি থাকে) বহু প্ৰজ্ন্ম ধৰি এই কাম কৰি আহিছো,’ তেওঁ কয়।

তেতিয়া সময় আছিল পুৱা প্ৰায় ৯ বজা আৰু পূৱ মুম্বাইৰ চেম্বুৰৰ মাহুল গাঁৱৰ মধ্য-পশ্চিম ৱাৰ্ডৰ পথ আৰু পদপথ ঝাড়ু মাৰি প্ৰায় দুঘণ্টা সময় তেওঁ কাম কৰিছিল।

এনে ভয়াৱহ পৰিস্থিতিত অনিতাই নিজৰ স্বাস্থ্যৰ কথা কি ভাৱে? ‘মাত্ৰ কালি আমাক এই মাস্ক দিলে (২০ মাৰ্চত), ক’ৰণা ভাইৰাছৰ কাৰণে আমি দাবী জনোৱাৰ পিছত মাস্ক দিছে,’ অনিতাই কয়। মাস্ক এখন শাৰীৰ কঁকালত খোচনিত ওলমি আছে আৰু ৩৫ বছৰ বয়সীয়া অনিতই এখন স্কাৰ্ফেৰে নিজৰ ডিঙি মুখ ঢাকি লৈছে। ‘এই মাস্কবোৰ খুবেই পাতল আৰু বাৰে বাৰে ব্যৱহাৰ কৰিব নোৱাৰি (দুদিন ব্যৱহাৰ কৰাৰ পিছত পেলাই দিব লাগিব),’ তেওঁ কয়। গ্লোভচ্ দেখা নগ’ল, আৰু অনিতাহঁতে কৰা কামৰ বাবে প্ৰয়োজনীয় গোটেই ভৰি ঢাক খোৱা মজবুত বুটজোতা সিহঁতৰ বাবে বহু দূৰৰ বস্তু।

মহাৰাষ্ট্ৰৰ অনুসূচিত জাতিৰ তালিকাভূক্ত মাতংগ সম্প্ৰদায়ৰ তালিকাভূক্ত অনিতা, তেওঁ কয় যে তেওঁৰ পৰিয়ালে কেইবা প্ৰজন্ম ধৰি চাফাই কৰ্মীৰূপে কাম কৰি আহিছে। ‘মোৰ ককাদেউতাই (মুম্বাইত) মুক্ত শৌচালয়ৰ পৰা মানুহৰ বিষ্ঠা মুৰত কঢ়িয়াইছিল। এনে কোনো বছৰ নাই, প্ৰজন্ম নাই, যেতিয়া আমি মানুহ হিচাপে আমাৰ অধিকাৰৰ বাবে সদায় সংগ্ৰাম কৰিলগীয়া হোৱা নাই,’ তেওঁ কয়।

অনিতা থকা আৰু কাম কৰা মাহুল এলেকা কেইবছৰমানৰ পৰা সংবাদ মাধ্যমৰ শিৰোনাম হৈ পৰিছে, কিয়নো ইয়াৰ ওচৰতে থকা ৰাসায়নিক কাৰখানা আৰু শোধানাগৰে ইয়াৰ বায়ুমণ্ডল বিষাক্ত কৰি পেলাইছে।

Left: On Saturday, like on all their work days, safai karamcharis gathered at 6 a.m. at the chowki in M-West ward, ready to start another day of cleaning, at great risk to themselves. Right: Among them is Anita Ghotale, who says, 'We got these masks only yesterday [on March 20], that too when we demanded them due to the virus'
PHOTO • Jyoti Shinoli
Left: On Saturday, like on all their work days, safai karamcharis gathered at 6 a.m. at the chowki in M-West ward, ready to start another day of cleaning, at great risk to themselves. Right: Among them is Anita Ghotale, who says, 'We got these masks only yesterday [on March 20], that too when we demanded them due to the virus'
PHOTO • Jyoti Shinoli

বাওঁফালেঃ আন কৰ্মদিনৰ দৰে শনিবাৰেও চাফাই কৰ্মীসকল মধ্য-পশ্চিম ৱাৰ্ডৰ চৌকিত পূৱা ৬ বজাত গোট খালে, দিনটোৰ চাফাই কামৰ বাবে সাজু হ’ল, অথচ তেওঁলোকৰ নিজৰ বাবেও বহু আশংকাৰ সৃষ্টি কৰিছে এই কামে। সোঁফালেঃ তেওঁলোকৰ মাজত অনিতা ঘোটালে, তেওঁ কয়, ‘আমি এই মাস্কবিলাক কালি পালো (২০ মাৰ্চত), ক’ৰণা ভাইৰাছৰ কাৰণে আমাক মাস্ক লাগে বুলি দাবী কৰাৰ পিছতহে দিলে’

বস্তি পুনৰ্বাসন কৰ্তৃপক্ষৰ প্ৰকল্পৰ অংশ হিচাপে উত্তৰ-পূৱ মুম্বাইৰ ভিখৰোলি ইষ্টৰ পৰা ২০১৭ত অনিতা আৰু তেওঁৰ পৰিয়ালক ইয়ালৈ অনা হয়। সুভাষ নগৰৰ এটা কোঠা-ৰান্ধনীঘৰ থকা আবাসিক অঞ্চলত তেওঁলোক থাকে। ভাৰত পেট্ৰলিয়াম ক’ৰ্পৰেশ্যন লিমিটেড (বি.পি.চি.এল.) শোধানাগাৰৰ পৰা ১৫ কিলোমিটাৰ দূৰত পথৰ ইপাৰে থকা ৬-৭ মহলীয়া অট্টালিকাটো অনিতাহঁতৰ আবাসিক কলনি।

‘প্ৰকল্প ক্ষতিগ্ৰস্ত লোক’ৰ কলনি হিচাপে ৬০,০০০ ৰো অধিক লোকৰ বাবে ১৭,২০৫ টা আবাসিক গোটৰ ৭২ টা বিল্ডিং যোৱা দশকৰ ভিতৰত নিৰ্মাণ কৰা হৈছে। চহৰত গঢি উঠা বিভিন্ন প্ৰকল্পৰ বাবে উচ্ছেদিতসকলক ইয়াত পুনৰ্বাসন দিয়া হৈছে। অতিমাত্ৰা প্ৰদূষণ সৃষ্টিকাৰী উদ্যোগসমূহৰ একেবাৰে সমীপত থকা আৰু সকলো সময়তে এনে প্ৰদূষিত বায়ু সেৱন কৰাৰ ফলত ইয়াৰ বাসিন্দাসকলে শ্বাস-প্ৰশ্বাসজনিত সমস্যা, হাওঁফাওঁৰ ৰোগ, কাঁহ-কফ, চকু আৰু ছালৰ ৰোগৰ দৰে বিভিন্ন সমস্যাত আক্ৰান্ত হৈছে।

বহুদিন ধৰি কৰা প্ৰতিবাদ আৰু আদালতত আবেদন দাখিল কৰাৰ পিছত ২০১৯ৰ ছেপ্তেম্বৰত বোম্বে উচ্চ ন্যায়ালয়ে ইয়াত বসবাস কৰা পৰিয়ালসমূহৰ বাবে বিকল্প বাসস্থানৰ ব্যৱস্থা নকৰা পৰ্যন্ত প্ৰতিটো পৰিয়ালক ১৫,০০০ টকাকৈ দিবলৈ পৌৰ নিগমক নিৰ্দেশ দিছিল। কিন্তু অনিতাই ক’লে, ‘বিএমচিয়ে যোৱা চাৰি মাহত কোনো উদ্যোগ গ্ৰহণ কৰা নাই। মোৰ ছবছৰীয়া পুত্ৰ চাহিলৰ প্ৰায়ে অসুখ হৈ থাকে আৰু এই বিষাক্ত বায়ু তথা ৰাসায়নিক সামগ্ৰীৰ গোন্ধৰ বাবে উশাহ লোৱাত অসুবিধা হয়। ভাইৰাছৰ যদি ইয়াত সংক্ৰমিত হয়, আমি কি কৰিম, মই একো ভাবি পোৱা নাই।’

ঠিকাভিত্তিক শ্ৰমিক হিচাপে অনিতাই দিনে ২০০ টকা মজুৰী উপাৰ্জন কৰে। কামত উপস্থিত নথকাৰ দিনা অনিতাই মজুৰী নাপায়। যোৱা তিনিমাহ ধৰি অনিতাই মজুৰী পোৱা নাই। তেওঁ কয়, ঠিকাদাৰে প্ৰায়ে সময় মতে মজুৰী আদায় নিদিয়ে, যোৱা ১৫ বছৰ ধৰি অনিতাহঁতক কাম দি অহাঠিকাদাৰে কয় বৃহৎ মুম্বাই পৌৰ নিগমৰ আৱৰ্জনা ব্যৱস্থাপনা বিভাগত ধন বন্ধ হৈ আছে।

মাহুলৰ পৌৰ নিগম বিদ্যালয়ত অনিতাৰ দুজনী ছোৱালী আৰু দুটা ল’ৰাই পঢ়ি আছে। তেওঁৰ স্বামী ৪২ বছৰীয়া নৰেশে চেম্বুৰৰ ক’লীত ঘৰে ঘৰে নহৰু বিক্ৰী কৰে আৰু ভঙা-চিঙা পেলনীয়া প্লাষ্টিক সামগ্ৰীৰ লগত বিনিময় কৰে, তাৰ পিছত এই পেলনীয়া প্লাষ্টিকবোৰ ভঙা-চিঙা সামগ্ৰীৰ ক্ৰেতাৰ ওচৰত বিক্ৰী কৰি দিয়ে। অনিতাৰ শাহুৱে চেম্বুৰৰ আৱৰ্জনাৰ পৰা প্লাষ্টিক গোটাই সেইবোৰ ভঙা-চিঙা সামগ্ৰী ক্ৰেতাৰ ওচৰত বিক্ৰী কৰে।

‘প্ৰতিমাহে আমি তিনিওটাই ৫,০০০-৬,০০০ টকাৰ বেছি উপাৰ্জন কৰিব নোৱাৰো,’ অনিতাই কয়। এই উপাৰ্জনেৰে সাতজনীয়া পৰিয়ালটোৰ মাহেকীয়া খোৱা সামগ্ৰী, বিজুলীৰ মাচুল, আন খৰছ, তদুপৰি বেমাৰ বা অনান্য খৰছো কৰিবলগীয়া হয়।

কিন্তু অনিতাৰ মজুৰী পলম হোৱাৰ ফলত পৰিয়ালটোৰ মাহেকীয়া বাজেটৰ অসুবিধা হৈছে, ‘চৰকাৰে শ্ৰমিকক আগতীয়াকৈ মজুৰী আদায় দিবলৈ নিয়োগকৰ্তাসকলক নিৰ্দেশ দিছে, কিন্তু মাহ মাহ ধৰি দিবলৈ বাকী থকা আমাৰ মজুৰীবোৰ কি হ’ব?’ অনিতাই কয়।

PHOTO • Jyoti Shinoli

কাটিন গাঞ্জে (ওপৰত বাওঁফালে, ক’লা কামিজ পৰিধান কৰা) আৰু তেওঁৰ সহকৰ্মীসকলে যিবোৰ আৱৰ্জনা তুলি লৈছে, সেইবোৰত বিভিন্ন ধৰণৰ বিপজ্জনক বস্তু মিহলি হৈ আছে। বাৰে বাৰে দাবী জনোৱা স্বত্বেও তেওঁলোকক বীজাণু প্ৰতিৰোধক সাজ-পোচাক দিয়া নাই। ‘বিপজ্জনক কাম কৰা আমাৰ বাবে নতুন নহয়,’ কাটিনে ক’লে। ‘কিন্তু এতিয়া এই ভাইৰাছৰ সময়ত অন্ততঃ আমাৰ জীৱনৰ সুৰক্ষাৰ কথা ভাবিব লাগিছিল’

অনিতাই কাম কৰি থকা ঠাইৰ পৰা প্ৰায় আধা কিলোমিটাৰ দূৰত, একে ৱাৰ্ডৰ জাবৰ গোটাই থোৱা ঠাইত এদ’ম জাবৰৰ মাজত কেৱল এজোৰ চেন্দেল পিন্ধি কাটিন গাঞ্জে থিয় হৈ আছে। অনিতাৰ দৰে তেঁৱো পৌৰ নিগমৰ পেলনীয়া সামগ্ৰী ব্যৱস্থাপনা বিভাগৰ নিয়োজিত শ্ৰমিক। পৌৰ নিগমে ৬,৫০০ জন ঠিকাভিত্তিক শ্ৰমিক নিয়োগ কৰিছে, বিভাগৰ মুখ্য তত্বাবধায়ক জয়ন্ত প্ৰাদকাৰে কয়।

কাটিনে যিবোৰ সামগ্ৰী বুটলি আনিছে, সেইবোৰৰ ভিতৰত আয়নাৰ ভঙা টুকুৰা, মামৰে ধৰা গজাল, ব্যৱহৃত চেনিটেৰী নেপকিন আৰু পঁচা-ভেকুৰ ধৰা খাদ্য আছিল। কাটিনে বাঁহৰ নাল লগোৱা এখন জবকাৰে এই সকলোবোৰ কদৰ্য জাবৰ-জোঁথৰ গোটাই লৈ এখন প্লাষ্টিকৰ কঠৰ ওপৰত দ’মাইছে। তাৰ পিছত তেওঁ আৰু এজন সহকৰ্মী (তেওঁলোকৰ গোটটোত পাঁচজন শ্ৰমিক আছে) জাবৰ ভৰ্তি কঠখন দাঙি লৈ জাবৰ কঢ়িওৱা ট্ৰাকলৈ দলিয়াই দিলে।

‘আমি ৰবৰৰ হাতমোজা (গ্লোভচ্)বিলাক কালি (২০ মাৰ্চ) পাইছো। মাতংগ সম্প্ৰদায়ৰ অন্তৰ্ভূক্ত ২৮ বছৰীয়া কাটিনে ক’লে। সাধাৰণতে খালি হাতেৰেই জাবৰ চুব লগা হয়, ‘এইবিলাক নতুন গ্লোভচ্, কিন্তু চাওক, ইয়াৰ এপাত ফালিছে। এনেকুৱা গ্লোভচেৰে জাবৰ চুবলগা হ’লে আমাৰ হাতবোৰ সুৰক্ষিত হৈ থাকিবনে? আৰু এতিয়া এই ভাইৰাছৰ সংক্ৰমণ আৰম্ভ হৈছে। আমি মানুহ নহয় নেকি?’

তেতিয়া সময় হৈছিল পুৱা প্ৰায় ৯-৩০ বজা, তেওঁৰ কাম হৈছে দিনৰ দুই বজাৰ ভিতৰত মাহুলৰ বিভিন্ন ঠাইত থকা জাবৰৰ ২০ টা দ’ম চাফা কৰা। বিপদ বুলি জানিও কাম কৰা আমাৰ বাবে নতুন নহয়, কিন্তু এই ভাইৰাছৰ সময়ত আপোনালোকে (পৌৰ নিগম আৰু চৰকাৰে) আমাৰ কথা ভবা উচিত, তেওঁ কয়। ‘আমি ৰাইজৰ বাবেই এই জাবৰৰ মাজত আছো, কিন্তু ৰাইজে জানো আমাৰ কথা ভাবিব? তেওঁ প্ৰশ্ন কৰে।’

সীমাহীন বিপদৰ কথা জানিও কৰা এই কামৰ বাবে কাটিনে দিনে ২৫০ টকা মজুৰী পায়। তেওঁৰ পত্নি ২৫ বছৰীয়া সুৰেখাই ঘৰুৱা কাম কৰে।

'We got these [rubber] gloves only yesterday [March 20]', Katin says. “These are new gloves, but see – this one has torn. How do we keep our hands safe in this kind of garbage with such gloves? And now there is this virus. Are we not human?'
PHOTO • Jyoti Shinoli
'We got these [rubber] gloves only yesterday [March 20]', Katin says. “These are new gloves, but see – this one has torn. How do we keep our hands safe in this kind of garbage with such gloves? And now there is this virus. Are we not human?'
PHOTO • Jyoti Shinoli

‘আমি ৰবৰৰ হাতমোজাবিলাক কালি (২০ মাৰ্চত) পাইছো,’ কাটিনে ক’লে। ‘এইবিলাক নতুন গ্লোভচ্, কিন্তু চাওক ইয়াৰ এপাত ফালি গ’ল। এনেকুৱা গ্লোভচেৰে ইমান বিপজ্জনক জাবৰ চাফাইৰ কাম কৰি আমি আমাৰ হাতবিলাক কেনেদৰে সুৰক্ষিত কৰি ৰাখিম?’

মহানগৰৰ সকলোৰে বাবে ক’ৰণা ভাইৰাছ নতুন, কেৱল তেওঁ বা তেওঁৰ লগৰ চাফাই কৰ্মীৰ বাবেই ই নতুন ৰোগ নহয়। মুখত লগোৱা মাস্ক, গ্লোভচ্ আৰু জোতাৰ নিয়মীয়া যোগান ধৰাৰ লগতে নিৰাপদ আৰু স্থায়ী চাকৰি, স্বাস্থ্য বীমাৰ বাবে চাফাই কৰ্মীসকলে ধাৰাবাহিকভাৱে দাবী জনাই আহিছে।

এতিয়া সুৰক্ষাৰ প্ৰশ্নটো অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে। চাফাই কৰ্মচাৰীৰ অধিকাৰৰ বাবে কাম কৰি থকা মুম্বাইৰ এটা সংগঠন ‘কাছাৰা ৱাহটুক শ্ৰমিক সংঘ’ই জাবৰ-জোঁথৰৰ চাফা কৰা কৰ্মচাৰীৰ বাবে পৰ্যাপ্ত পৰিমাণে সুৰক্ষাৰ সামগ্ৰী-সঁজুলি যোগান ধৰিবলৈ দাবী জনাই যোৱা ১৮ মাৰ্চত পৌৰ আয়ুক্তৰ ওচৰত এখন দাবীপত্ৰ দাখিল কৰিছিল। ২০ মাৰ্চত একাংশ কৰ্মচাৰীক অলপসংখ্যক মাস্ক দিয়া হৈছিল।

‘ক’ৰণা ভাইৰাছৰ কাৰণে জাবৰ কঢ়িওৱা ট্ৰাকত কাম কৰা শ্ৰমিকৰ বাবে চাবোন আৰু চেনিটাইজাৰ দিবলৈ আমি মুম্বাই পৌৰ নিগম কৰ্তৃপক্ষক অনুৰোধ জনাইছিলো, কিন্তু আমাক একো নিদিলে,’ মধ্য পশ্চিম ৱাৰ্ডত ট্ৰাকত কাম কৰা ৪৫ বছৰীয়া দাদাৰাও পাটেকাৰে কয়, তেওঁ এজন নৱবুদ্ধ (নব্য বৌদ্ধ ধৰ্মালম্বী)। ‘আনৰ জাবৰ-জোঁথৰ-ময়লা চাফা কৰা চাফাই শ্ৰমিকসকলৰ নিয়মীয়া স্বাস্থ্যপৰীক্ষা কৰিব লাগে। ক’ৰণা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হ’বপৰা প্ৰৱল সম্ভাৱনা এই শ্ৰমিকসকলৰ আছে,’ তেওঁ কয়।

তথাপি মুখ্য তত্বাৱধায়ক প্ৰাদকাৰে কয়, ‘আমি আমাৰ শ্ৰমিকসকলক ভাল মানসম্পন্ন মাস্ক, গ্লোভচ আৰু চেনিটাইজাৰ দিছো। ক’ৰণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ সুৰক্ষা নিশ্চিত কৰা হৈছে।’

ক’ভিড-19ৰ সংক্ৰমণক বাধা দিবলৈ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেই গ্ৰহণ কৰা ‘শ্বাট ডাউন’ৰ ভালেমান পদক্ষেপক ২২ মাৰ্চত প্ৰায় সামগ্ৰিক তলাবন্ধৰ পৰ্যায়লৈ সম্প্ৰসাৰিত কৰা হয়, মাথোন অত্যাৱশ্যকীয় সেৱাসমূহক তলাবন্ধৰ পৰা ৰেহাই দিয়া হয়। এই প্ৰতিবেদন যুগুত কৰা সময়লৈকে অৰ্থাৎ ২১ মাৰ্চত স্থায়ী আৰু ঠিকাভিত্তিক ঠাফাই কৰ্মচাৰী উভয়কে মহানগৰৰ ৱাৰ্ডসমূহত পুৱা ৬-৩০ বজাত আগৰ দৰে গোট খাবলৈ কোৱা হয় আৰু দিনটোৰ বাবে কাম ভগাই দিয়া হয়।

Archana Chabuskwar and her family (left) in their home in the Anand Nagar slum colony and (right) a photograph of her deceased husband Rajendra: 'How do we clean hands constantly? The water comes here every two days. And who can afford that liquid [hand sanitiser]?'
PHOTO • Jyoti Shinoli
Archana Chabuskwar and her family (left) in their home in the Anand Nagar slum colony and (right) a photograph of her deceased husband Rajendra: 'How do we clean hands constantly? The water comes here every two days. And who can afford that liquid [hand sanitiser]?'
PHOTO • Jyoti Shinoli

আনন্দনগৰ বস্তি কলনিত থকা নিজৰ ঘৰত অৰ্চনা চাবাস্কাৱাৰ আৰু তেওঁৰ পৰিয়াল (বাওঁফালে) আৰু (সোঁফালে) তেওঁৰ মৃত স্বামী ৰাজেন্দ্ৰৰ ফটো। ‘আমি বাৰে বাৰে কেনেকৈ হাত ধুই থাকিম? ইয়াত পানী আহে দুদিনৰ মুৰত এদিন। আৰু কোনে সেই তৰল চাবোন (হেণ্ড চেনিটাইজাৰ) কিনিবলৈ পইছা খৰছ কৰিব পাৰে?’

‘আমাৰ কাম অত্যাৱশ্যকীয় সেৱাৰ ভিতৰত পৰে। আমি কাম কৰিবলৈ ঘৰৰ পৰা ওলাই আহিবই লাগিব। আমাক ৰক্ষা কৰা সীমান্তৰ সেৱাৰ নিচিনাকৈ, আমি চাফাই কৰ্মচাৰীসকলেও আমাৰ নাগৰিকসকলক ৰক্ষা কৰিব লাগিব,’ পাটেকাৰে কয়।

কিন্তু চাফাই বা স্বাস্থ্যকৰ্মীসকলে নিজকে কেনেকৈ সুৰক্ষিত কৰিব? চৰকাৰে কৈছে বাৰে বাৰে হাত ধুই থাকক। আমি কেনেকৈ হাত ধুই থাকিম? ইয়াত পানী আহে দুদিনৰ মুৰত এদিন। আৰু চেনিটাইজাৰ, হেণ্ডৱাশ্ব কিনিবলৈ আমাৰ পইছা ক’ত?  আমি শ শ মানুহে সমূহীয়া শৌচাগাৰ, স্নানাগাৰ ব্যৱহাৰ কৰো,’ ৩৮ বছৰ বয়সীয়া অৰ্চনা চাবাস্কাৱাৰে কয়। তেঁৱো নব্য বৌদ্ধ ধৰ্মাৱলম্বী। তেওঁ সুভাষ নগৰ এলেকাৰ ৪০ ঘৰৰো বেছি ঠাইৰ পৰা দৈনিক জাবৰ সংগ্ৰহ কৰাৰ বিনিময়ত দিন মজুৰী হিচাপে দৈনিক ২০০ টকা উপাৰ্জন কৰে।

মাহুলৰ সুভাষ নগৰৰ পৰা প্ৰায় চাৰি কিলোমিটাৰ নিলগৰ চেম্বুৰৰ আনন্দ নগৰত ১০০ বৰ্গফুটৰ ঘৰ এটাত তেওঁ থাকে। বস্তি কলনিটো বহুতো চাফাই কৰ্মচাৰীৰ আবাসগৃহ। ১৯৭২ৰ ভয়াৱহ খৰাঙৰ সময়ত জালনা, চাতাৰা আৰু সোলাপুৰৰ পৰা অহা বহুতো পৰিয়ালো এই কলনিৰ বাসিন্দা। কেইবছৰমানৰ আগতে অৰ্চনাৰ স্বামী ৰাজেন্দ্ৰ আৰু তেওঁৰ লগৰ কেইবাজনো শ্ৰমিকে লোহাৰ ডাঙৰ জাবৰৰ পাত্ৰ এটা দাঙিবলৈ ধৰোতে সেইটো ৰাজেন্দ্ৰৰ গাত পৰাত এখন ভৰি ভাগি যায়। ২০১৭ত হাওঁফাওঁৰ ৰোগত ৰাজেন্দ্ৰৰ মৃত্যু হয়।

‘বিভিন্ন সময়ত অকালতে আমাৰ মানুহ মৰি থাকে। কিন্তু আমাৰ কথা কোনেও নোসোধে। আৰু এতিয়া যদি আমি ক’ৰণাত মৰো, তেন্তে আমাৰ মৃত্যুৰ কিবা পাৰ্থক্য আছে জানো?’ অৰ্চনাই কয়।

অনুবাদঃ পংকজ দাস

Jyoti Shinoli is a Senior Reporter at the People’s Archive of Rural India; she has previously worked with news channels like ‘Mi Marathi’ and ‘Maharashtra1’.

Other stories by Jyoti Shinoli
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das